NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী

দ্বাদশ আধ্যা
আশা-সূতা
"O lover's eyes are sharp to see,
And lover's ears in hearing :
And love in life's extremity,
Can lend an hour of cheering"
--Sir. W. Scott

দুখ-সমূদ্ৰৰ অকুল পানীৰ মাজতো আশা-কাঠ এডুখৰি কেতিয়াবা ওপঙি থকা দেখা যায়; নৈৰাশৰ লক্ষ কাঁড় মাজতো আশা-ছালৰ ফটাছিটা ঢাল এখনি গা ঢাকিবলৈ কেতিয়াবা মিলে। নৈৰাশৰ কেবাটা খাপ। তাৰ শেহৰটো খাপ পালেগৈ প্ৰকৃত বা সম্পূৰ্ণ নৈৰাশ হয়। সম্পূৰ্ণ নৈৰাশ হলে মানুহ এক মুহূৰ্ত্তও জীয়াই থাকিব নোৱাৰে। মানুহে তেতিয়া জীৱনক এডাল তৃণতকৈও অপদাৰ্থ জ্ঞান কৰে। কিন্তু যেতিয়ালৈকে সেই সম্পূৰ্ণ নৈৰাশ নহয় তেতিয়ালৈকে আশাধাৰী প্ৰাণীয়ে আশাৰ সৰু সূতাডালিতে ওলমি প্ৰাণ ধাৰণ কৰি থাকে। এই সূতাডালিত ওলমিহে ৰাধিকাই এশ বছৰ ব্ৰজনাথৰ আশাত ব্ৰজত প্ৰাণ ধাৰণ কৰি আছিল। এতিয়াও আশাৰে এই সৰু সূতাডালিত ওলমিহে আমাৰ সূৰ্য্যকুমাৰ আৰু পদুম কুঁৱৰীয়ে আজিলৈকে সংসাৰ-চক্ৰৰ নিকাৰ ভুগিও জীৱন ধাৰণ কৰি আছে। তেওঁবিলাক দুইৰো আশা যেন দুয়ো দুইকো এবাৰ চকুৰে চাই এই সংসাৰৰ পৰা বিদায় লব পাৰে। এই আশাটি পূৰ হলেই তেওঁবিলাকৰ এই পৃথিৱীত আৰু একো তৃষ্ণা নেথাকে। এই আশাৰ পশবৰ্ত্তিণী হৈয়েই পদুমে আজিলৈকে আচলৰ গাঁথিত বিহ বান্ধি লৈ ফুৰাইও খাব পৰা নাই ; আৰু শুকাই হাড়ে-ছালে লগা গা-সজাৰ পৰা প্ৰাণ পক্ষীটিক সূৰ্য্যই উৰাই দিব পৰা নাই।

সূৰ্য্যকুমাৰে যেতিয়া শুনিলে যে বৰফুকনে হৰদত্ত প্ৰভৃতিক ধৰিবলৈ স্বয়ং খেদি যাব, তেতিয়াই তেওঁ বৰফুকনৰ লগত যাবলৈ সংকল্প কৰিলে, পেটে পেটে আশা যদি প্ৰাণৰ পদুমক এবাৰ দেখা পাওঁ। বৰফুকনৰ আগত সূৰ্য্যই আপোন অভিপ্ৰায় জনালত বৰফুকনে বৰ ৰঙেৰে তাত সন্মতি প্ৰকাশ কৰিলে। আৰু সূৰ্য্যই যে তেওঁক স্বইচ্ছাতে বিপদত সহায় কৰিবলৈ ওলাইছে এই কথাত তেওঁ বৰ সন্তোষ পালে। সুৰ্য্যকুমাৰ যে এজন সাহীয়াল নিৰ্ভীক পুৰুষ, তীক্ষ্ণবুদ্ধি বৰফুকনে তাক প্ৰথমৰে পৰা অনুভৱ কৰিছিল, এতিয়া সূৰ্য্যকুমাৰৰ এই কাৰ্য্য দেখি, সেই বিশ্বাস তেওঁৰ মনত ডাঠ হল।

