NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
অষ্টম আধ্যা
উপায় কি ?
"Amid, my most noble friends, I pray you all, Speak plainly your opinions of our hopes"
--King Henry the Fourth হৰদত্ত তেওঁৰ পৰিবাৰ আৰু লগৰীয়া সকলেৰে সৈতে পলাই গৈ ভোটৰ পৰ্ব্বতৰ দাঁতিত এডোখৰ হাবিৰ মাজত লুকাই আছে। বৰফুকনে ইপিনে তেওঁৰ ফালৰ মানুহ যাক যাক পালে তাক তাক ধৰি দণ্ড কৰিলে আৰু তেওঁক ধৰিবলৈ চাৰিউফালে মানুহ পঠালে। তেওঁ ভোটানৰ ফালে পলাই যোৱা বাতৰি পাই বৰফুকনে স্বয়ং তেওঁক খেদি গল। কিন্তু তেওঁ যেনে ঠাইত আশ্ৰয় লৈছিল তেনে ঠাইৰ পৰা তেওঁক বিচাৰি উলিওৱা বৰ টান কাম। বাঘ ভালুক আদি প্ৰকৃতিৰ সন্তানবিলাকেৰে সৈতে প্ৰকৃতিৰ কোলাত হৰদত্তই আশ্ৰয় লৈ কাল কটাবলৈ ধৰিলে। মানুহৰ সমাজ, মানুহৰ লগ সংগতকৈ বনৰীয়া জন্তুৰ লগ-সংগ তেওঁৰ পক্ষে অতি সুখকৰ হ'ল। ওচৰ-চুবুৰীয়া আৰু বন্ধু-বান্ধৱেৰে পৰিবৃত থাকি তেওঁ মনত যিমান অশান্তি লভিছিল, প্ৰকৃতিৰ বিমল কোলাত হিংস্ৰ জন্তুবিলাকেৰে পৰিবৃত থাকি তেওঁ সিমান শান্তি লভিছিল। পৰ্ব্বতৰ গহ্বৰ, কামৰূপৰ তেওঁৰ ৰম্য ঘৰতকৈও তেওঁ শ্ৰেষ্ঠ জ্ঞান কৰিছিল। আলু-কচু গছৰ ফল-মূল ঘৰৰ মিষ্টান্ন পঞ্চামৃততকৈও তেওঁৰ মুখত সোৱাদ লাগিছিল। দুগ্ধফেন সদৃশ শয্যাত পৰি তেওঁৰ চকুৰ টিপ নমৰাকৈ ৰাতি কটাইছিল, কিন্তু এতিয়া সুদা মাটিত তেওঁ মনৰ সুখেৰে শুই টোপনিৰ সুখ লভিবলৈ ধৰিলে। অবিশ্বাসী, মুখে-এটা পেটে-এটা, খোচামোদকাৰী আৰু কপটীয়া বন্ধুসকলৰ মাততকৈও বাঘ-ভালুকৰ গোজৰণি তেওঁৰ কাণত অধিক মধুৰ আৰু বিশ্বাসৰ যোগ্য যেন লাগিছিল। চকুৰ আগতে দেশৰ দুৰৱস্থা আৰু স্বজাতিৰ দুৰ্গতি দেখি থকাতকৈ তেওঁৰ মনত নিৰ্জ্জন অৰণ্যত থকা এশ গুণে শ্ৰেয়ঃ হৈছিল। কেতিয়াব কেতিয়াবা পৰ্ব্বতীয়া মানুহেৰে সৈতে সাক্ষাৎ হলে সিহঁতৰ সৰলতা, আৰু অমায়িকতাত তেওঁ মোহিত হৈ যায়। এটা ভুটীয়া চৰ্দ্দাৰে সৈতে তেওঁৰ তাতে বন্ধুতাও হৈছিল। সি তেওঁবিলাকক খাবলৈ বস্তু আনি দিছিল আৰু বৰ পুতৌ কৰিছিল। চৰ্দ্দাৰৰ দুটি ল'ৰা-ছোৱালী আছিল, সিহঁতক চৰ্দ্দাৰে ৰঘু আৰু পদুমেৰে সৈতে সখি বন্ধাই দিয়াইছিল। ল'ৰাটোৰ নাম কোৰ্ম্মা আৰু ছোৱালী জনীৰ নাম, কুৰ্ম্মী আছিল।

কোৰ্ম্মাৰে সৈতে ৰঘুৱে আৰু কুৰ্ম্মীৰ সৈতে পদুমে সখি বন্ধাইছিল। সিহঁত দেখিবলৈ বাহিৰে যেনে হৃষ্ট, পুষ্ট আৰু বলিষ্ঠ, ভিতৰেও তেনে সৰল আৰু সৎ। দেখিবলৈ দুয়ো বগা আৰু শুৱনী। বয়সত কোৰ্ম্মা ৰঘুৰ সমনীয়া আৰু কুৰ্ম্মী পদুমৰ সমনীয়া। কপটতা আৰু শঠতা কাক বোলে সিহঁতে কব নোৱাৰে। মিছা মৰম, মিছা ভালপোৱা, মিছা বন্ধুতাৰ সিহঁতে ধাৰ নেখায়। যাক ভাল পায়, তাক সিহঁতে মৰি-মুজি ভাল পায়, য়াৰ সৈতে বন্ধুতা কৰে, তাৰ সৈতে কেতিয়াও নিছিগা বন্ধুতাৰ লোৰ শিকলিৰে বান্ধ খায়। বন্ধুৰ হৈ সিহঁতে নিজৰ ডিঙিটো সদাই আগ কৰি লৈ ফুৰাই।

