SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
সমাজিক

উস্‌ কি ভয়ানক সমাজিক! সাত শতুৰুৱেও যেন এনে সমাজিক নেদেখে| এনে সপোনৰাৱণে নেদেখক, অঘাসুৰে নেদেখক, বঘাসুৰে নেদেখক, আন কি এনে বিধৰ সপোন কৃপাবৰ বৰবৰুৱালৈ যি সাত পুৰুষৰপৰা ভৰিত বেত বান্ধি আহিছে, যেন তাৰ কপালতো নঘটক! কিৰিপৰ যি শ্ৰী সহিব নোৱাৰে, কিৰিপ যাৰ চকুৰ কুটা, দাঁতৰ শাল, "কিৰিপৰ নামে যিতো জুইতো নেদে খেৰ", কিৰিপলৈ যাৰ হাতত সদাই দুহতীয়া খাপৰ, মুঠতে, কৃপাচাৰ্য্যৰ গোন্ধ পালে যি নাক কোঁচাই তিনি দেও মাৰে, এনে অজীণ-পাতকীৰো যেন এনে সমাজিকেৰে সৈতে কোনো জন্মত, কোনো পুৰুষত, কোনো কালত, কোনো ক্ষেণত, ভেটাভেটি নহওক| এই সমাজিক শুনিব পৰা, শুনি ভাবিব পৰা, ভাবি চৰ্চিব পৰা আৰু তাৰ খুন্দা সহিব পৰা লোক এই অসম দেশত নাই| গতিকেই বৰবৰুৱাই তাক কাৰো আগত কবলৈ 'ৰাজি' নহয়| কিন্তু এনে একুৰা ধম্‌ধমীয়া জুই তেওঁৰ বুকুৰ ভিতৰত তেওঁ কেতিয়াও সুমাই থব নোৱাৰে দেখি বৈজ্ঞানিক উপায়েৰে তাক তাৰ পৰা উলিয়াই এই জুই-শলি বা জিয়াচলিত সুমাই থবলৈ তেওঁ বাধ্য হ'ল; অৰ্থাত্‌ তাক লেখি তেওঁ তেওঁৰ এই কাকতৰ টোপোলাত সুমাই থলে ইতি গুঢ়াৰ্থ:|

সমাজিক--গ'ল ৰাতি আতোলা কানি-পাণৰ টিকিৰা দস্তুৰমতে পুৰি জঁটীয়া মোহনী ভাঙৰ কলি এটি এঠা যেন কৈ মলি চিলিমত ভৰাই লৈ মনৰ সুখেৰে এহোপা মাৰিছোঁ, এনেতে, ক'ৰপৰা কব নোৱাৰো, "কৃষ্ণবৰ্ণ কায়, দেখি ধাতু যায়, হাতত লোহাৰ ডাঙ্গ| হাতে পাশ জৰি, চকু টেৰ কৰি, থুলন্তৰ তাৰ জাঙ্গ|' এনে এটা ভয়ঙ্কৰ মানুহ আগতে থিয় হলহি| তাৰ মুৰ্তি দেখিয়েই মোৰ চুৰ্তি হেৰাল, হাতৰপৰা ভাঙৰ চিলিম সৰি পৰিল, 'সৰুবিধ' পালে আৰু মুখ কড়াই খোলা যেন হ'ল| লাহেকৈ থৰক্‌বৰক্‌কৈ উঠিলোঁকি, সি থাপ্‌ মাৰি মোৰ হাতত ধৰি বোলে, "ক'লৈ যাতা হেঁয়?" মই অজ্ঞান হৈ তাৰ গাতে কি মাটিতে কৰবাত পৰিলোঁ| কিছুমান সময়ৰ মূৰত জ্ঞান পাই তাক কাওঁবাওঁকৈ কলো' "মই আপোনালৈ ভাং এচিলিম আনিবলৈ হে উঠিব খুজিছিলো, পলাব খোজা নাই, মোক খং নকৰিব|" এই কথা শুনি সি চকু পকাই ক'লে, "হেহ ঔ ফাকিদাৰ! পলাব নাহি খোজ্‌তা তো ক্যা কৰিব খোজ্‌তা? হাম তোমৰাকু নাহি এৰেঙ্গা|" এইবাৰ মোৰ ধাতু চুলিৰ আগ যদিও পালেগৈ, তথাপি, মৰোঁ-জীওঁ-সোঁ-আধি কৈ বুকুখন ডাঠ কৰি ক'লো, "আপুনি যদি মহাদেউৰ প্ৰসাদ নেখায়, তেন্তে বাৰু মই নেযাওঁ উঠি| বহক এই পীৰাতে; দুখীয়াৰ কৃপা কৰি ধূলা দিলেহি যেতিয়া এখন্তেক নবহাকৈ কিয় যাব? মই দুখীৰ দুখী অৱস্থাৰে যি পাৰোঁ হাত-মুখ ধুৱাবৰ কাৰবাৰ কৰোঁ|" এই কথা শুনি দেখোন তাৰ মুখখন অলপ পোহৰ হ'ল; ডাৱৰৰ মাজেদি ৰ'দে ৰেঙোৱাদি অলপ হাঁহিয়ে ৰেঙালে| মোৰ হাতটো এৰি দি থপৰ্‌ কৰে সি পীৰাখনতে বহি পৰিল| ইয়াকে দেখি মোৰ বুকুত অলপ সাহ হ'ল দেই| কুঁহিয়াৰ এপাব আছিল, মই লৰালৰিকৈ তাকে কাটিবলৈ লাগিলো; আৰু কাটি অতাওঁ মানে ভজা বুট মাহ এগাল আছিল তাকে বাতি এটাত আগবঢ়াই দি কৰযোৰকৈ সুধিলো-"টিকিৰা এটা আছে, পুৰিবনে?' মোৰ কথা শুনি অলপকৈ মূৰটো জোকাৰি সি কলে, "টিকিৰা পোৰণেকু হামাৰা সহজ নাহি হেঁয়, লেকিন তোম দিছা যেতিয়া বাৰু থোৰাথুৰি পোৰণে পাৰতা হেঁয়|" ততালিকে মই বাঁহৰ চুঙাৰ ধোৱাঁখোৱা এটা আনি টিকিৰা পুৰিবলৈ দিহা কৰি কুঁহিয়াৰ কাটি তাৰ আগত দিলো| দুটামান টিকিৰা পুৰি এটি-দুটিকৈ বুটমাহ আৰু এচকল দুচকলকৈ কুঁহিয়াৰ যেতিয়া সি মুখত