SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মোৰ জন্ম-ৰহস্য

ঘানাক-ঘুনুক শুনো বোলে মোৰ যশস্যাৰ কাকাতীফৰিঙে শদিয়াৰপৰা মানাহলৈকে, ভোটৰ-পৰ্বতৰপৰা নগা-পৰ্বতলৈকে জুৰি, আনবিলাক অসমীয়া ভাইৰ অসমীয়া খ্যাতিৰ থোক এডালো নোথোৱাকৈ উপান্ত কৰিলে| হেনো মোৰ সদ্‌নামৰ কুম্ভকৰ্ণই আঁ কৰিলে কি, লাখে লাখে, জাকে জাকে, আসামৰ গুণ-যশৰ ভালুক-বান্দৰ মুখৰ ভিতৰলৈ সোমাল কি| হেনো ডিহিঙ্গৰ পাৰৰ জাম্বৱন্ত, দিখৌৰ কাষৰ ডেকা হনুমন্ত, লুচাইৰ দাঁতিৰ মলুৱা সুষেণ, কলঙৰ কাণৰ পেটাল বিভীষণ, পূবৰ নল, পশ্চিমৰ নীলকে প্ৰমুখ্য কৰি যত যি অঙ্গদ সুগ্ৰীৱ আছিল মানে, সকলোখিনি সসৈন্যে নিজ দলবল লৈ এই মুখ-গহ্বৰত প্ৰবেশ কৰিলে| যদি এই কথা-বৃক্ষৰ শিপা আছে যদি এই জন ঘোষৰ মাক-বাপেক আছে, যদিহে এই বাতৰি সঁচা, তেন্তে কৃপাবৰ বৰুৱাই চকুচাওঁতেই এই ক্ষেণতে, এই মুহুৰ্ততে, এই দণ্ডতে, এই পলকতে, তেওঁৰ বদন-গৃহৰ জাঁপ-দুৱাৰ দুখন পেলাই দিবলৈ সাজু| ত'ত "পালা চৰাই ভাঙিবা পাখি, বঢ়া ভাত নথবা ৰাখি, শাৰীৰ পুৰুষ| "জয় কৃপাবৰ বৰুৱাকি জয়|" পূবে চোঁৱা বৰুৱাৰ যশস্যাৰ ঢৌ, পশ্চিমে চোৱা বৰুৱাৰ "খোচনামৰ" ঢৌ, উত্তৰে দৃষ্টি কৰা কেৰামত, দক্ষিণে দৃষ্টি কৰা কিবা বোলেনে মইমত, গোটেই একাৰ্ণৱ জল, গোটেই উৰ্ম্মি, খনেই তোলপাৰ, খনেই একাকাৰ, তস্য মধ্যে কৃপাৱৰং তলং ভটং তলং ভটং|

এইটো এতিয়া ফট্‌ফটীয়াকৈ প্ৰমাণ হ'ল যে এই অসম দেশৰ ভিতৰত মই নামজাত ভয়ঙ্কৰ মানুহ| এহালিচা মুখ বান্ধনিৰ পাছত এচমকা মোৰ জন্ম-ৰহস্য বৰ্ণাবলৈ অভিপ্ৰায় কৰিলোঁ কিমধিকমিতি|

