NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
দ্বিতীয় আধ্যা
পদুমৰ কি হৈছে ?
"Why so pale and, fond lover? Pry thee, why so pale?"
-Sir J. Suckling

'পদুমৰ কি হৈছে?' এই প্ৰশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰোঁ ৷

হৰদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তৰত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছোঁ। তেওঁৰ এই আশা বহ্নিত কনকনীয়া শুকান খৰি পেলাই দিওঁতা হৈছে তেওঁৰ ভায়েক বীৰদত্ত। হৰদত্তই যেই কামকে কৰিম বুলি ভাবিব, বীৰদত্তই তাকেই সিংহ বিক্ৰমেৰে সমৰ্থন কৰি তেওঁক সেই কাম কৰিবলৈ দুগুণ উৎসাহী কৰিব। আন কি, কেতিয়াবা হৰদত্তই কৰিব নোখোজা কোনো কোনো কামো বীৰদত্তৰ উদগণিত কৰিবলৈ বাধ্য হয়। চমুকৈ কবলৈ গলে হৰদত্তৰ মূৰ, বীৰদত্ত হাত। আৰু মূৰে হাতক চলাব লাগে দেখি হাতৰ ওপৰত মূৰো কেতিয়াবা সেও হব লগাত পৰে৷

মোৱামৰীয়াবিলাকে আসাম উপান্ত কৰিলে, দেশত হুলস্থূল, প্ৰজাৰ সুখ-শান্তি নাই, ধন-প্ৰাণ সকলো সংকট জালেৰে মেৰখোৱা কতলোক ভাগি দেশ-দেশান্তৰে গল ; মানুহৰ পথাৰৰ পকাধান পথাৰত গুচিল, ভঁৰালৰ ধান ভঁৰালতে এন্দুৰ, শলীয়া, চোৰ, ডকাইতৰ ভোজ হ'ল ; বাৰীৰ তামোল-পাণ জয়পাতেক্ষয় আৰু গাওঁ-ভূঁইত মহাপ্ৰলয় উপস্থিত; চাৰিওফালে হাহাকাৰ ! অৱশেষত প্ৰজাৰ আৰ্ত্তনাদৰ ধ্বনি পৰমেশ্বৰৰ সিংহাসন পালেগৈ। ঈশ্বৰৰ মন কুমলিল আৰু তেওঁৰ ইচ্ছামতে ইংৰাজ সিংহই নিৰ্ভয়-হাত দুখুনী আসামৰ ফালে দাঙ্গিলে। মহাৰাজ গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ প্ৰাৰ্থনা মতে, মহামতি লৰ্ড কৰ্ণওৱালিচ্ বাহাদুৰ গৱৰ্ণৰ জেনেৰেল চাহাবৰ আজ্ঞাত ১৭৯২ খ্ৰীষ্টাব্দত কাপ্তান ওৱেলচ্ চাহাব আসমলৈ আহি মোৱামৰীয়া বিদ্ৰোহ দমন কৰে। কিন্তু পৰ ৰাজ্যত হস্তক্ষেপ নকৰা নীতি প্ৰৱৰ্ত্তক গৱৰ্ণৰ জেনেৰেল স্যাৰ জন স্যোৰ বাহাদুৰে ভাৰতবৰ্ষৰ শাষনদণ্ড গ্ৰহণ কৰিলত ১৭৯৪ খ্ৰীষ্টাব্দত কাপ্তান চাহাব দুখুনী আসামক আকৌ দুখৰ এন্ধাৰ গাঁতত পেলাই কলিকতালৈ গুচি গ'ল। ওৱেলেচ্ আসামলৈ অহাৰ অলপ আগেয়ে দৰঙ্গৰ কৃষ্ণনাৰায়ণ ৰজাৰে সৈতে মিল হৈ হৰদত্তই মোৱামৰীয়াবিলাকৰ হাতৰপৰা কামৰূপ ৰক্ষা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। তেওঁৰ প্ৰধান ইচ্ছা এইটো আছিল যে এই সুযোগতে ঢেকেৰী বিদ্বেষী অত্যাচাৰী আহোম বিলাকৰ হাতৰপৰা স্বদেশ উদ্ধাৰ কৰি সুশাসনৰ নিমিত্তে কোচবেহাৰৰ মহাৰজাক বা কৃষ্ণনাৰায়ণ ৰজাক দিয়ে নাইবা তেওঁ নিজে ৰাখে। পাছে কাপ্তান চাহাব আহি কৃষ্ণনাৰায়ণক কৈ ৫৮০০০ টকা কৰ বছৰত বছৰি তেওঁ আহোম ৰজাক দিবলৈ নিৰ্ব্বন্ধ কৰি সন্ধি কৰাই দিলত হৰদত্তই থেৰু ছিগি কিছুদিনৰ নিমিত্তে শান্ত ভাৱ ধাৰণ কৰিলে। কিন্তু ঢেকেৰী মানুহৰ প্ৰতি আহোমবিলাকৰ তুচ্ছ-তাচ্ছিল্য ভাৱ, অমানুষিক ঘৃণা, অতি কুৎসিৎ ব্যৱহাৰ-বিষে তেওঁৰ অন্তৰ বিষাক্ত কৰি থৈছিল। তেওঁৰ নিচিনা উন্নতমনা আৰু স্বদেশপ্ৰেমী লোকৰ পক্ষে আপোন দেশৰ লোক আৰু জাতি, কুটুম্ব প্ৰভৃতিৰ লাঞ্ছনা নিজ চকুৰ আগত দীৰ্ঘকাল চাই থকা অসম্ভৱ কথা। কতদিন কতবাৰ আপোনদেশী লোকৰ আহোমবিলাকৰ হাতত অপমান অমৰ্য্যাত দেখি তেওঁ চকুৰ-লো টুকিছে। পৰাক্ৰমী ইংৰাজ সৈন্য আসামৰপৰা উভতি গলত আকৌ হৰদত্ত অত্যাচাৰী আহোম ৰজাৰ বিপক্ষে সিংহক্ৰমে উঠিল। আকৌ তেওঁ বজ্ৰনিৰ্ঘোষ স্বৰে স্বদেশীয়সকলক আহোমৰ বিপক্ষে উত্তেজিত কৰিবলৈ ধৰিলে। আকৌ তেওঁ "কাৰ্য্যং বা সাধয়েৎ শৰীৰং বা পাতয়েৎ" মহামন্ত্ৰেৰে জাতি-ভাইসকলৰ হিয়াত আহুতি দিবলৈ ধৰিলে। আকৌ তেওঁৰ শক্তি-সামৰ্থ্য, তেওঁৰ অদম্য উৎসাহেৰে যুদ্ধৰ আয়োজনত প্ৰয়োগ কৰিবলৈ ধৰিলে৷

