SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বাতৰি কাকতৰ জাননী

খাই ঔ! খাই ঔ!! খালেঔ!!! চাওক! চাওক! চালেঔ!!! অসময় নতুন! ভাতৰবৰ্ষত নতুন!!! পৃথিৱীত নতুন ঔ!!! বৃহত্‌কাণ্ড! অদ্ভুত কাণ্ড!! অৰণ্য কাণ্ড ঔ!!! বিৰাট ব্যাপাৰ! উদ্যোগ ব্যাপাৰ!! এদাৰ বেপাৰ ঔ!!!

লোকে যি কথা কোনো পুৰুষত শুনা নাই তাক দেখিবৰ উপক্ৰম; আৰু যি কথা কোনো পুৰুষত দেখা নাই তাক শুনিবৰ উপক্ৰম| নাভূত, নাশ্ৰুত, নহব, নুপজিব| কৃপাবৰ বৰুৱাই অসমত অৰুন্দই (২) উলিয়াবৰ উদ্যোগ কৰিছে| তাৰে এইখন সূত্ৰ অৰ্থাত্‍ আমাৰ ভাৱনাৰ সূত্ৰধাৰীৰ ভাষাৰে কব খুজিলে এই দৰে ওৰা পাৰি কব লাগিব,--আহে সভাসদলোক! আ: অসমক অজ্ঞান অন্ধকাৰ-অসুৰক বধক উদ্দেশ্যে পৰম পুণ্যশ্লোক কৃপাবৰ বৰবৰুৱাক ঘৰে তৰুণ অৰুণক কিৰণ জিনি জ্যোতিৰ্ময় অৰুন্দই নাম পৰম শোভন কাকত জনম লভল| আ: অসমত আজু কি অনন্দ ভেল; যৈচে পৰম পুৰাতন অৰুন্দইক অংশ পূৰ্ণৰূপে ভূভাৰ হৰণ হেতু বৰবৰুৱাক ঘৰে লোকক কৃপায়ে অৱতাৰ ভেল| যৈচন প্ৰকাৰে সোহি কাকত আৱত তা দেখহ শুনহ নিৰন্তৰে হৰিবোল! হৰিবোল! আহে স-ঙ্গী! কি বাদ্য বা-জ-ত? আ: বৰবৰুৱাক ঘৰে দুন্দুভি বাজত! গীত, ৰাগ, সুহাই, তাল একতালা|

"অসমীয়াই বাতৰি কাকতৰ মোল নুবুজে, অসমীয়াই কাকত নপঢ়ে, অসমীয়াই কাকত পঢ়ি পইচা নিদিয়ে, অসমীয়াই কাকত লৈ মূৰকত ওলোটাই দিয়ে, অসমীয়াই অসমীয়া বাতৰি কাকত দেখিলে উপ্‌লুঙাহে কৰে, অসমীয়াই মাছক মাছ নুবুলি জিজি বোলে, ভাতক ভাত নুবুলি মাম বোলে, থিয় হৈ খোজ কাঢ়ে, চিট্‌ হৈ শোৱে, পানী চোবাই নেখাই পি খায়, মালভোগ-কলটো নাকৰ বিন্ধাই নুগুজি মুখৰ বিন্ধাই গোজে, এনেবিলাক গছত-গৰু উঠা হোলোঙাৰে কাণ-বিন্ধা কথা মূৰৰ চোকোৰা নুগুচা, দুধকণ্ঠ বালক, ওঁঠ চেপিলে পিয়াহ ওলোৱা সম্পাদকবিলাকে কয়| অসমীয়াই অমুক হে কৰিলে, তমুক হে কৰিলে, অসমীয়াই খৰিকাত দি ভাজিলেহে, অসমীয়াই পাতত দি খালেহে, অসমীয়াই