NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
একাদশ আধ্যা
জালত পহু
"They have tied me to a snake, I cannot fly."
--W. Shakespeare

এইদৰে কিছুদিন গৈছে, এদিন স্বভাৱতে চঞ্চল ৰঘুৱে দেউতাকে বুজ নোপোৱাকৈ সখিয়েক কোৰ্ম্মাই সৈতে অলপ আঁতৰ হৈ ধনু-কাঁড় লৈ পহু মাৰিবলৈ গ'ল। কিছু দুৰ গৈয়েই আগতে এডোখৰ মুকলি ঠাইত এজনী হৰিণী, এটি পোৱালীয়ে সৈতে চৰি থকা দেখিলে। জন-প্ৰাণীৰ অসঞ্চাৰ নিভৃত স্থানত পহুজনীয়ে কেচুৱা পোৱালীটিৱে সৈতে নিশ্চিন্ত মনে একামোৰ দুকামোৰকৈ ঘাঁহ খাইছে, একো বাৰ ঘাঁহ খাবলৈ এৰি পহু পোৱালিটিক শুঙিছে আৰু চেলেকিছে, আকৌ ঘাঁহত কামোৰ মাৰিছে। অকণমান পোৱালিটিও মাকৰ ঘাঁহ খোৱা দেখি কোমল ঘাঁহৰ কেঁও একোডালিত কেতিয়াবা কেতিয়াবা মুখ দিছে, কেতিয়াবা থাকি থাকি ডেও দি দি একোটা চেকুৰ মেলিছে। দেখিলে মন এনে কৰে যেন সেই চিকুণ পোৱালিটিৰে সৈতে লগ লাগি সেই চিকুণ শ্যাম বৰণীয়া নতুন ঘাঁহৰ ওপৰত ডেও দি দি চেকুৰি চেকুৰি নাচিম। কিন্তু হায় ! হিংসুক মনুষ্যৰ ভাগ্যত এনে স্বৰ্গীয় আনন্দ ঈশ্বৰে নিদিয়ে। দুৰ্বৃত্ত দুষ্প্ৰকৃতিৰ মানুহ। তুমি পাপী, তুমি হিংসুক, তুমি লুভীয়া, তুমি কপটী, তুমি চোৰ, তুমি এনে নিষ্পাপ আৰু পৱিত্ৰ অমোদৰ ভাগ পাব নোৱাৰা। এই আমোদ স্বৰ্গ দেৱতাসকলৰ নিমিত্তে। -পোৱালিটি যদি চেকুৰ মাৰি অলপ আঁতৰ হয়, মাকে তৎক্ষণাৎ ঘাঁহ এৰি তাৰ লগলৈ যায়, শুঙে আৰু চেলেকে।

আমাৰ কঠুৱা ৰঘুৱে সোধ-পোছ নাই খপকৰে আঁৰৰ পৰা পহু-পোৱালীটিলৈ এপাত কাঁড় মাৰি পঠিয়ালে। কাঁড়পাট পহু পোৱালীটিৰ ডিঙিত লাগি সৰকি গ'লত সি চিঁয়ৰ এটা মাৰি লুটি খাই পৰি মৰিল। হৰিণীৰ ব্যাকুলতা আৰু কান্দোন হৃদয়-বিদাৰক আৰু নৰ্ণনাৰ অতীত ! এই কাৰ্য্য দেখি ভূটীয়া কোৰ্ম্মাৰো অন্তৰ ব্যথিত হৈ সি ৰঘুক কবলৈ ধৰিলে-"হখি তই বৰ বেয়া কাম কৰিলি। " পহুজনী পোৱালীটীৰ শোকত ইমান আকুল আৰু আত্মহাৰা হৈছিল যে ৰঘু আৰু কোৰ্ম্মাই হাবিৰ পৰা ওলাই পোৱালিটিৰ ওচৰ পালতো মাক জনীয়ে তাক এৰি আঁতৰ নহৈছিল। আন কি তেওঁবিলাকৰ খুচিবলৈ খেদা মাৰি আহিছিল।