শক ১৭৮০ পুহ মাহ, মৰ-আঁউসী, সন্ধ্যা লাগো লাগো হৈছে; গৰু-গাই ঘৰ চাপিছে; এটা এটাকৈ গাঁতৰপৰা উঁই পৰুৱা ওলাই ওপৰলৈ উৰিছে; সৰু সৰু চৰাইটিহঁতিয়ে পাক লৈ লৈ, পাক লৈ লৈ উৰি উৰি এটি এটিকৈ তাকে ধৰি ধৰি খাইছে; মাজে মাজে কাউৰী একোটাই ডকাইতৰ দৰে আহি মহা পৰাক্ৰম দেখুৱাই সৰু চৰাইবিলাকৰ মাজত সোমাই কপ্‌ কপ্‌ কৰে গোটাচেৰেক উঁই পৰুৱা খাই লৰ মাৰিছে; নিয়তীয়ে আমগছৰ ডালত পৰি 'নিওঁ' 'নিওঁ' কৰিছে; ঘৰৰ ভিতৰত চিতৰা-পখৰা বোন্দা মহে কোনকোননি লগাইছে; সৰু সৰু ল'ৰাবিলাকৰ কোনোটোৱে পেন্‌পেনাইছে, কোনোটোৱে কেন্‌কেনাইছে; চুক-ভুকুলীবোৰে চুকৰপৰা ওলাই বাটে-পথে জঁপিয়াই জঁপিয়াই অগা-ডেৱাকৈ ফুৰিছে আৰু মানুহৰ ভৰিৰ ওপৰত পৰি ততালিকে তাতে অসভ্যতা কৰি ক্ষুদ্ৰবিধ কাৰ্য্য সমাপি লৰ মাৰিছে; দুৱাৰ-চুকৰ বোৱাৰীয়ে কেঁচুৱা কোলাত লৈ কুনকুনাই নাম গাইছে; বাৰীৰ চুকত শিয়াল-শিয়ালীয়ে সপৰিবাৰে লগ লাগি গল মেলি মনৰ সুখে সুৰ ধৰি ধৰি হোৱা দি কোঢ়াল-প্ৰসঙ্গ পাতিছে| মুঠতে ক'বলৈ গ'লে ঘৰখনত এক প্ৰকাৰ গোলমালৰ ৰোল উঠিছে| এনে সময়তে মোৰ এই ভূমণ্ডলত আবিৰ্ভাৱ| কলাপাতত পৰিয়েই যে মোৰ খং এটা উঠিল, তাক কথাৰে-প্ৰকাশ কৰিব নোৱাৰি, অনুভৱ কৰিলেহে বুজিব পাৰি| তেনে খং সেইটোৰ বাহিৰে আৰু এটা মোৰ আজিলৈকে উঠা নাই, আগলৈ কি হয় ভগৱন্ত-বস্তুৱেহে কব পাৰে| মই মানুহটো গোটেইটো ৰঙা পৰি সেন্দুৰ যেন হ'লো; মোৰ শিৰৰ ভিতৰৰ তেজবোৰ, জুইৰ ওপৰৰ চৰুত আৰৈ চাউলৰ ভাত উতলাদি বক্‌ বক্‌কৈ উতলিবলৈ ধৰিলে; হাত ভৰিবোৰ বেঙে-মূতা গৰু কঁপাদি কঁপিছিল| এতিয়াৰ দৰে তেতিয়া মোৰ দাঁত থকাহেঁতেন কামোৰত কেউটা চূচূৰ্মৈ হ'লহেঁতেন| কিন্তু ভাবিলো যে প্ৰথমতে ন মানুহে ইমানটো খং কৰি লোকক দেখুৱ যুগুত নহয়; কিয়নো, তেনেহ'লে চন্দ্ৰ-দিবাকৰ থাকে মানে এই পৃথিৱীত খঙাল বুলি মোৰ এটা অখ্যাতি থকিব| ইয়াকে বিমৰিষ কৰি ততালিকে মই খংটো সামৰিলো| মই জমদগ্নি হোৱাৰ ১ম কাৰণ- চাৰিউফালে হাই-উৰিমি আৰু কোঢ়ালত মোৰ মূৰ কামুৰি গৈছিল| আৰু মই হেন এজন লোকৰ পৃথিৱীলৈ শুভাগমন, -ক'ত কেচু-কুমটি আৰু গছৰ পাতটি পৰ্য্যন্ত নিচুক হৈ তবধ লাগি থাকিবনে নাই, এটাইবিলাকে গোটখাই এখন বিহু-হাট পাতিছে| ২য় কাৰণ- কলাপাতখন চেঁচা, মোক জাৰে সেৰেলা কৰিলে| অশৌচীয়া ঘৰৰ তিৰোতাবিলাক ইমান এলাবাদু এলাইজাবৰী আৰু গোটগৰু যে, সিহঁতৰ এইফেৰা বিবেচনা নাই যে, চেঁচা কলাপাতত শুই কৃপাবৰ বৰুৱাৰ "ঠাণ্ডা" লাগি "নিউমনিয়া" "ব্ৰঙ্কাইটিজ" অৰ্থাত্‌ কফ-জ্বৰ আদি সাঙ্ঘাতিক নৰীয়াবিলাক হৈ তেওঁ উদয়তে অস্ত যাব পাৰে| ৩য় কাৰণ- তেতিয়ালৈকে মোৰ ওচৰত তুঁহজুই একুৰাও ধৰিবৰ দিহা হোৱা নাই| মোৰ খংটোৰ জোখাই তেতিয়া গাত বলটো থকাহেঁতেন বিশ্চয় সেই অকামিলা তিৰোতা কেইজনীক ধৰি একোটা থিয়কিল লগাই নগাত বেচিলোহেঁতেন|

