Articles
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
The Nineteenth Century Renaissance in India and Lakshminath Bezbaruwa of Assam (1864-1938)
বেজবৰুৱাৰ স্মৃতিৰ মৌ সৰা কথা
Lakshminath Bezbaroa as a Writer of Farces
Nationalism in Bezboroasque literature and 19th Century Assam
বেজবৰুৱাৰ পদুম কুঁৱৰী : এক অৱলোকন
চুটি গল্প আৰু বেজবৰুৱাৰ ' পাটমুগী '
বেজবৰুৱাৰ পদুম কুঁৱৰী : এক অৱলোকন

চন্দন বৰা

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এক অমৰ সৃষ্টি আছিল - ‘পদুম কুঁৱৰী’। তেখেতৰ সাহিত্য সৃষ্টিৰ এক উত্‍কৃষ্ট নিদৰ্শন হ’ল ‘’পদুম কুঁৱৰী’’ উপন্যাসখন। আধুনিক অসমীয়া সাহিত্যৰ পৰা ফালৰি কাটি এনে এখন ব্যতিক্ৰমী উপন্যাসৰ সোৱাদ ল’বলে পাই নিজকে ধন্য মানিছো লগতে কেইবাটিও ন ন কথাও শিকিব পাৰিছো। জোনাকী যুগৰ অসমীয়া সাহিত্য যে আজিৰ আধুনিক অসমীয়া সাহিত্যতকৈ বহুগুণে উত্‍কৃষ্ট তাত তিলমাত্ৰও সন্দেহ নাই। বুৰঞ্জীত সিচৰঁতি সমলবোৰ গোটাই প্ৰত্যেকটো চৰিত্ৰক বেজবৰুৱা দেৱে তাহানিৰ দিনতে এনেদৰে উপস্থাপন কৰিছিল যে প্ৰতিগৰাকী পাঠকেই হয়তো বুৰঞ্জীৰ পাত লুটিয়াই এবাৰ হ’লেও উভতি যাবলৈ চেষ্টা কৰিব সেই যুগলৈ। সঁচাকৈয়ে বুৰঞ্জীত পদুম আছেনে? সূৰ্যকুমাৰ বা ফুল কুঁৱৰী বুৰঞ্জীৰ পাতত ক’তনো লুকাল? -মানুহৰ তেনে উত্‍সুকতাৰ অন্ত নাই।

বুৰঞ্জীত পঢ়িবলৈ পোৱা তাহানিৰ কামৰূপৰ দুই বীৰ ৰজা হৰদত্ত আৰু বীৰদত্তৰ মাধ্যমেৰে পদুম কুঁৱৰী উপন্যাসখনৰ কাহিনীভাগ আৰম্ভ হৈছে। সেই ৰজা হৰদত্তৰে সুন্দৰী কন্যা পদুম কুঁৱৰীৰে অগাধ প্ৰেম তেঁওলোকৰ ঘৰতে ডাঙৰ দীঘল হোৱা তুলনীয়া পো সূৰ্য কুমাৰৰ লগত। সূৰ্যকুমাৰৰ প্ৰতি পদুমৰ যিমান প্ৰেম সুৰ্যয়ো সেই একেই প্ৰেমত মগ্ন পদুমৰ লগত। দুয়ো দুয়োকে এৰি কোনো কালেই থাকিব নোৱাৰে। কিন্তু দাতাই দিলে বিধাতাই নিদিয়ে। সদায় হোৱাৰ দৰে প্ৰেমত থকা বাধা বিঘিনিবোৰৰ কথা বেজবৰুৱা দেৱে এই উপন্যাসখনিতো বৰ্ণাইছে। সময় উকলি যোৱাৰ লগে লগে পদুমৰ কলিৰ দৰে সুন্দৰী পদুমলৈ বিবাহৰ প্ৰস্তাৱ লৈ বহুতো ৰাজকোঁৱৰ আহিল আৰু পিতৃ দ্বায়িত্ব পালনৰ স্বাৰ্থত হৰদত্তয়ো পদুমৰ বাবে সুযোগ্য পাত্ৰৰ বাবে বিচাৰ খোচাৰ কৰিলে। সেই সময়তে তেওঁ সুৰ্য আৰু পদুমৰ গোপন প্ৰণয় সম্পৰ্কে অৱগত হৈ বীৰদত্তৰে সৈতে আলচ কৰি সুৰ্যক ঘৰৰ পৰা খেদি পঠিয়ালে। আকৌ তাহানিৰ আহোমৰ সেনাপতি কলীয়া ভোমোৰা বৰফুকনৰ কামৰূপৰ ৰজা হৰদত্তৰ সৈতে আছিল ঘোৰ শক্ৰুতা আৰু তাৰ মাজতে সুৰ্যইও গৈ বৰফুকনৰ ঘৰতে আশ্ৰয় ল’লেগৈ। আৰম্ভ হ’ল এক নতুন ৰাজনৈতিক সমীকৰণ আৰু অভিসন্ধিৰ। বৰফুকনে সেই সুবৰ্ণ সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰি হৰদত্তৰ ৰাজ্যও আক্ৰমণ কৰিলে। হৰদত্তই প্ৰাণৰ মমতাত পৰিয়ালবৰ্গ সমন্বিতে ভূটানলৈ পলায়ন কৰিলে।

