NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
দশম আধ্যা
বিপদৰ ওপৰত বিপদ
"One woe doth tread upon another's heel, so fast they follow."
-Hamlet

জগতৰ কি অপৰূপ নিয়ম কব নোৱাৰি, ধাৰ্ম্মিক আৰু নিৰ্দ্দোষী মানুহক যত আপদ আছে, সোপাই বেঢ়ি ধৰে। দুষ্টই কত অপকৰ্ম্ম কৰি গা সাৰিব তাৰ ঠিক নাই, কিন্তু সন্তই হেজাৰ সৎপথত থাকি কাৰ্য্য কৰক তথাপি তেওঁ দুখ-জালেৰে মেৰ খায়। জনক-নন্দিনী সীতাই স্বামী ৰামৰ চৰণৰ বাহিৰে একোকে নেজানিছিল, তেনে সাধ্বী সতীৰ দুখতে কাল গল। দয়মন্তীয়ে নো নলৰ চৰণ সেৱি কিমান সুখ পালে ? শ্ৰীবৎসৰ পত্নী চিন্তাৰ নো লৈলৈৰ-থৈথৈৰ কিবা অন্ত আছিল নে ? কবলৈ গলে এনেকুৱা কত আহি আহি আগত উপস্থিত হয়হি যে, এটা এটাকৈ দেখুৱাই গলে শেষ নপৰে। অৱশ্যে আমাৰ চকুত অমিল এনে কথাৰ যে কিবা গুঢ়াৰ্থ আছে তাত অলপো সন্দেহ নাই। ঈশ্বৰে বা কি অভিপ্ৰায়ে তেনে কৰে, আমি বা অল্পমতি মানুহে কি বুজো কোনে কব ? যাক আমি ঈশ্বৰ বোলো, যাৰ নাম দয়ালু, যি সত্য স্বৰূপ আৰু ন্যায়বান, তেওঁৰ ৰাজ্যত অসত্যৰ শেহত নিশ্চয় পতন ! ধাৰ্ম্মিক লোকৰ ধৰ্ম্মৰ পৰীক্ষা কৰিবলৈ, ন্যায়বানৰ ন্যায় জুখিবলৈ, সত্যবানৰ সত্যনিষ্ঠাৰ প্ৰমাণ চাবলৈ তেওঁ এনেবিলাক ফন্দি পাতে আমি ক্ষুদ্ৰবুদ্ধি লোকে বুজিব নোৱাৰি তাত ইমানবিলাক দোষ আৰু অনিয়ম দেখোঁ।

সি যি হওক, আমি এতিয়া আমৰ কবলগীয়া কথা কওঁহঁক। হৰদত্তৰ পতিব্ৰতা স্ত্ৰীয়ে এই অৰণ্যতো অকপটচিত্তে ভক্তিভাৱে আগৰ দৰেই স্বামীৰ সুশ্ৰূষা কৰি আছে। এনেতে এদিন হঠাৎ এক আথান্তৰ মিলিল।

এদিন ৰাতিপুৱা হৰদত্তৰ ঘৈণীয়েক গা ধুবলৈ ওচৰৰে এটি পৰ্ব্বতৰ জুৰিলৈ পদুমক লগত লৈ গৈছিল। জুৰিতিৰ ওপৰত কাষৰ গছ এজোপাৰ ডাল এটা ওলমি জুৰিটীক আবৰি ধৰি আছে ; দেখিলে এনেহে বোধ হয় যে গছ জোপাই জুৰিটীক আপোনাৰ বস্তু হেন ভাবি হাত মেলি সাবত মাৰি ধৰিহে আছে, কাকো ওচৰলৈ আহিব নিদিয়ে। জুৰিটীয়েও গছৰ বুকুত সোমাই নথৈ ৰং পাই কুল কুল কৈ গীত ধৰিছে। চৰাইবিলাকে কোঢ়াল কৰি চাৰিউফালে উৰি বনাই ফুৰিছে। এনে সময়ত পদুমে সৈতে পদুমৰ মাক পানী আনিবলৈ সেই জুৰিলৈ গৈছিল। পদুমে জুৰিটীৰ ৰং ৰূপ চাই খন্তেকৰ নিমিত্তে শোক দুখ পাহৰি ওচৰতে থিয় হৈ আছে, মাকে ওপৰৰ পৰা কুলকুলকৈ বৈ অহা পানী, কলহ পাতি ধৰিছে। এনেতে সেই ওলমি থকা গছৰ ডালৰ পৰা এটা হিংসুক সাপে মাকৰ তালুতে বৰ খঙেৰে খোট মাৰি দিলে। খোট মৰা মাত্ৰকে তেওঁ 'পদুম' বুলি লুটি খাই পৰি অচেতন হল। পদুমে "হায় কি হল !" বুলি চিয়ঁৰ মাৰি তেওঁক সাবট মাৰি ধৰিলে। ! কিন্তু কি হব, তেওঁৰ দেহ-সজাৰ পৰা প্ৰাণপক্ষী আৰু পলাল ! পদুমে লৰাই-চৰাই দেখিলে যে মাকৰ ধাতু নাই !-পদুম মূৰ্চ্ছিত হৈ পৰিল। অলপ বেলিৰ মূৰত জ্ঞান পাই "আই, পদুমক এৰি কলৈ গলা" বুলি আকৌ মুচকছ হৈ পৰিল।

হৰি হৰি বিধি ! এজনী ছোৱালীৰ নিমিত্তে তুমি কত দুখ থৈছাঁ ? তেওঁৰ বুকুৰ ধনটি কাঢ়ি নি তোমাৰ হেঁপাহ নপলাল, শেহত মুখ জুৰাবলৈ মাকজনী আছিল তাকো তুমি কাঢ়ি নিলা? এই বাবেহে তোমাক ক্ৰূৰ বিধি, নিদাৰুণ বিধি, 'কণা গোসাঁই' ইত্যাদি নামে মানুহে দিয়ে।

