SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
আনন্দৰাম বৰুৱাৰ চমু জীৱন চৰিত

১৮৩১ শকৰ নিশ্চয় ভালেমান বছৰৰ আগেয়ে অসম দেশৰ অন্তৰ্গত গুৱাহাটীৰ উত্তৰ পাৰত পিছত বিখ্যাত হবলগীয়া কপালেৰে আনন্দৰাম বৰুৱাই পানীকেচুৱাতে জন্মগ্ৰহণ কৰে। তেওঁ জন্ম হোৱাৰ আগেয়ে সিপুৰীত এই কথা কেইটা থিৰাং কৰি লৈছিল যেন অনুমান হয়।--
(১) ডাঙৰীয়া গৰ্গৰাম বৰুৱা সদৰামিনক তেওঁ বাপেক আৰু সদৰামিনৰ সহধৰ্ম্মিণী দুৰ্ল্লভেশ্বৰী বৰুৱানীক মাক মনোনীত কৰিব।
(২) উল্লিখিত বৰুৱা বৰুৱানীৰ বৰবোপা জানকীৰাম আৰু মাজুবোপা পৰশুৰামৰ পিছত হে তেওঁ পৃথিৱীত প্ৰবেশ কৰি সৰুবোপাৰ পদ লব আৰু সৰু ভায়েক মণিৰামৰ মূৰত ভৰি দি তেওঁ উপজিব আৰু তাৰ পিছতহে মণিৰাম উপজিব পাৰিব।
(৩) তেওঁক অসমীয়াৰ ভিতৰত প্ৰথম বি.এ. প্ৰথম বেৰিষ্টাৰ আৰু প্ৰথম চিভিলিয়ান পাতিব লাগিব।
(৪) তেওঁ ছত্ৰিছ জাতৰ মানুহৰ হাতে ভাতে খাবলৈ তেওঁক ক্ষমতা দিব লাগিব আৰু সেই অন্ন খাই উঠি গামোছাৰে মুখ মছি সেই মুখেৰেই বেদ বেদাঙ্গাদি শাস্ত্ৰৰ শ্লোক মাতিবলৈ দিব লাগিব।
(৫) ইংৰাজ গৱৰ্ণমেণ্টে তেওঁক হাকিমৰ বিষয়খন খাবলৈ দিব লাগিব আৰু সেই বিষয় তেওঁ খাই থাকোতেই তেওঁৰ ৩৯ বছৰ বয়সত, অসমীয়া মানুহৰ মুখ নেদেখাকৈ কলিকতাত বঙালীৰ মাজত পক্ষাহাত ৰোগত তেওঁক মাৰিবলৈ এৰি দিব লাগিব। আচৰিত কথা যে বৰুৱাদেৱে এই বন্ধৱস্তৰ চৰ্ত্তবোৰ অলপো লৰচৰ হবলৈ নিদিয়াকৈ উচল কৰি ললে। আনন্দৰাম বৰুৱাই পূৰ্ব্বজন্মৰ প্ৰাক্তনৰ ফলত বিশ্ববিদ্যালয়ৰ মহলা বিলাকত টপাটপ উঠি গৈছিল। তেওঁৰ বুদ্ধিটো সৰুৰে পৰা ভোটা আছিল দেখি সৰ্বসাধাৰণ ল’ৰাবিলাকে যিবোৰ কাৰ্য্য কৰি যহ আৰ্জ্জে, তেওঁ সেইবোৰ কাৰ্য্য কৰিব নোৱাৰিছিল। যেনে—তেওঁ সিহঁতৰ দৰে মিছা মাতিব নোৱাৰিছিল; দন্দ কৰিব নেজানিছিল, কিলাকিলি কৰিব নোৱাৰিছিল। নপঢ়ি হৈ-গুদু খেলি ফুৰি সময় কটাব নোৱাৰিছিল। মাঘ মহীয়া