দিবলৈ ধৰিলে লাহেকৈ সুধিলো, "আপুনি নো কোন? ইমান ৰাতি দুখীয়াৰ ঘৰলৈ কিয়বা আহিছিল? কৃপা কৰি দুখীয়াক কলে দুখীয়া ৰক্ষা পৰে|" সি উত্তৰ দিলে, "হামি যমদূত বুলিকে তোম বুজ পাও, তোমাৰাকু যম ৰাজা লৈ যানেকু হামকু পঠিয়াইছে; তোম ওলাও এতিয়া|" এই কথা শুনি মোৰ মনত কেনে লাগিল তাক নকলেও বুজিব পাৰি| কিন্তু বিবুদ্ধিসাগৰত পৰিছোঁ বুলি যে হাত-ভৰি লৰাই ওপঙিবলৈ অলপো কাৰবাৰ নকৰিম এনে কেনেকৈ হব? মৰসাহ দি বুধি সাজিলো| ভাবিলো খাবলৈ পালে দেউ-বক্ষ্মা, ৰজা-প্ৰজা, সন্ত-মহন্ত, চোৰ-ডকাইত সকলো বশ| এই ফাঁকি সৰ্বঢাক মন্ত্ৰেৰে বিষ ননমালে আৰু একোৰে নমাব নোৱাৰি| ইয়াকে গুণি-গাঁথি ৫‌‌ টকা চিকাৰূপ আৰু ৩ টকা বাৰী-কানি আনি তাৰ ওচৰতে থৈ কাবৌ-কোকালি কৰি কান্দি কবলৈ ধৰিলো, "প্ৰভু ঈশ্বৰ, মোক এই বাৰলৈ এৰি যাওক! মোৰ কেওঁ-কিছু নাই, মই দুখিত প্ৰাণী, মোৰ কি আছে, কি দিম? আপোনাৰ দুখানি পাৱত পৰি চুলি ছিঙি কাতৰ কৰি মাতিছোঁ বন্দীক এই বাৰলৈ এতি থৈ যাওক|" এই কথা শুনি দেখোন সি একে চাবেই উঠি হাতত বাঁহৰ ধোৱাঁখোৱা লৈ জপিয়াই নাচিবলৈ ধৰি কলে, "হামি বহুত খুচি, হামি বহুত খুচি, তোম ভয় নাহি কৰেঙ্গা, ভয় নাহি কৰেঙ্গা| আজি স্যে তোমৰা হামৰা মিতা হুৱা| তোমৰা হামাৰা মাত নাহি বুজতা হেঁয় তো হামি তোমৰা অসমীয়া মাত মাতেঙ্গা|" এই বুলি সি বহি কবলৈ ধৰিলে, "ৰজাই মোক তোমাক লৈ যাবলৈ পাঁচি দিছে; তোমাৰ আৰু আয়ুস নাইকিয়া| কিন্তু তুমি মোৰ বৰ সেৱা-শুশ্ৰষা কৰিছা, সেই দেখি তোমাক ৰাখিবলৈ মই এটা বুদ্ধি উলিয়াইছোঁ- তোমাক মই এতিয়া বান্ধি-চাটি যম ৰজাৰ ওচৰলৈ লৈ যাম; কিন্তু সেই বান্ধত এনে কিমত কৰি থম, যে যেতিয়া তুমি ৰজাৰ ওচৰ পাওঁ পাওঁ হবা, তেতিয়াই তুমি আজোৰ মাৰি দোল ছিঙি পলায়ুৰ্দ্ধং কৰিবা| মই তোমাৰ পাছে পাছে ৰজাক দেখুৱাই অলপমান খেদি গৈ উভতি আহি তেওঁক কম 'মহাৰাজ! কয়দী পাকোৰণে নাহি পাৰতা হাঁয়' বুলি| তেনে হলেই তুমি সাৰিবা| তাৰ পাছত পাক মাৰি তোমাক ইয়াত থৈ যামহি| এইদৰে মোৰ দুজন এজন মিতাক আগেয়েও মই যমৰ হাতৰ পৰা ৰাখিছোঁ| এই কথা শুনি মই তাৰ ভৰিত দীঘল হৈ পৰি কলো, "আপুনি মোৰ কোনোবা জন্মত আই-বোপাই আছিল, নাইবা মই পাপীৰ প্ৰতি ইমান মৰম কিয় হব?" সি হাতেৰে মোৰ মূৰটো দাঙি ধৰি কলে, "উঠাঁ উঠাঁ, তোমাৰে সৈতে মই বান্ধ বন্ধাইছোঁ, তুমি মোক আৰু 'আপুনি' 'আপুনি' বুলি কথা নকবা| সিজন্মত মই তোমাৰ কোনো নাছিলো| মই যমৰ টেকেলা হোৱাৰ আগেয়ে সিজন্মত এজন বামুণৰ লিতিকাই আছিলো; মৰিলত পাপ-পুণ্যৰ বিচাৰ কৰিবলৈ যমদূতে চিত্ৰগুপ্তৰ আগত থিয় কৰিলত, চিত্ৰগুপ্তই বহি মেলি পাপৰ ঘৰত ষোল অনা আৰু পুণ্যৰ ঘৰত শূইন পাই মোক দোষী 'সাব্যস্ত' কৰি যম ৰজাৰ আগলৈ 'চালান' কৰিলে| যমৰ কেচাৰিত মিথ্যাকুমাৰ ঘোষ নামে এজন উকীলৰ বৰ নাম| তেওঁ বৰ কথকী, মিছাকে সঁচা, ৰাতিকে হাতী কৰিব পাৰে; বাঘকে ছাগকে একে ঘাটতে পানী খোৱা কৰিব, আৰু সাপৰ মূৰত ভুকুলী নচুৱাব পাৰে| কিন্তু সেই কামৰ জোখাই 'অৱশ্যে মজুৰি চাই'| তেওঁকে মই দীঘল হৈ পৰি কলোঁ, মোক দেউতা এই বাৰলৈ ৰাখক! মই আপোনাৰ ঘৰত তিনি বছৰলৈ বৈ দিম বুলি 'গিৰমিত' লেখি দিওঁ| শোলাৰ মুখত মাখি পৰে সিও লাভৰ ভিতৰত, ইয়াকে ভাবি তেওঁ মোৰ ওকালতনামা ললে| লৈ যে যমৰ কেচাৰিত মোৰ হকে তেওঁ ঠকাঠকে মাৰিবলৈ ধৰিলে, তাক কবলৈ মোক আৰু সাতখনমান মুখ লাগিব| মোৰ কথা লৈ তেওঁ সাত