NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
প্ৰথম আধ্যা
প্ৰৱেশ
"O pale, pale now, those rosy lips."
-R. Burns

ৰাতি দুপৰ হৈছে। জগত নিমাত, নিস্তব্ধ। সৰু বেজি এটি হাতৰ পৰা মাটিত পৰিলেও কাণ যায়। মাজে মাজে ফেৰুৱাৰ 'ফেউ' 'ফেউ', কুকুৰৰ 'ভুক্' 'ভুক্', হুদুৰ মাত আৰু ফেঁচাৰ কুৰুলীয়ে এই নিশাৰ নিফুট ভয়-লগা ৰাতিক আৰু ভয়-লগা কৰি তুলিছে। কেতিয়াবা বতাহৰ অলপ ৰিব্-ৰিবনিত গছ পাতবোৰ জৰজৰাই উঠিছে। আকৌ বতাহ নাইকিয়া হলত, সেইবোৰৰ ভিতৰত সাৰ-সুৰ নাইকিয়া হৈ পৰিছে, যেন নিশাই লুটি বাগৰ দিবলৈ আকৌ ঘোৰ টোপনিত নিমগ্ন হৈছে। চৰাই-চিৰিকতি, পহু পতং সকলোবোৰ টোপনিৰ কোলাত পৰি অচেতন; সকলোৱে দুখ-ভাগৰ, চিন্তা-চৰ্চ্চা এইবিলাক সেই ৰাতিৰ নিমিত্তে নিদ্ৰা গোসানীৰ আগত বলি দি নিশ্চিন্ত, নিৰুদ্বেগ আৰু নিস্তব্ধ। কিন্তু এনে সময়ত এটি প্ৰাণীৰ চকুত টোপনি নাই, মনত শান্তি নাই, অন্তৰত সুখ নাই। তেওঁ এটি ঘৰৰ এটা খোটালিত এখন শোৱা পাটীত বহি কিবা ভাবত মগন। তেওঁৰ মূৰ-শিতানৰ ওচৰতে এটা সৰিয়হৰ তেলৰ চাকি টিমিক টিমিককৈ জ্বলিব লাগিছে। চাকিটোত যে তেল নথকা বাবে তেনে হৈছে এনে নহয়, তাত তেল আছে; কেৱল সলাকানি ডালৰ আগটো কাটি বঢ়াই দিয়া হোৱা নাই বাবেহে তেনেকৈ সি কলমুটিয়াব লাগিছে। চাকিটোৰ অলপ মান আঁৰত, সেই ফালেই বেৰত আঁৰি থোৱা এটা কাঠৰ হেঙ্গুলীয়া সৰু কৰণীত এখন হেজাৰীঘোষা পুথি। ভৰি-পথানৰ ফালে দুটা বেতৰ কাপোৰ থোৱা জপা আৰু হাতনি-পেৰা এখন বাঁহৰ চাঙ্গৰ ওপৰত আছে। তাৰ ওপৰতে সেই চাঙ্গৰ মূৰশিতানৰ ফালৰটোৰ নিচিনা এটা সৰু আৰু এটা ডাঙৰ কৰণী। সৰুটোৰ ভিতৰত থকা বস্তুৰ এই তালিকা :- এখন সৰু আৰচী, এটা কাঠৰ হেংগুলীয়া সেন্দুৰৰ টেমা, এবখলা সেন্দুৰ-গোলা শামূক, এডাল কেঁটেলা পহুৰ কাঁইট, এডাল ৰূপৰ শলা, এটা ৰূপৰ চন্দনৰ খুৰিবাটি। ডাঙ্গৰটো কৰণীত গোটাচেৰেক ব-চুঙ্গা, মাকো, কিছুমান মহুৰা (কোনোটো পকোৱা কোনোটো নপকোৱা), আৰু দুলেচামান পাটসূতা। বেৰত কাঠৰ হাকোটা দুটা আছে; তাৰে এটাত মূৰত ঘঁহা গন্ধ-তেলৰ চুঙ্গা এটা আৰু এটাত মেৰ-ঢৰা খনচেৰেক অৰা। বেৰৰ কাষতে মাটিত গোটা-চেৰেক উঘা-চেৰেকী পুতি থিয়কৈ থোৱা হৈছে। শোৱাপাটীৰ ওচৰতে এটা বটাত টেমি, কটাৰী আৰো তামোল-পাণ। পাটীখন সৰ্ব্বসাধাৰণ মানুহৰ যেনেকুৱা, তেনে :- এখন হেঙ্গুলীয়া কুন্দা খুৰাৰে কঠাল কাঠৰ চালপিৰা, এখন কঠ, এখন তুলি, এখন তলত পৰা, এটা গাৰু আৰু এখন কাপোৰ। সেই খোটালিটোত কাপোৰ থোৱা দাঁড়, পিকদাণ, চৰিয়া, লোটা আৰু বাটি প্ৰভৃতি এনে ভালেমান বস্তু আছে, যিবিলাক সকলো ভাল মানুহৰ জীয়াৰীৰ শোৱা-ঘৰত থাকে। এইবিলাক বস্তু আৰু তাক থোৱা গঢ় দেখিলে যে ঘৰৰ গৰাকীয়নী অতি পবিত্ৰ, কোমল সজ স্বভাৱৰ ছোৱালী এনে ভাব মনত নেখেলাই নেথাকে।

