SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অৱতাৰ

“যদা যদা ধৰ্ম্মস্য গ্লানিৰ্ভবতি ভাৰত!
ধৰ্ম্ম সংৰক্ষণায় বিনাশৰ চাসাধুনাম সম্ভবামি যুগে যুগে।”

ইয়াৰ অৰ্থটো তোমালোকে নিশ্চয় বুজিছা; কাৰণ তোমালোক সকলোবোৰ পণ্ডিত বুলি মোৰ বিশ্বাস। অৱ্শ্যে, সংস্কৃত কেইফাঁকিত অশুধ আছে যদি তোমালোকে ধৰিবা; নধৰা যদি সি তোমালোকৰ গাফিলি মোৰ কচুৰ নহয়। বৰবৰুৱাই শুধকৈ সংস্কৃত কব আৰু তাত থকা অশুধবিলাকো ধৰি দিব, এই দুটা কাম একেবেলিয়ে তেওঁৰ পৰা হব নোৱাৰে। মুঠতে তেওঁ ইয়াকে কয় যে তেওঁ সম্পতি স্বৰ্গফেৰত। পৃথিৱীত ধৰ্ম্মকৰ্ম্মৰ নানা গ্লানি দেখি সেইবিলাকৰ প্ৰতিকাৰ সাধি জীৱক কৃপা কৰিব মনেৰে কিছুকালৰ নিমিত্তে কলিতম্‌ যুগত, অৰ্থাত্‌ কলিৰো-কলি আওকলি যুগত তেওঁ আকৌ প্ৰকাশ হ’ল, মানে পূৰ্ণাৱতাৰ হ’ল। তোমালোকে নিশ্চয় দেখিছা যে দা-কটাৰী ব্যৱহাৰ কৰোঁতে কৰোঁতে ক্ষয় যায়; কাঠ ছেও দিওঁতে কৰতৰ দাৰ ভোটা হয়। এই উদাহৰণৰ পৰা কি বুজিলা কব লাগিব? নুবুজিলা যদি গাওঁ লোৱা আৰু শুনা। বৰবৰুৱা স্বৰ্গবাসী হৈ থকা ডোখৰ কালত দিনে ৰাতিয়ে তেওঁ দেৱভাষা সংস্কৃত কবলগীয়াত পৰিছিল। পানী-ভাৰীক তেওঁ এগাগৰি পানী আনি বৰজকাত ঢালিবলৈ কব খুজিলেও “জলন্তে স্বধা” নুবুলিলে নহৈছিল। “তত্ৰং পত্ৰং” নুবুলিলে চাংমায়ে তেওঁৰ পাতৰ ভাত এমুঠি বাঢ়ি নিদিছিল। “শাকে-পোৰ্কোতে” বুলি সাৱধান কৰি নিদিলে শাক বাছতীজনীয়ে পোকেজোকে শাক বাছি খুৱাই তেওঁৰ ভিকাচন ভাঙিব খুজিছিল। বাহিৰত মেলি দিয়া তেওঁৰ তলত পৰা আৰু গাৰু বৰষুণত তিতি গলেও সেইবোৰ ভিতৰত সুমাবলৈ লগুৱাক মাতি কলে, “ভৃতং টোপং” নুবুলিলে গাৰু তল পৰা বাহিৰতে তিতি জোল হৈছিল। এনেস্থলত “উঠন্তে, বহন্তে আৰু পথত ভ্ৰমন্তে, নিশ্বাস কাঢ়ন্তে নিশা শয়ন কৰন্তে” তেওঁৰ সম্পত্তি মুঠেই এভুৰুকা সংস্কৃতৰ তলি উদং নহবৰ বা তেওঁৰ সংস্কৃতৰ একেখন মাথোন হাত কৰতৰ দাৰ ভোটা হৈ নেযাবৰ কি কাৰণ আছে? তোমাকলৰ পৃথিৱীৰ ওলোটা শাস্ত্ৰমতে তোমালোকে কিজানি এতিয়াই কবা যে, কওঁতে কওঁতে