দিন সাত ৰাতি 'বকৃতা' কৰি অৱশেষত মোক সভাসদসকলৰ আগত "দুতী প্ৰহ্লাদ" কৰিহে এৰিলে| মোৰ বিষেয়ে নো তেওঁ অতখন কথা কৰপৰা পাইছিল কব নোৱাৰোঁ, মোৰ কিন্তু সেইবোৰ নাভূত নাশ্ৰুত! তেওঁৰ 'বকৃতা'ৰ অন্ত পৰিলত সভাসদসকলে চাপৰি বজাই জয়ধ্বনি কৰিবলৈ ধৰিলে| মই একেবেলিয়েই সন্মানেৰে সৈতে 'খালাচ'! তুলসীপাত যেন মই নিষ্পাপী পুৰুষটোক পাপী বুলি 'চালান' দিয়া বাবে সভাসদসকলৰ, চিত্ৰগুপ্তৰ ওপৰত ইমান খং উঠিছিল যে তেতিয়াই তেওঁক 'গিলিপ্‌দাৰ' কৰি ধৰি আনি দণ্ড কৰিবলৈ যম ৰজাত তেওঁবিলাকে গোহাৰি কৰিছিল| পাছে ৰজাই জানিবা তেওঁবিলাকক বুজাই-সুজাই চেঁচা কৰি চিত্ৰগুপ্তক সেইবাৰলৈ ক্ষেমিবলৈ কলে| সেই উকীলেৰে সৈতে যম ৰজাৰ বন্ধুতা কিছু ডাঠ| দুই ঘৰৰ প্ৰায় খোৱা-লোৱা আৰু অহা-যোৱা আছে, সেই লেচুতে ময়ো ৰজাৰ ভিতৰে সৈতে চিনাকী হলোঁ| কালক্ৰমত সেই চিনাকী ইমান ঘন হলগৈ যে যম ৰজাৰ জীয়েক চিন্তামণিয়ে মোক মাতিবলৈ দিনটোত কুৰিবাৰ মানুহ পঠিয়ায়| (ইস কি কথাষাৰ মুখৰপৰা ওলাল)| শেহত দেউতাকক কৈ উকীলৰ ঘৰৰপৰা তেওঁবিলাকৰ ঘৰলৈ একেবেলিয়েই অনাই তেওঁ মোক এই টেকেলা কাম দিয়ায়| যাওক সেইটো কথা এতিয়া কবৰ কাল নাই| বান্ধ, উঠা যাওঁহঁক, মই আৰু সৰহ পৰ থাকিব নোৱাৰোঁ, বাটে বাটে কথা হৈ যাম|"

পাছে লৰালৰিকৈ পিন্ধি-উৰি দুৱাৰ-ঘৰ মাৰি ওলাই দুয়ো দক্ষিণ মুৱা হৈ গৈ আছোঁ, এনেতে এটা গাঁত পালোঁ| গাঁতটোৰ মুখখন থুনুপাকৰ মুখৰ নিচিনা| আমি মুখৰ ওচৰত থিয় হোৱা মাত্ৰকে সি আপুনি মেল খালে, আৰু আমি তাত সোমোৱা মাত্ৰকে সি আপুনি জাপ গল| ভিতৰ সোমায়েই এনে ঘোপমৰা এন্ধাৰ পালোঁ, তাক আৰু কবলৈ নাটে| আন কি, চোৰে সেৱা কৰিছিল যদিও তাক আশীৰ্বাদ এষাৰ দিবলৈ নেদেখিলোঁ বুলি মোৰ মনত "আপ্‌চোচ" হবলৈ ধৰিলে| টেকেলাই মোক হাতত ধৰি নিনিয়াহেঁতেন সেই খিনিতে মোৰ আধ্যা পৰিলহেঁতেন| যি হওক, কিছুমান সময়ৰ পাছত পোহৰ পালোঁগৈ| আগতে দেখিলো এখন ইপাৰ-সিপাৰ নেদেখা ভয়ানক নৈ ফেনে-ফোটোকাৰে ভৰি সাপৰ-নেগুৰ-ছিগা বেগ দি কৰবালৈ বৈ গৈছে| ঘাটতে থকা এখন ভাপনাও বা জাহাজে দেখোন ৰিঙত বসুমতী ফালিব লাগিছে| আমি লৰালৰিকৈ উঠিলতে সি ৰিঙিয়াবলৈ এৰি যাবলৈ ধৰিলে তেতিয়াহে বুজিলো, যে দামুৰি-হেৰোৱা গৰুৰ নিচিনাকৈ সি আমালৈকেহে হেম্বেলিয়াই আছিল| জাহাজখন আমাৰ আসামৰ ডাকজাহাজ চালে চাবই নেলাগে; তাৰে সৈতে প্ৰায় সকলো প্ৰকাৰে মিলে| সেই ডাক্তৰ, সেই চাৰেং, সেই খালাচী, সেই 'ফাচেঞ্জৰ'| সত্যে কৈছো, জাহাজত উঠি মোৰ আগৰ ভয় সমূলি নাইকিয়া হল| কি বাৱে কব নোৱাৰোঁ, বোধকৰোঁ কানি-টিকিৰাৰ জাল অলপ বুজন হোৱা বাবেইনে কি, যমদূত জাহাজত উঠিয়েই লালকাল দি শুলে| কৃপাবৰ বৰুৱাক কিন্তু তেনে উলামূলা বস্তুৱে বলে নোৱাৰে| তেওঁ জাহাজ গোটেইখন ইতিমধ্যে তলে-ওপৰে পিয়ল কৰি তাৰ বস্তি, ফৰিঙতি, চুৰি, চাপৰি, সোপাকে ঠিকনা কৰি পেলালে| ডাক্তৰজন বঙ্গজ| চাৰেঙো তথৈবচ| "খালাচী বাই"ৰ তো কথাই নাই, যেই দেখিছো সেই| ডাক্তৰ বাবুৱে কেই শিকি দৰমহা পায় কব নোৱাৰোঁ, কিন্তু তেওঁৰ ভীমটোকা গপৰ ভৰত জাহাজখনে মাজে মাজে মাত লগায়—'বুৰু' 'বুৰু'| সৰ্বনাশৰ আয়োজন দেখি মই কওঁ—"সহি থাক, নুবুৰিবি, নুবুৰিবি, তোৰ কোলাত কৃপাবৰ আছে|" ধৰ্মত: কবলৈ গলে তেওঁক পৰোপকাৰী ভাল মানুহকে বুলিব লাগে| শাস্ত্ৰতো কৈছে বোলে Give the devil his due অৰ্থা‌ত্‌ ভূতক তাৰ দিবলগীয়াখিনি দি লেঠা মাৰি