NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
চতুৰ্থ আধ্যা
এটি ফুল
"There is a garden in her face
Where roses and white lilies blow;
A heavenly paradise is that place,
Wherein all pleasant fruits do grow;
There cherries grow that none may buy,
Till Cherry-Ripe themselves do cry"
-B. Johnson

পোকে নোখোৱা, গোন্ধত মলমলাই থকা আৰু এটি ন ফুল চাবলৈ আমি এতিয়া যাওঁ৷ এই অকলশৰীয়া কোমল ফুলটি লো-যেন টান বুঢ়া নাহৰ গছ এজোপাত অকলৈ ফুলি আছে। ওচৰত কুঁহি পাত নাই, ভোমোৰা নাই, কুলি নাই আৰু মলয়া বতাহ নাই। তথাপি ফুলটিৰ মুখত সদায় হাঁহি, সদায় আনন্দ, সদায় সন্তোষ। ফুলটি আপোনাতে আপুনি মজি, আপোনাৰ গোন্ধত আপুনি মতলীয়া হৈ আপোনাৰ প্ৰেমতে আপুনি ভোল গৈ আছে। ফুলটিৰ এই আত্মাৰাম ভাৱ এনে ৰমনীয়, যে কেৰকেৰীয়া সেই নাহৰ গছ জোপায়ো তাৰ গুণত বশীভূত হৈ তাক দিনে ৰাতিয়ে বুকুত বান্ধি লৈ আছে।

কেৰকেৰীয়া গছৰ পৰা নো কোমল ফুলৰ কেনেকৈ জন্ম হল ? পৰ্ব্বতৰ বুকুৰ পৰানো নৈ কেনেকৈ ওলালে ? পৰ্ব্বতৰ ৰসাল কোমল ভাগটো গোট খাই একে ঠাই হৈ নৈ হল। নীৰস পৰ্ব্বত শুকাই টান হল। নাহৰ গছৰ কোমল অংশ ফুলত পৰিণত হল। নাহৰ গছৰ কোমল অংশ ফুলত পৰিণত হল ; বাকী ৰল কেৰেকেৰীয়া কাঠ।

আমি যি সময়ৰ কথা কৈছোঁ, সেই সময়ত গেন্ধেলা ৰাজখোৱা বৰফুকন বা কলীয়া ভোমোৰা বৰফুকন গুৱাহাটীৰ শাষনকৰ্ত্তা আছিল। বৰফুকন যদিও বহল মনৰ আৰু দুৰদৰ্শী মানুহ আছিল, তথাপি নিষ্ঠুৰ স্বভাৱ আৰু কিছুমান স্বজাতিয় দোষে তেওঁৰ যশ কপীয়া ভোমোৰাতকৈও কলীয়া কৰি থৈছিল। আপোন অভিপ্ৰায় সিদ্ধিৰ নিমিত্তে তেওঁ কৰিব নোৱাৰা কাম এটা কি দুটাহে আছিল। গুৱাহাটীৰ মানুহৰ প্ৰতি জাতীয় বিদ্বেষৰ ভাগ তেওঁ আনবিলাক আহোমৰ সৈতে সমানে পাইছিল। ৰজা বুলিলে প্ৰজাৰ পালক, পিতৃ তুল্য। এনে স্থলত, ৰজাই যি প্ৰজাক পালন কৰিবৰ ভাৰ গাত পাতি লৈ পিতৃ স্থান অধিকাৰ কৰিছে, সেই ৰজাই যদি প্ৰতিপালনৰ পৰিৱৰ্ত্তে অত্যাচাৰ কৰে, প্ৰজাক মৰমৰ চকুৰে চোৱাৰ সলনি ঘিণৰ চকুৰে চায়, প্ৰজাই খাবলৈ ভাত খুজিলে যি শিলগুটি দিয়ে, তেন্তে সেই ৰজা ৰাজসিংহাসনৰ অযোগ্য, বিশ্বাসঘাতক আৰু প্ৰজাৰ পৰম শত্ৰু। কলীয়া ভোমোৰা বৰফুকনৰ কামৰূপীয়া প্ৰজাবিলাকৰ প্ৰতি এনে বিদ্বেষ ভাব আছিল যে গধুলি সিহঁতক তেওঁ গুৱাহাটী নগৰৰ ভিতৰত থাকিবলৈ নিদিছিল।

