SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বিষয় আৰু বিষয়া

অসম দেশৰ হাটে-বাটে, আলিয়ে-পদূলিয়ে, বনে-জঙ্ঘলে, পৰ্বতে-ভৈয়ামে, কতো এই কথা নুলিয়াবিহঁক; তিনি গাভৰুৱে গোটখাই কাষত কলহ লৈ শাৰী পাতি পানী আনিবলৈ ঘাটলৈ যাওঁতে এই কথা কোৱাকুই কৰিব নিদিবিহঁক; ডাঙৰীয়াসকলে কেচাৰিলৈ জুইয়ে জুইয়ে এধা-ফুটা ভাত এগাল হাঁহে টোপ্‌ গিলাদি গিলি গ'লে, দুপৰীয়া আস্তে-সুস্তে- দুঘণ্টামানে বহি খাই-বৈ উঠি চাৰিজনী আমোলানী বৰুৱা-ফুকননী এঘৰত থুপ্‌ থুপ্‌ কৰে গোটখাই টেঙা দিয়া ঢেকীয়া আৰু খাৰণি দিয়া পচলাৰ গুণ বখানি, গুঁই সাপৰ কণীৰ নিচিনা লানি নিছিগা বক্তৃতা কৰি, ছেদ-ভেদ নোহোৱাকৈ একেখন মুখতে পেৰ্‌ পেৰীয়া কোমল তামোল, মলমলাই যোৱা গোৰোৱা বুঢ়া তামোল, টেপাটেপে চূণ-পাণ আৰু ধপাত সুমাই, বঁটা উদঙাই দি, মাজে মাজে "আমাৰ ডাঙৰীয়াৰ" যহৰ মেল পাতোঁতে এই কথাৰ নাম-গোন্ধ উলিয়াব নিদিবিহঁক; পুৱা-গধূলি তিনিজন "ভাল মানুহ" গোটখাই যেতিয়া অমুকৰ ঘৰৰ ল'ৰাটোৱে টিকনি কাটি ঠেঙা পিন্ধিলে, অমুকৰ ঘৰৰটোৱে দীঘল চেলেই হুপি আলিবাটত ফুৰিলে, "অমুকৰ পুত্ৰই কলিকতাত বঙালৰ হাতে ভাত খাই আহি চাইটা ইংৰাজী শিকি গপতে ওফন্দি গঙ্গাটোপটো যেন হৈ আমাক তূণ হেন জ্ঞান কৰিছে-বাৰু গৰ্ব-হাৰী ভগৱন্ত আছে, ডিঙি মোকোটা-খাই পৰেহে, অমুকৰ ঘৰৰ ল'ৰাটোৱে আহি কেচাৰি ঘৰত ডাঙৰ কাম লৈ আমাৰ ওপৰত বৰ দপদপাইছে, কোন গোসাঁয়ে জানো ইয়াক দূৰ কৰি ভাল বাঙ্গালী বাবু এজন ইয়াৰ ঠাইত আনি দিয়ে" ইত্যাদি গা-জুৰ পতি যোৱা সুমিষ্ট আলাপ কৰে, তেতিয়া এই কথাৰ শুংসূত্ৰ তাত প্ৰকাশ নকৰিবিহঁক; অসমীয়া বাতৰি কাকতৰ নাগিণীয়ে দুমুখীয়া-ল'ৰা-পোৱা, নগাই এডলীয়া কচুৰ-জাল-খোৱা, গৰুৰ পেটত-শিয়াল-পোৱালি-ওপজা, আৰু ৰাতিৰাম কনিষ্টবলে ছুটি লোৱা বাতৰি থকা পিঠিত এই বাতৰি নছপাবিহঁক—যে কৃপাবৰ বৰুৱা লাহে লাহে, মনে মনে, চাৰিউফালে মানুহ-দুনুহ চাই-চিন্তি, দেশ-কাল-পাত্ৰৰ আও-ভাও বুজি, টিপতে কৃপাবৰ বৰবৰুৱা হ'ব খুজিছে| এই কথা সম্পতি ইমান গুপুতে থকা উচিত যে আনৰ কথা নকওঁৱেই আই পৃথিৱীৰো যেন ই কাণত নপৰে| কিয়নো, মোৰ আশাৰ কোমল পুলিটি বাহ শত্ৰুৱে ধৰি উভালি পেলাব| দিন পালেই ক্ষেণ পায়, ক্ষেণ পালেই দকৈ শিপাই পেলোৱা যাব; তেতিয়া কাৰ সাধ্য কৃপাবৰ বৰবৰুৱা বিষয় ভাঙ্গে? আজি চিঠি এখনৰ তলত বুজিব নোৱাৰাকৈ লেটি-পেটিকৈ চহী কৰিম, কাইলৈ 'মনিঅৰ্ডাৰ' এখনত অলপ বুজিব পৰাকৈ চহী কৰিম, পৰশুইলৈ ফট্‌-ফট্‌কৈ ভোটাতৰা জ্বলাদি জ্বলি ওলাব কৃপাবৰ বৰবৰুৱা|