মোৱামৰীয়া বিদ্ৰোহ দমন হোৱাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইদেৱে ভগা দেশ ন-কৈ পাতিবলৈ লাগিল। তেওঁৰ গোটেই যত্ন উজনি খণ্ডতে ব্যয়িত হৈছিল ; গুৱাহাটিৰ ফালে তেওঁ বিশেষ মন দিব নোৱাৰিছিল। বিশেষতঃ গেন্ধেলা ৰাজখোৱা বৰফুকনে (কলীয়াভোমোৰা বৰফুকন) ন-কৈ কামৰূপৰ শাসনকৰ্ত্তা হৈ অহা বাবে তাৰ অৱস্থা ভালকৈ জানিব নোৱাৰিছিল। সেই দেখি কামৰূপত নানা অন্যায় অত্যাচাৰাদি হৈছিল৷

হৰদত্তই কোচবেহাৰৰ মহাৰাজলৈ এখন চিঠি লেখিলে, যে কামৰূপ, চিলাৰায় আৰু ৰঘুদেৱ ৰজাৰ দিনৰে পৰা কোচবেহাৰৰ ৰজাসকলৰ সম্পত্তি ; শ্যাম শ্যাম দেশৰ মেলেচ আহোমবিলাকৰ গৰাহৰ পৰা কামৰূপ ৰক্ষা কৰি সুশাসন কৰাটো তেওঁবিলাকৰ নিতন্ত কৰ্তব্য। আৰু এইঅ কাৰ্য্যত তেওঁ মহাৰাজক প্ৰাণপৰ্য্যন্ত দি সাহায্য কৰিবলৈ সাজু আছে। সম্প্ৰতি এই কথাৰ স্থিৰতাৰ নিমিত্তে তেওঁৰ সৰ্ব্বসুলক্ষণী আৰু ৰাজযোগ্য সুন্দৰী কন্যা পদুম কুঁৱৰীক সমৰ্পণ কৰিছে। পত্ৰ-প্ৰাপ্ত মাত্ৰকে যেন কোঁৱৰ আহি পদুম কুঁৱৰীক শুভবিবাহ কৰি লৈ যায়৷