বেজবৰুৱা দেৱে এই খিনিতে আৰু একে প্ৰেম  গাঁথা উল্লেখ কৰিছে। বৰফুকনৰ কন্যা ফুল কুঁৱৰীৰ সুৰ্যৰে সৈতে আছিল অশেষ কিন্তু একপক্ষীয় প্ৰেম। প্ৰেমৰ এনে কাহিনীৰ মাজেৰে উপন্যাস খনৰ কাহিনীভাগ আগবঢ়িছে আৰু তাৰ মাজতে হৰদত্তৰ দেশপ্ৰেম, বৰফুকনৰ বিশ্বাসঘাটকতাৰ অনেক কাহিনীও বেজবৰৱা দেৱে উপন্যাসখনত বৰ্ণনা কৰিছে। যুদ্ধই যে মানুহৰ জীৱনলৈ অন্ধকাৰ নমাই আনে তাক সুন্দৰ ৰূপত উপস্থাপন কৰিছে। আনকি শেষত বৰফুকনৰ নিজৰ জীয়েকেই প্ৰকৃত প্ৰেমৰ বাবেই নিজৰ প্ৰেমিকৰ মৃত্যুৰ পাছতো তেঁওক প্ৰাণে প্ৰণে ভালপোৱাৰ কথাৰে কাহিনীভাগ শেষ কৰিছে।

বেজবৰুৱা দেৱৰ এনে অমৰ সৃষ্টি সম্বন্ধে আলচ কৰিবলৈ আমাৰ তিলমাত্ৰাও জ্ঞান নাই। এগৰাকী পঢ়ুৱৈ হিচাপে তেওঁৰ এনে অমৰ সৃষ্টিক অধ্যয়ন কৰি অভিজ্ঞতাহে বৰ্ণনা কৰিব পাৰি। তেখেতৰ লিখনি শৈলী অপূৰ্ব। অসমীয়া ভাষাৰ পৰিপূৰ্ণ জ্ঞানে তেখেতক সাহিত্যৰথীৰ আসনত যে  শুৱনি কৰিছে ই ধ্ৰুৱ সত্য। প্ৰতিটো বাক্যৰ মাজতে বেজবৰুৱা দেৱে এনে কিছুমান সমাজত প্ৰচলিত শব্দৰ ব্যৱহাৰ কৰিছে যি সঁচাকৈয়ে সাহিত্যৰ অন্যতম মনোগ্ৰাহী দিশ। উপন্যাস খন সৰ্বমুঠ পোন্ধৰটা অধ্যায়ত উল্লেখিত কাহিনীৰ শিৰোনামেৰে বৰ্ণনা কৰা হৈছে আৰু তাৰোপৰি তেখেতে উপন্যাস খনত প্ৰতিটো অধ্যায়ৰ আৰম্ভনিতে কৰা ইংৰাজীৰ সাহিত্যৰ মূধা ফুটা লোক যেনে ইলিয়ত, শ্বেক্সপিয়েৰ বা হোমাৰৰ কিছুমান উক্তি আৰু অন্যতম শ্ৰেষ্ঠ ইংৰাজী সাহিত্য ‘হেমলেট’ৰ বিখ্যাত উক্তি বোৰৰ উল্লেখ মন কৰিব লগীয়া। বেজবৰুৱা দেৱে প্ৰতিটো অধ্যায়ৰ আৰম্ভনিতে সেই অধ্যায় সম্পৰ্কে কেইবাটাও উপমাৰে এনেভাৱে বৰ্ণনা কৰিছে যে তাৰ সঠিক অধ্যয়নে পাছৰ কাহিনীটোৰ গম দিয়ে। কিন্তু বেজবৰুৱা দেৱে দশম অধ্যায়ত পদুমৰ মাকৰ মৃত্যৰ কাহিনীভাগ অত্যাধিক বৰ্ণনা কৰিছে যেনে অনুভৱ হয়। যিয়ে পাঠকক অলপ আমনি যোগায় কাহিনীৰ মাজভাগত। কিন্তু উপন্যাস খনত ৰঘুৱে মৃত্যুৰ সময়ত বৰফুকনে কৰা বিশ্বাসঘাটকতাৰ বাবে আহোমক যি ধ্বংস হোৱাৰ শাপ দিছিল ই সঁচা যেন অনুভূত হয়। তাৰোপৰি পদুমে সূৰ্যক দেখা পাই আনন্দমনে বিষপ্ৰাণ কৰি মৃত্যু বৰণ কৰা আৰু তাকে দেখি সূৰ্যয়ো আত্মহনন কৰা কাৰ্যই পাঠকৰ মনত এক শিহৰণ তোলে।  আকৌ শেষত ফুল কুঁৱৰীয়ে নিজৰ প্ৰেমৰ অমৰ কীৰ্তি স্বৰূপে মৈদামত অন্তিম শয়নৰ কাহিনীভাগে বেজবৰুৱা দেৱে ৰচনা কৰা ‘পদুম কুঁৱৰী’ উপন্যাসখনক অমৰ প্ৰেমৰ অন্যতম নিদৰ্শন হিচাপে প্ৰতিপন্ন কৰিছে। এইটো নি:সন্দেহে ক’ব লাগিব যে জোনাকী যুগৰ অন্যতম তথা অসমৰে শ্ৰেষ্ঠ সাহিত্যিক বা তাতোতকৈও উৰ্দ্ধত আৰু যাক সাহিত্যৰথী হিচাপে নামাকৰণ কৰো তেখেতৰ কল্পনাৰ কলিটি পদুম কুঁৱৰী তেঁওৰ অমৰ সৃষ্টি আৰু ই যুগে যুগে অসমীয়াৰ প্ৰেম তথা স্বদেশপ্ৰীতিৰ গুণ গৰিমা গাই থাকিব ।

Chandan Bora, Student, Dept. of Commerce, Gauhati University