সম্পাদকৰ পানী খোৱা পুখুৰীত জুইহে দিলে, এনেবিলাক বাৰেভচহু কথা সম্পাদকদলৰ মুখত| "যত দোষ নন্দ ঘোষ|" যত দোষ অসমীয়াৰ আৰু যত গুণ সম্পাদক ডাঙৰীয়াৰ| নাচিব নেজানে চোতালখন ওখৰামোখোৰা| নিজে কেনেকৈ কাকত উলিয়াব লাগে, লেখিব লাগে, চলাব লাগে, বিলাব লাগে, তাক নেজানে, দোষ লোকৰ, দোষ অসমীয়াৰ| বৰবৰুৱাই এইবিলাক সম্পাদকক লোৰ খাৰু পিন্ধাই কলীয়াপানীলৈ পঠিয়াবলৈ, নাইবা সজাই-পৰাই নগাক বেচিবলৈ প্ৰস্তাৱ কৰিছে, আশাকৰোঁ অসমৰ কুলতিলকসকলে এই প্ৰস্তাৱ সমৰ্থন কৰিব| ইতিমধ্যে তেওঁবিলাকে চাই লওক, চাই লৈ শিকক, বৰবৰুৱাই কেনেকৈ অৰুন্দই লেখে| অসমীয়া বাতৰি কাকত ওলাবৰ হ'লে সোধ নাই, পোছ নাই গিৰিখ্‌ কৰে ওলাবহি| অসমীয়া ভদ্ৰলোকসকলে আপোন উদাৰতা-গুণে ধৰ্মক লক্ষ্য কৰি যদি এবাৰলৈ থাকিবলৈ ঠাই দিলে, তেনেহ'লে আলহী-কাকত ককাইৰ কোব চায় কোনে:-পুৱা গধূলি তিনিও প্ৰস্তাৱত লাজ-কাজ কাটিকৈ থৈ ভদ্ৰ লোকসকলৰ ঘৰত হাজিৰ| তেওঁবিলাকে কি কৰে, অতিথি সাক্ষাত্‍ সামোদৰ, ওভোতাই পঠিয়াব নেপায়, মেজ আলমাৰি ডেক্স বা ফটা-কাকতৰ পাচী প্ৰভৃতি আলহী-থকা ঠাইত অতিথিক ঠাই দিয়ে| এইদৰে ঠাই পাই আৰু ঠাৰি লগতে আসৈ পাই, আলহী একে জাপে ভদ্ৰলোকসকলৰ ডিঙিত উঠে| উঠিয়েই তেওঁলোকক গালি-শপনি পাৰিবলৈ আৰু তেওঁবিলাকৰ দোষ খুচৰিবলৈ লাগি গ'ল| মুখেৰে কয়:-"তোমালোকৰ দোষ প্ৰক্ষালন কৰিবৰ নিমিত্তে, সমাজৰ উন্নতি কৰিবৰ নিমিত্তে, দেশৰ অভাৱ গুচাবৰ নিমিত্তে, আমি আহি ওলাইছোঁহি, আৰু এইবিলাক ন্যায় কথা কৈছো|"—আহা! আপ্যায়িত কৰিলে আৰু কি! ইয়াকে কয় বোলে, "কেলেহুৱা কুকুৰৰ কমললোচন নাও!" নোম-নেগুৰ বৰ্জিত ফাপৰে-খোৱা আলহীয়ে আকৌ গাবলৈ আহিছে বৰগীত! থাকিবলৈ ঠাই পালি সেয়ে যথেষ্ট, আকৌ 'গালি-গালাগ'? ভূতৰ ওপৰত দানহ, আকৌ পইচা? –এতিয়াই ওলা! 