পদুমকুঁৱৰীৰ অপাৰ্থিৱ ৰূপ-গুণৰ কথা কোচবেহাৰে বহুদিনৰ আগৰে পৰা শুনি লুভীয়া হৈ আছিল, বিশেষতঃ হৰদত্তৰ নিচিনা ক্ষমতাশালী মানুহ এজনৰ সাহায্যত কামৰূপ লাভ, ৰাঙ্গত ৰূপ চৰোৱাৰ দৰে। চিঠি পোৱা মাত্ৰকে পদুমকুঁৱৰীক বিয়া কৰাবলৈ মহাৰাজে কোঁৱৰক দোলাই-ঘোড়াই হাতীয়ে-মানুহে দি মহা সমাৰোহেৰে পঠাই দিলে।

সূৰ্য্যকুমাৰ বৰুৱা নামেৰে এটি ল'ৰা, পাঁচ বছৰ বয়সতে হৰদত্তই তেওঁৰ ঘৰলৈ আনি তুলি তালি ডাঙৰ দীঘল কৰিছিল। পাঁচ বছৰতে সূৰ্য্যৰ বাপেক-মাক মৰিল। বাপেক-মাকৰ অভাৱত তেওঁক পোহপাল কৰোঁতা কোনো নাছিল দেখি দয়ালু হৰদত্তই আনি তেওঁক প্ৰতিপাল কৰিবলৈ ধৰিলে। তেওঁৰ বাপেক যদিও দুখীয়া আছিল, তথাপি ভালমানুহৰ ঘৰৰ ; আৰু হৰদত্তৰ ঘৰত সদাই উপাসা-ভৰসা কৰি থকা মানুহ। সেইবাবে হৰদত্তই কেঁও কিছু নাইকিয়া সেই মাউৰা ল'ৰাটিক বৰ মৰম কৰি অতি আদৰেৰে তুলিছিল। সূৰ্য্যয়ো হৰদত্ত আৰু তেওঁৰ পত্নীৰ ওচৰত সেই বাবে বৰ কৃতজ্ঞ আছিল আৰু আপোনাৰ ঘৰত থকাতকৈও বৰ সুখেৰে আছিল। সূৰ্য্য দেখিবলৈ বগা আৰু ধুনীয়া আছিল। তেতিয়াৰেপৰা সূৰ্য্যৰ খোৱা, থকা, ধেমালি কৰা, ফুৰা, কথা কোৱাৰ লগৰীয়ানী পদুম। পদুম যত সূৰ্য্য ত'ত, সূৰ্য্য যত পদুম ত'ত। পদুমে ধেমালি নকৰিলে সূৰ্য্যই ধেমালী নকৰে, পদুমে বেজাৰ কৰিলে সূৰ্য্যই বেজাৰ কৰে, পদুমে ভাত নেখালে সূৰ্য্যই ভাত নেখায়। মুঠতে কবলৈ গলে ৰাতিৰ ৬/৭ ঘণ্টাৰ বাহিৰে পদুম আৰু সূৰ্য্যৰ এৰা এৰি নাই। পদুমৰ মনটো সদায় কেনেকৈ আনন্দত ফুলি থাকিব সূৰ্য্যৰ এই চেষ্টা, আৰু সূৰ্য্যৰ মনটো সদায় কেনেকৈ আনন্দত ফুলি ভালে থকিব পদুমৰ এই চেষ্টা দুইৰো ভিতৰত এনে নিৰ্ম্মল ভালপোৱাৰ দৃশ্য অতি সুন্দৰ, অতি মোহলগা। হৰদত্ত আৰু তেওঁৰ স্ত্ৰীয়ে পদুম আৰু সুৰ্য্যৰ সজ স্বভাৱ আৰু ব্যৱহাৰত সদাই পৰম আনন্দ লাভ কৰি আছিল৷