সংস্কৃত শুদ্ধ আৰু চোকা হে হবৰ কথা, ভোটা হব কিয়? বৰবৰুৱাই ইয়াৰ উত্তৰত ইয়াকে কয় যে তোমালোকৰ আইন আৰু তেওঁ স্বৰ্গৰ আইন দুটা সুকীয়া পদাৰ্থ। যেনে, তোমালোকৰ দেশত কৰতীপাৰৰ গোসাঁইৰ শিষ্যক বুদবাৰীৰ গোসাঁয়ে ভঙাই নি নিজৰ শিষ্য কৰি মুকুতি দিব খুজিলে নাইবা মহাপুৰুষীয়া মানুহক পৰ্ব্বতীয়া গোসাঁয়ে শিষ্য কৰি স্বৰ্গলৈ যাবলৈ ফ্ৰী পাচ বা টিকট দিব খুজিলে, তাক বুজাই বৰাই প্ৰভুসকলে সেই কাৰ্য্য কৰিবলৈ পুৰুষাৰ্থ কৰে আৰু নোৱাৰি শেহত হুৰিলে, তেনেকৈ স্বৰ্গলৈ যাবলৈ অমান্তি হোৱা বলে নোৱাৰা নিসিজা ঢেৰুৱাৰ ঠাৰিজনক “হতছিৰি হ” বুলি শাও দি এৰি দিয়ে; কিন্তু আমাৰ স্বৰ্গৰ গোসাঁই প্ৰভুসকলৰ হলে বাট বেলেগ। আৰু কওঁ শুনা—তোমাৰ দেশত চৰ-গোৰ, ঢকা-ভুকু, থিয়কিলক চৰ-গোৰ ঢকা-ভুকু থিয়কিলেৰে নুশুতাই তাক সহি থাকি অসাধুতাক সাধুতাৰে জয় কৰিবলৈ গলে শলাগ পোৱা যায়, কিন্তু আমাৰ দেশত তেনে কৰিলে সহোতাজনক কাপুৰুষ বুলি নিন্দা কৰা হয়। অৱশ্যে আমাৰ দেশ মানে স্বৰ্গ বুজি আহিবাহঁক। মুঠতে কবলৈ গলে, আমাৰ দেশত ঘোঁৰা, মেকুৰী, কুকুৰ, বৰা, গাহৰি আদিৰ নিচিনাকৈ ঠেং, নখ, দাঁত আৰু হাতোৰাবিলাক সততে টান আৰু চোকা কৰি ৰাখি ব্যৱহাৰ কৰি থকাসকলে সাহিয়াল বৰমতা আৰু বীৰ নাম পায় আৰু তেনে নকৰাবিলাক হাঁহিয়াতৰ পাত্ৰ আৰু কাপুৰুষৰ ছাব তেওঁলোকৰ কপালত পৰে। আমাৰ দেশত দুজন দেৱতাৰ মাজত গলিয়াগলি হৈ দন্দ লাগিলে, কোন জগৰীয়া নিজগৰীয়া তাৰ বিচাৰ ভাৰ তেওঁলোকে পিস্তলৰ গুলীৰ ওপৰত দি নিচিন্ত হয়; কিন্তু তেওঁলোকৰ ফেকুন্দা দেশত সেই বৈদিক বিচাৰৰ ব-টোকে বিচাৰি পাবলৈ নাই। তোমালোকৰ দেশত মহ, গৰু, গাহৰি, কুকুৰা খালে জাত যায়; কিন্তু আমাৰ স্বৰ্গত সেইবিলাক দিনটোত কমপক্ষেও চাৰিবাকৈ নেখালে গা নৰয়। তোমালোকৰ দেশত গোসাঁইৰ তেজ গোসাঁইৰ মঙহ খোৱা বুলি কাৰবাক গালি পাৰিলে তাৰ লঘোন-পৰাচিত লাগে। আমাৰ দেশত আমি আমাৰ গোসাঁইঘৰত বহি এটোপা ৰঙা ফটিকা আৰু এখন পিঠাকে, সঁচাকৈ পাবলৈ নাইকিয়া গোসাঁইৰ তেজ মঙহ বুলি মনতে ভাবি লৈ দকচি বজাই