NOVEL
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পদুম কুঁৱৰী
পঞ্চদশ আধ্যা
ফুল শুকাল
"Strew on her roses, roses
And never a spray of yew !
In quiet she reposes ;
Ah ! would that I did too"
--M. Arnold

ইমানবিলাক কাণ্ড বৰফুকনৰ চকুৰ আগতে অলপ সময়ৰ ভিতৰতে হৈ যোৱা দেখি বৰফুকন ভয়ত এক প্ৰকাৰ বিমোৰ হৈ ৰৈ আছিল। তেওঁৰ লগৰীয়া ৰণুৱাবিলাকে কুমেদানৰ মৃত্যুৰ পাছত পলাই পত্ৰং দিলে, কিন্তু তেওঁৰ প্ৰিয়পাত্ৰ সূৰ্য্যকুমাৰৰ অৱশেষত এনে কাৰ্য্য আৰু অৱস্থা দেখি হঠাৎ তেওঁ একোটা ঠাৱৰাব নোৱাৰি থৰ হৈ ৰৈ আছিল, পলাবলৈ বা আন কোনো উপায় চিন্তিবলৈ তেওঁৰ বুদ্ধি নেখেলালৈ। তেওঁ এটাইতকৈ আচৰিত হৈছিল সূৰ্য্যকুমাৰৰ পিছে পিছে ফুল লৰি অহা দেখিহে। যি সূৰ্য্যকুমাৰৰ স্বভাৱ চৰিত্ৰ তেওঁ এনে ভাল দেখিছিল, যাক তেওঁ অতি মৰম আৰু বিশ্বাস কৰিছিল, যাক তেওঁ ফুলৰ ৰখীয়া পাতি আহিছিল এনে সূৰ্য্যকুমাৰেই বা হঠাৎ কিয় এনেবিলাক তেওঁৰ স্বপ্নৰ অগোচৰ কাৰ্য্য কৰিলে ?

বিশেষতঃ তেওঁ এই কাৰ্য্য ইমান গুপুতে কৰিছিল, এনে স্থলত সূৰ্য্যই বা ইয়াৰ গম পালে, সূৰ্য্যক কোনে হৰদত্ত থকা এই ঠাই ডোখৰ দেখুৱাই দিলে ? ইত্যাদি চিন্তাত তেওঁ ইমানখিনি কাল নিমগ্ন আছিল। অৱশেষত ফুকনে এইটো ভাবি ঠিক কৰিলে যে "সূৰ্য্য অবিশ্বাসী, আৰু শত্ৰুপক্ষীয় লোক। মই এই সাপক গাখীৰ খুৱাই অতি গৰুৰ কাম কৰিছিলো। আৰু বা ই মোক আগলৈ কি অপকাৰ কৰিলেহেঁতেন তাক কোনে জানিছে ? ঈশ্বৰৰ অনুগ্ৰহত পাপীষ্ঠ আপুনি নষ্ট হল। "

ফুল অতি বুদ্ধিমতী আৰু ধৈৰ্য্যৱতী ছোৱালী বুলি আমি আগেয়ে কৈ আহিছোঁ। অতদিন যি সমস্যা, যি সাঁথৰৰ উত্তৰ উলিয়াব নোৱাৰি তেওঁ ব্যাকুলা হৈ আছিল, আজি তেওঁ সেই উত্তৰ পালে। তেওঁ এতিয়া বুজিলে পদুম কুমাৰীয়েই সূৰ্য্যকুমাৰৰ হৃদয়-আসনৰ অধিকাৰিণী আছিল ; আৰু যি ভাগ্যৱতীৰ ভাগ্য সদায় তেওঁৰ ঈৰ্ষাৰ বস্তু আছিল সেই ভাগ্যৱতীয়েই, মাটিত পৰি থকা, এই পদুম। যি পদুমৰ গুণ যশস্যাৰ কথা লোকৰ মুখে আগেয়ে তেওঁ ইমান শুনিছিল, সেই পদুমেই তেওঁৰ সূৰ্য্যৰ প্ৰাণেশ্বৰী। সি যি নহওক, সূৰ্য্যৰে সৈতে সূৰ্য্যৰ প্ৰাণেশ্বৰীৰ এই জীৱনত যি মিল দেখিবলৈ তেওঁ ইমান আশা কৰিছিল, সেই আশা পূৰ হোৱা দেখি ফুলে অতি শোকৰ মাজতো এক কণিকামান সুখ অনুভৱ কৰিলে।