মেজিলৈ লোকৰ বাৰীৰ কাঠ বাঁহ মনে মনে কাটি আনিব আৰু লোকৰ ঢেকীশালৰ পৰা ঢেকী চুৰকৈ আনিব নাজানিছিল। সৰুতে যেনেকৈ তেওঁ মিছা কথাৰ ফলা মুখস্থ কৰিব নোৱাৰিছিল ডাঙৰ হলতো সেই দৰে কোনোমতে সেই ফলা মুখস্থ কৰিব নোৱাৰিছিল নতুবা, তেওঁ বিলাতৰ পৰা চিভিলিয়ান হৈ উভতি আহিলত, মিছাকৈ পৰাচিত হব নোৱাৰি বাপেকক মনঃকষ্ট নিদিলেহেঁতেন; আৰু তেওঁৰ পিছৰ কালৰ চোকা বুধীয়া “বিলাত ফেৰ্ত্ত” সকলৰ দৰে “আমি বিলাতত টৌ খুটি মাৰিহে ভাত খাই আহিছোঁ”, বুলি ডাঠকৈ কৈ, পকা তেলত ভজা সৰিয়হশাকৰ খৰলিৰ দৰে সিজি অসমীয়া মানুহৰ জাতৰ পেটত সোমাই গলহেঁতেন। সৰহ নকওঁ তেওঁ তেওঁৰ ভোটা আৰু ঠৰঙা বুধিৰ নিমিত্তেই অসম এৰি দেশান্তৰী হবলগীয়াত পৰিছিল আৰু শেহত মৰিবৰ সময়ত  বঙালৰ ঘৰত বঙালে মুখত দিয়া পানী এঢোকা গিলিহে প্ৰাণ পৰিত্যাগ কৰিবলগীয়াত পৰিছিল। আনন্দ বৰুৱাই সংস্কৃত ভাষাটো ভালকৈ খৰচি মাৰি শিকি লৈছিল আৰু সংস্কৃত অভিধান ব্যাকৰণ আৰু টীকা পুথি ৰচনা কৰিছিল। সেই পুথি বা কিতাপবোৰ আজিকালি অনাদৰত ভেকুৰা লাগি পৰি আছে বুলি মানুহে কোৱাকুই কৰা শুনা যায়। সংস্কৃত মৰা ভাষা। মৃতকৰ সৈতে কথা পতা যেনে, মৰা ভাষা শিকি তাৰে কিতাপ পত্ৰ লিখাও তেনে। গতিকেই আনন্দ বৰুৱাই সেই ভাষাটো ঘাটিমুটি সময় নষ্ট কৰি অনাহকতে জীৱনটো কটাব নালাগিছিল। মানুহৰ বুধিটোত যদি চোক নাথাকিল তেন্তে তাৰপৰা একো আশা কৰিব নোৱাৰি। “উষা” কাকতত চমুকৈ তেওঁৰ জীৱন-চৰিত ৰচোঁতাজনে লিখিছে যে, “বিলাতত থাকোঁতেই তেওঁ ফ্ৰানছ্‌ দেশৰ ভাষা এনে ভালকৈ শিকিছিল যে তেওঁৰ কথাবাৰ্ত্তা শুনি সেই দেশৰ মানুহেও তবধ মানিছিল।” জীৱন চৰিত লেখোঁতাই এই ফাঁকি কথাৰ দ্বাৰাই আনন্দ বৰুৱাৰ সুখ্যাতি কৰিবলৈ নে অখ্যাতি কৰিবলৈ গৈছে কব নোৱাৰোঁ, কিন্তু মই হলে কওঁ যে বৰুৱাদেওৰ ভোটা বুদ্ধিৰ ইও এটা জ্বলন্ত প্ৰমাণ। তেওঁ আছিল অসমীয়া, থাকিছিল ভাৰতবৰ্ষত আৰু