SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ভাৰত-উদ্ধাৰ

ভাৰত উদ্ধাৰ ভাত উদ্ধাৰ নহয় যে তাৰ মাজৰপৰা ’ৰ’টোক গতিয়াই উলিয়াই দি তই মই আপুনি সি ত’ত তেওঁ তেখেতক আদি কৰি মামৰে-খোৱা ফাপৰে-ধৰা যত যি আছে সকলোৱে কৰিব পাৰে। চিয়ঁৰি ভাৰত উদ্ধাৰ, বাখৰি ভাৰত উদ্ধাৰ, কেপকেপাই ভাৰত উদ্ধাৰ, লেবলেবাই ভাৰত উদ্ধাৰ, ফুচফুচাই ভাৰত উদ্ধাৰ, উচপিচাই ভাৰত উদ্ধাৰ নহয়, নহয়, নহয়। হাতে-কলমে কাম কৰা দেখিবা ভাৰত উদ্ধৃত হৈ বৰচাঙৰ ওপৰত উঠি বহি হাঁহি আছে। মুখেৰে ৰাতি সাত হাল বাই থকা সকলৰ পৰা দিনত অহালো বিচাৰি পোৱা নেয়ায় বুলি বৰবৰুৱাৰ নিচিনা বুঢ়াসকলে কয়। বৰবৰুৱাই সেই লগৰীয়া বুঢ়াসকলৰ নাম সম্প্ৰতি আজিৰ ৰাতিটোৰ নিমিত্তে পাহৰিছে। কাইলৈ পুৱা লাগে যদি তেওঁবিলাকৰ নাম ধাম গাঁও ভূঁই তেওঁ ৰাইজৰ আদালতত দাখোল কৰিবলৈ বৰং গাত লব পাৰে। অৱশ্যে এতিয়া পাহৰিবৰ কাৰণ আছে আৰু তেওঁ ইচ্ছা কৰি সজ্ঞানে সুস্থ শৰীৰে আপোন খুচিতে এই কাৰণৰ নিমিত্তে জগৰীয়া। সম্প্ৰতি তেওঁ ইয়াকে কয় যে এই কাৰণ ভাৰত উদ্ধাৰৰ অৰ্থে যাত্ৰাৰ আয়োজন মাথোন। যাত্ৰাৰ সময়ত আমপাত, কলাপুলি, ধান, দুৰ্ব্বা আৰু পূৰ্ণকুম্ভ দুৱাৰ মুখত ৰাখি থোৱা ৰীতিক স্বৰ্গফেৰত্‌ বৰবৰুৱাই বৰখাস্ত কৰি আমপাতৰ পৰিবৰ্ত্তে ধপাত, কলাপুলিৰ সলনি মেলা চুলি, ধানৰ সলনি পাণ, দুবৰিৰ সলনি সুহুৰি চলাইছে। কিন্তু পূৰ্ণকুম্ভৰ ওপৰত তেওঁ বিশেষৰূপে হস্তক্ষেপ নকৰি মাত্ৰ তাক দেশী ফিল্টাৰ নকৰা পানীৰে নুপূৰাই ফটিক পানীৰে পূৰাই তাৰ উন্নতি সাধন কৰিবৰ ব্যৱস্থা কৰিছে মাথোন। কিন্তু বৰবৰুৱাই এইদৰে মামৰে-খোৱা পকিতি-লৰা পুৰনি ব্যৱস্থাবিলাকৰ ওপৰত অলপ-অচৰপ হাত ফুৰাই আৱশ্যক বুজি তাপলি মাৰি ঘঁহি মাজি সেইবোঅৰ জীৰ্ণ সংস্কাৰ কৰিবই, সেইবাবে তেওঁ কাৰো সমালোচনা মাত কথা নসহে। এই কথা তেওঁ আজি খাটাম্কৈ জাননী দিলে।