সেই ছোৱালী কোন? কেলৈ তেওঁ এই দুপৰ ৰাতি ভাবি চিন্তি অস্থিৰ? কিয় তেওঁ শোৱাপাটীত, শোৱাৰ পৰিৱৰ্তে, বহি গাৰুত আউজি, গালত হাত দি, বেৰৰ ফালে মাটিৰ প্ৰতিমাখনি যেন হৈ একথেৰে ৰ-লাগি চাই আছে? তেওঁৰ চকুৰ পৰা দুধাৰি ফটিকৰ নিচিনা পকা গোলাপীজামু যেন গালেদি কি বৈ আহিছে? কিয় বা তেওঁ থাকি থাকি একোটা হুমুনিয়াহ কাঢ়িছে? হায় ! ন-কৈ ফুলা গোলাপ ফুলটি যেন ধুনীয়া আৰু মধুৰ ১৪ বছৰীয়া ছোৱালীটিৰ আজি কি হল? যাৰ মুখ সদায় প্ৰসন্ন, যি হাঁহিলে সৰিপৰা বকুল ফুলটি ঠাৰিত থকাৰ ফাকৰ পৰা চালে যেনে দেখি তেনে চিকুণ খোৰ দুটি দুফালে দুখন গালত ওলাই পৰে, যাৰ মাতত মৌ বৰষে, যাৰ ওঠ দুটি ডালিম ফুল যেন টিকটিক কৰে ৰঙা, দাঁত দুপাৰি যাৰ মুকুতাৰ মালা দুধাৰি যেন, যাৰ নাকৰ উপমা দিবলৈ বস্তু নাই, চেলাউৰি দুডাল যাৰ লেখনীৰে লেখা যেন, চকুযোৰ যাৰ নিৰ্ম্মলতা, পবিত্ৰতা আৰু চেনেহৰ পোহৰেৰে সদায় পোহৰ, যাৰ বহল আৰু মিহি কপালত কেকোৰা-কেকোৰ চুলি পৰি থকা দেখিলে দেখোঁতাজন মোহ যায়, যাৰ কাণ আৰু গলধনে সৈতে ডিঙিটি দেখিলে জলকুঁৱৰী বুলি ভ্ৰম হয়, এনে অপেশ্বৰীটিৰ, এনে প্ৰতিমাটিৰ, এনে পাৰিজাত ফুলটিৰ আজি কি হল? আহা ! পদুমৰ নলা ডালি যেন কোমল হাতটি মূৰটিৰ ভৰত ভাঙি নেযাব নে? শিলেৰে বন্ধোৱা বুকুৱেও সহিব নোৱাৰা ইমান একোটা হাৰ-মূৰ ভাগি যোৱা দীঘল হুমুনিয়াহ লৱনুৰে সজা এই কোমল হিয়াৰ পৰা কেনেকৈ ওলাইছে? ভোমোৰাৰ কঁকালটিৰ নিচিনা সৰু সেই কঁকালটিয়ে তেওঁৰ বুকুৰ ভৰ সহিব হালি পৰিছে নে কি? ৰাম কলৰ পুলি যেন সেই উৰু সেই শকত নিতম্ব আজি অলস আৰু অৱশ কিয়? পদুমৰে ফুলৰ চিনেৰে শুৱনী ভৰি। চন্দ্ৰৰ চিনেৰে সুশোভিত নখ। আজি তোমাৰ পদুমৰ কি হ'ল? চম্পাৰ কলি যেন আঙ্গুলী। চেনেহৰ প্ৰতিমূৰ্ত্তি পদুমৰ, মৰমৰ আঁৰৰ পদুমৰ, পূৰ্ণিমাৰ জোন যেন চিকোণ পদুমৰ, পবিত্ৰতাৰ মন্দিৰ পদুমৰ আজি এনে অৱস্থা কিয়? অকস্মাৎ পূৰ্ণিমাৰ জোনটিক বেজাৰ-ৰাহুৱে কিয় গিলিলে? দেবী-দলৰ মেঘত লগা সোণৰ কলচীৰ ওপৰত হঠাৎ আজি চিন্তা-বজ্ৰপাত কিয় হল? চেনেহ প্ৰতিমাত টাঙোন লগাবলৈ শোক-পোৰাসুঠান আজি কৰপৰা আহি ওলালহি? মৰম-পুখুৰী আজি বেজাৰ বিহেৰে ভৰিল কেনেকৈ?