দিবা| সেইদেখি ময়ো তেওঁক তেওঁৰ পাওনা 'ভদ্ৰলোক' নামটো দি একে বেলিয়েই তেওঁৰ লেঠাটো মাৰি দিলো| তেওঁক পৰোপকাৰী ভদ্ৰলোক বুলিছোনো কিয়—তেওঁ এইটোৰ বঢ়িয়া গম ৰাখিছে যে, তেওঁ যাৰ লোণ খাইছে, সেই গৰাকী ধনসাগৰ; আৰু সাগৰৰ পানী তেওঁৰ নিচিনা বান্দৰে খাই অন্ত কৰিব নোৱাৰে| এতদ্ধেতুকে দুখীয়া ভোদা যাত্ৰীৰ উপকাৰ সাধি সিহঁতক 'টিকিচ' নিদি বা এডোখৰ বাটৰ বাবে দি বাকী ডোখৰ বিনা 'টিকিচে' যাবলৈ দি, যাদি তেওঁ গল মেলি লোণৰ গৰাকীৰ গুণ কীৰ্তন কৰে, তেন্তে নো তেওঁক কিয় ভদ্ৰলোক নুবুলিবা? বস্তুত: তেওঁ ভদ্ৰলোক|

যাওক সেই কথা| অলপমান বেলি আছে| এনেতে হঠাত্‌ জাহাজখনৰ ভিতৰৰ দুটি যাত্ৰী মোৰ চকুত পৰিল| সিহঁতক দেখা মাত্ৰকে মোৰ গাৰ নোম এটাই কিডাল থিয় হৈ কেঁটেলা পহুৰ কাঁইট যেন হল| দুখৰ কথা কি কম, দুইটা টিকনি-লগা টিমক অসমীয়া! কি আপদ! টিকনি লগা মানুহৰ তাপত দেশ এৰি ৰসাতললৈ পলালেও ৰইখা নাই| খাওঁতে টিকনি, উঠোতে টিকনি, বহোঁতে টিকনি, আকৌ বিদেশলৈ আহোঁতেও পাছে পাছে টিকনি!! হে প্ৰভু, মোক টিকনি-অসুৰৰ পৰা ৰাখাঁ| নিগনিয়ে মেকুৰী দেখি ফিৰিঙতি ভগাদি ভাগি পলাই ফাঁট মৰাদি ময়ো পলাই ফাঁট মাৰি জাহাজৰ তল পালোগৈ| মোৰ গাটো জ্বৰে-ঘামে ঘামিবলৈ ধৰিলে| মুঠতে ভকতীয়া মাত-পদেৰে কবলৈ গলে—

শ্ৰান্ত ভৈলো মহাদুখে|
নিশ্বাস বজাইলো মুখে|
ভাগে যেন কটি স্কন্ধ|
শৰীৰৰ ছিন্দে বান্ধ|
গোৰ ঘামে যাই বহি|
ক্ষণেক স্তম্ভিলো ৰহি|

পাছে অলপ থিৰ হৈ ভাবিবলৈ ধৰিলো, বোলো মৰোঁ-জীওঁ-সো-আধিকৈ দুইৰো টিকনি দুডালত ধৰি, পোহৰৰ দাঙত আঁৰি থোৱা শুকান নাৰিকলৰ নিচিনাকৈ মূৰে মূৰে জুটি দাঙি লৈ দুইকো জাহাজৰ বাৰত আঁৰি থওঁ| আকৌ এক মনে বোলো আচহুৱা ঠাই, কৰবাত আকৌ কি দায়-জগৰ লাগে? কিন্তু খঙত মোৰ, মূৰটো ইমানকৈ উতলিছিল যে, আৰু একো নাভাবি মই সেই জন্তু দুটাৰ ফালে চোঁচা ললো| ঈশ্বৰ আছে, সিহঁতৰ কপালেই ভাল নে মোৰ কপালেই বেয়া কব নোৱাৰোঁ, বেগত জাহাজৰ খুটা এটাত এনে খুন্দা খালো যে, সেই বিলাই-বিপত্তিৰ কথা শুনিলে ডালৰ হনুমন্তৰো কান্দোন ওলাব! ভাবিলো, এই কামত খুটাৰো আপত্তি, গতিকে তং পৰিবৰ্জয়েত্‌| টিকনিৰূপী ৰাৱণক ইংৰাজৰূপী ৰামেহে সংহাৰ কৰিব পাৰিব, টেকেলিপেটীয়া গোবিন্দাইৰূপী কৃপাবৰৰ সি কৰ্ম নহয়| কিন্তু কি হব, মনে নেমানে, হাবিত নেউলে মূৰ দাঙি মানুহ চোৱাদি ঘণ্টাত ডেৰকুৰিবাৰ সিহঁতক আঁতৰৰ পৰা মই চাবলৈ ধৰিলো| সিহঁতৰ গতি কি, গোত্ৰ কি, কুত্ৰ গমনং, কুত্ৰ শয়নং, এবং কুত্ৰইবা ভোজনং এইবোৰ সাৱধানে নিৰীক্ষণ কৰিবলৈ ধৰিলো| নদীৰ গৰ্ভত আছে বুলিয়েই নে কি, সেই যুগল মুৰ্তিয়ে গা ধোৱাটি সংক্ষেপকৈ ঘটত কৰাদি কৰিলে| তাকে দেখি কৃপাবৰ বৰবৰুৱাৰ ভয় দূৰলৈ গল আৰু মন ফৰকাল হল| কিন্তু তেওঁলোকৰ ভোজন-ব্যৱাহাৰটি নো কেনেৰূপে চলিল, তাক বৰবৰুৱাই অতি যতনেৰে চাইও গম ধৰিব নোৱাৰিলে| দুইৰো মাজত মুঠেই একঠা কোমল চাউল তিন দিনেও সি নুঢুকাইহে নুঢুকায়| সি যি নহওক, তেওঁবিলাক বৰ নিৰ্জু মানুহ; কৃপাবৰৰ নিচিনা তৰ-চেঙেলি নহয়| জাহাজৰ খোৱা বস্তুৰ ভড়ালৰ (Pantry) দুৱাৰমুখত দিনে দুবাৰকৈ খোজ চলোৱাত বাজে তেওঁবিলাকে তেওঁবিলাকৰ শোৱা-পাটী নেৰে| বেছ কথা নেলাগে এৰিব, কিন্তু বৰবৰুৱাৰ আগত টিপ্‌টাপ্‌ খন নকৰি, তেওঁকো দেখোন—একে গুৰু-ঘৰতে গুৰু-বাইক শুনিবলৈ দি তেওঁৰো 'শৰীলটো শুধ' কৰিবলৈ সুচল দিলেই লেঠা মৰে? তিন দিন তিনি