বাজে কথাৰ ঢৌৱে কোবাই আচল কথাৰ পৰা যে বৰবৰুৱাক বহুৰ দূৰলৈ আনিলে, এই কথা তেওঁৰ ওপৰত চকু দিয়া সকলে দেখিলে। ঘাই কথাত বুৰি থাকিব পাৰিলে, এইবিলাক উপৰুৱা ঢৌৱে কোবাবলৈ নেপায়। কিন্তু বৰবৰুৱাৰ বৰপেট ভাব প্ৰতিবন্ধক আৰু পৰম বৈৰী, সি কলিকতাৰ গজাৰ ওপৰত উপঙি থকা “বই” অৰ্থাত্‌ পুঙাবিলাকৰ দৰে তল যাবলৈ একেবাৰেই অমান্তি। এইবিলাক যি হওক, আজিৰ বক্তব্য ভাৰত উদ্ধাৰ। তালৈ এইবাৰ যোৱা যাওক।
বৰবৰুৱাৰ বৰপেটাৰ ভিতৰত ভাৰত উদ্ধাৰৰ প্লেন অৰ্থাত্‌ বুধি তিনি কুৰি এটা আছে। সিদিনা কথায় কথায় দুগ্ধনাথ ফুকনক এই কথাষাৰ কলত দুগ্ধই মোৰ মুখলৈ চাই ফেক্‌ফেক্‌ কৰে হাঁহি কলে—“তিনি কুৰি বুলিয়েই দাড়ি বা কুট এটা দিব পাৰিলেহেঁতেন দেখোন! তাৰ পিঠিত আকৌ ’এটা’ লগাই দিব সকাম কি?” কথাষাৰ শুনি যে মোৰ খংটো উঠিল কি কম! এটা বুকু-কঁপি-যোৱা হুকি লগাই দুগ্ধনাথক কৈ দিলোঁ যে, ’এটাৰ’ নিমিত্তে বৰবৰুৱাৰ নিচিনা সত্যবাদী জিতেন্দ্ৰিয় পুৰুষে মিছা মাতিব লাগে নেকি? লেখত তেওঁৰ তিনিকুৰি এটা আছে দেখি তেওঁ তিনিকুৰি এটা বুলিছে, মুঠতে তিনিকুৰি থকাহেঁতেন তেওঁ তিনিকুৰি বুলিয়ে কলেহেঁতেন। একে হুকিতে দুগ্ধনাথে মুখৰ বৰণ সদাই দধিৰাম হৈ টেঙা পৰি গল।

অৱশ্যে, তোমালোকৰ বৰ সৰু পেটত ভাৰত উদ্ধাৰৰ বৰ সৰু ’প্লেন’ যে নাই এনে কথা বৰবৱুৰাই নকয়। কিন্তু তোমালোকৰ প্লেন যিমানেই থাওক, লেখত আদবুৰিৰ বেচি নহয়, আৰু সেই আদবুৰি ঢুকাই গলেই তোমালোকৰ টেকেলি কাতি। আৰু ঘাইকৈ তোমালোকৰ প্লেনবোৰ  কেৰোণে খোৱা ঢাপত-গজা, কুলিয়ে কৃপা কৰা, অধিকন্তু ফুটা, খোৰা, কোঙা, চাকোলা। Whereas বৰবৰুৱাৰ তিনি ক্কুৰি এটা প্লেন নিখুঁত নিভাজ, বলী আৰু কামিলা। সিহঁতৰ একোটাকৈ ধৰ বুলি কোনো কামত লগাই দিলে তেতিয়াই সি তাক বখলা-বখলে খাব নহয়। বৰবৰুৱাৰ একোটা প্লেন সাইলাশ জানিবা ভগদত্ত ৰজা। গদা উলিয়াই দিয়া গদাৰেই, ধেনুকাঁড় উলিয়াই দিয়া ধেনু-কাঁড়েৰেই একো নিদিয়া শুদা হাতেৰেই তেওঁলোকে যুজিব। দৈবাত্‌ কিবা-ৰূপে ভাৰত-ভূমি বৰবৰুৱাৰ এটা প্লেনৰ খামোচৰ পৰা পুলুকা মাৰি গলেও আনটোৰ কট্‌কটীয়া খামোচৰ পৰা দুনাই তেনে হোৱা অসম্ভৱ। তোমালোকৰ ভেঁকুৰা প্লেনৰ সংক্ষেপে তালিকা তলত দি সংক্ষেপ সমালোচনাৰে তাক এইদৰে মুখি থোৱা গল।--
(১) বক্তৃতা কৰি ভাৰত উদ্ধাৰঃ- বক্তৃতা কৰি ভাৰত উদ্ধাৰ কৰিবলৈ যোৱাটো দিখৌ নৈৰ পল-বোকাত পৰা বুঢ়ী গাইক লেজু লগাই বল দি নেটানি দূৰৈৰপৰা মুখেৰে বেলৌ-হেচৌ কৰি তুলিবলৈ যোৱাৰ নিচিনা। এই কথা গমি পিটিকি চাই নোহোৱাটো পোৱা যদি পিছত বৰবৰুৱাৰ গাত তোমালোকে দায় দি থাকিবা। এতিয়া এই মাত্ৰ কওঁ যে, “গালা নাম গল উৰি, তাৰ কি আছে আগগুৰি” এই কথা তোমালোকে মনত ৰাখিলে সময়ত উপকাৰ পাবা।
(২) গোটেই ভাৰতৰ মানুহক তাঁত-শালত কাপোৰ ববলৈ শিকাই তাঁতী কৰি মেঞ্চেষ্টৰৰ তাঁতীৰে সৈতে ফেঁপেনি পাতিবলৈ লগাই দি ভাৰত উদ্ধাৰ।