এই বৰফুকনৰ কেৱল একেজনী ছোৱালী- নাম ফুল আইদেউ। ফুল সৰবগুণী সুলক্ষণী ১৫ বছৰীয়া ছোৱালী। কথায় বাৰ্ত্তায়, দেখিবলৈ ফুল যি ফুলেই। ফুল কেচুৱাতে মাউৰা। সেই কালৰ পৰা কেৱল বাপেকৰ হাত তেওঁ ডাঙৰ-দীঘল। মাকৰ মৰম বা মাক কি বস্তু ফুলে কব নোৱাৰে। সেই বুলি ফুল যে মাক হবৰ অনুপযুক্ত এনে নহয়। চৰাই পোৱালী পুহি মাকৰ নিচিনাকৈ মৰম কৰা, টোপ খুউৱা, মেকুৰী পোৱালি আৰু পহুপোৱালি পুজি মাকতকৈও সাতছাৰকৈ মৰম কৰি তোলা কামত, ভাল ভাল মাকও ফুলৰ ওচৰত হাৰিব। দৰা-কন্যা সাজি বিয়া পতা আৰু সেই দৰা-কন্যাক সঁচাসঁচিকৈয়ে আপোনাৰ ল'ৰা ছোৱালী বুলি ভাবি মৰম কৰা ফুলক দেখি তবধ হব লাগে। ঘৈণীয়েক মৰিবৰ পৰা বৰফুকনে আৰু নকৈ বিয়া কৰোৱা নাছিল, ফুলেই তেওঁৰ ঘৰ শুৱনি কৰি আছিল। তেওঁ সকলো মানুহ আৰু বস্তুৰপৰা মৰম চপাই আনি সম্পূৰ্ণকৈ ফুলতে স্থাপন কৰিছিল। সেই দেখিয়েইহে কি জানি, তেওঁৰ ফুলৰ বাজে কাৰো প্ৰতি দয়া মৰম নেথাকিছিল। ফুলৰ মাক মৰিলত ফুকনে কিয় বিয়া নকৰালে কব নোঁৱাৰো, কিন্তু পৰস্পৰ শুনা যায় যে কি জানি মাহীয়েক আহি তেওঁৰ অতি মৰমৰ ফুলক দুখ দিয়ে এই আশংকা কৰিয়েই তেওঁ পূণৰ্বিবাহ নকৰালে। ফুলক তুলিব-তালিবলৈ এজনী বুঢ়ী ধাই মাক আছিল। ফুলে তাই মাক যেন ভাবি সৰুৰে পৰা 'আই' 'আই' কৰিছিল।

বৰফুকন সভাসদ সকলৰ সৈতে চ'ৰাত বহি আছে, এনেতে দুৱৰী আহি আঠু লৈ কৰযোৰকৈ জান দিলে :-"ডাঙৰীয়া দেউতা ! কেৰপাই চোৰাংচোৱা আৰু নালীয়া চোৰাংচোৱাই সৈতে আহি দুৱাৰত আছে। কি আদেশ হয় ?" এই কথা শুনি বৰফুকন ডাঙৰীয়াই সভাসদসকলক বিদায় দি চোৰাংচোৱা দুজনক আগলৈ আহিবলৈ আজ্ঞা কৰিলে। তেওঁবিলাক আহি আঠু ললত ডাঙৰীয়াই সুধিলে,-"কেৰপাই চোৰাংচোৱা, কি দেখিলি, কি শুনিলি কঁহকচোন ?" এই প্ৰশ্ন শুনি কৰযোৰকৈ কেৰপাই চোৰাংচোৱাই কবলৈ ধৰিলে-"ডাঙৰীয়া দেউতা ! যি দেখিলো, যি শুনিলো কিষ্ণক চিন্তি সি বৰ বিষম। আমি দুই ভায়ে মৰি মজি কিষ্ণক যিমান পাৰো সিমান সম্ভেদ ল'লো ; ডাঙৰীয়া দেউতা কথা আথান্তৰ ! এই আথান্ত কথা, কিষ্ণক চিন্তি ডাঙৰীয়া দেউতা বৰ বিষম। "