পদুমে কিছু বেলিৰ মূৰত জ্ঞান পালে ; কিন্তু এইবাৰ জ্ঞান পোৱা নোপোৱাৰ সমান। পদুম আৰু আগৰ পদুম নাই। পদুমৰ কৰ্ত্তব্য অকৰ্ত্তব্য জ্ঞান শূণ্য হল। পদুম গিৰিপ কৰে উঠি ৰিহাৰ আঁচলটো মাটিত মাৰি মাকৰ শটোলৈ চাই কবলৈ ধৰিলে, "আই ! মাটিত নুশুবাঁ ; মই ৰিহাৰ আঁচল পাৰি দিছোঁ, ইয়াত শোৱাঁহি। ছিঃ ! ছিঃ ! মাটিত কাঁইটে ফুটিব উঠা। " এই বুলি মাকৰ গাত ধৰি সাবত মাৰি তুলিব খুজি থপকৰে আকৌ এৰি দি কলে, "আই তোমাৰ টোপনি আহিছে শুই থাকাঁ। মই তাহানি তুমি শিকোৱা নাম এটা গাওঁ :- 'হে-ৰ কেতেকী কিয় মলেমলা,

        তোৰ নো আ-ছে কোন ?
        হে-ৰ মালতী কি হাঁহি হাঁহিছা,
        যেনে পূৰ্ণিমাৰ জোন ?'-এইটো নাম ভাল নহয়, আই আৰু এটা গাওঁ। এইটো নাম, তুমি শুনি থাকাঁ-
        'কুটুমে ৰান্ধিলে, কুটুমে বাঢ়িলে,
        কুটুমে কুটুমে খালে !
        কুটুমৰ তেজেৰে ব-ন্তি লগালে,
মজিয়া ভকে ভকালে !!'-আই দেউতাক কঁবা সূৰ্য্য গল বুলি দেই। আজি মোৰ সখী আহিলে মোক গালি পাৰিব। আই মই তোমাৰ লগতে শোওঁ ; তুমি মোৰ ওকনি পিলিকা, মই ঘোষা গাওঁ-
'কিমতে ভকতি কৰিৰোঁ তোমাত হৰি এ,
মই মূঢ়মতি নেজানো তৰ উপায়। '-মানুহে কয় বোলে লাও গছ জোপা আগেয়ে এজনী তিৰোতা মানুহ আছিল। কিন্তু সেইটো কথা পতিয়াবৰ মন নাযায়। " এই বুলি আকৌ খপকৰে উঠি "আজি দেউতা আহি দেখিলে আমাক খং কৰিব। কতা মোৰ লগত তো সুৰ্য্য নাই, মোক কি খং কৰিব ? গল-গল-গল ; যাওক ; নেলাগে আহিব-ভালে থাওক-কোনে কলে ভালে আছে বুলি ? মোৰ আচলৰ আগত বান্ধি থোৱা বস্তুটি আছেনে ?- হঁয়কলি চৰাইটোৱে সেইয়া কি কয় অ'?-কেনেকৈ জানিলে?-
       'ক্ৰূৰ অক্ৰূ ভৈল বৈৰী,
       জীৱ কাঢ়ি নেই কেন কৰি।
        পাইব গৈয়া নাগেৰী সুন্দৰী,
       আউৰ দুনাই নাসিবন্ত হৰি !!'-আইৰ আজি টোপনি নেভাগে হবলা। দুখে ভাগৰে লালকাল দেহি অলপ শোৱক। তহঁতে নেমাতিবি, ময়ো নেমাতো-দেউতাক ধৰিবলৈ মানুহ আহিছে ! কতা ! মোৰ সখি আহিলে আজি ফুল তুলিবলৈ যাম ; ফুল তুলি এধাৰ মলা গঁথি দেউতাক দিম, এধাৰ ককাইদেউক দিম, এধাৰ আইক দিম, এধাৰ কাক দিম ? তেওঁতো নাই ! নাই, নাই, এই জুৰিটিত উটাই দিম, সোঁতে লৈ গৈ তেওঁ যতে আছে ততে দিবগৈ। সেই ধাৰ মালা মোৰ মুৰৰ চুলিৰে গাঁথিম, নহলে সূতাৰে গাঁথিলে সূতাডাল পানীত পচি ছিগি যাব পাৰে। পানীত কলহটো উটি গল ; গৈ থাক, গৈ থাক, গৈ থাক, সেইখিনি পাগৈ। মই বতৰা এটা কওঁ লৈ যাব পাৰিবিনে ?"

পাঠক, সিফালে পদুম আৰু পদুমৰ মাক গা ধুই ঘৰলৈ উভতি নোযোৱা দেখি হৰদত্ত আৰু ৰঘু বিচাৰি আহি এনে সময়ত তাত ওলালহি। অকস্মাৎ আকাশী চৰগ ভাগি পৰা কথা দেখি তেওঁবিলাকৰ যেনে অৱস্থা হল তাক আৰু কোৱাৰ সকাম নাই। অতি কষ্টেৰে হৰদত্তই ধৈৰ্য্য ধৰি সহধৰ্ম্মিণীৰ কাঠসংস্কাৰ কৰিলে আৰু পদুমক সাৱধানে ৰখাৰ ভাৰ সখীয়েকে কুৰ্ম্মীৰ হাতত দি গভীৰ শোকত দিন কটাবলৈ ধৰিলে। ইয়াৰ পাছ্ত আৰি কি ঘটনা ঘটিল কওঁ।