হৰি হৰি দুখৰ কাল, হৰিণাই চেলেকে বাঘৰ গাল। এই বুধি তোমালোকে পালা ক’ত? তোমালোকৰ গতি-গোত্ৰ দেখি কিন্তু বৰবৰুৱাৰ গাত বিজবিজনি উঠিছে দেই।

দেখি তোমাৰ গতি গোত্ৰ,
বিজবিজনি উঠে মাত্ৰ।
পানীত থাকি কৰা দন্দ,
ঘৰিয়ালেৰে খনেখন।
কোনে দিলে এনে বুধি?
কত পালা ইয়াক সুধি?
বুধিদাতাক উভোতাই
দিয়া বুদ্ধি মোৰ ভাই!
নতু তুনুপাকত ভৰি,
থোঁৱা সামৰণি মাৰি।
(৩) বিলাতী লোণ চেনি নেখাই বিলাতী কাপোৰ নিপিন্ধি ভাৰত উদ্ধাৰ।
“ওহে শকটবান থাম থাম। বৰবৰুৱা ডাঙৰীয়াই পইচা দিয়া পত্ৰিকা কিনিছে, তোমাৰা তাহাকে ফেলিয়া এত জোৰে ৰেলগাড়ী চলিয়া যাচ্ছ, ই কি অন্যায়!” লোণ-চেনি কাছুটি দলিয়াই পেলাই দিগম্বৰ বাবু হৈ ভাৰত উদ্ধাৰ কৰিব নেলাগে মোৰ বোপাইহঁত, বুঢ়া বৰবৰুৱাৰ বুঢ়া বাইক শুন; এইবিলাক লৰালি কৰি লোক হাঁহিয়াত নকৰি মানুহ হ’বলৈ শিক, বেহা-বেপাৰ, শিল্প কল-কাৰখানা “সিদ্ধিবস্তু অ আ ই ঈ” লিখা পঢ়াৰ লগে লগে অত্মসন্মান মনুষ্যত্ব শিক। ভাৰতবাসী ইটোৱে সিটোক বিশ্বাস কৰিবলৈ শিক আৰু টকা কড়ি কোম্পানীৰ কাগজৰ নুৰাত নুসুমাই প্ৰথমতে সৰু-সুৰাকৈ বেহাবেপাৰ কৰিবলৈ শিক। তাৰ পিচত এইবিলাক ডাঙৰ ডাঙৰ কথা মুখত উলিয়াবি। জপিয়াই লঙ্কাত পৰিব খোজাসকলে য়িমান দৰ্কাৰ তাতকৈও ডাঙৰ জাপ মাৰি দিলে, লঙ্কাও পাৰ হৈ গৈ যে সিফালে থকা মহাসমুদ্ৰত পৰিবগৈ, এই কথা কোৱা বাহুল্য। ঘোষ গুহ মিত্ৰৰ পোহঁত, উধাতু খাই নলৰিবিহঁক, আৰু তহঁতৰ পাছ ধৰা হেজাৰ হেজাৰ মানুহক বলিয়া কৰি খালত নেপেলাবিহঁক। বোপাইহঁত হে! বৰবৰুৱাও একৰকম স্বদেশী আৰু সেই বাবেই তেওঁ স্বৰ্গসুখ এৰি ভাৰত উদ্ধাৰত কান্ধ পাতিবলৈ আহিছে, কিন্তু তেওঁৰ বাট বেলেগ, এই কথা। বাটে ঘাটে “বন্দে মাতৰং” আৰু জাতীয় সঙ্গীত গাই বাঁহী বজাই ফুৰিলে লাভৰ ভিতৰত “গোকুলৰ নৰ-নাৰী এৰিবন্ত ঘৰবাৰী”; আৰু সেই নৰনাৰীসকল বলিয়া-বতিয়া হৈ ফুৰি বৰ টান পকা বেৰ আৰু খহটা খুটাত খুন্দাখুন্দলি খাই “জখম” হব মাথোন। ইফালে ভাৰত “ যে তিমিৰে সে তিমিৰেই” থাকিব।
(৪)সভা-সমিতি, কংগ্ৰেছ কনফৰেণ্স কৰি ভাৰত উদ্ধাৰ।

