SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বন্দে মাতৰম

গাৱাল মানুহ বৰবৰুৱাৰে সৈতে যেতিয়া ঘামকালিৰ খুন্দাখুন্দে পোহাৰীৰ দন্দ লাগিবলৈ ধৰিলে, তেতিয়া তেওঁ নিজৰ ঘৰত তিষ্ঠিব নোৱাৰি পাৰ্ব্বতীয়ে পৰ্ব্বতীয়া বাপেকৰ ঘৰলৈ যোৱাদি হিমালয় পৰ্ব্বতৰ ওচৰলৈ ঘাম চকুলো টুকি গুচি গল। কিন্তু দিনচেৰেক বাপেকৰ ঘৰত থাকিলেই জীৱাৰী ছোৱালীৰ ৰোহ, ঠেহ, দন্দ খৰিয়াল সোপাই নৈৰ টান সোঁতত উটি যোৱাদি বিৰহৰ পিছত ওপজা মিলনৰ হেঁপাহৰ কোবাল সোঁতত উটি গুচি যায়। গতিকে বৰবৰুৱায়ো ছিম্‌লা পৰ্ব্বতৰ টিঙত কিছু দিন থাকিয়েই তেওঁৰ ঘামেৰে সৈতে খনে-খন লগা দন্দ-খৰিয়ালবোৰ উটি গল; আৰু চেৰেং-চেৰেংকৈ ভৈয়ামলৈ তেওঁৰ মনত পৰিবলৈ ধৰিলে। শেহলৈ তেওঁ দিনৌ ভাবিছিল, তেওঁক কোনোবাই মাতি পঠিয়ালে হয়। এনে মানসিক অৱস্থাত অৱস্থিতি কৰি, নিহালিৰে নিজৰ সৰ্ব্বহ লম্‌লমীয়া লম্বোদৰটি মেৰাই থম্‌থম্‌ কৰে বহি থকা গৈছিল, অথবা নিৰ্ভুলকৈ কবলৈ গলে, অজগৰ পৰাদি পৰি শুই থকা গৈছিল। দিন নেযায় ৰাতি নুপুৱায়। এনেতে এদিন মোৰ বুকুখন ঢপঢপাই উঠিল দেই। মই বুজিলোঁ, কোনোবাই মোক স্মৰণ কৰিছে। প্ৰশ্ন হল,--কোনেনো মোক সুঁৱৰিলে ঐ? উত্তৰ পালোঁ, যি মোৰ আৰু মই যাৰ, তেঁৱেই। কথাষাৰ লিখাৰ ভঙ্গিমাটো দেখি হয়তো পাঠকসকলে ভাবিছে যে বৰবৰুৱাই বৰবৰুৱাণীৰ কথাহে উনুকিয়াইছে। কোনোৱে এনে ভাব ভাবিছে যদি বৰবৰুৱাই তেওঁৰ গাত দায় নিদিয়ে। কাৰণ এতিয়া ক্ষন্তেকৰ নিমিত্তে খেলোৱাৰ বৰবৰুৱাৰ মনতো তেনে ভাবেই খেলাইছে। হাঁহি উঠা কথা এইটো হে যে উপজিবৰে পৰা তেওঁৰ সৈতে কোনো বৰবৰুৱানীৰ আজিলৈকে দেখা শুনা হোৱা নাই বুলি তেওঁ জানে কিন্তু যদিহে কিবা স্বৰূপে “অমৰা মৰে নিঝৰা ঝৰে আৰু নিৰ্ধনীৰ ধনঞ্জয় নম” অৰ্থাত্‌ যদিহে বৰবৰুৱা লুভুনী কোনোবা বৰুৱানী যমুনাৰ পাৰৰ কোনোবা গোপিনীৰ ঘৰত অন্যায়কৈ উপজি  গোকুলত বাঢ়িব লাগিছেও, সেই মাজ-সৰু লাজ-ডাঙৰ লুভুনী গোপনন্দিনী বৰবৰুৱানী-পদ-প্ৰাৰ্থিনীৰে সৈতে, গোসাঁইৰ শাওপাতত পৰি থকা বৰবৰুৱাৰ ইহজনমত দেখা হোৱাটোৰ আগন্তুক নাই বুলি তেওঁ চাৰি-সত্ৰত শপত খাই কবলৈ সাজু আছে। সি যি হওক, অনন্ত শয্যা এৰি লাহেকৈ উঠি টোপোলা-টাপলি বান্ধি ছিম্‌লা-কাল্‌কা-ৰেল গৰুণ্ডৰ কান্ধত উঠি মৰ্ত্ত্যলোকলৈ গতি কৰা গ’ল। তিনি দিন তিনি ৰাতি অবিৰাম আহি কলিকতা ওলাই গৰুণ্ডক ছুটী আৰু বক্‌‌চিছ দি বিশ্ৰামৰ আয়োজন কৰিলোঁ। দুনিয়াৰ নাড়ী নক্ষত্ৰৰে সৈতে টিপাটিপি কৰাত পাকৈত বৰবৰুৱাই তত্ক্ষমণাত্‌ বুজিব পাৰিলে যে পূব ফালৰ দেশত কাণ্ড বিষম, ব্যাপাৰ গুৰুতৰ।

