NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
ত্ৰয়োদশ আধ্যা
বিশ্বাসঘাটকতা
"Blow, blow, thou winter wind,
Thou art so unkind
As man's ingratitude;
Thy tooth is not so keen,
Because thou art not seen,
Heigh ho! Sing heigh her! Unto the green holly;
Most friendship is feigning, most loving is folly"
--W. Shakespeare

মানুহৰ গতি স্থিতিৰ জগত দুখন ; অন্তৰ্জ্জগত আৰি বহিৰ্জ্জগত। মানুহ বুলিলেই এই দুখনৰ হাত সাৰি চলিব নোৱাৰে। ক্ষন্তেকৰ নিমিত্তে এখনৰ পৰা গৈ তালৈ পাহৰি আন এখনত থাকিব পাৰি, কিন্তু আকৌ তালৈ উভতিব লাগিবই যে লাগিব তাৰ একণো সন্দেহ নাই। অন্তৰ্জ্জগত আৰু বহিৰ্জ্জগতৰ মাজত এৰাএৰি নোহোৱা সম্বন্ধ। যত অন্তৰ্জ্জগত, তত বহিৰ্জ্জগত, যৰ বহিৰ্জ্জগত তত অন্তৰ্জ্জগত। এই দুই জগতৰ সামঞ্জস্যই সুখ। এই সামঞ্জস্য যত নাই তত সুখ নাই, যত আছে তাত সুখ আছে। সুখ সুখকৈ আমি এই পৃথিৱীৰ এমূৰৰ পৰা সিমূৰলৈ বাটকুৰি বাই ফুৰিব পাৰোঁ, বাৰিষা ব্ৰহ্মপুত্ৰৰ ভৰা সুঁতি সাঁতুৰি পাৰ হবলৈ লাগি যাব পাৰোঁ, পাতকাই পৰ্ব্বতৰ একুৰি এটা টিংগ বগাই সিফালে ভৈয়ামত নামিবগৈ পাৰোঁ, কোটকোৰা কাঁইট পোটা বাটত মাহেকীয়াকৈ সুদা ভৰিৰে খোজকাঢ়ি ফুৰিব পাৰোঁ, কিন্তু আমাৰ অন্তৰ্জ্জগতত যদি সুখ নেথাকে, তেন্তে আমি কেতিয়াও সুখ নেপাওঁ। অন্তৰ্জ্জগত যদিও অধিক পৰিমাণে বহিৰ্জ্জগত ফল, তথাপি সি বহিৰ্জ্জগততকৈ অনেক ওখ আসনত বহা। মনত সুখ-সন্তোষ নেথাকিলে অমৰাৱতীতো সুখ নাই। প্ৰকৃতিয়ে তেওঁৰ সন্তান-সন্ততি সকলক সমানে আদৰ-সাদৰ কৰে, সমানে স্নেহ কৰে, সকলোৰে আগতে তেওঁৰ সদায় সমভাৱ, তথাপি কিয় এই সন্তান-সন্ততিসকলেৰে ভিতৰৰ কিছুমানে এই আদৰক আদৰ জ্ঞান নকৰি, চেনেহক চেনেহ নেভাবি সদায় বিষন্ন, সদায় শোকাকুল ? প্ৰকৃতিৰ মোহিনী সাজ কিয়বা কিছুমানৰ চকুত বিহৰ তুল্য ? কিয়বা উষাৰ সেই মধুৰ মূৰ্ত্তি আজি হৰদত্তৰ চকুত অমধুৰ লাগিছে ? কিয়বা সেই ৰাংগলী পূব আকাশ তেওঁ কলা পশ্চিম আকাশ যেন দেখিছে ? এধা ডোখৰ ওলোৱা সোণ-বৰণীয়া বেলিটিৰ সেই সোণবৰণীয়া পোহৰ পাই হৰদত্ত থকা গহ্ববৰ কাষৰ গছ বিলাকে, মুকুতা মণি একোটি যেন একোটুপী নিয়ৰ পাতত লৈ নাচিবলৈ ধৰিছে, আমৰ হৰদত্তইও সেও পোহৰ পাইছে, কিন্তু কিয়বা তেওঁৰ হিয়া তাত নাচি উঠক ছাৰি আৰু অৱসন্নহে হৈ পৰিছে ? মধুৰ সুশীতল ৰাতিপুৱাৰ বতাহ কিয়বা তেওঁৰ গাত বিষ যেন লাগিছে ? কিয়বা গান গোৱা চৰাইবিলাকক হৰদত্তই পৰম শত্ৰু যেন বিবেচনা কৰিছে ? কিয়বা তেওঁ ৰাতি পোৱাবৰ আগেয়ে হাতযোৰ কৰি কাতৰ হৈ ৰাতিক নুপুৱাবলৈ কাকুতি কৰিছে ? কাৰণ হৰদত্তৰ অন্তৰ শোক আৰু চিন্তা-বিহেৰে জৰ্জ্জৰিত, মনত সুখ নাই। প্ৰতিদিনে ন-ন বিপদ ন-ন আকাৰে তেওঁৰ আগত উপস্থিত কৰিছে। সেইদেখি এদিনক বিদায় দি আন এটা দিনেৰে সাক্ষাৎ কৰিবলৈ তেওঁৰ ইমান ভয়। তেওঁৰ মনত নতুন এটা দিনলৈ যোৱা মানে নতুন এটা বিপদত পৰা।