'আভি' বাহিৰ হও! এতিয়াই 'হেকাই দেও' মোৰ ঘৰৰপৰা! পানীপোতাৰ আলহীয়ে মোৰ দোষ প্ৰক্ষালন কৰিব নেলাগে, সেই কামলৈ মোৰ ধোবা আছে| সমাজৰ উন্নতি কৰিবলৈ আলহী-বাতৰিকাকতৰ 'হোৱা'ৰ আৱশ্যক নাই, তালৈ আমাৰ বাঁহৰ ধাপত ঢেৰ 'শৃগাল' আছে| দেশৰ অভাৱ গুচাবৰ নিমিত্তে তুমি 'ওলাইছুহি' বুলিবৰ সকাম নাই, অভও গুচাই ভাও কৰিবলৈ সত্ৰই-সভাই গাঁৱে-গাঁৱে, নামঘৰে নামঘৰে ইমান ভাৱনা হয়, যে তাৰ তাপত আমি দেশ এৰি পলাব লগীয়াত পৰিছোঁ| তোমাৰ কিবা "আত্মকথা" আছে যদি সেই কথা শুনিবলৈ মোৰ আহৰি নাই, মোৰ লৰাই-তিৰোতাই এবোজা, সিহঁতৰ আত্মকথা, পৰকথা, ভেন্‌ভেননি, কেন্‌কেননি শুনি মোৰ কাণ ঘুগুলা-পচলা হৈছে; ঘাইকৈ সিহঁতৰ মুখত টোপ দিবলৈ মোৰ পুৱাৰপৰা গধূলিলৈকে কলম চলাওঁতে আঙ্গুলি বুটি হৈছে! এইবিলাক কথা আমাৰ দেশৰ মানুহে কৈ বেজাৰ কৰে| বাৰু ধৰ্মত: এইবিলাক বেজাৰৰ কথা নহয় নে? মোৰে খাবা মোতে চৰি তুমি তোমাৰ থুঁতৰি দুটা কৰিবা, মোৰে তেজ হুঁপি তুমি মাদলীটো যেন হবা, মোৰ ওপৰতে খাই তোমাৰ কঁকালত চুৰীয়া-নোৰোৱা কৰিবা, আকৌ মোকে নিন্দা, মোকে গালি? মোৰ এনে হিতৈষী বন্ধুজন অতদিন আছিলা ক'ত? তোমাৰ চেনেহৰ চুমাই মোৰ নাকটি ছিঙিলে যে বান্ধ! তুমি আমাক ইমানতে এৰা|

ভদ্ৰলোকসকলৰ এইবিলাক আপত্তি অতি সাৰুৱা আপত্তি! এই আপত্তিত বৰবৰুৱাই হিয়া উবুৰিয়াই যোগদান কৰে| অধিক কি, ভদ্ৰলোকসকল অতি নিৰ্জু, ধাৰ্মিক আৰু উন্নতমনা প্ৰাণী দেখিহে, নতুবা তেওঁবিলাক বৰবৰুৱাৰে সৈতে একেমতি হোৱাহেঁতেন, এই বাতৰি কাকতীয়াবিলাকক সাঙুৰি উমানন্দলৈ নি, গছৰ ডালত ওলোমাই বান্ধি, জীয়াই জীয়াই সিহঁতৰ ছাল ওভোতাই বখলিয়ালোহেঁতেন| দিনৰদিনটো কেছাৰিত তললৈ মূৰকৈ কাণ ঠেলা, তাৰ উপৰি বৰচাহাবৰ হুকিৰ তাপত কাণত সোঁসোঁৱনি আৰু চকুৰ আগত জুই-আঙ্গণি, গধূলি ঘৰলৈ আহি ল'ৰা-তিৰুতাৰে একেষাৰ কথা কবলৈ জিভা দোৰোল নেখায়, এনে সময়ত 'গালি-গালাজ' পূৰ্ণ আৰু পইচা মগনিয়াৰ ভিকহু বাতৰিকাকত!—কি দৌৰাত্ম্য! কি অত্যাচাৰ! অসম দেশখনত ধানখেৰৰ জুই লগাই দি দেশ-দেশান্তৰে নগল্লে আৰু ৰক্ষা নাই দেখিছোঁ|