বিষয় বাসনা খাই আছিল ইংৰাজ গৰৰ্ণমেণ্টৰ অথচ ভাষা শিকি শৰীৰ পাত কৰিছিল ফ্ৰান্সৰ। তেওঁ দিনৌ ফ্ৰেণ্ঞ্চ ভাষাৰে মাত নামাতিলে তেওঁৰ কোনটো কাম নচলাত পৰিছিল কোনোবাই কব পাৰে নে? ইয়াৰ পিছত অকাৰ্য্যত সময় নষ্টৰ উদাহৰণ বিচাৰি আৰু দূৰলৈ যাব লগিব নে? এই হিচাবে চাবলৈ গলে তোমালোকে বৰবৰুৱাকো হনলুলু আৰু হংকং দেশৰ ভাষা শিকিবলৈ পঠিয়াব পাৰা কাৰণ তাৰ দ্বাৰাই তোমলোকৰ কিজানি কিবা উপকাৰ হয়েই।

আনন্দৰাম বৰুৱা খৰচীয়া লোক নাছিল। তেওঁৰ দেউতাক চহকী; তথাপি তেওঁ দেউতাকৰ হাতনি পেৰাত হাত নিদি নিজে পোৱা জলপানীৰ পৰা ৰূপ গোটাই বিলাতত পঢ়িশুনি ফুৰিচাকি আহিল। প্ৰবাদ আছে তেওঁ বিলাতৰপৰা ভাৰতলৈ উভতি আহোঁতে, জলপানীৰ পৰা সঁচা এমোনা ৰূপ লগত লৈ আহিছিল। ইয়াৰপৰাই ভালকৈ বুজি লোৱাঁ, বৰুৱা ডাঙৰীয়াৰ হাতৰ আঙুলিৰ মাজৰ বিন্ধাবোৰ কেনে পানী-নসৰকা আছিল। কিন্তু তেওঁৰ পিছৰ ডোখৰ কালত তেওঁৰ আঙুলিবোৰ সেৰেঙা হৈছিল। নতুবা তেওঁ অকলশৰীয়া মানুহ, তেওঁ পো নাই পোৱালি নাই, ঘৈণী নাই, শাহু নাই, এনে স্থলত তেওঁ এথৈলা ধন ভাঙি মুৰ্ছিদাবাদৰ বহৰমপুৰম ইমানটো ভব্য ঘৰ কিনি তাত বাস কৰি থাকিবৰ দিহা কৰিছিল কিয়? আনৰ কথাকে নকওঁ, সেইটো ঘৰৰ খোটালি কেইটাত বাহিৰে ভিতৰে চাকি লগাবলৈকে ৰাতিটোৱেপতি এখন তেলীশালে তেলৰ যোগান ধৰিহে কোনোমতে তৰণি পাব।

বৰুৱাদেওৰ গাত বল আছিল; সেইদেখি তেওঁ অসমলৈ উভতি আহোঁতে জাহাজত যিটো খোঁটালিত আছিল তাত এজন য়ুৰোপীয় বলেৰে সোমাবলৈ যোৱাত্গ বৰুৱাদেৱে সেইজনক হেনো কিলাই দিলে। একিল খাই এবুধি চাপিলত সেইজনে বৰুৱাদেওৰ ওচৰলৈ আহি য়ুৰোপীয় ভাষাত বিং-বিং বাং-বাং কৰি কিবা ’এপলজি’ কৰি অৰ্থাত্‌ হেনো ক্ষমা মাগি ’হেণ্ডছেক’ কৰি গুচি গল।