দেউতাকৰ লগত প্ৰাণৰ সূৰ্য্যকুমাৰ যুঁজলৈ যাবলৈ ওলাইছে বুলি শুনা মাত্ৰকে ফুল অস্থিৰ হল। যি সূৰ্য্যক এক মুহূৰ্ত্তও তেওঁ নেদেখাকৈ থাকিব নোৱাৰে, যি সূৰ্য্য তেওঁৰ জপৰ মালা, যি সূৰ্য্য তেওঁৰ চকুৰ মণি, হৃদয়ৰ ধন, আচলৰ গাঁথিৰ সোণ, যি সূৰ্য্য তেওঁৰ ভোকৰ ভাত, পিয়াহৰ পানী, হেঁপাহৰ বস্তু, যি চকুৰ আগৰ পাৰা আঁতৰিলে তেওঁ এন্ধাৰ দেখে, এনে সূৰ্য্যটিক বুকুৰ পৰা আঁতৰাই পঠিয়াবলৈ ফুল সম্পূৰ্ণ অসমৰ্থ। সূৰ্য্য নহলে ফুলৰ থিতাতে মৰণ। কিন্তু কি কৰিব তেওঁতো সূৰ্য্যক 'নেযাবা' বুলি কব নোৱাৰে। আৰু দেউতাকক বা 'সূৰ্য্যক লৈ নেযাব' বুলি কেনেকৈ কয়। সূৰ্য্যক তেওঁ নেযাবা বুলি কলেই যে নেযাব, যোৱা বুলি কলেই যাব তাত কি মানে আছে ? সূৰ্য্যৰ ওপৰত তো তেওঁৰ সিমানখিনি ক্ষমতা জন্মা নাই। তেওঁহে সূৰ্য্যক ভাল পায়, সূৰ্য্যইতো আৰু তেওঁক ভাল নেপায়। সূৰ্য্যই যাক ভাল পাই সেই ভাগ্যৱতী তো তেওঁ নহয়। তাৰ বাহিৰে সূৰ্য্য দেউতাকৰ সাহায্যৰ নিমিত্তেন ওলাইছে, এনে স্থলত সূৰ্য্যক ৰাখিবলৈ চেষ্টা কৰিলে নিজৰ দেউতাকৰ অপকাৰ কৰাহে হব। তাৰ উপৰি সূৰ্য্যৰ গা বেয়া, হেনহে, তেনহে, এই বুলি কৈ সূৰ্য্যক লৈ যাবলৈ দেউতাকক কবলৈকো সূৰ্য্য আপোনা আপুনি ওলাইছে। তাত আৰু হকা-বধা কৰিলে দেউতাকে তেওঁক কিবাহে ভাবিব। আৰু তেনেষাৰ কথা দেউতাকৰ আগত কবলৈ হলে তেওঁ লাজটো পুৰি খাব লাগিব। এইবিলাক কথা ভাবি ফুল ভালেখিনি বেলি কি কৰিব কি নকৰিব বিমোৰ হৈ আছিল। কিন্তু কোবাল বুদ্ধি সোঁতৰ আগত ভেটা সৰহ বেলি টিকিব নোৱাৰে। ফুল স্বভাৱতে বুদ্ধিমতী চোকা ছোৱালী। অৱশেষত তেওঁ দেউতাক আৰু সূৰ্য্য কুমাৰৰ লগত যোৱাটোকে স্থিৰ কৰিলে। ফুলে দেউতাকক কলে "দেউতা, তুমি মোক এৰি যুঁজলৈ যাবলৈ ওলাইছা, মই ইয়াত অকলৈ কেনেকৈ থাকিম ? মোকো লৈ যোৱা। তোমাৰ লগ এৰি তোমাৰ ফুল এখন্তেকো থাকিব নোৱাৰে। তোমাৰ বিপদে ফুল সদাই তোমাৰ লগতে থাকিব। "

এই কথা শুনি বৰফুকনে জীয়েকক সান্তনা কৰি কলে, "আই, তই কিয় এনেবোৰ কথা কৱ। মই কত হাবিয়ে-বননিয়ে পৰ্ব্বতে-পাষণ্ডে ফুৰিবলৈ ওলাইছোঁ তালৈনো তই যাব পাৰ নে ? চাৰিউফালে ভয়ানক ৰন-বিগ্ৰহ বিপদ, সেই বিলাকৰ মাজলৈকো তই যাবলৈ সাহ কৰিব পাৰ নে ? মই নাহোঁমানে তই ইয়াতে থাক, তোৰ একো ভয় নাই। অলপো দুখ নেপা, মই সকলোবিলাকৰ সুন্দৰ দিহা পোহা কৰি যাম। তই একো ভয় নকৰিবি। ঈশ্বৰৰ অনুগ্ৰহত মই শত্ৰুৰ অন্ত কৰি সোনকালে উভতি আহিম। যোৱা, মোৰ আই, মোৰৱ সোণফেৰি"-এই মুকি ফুলৰ মুখখনি ধৰি ফুকনে চুমা এটি খাই মূৰটী শুঙিবলৈ ধৰিলে।

ফুলে কিন্তু চকু-লো টুকি আকৌ কলে,-"দেউতা, মোৰ আই নাই, ককাই নাই, ভাই নাই, কেও নাই, কেৱল তুমি আছাঁ, তুমিও মোক এৰি থৈ যাবলৈ ওলালা !" এই কথা শুনা মাত্ৰকে কলীয়াভোমোৰা হেন কঠিনমনা মানুহৰ চকু লোৰে চলচলীয়া হৈ গল। তেওঁ আৰু এটি কথাও বৰকৈ নকৈ ফুলক লগত যাবলৈ হুকুম দিলে।

আমি আগেয়ে কৈ আহিছোঁ, যে কলীয়াভোমোৰা বৰফুকন যদিও অতি নিষ্ঠুৰ প্ৰকৃতিৰ লোক তথাপি তেওঁ জীয়েকৰ আগত কমোৱা তুলা। জীয়েকৰ কথা তেওঁ কেতিয়াও পেলাব নোৱাৰে। সংসাৰৰ সকলো জীৱ্জন্তুলৈ যিখিনি মৰম ঈশ্বৰে তেওঁক দিছিল সকলৈ খিনি তেওঁ সামৰি আনি তেওঁৰ জীয়েক ফুল আইডেউত থপিছিল। নৈ যিমান বহল হয় সিমান তৰাং হয়, যিমান ঠেক সিমান দ হ্য়, এইতো প্ৰকৃতিৰ নিয়ম। মৰমৰো সেই গতিয়েই। বৰফুকনৰ মৰমো ঠেক, সেই দেখি দ, গতিকে ফুলেই তেওঁৰ সৰ্ব্বহ।