কালিয়েই কোৰ্ম্মাৰে সৈতে ৰঘুৱে কৰবালৈ গল আৰু উভতি নাহিল, সিহঁতৰ কি হল, কলৈ গল, কি জানি শত্ৰুৰ হাততে পৰিল, ইত্যাদি চিন্তাত হৰদত্ত একেবাৰে আলোড়িত হৈ আছে, আৰু বীৰদত্তই ককায়েকৰ ওচৰতে বহি ককায়েকক চিন্তা নকৰিবলৈ বুজাইছে। তেওঁৰ লগৰীয়া আন আন লোকসকলৰ ভিতৰত কোনোজন শুই উঠিছে, কোনোজন উঠা নাই। কুৰ্ম্মীয়ে পানী একলহ আপুনি কঢ়িয়াই আনি সখীয়েক পদুমক গা ধুৱাবৰ উপায় কৰিছে, এনে সময়তে বহুত দূৰত যেন কিবা এটা শব্দ হৈছে, হৰদত্তৰ এনে বোধ হল। অলপমান বেলি হৈছে, শব্দটো অলপ স্পষ্টকৈ তেওঁৰ কাণত পৰিবলৈ ধৰিলে। এইটো কিহৰ শব্দ, এই কথা বীৰদত্তই সৈতে কোৱাকুই কৰি অনুমান কৰি থাকোঁতেই লাহে লাহে সেই শব্দটো তেওঁবিলাকৰ ফালে অহা যেন পালে। আৰু অলপমানৰ পিছত সেই শব্দটো ঘোৰাৰ টাবৰ শব্দ যেন লাগিল। তেওঁবিলাক সচকিত হল। ভাবিলে কোনোবাই তেওঁবিলাকক আক্ৰমণ কৰিবলৈ আহিছে। কিন্তু তেওঁবিলাক বীৰ পুৰুষ ; দুখ-শোকত হেজাৰ জুৰুলা হওক প্ৰকৃত বীৰত্বৰ সেই তেজটোপা কেতিয়াও তেওঁবিলাকৰ হিয়াৰ পৰা নেযায়। তৎক্ষণাৎ দুয়ো ফাকৰ পৰা তিৰবিৰাই থকা চোকা তৰোৱাল দুখন উলিয়াই সাজু হল। কিন্তু হঠাৎ এই আশাতীত বিপদৰ আশংকা দেখি, হৰদত্তই বুকুত বান্ধি, বিশ্বাস কৰি, লগত লৈ ফুৰোৱা তেওঁৰ মন্ত্ৰী আৰু লগৰীয়াসকল তৰা-নৰা ছিঙি হাবিৰ মাজলৈ পলাই পত্ৰং দিলে। কুৰ্ম্মীয়ে পদুমক লৰালৰিকৈ গহ্বৰৰ ভিতৰলৈ সুমাই নি সাবট মাৰি ধৰিলে।

