SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কাপ আৰু কাকতৰ কথোপকথন

বৰবৰুৱাৰ বস্তু এটাইবিলাক জীয়া| ধোঁৱাখোৱা হোকাৰ পৰা সেই পনীয়াবিধ খোৱা গিলাচলৈক| কাকতে কাপে ফুফু-ফাফাকৈ কি মেলখন পাতিছে শুনা!:--

'কাকত| --কাপ কাই মুখ মেলি হাঁহি আহিছা দেখোন, খবৰ কি?--বৰবৰুৱা বৰপেটৰ ওচৰৰ পৰা আহিছা যেন পাওঁ?
কাপ--এ এৰা দেও, কিনো কবা কিনো শুনিবা, তোমাৰ বৰপেটৰ কথা দেখি হাঁহোতে হাঁহোতে পেটু-নাড়ী ছিগিছে| আজি বৰবৰুৱাৰ বাপেকৰ শৰাধ| তেওঁ কালিৰে পৰা দাড়ি-গোফ খুৰাই নখ-চখ কাটি হবিচ কৰি আছিল, আজি গা-পা ধুই শৰাধত বহাৰ আগেয়ে "মোৰ পেটটো চিকুট মাৰি ধৰিছে" বুলি গোসাঁই-ঘৰৰ পৰা ওলাই আহি দৰব খাওঁ বুলি কোঁট্‌কৰে এগিলাচ ৰাঙাপানী গিলি শৰাধত বহিলগৈ| মধুপৰ্ক আৰু ধূপৰ গোন্ধে সৈতে গোটখাই মুখৰ ভেলেকা ভেলেক গোন্ধে শৰাধ গোটেইটো মলমলাবলৈ ধৰিলে| শৰাধ কৰোৱা ভোদা পুৰোহিত বামুণে মধুপৰ্কৰ গোন্ধেই নে হেৰিয়াৰ গোন্ধ তাৰ কি তত ধৰিব? মোৰ হে দূৰৰ পৰা দেখি হাঁহি উঠিছে| পিঁড় দিবলৈ পুৰাকল বখলিয়াওঁতে হাত থৰক-বৰক "বিষ্ণু বিষ্ণু মাধৱ মাধৱো" মন্ত্ৰ মাতোঁতে মাত লৰক-ফৰক পানীচলু দিব লাগে শালগ্ৰামৰ গাত, পৰিল পুৰোহিতৰ গাত, পুৰোহিত বাপুৱে, ডাঙৰীয়াৰ, লঘোনে থকা বাবে, পিত-পানী উজাৰ খাইছে ভাবি, শৰাধৰ মন্ত্ৰ জঁপিয়াই জঁপিয়াই সংক্ষেপ কৰি মাহ-কলৰ খোল একে ঠাই কৰিবলৈ লাগি গ'ল| বুজ্‌ বুজ্‌ বুজ্‌ বুজিছানে এ--কাক্‌-কাক্‌--কাকাই?
কাকত|-তোমাৰো দেখোন মাতবোৰ কিবা লেব-লেব কৰে ওলাইছে, সেপেৰে মোৰ গা বুৰাই দিবা যেন দেখিছোঁ; আঁতৰ হোৱাঁ!
কাপ|--তুমি মোক ইমানটো অবিশ্বাস কৰা নে? ইমানটো অবিশ্বাস কৰানে? তুমি কি ভাবিছা? (চুমা খাবলৈ যায়|)
কাকত|--আঁতৰা? আঁতৰা! আঁতৰা! অবিশ্বাস বিশ্বাস কি আৰু তোমাৰ পেটতো তাৰে এটোপা কেনেবালৈ পৰিল|
কাপ|--ইমানটো অবিশ্বাস কৰা নে? বৰপেটে লৰালৰিত পেৰাটো মাৰিবলৈ পাহৰিলে, চল পাই ময়ো এটোপা| তোমাৰ আগত আৰু কি মিছা কথা কম| মই যে বৰবৰুৱাৰ বৰ কাপ|
কাকত|--আৰু কি খবৰ শৰাধৰ কোৱাঁচোন?
কাপ|--খবৰ আৰু কি, তেওঁ হুটা কোমল চাউল আৰু একনমান খাকৰুৰ সৈতে এটোপা গৰু গাখীৰৰ পানীৰে, শৰাধলৈ মতা মানুহক জলপান খুৱাই কাকো ডবল পইচা কাকো চৰতীয়া এটাকে দক্ষিণা দি বিদায় কৰি গধূলি বন্ধুবৰ অমুক বৰুৱাৰ ঘৰত (বুজিছা নহয়?) দড়ীয়া কৰিম্‌বকচ্‌ বাপুৰ হতুৱাই ৰামপাৰ হৰিপাৰ পাৰ কৰি বটলৰ গঙ্গোদকেৰে অমুক তমুক ভচুক বন্ধু বাবুসকলৰ সৈতে হবিষ্যান্ন আহাৰ কৰিহে তত পাইছে| বৰবৰুৱানীৰ গাত চেগ আছে দেই, ত'ত পুতেকৰ হতুৱাই সেই (ৰাতিসেৱাকে বোলোঁ দিয়াঁ) নিৰ্ব্বিকাৰ সভা বেৰ জুলি চোৱাই হয় নহয় ঠিক কৰাই, চৰুৰ তলৰ জাল নুমাই দুৱাৰ ডাং দি শয়ন কৰিলে| ৰাতি বাহিৰৰ পৰা বৰপেটে ভয়ে ভয়ে দুৱাৰত এখুন্দা মাৰে আৰু শোৱাপাটীত বৰবৰুৱানী বাজি উঠে, ওচৰচুবুৰীয়াৰ কাণ তাল| এওঁৰ ইফালৰ পৰা শপত-শাতি কাবৌ-কোকালি,--"হে'ৰ মোক মৰিয়াই নেমাৰিবি!" এইখন ভেকোভাৱনা চাই হাঁহি উঠি তোমাক কবলৈ মই লৰি আহিছো| হুক| বুজ্‌--বুজ্‌-বুজ্‌--বুজিছানে এ খব্--খব্‌--খবৰটো? ওৱাক!
কাকত|--দূৰ! দূৰ! দূৰ হোৱাঁ! দুৰ্গা! দুৰ্গা! বুজিছোঁ বুজিছো তুমি মোক ৰক্ষা কৰাঁ, আঁতৰ হোৱাঁ! ছি:! সৰ্ব্বনাশ কৰিলা, মোৰ গা বুৰিল! আজিলৈ যোৱা নিতাল মাৰি শুই থাকাগৈ, কাইলৈ কথা হমহঁক; তুমি মোৰ জাতি-কিষ্টা মাৰিলা বুজিছানে!"