এই গল মোৰ সংক্ষেপ জন্ম-বৃত্তান্ত| তাৰ পাছত মোৰ নাম সোঁৱৰণীত বহিল কৃপাবৰ, আয়ে মাতিলে কিৰিপ্‌ বুলি, পিতাদেৱে মাতিলে কৃপা বুলি, ওচৰ-চুবুৰীয়াই মাতিলে কেৰ্পাই বুলি| বুঢ়া দেউৱে গণি-পঢ়ি চাই মোৰ গাত ভালেমান ৰাজল্ক্ষণ থকাটো পালে; আৰু তেওঁ ক'লে এইবিলাকৰ ফলস্বৰূপে মই হেনো ডাঙৰ হ'লে "কেলপ্‌তৰু চিৰদ্দাৰ" হৈ ৰাইজ খাম, আৰু চাউল জগতে খাব| কিন্তু আমাৰ ঘৰৰ বুঢ়া লগুৱাটোৱে হ'লে এই কথা সমূলি পতিয়াব নোৱাৰিছিল| তাৰ বিশ্বাস মই আগলৈ হিড়িম্বেশ্বৰ মৌজাদাৰৰ মৌজাৰ সমান এটা মৌজা খাবলৈ পাম| কিন্তু লোকে যি কওক নকওক, পিতাদেৱে হ'লে নিশ্চয় কৰি থৈছিল যে মই আগলৈ বেজৰ বিদ্যা শিকি এজন বৰ ভাল বেজ হম; কিয়নো মই উপজিবৰ আগৰাতি তেওঁ সমাজিক দেখিছিল, তেওঁৰ ঘৰত হেনো এজন ভাল বেজ উপজিছে| মোৰ ভৱিষ্যত জীৱনৰ সম্পৰ্কে এই তিনিজন মানুহৰ গাইপতি এনে বিভিন্ন বিশ্বাস হোৱাৰ কি কাৰণ ঠিক কৈ কব নোৱাৰোঁ; কিন্তু এনে অনুমান কৰোঁ-

(১) সেই সময়ৰ কলেক্টৰী চিৰস্তাদাৰেৰে সৈতে বুঢ়া দেউৰ অলপ মনান্তৰ হোৱাত তেওঁক চিৰস্তাদাৰ ডাঙৰীয়াই কাজ-কৰম শৰাধ-বিধি একোতে নলগাইছিল; ইপিনে ডাহৰীয়াৰ ঘৰলৈ ভাৰ-ভেঁটি সাতৰ পানী বোৱাদি বৈছিল; দিনটোৰ ভিতৰত নো ত'ত কেইটা মৌজাদাৰৰ আগ পচাব, কেইপোলা মৌজাদাৰ কাটি চেপি ৰস উলিয়াই ডাবৰি কৰি এৰিব, তাৰ আদি অন্ত নাই ; তাতে ত'ত বৰ চাহাবৰ খাটনিয়াৰ, চিৰদ্দাৰণীৰ দাঁতত ভাত এটা লাগিলেও সি "খোদাবান্দাৰ" কাণত উঠেগৈ; গতিকে ভেঁটী ব্ৰক্ষ্মপুত্ৰৰ সোঁতা ভগাদি ভাগি আহি যে ডাঙৰীয়াৰ ঘৰত এটা নপৰিব তাৰ কি মানে আছে? দিনে দিনে ডাঙৰীয়াৰ ঘৰত এটা নহয় এটা বামুণীয়া কাম লাগি আছেই; সাতে-পাঁচে বুঢ়া দেউৰ দিনে-ৰাতিয়ে এই চিন্তা, কেনেকৈ তেওঁৰে বন্ধুতা থকা মনুহ এঘৰলৈ এই বিষয়খন আহে|

(২) আমাৰ লগুৱাটোৰ ঘৰ হিড়িম্বেশ্বৰ মৌজাদাৰ মৌজাত| মৌজাদাৰ সিহঁতৰ ওপৰত উঠি-ৰজা, বহি-ৰজা| চেপি-খুন্দি দাঁড়িঢুঁহি দুখীয়া প্ৰজাৰ পৰা নানা উপায়েৰে আনি ( যাথা:-পোৰ বিয়া, জীৰ বিয়া, আইৰ কৰম, বোপাইৰ কৰম, ভকতক চাউল খুউৱা, বৰ সবাহ পতা, হুজুৰ আৰু হুজুৰৰ কালফুৰা-সফুৰাক ৰচদ যোগোৱা ইত্যাদি| পেট পূৰ, পেৰ পূৰ আৰু ভঁড়াল পূৰ কৰাই তেওঁৰ কাম| গতিকে বুঢ়া লগুৱাই বৰুৱা মৌজাদাৰজন পালে স্বৰ্গ ঢুকি পায়|

(৩) পিতাদেৱৰ সদাই কঁকালত বিষৰ ব্যাধি আছিল| তেওঁৰ পক্ষে টান টান তিনটা কথা টান| বেজবৰুৱাৰ ঘৰলৈ ঘনে ঘনে শুদা হাতে যোৱাও টান, টকা-কড়ি-পাই-পইচা লৈ যোৱাও টান, নগৈ নৰীয়াত পৰি থকাও টান| তাতে আকৌ বেজবৰুৱাৰে সৈতে তেওঁৰ বৰ ভাল নাই| গতিকে তেওঁৰ চিন্তা, কেনেকৈ ঘৰতে বেজবৰুৱা এজন পাওঁ| কিন্তু দুখৰ বিষয় কাৰো আশা পূৰ নহ'ল| মই বেজো হ'ব নোৱাৰিলোঁ, মৌজাদাৰো হ'ব নোৱাৰিলোঁ, "কেলেপ্‌ তৰু চিৰদ্দাৰো" মোৰ কপালত নঘটিল| কিন্তু কিনু হ'লো, তাক লাহে লাহে "বেকতে কহিম"|