দিওঁহঁক। তোমাৰ দেশত ভাল মানুহৰ ল’ৰা-ছোৱালীয়ে কেতিয়াবা কৰবাত কলতলে-বাঁহতলে এপাক আদপাক নাচিলে সিহঁতে নাচনী ছোৱালী নটুবা ল’ৰা নাম পায়, বাপেক-মাকৰ চেকনিৰ কোব খায় আৰু ওচৰচুবুৰীয়াৰ গঞ্জনা খায়। আমাৰ দেশত আনৰ কথাকে নকওঁ, ইন্দ্ৰ শচীয়েও আন আন দেৱতা আৰু তেওঁলোকৰ বিবাহিতা তিৰুতাৰে সৈতে নাচি বৰ-চৰা তল ওপৰ লগাই থাকে। সেই কামত দায়-জগৰ হাঁহিয়াত বুলি এটা পদাৰ্থ আমাৰ তাত নাই।

এইবিলাক যি কি নহওক, বৰবৰুৱাৰ পুনৰ পূৰ্ণাৱতাৰৰ কাৰণ পৃথিৱীত ঘাইকৈ অসমত ধৰ্ম্মৰ গানি অধৰ্ম্মৰ অধিষ্ঠান অনাচাৰ অত্যাচাৰ অবিচাৰ বুলি পাতনিতে উনুকিৱা হৈছে। বৰবৰুৱাই অসম দেশখন যেনে এৰি থৈ গৈছিল, উভতি আহি তেওঁ তেনে পোৱা নাই। তেনে নোপোৱাত তেওঁ বেজাৰ নাই, কাৰণ পৃথিৱীত একোৱেই একেদৰে নেথাকে। হয় সি আগবাঢ়িব নহয় সি পাছহুহকিব। অসমক পাছলৈ হুহকি অহা পোৱা গৈছে; আৰু বৰবৰুৱাৰো বেজাইৰ কাৰণো সেই ফেৰাহে। চাৰিওফালে কিবা গোলমান খেলিমেলিখন লাগি পৰিছে। শ্বেতদীপৰ পৰা বৰফুকন এজন আহি কিছুদিনৰ আগেয়ে ভাৰত শাসন কৰিছিল। সেইজনৰ শাসন কোনোৱে ভাল বোলে, কোনোৱে বেয়া বোলে। সেই কথাৰ বিচাৰ নকৰি বৰবৰুৱাই কবলৈ বাধ্য যে বৰফুকন ডাঙৰীয়াই ঢাৰি-পাটী, কাঁহী-কলহ বান্ধি টুপীটো কুকুৰটো আৰু লাখুটিডাল লৈ ঘৰলৈ উভতি যাবৰ সময়ত বঙলা দেশখন ফালি দুফাল কৰি এফাল নিছলা অসমে সৈতে বলেৰে লগ লগাই থৈ গুচি গ’ল। অসমৰ হকে বৰবৰুৱাৰ এই কাৰ্য্যত বৰ বেজাই। কিন্তু এইটোও কওঁ যে তেওঁৰ এই বেজাইৰ কাৰণটো ভুল হলে যাৰ মন যায় তেওঁ তাক শুধৰাই লব, কাৰণ বৰবৰুৱাৰ ভুলে নিৰ্ভুলে অনুমানে প্ৰমাণে দীঘলে পুতলে সোপাকেই টানে শিপাই ৰসে গোট খাই লাৰুটো হৈ টানিমানি কলিকতাত কোনোমতে কৃপাবৰ বৰবৰুৱা হৈ আকৌ ওলাইছেহি। তেওঁৰ কথা কেৰা লাগিলে তাৰবাবে তেওঁক কোনোবাই তেওঁৰ পিঠিত ঔ পাৰিবলৈ গলে, তেওঁ তেওঁৰ ন-সূত লগুণ ধৰি শপত খাই কৈছে যে নিশ্চয় তেওঁ যি বাটে স্বৰ্গৰপৰা ভালক বুলি নামি আহিছিল, আকৌ সেই বাটেদিয়েই যেনেতেনেমতে বগাই জগাই সোপাকে নেওচা কেওচা দি এৰি কাকো একেষাৰ মাত নলগোৱাকৈ স্বৰ্গলৈ উলটি গুচি যাবগৈ।