ফুলে এতিয়া কি উপায় অৱলম্বন কৰিব তৎক্ষণাৎ সেইটো কথা মনতে পাতি, মনটো স্থিৰ কৈ লৈ ধৈৰ্য্য ধৰি বাহিৰে আবেগশূন্যা হৈ দেউতাকৰ ওচৰ চাপিল। বৰফুকনে জীয়েকক সেই ভয়ংকৰ ঠাইলৈ তেওঁৰ আজ্ঞা পেলাই সূৰ্য্যৰ পাছে পাছে অহাৰ কাৰণ শুধিলত জীয়েলে কলে, "দেউতা, সূৰ্য্যই কাৰবাৰ মুখে অকস্মাৎ কিবা এটা বাতৰি পাই বলীয়াৰ নিচিনা হৈ লৰি অহা দেখি তেওঁৰ পাছে পাছে মইও আহিলো। মই ভাবিলো মোৰ দেউতাৰ কিবা বিপদ হৈছে হবলা ; দেউতা তোমাৰ কিবা হব লাগিলে মইনো কেনেকৈ জীয়াই থাকি কি কৰিম ? তোমাৰ বাহিৰে এই সংসাৰত মোৰ আৰু কোনোবা আছে নে ? তোমাৰ লগে লগে আহি মই দুৰ্ঘোৰ অৰইণ পাইছোঁহি।" জীয়েকৰ এই কথা শুনি বৰফুকন শান্ত হৈ কলে, "চাচোন আইদেউ, আজিৰ পৰা ঈশ্বৰৰ অনুগ্ৰহত মই শত্ৰুশূন্য হলো। তোৰ সূৰ্য্যকুমাৰৰ কাৰ্য্য দেখিলি ? আমি ভাল সাপটো পুহিছিলো। "

দেউতাকৰ কথা শুনি ফুলে লাহেকৈ কলে, "দেউতা, ঈশ্বৰৰ ইচ্ছাত সকলো হয়। "

আমিওপৰত কৈ আহিছোঁ, বৰফুকন ফুলৰ ইমান বশ যে ফুলৰ কথা কেতিয়াও তেওঁ পেলাব নোৱাৰে। ফুলকে যিহকে ইচ্ছা কৰে সেই কামটো হেজাৰো তেওঁৰ মনৰ বিপৰীত হওক তথাপি তাক তেওঁ পূৰণ নকৰাকৈ নেথাকে। ফুলে দেউতাকক কাবৌকোকালি কৰি প্ৰাৰ্থনা কৰিলে যে দেউতাকে যেন তেওঁক সূৰ্য্যকুমাৰৰ আৰু পদ্মকুমাৰীৰ শ দুটা গুৱাহাটীলৈ লৈ যাবলৈ অনুমতি দিয়ে।

জীয়েকৰ এই কথা শুনি বৰফুকনে বিৰক্ত হৈ কলে, "ফুল, তোৰ এনে কুমতি কেনেকৈ উৎপন্ন হল ? মোৰ মহাশত্ৰুৰ প্ৰতি ইমানটো মায়া ? ৰাজদ্ৰোহী হৰদত্ত, তাৰে জীয়েক এইজনী আৰু সেই ৰাজদ্ৰোহীৰ ফলীয়া মানুহ সূৰ্য্যকুমাৰ, এনে মহা পাতকীৰ প্ৰতি তই আদৰ প্ৰকাশ কৰ ? ইহঁতৰ শ ছুলে শৰীৰ অপৱিত্ৰ হয়, চালে চকু কলংকিত হয়। শিয়াল, কুকুৰ আৰু শগুণৰ বাহিৰে ইহঁতৰ শ এই পৃথিৱীত কোনে স্পৰ্শ কৰি আপোনাক কলুষিত কৰিব ? ছিঃ ছিঃ ফুল, মোৰ সন্তান হৈ তোৰ মুখত এনে জঘন্য কথা ওলাল ?"

দেউতাকৰ কথা শুনি ফুলে অতি বিনিতভাৱে কলে, "দেউতা, মোৰ অভিপ্ৰায় আগেয়ে বুজি মোক খং কৰক। দেউতাৰ শত্ৰুলৈ মোৰ বিশেষ স্নেহ বা আদৰ থকা বাবে যে মই এনে প্ৰস্তাৱ কৰিছোঁ, এনে নহয়, ইয়াৰ অৱশ্যে বিশেষ কাৰণ আছে। কিছুদিন হল, এজন সন্ন্যাসীয়ে মোক এটি মন্ত্ৰ দি কৈছিল, যে মন্ত্ৰত তুমি যদি সিদ্ধ হোৱা, তেন্তে তুমি অনেক অদ্ভুত আৰু অলৌকিক কাৰ্য্য কৰিবলৈ সমৰ্থৱতী হব পাৰিবা। একেলগে আত্মহত্যা কৰা কৰা ডেকা-ডেকেৰী শ দুটা আনি যদি তুমি যদি সাধন কৰিব পাৰা, তেন্তে একে দিনাই তোমাৰ এই মন্ত্ৰৰ সিদ্ধি হব। এই কথা কৈয়েই সেই সন্ন্যাসী কৰবালৈ গুচি গল। একে লগে আত্মহত্যা কৰা ডেকা-ডেকৰীৰ শ পোৱা বৰ টান ভাবি অতদিন মনে মনে আছিলো ; নিন্তু এতিয়া ভাগ্যক্ৰমে এই সুযোগ হাতে হাতে মিলিছে দেখি এনে ইচ্ছা প্ৰাকাশ কৰিছোঁ ; দেউতাই মোৰ ওপৰত কোনি সন্দেহ নকৰি কৃপাকৈ যদি মোৰ মিনতি ৰাখে, তেনেহলে মোৰ অনেক দিনৰ মনৰ আশা পূৰ হবৰ আগন্তক হয়। "