এনে অৱস্থাত হৰদত্ত আছে। এদিন বীৰদত্তকে প্ৰমুখ্য কৰি তেওঁৰ সকলো মন্ত্ৰীসকলে তেওঁক কলে যে "আমি এই দৰে আৰু কতদিন কষ্ট ভুগি থাকিমহঁক ; কষ্ট দূৰ কৰিবৰ উপায় অৱলম্বন নকৰিলে নহয়। এই অৱস্থাত থাকি যে আহোমৰ বিৰুদ্ধে উঠি আমাৰ দেশ উদ্ধাৰ কৰিব পাৰিম, সি কেতিয়াও নহয়। আমাৰ সৈন্য-সামন্ত লগৰীয়া ছিন-ভিন হৈ নষ্ট হল, আৰু অধিক ভাগক শত্ৰুৱে হাত দিলে। এতেকে এনেস্থলত আমি নতুন উপায় অৱলম্বন কৰা নিতান্ত কৰ্ত্তব্য। আমি স্থিৰ কৰিছোঁ যে আমি পঞ্জাবলৈ গৈ পঞ্জাৱকেশৰীৰ শৰণ পশো গৈ। আমাৰ দেশৰ সকলো দুৰৱস্থা তেওঁক জনাই আহোমৰ হাতৰ পৰা তেওঁ ৰাজ্য লবলৈ তেওঁ খাটোগৈ। উন্নতনামা দয়ালু মহাবীৰ পঞ্জাৱসিংহই অৱশ্যে আমাৰ কথালৈ কৰ্ণপাত কৰিব।"

মন্ত্ৰীসকলৰ এই পৰামৰ্শ শুনি হৰদত্তই কিছুপৰ তলকা মাৰি থাকি মেঘগম্ভীৰ স্বৰেৰে কবলৈ ধৰিলে :-"মোৰ মৰমৰ বীৰ আৰু মন্ত্ৰীসকল। তোমালোকৰ মন্ত্ৰণা যে সম্পূৰ্ণ যুক্তিযুক্ত তাত অলপো সন্দেহ নাই ; কিন্তু হৰদত্তৰ শৰীৰত প্ৰাণ থাকে মানে এনে কাম কৰিবলৈ তেওঁ কেতিয়াও আগ বাঢ়িব নোৱাৰে। স্বৰ্গাদপি গৰীয়সী জন্মভূমি যে তেওঁ বিশ্বাসঘাতক হৈ এজন বিদেশীৰ ৰজাৰ হাতত সমৰ্পণ কৰিব এনে কথা তেওঁ স্বপ্নতো মনত ঠাই দিব নোৱাৰে। কোনে জানিছে, কি জানি এই কাৰ্য্যৰ দ্বাৰায় তেওঁৰ জননীক বাঘৰ হাতৰ পৰা সিংহৰ হাতত হে পেলায় দিয়া হয় ? এক ৰাক্ষসৰ গৰাহৰ পৰা কাঢ়ি নি কিজানি জন্মভূমিক তাতোকৈও এক দুৰন্ত ৰাক্ষসৰ গৰাহত হে পেলাই দিয়া হয় ? হায় ! এনে ভয়ানক কাম হৰদত্তৰ শৰীৰত একবিন্দু ৰক্ত থাকে মানে হৃদয়ত এক ধনিষ্টমানো মনুষ্যত্ব থাকে মানে, হৈ উঠা অসম্ভৱ। হৰদত্তৰ মাতৃভূমি, নতুন আৰু অচিনাকী পঞ্জাৱীৰ হাতত সমৰ্পণ কৰাতকৈ পুৰণি আহোমৰ হাতত এৰি থৈ হৰদত্তই আপোনাক ধন্য মানিব। বন্ধুসকল মাতৃভূমি দুৰাত্মা আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি আত্মহত্যা কৰিব, তথাপি তেওঁক এনে কাৰ্য্য কৰিবলৈ তোমালোকে নকবা। "

হৰদত্তৰ এই বীৰোচিত কথা শুনি বীৰদত্ত আৰু মন্ত্ৰীসকল নিস্তব্ধ নিমাত হৈ জয় পৰি তললৈ মুৰ কৰিলে। আৰু সেই ভুটীয়া চৰ্দ্দাৰে "মিতা তই ভাল কৈছ, ভাল কৈছ, তই বৰ ভাল মিতা আছে" বুলি প্ৰশংসা কৰিবলৈ ধৰিলে।