SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
প্ৰত্নতত্ত্ব

আজিকালি লেখাপঢ়াৰ পোহৰ পোৱা বুঢ়া ডেকা সকলোৰে ৰাজহুৱা বেজাৰ—ভাতৰবৰ্ষৰ পতিয়াব পৰা পুৰণি বুৰঞ্জী নাই| এই বেজাৰৰ ধ্বনিয়ে চুকৰ বোৱাৰী আসামকো পাইছেগৈ| লেখকে লেখিবলৈ কাপ তুলিয়েই টভক মাৰিব, পাঠকে শাৰীয়ে পতি হুমুনিয়াহ পেলাব, কথকে মুখ মেলিলেই হামিয়াই হেকতিয়াই বিননি ধৰিব, "অসমৰ পুৰাতন কাৰ্যকলাপ, ইতিহাস, আৰু ঘটনাৱলী অনন্ত কাল-সমুদ্ৰৰ গৰ্ভত|" (হয়! তাৰে কিছুমান তোমাৰ-আমাৰ গৰ্ভতো, তুমি গমহে পোৱা নাই!) কলপতৰু বৃক্ষই "মাগন্তা জনকহে ফলদান" দিয়ে| কামধেনুক খীৰালেহে গাখীৰ পোৱা যায়| আগো নাই গুৰিও নাই, টিকাত চপৰিয়াই দেও দি ধিতিঙালিকৈ ফুৰি কামত বেলিকা মূৰ খজুৱাই খজুৱাই তিন দিনৰ বাটৰপৰা ৰিঙিয়াব,--"বুৰঞ্জী নাই" "ইতিহাস নাই" "একো নাই"| (কেবল মাথোন আছে তেৱেঁইহে)| চকু-মুদা মানুহৰ পক্ষে একো নাই| ৰজাও নাই, প্ৰজাও নাই, সত্ৰও নাই, সভাও নাই, বামুণো নাই, লগুণো নাই| থকালৈ এটাইবোৰ আছ| আমাৰ হলে এই জাতি মানুহলৈ অলপো কৃপা নাই, যৰে মানুহ ততে চিঞৰি-বাখৰি মৰক, আমি চকু মেলিয়েই নেচাওঁ| সঁচা কথা কবলৈ গলে আমিও আগেয়ে এনেবিলাক লেখক পাঠক আৰু কথকৰ শাৰীত কল ঠহুৰাৰ কঠ পাৰি বহি শাৰী পূৰাইছিলো| সম্প্ৰতি আমাৰ নাম তেনেলোকৰ শাৰীৰ পৰা "খাৰিজ"| কৃপাবৰ বৰবৰুৱা আগেয়ে এক, এতিয়া এক| এতিয়াৰপৰা তেওঁ ওপৰত কোৱা ভকতসকললৈ আৰু উভতি নেচায়, বৰং তেনে ধিতিঙা বংদি খোৱা, ডিঙিত ভৰি দি পলোৱা, তৰ্‌চেঙেলী, উতনুৱা লোকক চল পালেই এপোটোকা দিবহে| সি যেই কি বা নহওক, এতিয়া আমি পুৰণিতত্ত্বৰ অৰ্থে অসমীয়া ভাষাত লেখা পুৰণি পুথি বিচাৰি ধোঁৱা-চাং পাত পাত কৰিছোঁ| এলান্ধুৰে চৰু ছোৱা তেওঁ (কোন? শিয়াল?) যেন হৈছোঁ| তেও আমি শুদাই এৰা ভকত নহয়; আসামৰ ধোঁৱা-চাং এখনো বাকী নাৰাখোঁ; সোধ পোছ নাই আৰু ধোঁৱা চাঙত উঠিম 'খানা তালাচ' কৰিম| সম্প্ৰতি আমি এখন পুথি পাইছোঁ| পুথিখন হীৰাৰ খণি বুলিলেও হানি নাই| তাত বিস্তৰ সামাজিক, নৈতিক, ৰাজনৈতিক, বৈষয়িক, বৈদিক, সাত্বিক, সাজসিক, তামসিক, ইহলৌকিক, পাৰলৌকিক, কৈষিক, ঐষিক, মৌষিক, পৈতৃক, মৈতৃক, ভৌতিক আদি কথা আছে| তাত পুৰণিতত্বৰ, আঘোণ-পুহ মহীয়া পথাৰৰ শালিধানৰ পক উঠাদি পক উঠি আছে; মুথেই দাবাঁ, ডাঙৰি বান্ধিবা আৰু কঢ়িয়াবা| মই সেই প্ৰত্নতত্বৰ ডাঙৰি এটাৰ এঠোকেৰে আজি আলহী সুধিম বুলি মনোগত কৰিছোঁ| শেহত আমাৰ আলহী ভকত-সকলক এটি কথা কৈ থওঁ; এই বাৰ লতা পাই আকৌ মোৰ ওচৰলৈ তেওঁলোক আহিলে, 'বতৰাটি শুনি যাব, আৰু ঢেকী-ঠোৰাটি লৈ যাব' লাগিব| শুনক—