এইদৰে কিছুকাল গল। পদুম আৰু সূৰ্য্য লাহে লাহে ডাঙৰ হৈ আহিল। বয়সৰ লগে লগে তেওঁবিলাকৰ ভিতৰত মৰম বাঢ়ি আহিল। পদুমৰ বয়স এতিয়া চৈধ্য বছৰত আৰু সূৰ্য্যৰ ১৭ বছৰত সোমাল। কিন্তু স্বাভাৱিক পৰিবৰ্ত্তনত কোনে বাধা দিব পাৰে ? তেওঁলোকৰ ভিতৰত ল'ৰাকালিৰ মৰমেই ক্ৰমে এটা অভিনৱ আকৃতি ধৰিলে। আগেয়ে দুয়ো হিয়া উবুৰিয়াই কথা নেপাতিলে নহৈছিল; এতিয়া দুয়ো একেষাৰ বা দুৱেষাৰ কথাতকৈ সৰহকৈ পাতিব নোৱাৰে। আগেয়ে দুয়ো মুখলৈ চোৱা-চুই কৰি থাকিলেও মুখৰ ভাৱ নলৰিছিল, এতিয়া চকুৱে চকুৱে পৰিলেই দুইৰো মুখ ৰঙ্গা লাতুৰমণিৰ নিচিনা হৈ যায়, আৰু মূৰ তললৈ দোঁ খাই পৰে। একৰামকালি এজনে এজনক ওচৰত আগত দেখিলেহে হেপাহ পলুৱাই চাব পাৰিছিল, এতিয়া এজনে এজনক আঁতৰৰ পৰা চালেহে মনৰ সুখেৰে হেপাহ পলুৱাই চাব পাৰে। আগেয়ে এজনে এজনক আগত থাকে মানে মনত ৰাখিছিল আৰু তেওঁৰ আগৰ পৰা নাইকিয়া হলে পাহৰিছিল, এতিয়া সেইজন আগৰ পৰা নাইকিয়া হলেহে তেওঁৰ তেওঁলৈ বেছিকৈ মনত পৰা হল। আগৰ ভালপোৱা আৰু মৰম মুখৰ কথা-বাৰ্ত্তাই জনাইছিল, এতিয়াৰ ভালপোৱা আৰু মৰম স্থিৰ চকু আৰু মুখৰ বৰণ সলনিয়ে জনায়৷

