Articles
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
The Nineteenth Century Renaissance in India and Lakshminath Bezbaruwa of Assam (1864-1938)
বেজবৰুৱাৰ স্মৃতিৰ মৌ সৰা কথা
Lakshminath Bezbaroa as a Writer of Farces
Nationalism in Bezboroasque literature and 19th Century Assam
বেজবৰুৱাৰ পদুম কুঁৱৰী : এক অৱলোকন
চুটি গল্প আৰু বেজবৰুৱাৰ ' পাটমুগী '
বেজবৰুৱাৰ স্মৃতিৰ মৌ সৰা কথা

বেণুধৰ শৰ্মা

কলিকতাখন বঙালীৰে ভৰপুৰ নহলেও হাওড়াখন নিগুটি বঙালীৰেই ঠাহ খোৱা। তাত "বাঙ্গাল" নাই। প্ৰায় এটাইবিলাকেই "বাঙ্গালী"। তাৰ মাজতে সোমাই আছিল, অসমীয়া বীৰ ধনঞ্জয় লক্ষ্মীনাথ বেজবৰুৱা। ২২ নং ৰ'জমেৰী লেনত আছিল অসমীয়া ভাষা-প্ৰেমৰ সদাগৰ বেজবৰুৱা আৰু তাৰ মূৰত ২৭ নং ডবছন ৰ'ডত আছিল বৈষয়িক ঐশ্বৰ্য্যৰ সদাগৰ ভোলানাথ বৰুৱা। এই দুগৰাকী অসমীয়া প্ৰাণীৰ বাহিৰে হাওড়াত সকলোৰে চকুত পৰা অসমীয়া আৰু আন নাছিল। দুয়ো গৰাকীয়েই মহৰ শিঙৰ কঁকিলা –দাৰ মাৰি ফুৰিছিল। বঙালীৰ নামজ্বলা এনে এটা অনুষ্ঠান নাছিল, য'ত বি বৰুৱাৰ (ভোলানাথ বৰুৱাৰ) সহযোগ-সহানুভূতি বঙালীয়ে বৰ মূল্যবান বুলি নভবাকৈ নোৱাৰিছিল। সেইদৰে, ফৰিংফুটা জোনাকৰ নিচিনা বেজবৰুৱা-প্ৰতিভাৰ পোহৰো বঙালীৰ সুধীসমাজে নোলোৱাকৈ নাছিল। বিদ্বান-বুদ্ধিমান বঙালীপ্ৰধান হাওড়াতে তেওঁ অনাৰেৰী মেজিষ্ট্ৰেটো হৈছিল। মেজিষ্ট্ৰেটৰ আসনত বহি বেজবৰুৱাই দিয়া ৰায় বা সিদ্ধান্তবোৰ উচ্চ কৰ্ত্তৃপক্ষসকলে যে শলাগিছিলেই নে, বঙালীৰদ্বাৰাই সম্পাদিত "ইণ্ডিয়ান মিৰৰ", "বেঙ্গলীয়ে"ও শলাগিছিল।