বৰবৰুৱাৰ মতে অসম আগেয়ে আছিল ভাল। এতিয়া ছালছিগা অসমে শাকে-কচুৱে বা ঔটেঙা বখলা ভাতত দি পৰলীয়া চাউলৰ ভাত এগাল খাই আছিল। তাত কোনো বিদেশীয়ে “হো কটা” একেষাৰো বুলিবলৈ নাছিল বা তেওঁৰ পৰলীয়া চাউলৰ ভাত গালত চকু দি “ সেই ভাৰ কৰ?” বোলোঁতা নাছিল আৰু সেই বলী বিদেশীৰ গঢ়গতি দেখি তেওঁ ভয়ত “ সেই পাত তোৰেই দে” বুলি নিজৰ বঢ়া ভাতপাত তাক এৰি দি আঁতৰি থিয় হৈ চকুৰ পানী টুকিব নেলাগিছিল। বৰবৰুৱাই ঠিক বুজিছে যে অসমীয়া চেৰেলা গৰুৰে সৈতে শকত বঙালী গৰু জুৰি দি হাল বোৱাৰ ফল “বৃষোত্সৰৰ্গ।” আৰু এই শোকৰ ডেই-পুৰিহে বৰবৰুৱাৰ স্বৰ্গ-সুখ পৰিত্যাগ আৰু পুনৰাগমন, দুখৰ কালত দুখীয়া অসমৰ কিজানি তেওঁ কিবা উপকাৰ কৰিব পাৰেই, এই আশা। বৰবৰুৱা ডাঙৰীয়া যে নিৰপেক্ষ লোক, সকলোৰে মাজত আন একো নেথাকিলেও তেওঁৰ এইফেৰা খ্যাতি আছে। গতিকে, তেওঁ বঙলা মানুহৰ ফালৰ পৰাও কথাটোৰ যত্‌কিঞ্চিত্‌ বিচাৰ এই খিনিতে কৰিব লগীয়াত পৰিল।

বঙলা মলুক আগেয়ে কেইবাখনো আছিল। যেনে পূৰ্ব্ব বাংলা, পশ্চিম বাংলা ইত্যাদি। মাজতে মুছলমান ৰজাসকলে পাই এটাই কেইখন গোটাই এচৰুকৈ পোলাও ৰান্ধিলে। ইংৰাজ ৰজাই সেই পোলাও চৰু পাই বেহাৰ উড়িষ্যা আদি ’কাৰি, আচাৰ, চাটনি’ তাত ভালকৈ সানি বেঙ্গল প্ৰেচিডেন্সি নাম দি এটা নতুন ডাঙৰ খানা তৈয়াৰ কৰিলে। সেই খানা এজন লাটচাহাবে অকলৈ চম্ভালিব নোৱাৰা হলত তাক দুভাগ কৰি দুজনৰ পাতত দিয়া হল। সি যি হওক, আচলতে বঙলা মুলুকৰ মানুহ দুই ভাগত বিভক্ত। এভাগক বঙালী আৰু আন ভাগক বঙাল বোলে। এতিয়া প্ৰায় সেইদৰেই বঙ্গ-দেশখনক চৰকাৰৰ ঘৰৰ পৰা ভাগ কৰা হৈছে। বৰবৰুৱাৰ মতে এই ভাগ-বটৰাত বঙাল-বঙালী কাৰো অসন্তোষৰ কাৰণ গোৱা উচিত নহয়। তেওঁলোক দুই দল আজি-কালি কিবা লৰামতীয়া হৈ পৰিছে নতুবা তেওঁলোকে এইদৰে পেন্‌পেনাই কান্দি নুফুৰিলেহেঁতেন। নিজৰ কি লাভ কি লোকচান দকৈ এদলেও ভাবি নেচায়। বৰবৰুৱাই কিন্তু সেই কথা ভাবিছে; কাৰণ তেওঁ পৰৰ হৈ ভাবিবলৈ আৰু ভোজন কৰিবলৈকে অৱতাৰ হৈছে। কলিকতাৰ ফালৰ বঙালীবিলাকে ঢাকা মৈমনছিং ফৰিদপুৰ বাখৰগঞ্জ আদি ঠাইৰ পুৰদেশীয় বঙালসকলক শিয়ঁৰা ঠাট্টা কৰা পেংলাই কৰা সকলোৱে জানে। তেওঁলোকৰ “আহেন আহেন”, “বহেন বহেন” “হৰ্চ মানে কিল্লাৰ গোৰা নয়, চৰিবাৰ গোৰা” ইত্যাদি এশ এটা খুঁতৰ উল্লেখ কৰি বঙালীয়ে ঠাট্টাৰ কোবত তেওঁলোকৰ তত এৰুৱাটো সকলোৱে জানে। এই কথাও কাৰো অবিদিত নাই যে বঙালীয়ে ঘাটে-বাটে সুবিধা পালেই বঙালৰ ফাললৈ চাই এই শ্লোক মাতেঃ-
“বাঙাল মনুষ্য নয়, উড়ে এক জন্তু।
লম্ফ দিয়ে গাছে উঠে, ল্যাজ নাই কিন্তু।”
বঙালৰ দোষৰ ভিতৰত এইফেৰা যে তেওঁলোকৰ মাতবিলাক কিবা হেনাহুচা আৰু তেওঁক অকৰা গোণা মহ যেন খঙাল। ততাকৈও দোষ যে তেওঁলোক এনেহুৱা নহয়, আৰু বৰ পৰিশ্ৰমী গতিকে বঙালীক বিশ্ববিদ্যালয়ৰ মহলাত আৰু নানা কামত তেওঁলোকে হৰুৱায়। বৰবৰুৱাই নিখুঁতকৈ জানে যে, বঙালীবিলকৰ ইত্যাদি দৌৰাত্ম্যৰ নিমিতে বঙাল্বিলকৰ সদায় “উগুল-থুগুল মনে নাহি সুখ শান্তি। নেপান্ত উপায় একো মনে গুণি গান্থি।” আৰু সেই দেখিয়েই তেওঁলোকৰ সদাই মূৰৰ ঘিউ উতলিয়েই থাকে আৰু অলপতে কিবা অকৰা খংটো উঠে। বৰবৰুৱাই ভালকৈ জানে যে, চিটাগাঁও আৰু ছিলটৰ অনেক বঙালে মুখ মেলিলেই বঙালীৰ ঠাট্টাৰ কোব খাব লাগে দেখি তেওঁলোকে বঙলা ভাষা একেবাৰেই কবলৈকে এৰি ইংৰাজীৰে কথা কয় আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীকো ঘৰত সৰুৰে পৰা মাতৃ-ভাষা নিশিকাই লোকৰ আগত দেখুৱায় ’চাহাবী কৰাটো’, কিন্তু ভিতৰৰ কথাটো সেই। বৰবৰুৱাই কয় যে বঙলা মলুক ফালি অতেওঁলোকক বেলেগাই দি “ডাহা” জিলাত সুকীয়াকৈ ৰাজধানী পাতি দিয়াত তেওঁলোকে অকলৈ শকত এঘৰ হৈ, মুখ বেকেতা-বেকেতিকৈ তেওঁলোকক শিয়ঁৰা কলিকতীয়া বঙালীক বুঢ়া আঙ্গুলি আৰু মনোহৰ-কলা যে দেখুৱাব পাৰিব এই কথা তেওঁলোকৰ মনত খেলোৱাই নাই। এই আৰ্চী যেন ফট্‌ফটীয়া কথাটো বঙাল ভাইহঁতে নেদেখি বঙালীৰে সৈতে লগ লাগি চিয়ঁৰ বাখৰ কৰি গছৰ পাত সৰাব লাগিছে কিয় কব নোৱাৰে। কিমাশ্চৰ্য্যং অতঃ পৰং। বৰবৰুৱাই কয়, বৰং কালক্ৰমত উক্ত বৰফুকন ডাঙৰীয়া মৰিলে তেওঁলোকে গয়াত তেওঁৰ পিণ্ড দি আহিবলৈ এতিয়াৰপৰা আগ কৰি থোৱা উচিত।

