NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
চতুৰ্দ্দশ আধ্যা
আশাৰ পূৰ হল
"In vain he weeps, in vain he sighs
Her cheek s cold as ashes
Nor love's own kiss shall wake those eyes
To lift their silken lashes"
--T. Campbell

আমি এতিয়া সূৰ্য্যকুমাৰৰ কথা কওঁ।

ৰঘুক পোৱাৰ আগেয়ে কলীয়া ভোমোৰা বৰফুকনে যেনেকৈ হৰদত্তৰ শুংসূত্ৰ নেপাই একপ্ৰকাৰ নিৰাশ হৈছিল, সূৰ্য্যকুমাৰো সেইদৰে যি আশা কৰি আহিছিল, সেই আশা নেদেখি এক প্ৰকাৰ নিৰাশ হৈছে। বৰফুকনক হৰদত্ত লাগে, সূৰ্য্যকুমাৰক পদুম লাগে। হৰদত্ত যত, পদুম তত, গতিকে হৰদত্তক নেপালে সূৰ্য্যৰ আশা বিফল। ৰঘুক যেতিয়া বৰফুকনৰ মানুহে ধৰি নি বৰফুকনৰ আগত দিলেগৈ, তেওঁৰ মুখে যেতিয়া হৰদত্তৰ বাতৰি জানিব পৰা গল, তেতিয়াহে সূৰ্য্যৰ আশা-গছৰ ডালটিত এটি খোপা মেলিলে। সূৰ্য্যই ভাবিলে, ঈশ্বৰে কি জানি তেওঁৰ আশা অলপ মান পূৰ কৰোঁ বুলিছে হবলা। অতদিনৰ মূৰত, বোধহয়, বিধাতাই তেওঁৰ ফালে অলপ চকু মেলি চাওঁ বুলিছে। এই ভাবি তেওঁৰ মুখত অলপ প্ৰসন্ননতাৰ পোহৰ দেখা দিলে। সূৰ্য্যৰ মনটো অলপ প্ৰফুল্ল দেখি ফুলৰ আনন্দৰ সীমা নোহোৱা হল। সুৰ্য্যৰ মুখখনিৰ পৰা বিষাদৰ ৰেখা নাইকিয়া হোৱা কেতিয়া দেখিম, এই ভাবনাত যি ফুল সদায় নিমগ্ন সেই ফুল আজি হঠাৎ প্ৰাণৰ সূৰ্য্যৰ মুখ অলপ প্ৰসন্ন দেখি যে আনন্দ সাগৰত তল নেযাব তাৰ কি মানে আছে ? ফুলে ভাবিলে, বুজিবা বিধি অতদিনৰ মূৰত অলপ সদয় হ'ল।

সূৰ্য্যকুমাৰৰ যদিও অনেক দিনীয়া আশা পূৰ হবৰ উপক্ৰম হৈছে বুলি মনত আনন্দ হৈছিল, তথাপি তেওঁৰ মনত হৰ্ষ-বিষাদ সমানে উপস্থিত হল। কাৰণ তেওঁৰ এইটো ভাব হল যে বৰফুকনে হয়তো এতিয়া হৰদত্তক সবংশে ধৰি লটিঘটি কৰি বিনাশ কৰিব। আমি ওপৰত কৈছোঁ যে সূৰ্য্যকুমাৰক হৰদত্তই হেজাৰো আতৰাওক, কেতিয়াও তেওঁ, সৰুৰে পৰা তুলি-তালি ডাঙৰ-দীঘল কৰা হৰদত্তলৈ আৰু তেওঁৰ ঘৰলৈ আহ এৰিব আৰু পাহৰিব নোৱাৰে। হৰদত্তলৈ এতিয়াও তেওঁৰ প্ৰগাঢ ভক্তি আৰু ডাঠ মৰম আছে। হৰদত্তৰ ঘৰৰ নিমিত্তে এতিয়াও তেওঁৰ হৃদয় ব্যথিত। হৰদত্তৰ বিপদৰ বাবে এতিয়াও তেওঁৰ শৰীৰ পাত ! হৰদত্তৰ ঘৰৰ পৰা ওলাই প্ৰথমতে বৰফুকনৰ ঘৰত নিৰুপায় হৈ তেওঁ সোমাইছিল ; বিশেষতঃ তেওঁ হৰদত্ত আৰু বৰফুকনৰ মাজত যে ইমান শত্ৰুতা তাক কেতিয়াও নেজানিছিল। পাছত তেওঁ সকলো কথাৰে যেতিয়া ভালকৈ ভেদ পালে, তেতিয়া ফুকনৰ ঘৰৰ পৰা একপ্ৰকাৰ আহিবলৈ অক্ষম। ফুলে তেওঁক স্নেহ আৰু কৃতজ্ঞতা পাশেৰে ইমানকৈ বান্ধিছিল যে তেওঁৰ নিচিনা লোকৰ পক্ষে এই বান্ধ ছিংগি অহা নিতান্ত অসম্ভৱ। তেওঁনো কোনটো সাহেৰে কোনখন মুখেৰে ফুলক কব "ফুল, মই তোমাৰ লগ এৰি আন ঠাইলৈ যাওঁ ?" ফুলে তেওঁক ইমান মৰম কৰে, ইমান যত্ন কৰে, ইমান ভাল পায়, এনে ফুকল তেওঁনো কষ্ট দিব পাৰেনে ? কপালত যি আছে সেয়ে হব, তথাপি সূৰ্য্যকুমাৰে এনে কাম কৰিব নোৱাৰে।