প্ৰকৃতিৰ কাম্যবন আকাশ-লঙ্ঘা পৰ্ব্বতমালাৰে মেৰখোৱা, ব্ৰহ্মপুত্ৰৰ পবিত্ৰ পানীৰে ধুতি অলেখ তীৰ্থস্থানেৰে ভৰপুৰ কামৰূপৰ প্ৰধান নগৰ গুৱাহাটীত, যাৰ প্ৰাগজ্যোতিষ নাম পৃথিৱীত প্ৰখ্যাত, যাৰ ৰজা, ষোলহাজাৰ কন্যাৰ অধিপতি পৃথিৱীৰ পুত্ৰ নৰকাসুৰ আৰু মহাভাৰতৰ যুদ্ধৰ মহাবীৰ ভগদত্ত, যি গুৱাহাটীৰ নীলাচল পৰ্ব্বতত মহামায়া ভগৱতীৰ প্ৰধান পীঠস্থান কামাখ্যা বৰ্ত্তমান; যাৰ পশ্চিম-দক্ষিণ ফালে প্ৰাচীন ৰাজ্যৰ বিজয় ঘোষণা কৰি নৰকাসুৰৰ পৰ্ব্বত নিৰ্ভয় চিত্তে ঠিয় দি আছে; যাৰ অগ্নিকোণৰ সন্ধ্যাচল পৰ্ব্বতত তিনিও সন্ধ্যাৰে পবিত্ৰমন বশিষ্ঠ মুনিৰ আশ্ৰম; যি গুৱাহাটীৰ বেলতলা নামেৰে ঠাই ষাঠি হেজাৰ শিষ্যৰে বেঢ়ি থকা মহামুনি গাল্বৱৰ বেদধ্বনিৰে প্ৰতিধ্বনিত হৈছিল; পূজনীয় গোকৰ্ণঋষিৰ সামবেদ গীতত যি গুৱাহাটীৰ হয়গ্ৰীব মাধৱৰ কাণ আপ্লুত হৈছিল, এনে গুৱাহাটীত হৰদত্ত নামেৰে এজন ধনী, প্ৰতাপী, সম্ভ্ৰান্ত কায়স্থ কুলীয়া লোকে ১৭১৭ শকত বসতি কৰিছিল। তেওঁৰ পৰিয়ালৰ ভিতৰত :- তেওঁৰ অতি গুণৱতী আৰু ধাৰ্ম্মিক সহধৰ্ম্মিণী, এটা ল'ৰা, এজনী ছোৱালী আৰু বীৰদত্ত নামে ভায়েক। সেই সকলৰ কথা কোৱাৰ আগেয়ে হৰদত্তৰ বিষয়ে অলপ কোৱা যাওক৷

আমি যি সময়ৰ কথা কবলৈ আৰম্ভ কৰিছোঁ, সেই সময়ত হৰদত্তৰ বয়স ৫৬ বছৰ, তেওঁৰ চকুত ডেকা কালৰ তেজ, বহল বগা কপালত ওখ আশা, শকত হাত-ভৰিত দৃঢ়তা, মনত বীৰত্ব, অসীম উদ্যম, অদম্য কাৰ্য্যকৰী শক্তি, তেজ, বীৰ্য্য আৰু বল সদাই বৰ্ত্তমান। তেওঁক কেতিয়াও নেদেখা, তেওঁৰ নাম নুশুনা এটা মানুহেও যদি তেওঁক হঠাৎ দেখে, সেই মানুহৰ মনতো তেওঁৰ প্ৰতি ভয়, ভক্তি আদি ভাৱ নহৈ নোৱাৰে। তেওঁৰ গহীন মাত, ওখ আৰু শকত আকৃতি, গধুৰ আৰু জুখি জুখি কোৱা কথা। যেনেকৈ ডাঠ মনৰ মানুহটো নহওক, দুষাৰ কথাৰে মোৰাৰ পৰা ক্ষমতা, লোকক তধা লগোৱা কাৰ্য্য, আপোনাৰ কথা প্ৰাণপণে ৰখা স্বভাৱ আদিক, দাম্পত্যপ্ৰণয়, অপত্যস্নেহ, বন্ধু-বান্ধৱৰ প্ৰতি আগ্ৰহ স্বদেশপ্ৰিয়তা, প্ৰভৃতি কোমল ভাৱে গৌৰৱান্বিত কৰি থৈছিল। দুৰ্দ্দান্ত