ফুলৰ মিনতি কৰি কোৱা কথাত দেউতাক ইমান মোহ গল যে তৎক্ষণাৎ তেওঁ ফুলক আপোন ইচ্ছামতে কাজ কৰিবলৈ অনুমতি দিলে।

সেই দিনাই বৰফুকনে আপোন সৈন্য-সামন্ত লৈ জীয়েকে সৈতে গুৱাহাটীলৈ উভতিল। ফুলে পদুম আৰু সূৰ্য্যৰ মৰা শ দুটা লগতে লৈ গৈ তেওঁৰ ফুলনি বাৰীৰ মৈদাম এটা খনাই পোতালে। মৈদামটোৰ চাৰিফালে ইটাৰে গড় মৰাই এটিমাত্ৰ বাট ৰখালে। মৈদামৰ ভিতৰলৈ নামিবলৈ এটি বাট থোৱাই জখলা এটা দিয়ালে আৰু সেই বাট ইচ্ছামতে বন্ধ কৰিবলৈ কাঠৰ এখন জাপ-দুৱাৰৰ দিহা কৰালে। গড়টোৰ গাত চাৰিওফালে কলা অপৰাজিতা ফুলৰ গছ ফুলে সৈতে লগোৱাই দি মৈদামৰ ঠিক মাজতে ডাংগৰ কলীয়া তুলসী এজোপা ৰোৱালে। কোৱা বাহুল্য, যে গুৱাহাটীৰ পাবৰ দিনাই ফুলে এনেবিলাক কাৰ্য্য সমাধা কৰিলে।

লাহে লাহে বেলি পূব আকাশৰ পৰা পশ্চিম আকাশ পালেগৈ। কাল ৰাতিয়ে প্ৰাকাণ্ড বিকট মুখ মেলি পূব আকাশৰ ফালৰ পৰা পৃথিৱী অলপ অলপকৈ গিলি আহিবলৈ ধৰিলে। দেখোঁতে দেখোঁতেই জগত ঘোৰ আন্ধাৰত ঢাক খাই পৰিল। এনে সময়ত ফুলে, কোচত একোচ ফুল আৰু হাতত এটি ঘিউ-চাকি আৰু মালা-দুধাৰ লৈ লাহে লাহে এখুজি-দুখুজিকৈ মৈদাম পালে গৈ। মৈদামৰ দুৱাৰখন জখলাইদি নামি গৈ যত পদুল আৰু সূৰ্য্যৰ মৰা শ আছে, সেই খিনি পাই সুৰ্য্যকুমাৰৰ মূৰৰ ওচৰতে চাকিটো থৈ তেওঁৰ ভৰিত পৰি সেৱা এটা কৰি আৰু মুখত চুমা এটা খাই কবলৈ ধৰিলে-"প্ৰাণনাথ ! জীয়াই থাকোঁতে মই তোমাক চুমা খাবলৈ আৰু সেৱা কৰিবলৈ নেপালোঁ ; সেই দেখি মৰিলতেই হেঁপাহ পলুৱাই চুমা খাই আৰু সেৱা কৰি লওঁ। তোমাৰ প্ৰেম পাবলৈ, মই অভাগিনীৰ, ভাগ্যত নাছিল। প্ৰাণনাথ ! তোমাৰ চেনেহৰ পাত্ৰী, পৰম ভাগ্যৱতী পদুমে সৈতে তোমাৰ মিলন দেখিবলৈ মোৰ বৰ হেঁপাহ আছিল। সেই হেঁপাহ পূৰ হল। এই সংসাৰত মোৰ একো আকাঙ্ক্ষা নাই। "

এই কেষাৰ কথা কৈ ফুল নিস্তদ্ধ হল। হাতৰ ফুলৰ মালা দুধাৰৰ এধাৰ সূৰ্য্যক আৰু এধাৰ পদুমক পিন্ধাই দি তেওঁবিলাকৰ গাৰ ওপৰত কোচৰ ফুলবোৰ চতিয়াই দিলে। তাৰ পাছত সূৰ্য্যকুমাৰৰ ভৰিতে মূৰটো দি শুই দোলডাল টানি জাপ দুৱাৰখন পেলাই অনন্ত শয্যাত শয়ন কৰিলে।