এই সম্পাদকবিলাকে অসমীয়া ভাষা বুলি যি ভাষাত বাতৰিকাকত লেখে সেই ভাষাক ভাষা বুলি স্বীকাৰ নকৰিলেও আকৌ দায়; তাৰ বাবেও 'ফেৰ গালি-গালাজ'| যি ভাষাৰে Love বা প্ৰেম কৰিব নোৱাৰি সেই ভাষা আকৌ ভাষা! এই বাতৰি-কাকতীয়াৰ কথা শুনি অসমীয়াৰ ভাষাৰে Love কৰিবলৈ গৈ কেইজন ভদ্ৰলোকে "পদ পল্লৱ্মুদাৰং" পাই আহি বৰবৰুৱাক কান্দি কৈছেহি তাক কাকতীয়াহঁতে নাজানে| বাস্তৱিক, অসমীয়া ভাষাৰে কৰা প্ৰেমালাপ প্ৰেমালাপেই নে গাল্যালাপেই তাৰ ঠিক কৰিব নোৱাৰি| অসমীয়া ভাষাত Love Song শুনা:-"তোমাৰ প্ৰেমত পমি গলো, যেনে পানীত লোণ"| কি ভাবৰ উদ্বেগ হেঁ! কি সুকোমল উপমা একা!! লোণ নুবুলি কলা-খাৰ, আৰু পানী নুবুলি কটা-ঘা বোলাহেঁতেন আৰু ভাবৰ মধুৰতা প্ৰকাশ পালেহেঁতেন! এনে অসভ্য ভাষাক ভাষা বুলি স্বীকাৰ নকৰা বাবে আমাৰ ভদ্ৰলোকসকলৰ, সম্পাদকসকলে পাৰিলে চকু ঘোকে আৰু ঘিলা কাঢ়ে| এনে হজুৱা বেশেৰে ভাষা নেলাগে বৰবৰুৱাৰ পিতাদেৱেক যদি বাহিৰলৈ ওলায়, আমুকাৰ বৰবৰুৱাই তেওঁক মুখেৰে মাতক ছাৰি পিতাদেৱেক বুলিয়েই কদাপিও স্বীকাৰ নকৰে| বিশেষত আমাৰ পুৰণি ভাল মানুহৰ ঘৰৰ সতি-সন্ততি শিৰফুটা শ, ষ, আৰু সক এই কাকতীয়াখনে ভাষাৰপৰা খেদি নি হাদীৰাচকি পোৱাইছেগৈ! বৰবৰুৱাই কিন্তু যি ভাষাত অৰুন্দই লেখিব, সেই ভাষা অসমীয়া ভাষাৰ প্ৰাঞ্জল সংস্কৰণ| সি অতি সাধু, অতি সংস্কৃত, অতি পৰিমাৰ্জিত, গতিকে অতি মধুৰ ভাষা| সেই ভাষাৰ চাইধাপৰ পৰা অতীজতে, ততালিকে, ৰাঙলি, সোণালী বা সোণোৱালী, নিজম এনেবিলাক শব্দ খেদি দূৰ কৰা যাব; আৰু কতিপয়, কৰ্কট মৰ্কট, জলপ্লাৱন, হস্তুধাৱন, উদ্গিৰণ, বিকিৰণ, এনেবিলাক সাধু সুৰুচিব্যঞ্জক শব্দক তাত অনুগ্ৰহ বিতৰণ, পুৰ্বক স্থান-দান কৰি ব্যাধিত কৰা যাব|

