NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
তৃতীয় আধ্যা
বিদায়
"Since there's no help, come let us kiss and part."
--M. Drayton

গছপুলিটিৰ পৰা এৰুৱাই দিয়া জয় পৰা লতাডালি যেন হৈ, পৰি থকা পদুমৰ শোৱা-খোটালিলৈ আকৌ আমি আকৌ যাঁও। পদুম কত কি চিন্তাত মগ্ন। এহেজাৰ সাপে খোৱা সমান শোকে-বিষে আজি পদুমক জৰ্জ্জৰিত কৰিছে। কেতিয়াবা ফেকুৰি ফেকুৰি কান্দি আকৌ তৎক্ষণাৎ নিতাল মাৰিছে। কেচুৱাৰ পৰা যতে মন-প্ৰাণ সমৰ্পিছিল, হঠাৎ বিচ্ছেদেই নহয়, তেওঁক দিয়া মন-প্ৰাণ তেওঁৰ পৰা নিৰ্দ্দয় আৰু অকৃতজ্ঞ ভাবে বলেৰে কাঢ়ি আনি আন এজনক দিব লাগে। পদুমৰ নিচিনা অবলাৰ পক্ষে এনে বল সম্ভৱ নে ? পদুমৰ নিচিনা কোমল আৰু মৰমীয়াল হৃদয়ৰ পৰা এনেটো কাৰ্য্য আশা কৰিব পাৰি নে ? পদুমৰ নিৰ্ম্মল প্ৰেমত এনে মলিৰ ঠাই হব পাৰে নে ? সূৰ্য্যকুমাৰ পদুমৰ হৃদয়-সৰোবৰৰ একেটি পদ্মৰ একেটি ভোমোৰা ; সেই ভোমোৰাক এৰি পদুম কেনেকৈ থাকিব ? সেই ভোমোৰাটিৰ বিহনে পদুম শুকাই যাব যে ! সেই ভোমোৰাটিৰ গুণ্ গুণ্ সঞ্জীৱনী মন্ত্ৰ কাণত জপি নাথকিলে পদুমৰ প্ৰাণ পদুমত থাকিব নোৱাৰে যে ! সেই ভোমোৰাটিক পদুমৰ পৰা নিষ্ঠুৰতাচৰণ কৰি তুমি আঁতৰ কৰা, তুমি ভোমোৰাকো হেৰুৱাবাঁ, পদুমকো হেৰুৱাবাঁ। হাঁয়। দুটি বস্তু একেটি হৈ সংসাৰৰ এচুকত জীয়াই থাকিব খোজে, তাত তুমি কিয় প্ৰতিবন্ধক হোৱা ? দুটি প্ৰাণিয়ে এই সংসাৰত ভাল পোৱা-পুই কৰি প্ৰাণত প্ৰাণ সপি জীয়াই থাকিব খোজে. কাৰো অপকাৰ নকৰে, কাৰো অন্যায় নকৰে, কাকো একো নোখোজে, কাকো একো নিদিয়ে, তাত তুমি বিধি-পথালি কৰা কিয় ? এই পৃথিৱীৰ চুক একণৰ গছ এজুপিত এজুৰি কপৌ-কপৌৱনীয়ে দিনে ৰাতিয়ে মুখা-মুখীকৈ চাই জীৱন ধাৰণ কৰি থাকিব, তোমাৰ ধান নেখায়, তোমাৰ সৰিয়হ নেখায়, আনকি তোমাৰ সৰি পৰা খুদ চাউলটিতো ঠোট নলগায়, মাজে মাজে দুয়ো দুয়োলৈ চাই এষাৰ বা দুষাৰ 'কুৰু' 'কুৰু' কৰি মৰমৰ গীত গাব তাক তুমি কাঁড়িব খোজা কিয় ? সিহঁতৰ 'কুৰু' 'কুৰু' তোমাৰ কাণত ভাল নেলাগে, সিহঁতে সেই দৰে ভাল পোৱাত তুমি বেয়া পোৱা, তোমাৰ ক্ষমতা আছে তুমি সিহঁত দুইকো চকুৰ আগৰ গছ জুপিৰ পৰা উৰি যাবলৈ দিয়, সিহঁত কোনোবা জন-প্ৰাণী শূন্য অটব্য অৰণ্যলৈ গুচি যাবগৈ, দুয়ো দুয়োকো ভাল পাই থাকিব। তাত হাত দিবলৈ সংসাৰত অলেখ বস্তু, অলেখ কাম আছে ; এজন ৰজাক ভাঙ্গিব পাৰা যদি আন এজনক পাঁতা, এঠাইৰ পৰা এখন নগৰ তুলি নি আন এঠাইত থাঁপাগৈ, এখন যুঁজলৈ গৈ তোমাৰ গাত যিমান বল আছে, সিমান বল দেখুঁৱাঁ, এফালে বৈ থকা এখন নদীক আনফালে বোওৱাঁ, কিন্তু কাবৌ কৈ মাতিছোঁ এই নিৰ্দ্দোষী পখী জুৰিৰ সুখত আৰু জীৱনত তুমি ব্যাঘাত নিদিবাঁ। এটিৰ বুকুৰ পৰা এটিক তুমি ফালি নিনিবাঁ। চোৱাঁচোন তোমাৰ ধন আছে, সম্পত্তি আছে, মান আছে, সংসাৰ আছে, বন্ধু আছে, বান্ধৱ আছে, কত কি আছে ; কিন্তু এই দুটিৰ মানত এই সংসাৰত একো নাই, কেৱল এটিৰ ধন এটি। এটিৰ সৰ্ব্বহ আনটি। সেইটি মাত্ৰ ধনেৰে সিঁহতক বঞ্চিত কৰিলে সিঁহতে কি লৈ বুকু জুৰাই থাকিব ? তোমাক সিঁহত ধন নোখোজে, তোমাৰ ওচৰত সিঁহতৰ কেৱল এটি ভিক্ষা-দুয়ো যেন জীয়াই থাকে মানে এৰা-এৰি নোহোৱাকৈ থাকিবলৈ পায়। এই সামান্য ভিক্ষাটি দিবলৈ তুমি কুন্ঠিত নহবাঁ। এই মুঠি চাউল-প্ৰাণী দুটিক ভয়ংকৰ একালৰ হাতৰ পৰা ৰাখিব৷ -কিন্তু হায় ! কি বিষম সংসাৰ ! এই প্ৰাৰ্থনা, এই কাকুতিলৈ কোনে কাণ কৰিব ? জালত পৰা হৰিণ-হৰিণীৰ কাতৰ মিনতিত পমি যোৱা হিয়া কেইখন আছে ?

পাঠক ! পদুমে এই চাটি-ফুটি অৱস্থাত থাকি খপকৰে হাত মেলি মূৰশিতানৰ ফালে বেৰত আৰি থোৱা কৰণীটোৰ পৰা হেজাৰীঘোষা পুথিখন আনি থোকাথুকি কৈ লাহে লাহে জাত লগাই এই ঘোষা ফাঁকি গালে-

লেচাৰী

"ক্ষুদ্ৰ সুখে বহু আশা কৰি, ভৱ কূপে জীৱ আছে পৰি,

কাল সৰ্পে দংশি হৰিলে চেতন তাৰ ৷

মোক্ষৰূপ তযু বাক্যামৃত, কৃপায়ে সিঞ্চিয়া প্ৰতিনিত,

দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ ৷৷"

গায়েই দীঘল হুমুনিয়াহ এটি কাঢ়ি আকৌ পুথিখন জপাই থলে। কিয় হঠাৎ এই ঘোষা পুথি মেলিছিল, কিয় বা আকৌ জপাই থলে পদুমেই জানে। বোধকৰোঁ মনত অলপ শান্তি পাবৰ আশাৰেহে তেনে কৰিছিল। কিন্তু মন চিন্তা-ধুমুহাত উৰি কৰবালৈ গল, সেই দেখি আকৌ পুথি জপাই থলে৷