****

১৯১৬ চনত, মোৰ অন্তৰংগ বন্ধু ৰত্নকান্ত বৰকাকতীদেৱৰ সৈতে হেৰিছন ৰ'ডৰ (আজিকালি মহাত্মা গান্ধী ৰ'ড) ট্ৰামত উঠি, বেজবৰুৱাক দৰ্শন কৰিবলৈ হাওড়ালৈ গৈছোঁ। কলেজ-ষ্ট্ৰীট পাৰ হওঁতে নৌ হওঁতই দুজন শ্ৰীমন্ত বঙালীআমি বহা বেঞ্চখনৰ সমুখতে গুৰিকঁঠাল পৰাদি থপৰ কৰে "বহি পৰিলহি"। আমাৰ দুয়োৰে কথা-বতৰাবোৰ ভদ্ৰলোক দুজনে নিটাল মাৰি শুনি আছিল। অলপ পিছতে তেওঁবিলাকৰ স্বাভাৱিক মৌনতা ভঙ্গ কৰি আমাক কলৈ যায় বুলি সুধিলে আৰু সুধিলে, আমি আসামৰপৰা আহিছোঁ নে কি বুলি। আমি ক'লোঁ, হাওড়ালৈ যাওঁ – তাৰ পিছত বুকু ফিন্দাই অলপ টানি ক'লো, "আমি আসামৰ পৰা অহা নহয়, আমি অসমীয়াই। সেই দিনত আমাৰ মুখত অসমীয়া শব্দটো অচমীয়া ৰূপে উচ্চাৰিত হৈছিল। কিন্তু বঙালী কিজনে সোধাত অসমীয়া শব্দটোৰ বিকৃত উচ্চাৰণ নকৰি স বুলিয়েই ক'লোঁ। স বোলা শুনি তেওঁবিলাকৰ এজনে "অহমীয়া" বুলি দোহাৰি বঙলাৰে "শুধৰাই" ল'লে। আমি তেতিয়া ডাঠি ব্যাখ্যা কৰি দিলোঁ "স ৰ উচ্চাৰণ হ" নহয়। ইয়াৰ প্ৰকৃত উচ্চাৰণটো বৈদিক যুগত যেনে আছিল অসমীয়া মানুহে এতিয়াও তেনেকৈয়ে কৰি আহিছে। সেই কাৰণে, আমি অতি পুৰণি জাতি বুলি "দাবী" কৰোঁ। আমাৰ ইংৰাজী আৰু ডকৰা বঙলা মিহলাই কোৱা কথা শুনি ভদ্ৰলোক দুজনৰ মুখৰ বৰণ অলপ সলনি হোৱা যেন দেখিলোঁ।
অলপমান বেলি ৰৈ থাকি এজনে আকৌ সুধিলে, "আপোনালোকে লক্ষ্মীনাথ বেজবৰুৱাক চিনি পায় নে?"
"তেখেতৰ তালৈকে আহিছোঁৱেই।" এইবুলি ক'বলৈ হে পালো, তেওঁবিলাক দুয়ো মুখখনহঁত বিকটাবিকটি কৰি ঘৃণাসূচক মন্তব্য কৰিবলৈ ধৰিলে, " বেজবৰুৱা ব্ৰাহ্মণ নয়, সে ম্লেচ্ছ। সে ব্ৰাহ্ম মেয়ে বিয়ে কৰেছে। তাৰ আবাৰ "বাঁশৰী" না কি একটি পত্ৰিকা আছে,তাতে সে বাঙ্গালীকে গাল দেয়। সে একটা পাষণ্ড।" এইবোৰ গুৱাল গালি পৰাৰ পিছত, হনুমন্তই নিজৰ মুখৰ অগনি নিজেই নুমুৱাৰ দৰে বিদ্বেষৰ জুইকুৰা এইবুলি কৈ কোৱাজনেই আকৌ নুমুৱাইও পেলালে, "সে বেটা বৰ বুদ্ধিমান ! হাওড়ায় সে একজন অনাৰেৰী মেজিষ্ট্ৰেটও ছিলেন।" আমিও চল পাই চুঙা চাই এই বুলি সোপা এটা দিলোঁ – (অৱশ্যে আধাডুখৰীয়া বঙলাৰে) বুদ্ধিমান নহলে নো ঠাকুৰ পৰিয়ালৰ নিচিনা সম্ভ্ৰান্ত বংশীয় জীয়াৰীৰ পাণি বেজবৰুৱালৈ আগ বঢ়ায় নে? হাওড়াৰ অধিবাসী বঙালীতকৈও অসমীয়া লক্ষ্মীনাথৰ বুদ্ধি প্ৰতিভা যে শ্ৰেষ্ঠ, তাক তেওঁ অনাৰেৰী মেজিষ্ট্ৰেট পদ পোৱাটোৱেই প্ৰতিপন্ন নকৰে নে? আৰু কলোঁহক বোলো "বাঁহী"য়ে (বাঁশৰী) কেতিয়াও গালি পৰা নাই। বেজবৰুৱাৰ ঘৰৰ ল'ৰা লক্ষ্মীনাথে আপোনালোকৰ নিচিনা ভাষাতংকগ্ৰস্ত ৰোগীৰ ৰোগ উপশন কৰিবলৈ "বাঁহী"ত বড়ি হে বাঁটে(বটিকা তৈৰী কৰে)।