বৰবৰুৱা ডাঙৰীয়াৰ কাকত সকলোৰ হৃদয়গ্ৰাহী কৰিবৰ নিমিত্তে যিবিলাক বিষয় থাকিব আৰু যেনেৰূপে চলিব তাৰ বিবৰণ:- এই কাকত ওলোৱাৰ কোনো সময় নিৰ্দ্ধাৰিত নেথাকে; গ্ৰাহকসকলৰ সুবিধা আৰু ভাব গতি বুজি কেতিয়াবা সাত দিনত, কেতিয়াবা পোন্ধৰ দিনত, কেতিয়াবা এমাহৰ মূৰত, কেতিয়াবা বছেৰেক বা দুবছৰৰ মূৰত উদয় হব' কেতিয়াবা বা গ্ৰাহকসকলে এই কাকত বিনামূল্যে আৰু বিনা ডাক মাচুলে পাব| কাৰণ, বৰবৰুৱাই বেছ জানে যে গ্ৰাহকসকলে পঢ়িবও আকৌ পইচাও দিব, ই কেতিয়াও হবই নোৱাৰে| দুই মুনিহৰ দুটা বোজা এক মুনিহ গাহকৰ ওপৰত বৰবৰুৱাই কস্মিনকালেও নিদ্য়ে| তেওঁবিলাকক চল পায়েই ইমানকৈ টেটুত খুব দি ধৰা ডাঙৰীয়াৰ পক্ষে অসম্ভৱ| বৰবৰুৱাৰ অৰুন্দই অসমৰ সকও শ্ৰেণীৰ মানুহৰে প্ৰাপ্য, আৰু বৰবৰুৱাৰ দেয়| অসমৰ ডাঙৰীয়াসকলে এই কাকত এনেই পাব, কাৰণ ডাঙৰীয়াসকলক দেখা কৰিবলৈ গ'লে ভাৰ-ভেটী লৈ যোৱা দস্তুৰ| ধনীসকলেও এনেই পাব, কিয়নো, তেওঁবিলাকক কাকতৰ মূল্য ক্ষুদ্ৰ এটকা বা পাঁচমহা খুজি ডাঙৰীয়াই অপমান নকৰে| মানীৰ মান ডাঙৰীয়াই বুজে| উকীল মহোদয়সকলৰো কাকত শুদাই পাবৰ পূৰা অধিকাৰ, কাৰণ তেওঁবিলাকে হাড়-মূৰ ভাঙ্গি ধন খৰচ কৰি পৰীক্ষাও পাছ কৰিব, আকৌ অৰুন্দইৰো বেচ দিব, এনে অন্যায় কেতিয়াও হব নোৱাৰে| তেও যদি তোমাৰ কাকতৰ কিবা কবলগীয়া আছে, গছতলীয়া আৰু ঘৰৰ ভিতৰুৱা চাই বৰ সৰু অনুসাৰে ২ টকাৰ পৰা ||০ অনালৈকে উপৰি"বইনা" লৈ তেওঁবিলাকৰ ওচৰলৈ যাব তেতিয়া বাৰু তেওঁবিলাকে তোমাৰ কাকতত কি কি "ইশু" হ'ব পাৰে চাব| কিন্তু তোমাৰ কাকত পোনে পোনে তেওঁবিলাকৰ ওচৰলৈ নগৈ তেওঁবিলাকৰ তৰণীৰ ওচৰলৈ যোৱাটোহে বাট| চিৰদ্দাৰ, পেস্কাৰ আৰু হাকিমসকলৰ ওচৰলৈ এই কাকত ভাৰ-ভেটী স্বৰূপে ৰাতি বা সন্ধ্যা বেলিকা যাব| প্ৰভুসকলৰ শ্ৰীচৰণৰ ওচৰত কৰ স্বৰূপে সেৱা কৰি অৰুন্দই থোৱা যাব| বিশেষ গুৰুৰ ওচৰলৈ ৰিক্ত হস্তে নগন্তব্যং| মৌজাদাৰক 'ৰচত' স্বৰূপে, তহছিলদাৰক খাজনা স্বৰূপে, পণ্ডিত ব্ৰাক্ষ্মণক দক্ষিণা স্বৰূপে এই কাকত দিয়া যাব|