ইফালে সূৰ্য্যকুমাৰৰ কি হল, পাঠক ! শুনক। বিনামেঘত বজ্ৰঘাতৰ নিচিনা হৃদয়-ফাটিযোৱা এই কথা যেতিয়া তেওঁৰ কাণত পৰিল, যে পাঁচ বছৰৰ পৰা যাৰ মৰম স্নেহেৰে তেওঁ ডাঙৰ দীঘল হৈছে, এনে হৰদত্তই তেওঁক তেওঁৰ ঘৰৰপৰা সেইদিনাই ওলাই যাবলৈ নিষ্ঠুৰ আজ্ঞা দিছে ; যেতিয়া তেওঁ শুনিলে, যে তেওঁৰ প্ৰাণতকৈও মৰমৰ পদুমক-যি প্ৰতিমাটিক তেওঁ তেওঁৰ হৃদয়-সিংহাসনত থাপি মৰম-নৈবেদ্য, প্ৰেম-ফুল আৰু আত্মবলি দি দিনে-ৰাতিয়ে পূজিছিল-বিচ্ছেদ নৈৰ দ ডুবিত একেবাৰেই উটাবলৈ তেওঁৰ অশেষ ভক্তি আৰু কৃতজ্ঞতাৰ পাত্ৰ হৰদত্তই তেওঁক আদেশ কৰিছে, তেওঁ মূৰ্চ্ছিত হৈ মাটিত ধাচ কৰে পৰিল। জ্ঞান পাই জানিলে তেওঁৰ বহুত দিনৰ সুখ-সামাজিক এতিয়া ভাগিল। এতিয়া তেওঁ বুজিলে যে এই সংসাৰত তেওঁ বাপেক-মাক নাইকিয়া মাউৰা ল'ৰা। এতিয়া হে তেওঁৰ ধাৰণা হল যে, এই সংসাৰৰ কেৱল এটা কোৱাভাতুৰী। এতিয়াহে সূৰ্য্যকুমাৰৰ মনত এই ভাব খেলালে যে নিৰাশা, দুখ আদি কিছুমান পদাৰ্থ এই বিচিত্ৰ সংসাৰত ঈশ্বৰে মানুহলৈ চৰ্জন কৰিছে৷ -সূৰ্য্য ! দুখ, শোক, নৈৰাশ, তাপ, চিন্তা কাক বোলে, এইবিলাক জনাৰ আগেয়ে তোমাৰ মাৰা-বাপেৰাক হেৰুৱালা ! যেতিয়া সেইবিলাক জানিব পৰা হলা, তেতিয়া হৰদত্ত আৰু তেওঁৰ ধাৰ্ম্মিক, মৰমীয়াল সহধৰ্মিনীয়ে স্নেহ-ডৌকা মেলি এইবিলাক ৰদ-বতাহ বৰষুণৰ পৰা তোমাক ৰাখিছিল, ডৌকাৰ বাহিৰত এই সংসাৰত কি ভয়ানক প্ৰলয় দিনে-ৰাতিয়ে হব লাগিছে তুমি কব নোৱাৰিছিলা, ডৌকাৰ ভিতৰত নিৰাপদে, নিশ্চিন্তে তোমাৰ বুকুত পদুমে মূৰ সুমাই, পদুমৰ বুকুত তুমি মূৰ সুমাই স্বৰ্গ-সুখ অনুভৱ কৰি দিন নিয়াছিলা। এতিয়া যেতিয়া তেওঁবিলাকে নিৰ্দ্দয়ৰূপে সেই ডৌকা চপাই নিলে, হঠাৎ সংসাৰৰ এই নতুন দুখ-যন্ত্ৰণা তোমাৰ মূৰত পৰিল। তুমি নেজানিছিলা যে সুখ-টোপনিৰ কোলাত সুখেৰে শুই থাকোঁতে হঠাৎ কোলাৰ পৰা লাহেকৈ দুখ-নৈৰ মাজত পৰিবা। সূৰ্য্য ! স্থিৰ হোৱা, ধৰ্ম্মত মতি ৰাখি সদাই সঁচা বাটত থাকি চলা, ঈশ্বৰৰ যি ইচ্ছা, সেই মতেই কাৰ্য্য হব। সংসাৰ-বিষ-সৰ্পৰ এইটো প্ৰথম খোটহে, এনে কত খোট সহিব লাগিব৷