পদুমৰ আৰু সূৰ্য্যৰ মাজত ল'ৰাকলীয়া ভালপোৱা গৈ যৌৱনসুলভ ভালপোৱাৰ উদ্ভৱ। পদুমৰ ইচ্ছা, তেওঁ যেন চিৰকালৰ নিমিত্তে সূৰ্য্যৰ হাতত তেওঁৰ মন-প্ৰাণ সমৰ্পণ কৰিব। সূৰ্য্যৰ মনতো এনে ভাৱ হল যে তেওঁৰ হিয়া যেন একেবাৰেই পদুমক বিলাব। পদুমক যেন তেওঁৰ চিৰ দুখ-সুখৰ ভাগিনী আৰু চিৰসঙ্গিনী কৰিব। এই ইচ্ছাৰ বশৱৰ্তী হৈ উভয়ে উভয়ক বৰণ মনতে কৰিলে। কিন্তু প্ৰেম, সংকল্প আৰু কাৰ্য্য এইবিলাকৰ ওপৰত এজন নপতা-ফুকন আছে। সদীয়াত থাকি ধুবুৰীত প্ৰেম কৰিব পাৰি। ব্ৰহ্মকুণ্ডৰ পৰা সঙ্কল্প-ব্ৰহ্মপুত্ৰত উটি আহি উমানন্দত লাগিব পাৰি, সাতোটা নগা পৰ্ব্বত বগাই ওপৰ চাঙ্গৰ নগাৰ কাষ পাবগৈ পাৰি। কিন্তু এই নপতা ফুকন জনৰ তাপত চাৰি আঙ্গুল আঁতৰত থকা এজনক এজনে পাব নোৱাৰে। এইজন নপতা ফুকনৰ নাম হল লাজ। সময় নাই, অসময় নাই, ঠাই নাই, অঠাই নাই, এওঁ সদাই সকলোতে ডাঙ্গৰ। এওঁৰ অশেষ কীৰ্ত্তি। সঁচাই মিছাই, হকত অনাহকত, লোকৰ বিশেষকৈ অলপ বয়সীয়া মানুহৰ ওপৰত বৰ মতা ওলোৱাত এওঁ বৰ কাজী। চুকৰ বোৱাৰী কত চেপেটা লাগি পৰি আছে, এওঁ তাতে ভুকুকিয়ালেগৈ। ন-দৰা কত বিয়া কৰিবলৈ গল, এওঁ গৈ তাত উপস্থিত হল ; কতকালৰ মূৰত গিৰীয়েক ঘৰলৈ উভতি আহিল, ঘৈণিয়েক আনন্দত উৎফুল্ল ; কিন্তু ইমান ধাউতিৰ বস্তু গিৰীয়েক যেতিয়া আগত উপস্থিত হৈ মৰমৰ মাতেৰে ঘৈণীয়েকক মাতিলে ততালিকে আমাৰ লাজ ডাঙৰীয়া কৰবাৰ পৰা আহি ঠিয় হল, আৰু ঘৈণীয়েকৰ মূৰ দোঁ খাই গল। হিমালয় পৰ্ব্বতৰ কাঞ্চনজংঘা টিঙ্গক কাপ কৰি লোণসাগৰক মহী কৰি লেখিবলৈ ধৰিলেও এই মহাপুৰুষৰ গুণশীল নুঢুকাই। এই লাজৰ তলতীয়া হৈয়েই পদুমে সূৰ্য্যক আৰু সূৰ্য্যই পদুমক এতিয়ালৈ তেওঁবিলাকৰ এই নতুন মনৰ ভাব আন ব্যক্ত কৰিব পৰা নাই, কিন্তু এই ভাব আন সাধাৰণ ভাবৰ নিচিনা নহয়। ইয়াৰ সহস্ৰ মুখ। ই নানা প্ৰকাৰে প্ৰকাশিত হয়। সেই দেখি, তেওঁবিলাকৰ মুখ জাপ খাই থকাতো, এই ভাব অন্তৰে দুয়ো কোৱাকুই কৰিব পাৰিছিল।

এই বিলাকৰ সুখ সামাজিকৰ মাজতে হঠাৎ পদুমৰ চেতনা হল; অকস্মাৎ তেওঁৰ মুৰত আকাশী চৰগ ভাগি পৰিল। তেওঁৰ সখীয়েক আহি হঠাতে এটা আমঠু কলা পৰি যোৱা বাতৰি তেওঁক দিলে। বাতৰি শুনি চৰগ-পৰা যেন হৈ অলপ মান থৰ হৈ থাকি তেওঁ লুটি খাই পৰিল। সখীয়েকে তেল পানী আনি মূৰত থপিয়াই দি বিচি বিচি পদুমৰ চেতনা আনিলে। জ্ঞান পাই তৰা যেন চকু দুটি মেলি লাহেকৈ পদুমে সুধিলে ; "সখি, তুমি ধেমালি কৰিছাঁ নেকি ? ধেমালি কৰিছোঁ বুলি কোৱা সখি !"

"মইনো এনেবোৰ কথালৈ তোমাৰে সৈতে ধেমালি কৰোনে সখি ?" এই বুলি সখীয়েকে ৰিহাৰ আঁচলেৰে নিজৰ চকুলো টুকিবলৈ ধৰিলে। পদুমে আকৌ সুধিলে :-"একেবাৰে বিয়াৰ ঠিক কৰি চিঠি দিলেনে ?" সখীয়েকে উত্তৰ দিলে :-"এৰা ঠিক কৰি চিঠি দিলে। আকৌ শুনিছোঁ বোলে ৰাজকোঁৱৰে বিয়াৰ নিমিত্তে তাৰ পৰা আহিলেই, কালি আজিতে পাবহি৷"

সখীয়েকৰ কথাৰ অন্তৰত পদুমে "সূৰ্য্য ! সূৰ্য্য !" বুলি দুবাৰ মাতি আকৌ মুচকচ্ গল। সখীয়েকে বৰ যতনে আকৌ পদুমৰ চেতনা আনি কলে, "সখি ! বিপদকালত ধৈৰ্য্য ধৰিব লাগে, অস্থিৰ হলে কি হব ? লাজ কৰি থাঁকোতে থাঁকোতে জোৰ পুৰি হাত পালেহি। আইক মই সকলো কথা ভাঙ্গি-চিঙি কওঁ, বোলো সূৰ্য্যইহে পদুমৰ স্বামী, সূৰ্য্যৰ বাহিৰে পদুমে কাকো নাজানে। আয়ে দেউতাৰ আগত কৈ বিয়া ভাঙ্গি দিয়ক৷"

পদুম- আৰু কবাঁ, "সূৰ্য্য নহলে পদুম জীয়াই থাকিব নো- ৷" এই বুলিয়েই পদুমৰ কণ্ঠ ৰোধ হল। ফটিকৰ বাৰ যেন দুধাৰা লো চকুৰ পৰা বৈ আহিল, আৰু একো কব নোৱাৰিলে। সখীয়েকে আপোনাৰ ৰিহাৰ আচলেৰে পদুমৰ চকুলো টুকি দি পদুমক কলে, "সখি, এই কথাত পলম কৰি থাকিলে কাৰ্য্য নাশ ; সেই দেখি মই এতিয়াও আইৰ ওচৰলৈ যাঁও৷" এই বুলি সখীয়েক উঠি আহি দুৱাৰ মুখ পাইছেহি, এনেতে পদুমে মিহিকৈ কলে, "আইক কবা, এই বিয়া জীয়া পদুমে সৈতে নহয় !"

পদুমৰ সখীয়েকে এইবিলাক সকলো কথা পদুমৰ মাকৰ আগত কলত তেওঁ স্বামীৰ আগত এটাইবিলাক জনাই মৰমৰ জীয়েকৰ হকে স্বামীৰ আগত কাকুতি-মিনতি কৰিবলৈ ধৰিলে। হৰদত্তই এই কথা শুনি খঙ্গত ঘৃতাহুতি দি জীয়েকৰ ফলীয়া হৈ কথা কোৱাত ঘৈণীয়েকক তিৰস্কাৰ কৰিলে, আৰু তৎক্ষণাত মানুহ পঠিয়াই বীৰদত্তক মতাই আনি স্বপ্নৰ অগোচৰ এই নতুন কথা বৰ্ণনা কৰিলে :-

হৰদত্ত :-"শুনিছ নে বীৰ, আমাৰ বংশধৰী জিয়াৰীৰ কিৰ্ত্তি-কলাপ ! আমি চাই দিয়া দৰা তাইক নেলাগে হেনো, তাই নিজে দৰা বাচি লৈছে ! চুকতে থাকি বুকতে কামোৰা এইটো সূৰ্য্য নে কি তাতহে হেনো তাই বিয়া সোমায়। তাকে আকৌ এই মাক জনীয়ে মোক কবলৈ আহিছে। ইমান সাহ ছিকৰা যেন ছোৱালী এজনীৰ। বাপেক-মাকে দৰা বিচাৰি দিব নোৱাৰে, তাই নিজে দৰা বাচিছে ! ওঁ-বাৰু অ, বেছ কথা শুনিলো! শলাগোঁতে শলাগোঁতে শলাগাথি লাগিল! দিনে ৰাতিয়ে ঘোষা পুথি পঢ়া, নাম গোৱা, বাপেক-মাকক ভক্তি কৰাৰ ফল এই ফল ! এই বৰুৱা ঘৰৰ ল'ৰাটো কণমানৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিলো, ই যে এনেটো কৰিব তাক কোনে জানিছিল ? স্বভাৱ-চৰিত্ৰ ভাল বুলি জানিলে আৰু বাহিৰে দেখিব শুনিব ভাল জলেও যে মানুহক চিনা টান এতিয়াহে বুজিলো৷"

