SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
উদ্বোধন

উঠ অসমীয়া নুশুবি আৰু,

কানীয়া বুলিব লোকে।

কানীয়া সোৰোপা বুলিব লাগিলে,

মই মতি যাম শোকে।।

চিৰদ্দাৰ উঠিল, পেছকাৰ উঠিল,

উঠিল ভঙুৱা ডেকা।

গুৱা-কটিয়াৰ জীয়েক উঠিল,

ওঠত তামোলৰ চেকা।।

টেকেলা বেঙেনা উঠি থিয় দিলে,

উঠিল মাখৌৰ মাক।

কাউৰী শালিকা উঠি উৰি গল

কোঢ়াল কৰি পাতি জাক।।

চকুৰ ফেচ‌কুৰি ধুই অসমীয়া,

উন্নতিৰ বাটত লৰ।

নহলে পিচত পৰি পচি যাবি,

বিদেশীৰ খাবি চৰ।।

টোপনিৰ জালত চকুকে নেমেল?

আউলু-আপচু দিওঁ!

নুঠ যদি কৃপাবৰে ককালৰ

জোৰা ভাঙি লব জীউ।।