হওঁতে ধৰ্মত, চাবলৈ গ'লে মোৰ বৰবৰুৱা হবৰ ষোল অনা হক আছে| 'বৰ' শব্দটো মোৰ নামৰ ভিতৰতে আছে, লোকত হাত পাতিব নলগাকৈয়েই| ঠাইতে, লাহেকৈ কৃপা শব্দটোৰ গাৰপৰা তাক পানী একণমান দি কোমলাই এৰুৱাই 'বৰুৱা' শব্দটোৰ গাত লগাই দিলেই লেঠা ছিগিব| আজি-কালি শই শই ক'ত ন বৰুৱা ফুকন পাবতে গজি 'মোক চা' 'মোক চা' কৈ পেম ধৰি ওলাইছে, তাৰ লেখ-জোখ নাই| তাওখাম্‌থী স্বৰ্গদেৱৰ দিনৰেপৰা শিৰফুটা কৃপাবৰ বৰুৱাহে, কিবা বোলেনে, বৰবৰুৱা হৈ ওলাব নোৱাৰে? কোম্পানীৰ বহাগ মহীয়া বৰষুণ পৰি, শাক-তলীয়ে, মাহ-তলীয়ে, পিৰালিয়ে, চোতালে, যত যত বৰুৱা-ফুকনৰ গুটি (মুনিয়া, কণ-গেলা পৰ্য্যন্ত) পৰি আছিল, এটাইবোৰ ভৰ্‌ভৰ্‌কৈ গজি উঠিল| যত গুটি নাছিল তাতো, বিধাতাৰ ইচ্ছাত গজিল| সদানন্দ বৰুৱাৰ জীয়েকৰ নাতিনীয়েকৰ মোমায়েক টিপাৰাম শৰ্মা, তস্য পুত্ৰ নালীয়া শৰ্মাই ইস্কুলত পঢ়ি, কেচাৰিত কাম এটা লৈয়েই নাম চহী কৰে—শ্ৰী নকুলেশ্বৰ বৰুৱা| স্বৰূপচন্দ্ৰ ভাগতী, মুক্ষেশ্বৰ ফুকনৰ জোঁৱায়েক, সেইবাবে তেওঁ লেখে—স্বৰূপচন্দ্ৰ ফুকন| কলিতাৰ ঘৰৰ ল'ৰা জুৰমন কলিতাই ধৰ্মকান্ত বৰাৰ ঘৰত লাচনি-পাঁচনি বন কৰি ভাত খায় আৰু পঢ়ে, গতিকেই তেওঁ আজিকালি লেখে—জুৰমোহন বৰবৰা| বংশীধৰ এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠি কলিকতালৈ আহিল, তেওঁৰ নামৰ পাছত মিষ্টাৰ অমুক বুলি মাতিবলৈ এটা ভাল উপাধি নাই, কি কৰে নিৰুপায়, তেওঁ মহা চিন্তাত পৰিল| অৱশেষত "আমাৰ নো নামৰ পাছত লেখিবলৈ একো এটা উপাধি বিচাৰি উলিয়াব নোৱাৰে নে?" বুলি ঘৰলৈ চিঠি লেখিলে| ঘৰৰপৰা বহুত ভাবি-চিন্তি "আপুতিয়েকে " লিখি পঠালে—"ৰুদ্ৰসিংহ স্বৰ্গদেৱে যেতিয়া মন্ত্ৰ লবলৈ পণ্ডিত ব্ৰাক্ষ্মণ বিচাৰি, অমুক খাওন্দক বঙ্গদেশলৈ পঠায়, তেতিয়া সেই খাওন্দৰ লগত আমাৰ উপৰি পুৰুষ এজন আলধৰা হৈ গৈছিল, সেই হেতুকে আমি খাওন্দ লেখিব পাওঁ|" এই চিঠি পোৱাৰপৰা বংশীধৰে তেওঁৰ নামৰ পাছত খাওন্দ-সহস্ৰনাম দিনৌ নেলেখাকৈ জলগ্ৰহণ নকৰে| যদি এটাইবোৰ এনেকুৱা মাহ-খোৱা বান্দৰেই, তেন্তে কৃপাবৰ বৰুৱায়ো নো জাতি ভাইৰ লগত দুচিৰা-এচিৰা মাহ খালে, অৰ্থাত্‌ ঈশ্বৰক চিন্তি কিবা বোলেনে সৈতে, বৰবৰুৱা হলে নো কি পাক লাগিব হেঁ?