কিম্বদন্তি আছে যে আনন্দৰাম বৰুৱাই তেওঁৰ বয়সৰ আবেলি বেলিকা বেইত ঘূৰিবৰ মন কৰিছিল; আৰু সেই অভিপ্ৰায়ে এঠাই কি দুঠাইত ছোৱালী চাবলৈকো গৈছিল। অনুমান হয়, তেওঁ কালিদাসৰ শকুন্তলাৰ টীকা কৰি থাকোঁতে হঠাত্‌ মনত কিবা ভাবোদয় হৈহে তেনে কৰিছিল। নাইবা তেওঁৰ খানছামাই বজাৰ খৰচৰ পয়চা চুৰকৈ থাকোঁতে থাকোঁতে কোনোবা এদিন তেওঁৰ হাতত ধৰা পৰিলত, বৰলা ভাত গালৰ ওপৰত তেওঁৰ বেজাই লাগিহে তেওঁ সেই সঙ্কটময় খোজ চলাইছিল। অৱশ্যে মই মোৰ এই অনুমানৰ প্ৰমাণ দিব নোৱাৰোঁ। হব পাৰে গোটেই সঁচা, হব পাৰে সি গোটেই মিছা, অথবা হব পাৰে সি আদখিনি সঁচা, আদখিনি মিছা। এই কথা কিন্তু এখিনিতে মন কৰিবলৈ পাহৰিব নালাগে যে, সকলোকে সকলো কথাই নুশুজে। বৰুৱাদেৱেও এই ন কথা ”হাৱাপানী” “বৰ্দ্দাস্ত” কৰিব নোৱাৰিলে। নতুবা তেওঁ ইয়াৰ অলপ পিছতে ইহলোকৰপৰা পৰলোকলৈ পুলুকা মাৰিলে কিয়?

আনন্দৰাম বৰুৱা শিৱসাগৰত হাকিম হৈ থাকোঁতে কোনো অসমীয়া মানুহৰ ঘৰলৈ তেওঁ নগৈছিল আৰু পৰাপক্ষত কোনো অসমীয়া মানুহও তেওঁৰ ঘৰলৈ নগৈছিল। বৰুৱাদেও হাকিম মানুহ, যাৰে তাৰে ঘৰলৈ তেওঁ গলে সেইসকলে তেওঁৰ ওপৰত কোনো সুবিধা লবলৈ বিচাৰিব পাৰে। সেইদেখি কাৰো ঘৰলৈ নগৈছিল। অসমীয়া ভাল মানুহ তেওঁৰ ঘৰলৈ নোযোৱাৰ কাৰণ,-- বৰুৱাদেৱে তেওঁলোকক তেওঁৰ ঘৰত পাই অপ্ৰস্তুত কৰি বিপদত পেলাবৰ দিহা কৰা সহজটো তেওঁৰ গাত আছিল। আমাৰ কথাৰ প্ৰমাণ ’উষাত’ ওলোৱা জীৱন-চৰিত্ৰৰ পৰাই দিওঁ—“তেওঁ শিৱসাগৰত থকাত, এদিন তেওঁৰ বঙলালৈ এজন দিহিঙৰ বৰসাজতোলা দেখা কৰিবলৈ গৈছিল। দুয়ো দুখন চকীত বহি কথাবাৰ্ত্তা পাতি আছিল, এনেতে ডেপুটী কমিছনাৰ কৰ্ণেল কেম্বেলকে আদি কৰি কেইজনমান চাহাব তেওঁ বঙলাত ওলালগৈ। চাহাব যোৱা দেখিয়েই সাজতোলাজন উঠিব খোজা দেখি বৰুৱাদেৱে তেওঁক কলে যে আপুনি স্বাধীন মানুহ, কেলৈ উঠিব; বহি থাকক। ইপিনে তেওঁৰ তাত সৰহ চকী নথকাত নিজৰখন চকী ডেপুটী কমিছনাৰক এৰি দি নিজে থিয় হৈ ৰল। কেইজনমান চাহাবক চকী অনাই দিয়ালে, কিন্তু আৰু চকী নোহোৱাত কেইজনমান চাহাব মেজত ভৰ দি থিয় দি থাকিল