কিন্তু যেতিয়া সূৰ্য্যকুমাৰে শুনিলে যে, বৰফুকনে হৰদত্তক একো অপকাৰ নকৰে, বৰং তেওঁ দোষ ক্ষমা কৰি তেওঁৰে সৈতে মিত্ৰতা ডোলেৰেহে আবদ্ধ হবলৈ অংগীকাৰ কৰিছে, তেতিয়া তেওঁৰ মুখত পানী আহিল।

সূৰ্য্যৰ শুকান মন-দুবৰি এতিয়া আশা-নীয়ৰ পাই অলপ ঠন ধৰিলে। শঠ বৰফুকনে যে বিশ্বাসঘাতকাচৰণ কৰি হৰদত্ত প্ৰভৃতিক বধ কৰিবলৈ এই প্ৰবঞ্চনা-জাল পাতিছে তাক সূৰ্য্য আৰু ফুলে সমাজিকতো নেভাবিছিল। প্ৰাণৰ পদুমক দেখা পাবলৈ সূৰ্য্য ইমান ব্যগ্ৰ হৈছিল যে বৰফুকনে তেওঁক ফুলৰ ৰখীয়া পাতি থৈ নোযোৱাহেঁতেন তেওঁ বৰফুকনৰ লগত সেই ৰাতিপুৱা গলহেঁতেন ! "মই এতিয়াই হৰদত্ত প্ৰভৃতিক লৈ উভতি আহিম, ফুলক অকলৈ থৈ যাব নোৱাৰোঁ" এইবুলি কলীয়াভোমোৰাই সুৰ্য্যক কৈ তেওঁৰ হাতত ফুলক গতাই থৈ গল।

মনৰ আশা এতিয়া পূৰ হব, মোৰ প্ৰাণেশ্বৰীক এবাৰ হেপাহ পলুৱাই দেখিবলৈ পাম, এই সুখ-সামাজিক দেখি ফুলৰ ওচৰত বহি আছে, ফুলেও সকলো সংসাৰ পাহৰি একান্ত চিত্তে সূৰ্য্যৰ ঈষৎ প্ৰফুল্ল মুখ নেত্ৰ-ভ্ৰমৰেৰে পান কৰি স্বৰ্গ সুখ অনুভৱ কৰি আছে, এনে সময়তে হঠাৎ সূৰ্য্য থকা ঠাইত বাতৰি ওলালহি যে বৰফুকনৰ সৈন্যই হৰদত্ত প্ৰভৃতিক বিনাশ কৰিলে। বাতৰি বতাহতকৈও বেগী,-বিশেষকৈ বেয়া বাতৰি। সূৰ্য্যকুমাৰে বজ্ৰাঘাতৰ তুল্য এই বাতৰি শুনি একেবাৰে বলীয়াৰ নিচিনা হৈ, যাৰ মুখে এই বাতৰি শুনিছিল তাক লগত লৈ যত এই ঘটনা হৈছিল তালৈ নিৰুশ্বাসে লৰ দিলে। সূৰ্য্যৰ এই অৱস্থা দেখি, কি কৰিম, কি নকৰিম, একোকে নেভাবি ফুলেও তেওঁৰ পাছে পাছে লৰ দিলে। হায় ! এই দৃশ্য অতো শোচনীয়, অতি হৃদয়বিদাৰক।