****

দ্বাৰকানাথ ঠাকুৰৰ গলীত থকা ঠাকুৰ পৰিয়ালৰ ঘৰত বছৰি আদি ব্ৰাহ্ম সমাজৰ মহোত্সৱ পাতে। সেই উত্সৱত যোগ দিবলৈ পোৱাটো বৰ ডাঙৰ কথা। কাৰণ, যেই সেই লাপিলূপা মানুহক তালৈ নিমন্ত্ৰণ কৰা নহয়। যাৰ বংশ গৌৰৱ আছে আৰু যাৰ অৰ্থ সম্পদ আছে তেনে মানুহক হে তালৈ নিমন্ত্ৰণ কৰা হয়। আমাৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰে সৈতে ঠাকুৰ পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। কলিকতাপ্ৰৱাসী অসমীয়া মানুহলৈ দুৱৰাৰ যোগেদিয়েই প্ৰায়েই নিমন্ত্ৰণ পত্ৰ দিয়া হয়। একপ্ৰকাৰ হয় ৰঙা কাৰ্ডত আৰু একপ্ৰকাৰ হয় বগা কাৰ্ডত। ৰঙা কাৰ্ড পোৱাবিলাকে তলত অৰ্থাৎ চোঁতালত (প্ৰাঙ্গণত) বহিব লাগে আৰু বগা পোৱাবিলাকে ওপৰ মহলাত স্থান পায়। হাইক'ৰ্টৰ জজ, জমিদাৰ, বেৰিষ্টাৰ আদি উচ্চ্পদাধিকাৰী, প্ৰতিপত্তিশালী নিমন্ত্ৰিত সকল ওপৰ মহলাতেই বহে; সেই সকলৰ লগতে আমাৰ বেজবৰুৱা ডাঙৰীয়াও।
আমি কেবাজনো গৈছোঁ, হাতত ৰঙা কাৰ্ড লৈ সেই চোতালৰ সমাজতে বহিবলৈ। মোৰ বাহিৰে, কেবাজনৰ ভিতৰত এই কিজনো আছিল – তেজপুৰৰ কুশাগ্ৰবুদ্ধিসম্পন্ন লক্ষ্মীধৰ শৰ্মা, শিৱসাগৰৰ শ্যেলীৰ অসমীয়া সংস্কৰণ কাৰ্ত্তিকোপম ভগৱতীপ্ৰসাদ বৰুৱা আৰু গোলাঘাটৰ ৰায়বাহাদুৰ ঘনশ্যাম বৰুৱা মন্ত্ৰী ডাঙৰীয়াৰ মাজিউ পুতেক লাজকুৰীয়া ব্যক্তি গিৰীন্দ্ৰ নাথ বৰুৱা। ওপৰ আওলাৰ (বাৰাণ্ডাৰ) পৰা আমাক দেখা মাত্ৰকে বেজবৰুৱাই সমাজৰ মাজৰপৰা উঠি আহি আমাক ওপৰলৈলৈ গ'ল আৰু তাত বহি থকা বিদ্বানসকলৰ আগত আমাক চিনাকি কৰি দি ক'লে, " এই কিজন মোৰ দেশৰ ডেকা। তলত কিয় বহিব? এতিয়া একোটোপা চাহ দিয়াহঁক"। বেজবৰুৱাৰ মুখৰ পৰা কথাষাৰ ওলাল কি, বিজুলীলতা সদৃশ বঙ্গজা কামিনীৰ চাহ দিবলৈ উথপথপ লাগিল কি? তেতিয়া বেজবৰুৱাৰ ৰং চাই কোনে?