"জৈমিনীয়ে ধৰ্মপক্ষীক প্ৰশ্ন কৰে—'হে পক্ষীপুঙ্গৱ! হে মহাত্মা! আপুনি পৰম কৃপা প্ৰদৰ্শন কৰি অনেক অমূল্য অমৃতোপম পুণ্য আখ্যান মোক শ্ৰৱণ কৰালে| এনে পবিত্ৰ বাক্যামৃত পন কৰি মোৰ তৃপ্তি পলোৱা দূৰত থাওক ক্ষুধাহে বাঢ়িছে| সম্প্ৰতি মোৰ আৰু এটি কথা শুনিবৰ ইচ্ছা হৈছে—চুলি, দাড়ি আৰু গোফৰ উত্পত্তি কি? আৰু কেনেকৈ মনুষ্যৰ সৰ্বশ্ৰেষ্ঠ অঙ্গ মস্তকত সিহঁতৰ ঠাই হল| সিহঁতৰ ভূত-ভৱিষ্যত-বৰ্তমান অৱস্থায়েই বা কি? বৰ্ণনা কৰি মোক অনুগ্ৰহ প্ৰকাশ কৰক|

ধৰ্মপক্ষীয়ে কয়—হে মহাভাগ! হে ঋষৰ্ষভ! হে অনঘ! আপুনি মোত সাধু কথা প্ৰশ্ন কৰিছে| আপোনাৰ নিচিনা মহন্তৰ এনে প্ৰশ্ন পৰম শোভন হৈছে| 'ইটো কথা পৰম গুপুত'| যাকে তাকে 'কহিবাক নুহিকে যুগুত'| পূৰ্বত বিৰিঞ্চিক নাৰদে এই কথা পুচিছিল| নাৰদত হন্তে মোৰ কৰ্ণগোচৰ হল| আজি আপুনি হেন মহাভাগত এই কথা সংক্ষেপে বেকত কৰিবলৈ পালোঁ, আহা! মোৰ কি ভাগ্য! সাৱধানে কৰ্ণ ভৰি শ্ৰৱণ কৰক--