ৰাতিৰ মূৰত জাহাজ এডোখৰ ঠাইত লাগিল গৈ| তাৰপৰা নামি যমদূত আৰু মই এদিন এবেলাই এখন গৰুৰ গাড়ীৰে গৈ যম ৰজাৰ নগৰ পালোগৈ| এই ডোখৰ বাটত আগেয়ে নেদেখা নুশুনা ভালেমান কথা দেখিলো; কিন্তু "নকহিবো সিটো কথা বাহুল্যক ভয়ে|" যমৰ নগৰ, কেনে মনোহৰ, তাক কোৱা কাম নাই| অসমীয়া কবিসকলে তাহাঙ্ক বিস্তাৰি আছে বৰ্ণাই| সেইদেখি মই তাৰ আগৰপৰা গুৰিলৈকে বিস্তাৰিত বিৱৰণ নিদিওঁ| কিন্তু গোটাচেৰেক কথা সেই কবিসকলৰ বৰ্ণনাৰ গোহালিত বিচাৰি পোৱা নগল| বোধকৰোঁ, তেওঁবিলাকে সেইকেইটা উদঙীয়া কথা চপাব নোৱাৰিলে; কিন্তু কৃপাবৰ বৰবৰুৱাৰ আগত সিহঁত সাৰিব পৰা বস্তু নহয়, দেখা পোৱা মাত্ৰকে আগুৰি আনি সিহঁতক তেওঁ গোহালিত সুমাই পঘা লগালে|

নগৰ সোমাই অলপমান গৈয়েই এটা অপূৰ্ব বস্তু মোৰ চকুত পৰিল| ফলে ফুলে সুশোভিত, নানা প্ৰকাৰৰ চৰাই-চিৰিকতিৰে ভৰা এখন উপবনৰ মাজত এজনী ষোলবছৰীয়া দিপ্‌লিপ্‌ ছোৱালীয়ে এটা বান্দৰৰ ভৰিত ধৰি কান্দি-কাতি কাকূতি-মিনতি কৰি কত কি কৈ হুৰিছে; বান্দৰটোৱে কিন্তু তাইৰ ফালে পিঠি দি আৰু তাইৰ কথালৈ কাণ নকৰি আন কিবা কথা ভাবি আছে| এই হেন ৰূপৱতী ছোৱালীজনীৰ এনে দুৰৱস্থা দেখি মোৰ নথৈ বেজাৰ লাগিল| দূতক এইটো কথাৰ অৰ্থ সুধিলত সি কলে, "এই ছোৱালীজনীক এটা মানুহে সিজন্মত বৰ ভাল পাইছিল| সি এইৰ নিমিত্তে বলিয়া হোৱাৰ নিচিনা হৈছিল| দিনে ৰাতিয়ে এইক কেনেকৈ দেখা পাই থাকোঁ, কেনেকৈ দেখা পাই থাকোঁ, এয়েহে তাৰ চিন্তা আছিল| কিন্তু এই হলে তাক দেখিবই নোৱাৰা আছিল| এইৰ কৃপাদৃষ্টি পাবলৈ সি যত কাবৌ-কোকালি কৰিছিল তত এই তাৰ প্ৰতি ঘৃণা প্ৰকাশ কৰিছিল| সেই পাপৰ ফলত এই মৰি এতিয়া জ্ঞান-শূন্য এই বান্দৰটোৰ মৰমৰ পাত্ৰ হবলৈ দিনে ৰাতিয়ে কান্দি-কাতি বিয়াকুল হৈছে|" এই কথা শুনি বৰুৱাই অতি সন্তোষ লভিলে, কিয়নো এনেকুৱা ভালেমান সুন্দৰীৰ কথা বৰবৰুৱাৰ মনত পৰিল যি তেওঁক দেখিব নোৱাৰা পাপত পাপী; আৰু গতিকে সেই গপাল সুন্দৰীসকলৰ এনে দশাই লগ লব—হেকাই!

ইয়াৰ পাছত আৰু এটা কথা দেখি অলপ থমক খাই ৰলো—এমখা মানুহে এঠাইত বেঢ়ি বহি, কেঞাৰ আখাৰেৰে লেখা এখন বাতৰি কাকত বৰ বৰকৈ অতি কষ্টেৰে পঢ়িবলৈ লাগিছে| এজন ওজা বা অধ্যাপকে হাতত ভলুকা-বাঁহৰ চেকনি এডাল লৈ ভালকৈ পঢ়িব নোৱাৰা বাবে সিহঁতৰ পিঠিত সাবটি যোৱাকৈ সাৰৌপ্‌ সাৰৌপ্‌ কৰে কোবাইছে! এই কথা দেখি মই তধা! দূতক ইতো কথাৰ ৰহস্য পুছিবে লাগিলো| দূতেও কহিবে লাগিল—"এই মখা পঢ়িব শুনিব জনা অসমীয়া মানুহ| আসামত যত বাতৰি কাকত ওলাইছিল সিহঁতে তাৰ এখনো নপঢ়িছিল| সেই পাপৰ ফলত ইহঁত এতিয়া কেঞাৰ আখৰেৰে লিখা বতৰি কাকত পঢ়িব লগাত পৰিছে; আৰু পঢ়োঁতে ভুল হোৱাত সেই ওজাই কোবত সিহঁতৰ পিঠিৰ ছাল ছিঙিছে| ইহঁতৰ ভিতৰৰ বৰকৈ কোব-খোৱা সৌ মানুহটোক কালিহে ইয়ালৈ অনা হৈছে| সি 'জোনাকী' বুলি ন-কৈ ওলোৱা কাকতখন এদিনো পঢ়া নাছিল আৰু লোকে পঢ়া দেখিলে হাঁহিছিল!" এই কথা শুনি কৃপাবৰ বৰবৰুৱাৰ বুকুৱে ধান বানিবলৈ ধৰিলে; কাৰণ তেওঁ সেই তাৰিখলৈকে 'জোনাকী' পঢ়া কথা কব নোৱাৰে| সি যি নহওক, এই যাত্ৰাত ৰক্ষা পালে, তেওঁ গ্ৰাহক হৈ 'জোনাকী"ৰূপী ছাগলীৰ কৃপাবৰৰূপী কুকুৰনেচীয়া অৱতাৰ হবলৈ লগুণত ধৰি শপত খালে|