এইখিনিতে আমি অলপ আগৰ পৰা কথাটো ধৰোঁ।

বৰফুকনৰ ৰণুৱা দুটাই ৰঘুক ধৰি নি বৰফুকনৰ আগত দিলত বৰফুকন ইমান আনন্দ হল, তাক আৰু কৈ অতাব নোৱাৰি। যাক বিচাৰি ঘৰবাৰী আৰু নগৰ এৰি আজি অতদিন তেওঁ হাবিয়ে হাবিয়ে খৰলি খাই ফুৰিছে, তাক হাততে পাবৰ উপায় হোৱা দেখি ৰঙে তেওঁ হিয়া চাদি যাব ধৰিলে। যি হৰদত্ত কাঁইটক উভালিব নোৱাৰিলে অকণ্টকা ৰাজ্য তেওঁ পক্ষে অসম্ভৱ বুলি ভাবিছিল, "উঠন্তে বোলন্তে আৰু পথত ভ্ৰমন্তে, নিশ্বাস কাঢ়ন্ত, নিশা শয়ন কৰন্তে" যি হৰদত্তই তেওঁৰ চিন্তাৰ বিষয় হৈছিল সেই হৰদত্তক পাবৰ আগন্তক হৈছে যেন দেখি বৰফুকনৰ অতি সন্তোষ মিলিল। বাস্তবিক পক্ষে বৰফুকনে হৰদত্তক বিচাৰি ইমান হায়ৰাণ হৈছিল যে অৱশেষত তেওঁক নেপাওঁ বুলি একেবাৰেই আশা এৰি ঘৰলৈ উলটি যাবলৈ একপ্ৰকাৰ থিক কৰিছিল। কত মানুহ কত ফালে তেওঁক বিচাৰি পাত পাত কৰি ফুৰিলে কিন্তু কতো তেওঁৰ একো শুংসূত্ৰ নেপাই ফুকন অতি চিন্তিত হৈ আছিল। কেতিয়াবা ভাবিছিল হৰদত্ত এই পৃথিৱীত আৰু জীয়াই থকা নাই, কৰবাত তেওঁক বাঘ-ভালুকে খাই মাৰিলে, নাইবা নোশ্চয় তেওঁ ওলালেহেঁতেন। কেতিয়াবা ভাবিছিল কিজানি কোনোবা দেশলৈ গৈ কোনোবা ৰজাৰে সৈতে লগলাগি তেওঁ নতুনকৈ ফৌজ আনি আকৌ যুঁজ কৰিবলৈ আহিবলৈ চেষ্টা কৰিছে, ইত্যাদি নানা প্ৰকাৰ চিন্তাত বৰফুকন অতি ব্যথিত হৈ আছিল। এতিয়া হঠাৎ তেওঁৰ চিন্তাৰ অন্ত পৰিবৰ উপায় হব যেন জানি সেই কাৰ্য্যৰ নিমিত্তে সেই ৰণুৱা দুটাক বঁটা পিন্ধালে আৰু ঘৰ পাই সিহঁতক মান সৎকাৰ দি ডাঙৰ মানুহ কৰিম বুলি তেওঁ অংগীকাৰ কৰিলে।

বৰফুকন স্বভাৱতে বৰ চালাক আৰু চতুৰ ; তেওঁ বেচকৈ জানিছিল যে ৰঘু হেজাৰ উদ্ধত আৰু পাতল হওক, তাৰ গাত হৰদত্তৰ পবিত্ৰ আৰু বীৰ তেজ অৱশ্যে আছে। সি নিজৰ প্ৰাণ পৰ্য্যন্ত দিব, তথাপি কেতিয়াও বাপেকক শত্ৰুক দেখুৱাই নিদিয়ে। যদি হৰদত্তক নেপালোৱেই তেনহলে ৰঘুক ধৰিয়েই বা মাৰিয়েই কি লাভ হব ! এই ভাবি তেওঁ নতুন বুদ্ধি সাজিলে। ৰঘুক পোৱা মাত্ৰকে, তেওঁ নিৰ্ভয় দি এনেকৈ ব্যৱহাৰ কৰিবলৈ ধৰিলে যেন তেওঁ কোনোবা কালৰ মাকৰ ফালৰ কুটুমহে আছিল। বৰফুকনী বুদ্ধিত যত প্ৰকাৰ উপায় হব পাৰে, তত প্ৰকাৰ উপায়েৰে তেওঁ ৰঘুক মোৰাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। হৰদত্তক তেওঁ কিমান ভাল পাইছিল আৰু পায়, আৰু হৰদত্তৰ বৰ্ত্তমান ব্যৱহাৰৰ নিমিত্তে তেওঁ আন্তৰিক কিমান দুখীত আৰু হৰদত্তক যদি দেখা পায় তেওঁ যিমানখিনি দোষ কৰিছে, সকলোখিনি ক্ষমা কৰি আকৌ তেওঁক সুমাই লবলৈ তেওঁ কিমান উৰুলিকৃত, ইত্যাদি কথা ৰঘুক বৰফুকনে যিমান পাৰে সিমান বুজাবলৈ ধৰিলে। কলীয়া ভোমোৰাৰ নিচিনা বুদ্ধিয়ক 'বৃদ্ধবক' এজনৰ কথাত যে ৰঘুৰ নিচিনা অলপ বুধীয়া মাছ এটা নুভুলিব ই হবই নোৱাৰে। বৰফুকনৰ কথাৰ অন্তত ৰঘুৱে শুধিলে :-"বাৰু ডাংগৰীয়া দেউতাই ধৰ্ম্মক চিয়াই কৈছেনে যে মোৰ দেউতা দদাইদেও আৰু তেওঁবিলাকৰ লগৰীয়া আন লোকসকলৰ ডাংগৰীয়া দেউতাই অপৰাধ ক্ষমা কৰিব ?"