বীৰদত্ত :-" হেঃ, হেঃ, বুজিলে নে এতিয়া ? ইমান সোনকালে যে বুজিব আশা নাছিল। আপুনিয়েই গুচালে সেইজনী ছোৱালী। সুন্দৰ হৈছে এতিয়া। মৰম দেখুৱাবহে দেখুৱাব ; মোৰ পদুমহে, মোৰ মইনাহে, মোৰ অমুকহে, মোৰ ভুচুকহে, ভেচুলিৰ ছালহে। ল'ৰা-ছোৱালীক বাঘৰ চকুৰে চাব দিছে। ওলাওঁতে এভুকু, সোমাওঁতে এভুকু-তেহে ল'ৰা-ছোৱালী, ল'ৰা-ছোৱালী হৈ থাকে। আপোনাৰ আৰু বৌৰ মুখতহে 'পদুম ভাল, পদুম ভাল' আমি হলে যে 'পদুম নহয় যমকাল' তাক কেতিয়াৰ পৰা জানো। বৌক কওক, যাওক লৰ মাৰি গৈ পদুমীক নাল লগা চুমা এটা দি আহক গৈ। আপোনাৰ সূৰ্য্য কুমাৰ এতিয়া বেয়া হলনে ? কিয় বেয়া হব ? এনে কথা কত আছে ? এনে সৎ স্বভাৱৰ ল'ৰা কত আছে দেহি ? আৰু কৰবাৰ লৰা-লুৰী এই দেশত আজিকালি পাবলৈ নাই নে ? গোতাচেৰেকমান আনি তুলি লৈ পদুমেৰে সৈতে ধেমালী-ধুমুলা কৰিবলৈ লগ লগাই দিয়ক৷"

হৰদত্ত:-"সেইবোৰ কথা কলে কি হব ? এতিয়া কি কৰিম, সেইটোৰ হে বুদ্ধি দিব লাগিব। যি হল হল। সিফালে কোচবেহাৰৰ ৰাজকোঁৱৰ আহিব। কাইলৈ আহি পাবহি; এইখন গোলমাল শুনি তেওঁ বা কি বুলিব, আৰু আন মানুহে বা কি বুলিব ? মোৰ বাৰেপাচি শত্ৰু, সেইবিলাকতো মোৰ ছোৱালীৰ মিছাই-সঁচাই বদনাম ৰটিব৷"

বীৰদত্ত :-"কি কৰিম, কি কৰিম ; এইটো কথালৈকে ইমান ভাবিব লাগিছে নে? লালুকীলৈ আকৌ তপত পানী লাগিছে। কাণখনত ধৰি সূৰ্য্য নে সূৰ্য্য সেইটোক আপোনাৰ ঘৰৰ পৰা উলিয়াই দিয়ক, পদুমক ভালকৈ দাবি গোটাচেৰেক লগাই দিয়ক, সকলো ঠিক হৈ যাব৷"

এই কথা শুনি হৰদত্তৰ ঘৈণীয়েকে চকুলো টুকি কলে, "সূৰ্য্যক খেদিলে মোৰ পদুমীক আৰু নাপাওঁ৷"

হৰদত্ত :-"তই ইয়াৰ পৰা গুচ। মোৰ যি মন যায় তাকে কৰিম। 'পদুমীক নেপাওঁ' পদুমী কলৈ যাব ? বাৰু কলৈ যায় যাওকচোন চাওঁ৷"

স্বামীৰ এই কথা শুনি পদুমৰ মাক কান্দি কান্দি লাহে লাহে ভিতৰলৈ গুচি গল। হৰদত্তই সেই দিনাৰ ভিতৰতে সূৰ্য্যক তেওঁৰ ঘৰৰ পৰা ওলাই যাবলৈ আৰু পদুমেৰে সৈতে কেতিয়াও দেখা নকৰিবলৈ আজ্ঞা দিলে। অনামেঘত বজ্ৰাঘাতৰ নিচিনা এই নিষ্ঠুৰ কথা কাণত পৰিহে আজি পদুম ইমান ব্যাকুল, অস্থিৰ, চিন্তাত নিমগ্ন, আৰু টোপনি নাইকিয়া।