"সৃষ্টিকৰ্তা হিৰণ্যগৰ্ভ প্ৰজাপতিয়ে একদিনাপ্ৰতি পৌষ মাসৰ প্ৰভাত কালত শীতৰ দ্বাৰাই প্ৰপীড়িত হৈ কাৰ্য্যালয়ক প্ৰতি গতি নকৰি স্ব শয্যাত উপবেশণ কৰি এটা মনুষ্যৰ মস্তক আনি ললাট-লিখন কাৰ্য সম্পন্ন কৰিছিল| হস্তস্থিত কাপ মৈলামস্থিত মহীত স্নান কৰোৱা মাত্ৰকতে বাত্যাহত কদলিপত্ৰবত্‌ অকস্মাত হস্তকম্প উপস্থিত হৈ অধোমুখ হোৱা মহ্যাধাৰৰপৰা কল-কল নিনাদে মহী বিনিগৰ্ত হৈ সমস্ত গাৰু আৰু মনুষ্যমস্তক সিক্ত কৰি পেলালে| তদীয় গাৰুশ্ৰেষ্ঠত স্থানবিশেষে শীৰ্ণতাদি দোষ আচিল; তত্‌ তত্‌ ছিদ্ৰ দ্বাৰাই তুলা নিৰ্গত হৈ থকা হেতু সেই মনুষ্য-মুণ্ডৰ স্থানে স্থানে সংযোজিত হল| মস্তকসংযোজিত সমূহ চুলি, গালত আৰু ওঠত সংযুক্ত হোৱা সমূহ দাড়ি আৰু গোফ নামে ক্ষাত হল| কোকিল-মত্‌‍স-দণ্ডস্য লক্ষণং বিদ্যতে ইতি দাড়ি| চলতি বায়ুভৰেণ ইতি চুলি| গো ফলত্যত্ৰ গোফ: ইতি দুগ্ধৰোধ: অৰ্থাত্‌ ককিলা মত্‌স্যৰ দাঁড়ৰ লক্ষণ ইয়াত বিদ্যমান দেখি দাই; বায়ুৰ কোবত লৰে দেখি চুলি, আৰু বেদৰ ফল ইয়াত ফলে দেখি গোফ বুলি দুগ্ধবোধ ব্যাকৰণে উক্তি কৰিছে| হে মাহাভাগ! দাড়ি গোফ আৰু চুলিৰ এৱম্প্ৰকাৰে সৃষ্টি হল| এই সমূহ বৰ্তমান যুগত সাধুচৰিত্ৰ পবিত্ৰহৃদয় ধীমান মহন্তসকলৰ দ্বাৰাই কিৰূপে ব্যৱহৃত হৈছে সি ভৱাদৃশ মহৰ্ষিৰ অবিদিত নাই| ভৱিষ্যতে এইসকলৰ কিৰূপ ব্যৱহাৰ হব তাক পূৰ্বে মই ভৱিষ্যপুৰাণত কলিযুগৰ ধৰ্ম কথনোপলক্ষে ব্যাখান কৰিছোঁ| সম্প্ৰতি ভৱদীয় আনন্দ বৰ্দ্ধনাৰ্থে উক্ত পুৰাণৰ্পৰা বাক্য উদ্ধাৰ কৰি ব্যক্ত কৰোঁ|

পাঠক! আপোনাক এইখিনিতে এটি কওঁ| ধৰ্মপক্ষীৰ ভবিষ্য পুৰাণৰপৰা উদ্ধাৰ কৰি কোৱা কথাৰ ভাষা ইমান কেৰ্‌ কেৰীয়া যে তাৰ অৰ্থ অৱগাহ কৰোঁতে মই হেন পণ্ডিতৰে 'গোৰ ঘামে যাই বহি' হৈছে, আৰু 'ইতৰস্য কা কথা'| সেই দেখি তাক ভাঙি পিঠাগুড়ি যেনকৈ তলত দিলোঁ, এৱাঁগাখী এটুপি আৰু গুড় অলপমান খৰচ কৰি সানি খাব| ঢোদৰপছলা হৈ বহি থাকিলে নহয় মই সানি পিটিকি নিজে খাইও দিব নোৱাৰোঁ|

