NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
সপ্তম আধ্যা
বিৰলে মন্ত্ৰণা
"Let us seek some desolate shade, and there weep our sad bosoms empty"
--Macbeth

ফুল-সূৰ্য্যৰ কথা এইখিনিতে এৰি আমি এতিয়া হৰদত্তই ভায়েক, পুতেক, কোচবেহাৰৰ কোঁৱৰ আৰু তেওঁৰ মন্ত্ৰী সকেলেৰে সৈতে ভিতৰ চৰাত কি মন্ত্ৰণা কৰিছে, মনে মনে শুনো।

হৰদত্ত :- কালিৰ ভিতৰতে আনি বৰফুকনক ফৌজেৰে আক্ৰমণ কৰি বেঢ়ি ধৰি বন্দী নকৰি পদুমৰ বিয়াৰ পাছলৈ বাট চাই থাকিলে কাৰ্য্য হৈ নুঠিব। মই শুনিছোঁ বৰফুকনে তলে তলে আমাৰ অভিপ্ৰায় সকলো বুজি পাই উজনিৰ স্বৰ্গদেৱলৈ সৈন্য খুজি পঠিয়াইছে। সেই সৈন্য আহি পালেহি আমাৰ এই অশিক্ষিত অলপ ফৌজেৰে যুঁজাটো অসম্ভৱ হৈ উঠিব।

ৰঘু :-কাইলৈ নো বাট চাবৰ সকাম কি মই কব নোৱাৰোঁ ; আজিয়েই দেউতাই মোক হুকুম দিয়ক মই বৰফুকনক ধৰি লৈ আহোঁগৈ। কালি কালিকৈ থাকিয়েই দেউতাই সকলো ভ্ৰষ্ট কৰিছে। আমাৰ অতবোৰ ফৌজেৰে সৈতে বৰফুকন এটা কি কুৰিটা ধৰি আনিব পাৰোঁ।

বীৰদত্ত :-ঠিক কৈছে, ঠিক কৈছে, বীৰদত্তৰ সেই কথাত সম্পূৰ্ণ মত। হেলাত কাৰ্য্য নাশ। আপুনি পিছ হুহুকি হুহুকিয়েই সকলো মাটি কৰিছে ; আপোনাৰ সহায় বীৰদত্তৰ দুটা বীৰবাহু থাকোতে ভয় কি ? কাইলৈ কিয়, আজিয়েই এতিয়াই আমুকাই কলীয়া ভোমোৰাক ধৰি আনি আপোনাৰ ভৰিত দীঘলকৈ পেলাব পাৰে। কেৱল আপোনাৰ আজ্ঞা লাগে। তাৰ বাহিৰে কোচবেহাৰ ৰাজকোঁৱৰ স্বয়ং আপোনাৰ সোঁ হাত। তাৰ উপৰি যত ডাঙৰ ডাঙৰ চৌধুৰী, বুজৰবৰুৱা, বৰুৱা প্ৰভৃতি লোক আপোনাৰ সাহায্যকাৰক। কি কথা আছে, এই মুহূৰ্ত্ততে বীৰদত্তই কলীয়া ভোমোৰাক হাতীৰ ফয়েৰে বান্ধি আনি আহোম বংশৰ আলুৱে কলা-পুলিয়ে তুলিব পাৰে।