এই কথা শুনি বৰফুকনে-"এই এশবাৰ ধৰ্ম্মক চিয়াই শপত খাই কৈছো যে চাৰিঘৰীয়া আহোমৰ ঘৰৰ ল'ৰা হওঁ যদি, মই ধৰ্ম্ম কৰ্ম্ম মানো যদি, মই নিশ্চয় নিশ্চয় কৈছোঁ যে তোমাৰ দেউতাৰা আৰু তেওঁৰ লগৰীয়া আন আন লোকসকলক মই ক্ষমা কৰিম। "

বৰফুকনৰ এই কথা শুনি ৰঘুৰ মনত বৰফুকনৰ কথাত সন্দেহ কৰিবৰ এক ৰেণু মাত্ৰও কাৰণ নেথাকিল। তেওঁ তেতিয়াই দেউতাকক দেখুৱাই দিম বুলি অংগীকাৰ কৰিলে ; আৰু ভাবিলে ঈশ্বৰৰ অনুগ্ৰহত দুখৰ পৰা তেওঁবিলাকৰ উদ্ধাৰৰ বাট ওলাল। সেই ৰাতিটো তেওঁ বৰফুকনৰ লগতে কটাই প্ৰত্যুষে বৰফুকনক লৈ দেউতাকৰ ওচৰলৈ যাবৰ ঠিক কৰিলে।

ইপিনে বৰফুকনে তেওঁৰ লগৰ ৰণুৱাবিলাকক ভিতৰি টেপ দিলে যে "হৰদত্তক পোৱা মাত্ৰকে মোৰ আজ্ঞালৈ অপেক্ষা নকৰি সবংশে আৰু সানুচৰে ধৰি কচু কটাদি কাটিবি। " বৰফুকনে ৰাতি পুৱালতে কুৰিজনমান অতি বিশ্বাসী সৈন্যেৰে সৈতে ভোদা ৰঘুক ফুচুলাই বিশ্বাস দি লগত লৈ হৰদত্তৰ ফালে আহিবলৈ ধৰিলে। পেটে পেটে তেওঁ ভাবিছিল, যে শোৱা পাটীতে যাতে হৰদত্তক ধৰিব পৰাগৈ হয়। এতিয়া বৰফুকনহঁত অহা শব্দহে আমাৰ হৰদত্তই শুনিবলৈ পাই সচকিত হৈছে।

হৰদত্ত আৰু বীৰদত্তই তৰোৱাল দাঙ্গি লৈ ঠিয় হৈ এক মুহূৰ্ত্তমান আছে, ৰঘু বৰফুকন আৰু তেওঁৰ ৰণুৱাবিলাক ঘোঁৰাত উঠি তেওঁবিলাকৰ আগত উপস্থিত হলহি। ৰঘুৱে দূৰৰপৰা দেউতাকক দেখা মাত্ৰকে ৰিংগিয়াই কলে "দেউতা, তৰোৱাল পেলাওক, বৰফুকন ডাঙ্গৰীয়া মিত্ৰ ভাবেহে আপোনাৰ ওচৰলৈ আহিছে। "