উত্তৰত বৰবৰুৱাই বিশেষ একো নকৈ কেৱল আস্তিক মুনিৰ “গৰুণ্ড গৰুণ্ড!” উচ্চাৰণ কৰিলে মাথোন। তোমালোকে এই মন্ত্ৰৰ যেনেকৈ মন যাব তেনেকৈ তৰ্জমা কৰি লব পাৰা।

ওপৰত কোৱা এই বখলা তোমালোকৰ গল। মোৰ প্ৰথমটো প্লেনৰ প্ৰথম বখলা শুনা।--

মোক ৫০০ জন ভলণ্টিয়াৰ লাগে। দুই বঙলা মলুকৰ পৰা অৰ্থাত্‌ অক্টৰ্লনি মনুমেণ্টৰ জঁৰে পুৰনি বঙলা আৰু অসম কিৰিটীৰে ৰমকজমক নতুন বঙলা দেশৰ প্ৰত্যেক খনৰেপৰা ১০০ জনকৈ ২০০ জন। মাদ্ৰাজৰ পৰা ৫০ আৰু বোম্বাইৰপৰা ১০০ জন। পঞ্জাৱৰপৰা ৫০ আৰু যুক্তপ্ৰদেশ আৰু আগ্ৰাৰপৰা ৫০ জন। ফ্ৰণ্টিয়ৰ প্ৰদেশৰ পৰা ২৫ জন। এজন কাপ্তান অৰ্থাত্‌ বৰবৰুৱা ডাঙৰীয়া স্বয়ং। তলত লিখা মতে ভলণ্টিয়াৰবিলাক বছা হব।
(১) যাৰ বয়স ২৫ৰ পৰা ৩০ বছৰৰ উৰ্দ্ধ হোৱা নাই।
(২) যি আবিয়ৈ।
(৩) যি নিঘূণীয়া, বলী, শুৱনি, ওখ আৰু ডাঙৰ।
(৪) তেওঁবিলাকে মজিদ, গিৰ্জ্জা আৰু নামঘৰত শপত খাই প্ৰতিজ্ঞা কৰিব লাগিব যে, বৰবৰুৱা কাপ্তান চাহাবে যেনেকৈ তেওঁবিলাকক যি কৰায় তেনেকৈ তেওঁবিলাকে বিনা ওজৰ আপত্তি যাবজ্জীৱন কৰিব লাগিব; যথাঃ-
(ক) দিনৌ তেওঁলোকে নিয়মিত কালত শয়ন আৰু আহাৰ-বিহাৰ কৰিব লাগিব।
(খ) বৰবৰুৱ কাপ্তান চাহাবে যেনেকৈ যি প্ৰণালীত তেওঁলোকক ঘৰ-দুৱাৰ সাজি থাকিবলৈ কব, সেইদৰে তেওঁলোকে থাকিব লাগিব।
(গ) তেওঁলোকে য়ুৰোপীয় সাজপাৰ পিন্ধিব লাগিব। য়ুৰোপীয় খানা খাব লগিব। দিনৌ কম পক্ষেও আন খোৱা বস্তুৰে সৈতে এসেৰ মঙহ পেটৰ সুমাব লাগিব। দেশ-বিদেশ, নগৰ, পৰ্ব্বত, ৰঙামাটী, গুৱাহাটী, বগাপানী, কলাপানী, যলৈকে যাবলৈ কাপ্তান চাহাবে তেওঁলোকক হুকুম দিব তালৈকে তেওঁলোক যাব লাগিব। আন কি, মুঠতে বৰবৰুৱা কাপ্তান চাহাবে তেওঁলোকক তপত ভাত গুলিবলৈ কলে তেওঁলোকে ষা ষা নকৰাকৈ সেই ভাত গিলিব লাগিব। অৱশ্যে কাপ্তান চাহাবক তেওঁলোকে তেনে সমাত সদায় কাষতে পাব। ঘাই চটকে শিশু চটকক সদায় “পখায়ে আবৰি” থকদি কাপ্তান বৰবৰুৱাই এই পাঁচশ ভলণ্টিয়াৰ চটকক তেওঁলোকৰ আচল আৰু বাঢ়িয়ে সৈতে সদায় আবৰি থাকিব।