বৰফুকন :-"ঘাই কথাটো ক, সৰহকৈ পাতনি নালাগে। "

কেৰপাই :-"হয় ডাঙৰীয়া দেউতা, ঘাই কথালৈকে যাব লাগে। এহালিচা পাতনিত আমাৰ কি কাম আছে ? কিষ্ণক চিন্তি ডাঙৰীয়া দেউতা কথাটি সমক্ষেপেহে কওঁ; কিয়নো, কথা বহলাই নিনি সমক্ষেপেহে কব লাগে। এইবাবেহে ডাঙৰীয়া দেউতা, মোৰ কথা সদায় সমক্ষেপে। এৰা মোৰ কথা সদায় সমক্ষেপে। -এই খিনিতে এৰিছিলোনে নালীয়া ? কি কথাটো কব খুজিছিলো পাহৰিলো-"

নালীয়া :-"এৰা এই খিনিতে এৰিছিলা। কিবা পাতনিৰ কথা কব খুজিছিলা। "

কেৰপাই -"অ' হয় ; পাতনিৰ কথা কৈছিলো। এৰা এহালিচা পাতনিত আমাৰ কি সকাম আছে ? ঘাই কথা যিমান সোনকালে কোৱা যায় সিমান ভাল কিয়নো-"

বৰফুকন :-"তই পাতনি নকৰোঁ বুলি দেখোন পাতনি কৰিয়েই হায়ৰাণ কৰিলি। ঘাই কথা ক, ঘাই কথা ক। "

নালীয়া :-"ককাই তুমি থাকা মই কওঁ। ডাঙৰীয়া দেউতা ! 'মগধ ৰজাৰ সেনা সাগৰ সংকাশ। ' হৰদত্তই তলে তলে অপাৰ সেনা গোটাইছে। হিন্দুস্থানী, ফকিৰ, বঙ্গালী, সন্ন্যাসী, দা-টাঙোন ধৰা দাঁতী পৰীয়া অনেক কছাৰী মানুহ তেওঁ ডাঙৰীয়া দেউতাৰ সৈতে যুঁজিবলৈ গোটাই লৈছে। কামৰূপীয়া অনেক বৰ বৰ লোকে পেটে পেটে তেওঁক সহায় কৰিছে। দৰঙ্গৰ কৃষ্ণ নাৰায়ণ ৰজা আৰু কোচবেহাৰৰ মহাৰাজাই টকা মানুহ আৰু অস্ত্ৰ শস্ত্ৰাদি তেওঁৰ ফলীয়া হৈছে। কোচবেহাৰৰ ৰাজকোঁৱৰ আহি তেওঁৰ জীয়েক পদুম কুঁৱৰীক বিয়া কৰাই তেওঁৰ সৈতে সম্বন্ধ কৰিবলৈ তেওঁৰ ঘৰত আছেহি। বিয়াৰ পিচতে হৰদত্তই দেখাদেখিকৈ শত্ৰুতাচৰণ কৰি ডাঙ্গৰীয়া দেউতাৰে যুঁজিবলৈ ঠিক কৰিছে। এতিয়া ডাঙ্গৰীয়া দেউতাই যেনে ভাল দেখে তেনে কৰক। "

কেৰপাই :-"হয় ডাঙ্গৰীয়া দেউতা ! মোৰো সমক্ষেপে এই কথাই। এতিয়া কিষ্ণক চিন্তি যেনে ভাল দেখে কৰক। এই সমক্ষেপ কথা বহল হ'বলৈ দিলে কিষ্ণক চিন্তি বিষম হব, বিষম হলে কিষ্ণক চিন্তি আথান্তৰ মিলিব ; আথান্তৰ মিলিলে কিষ্ণক চিন্তি বিষম হবই হব। সেই দেখি ডাঙ্গৰীয়া দেউতাক পাতনি নকৰাকৈ আমি যি দেখিলোঁ, যি শুনিলোঁ, সেই কথা সমক্ষেপে জনালোঁ। "

বৰফুকন :-"কোচবেহাৰৰ কোঁৱৰ হৰদত্তৰ জীয়েকক বিয়া কৰাবলৈ অহা কথা সঁচানে ? কি জানি তেওঁ আন কিবা কথাতহে আহিছে ? কি জানি তেওঁ কোচবেহাৰৰ ৰাজকোঁৱৰ নহয়েই? তঁহতে তেওঁক দেখিছিলি নে ? তেওঁক চিনি পাৱ ?"