এই ঠাই এৰি দুয়ো টুক্‌টুক্‌‍ কৰে গৈ আৰু এডোখৰ ঠাই পালোগৈ| কিন্তু কি কপাল! ইয়াত যেনে কাণ্ড দেখিলো তেনে কাণ্ড ঈশ্বৰে মোক জন্মজন্মাতৰতো যেন নেদেখুৱাওক—এটা বিকটমুৰ্তি যমদূতে জুই যেন তপত বালিৰ এটা ওখ ভেটি কৰি আৰু সেই বালিৰেই এটা ডাঙৰ গাৰুৰ নিচিনা কৰি হৃষ্ট পুষ্ট লোক এজনক বহুৱাইছে| লোকজনৰ টিকাৰ ছাল তপত বালিত লাগি বখলাবখলে গৈছে; আৰু তেওঁৰ আৰ্তনাদত পশু-পক্ষী-তৃণ-তৰু পৰ্য্যন্তই চকুলো টুকিছে! কিন্তু কি আশ্বৰ্য্য, সেই ভেটিটোৰ চাৰিওফালে কিমান মানুহে সেই লোক জনলৈ আঠু লৈ বহি আছে, অথচ সিহঁতৰ মুখত অলপো বেজাৰৰ চিন নাই, বৰং সেই লোক জনৰ হৃদয়বিদাৰক কান্দোনত সিহঁতে আনন্দ প্ৰকাশ কৰা যেনহে দেখি! কৃপাবৰে কি কৰে, নিৰুপায়; তেওঁৰ লগৰ টেকেলাত এই কাণ্ডৰ অৰ্থৰ অৰ্থে প্ৰশ্ন প্ৰয়োগ কৰিবলৈ তেওঁ বাধ্য হল| টেকেলা বদতি—"ইটো কথা পৰম গুপুত| কহিবাক নুহিকে যুগুত|" তথাপি তুমি যে সুধিলা কওঁ বাৰু| এই লোকজন আসামৰ গোসাঁই; আৰু চাৰিউফালে এইবোৰ তেওঁৰ শিস্য| এই গোসাঁয়ে আগেয়ে মহা সুখে চাৰিখনীয়া পাৰি বহি সেই শিস্যবিলাকক তেওঁৰ আগত জেকা চেঁচা মাটিত বহুৱাই সিহঁতৰ টপিনা গেলাইছিল| সেই পাপৰ ফলত তেওঁৰ এই দশা হৈছে| আৰু সেইদেখি শিস্যবিলাকে গোসাঁইৰ দুৰ্গতিত আনন্দ প্ৰকাশ কৰি এতিয়া পূৰ্বৰ প্ৰতিশোধ লৈছে! এই কথা কেষাৰ শ্ৰীযুক্ত কৃপাবৰৰ কৰ্ণ কুহৰত যাঠিৰ খোঁচ পৰাদি পৰিল! কি! গুৰু্ৰ এই অৱস্থা! বৰবৰুৱাই এই মুহূৰ্ততে গুৰুৰ অৰ্থে প্ৰাণ পৰ্য্যন্ত দিব, তেও গুৰুক ৰক্ষা কৰিব! গুৰুক আকৌ কি পাপে পৰ্শিব পাৰে? "সৰ্বভক্ষ বহ্নি সবাকো শোষে| তাঙ্ক কি কৰিব ইসৱ দোষে|" আৰু ই দোষেই নহয়| কটা শিচ্‌ কোন, গোসাঁইৰ আগত আসনত বহিবলৈ? কিন্তু কি হব? পৰদেশত মৰ ভেশ! ভগ্ন-দন্ত ফেঁটীসাপৰ দৰে ফোপাই-জোপাই বৰুৱাই ক্ৰোধ সম্বৰণ কৰিলে| এইবিলাক কথা ভাবি ভাবি এখনমান তামোল খোৱাৰ বেলি গৈ, এটি আদহীয়া বামুণৰ বিলাই মোৰ চকুত পৰি, গাৰ নোম কেঁটেলাৰ কাঁইট যেন হল—এজোপা গছৰ তলত বামুণটিক বান্ধি লৰ চৰ কৰিব নোৱাৰাকৈ বহুৱাই থৈছে| চাইটা ধুৰ্ত্তং পাঁতি-কাউৰী আৰু চাইটা ঢোৰাকোৱাই উটাপুটাকৈ তেওঁৰ খুৰুৱা টকলা মূৰত পূৰীষোত্‌সৰ্গ কৰিছে; আৰু বাটৰুৱা মানুহে দেউৰ এই অৱস্থা দেখি ঢেক্‌ ঢেকনি মাৰি হাঁহি গুচি গৈছে! দুনাই টেকেলাক এই কথাৰ মৰ্ম পুছিবে লৈলো| টেকেলা বোল—"ইয়াৰ নাম গোদেউ শৰ্মা পণ্ডিত| ই পৃথিৱীত থাকোতে টকা খাই, মানুহক শাস্ত্ৰৰ বুলি দেখৰমানে মিছা ব্যৱস্থা উলিয়াই দি ছুৱাক নিছুৱা, নিছুৱাক ছুৱা কৰাত বৰ কাজী আছিল| সেই পাপৰ ফলত ইয়াৰ মূৰত এতিয়া বাহ কোৱাই ধৰি ভৰ্ছিছে! এইয়া কি দেখিছা, সৌটো বাট যে দেখিছা, সেই পিনে গলে এই বিধ পাপৰ বাবে যে এজন গোসাঁই প্ৰভুৰ দুৰ্গতি হোৱা দেখিবা, তাক আৰু কি কম| তেওঁ পৃথিৱীত থাকোতে তেওঁৰ খৰমলৈ চোৱাই শপত খুৱাই আৰু কলা-গুটি, বগা-গুটি আদিৰে পৰীক্ষা পাতি বদীয়াক নিবদীয়া আৰু নিবদীয়াক বদীয়া কৰি ভালেমান মানুহক টকাৰ লোভত পইমাল কৰা বাবে দুৰ্ঘোৰ যাতনা আৰু লাঞ্ছনা পাইছে| তেওঁক চোৱা যদি বলা মিতা!