বঙালীৰ ফালেও কওঁ যে তেওঁবিলাকৰো এই আঁহফলা ব্যৱস্থাত বেজাৰৰ কাৰণ এধানমানো থকা উচিত নহয়; বৰং তেওঁলোকে তেওঁলোকৰ টপা মূৰবিলাকত হাত ফুৰাই উশাহ লৈ জীলোঁ বুলি ৰঙেৰে থকাহে উচিত। হে কলিকতীয়া বঙালী ভ্ৰাতঃ! শৃন্বন্তং তোমালোকে সৰ্ব্বে! বঙালহঁতৰ উত্পাচতত তোমালোক জ্বলাকলা। হয় নহয় “বৰবৰুৱাৰ গাৰে আৰ হম” বুলি শপত খাই তোমালোকে কোৱাঁ। কলিকতাত বা মুদৈ-সদাগৰৰ অফিচত কাম এটা ওলালে বঙালৰ পুঠী-খলিহা ৰৌ-বৰালিখনে তোমালোকৰ মুখৰ আগৰে পৰা তাৰ বাৰ অনা কাঢ়ি নিয়ে। পোন্ধৰ টকীয়া কুৰি টকীয়া কামলৈ বঙাল গ্ৰেজুৱেট হাত মেলি চৰকাৰীৰ বজাৰৰ দৰ ভাও কমাই তাক মৃত্তিকাং চকাৰ। স্কুল-কলেজত বঙাল ল’ৰাই প্ৰথম দ্বিতীয় আদি কিবাকিবি হৈ জলপানীবিলাক কাঢ়ি নি তোমালোকৰ ল’ৰাৰ বাটত কণ্টক হয়। বঙালে সৰিয়হৰ বা এৰা গুটিৰ তেল চাকি এটা লগাই ছিগা মাদুৰিৰ কঠ এখনত পেট পেলাই মৰো-জীওঁ-সোঁ-আধিকৈ ওৰে ৰাতি পঢ়ি বঙালী লৰাতকৈ সোঁ-সোঁ কৰে আগবাঢ়ি যায়। তোমালোকৰ লৰাই এনে অভদ্ৰভাবে মাটি কামুৰি শৰীৰ নষ্ট কৰি ইণ্টাহান দিবলৈ যাব পাৰে নে? তোমালোকে জানা “জান” আগেয়ে তাৰ পিচতহে ইণ্টাহান। অকৰামুৱা বঙালে জানে ইণ্টাহান আগেয়ে তাৰ পিচতহে “জান”। কলিকতাৰ দপ্তৰী, মুদি, ভাত-ৰান্ধনি বামুণ, দোকানী, পোহাৰী, ফেৰিৱালা আৰু আন ডাঙৰ সৰু ব্যৱসায় বাণিজ্যত কাকতীফৰিং পৰা দি পৰি এই বঙালবিলাকে তোমালোকৰ দেশখন বাৰু উজাৰ কৰা নাই নে? নিশ্চয় কৰিছে, নাইবা, তোমালোকে “বাঙাল মনুষ্য নয়” শ্লোক ৰচি তওঁলোকৰ গুণ আৰু তোমালোকৰ আক্ষেপ প্ৰকাশ কেতিয়াও নকৰিলাহেঁতেন। তেন্তেনো তোমালোকে “কথা মখাৰ আহ মখা” নুবুজা কিয়? তোমলোকক বৰবৰুৱাই ’দেখ’ বুলিলেও নেদেখা অথচ ’কণা’ বুলিলেও জগৰ। তোমালোকে বুজাই হে নাই যে তেওঁলোকৰ শাপেই বৰ হৈছে।

আজিলৈ এই কেইষাৰ কৈয়েই ভাগৰে ধৰা বুঢ়া বৰবৰুৱাই ৰাইজৰ ওচৰত ছুটীৰ দৰখাস্ত ’পেচ’ কৰিলে।