বিদ্ৰোহী মোৱামৰীয়াবিলাকৰ হাতত তেওঁৰ প্ৰিয় জন্মভূমি গুৱাহাটী লণ্ডভণ্ড নোহোৱাকৈ ৰাখিবলৈ তেওঁৰ অতি যত্ন থকাত তেওঁ দৰঙ্গৰ ৰজা কৃষ্ণনাৰায়ণে সৈতে গোট খাই যুদ্ধ বিদ্যাত লিপ্ত থাকিব লগাত পৰিছিল দেখিয়েই, তেওঁৰ স্বভাৱত কেতিয়াবা কেতিয়াবা কৰ্কশতা, নিষ্ঠুৰতা, মই-মত আৰু কাৰো কথা নুশুনা গতি এটা দেখিবলৈ পোৱা গৈছিল, কাৰণ যুদ্ধ তামসিক কাৰ্য্য, তামসিক কাৰ্য্য তামসিক ভাৱৰ জন্মদাতা; তাৰ আগত সাত্বিক আৰু ৰাজসিক ভাৱৰ পূৰ্ণবিকাশ হব নোৱাৰে। সি যি হওক মুঠতে কলে হৰদত্তৰ উচ্চাকাঙ্ক্ষা আৰু আত্মাভিমান প্ৰভৃতি গোটাচেৰেক গুণ বৰ প্ৰবল আছিল; যাৰ বশৱৰ্ত্তী হৈ তেওঁ কাৰো কথা, কাৰো উপদেশ, কাৰো পৰামৰ্শ, আন কি তেওঁৰ অতি মৰমৰ ভাৰ্য্যা আৰু কন্যাৰ প্ৰাৰ্থনা, কাকুতি-মিনতি পৰ্য্যন্ত কেতিয়াবা অগ্ৰাহ্য কৰিছিল।

হৰদত্তৰ ভাৰ্য্যাৰ নাম আমি কব নোৱাৰোঁ, কেৱল "ৰঘুৰ মাক" বুলি মতাটোহে আমি কব পাৰোঁ। ৰঘুদত্ত হৰদত্তৰ পুতেক, সেইবাবেই তেওঁক ৰঘুৰ মাক বুলি মাতিছিল। হৰদত্ততকৈ হৰদত্তৰ ঘৈণীয়েক ১৯ বছৰৰ সৰু। তেওঁৰ ১৭ বছৰ বয়সত ৰঘুদত্ত ওপজে, আৰু তাৰ তিনি বছৰৰ পাছত এজনী ছোৱালী জন্মে, যাৰ কথা আমি পিছত কম। এতিয়া তেওঁৰ বয়স ৩৭ হৈছে। কিন্তু ঈশ্বৰে কি মিলাই দিছে কব নোৱাৰি, গিৰীয়েকৰ নিচিনাকৈ এওঁকো নিচেই অলপ বয়সীয়া বুলি জানি, অলপ বয়সীয়া তিৰুতাৰ নিচিনা তেওঁৰ মুখত সেই কোমলতা, সেই মধুৰতা, সেই সৌন্দৰ্য্য বিদ্যমান। এতিয়াও তেওঁৰ মাত মিহি, এতিয়াও তেওঁৰ সুৰ মিঠা, এতিয়াও তেওঁৰ কথাত সেই যৌৱন-সুলভ লালিত্য আছে। তেওঁ বাহিৰে যেনে মধুময় ভিতৰেও তেনে পবিত্ৰ, মধুময়, নিষ্পাপ। এনে সাদৰী পতিব্ৰতা আৰু ধাৰ্ম্মিক তিৰোতা প্ৰায় দুষ্প্ৰাপ্য। স্বামীত তেওঁৰ অচলা ভক্তি। ৰাতিপুৱাই উঠি গা ধুই গোসাইঘৰ মছা আৰু ৰন্ধাবঢ়াদি গৃহৰ আন আন কাৰ্য্য কৰা তেওঁৰ নিত্যকৰ্ম্ম। তেওঁৰ পুতেক আৰু জীয়েকক তেওঁ আপোন প্ৰাণত কৈও অধিক ভাল পায়।

