NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
পঞ্চম আধ্যা
ফুলত শোক
"When the dawn I used to admire
And little praised the coming day,
I little thought the rising fire
Would take my rest away"
-Sir C. Sedley.

কোনে জানিছিল, গোলাপ ফুলটি ফুলি থাকোঁতেই হঠাৎ কৰবাৰ আহি পোকে ধৰিব ? কোনে ভাবিছিল, দুষ্টমতি পোকে এনে দিব্য বস্তুটিৰ হিয়াৰ ভিতৰত সোমাই খুলি খুলি খাবলৈ লাগিবহি ? ফুলনি বাৰীৰ এচুকত এটি ফুলে আপোনাৰ আনন্দতে আপুনি নাচিছে, আপোনাৰ ৰংগতে আপুনি হাঁহিছে, আপোনাৰ ৰূপতে আপুনি ভোল ; কাৰো সৈতে কথা নাই, কাকো নেলাগে, কাকো নিবিচাৰে ; কুলিয়ে মাতিছে যদি মাতিছে, আপত্তি নাই ; ভোমোৰাই গুণ গুণাইছে যদি গুণগুণাওক, বেয়া নাপায় ; মলয়া বতাহ বলিছে যদি বলক, ভাল লাগিছে ; কিন্তু ক'ৰপৰা এই পাপিষ্ঠ পোক হঠাৎ আহি দৌৰাত্ম্য আৰম্ভ কৰিবলৈ লাগিলহি ? এই পোকে ধৰা মাত্ৰকে ফুলটিক অস্থিৰ কৰি দিলে। কি ভয়ানক পোক। চোৱাচোঁন, চকু-চাঁওতেই ফুলৰ মুখৰ বৰণ হৰিল, হাঁহি মুখত মোলান পৰিল, চকুৰ তিৰবিৰণি নাইকিয়া হল, মাতৰ সোঁত থমকিল, কুনকুনাই গোৱা মুখৰ নাম মুখৰ পৰা নোলোৱা হল। পোকৰ দৌৰাত্ম্যত ফলে মইনা পোৱালিলৈ পাহৰিলে, মেকুৰী পোৱালিক গাখীৰ নুখুৱায়, যৰে দৰা-কন্যা ততে পৰি ৰল। ফুল ফুলিলেই পোকে ওচৰ চাপিব, পানী হলেই মাহু ওলাব, মাটি হলেই বন গজিব, বিধিৰ বিধান। এই সংসাৰ-বাগিছাত কত ফুল কত ঠাইত ফুলিছে, সেইবিলাকত ধৰি ধৰি পোকৰ আমনি নেলাগে। লক্ষ-বিলক্ষ ফুলৰ মাজত পোকে এটি ফুলও দাঁত নমৰাকৈ এৰিব নোৱাৰে-গোঁসাইৰ শাওপাত আছে, সোনকালে বা পলমকৈ, এতিয়াই বা অথনিকৈ, আজিয়েই বা কাইলৈ, ফুলত পোকে ধৰিবই।