সূৰ্য্যকুমাৰ অলপ সুস্থ হৈ হৰদত্তৰ ঘৰৰ পৰা যাবলৈ ওলাল। কিন্তু প্ৰাণৰ পদুমক এই জন্মলৈ শেষ বিদায় নোলোৱাকৈ তেওঁ কেনেকৈ যায় ? পদুমৰ সেই সৰল, পবিত্ৰ আৰু প্ৰেমময় মুখখনি এই জন্মৰ নিমিত্তে এবাৰ চাই নোলোৱাকৈ তেওঁ কেনেকৈ যায় ? পদুমৰ চকুৱে চকুৱে এবাৰ চাই সেই চকুৰ পৰা চেনেহৰ পোহৰ অলপ আনি তেওঁৰ চকু পোহৰাই নললেতো তেওঁ ওলাই যাবলৈ বাট নেদেখে। এই জীৱনৰ নিমিত্তে পদুমৰ মুখেৰ অমিয়া মাত এটুপি বাটৰ সম্বল কৰি লৈ নগলেতো তেওঁ বাটত ঢকেধৰি মৰিব। "পদুম। মই যাঁও৷" এই বুলি শেষ বিদায় একাষাৰ নোলোৱাকৈ গলে তেওঁৰ হিয়া ফাটি চিটাচিট হব। যাবৰ সময়ত পদুমৰ ডিঙিত ধৰি চাইটোপামান চকুৰ পানী পেলাবলৈ নেপালেতো সূৰ্য্যৰ চকু ঘোলা হব। কি কৰে ? সূৰ্য্যকুমাৰ নিৰুপায়, পদুমৰ ওচৰলৈ তেওঁ যাব নোৱাৰে, হৰদত্তৰ মানা ; সেই দেখি ৰাতি মানুহ-দুনুহ শুই নিতাল মাৰিলে পদুমৰ ওচৰলৈ মনে মনে গৈ বিদায় লৈ গুচি যাবলৈ তেওঁ স্থিৰ কৰিলে৷

পদুম আমি ওপৰত কোৱা অৱস্থাত শোৱাপাটীত পৰি কান্দি-কাটি ধৰফৰাই আছে, এনে সময়ত সূৰ্য্যকুমাৰ লাহে লাহে হাতত-সাৰে ভৰিত-সাৰে এখুজি দুখুজিকৈ আহি তেওঁৰ সেই ঘৰৰ দুৱাৰ মুখ পাই ৰৈ তেওঁৰ এই অৱস্থা চাই থৰ হৈ ৰ লাগি চাই আছে। দুৱাৰ খন এধা জপোৱা হৈ আছিল। পদুমৰ গাত শনিপাত, কি তেওঁ দুৱাৰ মাৰিবলৈ মনত ৰাখিব পাৰে ? এই দুপৰ ৰাতি হঠাৎ এজনী যুৱতী কন্যাৰ শোৱা-খোটালিত অকলৈ তেওঁ কি সাহেৰে বা কি বুলি সোমাব, এই কথা ভাবি সূৰ্য্যকুমাৰ অতি শংকিত হৈ দুৱাৰমুখত ৰৈ আছে, ভিতৰলৈ সোমাবলৈ বা বাহিৰৰ পৰা সঁহাৰি দিবলৈ তেওঁৰ সাহ জন্মোৱা নাই। বিশেষত, পদুমৰ এই অৱস্থা দেখি তেওঁ কি কৰিব নোৱাৰি চৰগ পৰা মানুহৰ নিচিনা হৈ থিয় হৈ আছে৷