শেহত কওঁ, যদি তহঁতে মই একে ৰাতিৰ ভিতৰতে বৰবৰুৱা হোৱা কথাত ওজৰ-আপত্তি হাই-উৰুমি নকৰ, তেন্তে নিশ্চয় বুজিবি, তহঁতে মোৰ নিচিনা পৰাক্ৰমী ডাঙৰ মানুহ এজনক আপ্যায়িত কৰি চিৰকলীয়া শলাগৰূপ শকত ফইৰে সাত হতীয়া দঁতাল হাতী বন্ধাদি বান্ধি ৰাখিব পাৰিবি, আৰু সময়মতে, কিন্তু ৰূপেসৈতে, মোৰ পিঠিত উঠি ডেকালি কৰি শহুৰৰ ঘৰলৈকো যাব পাৰিবি| দিনে ৰাতিয়ে, টানে আপদে তহঁতৰ দুখৰ বোজা ববলৈ মোৰ পিঠি সদাই সাজু থকা পাবি| ভাবি চাচোন, মোৰ নিচিনা ডাঙৰ পিঠীয়া মিতিৰ এজন পোৱা তহঁতৰ পক্ষে কম গৌৰৱৰ কথা নহয়| যদিহে কিবাস্বৰূপে তহঁতে এই কথাত মান্তি নহৈ ৰমলিয়াবলৈ ধৰ, তেনেহলে "আপোনাৰ দোষে মৰে বিৰাটৰ ভাই| ডাক দিয়ে ভীষ্মে, মোত কিছু দোষ নাই|" সকলোৰে ভেদ ভোঁহাৰি পেলাম| কোনে কোনে ন-নকৈ মিছাকৈ বৰুৱা, ফুকন, বৰা ইত্যাদি হৈছে, তাৰ এটা মই দীঘল তালিকা কৰি ৰাজ্যৰ বাতৰি কাকতত ছাপি দিম| তেতিয়া টিংখপ মাৰি ফুৰাখনেই ঘৰুৱা-পৰুৱা হাটৰুৱা-বাটৰুৱাৰ ঢকা ভুকুত তিনি টেলেঙনি খাই উফৰি বাগৰি খুন্দা-খুন্দলি খাই পাক লৈ গড়-খাৱৈত পৰিবিহঁক; আৰু এই ন-সূত লগুণৰ ভাৰ মই শুদাতে বৈছোঁ বুলি তহঁতে নিভাবিবিহঁক; মোক মনোকষ্ট দিলে তহঁত মখাকে শাও দি তহঁতৰ ধাপত তিতালাও গজাম, ভেটিত গেৰেলাৰ হতুৱাই সি কথা কৰাম| বামুণৰ খং টিকনিৰ আগতে বুলি নাজানহঁক হবলা?

সৰ্বশেহত কওঁ বোপাইহঁত, তহঁতক মই ভাইটিহঁত বুলি মাতিছোঁ, দে এইবাৰলৈ মোক বৰবৰুৱা হবলৈ এৰি; বাটত অগা-ভেটা নকৰিবিহঁক| কতই এনেই কত কি ফুকন, বৰুৱা, শইকীয়া, বৰবৰা, ঢেকী-ঠোৰা হৈ হৈ গৈছে, দুখীয়া কৃপাবৰে যদি তহঁতৰ কৃপা-বৰ পাই বৰবৰুৱা হৈ যায়, তেনেহলে সি তহঁতৰেহে গুণ গাব কুটুম!