এই গল কাকত বিলোৱাৰ প্ৰণালী| কাকতত কি কি থাকিব সংক্ষেপে তাক কওঁ:-ইয়াত খবৰ দৰব, পানীয়ে খোৱাৰ দৰব, ফটুৱাই ফটাৰ দৰব আৰু আহুদি আদি থাকিব| বাদ-কুবাদ আৰু অতি লাগতিয়াল পৰনিন্দা বা পৰৰ সমালোচনা থাকিব| ৰংপুৰ, যোৰহাট, গুৱাহাটী আদি ডাঙৰ ডাঙৰ ঠাইৰ ভদ্ৰলোক গুণ্ডাৰ আৱশ্যকীয় খবৰ, আৰু দেৰগাঁৱৰ গানৰ বাতৰি থাকিব| উপযুক্ত আৰু বিশ্বাসী সংবাদদাতাই দিয়া বিহু-হাটৰ সংবাদ থাকিব| পুৰণি ৰংপুৰ কাৰেংঘৰ আৰু ৰংঘৰৰ কোন কোন ঠাই খানিলে ধন পাবৰ সম্ভৱ সেই কথাৰ সম্ভেদ দিয়া যাব| পূজা কৰি ধন খানি উলিয়াব পৰা আৰু নৰীয়া ভাল হবলৈ বিৰি-মাদলী দিব পৰা আৰু বন্ধ্যাদোষ গুচাব পৰা বাবাজী ফকিৰে ক'ত আহি আসন পাতিছে তাৰ বাতৰি থাকিব| ডাক ঘৰৰ বাবুৰ কাম, চাহ-বাগিছাৰ মহৰীৰ কাম, কেছাৰিঘৰৰ উমেদ্দাৰি কাম, পুলিচৰ ৰাইটৰ কনিষ্টবলৰ কাম, ৰেলৰ গাৰ্ডৰ কাম, ডাক জাহাজৰ মহৰীৰ কাম কেতিয়া খালি হয় আৰু কাক খাটিলে পায়, অতি সাৱধানে প্ৰাণপণে সেই খবৰ দিয়া যাব| ছোৱালী বিয়া দিবলৈ ভাল এন্‌টেন্‌ পঢ়া বা এন্‌টেন্‌ পাছ ল'ৰাৰ খবৰ থাকিব| অমুকৰ ঘৰত অমুকে খালে, সি কিন্তু কলিকতাত পঢ়িছিল, এতেকে তাৰ জাত আছে নে নাই তাৰ খবৰ| অমুকৰ ঘৈণীয়েকক ৰান্ধনী পাতিলে নে নাই পতা; আৰু অমুকে ঘৈণীয়েকক ৰান্ধনী নপতাকৈয়ে ঘৈণীয়েকৰ হাতে ভাত খালে, এতেকে কেই ধেনু পৰাচিত লাগিব তাৰ খবৰ, অমুকে কেছাৰিৰপৰা আহি গা নোধোৱাকৈয়ে জলপান খালে, তাৰ কেই ধেনু লাগিব তাৰ খবৰ| অমুকৰ ঘৰৰ ঘৈণীজনাৰ স্বভাৱ কেনে, আৰু তেওঁৰ জীয়েককেইজনীৰে বা কেনে তাৰ খবৰ| বৰচাহাব, ছোটচাহাব, বৰচাহাবৰ আৰ্দ্দালি, ছোটচাহাবৰ আৰ্দালিৰ খবৰ| অমুক বঙ্গালী বাবু "আইগাঁৰ" আৰু তেওঁৰ ঘৰত দিনে কেই সেৰ গাখীৰ লয় তাৰ নিৰ্ভুল খবৰ| কোন কোন কেছাৰিত কোন কোন বেন্দৰ আৰু কোন কোন টেকেলা আছে তাৰ খবৰ| আঁউসী, একাদশীৰ খবৰ| সাত-লগা আৰু শৰণ-লগাৰ খবৰ| শান্তিকৰম, শৰাধ আৰু বিয়াৰ বই-বাতৰি| চিঠিখেল আৰু