ফুল আইদেওক হঠাৎ অনুৰাগ পোকে ধৰিলে। দেউতাকে যেই মুহূৰ্ত্ততে সূৰ্য্যকুমাৰক তেওঁৰ আগত থিয় কৰালেহি সেই মুহূৰ্ত্ততে, প্ৰথম দৰ্শনতে সূৰ্য্যৰ প্ৰতি তেওঁৰ অভিনৱ অনুৰাগ জন্মিল। এই ভাৱ তেওঁৰ এই প্ৰথম। আগেয়ে কস্মিনকালেও ফুলে এনে দুৰন্ত ভাৱ অনুভৱ কৰা নাছিল। ফুলে ফুল ভাল পাইছিল, ফুলপুলি ৰুইছিল আৰু আপুনি কঢ়িয়াই তাৰ গুৰিত পানী দিছিল, কিন্তু তেতিয়া তেওঁৰ এনে মনৰ বিকাৰ ঘটা নাই। দিনে-ৰাতিয়ে ফুলে চৰাই পোৱালীক মৰম কৰিছিল, পহু-পোৱালীক ভাল পাইছিল, পুতলাক চুমা দি দি মৰমতে মজিছিল ; কিন্তু সেইবিলাক ভাল পোৱাতো তেওঁৰ এনে অপূৰ্ব্ব মানসিক আবেগ কেতিয়াও হোৱা নাই। বাস্তৱিকতে প্ৰকৃত প্ৰেমৰ গঢ়েই এনেটো, তাৰ গতি বিজুলীৰ সঞ্চাৰ, ভালপোৱাৰ বস্তুটি চকুট পৰা মাত্ৰকে ভালপোৱাৰ গৰাকীৰ ভালপোৱাটোলৈ ছুটি মেলে। প্ৰেমে দেশ নেমানে, কাল নেমানে, পাত্ৰ নেমানে। প্ৰেমৰ স্থান অস্থান, সময় অসময়, উপযুক্ত অনুপযুক্ত জ্ঞান নাই। অনুৰাগ-কাঁড়ে যাৰ হৃদয় এবাৰ বিন্ধিলে, তেওঁ আৰু অনুৰাগৰ সেই বস্তুটি নেপায়মানে সংসাৰত সুখ নেপায়। বিশেষকৈ জীৱনৰ ভিতৰত ভাপপোৱাৰ প্ৰথমটো ঢৌ অতি ভয়ানক। কত মানুহক এই প্ৰথম ঢৌৱে উটাই নি অকূল সমুদ্ৰৰ মাজত পেলাই ককবকোৱাইছে তাৰ লেখ নাই। প্ৰেম যে "দিল্লীকা লাড্ডু" বুলি কয়, তাত এক ধনিষ্টামানো ভুল নাই ; ইয়াক "যোভি খায়া ওভি পস্তায়া, যোভি নাহি খায়া ওভি পস্তায়া।" যি প্ৰেমত পৰিছে সিও ধৰফৰাই মৰিছে, যি নাই পৰা সিও প্ৰেম প্ৰেমকৈ ধৰফৰাই মৰিছে। প্ৰথম দেখোতেই সঞ্চাৰ হোৱা প্ৰেম প্ৰকৃত প্ৰেম, তাৰ ভ্ৰুক্ষেপ নাই, বিঘিনিলৈ ভ্ৰুক্ষেপ নাই, সম্ভৱলৈ দৃকপাত নাই, অসম্ভৱলৈ দৃকপাত নাই। তাৰ আগত ভূত নাই, ভৱিষ্যত নাই, স্বৰ্গ নাই, নৰক নাই। আছে কেৱল প্ৰেমৰ পদাৰ্থটি। সেই প্ৰেমক তুমি অবিবেচক বোলা, উতনুৱা বোলা, কণা বোলা, যি মন যায় তাকে বোলা, কিন্তু প্ৰকৃত পক্ষে সিয়েই প্ৰেম, সিয়েই নিভাজ প্ৰেম। সদাশিৱৰ চকুৰ জুয়ে যিমান পাৰে তাক পুৰি ভস্ম কৰক, সি কিন্তু এশবাৰ এশ প্ৰকাৰে উপজিব। এই প্ৰথম প্ৰেমৰ পাশুপাত অস্ত্ৰ হিয়াত লাগিহে সুভদ্ৰাই "অৰ্জ্জুন" "অৰ্জ্জুন"কৈ পৃথিৱীত লুটিখাই পৰিছিল ; এই পাট শৰত পৰিহে সাবিত্ৰীয়ে সত্যবান মৰিব বুলি জানিও তেওঁত আপোন মন-প্ৰাণ সঁপিছিল আৰু এই পাট বানত ফুটিহে সুন্দৰী জুলিয়েট আপোন ঘৰৰ গৰাক্ষ দুৱাৰত থিয় হৈ সাত শত্ৰুৰ ঘৰৰ সন্তান ৰমিয়ক "ৰমিয়" "ৰমিয়"কৈ কৰুণস্বৰেৰে মাতিছিল।