****

বঙ্গদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ লগত অসমীয়াৰ বৈবাহিক সম্বন্ধ ঘটাটো 'জোনাকী'যুগৰ সাহিত্যিক সকলৰ জীৱনত হোৱা এটা ডাঙৰ ঘটনা। যি সময়ত ওচৰচুবুৰীয়া বঙ্গীয় ভ্ৰমণকাৰী জনদিয়েকে অসমীয়াক পৰ্ব্বতীয়া নিগনি বুলি হাঁহিছিল; অসমীয়াৰ জমিদাৰ নাই, অসমীয়াৰ পণ্ডিত নাই বুলি কোনো কোনো সংকীৰ্ণমনা বঙালীয়ে অসমীয়া মানুহক অৱজ্ঞাৰ চকুৰে চাইছিল, সেইসময়ত বিদুষী মহিলা প্ৰজ্ঞাসুন্দৰী দেৱীৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ বৈবাহিক সম্বন্ধ ঘটাটো সঁচাকৈয়ে লেখত লবলগীয়া ঘটনা। ঠাকুৰ পৰিয়াল আদি-ব্ৰাহ্মসমাজভুক্ত। সেই সমাজৰ ছোৱালী বিয়া দিবলৈ হ'লে পাত্ৰৰ তিনটি কথা পোন-প্ৰথমে চাই লোৱা নিয়ম। প্ৰথম, দৰাটি উচ্চবংশৰ ব্ৰাহ্মণ হ'ব লাগিব – তেহেলৈ তেওঁ যেই প্ৰদেশৰেই নহওক। দ্বিতীয়, তেওঁ দেখিবলৈ নিপোটোল, সুস্থ, সুশ্ৰী হ'ব লাগিব। তৃতীয়, তেওঁৰ সাংসাৰিক অৱস্থা স্বচ্ছল হ'ব লাগিব – অন্তত: বিভৱ বিভূতিত মজলীয়া খাপতকৈ ওপৰৰ হ'ব লাগিব।
প্ৰজ্ঞাসুন্দৰী দেৱী যে ঠাকুৰ পৰিয়ালত ৰূপে-গুণে, বিদ্যাই-বুদ্ধিয়ে জিলিকি আছে বেজবৰুৱাহঁতে এই কথাৰ পোনপ্ৰথমে ভূ পায় বৈকুণ্ঠনাথ দত্ত বুলি এজন মুদ্ৰাকৰৰ মুখে। অল্ড বৈঠকখানাৰ লে'ন এটাত থাকি গুণাভিৰাম বৰুৱাই পোনেই যেতিয়া আৰ্ম্মেনীয়ান ষ্ট্ৰীটত থকা ঠাকুৰ পৰিয়ালৰ ছপাখানা এটাত "আসম বুৰঞ্জী" ছপায়, তেতিয়াৰপৰাই অসমীয়া "মেছলৈ" বৈকুণ্ঠনাথৰ আহ যাহ আছিল। পাছত, বৰুৱা ডাঙৰীয়া নগাৱঁত থাকিব লগীয়া হোৱাত, সেই ছপাখানাতে ছপোৱা "আসাম বন্ধুৰ" আৰ্হিকাকত শুধৰোৱা হৈছিল বৰুৱাৰ বৈঠকখানাৰ ঘৰত থকা অসমীয়া ছাত্ৰৰ হতুৱাই। কেতিয়াবা কেতিয়াবা ৰায়বাহাদুৰ বৰুৱাও সেই ঘৰতে থাকেগৈ। সি যি কি নহওক, ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ লগত লেন দেন থকা বাবেই মুদ্ৰাকৰ বৈকুণ্ঠনাথ "আসাম বন্ধুৰ" আৰ্হিকাকত পঢ়োতা চন্দ্ৰকুমাৰ আগৰৱালা (এখেত আৰ্ম্মেনীয়ান ষ্ট্ৰীটত আছিল) হেমচন্দ্ৰ গোস্ৱামী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ লগত ডাঠ চিনাকি হয়। সেই চিনাকিয়েই পিছত গুৰগুৰিয়া মেল আৰু মেলৰ পিছতেই অসমীয়া বঙালী প্ৰণয়-পাশত আৱদ্ধ হোৱা অভিনয়ৰ প্ৰথম সূত্ৰপাত।
বৈকুণ্ঠই জয়ে জয়ে "ঘটকালি"কৰি চন্দ্ৰকুমাৰৰ লগত প্ৰজ্ঞাসুন্দৰীৰ জোৰাটো পাতিছিল। কিন্তু আদি ব্ৰাহ্মসমাজৰ প্ৰথম দফা বিবাহ নিয়ম খটুৱাব নোৱাৰাত বিয়াৰ জোৰাটো নাহিল। তাৰ পাছত বাছনিত পৰিল হেমচন্দ্ৰ গোস্বামী। কিন্তু, তেওঁ অসমীয়া হিন্দুৰ সামাজিক নিয়ম উলংঘা কৰিব নোৱাৰাত বৈকুণ্ঠৰ প্ৰস্তাৱটো পিছলি পৰিল। কোনো গুণে চেৰ পেলাব নোৱাৰা সেই তিনিজন কন্দৰ্পসদৃশ ডেকাৰ ভিতৰত বৈকুণ্ঠনাথৰ শেষ নিৰ্ব্বাছন পৰিলগৈ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত। বেজবৰুৱা ব্ৰাহ্মণ, উচ্চশিক্ষিত, শৰীৰত অকণকে ঘূণ নোহোৱা, কথা-বতৰা, খোজ – কাটল, আদান প্ৰদান সকলোতে ডাঙৰীয়াত্বৰ পূৰ্ণ নিদৰ্শন; দেউতাক দীননাথ বেজবৰুৱা ডেপুটী মেজিষ্ট্ৰেট। ৰিপুৱা (ঘটক) বৈকুণ্ঠানাথে বিবাহৰ পূৰ্ব্বৰাগ ৰঞ্জিত কৰিবলৈ কালিন্দ্ৰী ভোমোৰাৰ দৰে বিবিধ প্ৰকাৰে ভাও দিব লগীয়া হৈছিল। সি যি কি নহওক, অৱশেষত বেজবৰুৱায়েই প্ৰজ্ঞাসুন্দৰীৰ প্ৰণয়-পাশত বান্ধ খালেগৈ। বিয়া পাতোতে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী দৰাধৰা হৈছিল আৰু এই অপূৰ্ব্ব মিলনত সিসকল দুয়োজনে প্ৰাণমন ঢালি সহায় কৰিছিল। কিন্তু বিয়া হৈ যোৱাৰ কেইবছৰমানৰ পিছত, বেজবৰুৱাই হেম গোসাঁইলৈ এখন চিঠিত লিখিছিল, 'গোসাঁই,বিয়াৰ মুৰ্ত্তিটো কল্পনাত হে চাবলৈ ভাল। হাতত পৰিলত, সেই মুৰ্ত্তিটি দেখোন চীনা বাচনৰ দৰে ঠুনুকা যেন লাগিছে"।