আৰু বহি থকা সাজতোলাজনৰ ফালে কেৰাহি কেৰাহিকৈ চাবলৈ ধৰিলে। সাজতোলাজন তাৰ পৰা উঠি লৰ মাৰিব পাৰিঅলে এতিয়া ৰক্ষা পৰে। কিন্তু বৰুৱাদেৱে চকুৰ ঠাৰেৰে সাহ দিয়াত যদিও তেওঁ বহি থাকি, ভয় ঘামি-জামি নগুৰশাস্তি হ’ল। চাহাবসকল গুচি যোৱাৰ পিছত সাজতোলাই বৰুৱাদেৱক “ডাঙৰীয়া, আপোনাৰ ইয়ালৈ অহা নহব” বুলি কৈ বিদায় ললে। মাহৰ মাৰ দেখি তিলে বেঁত মেলাৰ দৰে, বৰসাজতোলাৰ সেই দুৰ্দ্দশা দেখি, বৰুৱাদেৱে সৈতে সাক্ষাত্‌ কৰিবলৈ কুৰুংকাৰাং কৰা আন অসমীয়া ভদ্ৰলোকসকলে বেঁত মেলিয়েই ৰল।

ওপৰত কোৱা জীৱ-চৰিতৰ পৰা আকৌ অলপ তুলি দিওঁ। “শিৱসাগৰত এছিষ্টেণ্ট কমিছনাৰ হৈ থকা সময়ত, কেৰ্ণেল কেম্বেল তাত ডেপুটী কমিছনাৰ আছিল আৰু লেফ্‌টেনেণ্ট এচিষ্টেণ্ট গ্ৰে কমিছনাৰ আছিল। পদত বৰুৱাদেও লেফ্‌টেনেণ্ট গ্ৰেৰ ওপৰত আছিল। সেইবাবে ডেপুটী কমিছনাৰ বাহিৰত থকাত বৰুৱাদেৱে গ্ৰে চাহাবৰ ওপৰত কিবা এটা দোষ ধৰি তেওঁৰ কৈফিয়ত্‌ খোজাত, তেওঁ সেই কথাত অপমান বোধ কৰি, ডেপুটী কমিছনাৰক জনোৱাত পিছৰ বাৰ ডেপুটী কমিছনাৰ চফৰলৈ যাওঁতে তেওঁ জিলাৰ ভাত বৰুৱাদেৱৰ গাত নিদি গ্ৰে চাহাবৰ গাত থৈ গ’ল। বৰুৱাদেৱে  এই কথাত অপমান পাই গৰৱৰ্ণমেণ্টলৈ আবেদন কৰি বঙ্গদেশলৈ বদলি হৈ গুচি গল। তেতিয়াৰে পৰা আৰু অসম দেশলৈ উভতি নাহিল।” জীৱন-চৰিত লেখকে ওপৰত লেখা কথা কৈ এইটো সিদ্ধান্ত কৰিছে যে “তেওঁৰ প্ৰতি কথাতে তেওঁৰ মনৰ তেজ আৰু স্বাধীনতাৰ চিনাকি পোৱা যায়। তেওঁ অসম এৰি বঙ্গদেশলৈ যোৱাৰ কাৰণো এয়ে।” মই জীৱন-চৰিত লেখকৰ সিদ্ধান্তৰ পোষকতা কৰিব নোৱাৰি মনত বিষম পালোঁ। মোৰ সিদ্ধান্ত, কৰ্ণেল কেম্বেলে বৰুৱাদেৱে দুখ পাব বুলি মৰম কৰি জিলাৰ ভাবৰ বোজা কুমলীয়া বৰুৱাদেৱৰ গাত নিদি পৈণত গ্ৰে চাহাবক দিছিল। বৰুৱাদেৱে দয়ালু কেম্বেল চাহাবৰ দয়াৰ ভাব নুবুজি কেম্বেলে তেওঁক অপমান কৰাটো যেনহে বুজিলে আৰু সেউ বাবে ৰোহ পাতি