"কলিত দাড়ি গোফ আৰু চুলিৰ বৰ আদৰ হব| ফকিৰ, ফকৰা, বৰাগী, ব্ৰক্ষ্মচাৰী সকলোৱে ইয়াক পিন্ধিব| চুলিয়ে ফকিৰৰ মূৰত মোহনী ভাঙৰ কলি যেন হৈ , দাড়িয়ে ব্ৰক্ষ্মচাৰীৰ গালত মকৰাৰ জালৰ নিচিনা হৈ, আৰু গোফে সোণাৰিৰ মুখত মহৰ শিং যেন হৈ শোভা কৰিব| ভাৰতবৰ্ষৰ উত্তৰ-পূব ফালে কামপীঠ বা কামৰূপ বা আসাম নামে প্ৰদেশ আৰু উত্‌কলত চুলিৰ বৰ প্ৰভাৱ হব| তিৰোতা, মতা সকলোৱে মেলি দিলে কলাফুলত পৰা চুলি বৰ ভাল পাব| মতাই সেই চুলি মূৰত জখলাখুপীয়াকৈ লৈ উধানটি যেন কৰি বান্ধি থব| জাপীৰ টুপটিক যেনেকৈ বাওটোৱে চাৰিওফালে বেঢ়ি থাকে, সেই উধানটিকো পাহকতা চুটি চুলিয়ে চাৰিওফালে বেঢ়ি থাকিব| ইয়াৰ পিছত লাহে লাহে কলিযুগৰ শেহলৈ সেই দেশৰ ডেকাসকলে উধানটি বেয়া পাই খহাবৰ ইচ্ছা কৰিব; আৰু ক্খোপাবিলাকো সমান কৰিবৰ অভিলাষ কৰিব| উধনীয়া বুঢ়া-সকলে ইয়াৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধি সাজু হব| দুই দলৰ ভিতৰত তুমুল ৰণ হব| উভয় ফালেৰে ৰথী-মহাৰথী সেই দুৰ্ঘোৰ সংগ্ৰামত ভালেমান পৰিব| শেহত দুই দলৰ ভিতৰত সন্ধি স্থাপিত হৈ তাৰ ফলস্বৰূপে ডেকাসকলৰ মূৰৰ উধান খহি তাৰ ঠাই লালুকীৰ নেগুৰ যেন একোডালি হব আৰু সি টিকনি নাম পাব| খোপ সমান হৈ মূৰ বুঢ়া ভালুকৰ টিকা যেন হব| লালুকীৰ ঠেং গজি জপিয়াই বামলৈ উঠিলে যেনেকৈ নেগুৰডাল ছিগি পৰে, সেই ডেকাসকলৰো তাগ বল শক্তি হৈ বুঢ়াসকলৰ লগৰ পৰা জপিয়াই আঁতৰ হলেই টিকনি সৰি পৰিব| দাড়ি আৰু গোঁফ গোসাঁই মহন্ত আৰু ভকতসকলৰ চকুৰ কুটা, দাঁতৰ শাল হব| আঢ়ৈহতীয়া দীঘল চুলিতহে তেওঁবিলাকৰ মৰম সোপাই সোমাব| দাঁড়ত গামোছা মেলাদি মূৰত চুলি মেলি থোৱাটো বৰ ধুনীয়া কথা বুলি তেওঁলোকে ভাবিব| চেঙেলী টোপোৱা বৰশীৰ আগত বৰল টোপে যেনে শোভা কৰ, সেই মেলি-দিয়া চুলিৰ আগৰ মৰাশাকৰ জুৰ যেন সৰু গাঠি এটাই তেওঁবিলাকৰ পুঠিত পৰি তেনে শোভা বৰ্দ্ধন কৰিব; যি তেনে শোভাৰ পক্ষপাতী নহব সি "ক্ৰাইষ্টাইন" বা বাবু নাম পাব| দাড়ি-গোঁফ তেওঁবিলাকৰ মুখৰ পৰা পলাই পত্ৰং দি ভাৱনাৰ মুখাৰ 'শৰণে পশিব'| কিন্তু লাহে লাহে সেই যুগৰ উঠি অহা ডেকাসকলে দাড়ি গোঁফক অভয়দান দি নিজৰ গালে মুখত তুলি লব|

"হে মহাভাগ! ভৱদীয় আনন্দ বৰ্দ্ধনাৰ্থে আজি সংক্ষেপে এই পৰম ৰহস্য কথা ব্যক্ত কৰিলো| ইয়াক শ্ৰৱণ মাত্ৰকে অন্ধই চক্ষু পায়, বন্ধাই সন্তান লাভ কৰে, নিৰ্ধনীৰ ধন হয়, ছাকোলাই ডেও দি পৰ্বত পাৰ হব পাৰে| (বিশ্ববিদ্যালয়ৰ পৰীক্ষা পাছ কৰিব পাৰিনে?)

এই গ'ল প্ৰত্নতত্ত্বৰ কথা| এতিয়া আমি এই বিষয়ে আমাৰ নিজৰ সুদীৰ্ঘ, সুশ্ৰাব্য, সুকোমল, মনোহৰ, বক্তৃতা গোটাচেৰেক কৰি পাঠক আৰু পাঠিকাৰ মন চুৰি কৰি লৈ পলাই ফাঁট মাৰিম|

১ম বক্তৃতা—বিলাতৰ বিখ্যাত প্ৰত্নতত্ত্ববিদ্‌ পণ্ডিত অধ্যাপক দ্ৰম্‌(ঢোল) চাহাবে মোলৈ লিখিছে—প্ৰত্নতত্ত্বৰ বিষয়ে আপোনাৰ অমানুষিক অধ্যৱসায়ৰ কথা শুনি আমি পৰম আনন্দিত হৈছোঁ| এই মহত্‌ কাৰ্যৰ বাবে আপোনাক "ঠেঙ্কিউ" দিবলৈ বিলাতত আমি এখন ৰাক্ষস (Monster) সভা পাতি আপোনাৰ স্বাস্থ্য পি খালোঁহক|