****

ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা এবাৰ কাশীত তীৰ্থ কৰিবলৈ গৈছিল। অসংখ্য তীৰ্থযাত্ৰীৰ মাজতে এদিন এজন নগণ্য অসমীয়া তীৰ্থযাত্ৰীয়ে তেওঁৰ ভৰিত ধৰি সুধিলে, "দেউতা নো কাহানি আহিল?" বিদেশত অসমীয়া মাত শুনি বৰুৱা ডাঙৰীয়া চক খাই গ'ল আৰু মাতৃভাষাৰ মোহত পৰি সেই মানুহজনক তেখেতে ততালিকৈ গবা মাৰি ধৰিলে। নগাঁৱত হোৱা হ'লে সেই নগণ্য মানুহজনে ৰায়বাহাদুৰক চৰণত ধৰা হে নেলাগে দৰ্শন পাবলৈকে সাদিন-সাত ৰাতি খাপ দিব লাগিলহেতেন। মাতৃভাষালৈ মৰম থাকিলেহে মাতৃভুমিৰ মানুহলৈ মৰম লাগে। এই কথাকে বেজবৰুৱা ডাঙৰীয়াই তেওঁৰ ওচৰলৈ যোৱা অসমীয়া ল'ৰাক সদাই কৈছিল। বৰকাকতীকো আৰু মোকো কৈছিল। গুণভিৰামৰ "হেৰি" প্ৰেমৰ কথাও কৈছিল।

****

একোটা বাক্য বা খণ্ডবাক্য ফঁহিয়াই চালেই জাতিগত বৈশিষ্ট্যটি আপোনা-আপুনি ওলাই পৰে। অসমীয়া-বঙালীৰ পাৰ্থক্যটোও সেইদৰে সাধাৰণ কথা একোটাতে ধৰা পৰে।
ৰ'দ টান হ'লে অসমীয়া মানুহে কয় 'টিকাফটা ৰ'দ' আৰু বঙালীয়ে কয় "কাঠফটা ৰোদ"। এদিন "লৰেলছ' ত (বেজবৰুৱা থকা ঘৰটোৰ নাম) এজন বঙালী ভদ্ৰলোকে অসমীয়াক এলেহুৱা বোলোতে বেজবৰুৱাই এইদৰে খণ্ডবাক্য এটাকে কৈ মুখি থৈছিল, "বঙালীবিলাক সঁচাকৈয়ে বনুৱা হয়। কিয় নো, তেওঁলোকে ৰ'দ টান হ'লে পিৰালিতে বহি দুৱাৰ মুখৰ গছনো ফাটিছেনে নাই, চাই থাকিব। ৰ'দৰ তাপত গছৰ গা ফাটি গ'লেই, "বাপৰে বাপ, কী কাঠফাটা ৰোদ" বুলি টিকা জঁপিয়াই উঠিব। আৰু অসমীয়াই কৰিব কি? তেওঁলোকে ৰ'দ বৰষুণলৈ ভ্ৰূক্ষেপ নকৰি পথাৰত কোৰ মাৰিয়েই থাকিব। যেতিয়া চুৰিয়াৰ তলেদি ৰ'দৰ তাপ ভেদি টিকাত ধৰিবগৈ তেতিয়া হে তেওঁলোকৰ গম হয় ৰ'দ টান হৈছে বুলি। তেতিয়া হে 'টিকা ফটা ৰ'দ', বুলি তেওঁলোকে কোৰৰ নাল এৰিল। এতেকে এলেহুৱা নো কোন, অসমীয়া নে বঙালী 'টিকাফটা' ৰ'দ – কাঠফাটা ৰোদ' ৰ অন্বয়টো কৰিলেই ওলাই পৰে দেখোন।'

****

নিতাই-নিমাইপন্থী আওবঙালী হাওড়াবাসীৰ মাজত মহাপুৰুষীয়া আও অসমীয়া বেজবৰুৱা ডাঙৰীয়াই অকলৈ অকলৈ শংকৰ মাধৱৰ তিথিত ভোৰতাল বজাই প্ৰসংগীয়া নাম গাই ৰ'জমেৰী লেনৰ দাঁতিয়ে কাষৰে থকা কুঞ্জবনবোৰত অসমীয়া নামৰ ৰস আমঠু সৰকি যোৱাকৈ বোৱাকৈ পঠিয়াইছিল। তাকে দেখি অসমীয়া ৰাজ্য আক্ৰমণকাৰী বঙালীবিলাক বিচূৰ্তি খাইছিল আৰু আপোন পাহৰি বংগলুৱা ধলত উটি বুৰি ৰুৰোঁতা অসমীয়া ডেকাবিলাক তবধ লাগিছিল।