পাশাখেলৰ বাতৰি| ভাৱনা, বৰসবাহ আৰু ভোজৰ বাতৰি প্ৰভৃতি অসমীয়া মানুহৰ দিনৌ লাগি থকা অতি সাৰুৱা, অতি আৱশ্যকীয়, অতি মনোহৰ কথা, মহামান্য বৰবৰুৱাই অতি পৰিশ্ৰম, অতি ব্যয়, অতি যত্ন কৰি তেওঁৰ অৰুন্দইত ঠাই দিব| এইবিলাক সুদুৰ্লভ কথাৰে তেওঁৰ কাকতত তেওঁ দেশীয়সকলৰ মনোৰঞ্জন কৰিবৰ প্ৰাণপণে চেষ্টা কৰিব|

বৰবৰুৱাৰ কাকতত কোনে লেখিব?—বৰবৰুৱাৰ কাকতত অসমৰ সকলো শ্ৰেণীৰ মানুহে সকলো কথা লিখিব| কাৰণ বাতৰি-কাকত সকলোৰে সম্পত্তি, সকলোৰে মুখ| সকলোৰে মুখত যি কথা ওলায়, সকলোৰে মুখস্বৰূপ বাতৰি কাকততো সেই কথাই থকা উচিত, নতুবা সি মুখ নহ'ল| আজিকালি সম্পাদকে কাকত উলিয়াই মুখেৰে কয়—আমাৰ কাকত দেশৰ সকলোৰে মুখপাত; কিন্তু কাৰ্যত তেওঁৰ মুখতে নিপাত| তেওঁ বা তেওঁৰ দুজন এজন বন্ধুৱে ধোঁৱা-খোৱা খাই হামিৱাৰপৰা নাকত নস্য গুড়ি উজাই হাঁচিৱালৈকে ব্ৰক্ষ্মাণ্ড-পুৰাণ গোটেইখন কাকতত লিখিব কিন্তু আনে যদি আঁউসীয়ে একাদশীয়ে কিবা এখন লাগতিয়াল লেখা সেই কাকতলৈ পঠিয়ালে তাক তেওঁ অতি সাদৰেৰে জগদ্বিখ্যাত কাকতৰ এচুকৰ পৰিৱৰ্ত্তে তেওঁৰ জগদ্বিখ্যাত ফটা কাকতৰ পাচীত স্থান দান কৰি, পঠিৱাওঁতাক চিৰবাধিত কৰে| আৰু সকলোৰে মুখপাত বুলি সকলোকে সম্পাদকে গালি পাৰে, আৰু সকলোৰে দোষ উলিয়ায়; কিন্তু এনে নাভূত নাশ্ৰুত কথা ক'ত শুনিছা, আপোনাৰ মুখে আপোনাকে নো কেতিয়াবা গালি পাৰে নে? আৰু নিজে নো কৰবাত কোনোবাই নিজৰ দোষ উলিয়ায় নে? বৰুবৰুৱাই কিন্তু গ্ৰাহকসকলক নথৈ প্ৰসংশাৰ সোঁতত উটাই দিব| আৰু গ্ৰাহকসকলৰ যদি কেতিয়াবা দৈবাত্‌ কোনো কলঙ্ক ওলায় তেন্তে তেওঁ সেই কলঙ্ক চন্দ্ৰৰ কলঙ্কেৰে সৈতে তুলনা কৰি থৈ দিব|

বৰবৰুৱাৰ কাকতত কেনে খ্যাতনামা লেখকে লেখিব তাৰ এটা বা দুটা নমুনা:--

ইত্যাদি ইত্যাদিয়ে ইত্যাদি ইত্যাদি লেখিব| মহামান্য বৰবৰুৱাই এই মহত্‍ দেশহিতকৰ কাৰ্যৰ সূত্ৰপাত কৰি ইমানতে আজিলৈ "গুড্‌বাই" কৰিলে|