২য় বক্তৃতা—বনগাঁৱত, হগ চাহাবে লেখা সাঁচিপতীয়া পুথি এখন পুখুৰী খানোতে ওলাইছে, তাত দাড়ি-গোঁফ চুলি আৰু কৃপাবৰ বৰুৱাক নথৈ শলাগিছে|

৩য় বক্তৃতা—তিতাবৰ মৌজাৰ গুফীয়াগোহাঁয়ে জুলীয়া পিথাগুড়ি এবাটি পি খাই, পাহৰি মুখ নোধোৱাকৈ এটা বৰ সবাহত গৈ বহিছিল; পাছে পাতল ডেকা লৰা এমখাই তেওঁৰ মুখলৈ চাই গিৰ্জনি মাৰি হাঁহি দিলত গোহাঁই দেউৱে খং কৈ সবাহৰপৰা একে চাটিয়েই উঠি আহি ঘৰত দাপোণত মুখ চাই ঘৈণীয়েকৰ পিঠিত চোৰাত মেলিলে|

৪স্থ বক্তৃতা—হব খোজা কন্যা এজনীয়ে হব খোজা দৰা এজনক বাৰৰ জলঙাইদি জুমি চাই দাড়িয়ে গোফে ভোবোকাৰ দেখিতেওঁলৈ বিয়া নোসোমাওঁ বুলি জাননী দিছে|

৫ম বক্তৃতা—পিকিন নগৰৰপৰা ফু-ফু চাহাবে মোলৈ বুধি সুধি পঠিয়াইছে বোলে, সেই নগৰৰ কোনো ফটো গ্ৰাফাৰে তেওঁৰ মুখত দীঘল দাড়ি থকা বাবে তেওঁৰ ছবি নোতোলে| ইফালে তেওঁৰ মেমে দঢ়াই দঢ়াই তেওঁৰ ছবি খুজি পঠিয়াইছে| দাড়ি-গোঁফ খুৰাই ছবি কৰাবলৈকো মেমে চিনি নেপাব, গতিকে চাহাব মহা মস্কিলত পৰিছে! ময়ো বিবুদ্ধি|

৬ষ্ঠ বক্তৃতা—জাৰ্মেনীৰপৰা পেটতে হাত-ভৰি লুকুৱা বাতৰি আহিছে—তাৰ গুচৰীয়া-পদকীয়াবিলাকে ষড়যন্ত্ৰ কৰিছে, দড়ীয়া উকীলক কোনো গোচৰতে উকীল নধৰোঁহক বুলি!

৭ম বক্তৃতা—আমেৰিকাত এফ্‌ হালোৱা নামে পকা বৈজ্ঞানিক পণ্ডিত এজনে ২০ বছৰ ভাবি ভাবি ঠিক কৰিছে, বোলে বৈজ্ঞানিকৰূপে খুৰেৰে মানুহৰ মূৰটো দকচি তাত সাৰ-জাবৰ দিলে খাগৰি একোডাল যেন শকত হৈ চুলি গজিব| আৰু কৈছে—দড়ীয়া মানুহে সকলো খোৱা বস্তুতে গাইমুৱা মানুহতকৈ বেছি সোৱাদ পায়|

৮ম বক্তৃতা—বষ্টন নগৰত ৩০০ গাভৰু গোটখাই "দাড়ি নিবাৰণী" সভা স্থাপন কৰি বক্তৃতা দি, আন্দোলন কৰি, তল ওপৰ লগাইছে, যে তেওঁবিলাকৰ ভিতৰত যাৰ দড়ীয়া গিৰিয়েক আছে তেওঁৰ স্বামীক হয় নিদড়ীয়া কৰিব, নহয় "তালাক" দিব আৰু বিয়া নোহোৱাসকলে দড়ীয়া মানুহলৈ বিয়া নোসোমায়! (ইহঁতৰ তাপত দেশ এৰিব লগাত পৰিলো দেখিছোঁ!) ইতি--