অসমকে পৰিত্যাগ কৰিলে। ডাঙৰ লোকে পণ্ডিত লোকে আমি সৰু মানুহৰ দৰে পোন বাটেদি নাযায়, আৰু আমাৰ দৰে পোন পটিৰ কথা নুবুজি যে ওলোটা বুজে এইটোৱেই তাৰ প্ৰমাণ। সেইদেখিহে বোধকৰোঁ গীতাত লেখিছে, “যা নিশা সৰ্ব্বাভূতানাং তস্যাত্‌ জাগৰ্ত্তি সংযমী। যস্যাং জাগ্ৰতি ভূতানিসা নিশা পশ্যতো মুনেঃ।” অৰ্থাত্‍ সৰ্ব্বাসাধাৰণ লোকৰ পক্ষে যিটো ৰাতি, শ্ৰেষ্ঠসকলৰ পক্ষে সেইটো দিন। সকলো যেতিয়া সাৰে থাকে, তেওঁলোক তেতিয়া ফস্তি মাৰি শোৱে।

আৰু এষাৰ কথা জীৱন-চৰিত লেখকৰ লেখাৰ পৰা তুলি দি সামৰণি মাৰিম—“তেওঁ অনেক দুখীয়া ল’ৰাক পঢ়াৰ খৰচ দি সহায় কৰিছিল আৰু মগনীয়া বিলাকক ভিক্ষা দি তেওঁ বৰ সুখ লাভ কৰিছিল।” দুখৰ বিষয় সেই দুখীয়া ল’ৰা আৰু মগনীয়াবোৰ অসমীয়া মানুহ নাছিল। বৰুৱাদেও বঙ্গদেশত থকা বাবে অসমীয়া দুখীয়া ল’ৰা আৰু মগনীয়াবিলাকে চুটি হাতেৰে তেওঁক ঢুকি নাপাইছিল। গতিকে অসমীয়াই তেওঁৰ সেই দানৰ পাত্ৰ হৈ তেওঁ পুণ্য উপাৰ্জ্জন কৰা কাৰ্য্যত তেওঁক সহায় কৰিব নোৱাৰিছিল।

এইবোৰ যি হওক, বৰুৱাদেও অসম আইৰ সুপুত্ৰ আৰু সেই বাবে তেওঁ অসমীয়াৰ কুলৰ ভূষণ। তেওঁ পৃথিৱীৰ সকলো সভ্য দেশত অসমীয়াৰ মুখ পোহৰাইছিল আৰু সেই পোহৰ মুখ তেওঁ ঢুকাবৰ পৰা আকৌ এন্ধাৰ হল। অসম গছা আৰু তেওঁ চাকি আছিল। চাকিৰ পোহৰ দূৰলৈহে পৰে, গছাত নপৰে। গতিকে গছাই সেইবাবে দুখ নকৰি পোহৰ চাকিটোক যে সি তাৰ মূৰত তুলি লৈ আছিল, তাৰ বাবেই নিজক ধন্য মানিছে। আনন্দৰাম বৰুৱাৰ জীঅন অসমীয়াৰ আৰ্হি জীৱন। বৰবৰুৱাৰ অদৃষ্টৰ গুণে, ভাল গৰুৰ ঘিউত দানা পৰাদি তেওঁৰ মূৰৰ ঘিউত আনন্দ বৰুৱাৰ বুদ্ধিৰ নিচিনা বুদ্ধিৰ দানা নপৰিল। তেওঁ বৰ পুৰুষাৰ্থ কৰিও আনন্দ বৰুৱাৰ নিচিনা বুদ্ধিমান হব নোৱাৰিলে; কিন্তু উঠি অহা অসমীয়া ডেকা ল’ৰাৰ ভিতৰত যাৰ মগজুত তেনেকুৱা বুদ্ধিৰ দানা পৰিছে, সি নিৰাশ হবৰ কোনো কাৰণ বৰবৰুৱাই দেখা পোৱা নাই।