এই কথা কাণত পৰা মাত্ৰকে হৰদত্ত আৰু বীৰদত্ত দুয়ো তৰোৱাল ফাঁকত সুমাইছে, এনেতে বৰফুকনৰ ৰণুৱা কেইটাই সৈতে তেওঁবিলাকৰ ওচৰ পালেহিয়েই। পায়েই সোধপোছ নাই ৰণুৱা এটাই দা খনেৰে হৰদত্তৰ ডিঙ্গিলৈ কোব মাৰি পঠিয়ালে। হৰদত্তই কিন্তু কোবটো মাৰিবৰ আগেয়ে তাৰ অভিপ্ৰায় বুজি আচৰিত ৰূপে মূৰটো কটীয়া কৰি সেই কোবটো এৰাল। গতি বিষম দেখি বীৰদত্তই তৎক্ষণাৎ আকৌ তৰোৱাল ফাঁকৰ পৰা উলিয়াই লৈ বিম্বা-শৱদে খেদা মাৰি একে কোবেই ককায়েকৰ আক্ৰমণকাৰীৰ মূৰটো ছিঙ্গিলে। বাকী ৰণুৱাবিলাকে দুইকো বেঢ়ি ধৰিলে। ৰঘুৱে এই কথা দেখি 'বিশ্বাসঘাতকতা' 'বিশ্বাসঘাতকতা' কৈ চিয়ঁৰিবলৈ ধৰিলে। ৰঘুৰ কথা শুনি বৰফুকনে "ৰাজদ্ৰোহীৰ সন্তান ৰাজদ্ৰোহী ! বিশ্বাসঘাতকতা ? এই তোৰ পাপৰ পৰাচিত" বুলি ৰঘুৰ বুকুত তৰোৱালৰ চোকা জোঙা আগেয়ে খোচ মাৰি দিলে, ৰঘু ঘোঁৰাৰ ওপৰৰ পৰা বাগৰি পৰিল, মুখেদি হোলোকা হোলোকে তেজ ববলৈ ধৰিলে। মৰিবৰ সময়ত ৰঘুৱে সেহাই সেহাই এই কেষাৰ কথা বৰফুকনক কলে :-"ঐ বিশ্বাসঘাতকী বৰফুকন, তই বিশ্বাস দি এনেটো কাম কৰিব নেলাগিছিল ! তহঁত আহোমৰ যে তলে পুতল এইটো কথা মই এতিয়াহে জানিলো। মই মৰিবলৈ ধৰা সময়ত কোৱা তই এই কেষাৰ কথা মনত ৰাখিবি :- 'অসমত অচিৰে আহোমৰ নাওঁ নুমাব, ভেটিত শিয়ালে ঠাই লব, আৰু ধাপত তিতা লাও গজিব, বাৰীত বৰহুদুৱে বাঁহ লব। তহঁতৰ নাতি পুতিয়ে লোকৰ গোলামী খাটিও ভাত নেপাব। আৰু বিশ্বাসঘাতকতাঅ মহাপাপৰ ফল তোক ঈশ্বৰে দিব। " এই কেষাৰ কৈয়েই ৰঘুৱে ইহ সংসাৰ পৰিত্যাগ কৰিলে।

হৰদত্ত বীৰদত্তই ভালেখিনি বেলি পৰাক্ৰমেৰে তেওঁবিলাকৰ শত্ৰুৰে সৈতে যুঁজি অৱশ হৈ পৰিল। মহাবলী অভিমন্যুক সপ্তৰথীয়ে বেঢ়ি ধৰাদি তেওঁবিলাকক ১৯/২০ টা যুঁজাৰুৱে বেঢ়ি ধৰিলে ; দুটা মানুহে অস্ত্ৰেশস্ত্ৰে সজ্জিত ইমানখিনি মানুহক কি কৰিব। তথাপি তেওঁবিলাকে ৭/৮ টা মানক বধি ইমান বেলি আত্মৰক্ষা কৰি আছিল, আৰু নোৱাৰা হল। তেওঁবিলাকক বিপদৰ সময়ত এৰি পলাই যোৱা তেওঁবিলাকৰ লগৰীয়াসকলৰ ভিতৰত যদি পাঁচজনমান মানুহ তেওঁবিলাকক সহায় কৰিবলৈ থাকিলহেঁতেন, তেনেহলে বৰফুকনৰ কি সাধ্য যে তেওঁবিলাকক হৰুৱায় আৰু মাৰে ? কিন্তু কি হব ? হৰদত্তৰ ফালে বিধি বাম। হৰদত্তই তেওঁৰ অন্তকাল উপস্থিত জানি ঈশ্বৰৰ চৰণত মনোনিবেশ কৰি স্থিৰ হৈ ৰল ; শত্ৰুৱে ওপৰা ওপৰিকৈ তেওঁৰ গাত অস্ত্ৰ প্ৰহাৰ কৰিবলৈ ধৰিলে। অৱশেষত তেওঁ নশ্বৰ দেহ পৰিত্যাগ কৰি য'ত ৰোগ-শোক সংসাৰৰ তাপ নাই তেনে ঠাইলৈ গুচি গল ! মৰিবৰ সময়ত তেওঁ কাতৰ স্বৰে "জন্মভূমি !" "জন্মভূমি !!" "জন্মভূমি !!!" বুলি তিনিবাৰ মাতি নিমাত হল ! বীৰদত্তই ককায়েকৰ ওচৰতে পৰি প্ৰাণত্যাগ কৰিলে।