মোৰ ঘৰতে মেল দুখন| মোৰ কাকত আৰু কাপেই মোক বিপৰ্চে চৰ্চ্চে, আনৰ কথা আৰু কি কম? এইবিলাক দেখি শুনি এই পৃথিৱী এৰি স্বৰ্গত ইন্দ্ৰৰে সৈতে সমান ভাগ কৰি ৰাজ্য লোৱাই হে শ্ৰেয়স যেন অনুমান কৰিছো| এই দুষ্ট পৃথিৱীত এনেবোৰ বন্ধু-বান্ধবকে লৈ মোৰ মোৰকৈ সাৱটি বুকুত বান্ধি আছো| পুতৌ! বিশেষ, আজি দুপৰীয়া বাৰ বজাৰ সময়ত কলি আহি ধৰ্ম্ম-ধেনুৰ চাৰিও চাণ ভাঙি থৈ গ'ল, এনেস্থলত হিংসা-ব্যাধৰ শৰক নিমিত্ত মাত্ৰ কৰি "অশ্বত্থৰ তলে উদ্ধৱে সৈতে বহি আনন্দ কৰি লৈ" পৃথিৱী এৰি যাবলৈ কাৰবাৰ কৰাই যুগুত| মই এৰি গলেই আসাম-দ্বাৰকা কিন্তু সাগৰে বুৰাই থব| বুৰাওক! যি হয় হওক! সেইবুলি মই লগত গলগ্ৰহকৈ লৈ যাব নোৱাৰোঁ| ভোদা ৰামচন্দ্ৰই তাহানি অযোধ্যা নগৰী লগত বান্ধি লৈ গৈ কিন্তু ঠগ খাইছে; বৈকুণ্ঠত এটাইবিলাকলৈ জোৰাকৈ ঘৰবাৰী প্ৰস্তুত নাছিল দেখি, ন ঘৰবাৰী নোহোৱালৈকে লগত লৈ যোৱাখনৰে সৈতে তেওঁ গছৰ তলত পৰি এপষ খৰলি খাব লগীয়াত পৰিছিল| কৃষ্ণ বুধিয়ক, কাকো নিনিলে, বৰবৰুৱাইও নিনিয়ে| আহিলোহে! বিদায়! গুড্‌বাই! চালাম-আলেগোম!