বীৰদত্ত নাৱে-গাৱেঁ বীৰদত্ত। তেওঁৰ কথাত বীৰত্ব, কাজত বীৰত্ব, বুদ্ধি-সন্ধিত বীৰত্ব। মুঠতে কবলৈ গলে ৯টা ৰসৰ বীৰ ৰসটো বীৰদত্তৰ গাত ষোল কলা আছিল। আৰু এই ৰসে তেওঁৰ ওপৰত ইমান প্ৰাধ্যান্য স্থাপন কৰিছিল যে কৰুণ, শান্তি আৰু হাস্যৰস প্ৰভৃতি ৰসবিলাকৰ কোনটোক ফাঁচী, কোনটোক বৰশী, কোনটোক শূলত দি তেওঁ সিহঁতৰ সঁচ মাৰিছিল। উপজিবৰে পৰা তেওঁ পাঁচ বাৰ হাঁহিছে নে নাই সন্দেহৰ স্থল। দুৰ্ব্বলৰ প্ৰতি দয়া, মানুহৰ প্ৰতি মৰম, জীৱ-জন্তুৰ প্ৰতি কৰুণা, কি পদাৰ্থ তেওঁ কব নোৱাৰে। কশ্চিৎ যদি তেনে ভাব তেওঁৰ মনত ওলাব খুজিলে, বীৰভাবে (যদি বাস্তৱিক পক্ষে তাক বীৰভাব বুলিব পাৰি) হাতত টাঙোন লৈ সেইখিনিত হাজিৰ হলহি, সেইবিলাকৰ আৰু মূৰ দাঙ্গিবৰ সাধ্য নাই। তেওঁ অবিবাহিত আছিল আৰু কোনো কালে যে তেওঁ বিয়া কৰাব, এনে এটা ভাবে তেওঁৰ মনত দুৱাৰ মুখ পৰ্য্যন্ত থোকা নাছিল। মুঠতে বীৰদত্ত দেখিবলৈ শুৱলা পুৰুষ নাছিল।

তেওঁৰ মুৰটো ৰঙ্গালাওৰ নিচিনা; যদিও তেওঁ পাহ কাটি দীঘল চুলি ৰাখিবলৈ যত্ন কৰিছিল তথাপি তেওঁৰ তালুখনত ধান মেলি শুকাব পৰা। গোফ মেকুৰীৰ গোফৰ নিচিনা, বৰণ চুৱা চৰুৰ তলিতকৈ অলপহে পোহৰ; চকুদুটা সৰু, নাকটো হাকোটাটো যেন, গাল মেৰোটা-মেৰুটি হনু ওলোৱা, হাত ভৰি বৰ বৰ একোটা ইত্যাদি। বাস্তবিক পক্ষে বীৰদত্তক হৰদত্তৰ ভায়েক বুলি কোনো প্ৰকাৰে নেজানি। সেইবিলাক যেই কি বা নহওক বীৰদত্তৰ এটা সৎগুণ আমি উল্লেখ নকৰিলে তেওঁক অন্যায় কৰা হব। তেওঁ ককায়েকৰ কথা কেতিয়াও অমান্য নকৰে আৰু তেওঁৰ যদি সঁচাসঁচিকৈ কাৰোবালৈ অলপ স্নেহ আছিল, সেই স্নেহ ককায়ৈকলৈহে।

বীৰদত্তক আমি ইমানতে এৰি আমাৰ নায়িকা হৰদত্তৰ জীয়েকৰ কথা কোৱা যাওক। আমি যি সময়ৰ কথা কৈছোঁ সেই সময়ত পদুমে ১৪ বছৰ পাৰ হৈ ১৫ বছৰত ভৰি দিছে। মাকৰ মৰম, বাপেকৰ ভাল পোৱাৰ বাহিৰে আগেয়ে যি সংসাৰত আৰু কিবা বস্তু আছে বুলি সমাজিকতো নেজানিছিল সেই পদুমৰ হৃদয় এতিয়া কিবা এটা ভাবেৰে তোলপাৰ। আগৰ দৰে কোনো এটা কামতে সৰহ বেলি মন লগাই তেওঁ থাকিব নোৱাৰে। হেজাৰী-ঘোষা পুথি পঢ়িবলৈ পালে যি পদুমে ভাত-পানী খাবলৈ পাহৰিছিল, তাঁত-সুতা বোৱা, পাঁজীকটা, দৰা-কন্যা সজা আদি কামত যি পদুমে মন-প্ৰাণ উছৰ্গিছিল, সেই পদুমৰ মন আৰু এতিয়া সেইবিলাক কামত নাই। তেওঁৰ মনো-ৰাজ্যত প্ৰৱল চোৰ-ডকাইতৰ উপদ্ৰৱ হবলৈ আৰম্ভ হল। এতিয়া তেওঁ আগৰ নিচিনাকৈ মাক-বাপেকৰ আগত কথা কবলৈ সংকোচ কৰে; ককায়েক আৰু দদায়েকৰ মুখলৈ চাই কথা কব লাগিলে বৰণ সলায়। যি সমনীয়া সখীয়েকৰ আগত আগেয়ে তেওঁ হিয়া উবুৰিয়াই কথা কৈছিল, সেই সখীয়েকৰ আগত তেওঁৰ মনৰ ভাব এতিয়া তেওঁ এডোখৰ এডোখৰহে প্ৰকাশ কৰিব পাৰে। কিন্তু এনে ভাবিব নেলাগে পবিত্ৰতা আৰু সৰলতাৰ প্ৰতিমা পদুমৰ হিয়াত পাপ ৰাক্ষস প্ৰবেশ কৰিলে। এতিয়াও তেওঁৰ মুখ ধৰ্ম্ম আৰু সাধুতাৰ কান্তিৰে পোহৰ, এতিয়াও তেওঁ সৰলতা, পবিত্ৰতা আৰু মধুৰতাৰ প্ৰতিমূৰ্ত্ত। যি পৰিবৰ্ত্তনৰ কথা কৈঁছো, এই পৰিবৰ্ত্তন স্বাভাবিক পৰিবৰ্ত্তন। মলয় বতাহ বোৱা, গোলাপ, কেতেকী, সেউতী, মালতীৰ ন-গোন্ধেৰে আমোদিত, কুলিৰ পঞ্চম সুৰীয়া মাত আৰু ভোমোৰাৰ গুণ্, গুণ্ ধ্বনিৰে প্ৰতিধ্বনিত, আমগছৰ কোমল নতুন কুঁহি পাতেৰে পৰিপূৰ্ণ কুঞ্জলতাদিৰে ঢকা ৰম্য যৌৱন-উপবনত লাহে লাহে ৰাজহংস-গতিৰে তেওঁ প্ৰথম প্ৰবেশ কাৰতহে তেওঁৰ ভাবৰ এই পৰিবৰ্ত্তন। এই পৰিবৰ্ত্তনে তেওঁৰ আগৰ গাখীৰ বৰণীয়া গালত সেন্দুৰ ঢালিলে, নিৰ্ম্মল চকুত প্ৰেমৰ জেউতি দিলে, শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গবিলাকত লাবণ্য, স্বাস্থ্য আৰু সৌন্দৰ্য্য ঢালিলে। মুঠতে পদুম এতিয়া হেজাৰ গুণে পদুমী হল৷

পদুমৰ ককায়েক ৰঘু। ৰঘু কুৰি বছৰীয়া উদ্ধত ডেকা; ডেকাতেজৰ বলত বনৰীয়া ম'হ ফুৰাদি ফুৰে। মাক-বাপেকৰ কথালৈ বৰ কাণ দিয়া তেওঁৰ অভ্যাস নাই। কোনো এটা কাৰ্য্য ভবাতকৈ তেওঁ কৰাটো উজু পায়। তেওঁ দেখিবলৈ এক প্ৰকাৰ ধুনীয়াই বুলিব পাৰি, কেৱল বাঁও চকুটোত অলপমান ফুল পৰা দোষ আছে। দাঢ়ি গোফ খুটিয়াইছে, ভালকৈ গজি উঠা নাই। পদুমলৈ তেওঁৰ মৰম কিমান আছে কব নোৱাৰো (অধিক থাকিবৰে কথা), কিন্তু পদুমৰ ওপৰত হলে তেওঁ বৰ প্ৰভুত্ব চলাবলৈ বিচাৰি ফুৰে।