সূৰ্য্যকুমাৰে সেই ভয়ানক ঘটনাস্থলিত উপস্থিত হৈয়েই দেখিলে যে এঠাইত ৰঘুৰ, এঠাইত হৰদত্তৰ আৰু বীৰদত্তৰ দেহ তেজেৰে বুৰি পৰি আছে, দুৰাত্মা বৰফুকনে অলপ আঁতৰত ঘোঁৰাৰ ওপৰত উঠি চাই আছে, তেওঁৰ সেনাপতি কুমেদান বঙ্গাল নামেৰে পাষণ্ড এটাই তেওঁৰ প্ৰাণৰ প্ৰতিমা পদুমৰ প্ৰতি অপমান কৰিবলৈ উদ্যত হৈছে। পদুমৰ কিন্তু বাহ্যিক জ্ঞান নাই, কত কি হৈছে কব নোৱাৰে। সখিয়েক কুৰ্ম্মীয়ে ভয়ানক সাহ আৰু বীৰত্ব প্ৰকাশ কৰি তেতিয়ালৈকে সেই পাষণ্ড আক্ৰমণৰ পৰা পদুমক ৰক্ষা কৰি আছে। ধন্য কুৰ্ম্মী। ধন্য তোমাৰ বীৰত্ব, ধন্য তোমাৰ বিশ্বস্ততা ! কোৰ্ম্মাৰ তুমি উপযুক্তা ভনী।

সূৰ্য্যকুমাৰে এই কথা দেখা মাত্ৰকে একেজাপেই হৰদত্তৰ শৰ ওচৰত পৰি থকা তৰোৱালখন লৈ কুমেদানৰ ওচৰত থিয় হৈ সিংহ-গৰ্জনেৰে কবলৈ ধৰিলে :-"পাপীষ্ঠ দূৰ হ ! সতীৰ শৰীৰ স্পৰ্শ নকৰিবি ! পাষণ্ড তই যদি সেইফালে এখোজ আগ বাঢ়, তেনেহলে এই তৰোৱালেৰে এতিয়াই তোক মই দুডোখৰ কৰিম !" অকস্মাৎ এই কথা শুনি কুমেদান অলপ তবধ হৈ ৰৈ তৎক্ষণাৎ আকৌ সাহ গোটাই লৈ মুখেৰে একো নেমাতি সূৰ্য্যৰ ডিঙ্গিৰ ফালে তৰোৱালেৰে কোব মাৰি পঠিয়ালে। কিন্তু সূৰ্য্যই অতি কৌশলেৰে সেই কোবটো এৰাই ঘূৰি নিজৰ তৰোৱালেৰে এটা পূৰ্ণহতীয়া কোব মাৰি কুমেদানৰ মূৰটো ছিঙি মাটিত পেলালে। অভাৱনীয় কাৰ্য্য দেখি বাকী ৰণুৱা কেটা ভয়ত পলাই ফাঁট মাৰিলে। বৰফুকনে কি কৰিব, কি নকৰিব, বিচূৰ্ত্তি হৈ যতে আছিল ততে চৰগপৰা মানুহৰ দৰে থৰ হৈ ৰল।