এই ৫০০ জন ভলণ্টিয়াৰ লগত লৈ এখন সুকীয়া জাহাজ ভেৰোণীয়া কৰি বৰবৰুৱা কাপ্তান চাহাবে য়ুৰোপলৈ যাবলৈ সংকল্প কৰিছে। তেখেতৰ অভিপ্ৰায় এইঃ-

সাগৰৰ পাৰলৈ গৈ তাত কিছুদিন থাকি ৫০০ জন ভলণ্টিয়াৰক কাপ্তান বৰবৰুৱা চাহাবে গাইপতি একোজনীকৈ ৫০০ জনী হৃষ্টপুষ্ট বলিষ্ঠ শুৱনী শকতনী আবতনী বিৰালাক্ষী ধ্ৰুমাক্ষী কুৰি বাইছ বছৰীয়া ৰূপহী বিয়া দি ৫০০ যোৰা কৰি ভাৰতবৰ্ষলৈ লগতে ওভোতাই আনি নিজ দেশত বসতি কৰিবলৈ দিব। কাপ্তান চাহাবৰ সৈতে ভলণ্টিয়াৰবোৰৰ এই বন্দৱস্ত থাকিব যে বছৰে বছৰে তেওঁলোকে বংশবৃদ্ধি কৰি যাব লাগিব। তিনি বছৰ লালিকৈ কোনো ভলণ্টিয়াৰে এই চৰ্ত ৰাখিব নোৱাৰিলে সেইজন ভলণ্টিয়াৰক বৰখাস্ত কৰি নতুন ভলণ্টিয়াৰ নিৰ্ব্বাচন কৰি তেওঁৰ ঠাই পূৰোৱা যাব।

বৰবৰুৱাই হিচাপকৈ চাইছে যে, দহ বছৰত তেওঁবিলাকৰ লেখ পাঁচ হেজাৰ পাঁচ শ আৰু ২০ বছৰত তেওঁবিলাকৰ লে পাঁচ লাখ ৬৩ হেজাৰ হব। এই ৫ লাখ ৬৩ হেজাৰ স্বদেশী বাচ্ছা প্ৰতি পাঁচ বছৰে দুগুণ হৈ বাঢ়ি যাব আৰু তেনেহলে ৫০০ বছৰৰ ভিতৰত ভাৰতবৰ্ষ ভাৰতীয় চাহাবেৰে ভৰি পৰিব। বৰবৰুৱাৰ ভৱিষ্যতৰ আশা ভৰষা এই স্বদেশীবোৰে যে আনৰে সৈতে স্বভাবতে সকলো বিষয়তে সমানে তাল ধৰি যাব এইটো ক্ষেত্ৰতত্বৰ এটা সিদ্ধান্ত বুলিলেই হব। নিজৰ পাওনা স্বত্ত্ব আৰু অধিকাৰবিলাক বুকু ফিন্দাই তেওঁলোকে বিচাৰিব আৰু লোকৰে সৈতে সমানে মুকুটিওৱা-মুকুটি গুৰিয়া-ৰুৰি লথিয়া-লথি জ্বৰখাপৰি কালিয়া-কলি ডেকালিকৈ ফুৰিব। তাৰ উপৰিও লাভ যে তেওঁলোক বৰুৱা ফুকন বানাৰ্জ্জী মুখাৰ্জ্জী পাঁড়ে খাৰে সিং উল্লা হৈয়েই থাকিল।

ভাৰতৰ মানুহৰ গুৰিত এই প্ৰণালীত সাৰ-জাবৰ দি সিহঁতক এটা জাতি কৰি তুলিবৰ প্ৰস্তাৱ ভৱিষ্যত কাপ্তান বৰবৰুৱা কৃপাবৰে কৰিলে। ভলণ্টিয়াৰ হব খোজাসকলে এই মাহৰ  ১৫ ৰাতিখৰ ভিতৰতে তেওঁলৈ দৰখাস্ত পঠিয়াওক। তাৰ পিচত আৰু দৰখাস্ত লোৱা নেযায়। সোনকালে বাছনি শেহ কৰি ডাঙৰীয়াই এই গুৰুতৰ কাৰ্য হাতত লবলৈ থিৰ কৰিছে।