—ত্ৰাহি! ত্ৰাহি!! বৰবৰুৱা গুৰুৰ অপমান আৰু কষ্ট দেখিবলৈ এখোজ আগ বাঢ়িব? হৰে! হৰে!! এতিয়াই মহাপ্ৰলয় হোৱা নাই কিয়? সি যি হওক, গোদেউ পণ্ডিতৰ নিচিনা বৰবৰুৱাৰ চিনাকী পণ্ডিত জনচেৰেকৰ নো মৰিলে কি দশা হব, এই কথা দকৈ গপি গপি কৃপাবৰ বৰুৱা বিমৰ্ষ হৈ সেই ঠাইৰপৰা চৰণ চলাবলৈ ধৰিলে| কিন্তু কৃপাবৰ! তোমাৰ কপালত সম্প্ৰতি মনুষ্যৰ দুৰ্গতি দেখিবলৈ লেখিছে; তুমি হেজাৰ তাক দেখাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰা, তথাপি সি তোমাৰ চকুত পৰিবই| আকৌ তোমাৰ চকুত কি পৰিছে চোৱা—এটা যমদূতে হাতত দীঘল সৌকা এডাল লৈ এজাক মানুহৰ কান্ধত গাখীৰৰ টেকেলি, মিঠৈৰ ভাৰপাচি, আৰু কল-কুঁহিয়াৰ, তামোল-পাণ আদি দি বাটে বাটে ঘূৰাই লৈ ফুৰাইছে| দুখ-ভাগৰত সিহঁত লালকাল হৈছে, তথাপি সিহঁতে কান্ধৰ পৰা ভাৰ থব পৰা নাই| থব খুজিলেই দূতে সাৰৌপ-সাৰৌপ কৰে সিহঁতৰ পিঠিত সেই দীঘল সৌকা মেলি দিয়ে| দুৰ্ভগীয়াহঁতৰ দুখত শিলো পমি পানী হৈ গৈছে! মোক দেখি সিহঁতে এই বাৰলৈ য্মদূতৰ এই যন্ত্ৰণাৰ পৰা সিহঁতক ৰাখিবলৈ কাতুৰ্বাদ কৰিবলৈ ধৰিলে| কৃপাবৰৰ কৃপাময় হৃদয় কৃপা প্ৰকাশ কৰিবলৈ কৃতসংকল্প হল| সিহঁতক এই অৱস্থা কৰি লৈ ফুৰুৱাৰ কাৰণ তেওঁ সেই ২ নং যমদূতক সুধিলে| যমদূত উবাচ:--"বাবু" ( মই খংকৈ কি বাবু বাবু?—এনেতে মোৰ লগৰীয়া যমদূতে তাক কৈ দিলে, মই অসমীয়া বুলি) "ডাঙৰীয়া এই মানুহকেটা আসামৰ এডোখৰ ঠাইৰ এটা ৰজহুৱা বৰসবাহ আৰু পূজাৰ কাৰবাৰী আৰু বিলনীয়া আছিল| সেই সবাহ আৰু পূজালৈ অনা গাখীৰ, গুড়, কল-কুহিঁয়াৰ আৰু মিঠৈ-প্ৰসাদ আদিৰ ইহঁতে 'ইতস্তত:' কৰিছিল| সেই পাপৰ ফলত ইহঁত এতিয়া এই দৰে দিনে ৰাতিয়ে গাখীৰ গুড় অদিৰ ভাৰ বৈ লৈ ফুৰিব লগাত পৰিছে| মই সুধিলো—'ইতস্তত:' মানে কি?' সি উত্তৰ দিলে, 'ইতস্তত:' মানে ইয়াৰপৰা তাত| এই মানুহ কেইটাই সেই সবাহৰ বস্তুবিলাকৰ ভালেখিনি বস্তু 'ইয়াৰপৰা' অৰ্থাত্‌ সবাহ-ঘৰৰপৰা নি 'তাত' অৰ্থাত্‌ সিহঁতৰ ঘৰত চুৰ কৰি থৈছিল|" এই কথা শুনা মাত্ৰকে বৰবৰুৱা একে চাটিয়েই তাৰপৰা প্ৰস্থান কৰিলে| কিয়নো, যি পাষণ্ড আৰু বিশ্বাস ঘাতকীয়ে দেৱস্ব আৰু ভক্তস্বৰ ওপৰত নখ বহুৱায় সেই মহাপাপীৰ তেওঁ কস্মিনকালেও বদন দৰ্শন নকৰে আৰু তেনে লোকৰ প্ৰতি তেওঁ এক ধনিষ্টামানো অনুকম্পা প্ৰদৰ্শন কৰিব নোৱাৰে| ইয়াৰ পাছত মই মোৰ মিতা টেকেলাক সুধিলোঁ "মিতা, আসামত তিনি বিধ মানুহ আছে, যম ৰজাই সিহঁতক শাস্তি নকৰে নে? (১) এবিধ আছে যাক আসামত 'ভাল মানুহ'বোলে, যি আপোনা-আপুনি ওফন্দি গঙ্গাটোপ, যি স্বজাতীয় আৰু স্বদেশীয় মানুহৰ উন্নতি দেখিলে বৰ পুতেকৰ মূৰ খোৱা যেন শোক পায়; আৰু যাৰ লোকৰ দোষ বিচাৰি ফুৰাই কাম| (২) এবিধ আছে, যাক দক্ষিণা-লোৱা বামুন বোলে; যি শগুণৰ দৰে মৰা বিচাৰি এটা চৰতীয়া আৰু এখোল মাটিমাহৰ লোভত সাতদিনৰ বাট গৈ শৰাধ কৰোঁতাৰপৰা জলপানকৈ জলপান, পইচাকৈ পইচা দাঁড়ি লৈ দাতাৰেই শৰাধৰ দিহা কৰে| (৩) আৰু এবিধ আছে যি দুখীয়া 'মহন্ত' বা 'কেওঁ কিছু নাইকিয়া মাউৰা ব্ৰাক্ষ্মণৰ লৰা' বুলি বিয়া কৰিবৰ নিমিত্তে পইচা মাগি ফুৰে| এই কেবিধ মানুহ-বাঘ বা নৰ-শিয়াললৈ যম ৰজাৰ আইনত বাঘ-ধেনু বা শিয়াল-জাপ নাই নে?" টেকেলাই এই কথাৰ উত্তৰ দিবলৈ নৈ পাওঁতেই আগতে এটা অপূৰ্ব কাণ্ড হঠাত্‌ দেখি থমক খাই ৰলো| এটা জন্তুক (ডিঙিৰ পৰা মূৰডোখৰ মতা মানুহৰ, বাকী ডোখৰ ম'হ) এজনী সুন্দৰী কন্যাই নাকী লগাই টানি লৈ গৈছে| এজনী অবলাৰ হাতত বলৱান মহিষাসুৰ এটাৰ এই দশা দেখি মই হৰি হৰি কৰিবলৈ ধৰিলো! মিতা টেকেলাই মোৰ মনৰ দুখ বুজি মোক শান্ত্বনা কৰি সেই কথাৰ কাৰণ কবলৈ ধৰিলে| এই পুৰুষটো আগেয়ে মহাবলী আৰু পৰাক্ৰমী লোক আছিল, যাৰ দপ্‌দপনিত পৃথিৱী তল-ওপৰ হৈ আছিল, কিন্তু এই তিৰুতাজনীৰ (তাৰ ঘৈণীয়েক) ই ইমান বশ আৰু সেৰুৱা আছিল যে, তাই মাটিকে সোণ বুলিলে সেয়ে সোণ হৈছিল আৰু কলা