কেৰপাই :-" হয় ডাঙ্গৰীয়া দেউতা, কিষ্ণক চিন্তি তেওঁ বিয়া কৰাবলৈ অহা হয় ; আমি তেওঁক ভালকৈ চিনি পাঁও আৰু কিষ্ণক চিন্তি আন মানুহে কৈছে। আমি সমক্ষেপে এই কথা কলো। "

এনে সময়তে দুৱৰী আহি বৰফুকনক জান দিলেহি যে এটি দেখিবলৈ সুন্দৰ মোহ লগা ডেকা ল'ৰা আহি দুৱাৰ মুখত আছেহি। ডাঙ্গৰীয়া দেউতাৰে দেখা কৰে। এই কথা শুনি বৰফুকনে তেওঁক দুৱাৰ এৰি দিবলৈ আজ্ঞা দিলে।

প্ৰবল দুৰ্দ্দশা-বতাহৰ কোবত গা-গছৰ পৰা চিগি পৰি সূৰ্য্যকুমাৰ নিৰুপায় নিঃসহায় হৈ কলৈ যাব কি কৰিব অস্থিৰ হৈ পৰিল। সি হৰদত্তৰ ঘৰৰ চাৰিবেৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলোৱা নাছিল। হৰদত্ত আৰু তেওঁৰ মৰমিয়াল সহধৰ্ম্মিনীৰ মৰম আৰু আদৰৰ বাহিৰে যি সংসাৰৰ আন একো নেজানিছিল, পদুমৰ প্ৰেম-সৰোবৰত মহা সুখে চৰি যি ইমান ডাঙৰ-দীঘল হৈছিল, এনে সূৰ্য্যকুমাৰ হঠাৎ সেইবিলাকৰ পৰা বঞ্চিত হৈ বিবুদ্ধি হৈ পৰিল। হৰদত্তৰ অতি আদৰৰ পাত্ৰ হৈ থকা বাবে বৰং আন লোকে বিনা কাৰনতে তেওঁক দেখিব নোৱাৰে আৰু তেওঁৰ শ্ৰী সহিব নোৱাৰা হৈছিল। এই দুৰৱস্থাত তেওঁক জনা-শুনা প্ৰায় সকলোবোৰে দুখ কৰা থাওক পৰি ৰংহে পাইছিল। এতিয়া তেওঁক পুতৌ কৰা মানুহ নাইকিয়া হ'ল। অনেক ভাবি চিন্তি শোক, দুখ আৰু বেজাৰত জৰ্জ্জৰিত হৈ সূৰ্য্যকুমাৰে অৱশেষত গুৱাহাটীৰ শাষনকৰ্ত্তা বৰফুকনৰ ওচৰত আশ্ৰয় লোৱাকে মনত থিক কৰিলে। ভাবিলে দুৰ্ব্বলৰ বল ৰজা, নিৰাশ্ৰয়ৰ আশ্ৰয় ৰজা, পিতৃ-মাতৃ হীনৰ পিতৃ-মাতৃ ৰজা, এনে ৰজাৰ শৰণ নললে আৰু তেওঁৰ গতি নাই। হৰদত্তৰ শত্ৰু বৰফুকন, এতেকে বৰফুকনৰ আশ্ৰয় লৈ হৰদত্তৰ বিৰোধ আচৰণ কৰিব লাগে এই উদ্দেশ্য মনত লৈ সূৰ্য্যকুমাৰ বৰফুকনৰ ওচৰলৈ যাবলৈ স্থিৰ কৰিছিল এনে নহয়। সেই ভাব সূৰ্য্যকুমাৰৰ সামাজিকতো নাই। হৰদত্তই যে তলে তলে বৰফুকনৰ বিৰুদ্ধাচৰণ কৰিছিল, এই কথাৰ শুংসূত্ৰ পৰ্য্যন্ত সূৰ্য্যৰ জনা নাছিল। তেওঁ কেৱল জানিছিল হৰদত্ত আৰু তেওঁৰ গৃহিনীৰ স্নেহ আৰু পদুমৰ ভালপোৱা। এই কেটা কথাৰ বাহিৰে তেওঁ এই পৃথিৱীৰ পাকচক্ৰত কেতিয়াও পৰা নাছিল আৰু পৰিবলৈ নিবিচাৰিছিলও। আন কি, হৰদত্ত আৰু আহোম ৰাজপুৰুষ সকলৰ ভিতৰত এনে বৈৰী ব ভাব থকাৰ কথা অলপ জনাহেঁতেনো তেওঁ কেতিয়াও বৰফুকনৰ বৰ গছৰ ছাঁ বিচাৰি নেয়ায়। কাৰণ হৰদত্তই ক্ৰূৰমতি বীৰদত্তৰ কথা শুনি যদিও তেওঁক নিৰ্দ্দয়ৰূপে তেওঁৰ ঘৰৰ পৰা খেদি তেওঁৰ বুকুৰ চেনেহে-ঠাৰি ডালৰ পৰা পদুম ফুলটি চিঙি নিলে, তথাপি হৰদত্তৰ ঘৰৰ প্ৰতি তেওঁৰ ভক্তি আৰু মৰম নিখুঁট ভাবে আছিল। হৰদত্তৰ ঘৰৰ লগত তেওঁৰ হৃদয়ৰ আঁহ কেতিয়াও ফালি যোৱাটো অসম্ভৱ।