সূৰ্য্যকুমাৰক দেখাৰ পৰা ফুলৰ গতি সম্পূৰ্ণ লৰিল। ফুল আৰু এতিয়া আগৰ ফুল নাই। তেওঁ সূৰ্য্যক মনে মনে তেওঁৰ দেহ-প্ৰাণ বিকিলে। ফুল গোটেই সূৰ্য্যমুখী হল। সূৰ্য্যকুমাৰে ফুলক প্ৰাণ দিছিল নে নাই ফুলে কব নোৱাৰে, কিন্তু ফুলে যে সূৰ্য্যক মনে মনে প্ৰাণ দিলে, এইটোত এক ৰেণুমাত্ৰাও সন্দেহ নাই। সূৰ্য্যই তেওঁক ভাল পাওক নাপাওক তেওঁক নেলাগে, কিন্তু তেওঁ হলে সূৰ্য্যত তেওঁৰ ভালপোৱা স্বত্ব পৰিত্যাগ কৰি সমৰ্পিলেন। কপালত যিহকে থাকক, সেই ভালপোৱা আৰু ওলোটাই আনিবলৈ তেওঁৰ সাধ্য নাই।

সিফালে সূৰ্য্যক হেৰুৱাই পদুমকুঁৱৰীৰ সেই দশা, ইফালে সূৰ্য্যক পাই ফুলৰ দশা, এনেস্থলত সূৰ্য্যই কি দৰে বৰফুকনৰ ঘৰত কাল কটাইছিল, তাক অলপমান কোৱা যাওক।

ফুল যে তেওঁৰ নিমিত্তে তলে তলে ইমান বিহ্বল হৈছিল, সেই কথাৰ সূৰ্য্যকুমানে শুং মাত্ৰ নেজানে। পদুমক এৰিবৰ পৰা সূৰ্য্য মৃতপ্ৰায়, তেওঁৰ মুখত হাঁহি নাই, মাত নাই, অন্তৰত সদাই বিৰহ বহ্নি। ভাত-পানীত অৰুচি, আমোদ আহলাদত সম্পূৰ্ণ অৰতি, সদাই তললৈ মুৰকৈ ভাবিব, আৰু এটোপা চকুৰ পানী পেলাব। লাহে লাহে তেওঁ বিবৰ্ণ হৈ শুকাই-খীণাই যাবলৈ ধৰিলে। ফুলে তেওঁৰ মন ভাল লগাবলৈ, তেওঁক সুখে সন্তোষে ৰাখিবলৈ কত চেষ্টা, কত যত্ন, কত উপায় কৰিছিল তাৰ অন্ত নাই। কিন্তু কি কাৰণত সূৰ্য্যৰ মন অস্থিৰ, সুখ-শান্তি নাই সেই কথা সূৰ্য্যইও ফুলক কোৱা নাই, ফুলেও সূৰ্য্যক সুধিবলৈ ইচ্ছা কৰা নাই। ফুলৰ প্ৰধান ভয়, যে সূৰ্য্যক তেওঁ এই মনোবেদনাৰ কথা সুধিলে কিজানি সূৰ্য্যৰ মনত কষ্ট আৰু অধিক হয়। যি কষ্ট পাতলাবলৈ, যি ৰোগ আৰোগ্য কৰিবলৈ তেওঁ ইমান যত্ন কৰিছে, অপ্ৰীতিকৰ কথা শুধি সেই কষ্ট আৰু বেচিকৈ মনত পেলাই দি, কি জানি ৰোগ তেওঁ বঢ়ায় হে। তেওঁৰ মনত দুখ যেই কি বা নহওক, কেনেকৈ তাৰ পৰা তেওঁৰ মনটো আনফালে নি সেই দুখ পাহৰাব, ফুলৰ দিনে-ৰাতিয়ে এই চিন্তা। ফুলে ভাবিছিল, সৰুৰে পৰা থকা ঘৰ-দুৱাৰ, মিতিৰ-কুটুম, বন্ধু-বান্ধৱ এৰি লোকৰ ঘৰত থাকিব লগা হোৱাতহে সূৰ্য্যৰ মনত বেজাৰ। সেই দেখি ফুলে মনতে এই সংকল্প কৰিলে, যে তেওঁবিলাকৰ ঘৰ সূৰ্য্যৰ আপোন ঘৰতকৈও আপোন কৰিব, আৰু তেওঁ সূৰ্য্যৰ ভাই-ককাই আদিতকৈও আপোন হব। সেই দেখি সূৰ্য্যক বেজাৰ মুৱা হৈ থকা দেখিলে তেওঁ লুকাই কান্দি আপোনা অপুনি কোনেও নুশুনাকৈ কয় "প্ৰাণনাথ ! তুমি কিয় বেজাৰ কৰিছা, মোৰ ঘৰেই তোমাৰ ঘৰ ; তোমাৰ কোনো নাই, মই আঁছো ; মই তোমাৰ চিৰকাল চৰণ সেৱি থাকিম, তোমাৰ ভয় কি ? প্ৰাণেশ্বৰ ! আৰু তুমি বেজাৰ নকৰিবা, তোমাৰ বেজাৰ দেখিলে মই থিৰে থাকিব নোৱাৰোঁ ; তোমাৰ চকুৰ লো দেখিলে মোৰ চকু চলচলীয়া হৈ যায়। "