হৰদত্ত :-ৰবা এথোন, হুৰা মুৰা কৰিলে একো কাৰ্য্য নহয়। এনেবিলাক গুৰুতৰ কাৰ্য্য কৰিবলৈ বহুত ভাবিব, বহুত চিন্তিব, বহুত গুণিব লাগে ; অৱশ্যে তোমালোকৰ উৎসাহ আৰু বল অতি প্ৰশংসনীয়। বীৰৰ নিচিনা ভাই আৰু ৰঘুৰ নিচিনা পো যে মই পাইছোঁ এইটোত মই বৰ অহংকাৰ কৰিব লগীয়া। মোৰ মন্ত্ৰীসকলৰ মন্ত্ৰণা আৰু বন্ধুসকলৰ সাহায্য মোৰ পক্ষে অমূল্য বস্তু। তথাপি সকলো কাৰ্য্যতে ধৈৰ্য্যৰ আৱশ্যক। পাপীষ্ঠ আহোমবিলাকৰ অত্যাচাৰ মই অতদিন পাৰোঁতে সহি আছোঁ বুলি তোমালোকে ভাবিছা নে ? স্বদেশৰ স্বজাতিৰ দুৰ্গতিত মোৰ বুকু ফাটি চিটাচিট হোৱা নাই বুলি আছা নে? পাষণ্ডহঁতৰ দৌৰাত্ম্যত মোৰ গাৰ তেজ বকবককৈ এতিয়াও উতলা নাই বুলি জানিছা নে? সতী তিৰোতাই সতীত্ব ৰত্ন ৰাখিব নোৱাৰি কন্দা চিঁয়ৰ মোৰ কাণত এতিয়াও সোমোৱা নাই বুলি ভাবিছা নে ? ধনীৰ ধন, মানীৰ মানৰ লগত মোৰ নিজৰ ধন-মান হেৰোৱা নাই বুলি তোমালোকে জানিছা নে ? উস ! যদিও আজিলৈকে মোৰ আহোমে অলপো অপকাৰ কৰা নাই, তথাপি মোৰ দেশী ভাইসকলৰ অপকাৰক মই মোৰ নিজৰ অপকাৰ হেন বুলি ভবা নাই বুলি তোমালোকে বোধ কৰিছা নে ? হা ঈশ্বৰ ! মোৰ দেশৰ দুৰৱস্থাত মোৰ চকুত টোপনি নাই, পেটত আহাৰ নাই, মনত শান্তি নাই-তথাপি এনেস্থলতো মই হঠাৎ হুৰামূৰাকৈ আহোমৰ বিপক্ষে উঠিব পৰা নাই কেলৈ ? হঠাৎ কোনো কাম কৰিলে সি সিদ্ধ হল যদি হলেই নহল যদি তেনেকৈ ভ্ৰষ্ট হয়। বিশেষকৈ ৰজাৰ বিপক্ষে যুঁজিবলৈ উঠাৰ নিচিনা এটা ডাঙৰ কাৰ্য্য হঠাৎ কৰা কাৰ্য্য নহয়। আগেয়ে ভাবিছিলো পদুমৰ বিয়াৰ পাচত এই কাৰ্য্য কৰা যাব ; কিন্তু এতিয়া পদুমৰ বিয়া স্থগিত ৰাখি এই কাৰ্য্যতহে আগেয়ে লাগিব লগীয়া হল যেন দেখিছোঁ। ঈশ্বৰ আছে, তেওঁৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰ ; তেওঁ অৱশ্যে আমাৰ কাৰ্য্য সফল কৰিব।

ৰাজকোঁৱৰ :-এই কথা অৱশ্যে অতি সুন্দৰ ; ইয়াক আমি সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ।

হৰদত্ত :-বীৰ, এতিয়াই তুমি সেনাপতিক যুদ্ধৰ সকলো আয়োজন কৰিবলৈ কৈ দিয়া ; কাইলৈ ৰাতি দুপৰত বৰফুকনক ঘৰ বেৰা দি ধৰি বন্দী কৰি আনিব লাগিব।

ৰঘু :-কাইলৈ, কাইলৈকে চোছৰাই চোছৰাই দেউতাই যি কৰে কৰক, মই হলে তেনে কথাত নাই।

ৰঘুৰ এই কথাত হৰদত্তই কিবা কব খোজোতেই এটা চৰ লৰি আহি জান দিলেহি যে কলীয়াভোমোৰা বৰফুকনে তেওঁক আৰু তেওঁৰ লগৰীয়া বিদ্ৰোহীসকলক ধৰিবলৈ স্বয়ং সৈন্য লৈ আহিব লাগিছে, তেওঁবিলাক তৎক্ষণাৎ নপলালে আথান্তৰ মিলিব।

এই কথা শুনা মাত্ৰকে তেওঁবিলাক ব্যতিব্যস্ত হৈ পৰিল, আৰু সেই মুহূৰ্ত্ততে তাৰ পৰা পলাই যাবলৈ ঠিক কৰিলে। তৎক্ষণাৎ হৰদত্তই তেওঁৰ ঘৈণীয়েক, জীয়েক, পুতেক আৰু মন্ত্ৰীসকলক লৈ ভোটানৰ ফালে পলাল। ৰাজকোঁৱৰে বিসংগতি দেখি ঘোঁৰাত উঠি আপোন ৰাজ্য কোচবেহাৰলৈ ছুটি মেলিলে। আন আন বিদ্ৰোহীবিলাকো যেনিয়েই পাই তেনিয়েই পলাই পত্ৰং দিলে।