****

ঘনশ্যাম বৰুৱা, ৰমাকান্ত বৰকাকতী, ৰত্নকান্ত বৰুৱা আৰু গুজানন বৰুৱাই "ভ্ৰমৰংগ" নাটখন লেখি উলিয়াই বেজবৰুৱাক চাবলৈ দিছিল। 'কলিমনৰ' বচনবোৰ তেওঁ নকৈ লেখি, সেই বচন পোনেই লেখোঁতাজনক (ৰত্নধৰ বৰুৱা) কলিমনৰ ভাওদিয়াই কোৱাই চাইছিল। পাটুয়াতোলা লেনত 'ভ্ৰমৰংগ' নাট মেলোতে থিয়েটাৰ চাবলৈ বহুত বঙালী ভদ্ৰলোক আৰু জেনাৰেল এচেমব্লীজ ইনষ্টিটিউচনৰ ইওৰূপীয় প্ৰিঞ্চিপেল চাহাব আৰু অধ্যাপক সকলো আহিছিল। কলিমনৰ ভাওভংগি আৰু বেজবৰুৱাইহাতফুৰাই দিয়া বচন বয়ন শুনি দৰ্শকৰ হাঁহি গিৰ্জনিত ৪৫ নং পাটুৱা তোলা লেনৰ ঘৰটো উৰি যাওঁ উৰি যাওঁ হৈছিল। গতিকে, 'ভ্ৰমৰংগ' নাট লেখকৰ ভিতৰত বেজবৰুৱাকো ধৰিব পাৰি।

****

শিৱসাগৰত অসম সাহিত্য সভা। বেজবৰুৱা ডাঙৰীয়াক আমন্ত্ৰণ কৰি অনা হৈছে সাহিত্য সভাৰ দ্বাৰাই, অসমীয়া জাতিৰ সম্বৰ্ধনা জনাবলৈ। শিৱসাগৰ ষ্টেছনৰপৰা ঢোলে খোলে, গায়নে বায়নে তেখেতক সমদলে আগবঢ়াই আনি শিৱসাগৰ বৰপুখুৰী পাৰতে অৱস্থান কৰিবলৈ দিয়া হ'ল। তাতে এজনে সাতসেৱা কৰি বেজবৰুৱাক এখনি বুৰঞ্জী পুথি ভেঁটী দিছিলগৈ। সেই ভেঁটী গ্ৰহণ কৰি তেওঁ ইয়াকে ক'লে, "তোমালোক নো আৰু কিমান দিন, পেনপেনীয়া মৌ হৈ থাকিবা? হাঁহিবলৈ শিকাঁচোন"।