এই সূৰ্য্যকুমাৰে এতিয়া বৰফুকনৰ দুৱাৰত থিয় হৈছে আৰু এওঁকে দুৱাৰ এৰি দিবলৈ দুৱৰীয়ে ডাঙ্গৰীয়াৰ আজ্ঞা লৈছে।

বৰফুকনে সূৰ্য্যকুমাৰৰ মুখে তেওঁ ক'ৰ, কি কথা, কি বাৰ্ত্তা, সকলোবিলাক শুনি বৰ আতৌ-পুতৌকৈ তেওঁক আপোনাৰ ঘৰতে থাকিবলৈ কলে। সূৰ্য্যইও সেই কথাত স্বৰ্গ ঢুকি পাই বৰ সন্তোষেৰে তাত মান্তি হল। কিন্তু সূৰ্য্যকুমাৰে আপোনাৰ সকলো বিলাক বৃত্তান্ত বৰফুকনৰ আগত যদিও কলে বুলি আমি কৈছোঁ, তথাপি পদুম আৰু তেওঁৰ ভিতৰত প্ৰণয় হোৱা কথাটি কঁওতে তেওঁ বাদ দিছিল। বৰফুকনে সূৰ্য্যক ইমান আনন্দেৰে আদৰ সাদৰ কৰি তেওঁৰ ঘৰত থাকিবলৈ ঠাই দিয়া কথাটোৰ পৰা এনে ভাবিব নেলাগে যে সূৰ্য্যৰ দুখত তেওঁ দয়া পৰবশ হৈ মন কুমলি গৈছিল। তেনে সূৰ্য্য এশটাও যদি তেওঁৰ আগত পৰি মৰে, তথাপি তেওঁ চকু মেলা লোক নহয়। চতুৰ, দীৰ্ঘদৰ্শী বৰফুকনে হৰদত্ত বাঘক বধ কৰিবলৈ সূৰ্য্যাস্ত্ৰ গোটাই ললো বুলিহে ভাবিলে। স্ব-অভীষ্ট সিদ্ধি কৰিবলৈ সূৰ্য্যৰ পৰা হৰদত্তৰ চলন ফূৰণ আৰু ভিতৰৰ সকলো কথা জানিব পাৰিম বুলি সূৰ্য্যক তেওঁ আশ্ৰয় দান কৰিছিল। সেই মুহূৰ্ত্ততে ডাঙ্গৰীয়াই সূৰ্য্যক ভিতৰলৈ লৈ গৈ জীয়েক ফুল আইদেউক মাতি আনি তেওঁৰে সৈতে চিনাকি কৰি দি কলে-"আইদেও, তই ৰং-ধেমালি কৰিবলৈ এইটি তোৰ লগৰীয়া ল'ৰা দিছোঁ। তই ইয়াক মৰম কৰিবি, আৰু ভাল বস্তু খাবলৈ-লবলৈ দিবি। "