ভূতৰ ওপৰত দানহ। পাঠক ! সৌফালে গছৰ তলেদি হাবিৰ তললৈ চাওকচোন ! ঢাল-তৰোৱাল, আৰু ধনু-কাঁড়েৰে সজ্জিত ভয়ানক মানুহ দুটাই মনে মনে ৰঘুৰ ফাললৈ চাই কি কথা পাতিছে শুনকচোন ! সিহঁতৰ হাত আৰু কলাফুল একোটা কি ভয়ংকৰ চাওকচোন। এটাই কৈছে :-"আজি আমাৰ কি ভাল কপাল, যাক বিচাৰি হাৰাশাস্তি হৈ ফুৰিছিলো আজি তাক পালো। এইটো নহয়নে, হৰৰ পুতেক ?"

আনটো৷ -কিয় নহয়, হয় বহালো ; ইয়াক ধৰিব পাৰিলে বাপককো পালো বুলি থচোন। বৰফুকন ডাঙৰীয়াই, হৰদত্তক ধৰিব পাৰিলে, দিব খোজা বিষয় আৰু বাড়িমাটি লগুৱা-লিগচৌ পালো বুলি তই ধৰি থ।

১ম টো :-মই হলে কৈছোঁ, মইহে প্ৰথমতে দেখিছোঁ, সৰহ ভাগ মোৰ।

২য় টো :-বাঘেখোৱা দুয়ো একেলগে দেখিছো, দুইৰো সমান ভাগ।

১ম টো :-কি সমান ভাগ মাৰিবলৈ আহিছ তই অ' ? পোনতে মইহে তোক দেখুৱা নাই নে ?

২য় টো :-বাঘেখোৱা, গছত কঁঠাত ওঁঠত তেল ; আগধৰি এঠোন ধৰচোন, পাছেও সেইটো কথাৰ দন্দ কৰি থাকিবি।

১ম টো :-নধৰিলো নো কি ? চাচোন এই ধৰিলো। -এই বুলিয়েই খাপৰ পৰা তৰোৱালখন টান মাৰি উলিয়াই লৈ ৰঘুৰ আগত থিয় হৈ কবলৈ ধৰিলে :-ৰাজদ্ৰোহী নৰকী, তই এতিয়া কত পলাই সৰিবি ? তোক মই বন্দী কৰি এতিয়াই বৰফুকন ডাঙৰীয়াৰ ওচৰলৈ লৈ যাম।

অকস্মাৎ বজ্ৰাঘাতৰ নিচিনা এই কথা শুনি ৰঘু ভয়ত অস্থিৰ হৈ সোটমোট খাই পৰিল, আৰু ২য় সৈনিক পুৰুষটোৱে ততালিকে আহি ৰঘুৰ হাত কেটা বান্ধি পেলালে। কোৰ্ম্মাই বন্ধুৰ এই আকস্মিক বিপদ দেখি ফাকৰ পৰা দাখন উলিয়াই নিৰ্ভয় চিত্তে সিহঁতৰ লগত যুঁজিবলৈ ধৰিলে।

কিন্তু কি হব, সিহঁত দুটা, কোৰ্ম্মা অকলৈ। ভালেমান বেলি যুঁজি দুইকো ক্ষতবিক্ষত কৰি কোৰ্ম্মা কাতৰ হৈ পৰিল। কোৰ্ম্মাৰ বল কমি যোৱা দেখি দুয়ো মহা উৎসাহেৰে ওপৰাওপৰিকৈ তেওঁক আঘাত কৰিবলৈ ধৰিলে। কোৰ্ম্মা এতিয়া মৃত্য মুখত। প্ৰাণ যাবৰ সময়ত কোৰ্ম্মাই ৰঘুলৈ চাই এই কেষাৰ কথা কলে :-"হখি; মই মৰু তাত মুৰ বেজাৰ নাই, কিন্তু তুক যে মই ৰাখিব নোৱাৰিলো এই বেজাৰহে মুৰ লগত গল। "

ইয়াৰ পিছত ৰঘুক বান্ধি সিহঁতে বৰফুকনৰ ওচৰলৈ গল।