পদুমে ঘোষা পুথি সামৰি থৈ ঘোৰ চিন্তাত পুনৰ নিমগ্ন হোৱাৰ কথা আমি কৈছোঁ। হঠাৎ তেওঁ "সূৰ্য্য" "সূৰ্য্য" বুলি দুবাৰ অতি কাতৰ স্বৰে মাতিলে। এই মাত শুনি আৰু সূৰ্য্যকুমাৰ ধৈৰ্য্য ধৰি থাকিব নোৱাৰি খপ কৰে "পদুম, পদুম, কি হল ? মই আহিছোঁ" এই বুলি আগত ওলালগৈ। অকস্মাৎ দুপৰ নিশা সূৰ্য্যকুমাৰৰ আগত উপস্থিত হোৱা দেখি পদুম বিচূৰ্তি হৈ সূৰ্য্যৰ ফালে চাই চিত্ৰৰ পুতলীৰ নিচিনা ৰ লাগি গ'ল। সূৰ্য্য আগবাঢ়ি গৈ সুধিলে, "পদুম, তোমাৰ কি হৈছে ?" পদুমৰ সকলো চিন্তা চৰ্চ্চা এক মুহূৰ্ত্তৰ নিমিত্তে পলাল, লাজত ৰঙা পৰি মূৰ তললৈ দোঁ খালে। ধন্য লাজ, ধন্য তোৰ ক্ষমতা ! যি পদুম সূৰ্য্যৰ পিয়াহত অণ্ঠে-কণ্ঠে শুকাই মৰোঁ মৰোঁ হৈছিল, যি পদুম এই জীৱনত আকৌ এবাৰ সূৰ্য্যক দেখা পালে হেপাহ পলুৱাই মনৰ সকলো কথা কৈ লম বুলি ভাবিছিল, তেনে পদুম এতিয়া সূৰ্য্যক হাতত পাই লাজত মুখেৰে মাতিব নোৱাৰা হল !! লাজ ! এই সংসাৰত তয়েইহে সকলোতকৈ ডাঙৰ ! সূৰ্য্যকুমাৰৰ চকুৰ লো সৰ সৰ কৰে বৈ পৰিবলৈ ধৰিলে। পদুমৰো চকুৰ লো চকুত থাকিব নোৱাৰি সেই লোৰে লগে লগে বৈ গল। বহুত বেলিৰ মূৰত সূৰ্য্যকুমাৰে আপোনাৰ গাৰ চেলেং কাপোৰৰ আগেৰে নিজৰ আৰু তেওঁৰ প্ৰাণৰ পদুমৰ চকুৰ লো টুকি দি লাহে লাহে কবলৈ ধৰিলে :- "পদুম, অতদিনৰ মূৰত তোমাৰে মোৰে এৰাএৰি হল ! বিধতাই আমাক আশাত নিৰাশ কৰিলে ! বৰ আশা আছিল যে তুমি মোৰ হঁবা, মই তোমাৰ হম, কিন্তু সেই আশা-বালি ঢলত তল গল ! আমাৰ মন-আকাশত পতা চাং হঠাৎ হুৰুফ্ কৰে ভাগি পৰিল। পদুমক আৰু মোৰ পদুম বুলি সূৰ্য্যই কব নোৱৰে ! আজি ৰাতিৰ ভিতৰত মই তোমাক চিৰকাললৈ এৰি গুচি যাব লাগিব। মোক এতিয়া তুমি শেষ বিদায় দিয়া। যদি এই পৃথিৱীত সূৰ্য্য জীয়াই থাকে, তেন্তে তেওঁ মাজে সময়ে লোকৰ মুখে পদুম সুখে আছে বুলি শুনিলেই তেওঁৰ জীৱন সাৰ্থক যেন ভাবিব ! ঈশ্বৰৰ চৰণত্ব প্ৰাৰ্থনা, যেন তুমি ৰাজৰাণী হৈ অশেষ সুখত কাল নিওৱাঁস। এতিয়া তুমি মোক এই জন্মলৈ বিদায় দিয়া৷ " এই কথা কেষাৰ শুনা মাত্ৰকে পদুলে "সূৰ্য্য ! সূৰ্য্য ! কি নিদাৰুণ কথা !" বুলি কন্দিবলৈ ধৰিলে আৰু মুছকছ গল, সূৰ্য্যকুমাৰে কাপোৰৰ আগেৰে অলপ অলপকৈ বিছি দিলত বহুত বেলিৰ মূৰত আকৌ তেওঁৰ চেতনা আনি কান্দি কান্দি কবলৈ ধৰিলে-"হাঁয়! মই কি ক্ৰূৰ, কি পাষণ্ড কি নিষ্ঠুৰ, পদুম ক্ষমা কৰা। এনে কঠোৰ কথা ! হা ঈশ্বৰ !" এই বুলি সূৰ্য্যইও কন্দিব ধৰিলে। অলপ বেলিৰ মুৰত কান্দোন সামৰি সূৰ্য্যই কলে –"পদুম, যদিও মই তোমাক এৰি যাবই লাগিব, তথাপি মোৰ এই শৰীৰ থাকে মানে মোৰ হৃদয় খাটোলাত তুমিয়েই দেবী ! মোৰ আৰু সৰহ কথা মুখৰপৰা নোলায়। এতিয়া তুমি মোক বিদায় দিয়া৷ " এই কথা কৈ সূৰ্য্যকুমাৰে লাহেকৈ উঠি যাব খোজোঁতে পদুমে তেওঁৰ হাতটোত ধৰি আকৌ বহুৱাই আপোন মুখত সেই হাতটো লগাই কিবা কব খুজিছিল, কিন্তু কব নোৱাৰি কান্দিবলৈ ধৰিলে। অলপমান পিছত—"প্ৰাণনাথ, পদুমে সূৰ্য্যৰ বাহিৰে কাকো নেজানে। সূৰ্য্যই পদুমক এৰিলে পদুমে কি লৈ জীয়াই থা-- ?" পদুমৰ মুখৰপৰা আৰু মাত হৰিলে। শোকে খুন্দামাৰি ধৰিলে। সূৰ্য্যই সেই ৰাতিৰ ভিতৰতে হৰদত্তৰ ঘৰৰপৰা প্ৰস্থান কৰিলে৷