কাউৰীজনীকে বগা বুলি কলে সেয়ে বগা হৈছিল| সেইবাবে মৰিলত ইয়াৰ এতিয়া এই গতি হৈছে|" এই কথাত বা এনে বিধৰ কোনো কথাত কৃপাবৰ বৰবৰুৱাৰ কোনো সংশ্ৰৱ আৰু মতামত নাই দেই| কাৰণ, তেওঁ 'স্ত্ৰী হস্ত সহস্ৰানাং *-'| অৰ্থাত্‌ তিৰুতা জাতিৰ পৰা এশ হাতৰ 'অন্তৰি পলায়' আৰু সেই জাতিৰ আগত তেওঁ 'ভয়ে চপৰাই মুণ্ড'| বিশেষত: তেওঁ সেই জাতি লোকৰ অৰুণ চৰণৰ বাহিৰে মুখকমলত বা আন কোনো ঠাইত কেতিয়াও দৃষ্টিপাত নকৰে বুলি তেওঁৰ শিখাত ধৰি শপত খাই থৈছে|

ইয়াৰ পিছত আমি কিছুমান বাট গৈ সোণ-ৰূপেৰে উপচি থকা এটা ডাঙৰ পাটনাদ পালোগৈ| পাটনাদৰ পাৰতে আকৌ এটা অপৰূপ জন্তু দেখিলো| জন্তুটো "নোহে ভেক নোহে সিটো মনুস্যৰ ৰূপ"; অৰ্থাত্‌ এডোখৰ ভেকুলী এডোখৰ মানুহ| ভৰিৰ ফালৰপৰা তাৰ অলপ অলপকৈ ভেকুলীৰ নিচিনা হৈ আহিছে| এই কাণ্ড দেখি মই চৰগ পৰা মানুহ যেন হলো| টেকেলা নিগদতি—"মিতা, কিয় বিচুৰ্তি হৈছা; এই কথাৰ অৰ্থ মই তোমাক কওঁ শুনা| ভেকুলী হৈ অহা এই মানুহটি অসমৰ এজন গোসাঁই প্ৰভু| শিস্যক দাঁড়ি ইবাই কৰ, সিবাই তমুক বুলি সিহঁতৰ ছাল-বাকলি টানি ধন গোটাই মাটিত পুতি সাঁচি থোৱাই তেওঁৰ কাম আছিল| ধৰ্ম-কৰ্ম আৰু ঈশ্বৰৰ মলাগুটী জপাতকৈ ধন-সোণ আৰু টকাৰ মলাগুটী জপাত তেওঁ কায়-বাক্য-মনে লাগিছিল| দেশহিতকৰ, প্ৰজাৰ মঙ্গলজনক, বা আপোন শিস্যৰ কুশলদায়ক কোনো সত্‌ কাৰ্য্যলৈ বিত্ত ব্যয় কৰাটো তেওঁ সাত সুৰাৰ লগৰ এক সুৰা বুলি ধৰা যেন দেখা গৈছিল| এনেবিলাক 'অক্ষয় পুণ্যৰ বলত প্ৰভু ইস্পৰ এতিয়া এই ভেকুল্যাবয়বেৰে অবয়বিত' হবৰ উপক্ৰম হৈছে! সম্পূৰ্ণ ভেকুলী হৈ অঁতালেই তেওঁ এই পাটনাদত চিৰকাল পৰি থাকিব লাগিব|" শ্ৰীবিষ্ণু! শ্ৰীবিষ্ণু! আকৌ গুৰু অপমান! কাণত আঙ্গুলি দি বৰবৰুৱাই ততালিকে সেই ঠাই পৰিত্যাগ কৰিলে| আৰু বাটে বাটে ভাবি গল যে, আকৌ যদি তেওঁ গুৰুৰ এনে কথা দেখে, তেন্তে সেই মুহূৰ্ততে তেওঁ চক্ষুৰুত্‍‌পাটন কৰি অগ্নিকুণ্ড জ্বালি জম্প প্ৰদান কৰিব| এই ভাবে বৰবৰুৱাৰ মনত ইমান বেজাৰ আৰু কষ্টৰ ধুমুহা মৰাই দিছিল যে, তেওঁ বাকী ডোখৰ বাটৰ আৰু আন একো কথালৈ কাণ বা চক্ষু নিদি একে কোবেই যমৰ চৰাৰ দুৱাৰমুখ উঠিল গৈ| যমদূতে তেওঁক ৰজাৰ আগ কৰি দিয়া মাত্ৰকে পুৰ্বৰ কথা মতে বৰুৱাই তৰানৰা ছিঙি 'পলায় বাসৱ পাছক নেচাই' কৰিলে| যমদূতেও সেইদৰে 'দেখি নিলা তাঙ্ক গোৰত গোৰে'| বাটৰ, যন্ত্ৰণাত কাতৰ কত পাপীয়ে বৰবৰুৱাক 'সম্বুদ্ধি বচন বুলি' পৃথিৱীত থকা সিহঁতৰ লৰা-তিৰোতা আদিলৈ বই-বতৰা কৈছিল; বৰবৰুৱা দেউৰ কিন্তু সেইবিলাকলৈ কৰ্ণপাত কৰিবলৈ তেতিয়া গাত তত্‌ নাছিল| কেৱল দুষাৰ কথা লৰালৰি বেলিকা তেওঁৰ কাণৰ বিন্ধাত পশি সোমাই ৰল—(১)"জোনাকী কাকতৰ বেচ নিদিয়াকৈ মৰা বাবে মোৰ ইয়ত যাতনাত প্ৰাণ যায়| হেৰি বৰুৱাদেও! হোক এই পাঁচ শিকি ৰূপ লৈ যাওক, কাকতৰ সম্পাদকক দিব গৈ!"(২) "হেৰি বৰবৰুৱা, জীয়াই থাকোঁতে আপোনাক মই দেখিব নোৱাৰি হিংসা, ঠাট্টা, অসুয়া আদি কৰিছিলোঁ; সেই মহাপাপৰ ফলত মই ৰৌ ৰৌ নৰকত পচিছো; কাতৰ কৰি মাতিছোঁ, পাপীক ক্ষমা কৰক"! এই কথাষাৰত মোৰ কৃপাময় হৃদয় যাদিও পমিছিল, তথাপি তালৈ মই ভালকৈ কাণ দিবলৈ তত্‌ নেপালোঁ; কাৰণ, পাছত যমদূতৰ খেদা! সি যি হওক যমৰ নগৰৰ বাজ হৈহে মই উশাহ লৈছিলোঁ| সেই মিতা টেকেলাই আগৰ কথামতে কিছুমান পৰৰ মূৰত আহি মোক আকৌ মোৰ এই ভগা বহাত আনি থৈ গলহি| এনেতে মই সাৰ পালোঁ|