কুমেদানক কাটিয়েই সূৰ্য্যই তৰোৱালখন মাটিত পেলাই পদুমৰ ডিঙিত সাবট মাৰি ধৰি কান্দিবলৈ ধৰিলে। সূৰ্য্যৰ পৰশ পাই তৎক্ষণাৎ জাপ খোৱা পদুম ফুলটি মুকলি হৈ পৰিল। পদুমে যেন কিবা সমাজিক দেখি আছিল, হঠাৎ যেন কোনোবাই জগালে। সমাজিক ভাগিলে মানুহে চকু মেলিও কিছুমান বেলি কত আছোঁ, কি কৰিছোঁ একোটো থিক কৰিব নোৱাৰে ; পদুমেও সেইদৰে অলপমান বেলিলৈ একোটো থিক কৰিব নোৱাৰি একে থৰে সূৰ্য্যৰ মুখলৈ চাই আছিল। দুৰ্ঘোৰ এন্ধাৰ ঘৰ এটাৰ ভিতৰত ৰাতিপুৱা বেলি ওলাই আহোঁতে লাহে লাহে পোহৰ পৰি যেনেকৈ ভিতৰৰ বস্তু সকলো খিনি ওলাই পৰে, সেই দৰে লাহে লাহে পদুমৰ কথাবিলাক যেন কিবা এটা পোহৰ পাই ওলাই পৰিল। পদুমে আগৰ সকলো কথা সুঁৱৰিলে। প্ৰাণৰ সূৰ্য্যক চিনি পাই পদুমে এক মুহূৰ্ত্তৰ নিমিত্তে আপোনাৰ অস্তিত্ব পাহৰি গল, তেওঁৰ হৃদয় সমুদ্ৰ ক্ষন্তেকৰ নিমিত্তে শাঁত হল, মন জুৰ পৰিল। দুই হাতে সূৰ্য্যৰ ডিঙ্গিত সাবট মাৰি ধৰি কলে, "প্ৰাণেশ্বৰ, এই অভাগিনীক তুমি আজিলৈকে পাহৰা নাই ? হতভাগিনীৰ আজি এই জনমৰ আশা পূৰ হল আৰু একো নাই ! প্ৰাণেশ্বৰ, তুমি ইয়াৰ পৰা বেগাই যোৱা, কেনেবাকৈ দেউতাই দেখিব। আইৰ ভাগৰত টোপনি আহিছে, আহক, মই নজগাওঁ। সখী মোৰ ওচৰতে আছে। -নৈত উটি যোৱা কলহটোৰ মুখে মোৰ বাতৰি পাই তুমি আহিলা। পাণেশ্বৰ ! বেছ হল।"

এই কেষাৰ কথা কৈয়ে পদুমে ডিঙ্গিৰ পৰা হাত এৰি খপ কৰে আচলৰ গাঁথিৰ পৰা বিহ ডোখৰ উলিয়াই টপকৈ খাই "সূৰ্য্য মই যাওঁ" বুলি কৈ শুলে। সূৰ্য্যই "হা কি হল !" বুলি পদুমক সাবট মাৰি ধৰি কান্দিবলৈ ধৰিলে। তৎক্ষণাৎ কান্দোন এৰি গিৰিপ কৰে উঠি তৰোৱালখন তুলি লৈ পদুমৰ ডিঙ্গিত বাওঁহাতেৰে সাবট মাৰি ধৰি, "পদুম ! মোকো লৈ যোৱাঁ !" এই বুলি কৈ সোঁ হাতেৰে তৰোৱালখনৰ আগেৰে বুকুত খোচ মাৰি দি প্ৰাণত্যাগ কৰিলে !

এইদৰে পদুম আৰু সূৰ্য্যই এই কঠিন বিষময় সংসাৰৰ হাত সাৰি পলাল। এই কথা দেখি কুৰ্ম্মীয়ে "হখি তই গলি, মই নু কাৰে থাকিবি ?" এই এই বুলি সূৰ্য্যৰ হাতৰ পৰা দাখন আনি আত্মহত্যা কৰিলে।

বৰফুকন অতি আচৰিত হৈ দূৰৰ পৰা এই কথা চাই টভক মাৰি ৰৈ আছে। আৰু ফুলে আইদেৱে এইখন সমাজিক নে কি একো ঠিক কৰিব নোৱাৰি কাঠৰ পুতলাটি যেন হৈ ভয়ংকৰ শশাঁনশালিত চৰগ-পৰা মানুহ যেন ঠিয় হৈ আছে।