****

Trio অৰ্থাৎ ত্ৰিমুৰ্ত্তি নহ'লে সংসাৰত একো কামকে নিয়াৰিকৈ কৰিব নোৱাৰি। তিনটা উধান হ'লে হে ধান বহাব পাৰি। সৃষ্টিৰ গুৰিতো সেই তিনি মূৰ্ত্তি – ব্ৰহ্মা, বিষ্ণু, ৰুদ্ৰ। তিনিজন পুৰুষে গুৰি ধৰাত হে তিনি কোণীয়া ভাৰতবৰ্ষত কংগ্ৰেছৰ জয়্জয়াকাৰ হ'ল। অসমীয়া ভাষা ঠন ধৰোৱাৰ গুৰিতো তিনিজন পুৰুষেই –চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। ৰুদ্ৰমূৰ্তিৰ প্ৰতীকেই হ'ল বেজবৰুৱা।
১৯২০ চনৰ ডিচেম্বৰ মাহত নাগপুৰত সদৌ ভাৰত ছাত্ৰসন্মিলনী বহিছিল। তালৈকে শ্ৰীতৰুণকুমাৰ ভট্টাচাৰ্য্য, শ্ৰীশশীধৰ বৰুৱা, শ্ৰীইন্দ্ৰনাথ কাকতী, শ্ৰীইন্দ্ৰনাথ ভট্টাচাৰ্য্য প্ৰভৃতি কেবাজনো অসমৰ ছাত্ৰ প্ৰতিনিধি গৈ কলিকতাত দুৰাতিমান খপি আছিল। সেই ছেগতে তেওঁবিলাকে হাওড়াত বেজবৰুৱা ডাঙৰীয়াক চাবলৈ ওলাল। তৰুণ ভট্ট যাব যাব নোৱাৰিলে। কলেজ স্কোয়ৰত বঙালী ছাত্ৰ সন্মিলনত বক্তৃতা দিবলৈ গ'ল। এই খিনিতে ভট্টৰ কথা এষাৰ অপ্ৰাসংগিক হলেও কৈ থোৱা উচিত। সেই বঙালী ছাত্ৰ সন্মিলনত সকলোৱে বঙলাৰেই বক্তৃতা দিছিল। কিন্তু ভট্টাচাৰ্য্যই দিলে ইংৰাজীৰে। বক্তৃতা শুনি শ্ৰোতাসকল মুগ্ধ হ'ল। তেওঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ 'বংশধৰ'ৰ মানুহ, পাছত শুনি, জনদিয়েক বঙালী ভদ্ৰলোকে কোৱাকুই কৰিছিল "বেজবৰুৱা দেশেৰ আসামীৰা বুদ্ধিমান বটে"।

****

মহাত্মাৰ অসহযোগ আন্দোলনত কলিকতা চহৰ চাৰিফাল-পাচফাল, সকলোৰে মুখে মুখে কেৱল 'অসযোগৰ কথা'। অসমীয়া ছাত্ৰ কেই জনক লগত লৈ আগৰে পৰা কলিকতাত থকা আৰু দুজনমান ছাত্ৰ বেজবৰুৱাৰ ওচৰ পালেগৈ। বেজবৰুৱাই ছাত্ৰকিজনক নাগপুৰলৈ যোৱাৰ কথা শুধি পাছত কলেগৈ, "বুইছা, তোমালোকে অসযোগত ধৰিব পাৰিবা। কিন্তু যেতিয়ালৈকে এই জাতিটো (-) থাকিব তেতিয়ালৈকে তোমালোকে উদ্গতি কৰিব নোৱাৰাহক। যি জাতিৰ ন-টি আখৰৰ অভাৱ সেই জাতিয়ে কি অসহযোগ সাধনা কৰিব?" এই বুলি কৈ তেওঁ হাতৰ আঙুলি পাব ধৰি এটা এটাকৈ আখৰ মাতি গ'ল – CHARACTER (চৰিত্ৰ)|

 

বেণুধৰ শৰ্মাদেৱৰ এই লেখাটো অসম্পাদিত ৰূপত প্ৰকাশ কৰা হৈছে। লেখাটো প্ৰথম প্ৰকাশ হৈছিল 'অৰ্ঘ্যাৱলী' নামৰ গ্ৰন্থখনত। পাছত বেণুধৰ শৰ্মা ৰচনাৱলীত (চন্দন চ'ৰা, ১৯৮৭) ইয়াক অন্তৰ্ভুক্ত কৰা হয়। এই লেখাটো ৰচনাৱলীৰ পৰা লোৱা হৈছে। এই পুৰণি লেখাটোত ব্যৱহাৰ হোৱা কিছুমান শব্দ হয়তো বৰ্তমান নতুন ৰূপত ব্যৱহাৰ হোৱা দেখা যায়। পঢ়ুৱৈ সকলে সেই দিশটো বুজি লয় যেন।