এদিন ফুল আইদেৱে আবেলি সূৰ্য্যকুমাৰক তেওঁৰ ফুলনি বাৰী দেখুৱাবলৈ হাতত ধৰি লৈ গৈ তেওঁ নিজ হাতে ৰোৱা, নিজ হাতে পানী দি ডাঙৰ কৰা ফুল পুলি, গছ পুলিবোৰ এজোপা এজোপাকৈ দেখুৱাইছে, এনেতে পুলি আম এজুপিৰ ডাল এটিলৈ হঠাৎ তেওঁৰ চকু গলত 'আই ঐ!' 'আই ঐ!' কৈ উঠিল। সূৰ্য্যই এই কথা শুনি বৰ ব্যস্ত-সমস্ত হৈ "কি হল কি হল ?" বুলি সুধিলে।

ফুল-"তললৈ মূৰকৈ বেজাৰ কৰি থকা সৌ কপৌৱনী জনী চোঁৱা চোন ! তাই সদাই আৰু এটিয়ে সৈতে এজুৰি হৈ মোৰ এই ফুলনি বাৰীৰ সেই আম জুপিতে থাকে। দিনটো দুয়ো লগ লাগি কৰবাত চৰি ফুৰেগৈ, গধূলি হলে দুয়ো আকৌ একে লগে ইয়ালৈ গুচি আহে। আজি তাইৰ লগৰ সিটি নাই, কৰবাত কোনোবাই তাক মাৰিলে কি কিবা হল ! সেই দেখি তাই নচৰি বেলি এডোখৰ থাকোঁতেই গুচি আহি অকলৈ কান্দি-কাতি বেজাৰ কৰি আছে। "

ফুলৰ এই কথা শুনা মাত্ৰকে সূৰ্য্যকুমাৰ বৰুৱা হঠাৎ বৰণ সলাই মাটিত বহি পৰিল, ফুলে "কি হল !" বুলি চিয়ঁৰ মাৰি দিলে। ফুলনি বাৰীত ফুলৰ চিঁয়ৰ শুনি ধাইমাক ঘৰৰ ভিতৰৰ পৰা লৰি আহি সূৰ্য্যকুমাৰক তেনেকৈ থকা দেখি তৎক্ষণাৎ তেল-পানী আনি মূৰত দি অলপ বিছিলত, সূৰ্য্যকুমাৰ সুস্থ হৈ উঠি বহিল। হঠাৎ এনে হোৱাৰ কাৰণ সুধিলত সূৰ্য্যই কলে, মাজে মাজে তেওঁৰ এনেকুৱা হয়। ফুল আইদেৱে লাহে লাহে সূৰ্য্যক ধৰি ঘৰলৈ আনিলে।