NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
ষষ্ঠ আধ্যা
ৰোগ নিৰ্ণয়
"And gather…….
If't be the affliction of his lover or no
That thus he suffers for"
--Hamlet

সূৰ্য্যকুমাৰ কি ৰোগত ভুগিছিল, এই ঘ্টনাৰ পৰা তাৰ অলপ আভাষ ফুলে বুজিব পাৰিলে। ফুল স্বভাৱতে বৰ বুদ্ধিমতী চোকা ছোৱালী, এটা কথা জানিবলৈ যৎকিঞ্চিৎ আভাষেই তেওঁৰ পক্ষে বহুত। বিশেষতঃ সূৰ্য্যকুমাৰৰ মনৰ ভাব, শৰীৰৰ গতি আদিতে তেওঁৰ মন সম্পূৰ্ণ নিবিষ্ট আছিল। সূৰ্য্যকুমাৰেই তেওঁৰ চিন্তা, আলোচনা আৰু অধ্যয়নৰ বস্তু হৈছিল ; গতিকে এই ঘটনাই যে তেওঁৰ চকুত চাকিৰ পোহৰ পেলাই দিব, সি একো আচৰিত কথা নহয়। কিয় বা কপৌৱনীৰ বিৰহৰ কথা তেওঁৰ আগত উল্লেখ কৰিলতে তেওঁৰ ভয়ানক মানসিক আবেগ উপস্থিত হল, এই প্ৰশ্নৰ উত্তৰ ফুলে সহজতে পালে। ফুলে তৎক্ষণাত এই সিদ্ধান্ত কৰিলে যে সূৰ্য্যকুমাৰো এনে বিচ্ছেদৰ বেদনাত ব্যথিত, নহলে বিচ্ছেদৰ কথা শুনি তেওঁ কিয় এন মৰ্ম্মাহত হব ? হায় ! সূৰ্য্যৰো তেনে কোনোবা লগৰীয়া আছিল যাক হেৰুৱাই তেওঁ মৃতপ্ৰায় হৈ আছে। সূৰ্য্যইও এই পৃথিৱীত কাৰবাক তেওঁৰ মন-প্ৰাণ সমৰ্পিছিল। যাৰ পৰা পৃথক হৈ তেওঁ গোটেই সংসাৰ এন্ধাৰ দেখিছে। হায় সূৰ্য্য ! এনে কপৌ-কপৌৱনী জুৰিৰ দৰে তুমিও এইও সংসাৰৰ এজুপি গছত তোমাৰ হৃদয়েশ্বৰীৰ সৈতে একে লগে একে ঠাইতে একেটি ডালতে মুখামুখীকৈ পৰম সুখত আছিলা। নিষ্ঠুৰ কালে তোমাৰ পৰা তোমাৰ মৰমৰ সিটিক কাঢ়ি নি তোমাৰ এই অৱস্থা কৰিলে ! এনে স্থলত তুমি কেনেকৈ থিৰেৰে থাকাঁ ? তুমি যাক ভাল পাইছিলা, তোমাকে ভাল পাই যি হিয়া জুৰাই আছিল, তেওঁৰ বা তোমাৰ বিৰহত কি গতি হৈছে ? হায় বিধি। তেওঁ তোমাক এৰি এতিয়াও জীয়াই আছেনে ? তুমিতো পুৰুষ, তোমাৰ হৃদয়ৰ তুলনাত তেওঁৰ হৃদয় অতি কোমল, কেনেকৈ তেওঁ এনে কোমল হিয়াত এনে নিদাৰুণ বিৰহ য্ন্ত্ৰণা সহিছে ! এই সংসাৰত ঈশ্বৰে তিৰোতাক দুখ-কষ্টৰ কঠোৰ য্ন্ত্ৰণা সহিবলৈ স্ৰজন কৰিলে নে কি ? হৰি, হৰি, কঁপাল !-তুমি কোন ভাগ্যৱতী কব নোৱাৰোঁ। তুমি যে সূৰ্য্যকুমাৰৰ ভালপোৱাৰ পাত্ৰ হৈছা, এই নিমিত্তে তুমি মোতকৈ লক্ষ গুণে কপালী। তোমাৰ কপাল সৈতে তুলনা কৰিলে মই অভাগিনীৰ কপাল খুন্দি ভাংগিৰ লগীয়া। তুমি সূৰ্য্যৰ প্ৰেম পাইছিলা, সূৰ্য্যই "তোমাক ভাল পাঁও" বুলি কোৱা অমৃত যেন কথাৰে তোমাৰ কাণ শীতল কৰিছিল, তোমাৰ চকুৱে হেপাহ পলুৱাই সূৰ্য্যৰ পূৰ্ণিমাৰ জোন যেন মুখ চাইছিল, তোমাৰ মুখে সূৰ্য্যৰ মুখৰ মৌ পিবলৈ পাইছিল, মোৰ প্ৰাণেশ্বৰৰ তুমি হাঁহিমুখ দেখিবলৈ পাইছিলা, আহা ! তুমি কেনে ভাগ্যৱতী। মোৰ প্ৰাণনাথ তোমাৰ নিমিত্তে কাতৰ ; ধন্য তুমি পুণ্যৱতী !-সি যি হওক প্ৰাণনাথ ! যদি এই পৃথিৱীত তোমাৰ প্ৰিয়া এতিয়াও জীয়াই আছে, যদি তেওঁ তোমাৰ বিৰহত অগণিত এতিয়াও পুৰি বস্ম হোৱা নাই, তেন্তে গোঁসাইৰ চৰণত এই প্ৰাৰ্থনা কৰিছোঁ, যে তোমাৰে সৈতে তোমাৰ মৰমৰ বস্তুটিৰ আকৌ শীঘ্ৰে মিলন হয়, আকৌ যেন তোমাৰ বুকুৰ ধন তোমাৰ বুকুত লবলৈ পোৱা, তোমাৰ পুনৰ সুখ-শান্তি দেখিবলৈ পালেই মোৰ জীৱন সাৰ্থক হল বুলি মানিম। প্ৰাণেশ্বৰ ! তোমাৰ প্ৰিয়াৰ বেটী হৈ থাকিও যদি মই তোমাক সুখী দেখিবলৈ পাঁও, তেনেহলে মোক এই সংসাৰত আৰু একো নেলাগে।

এই কেষাৰ কথা কৈয়েই ফুলৰ চকুৰ চকুলোৱে চলচলীয়া হৈ গল, আৰু তেওঁ একো কব নোৱাৰিলে।