NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
নৱম আধ্যা
পদুম
"With orient pearl, with ruby red,
With marble white, with sapphire blue,
Her body every way is fed,
Heigh ho, fair………….
Nature herself her shape admires;
The gods are wounded in her sight;
And love forsakes his heavenly fires
And at her eyes his brand doth light"
-T. Lodge

পদুমৰ নিচিনা কুমলীয়া ছোৱালী এজনীৰ পক্ষে ইমানবোৰ বেঢ়ি ধৰা বিপদ সহা অসম্ভৱ। প্ৰথম, যত তেওঁ মন-প্ৰাণ সপিছিল, তেওঁৰ পৰা বিচ্ছেদ। দ্বিতীয়, আপোন দেশৰ ঘৰ দুৱাৰ এৰি বনবাস। উপজিবৰে পৰা দুখ কাক বোলে যি নেজানিছিল, যি শান্তি-সুখৰ সুবিমল ছাঁত আলসুৱা হৈ বাঢ়িছিল, তেনে কোমল ছোৱালী এজনীয়ে বাঘ ভালুক আদি হিংসুক জন্তুৰে সৈতে দুৰ্ঘোৰ অৰণ্যত দুৰ্ঘোৰ ক্লেশত বাস কৰিবলগীয়া হল। তাৰ উপৰি চেনেহৰ বাপেক দদায়েকহঁতৰ ৰাজদ্ৰোহ অপৰাধত কোন সময়ত কি হয় চিন নাই। শত্ৰুয়ে বিচাৰি পিয়াপি লগাইছে, পালেই অঘটন ঘটিব। আৰু ভবিষ্যতলৈ বা নিজৰ কপালত কি আপদ আছে, তাকো তেওঁ কব নোৱাৰে। ইত্যাদি চিন্তাত পদুম জলকা লাগিল। এইবিলাক নিজৰ চিন্তা-ভাৱনাতকৈও তেওঁৰ প্ৰাণৰ সূৰ্য্যৰ বা কি হল এই চিন্তাত তেওঁ একেবাৰেই এধামৰা হল। এতিয়াও যদি তেওঁ কোৱাচিলাৰ মুখেও এবাৰ বাতৰি শুনিব পায় যে সূৰ্য্য ভালে আছে, তেন্তে তেওঁ এই জনমৰ আশা এৰি একেবাৰেই চকু মুদিব পাৰে। লাহে লাহে তেওঁৰ নিজৰ আৰু বাপেক-মাকৰ বিষয়ে চিন্তা, কেৱল এটা চিন্তাত পৰিণত হল যে "সূৰ্য্য ভালে আছে নে ?" "সূৰ্য্য ভালে আছে" এই কথা শুনিবলৈ পালে পদুমে মহাসুখেৰে এই জীৱন পৰিত্যাগ কৰিব পাৰে। এই দুখময় সংসাৰত আৰু একোলৈকে তেওঁৰ বাসনা নাই ; মাত্ৰ বাসনা 'সূৰ্য্যৰ সুখ'। পদুমে এতিয়া মনতে সংকল্প কৰিলে যি মুহূৰ্ত্ততে তেওঁ সূৰ্য্য জীয়াই থকা বাতৰি শুনিব, সেই মুহূৰ্ত্ততে তেওঁ মনত শান্তি লভি বিহ খাই প্ৰাণত্যাগ কৰি ক্লেশপূৰ্ণ পৃথিৱীৰ পৰা নিত্যধামলৈ গতি কৰিব। এই অভিপ্ৰায়ে তেওঁ ৰিহাৰ আচলত সদাই বিহ এডোখৰ বান্ধি থৈছিল।

ভুটীয়া চৰ্দ্দাৰৰ জীয়েক কুৰ্ম্মীয়ে যিদিনাখনৰে পৰা পদুমে সৈতে সখি বন্ধালে, সেই দিনাখনৰে পৰা তাই পদুমৰ মৰমতে মৰা হল। ৰাতিৰ কেদাঁড়হে কুৰ্ম্মী পদুমেৰে এৰা এৰি হৈ থাকে, ৰাতি পুৱাল বুলিলেই আহি পদুমৰ ওচৰ ওলালহি। পদুমক বেজাৰ কৰি থকা দেখিলে তাই কত বুজাই কত প্ৰবোধ দিয়ে, কত গালি পাৰে। পদুম ঘাইকৈ কিহত ম্ৰিয়মান হৈ আছে, এই কথা কুৰ্ম্মীয়ে নেজানি পদুমক কয় "ঐ হখি, তুৰনু কিহত আকৌ ইমানকৈ বেজাৰ তো আৰু ? মুৰ ঘৰেই তুৰ ঘৰ, মুৰ মানুহেই তুৰ মানু, তুৰ গাওঁতকৈ মুৰ গাওঁত তই থাকি হুখ পাবি; মুৰ হৈতে তই উমলিবি ; হৌ পৰ্ব্বতত তয়ে ময়ে উঠিম, পুল চিঙ্গিম, মলা সিঙ্গিম, তয়ো পিন্ধিবি ময়ো পিন্ধিম ; মুৰ গাওঁত হকলুই তুক মৰম কৰিব। মুৰ বাপেকক মুই কৈছোঁ তহঁতিক হোনকালে ইয়াৰ পৰা আমাৰ ঘৰলৈ নিব আৰু হখি, তই আকৌ বেজাৰ নকৰিবি ; তই বেজাৰ কৰিলি মুৰো বেজাৰ লাগে, তই কান্দিলি মুৰো কান্দুন আহে। " এইদৰে কুৰ্ম্মীয়ে পদুমক মনৰ বেজাৰ গুচাবলৈ দিনৰ দিনটো কত উপায় উলিয়াই থাকে তাৰ অন্ত নাই। কেতিয়াবা সিহঁতৰ পৰ্ব্বতৰ গীতকে গাব, কেতিয়াবা সাধুকথাকে এটা কব, কেতিয়াবা কিবা এটা বস্তুকে খাবলৈ আনি দিব, কেতিয়াবা বনৰীয়া ফুল চিঙি আনি মলা গাঁথি পদুমৰ খোপাত পিন্ধাইকে দিব ; কেতিয়াবা বা সোণপৰুৱা ধৰি আনি কপালত ফোট পিন্ধাব ইত্যাদি প্ৰকাৰে কুৰ্ম্মীয়ে পদুমৰ মন ভালে ৰাখিবলৈ যত্ন কৰি থাকে, কুৰ্ম্মী ওচৰত থাকে মানে পদুমে ৰং থাকে আঁতৰ হলেই আকৌ শোক-ডাৱৰে পদুমক ঢাকি পেলায়, আকৌ চকুৰ পৰা বেজাৰ-বৰষুণ পৰিবলৈ ধৰে।