মই অলপমান বেলি জিৰাই-শতাই, ৰেলৰ কুলিৰ হেঁচা-ঠেলা-গতাৰ পৰা সাৰিবলৈ পিন্ধা মোটটোৰ মায়া জৰিডাল ফচ্‌কৰে নেকাটি তাৰে কলিকতা চহৰৰ ইফালে-সিফালে অলপ অচৰপ ফুৰি আহিবলৈ ওলালোঁ।  সকলোপিনে সাজিকালি ট্ৰেমগাড়ীয়েই প্ৰশস্ত যান জানি এখন বিজুলীৰ ট্ৰেমত উঠি পৰিলোঁ। উঠিয়েই দেখিলোঁ যে, মোৰ আগৰ বেঞ্চখনত দুজন আদহীয়া বঙালী বাবু আৰু এজন মটীয়া ফিৰিঙী চাহাবে খুব তৰ্কযুদ্ধ লগাই দিছে। চাহাবজনে বাবু দুজনক কৈছে-“বাঙলা মলুকঠু দো আদমি বিগাৰ দিয়া। পহিলাঠু বেনাৰ্জী, দোচোৰাঠু বন্দ-মাতৰং। বেনাৰ্জী পাজী হ্যাঁয়, লেকিন বন্দেমাৰংঠু উন্‌চেভি পাজী। হামলোক্‌কা আভিতলক গোচা নাহি উঠা; লেকিন আউৰ জিয়াদা গৰ্‌বৰ্‌ কৰেগাতো ও দোনো দুষমনকো কালাপানী ভেজেগা তব ছোড়েগা।”

এনেতে হঠাত্‌ ঘণ্টাই টিলিং কৰিলে, ট্ৰেমগাড়ীখন থমকি ৰল আৰু মহাপাজী বন্দেমাতৰঙক কলিয়াপানীলৈ পঠিয়াব খোজা ফিৰিঙীজন সেইখিনিতে সিমানতে নামি গুচি গল। চাহাব নামি গল। চাহাব নামি গলত বাবু দুজন গৰম হৈ উঠিল একা দেই। এজনে ফক্‌ফকাই উঠি মোৰ ফালে অলপ কতীয়াকৈ চাই কলে, “শুনেছ সাহেব, ফিৰিঙী কথাটাৰ হিষ্টৰিটা জান?” মই নেজানো বুলি কলত, তলত বৰ্ণনা কৰা ইতিহাসটো তেওঁ কথিলে—

“ তাহানি জন কুম্পানীৰ দিনত কুম্পানীৰ ঘৰত চাকৰি কৰিবলৈ যিবোৰ ইংৰাজ ভাৰতলৈ আহিছিল, তেওঁলোকৰ ভিতৰত অনেকৰ লগত বিলাতী মেম-চাহাবৰ সম্পৰ্ক নাছিল, কাৰণ, বিলাতৰ পৰা ভাৰতলৈ তেতিয়া ছমাহৰ বাট আছিল আৰু পৰদেশত বিলাতী ঘৈণী লগত লৈ থকাটো বৰ নিৰাপদো নাছিল। সেইদেখি সেই এজনীয়া ডঙুৱা ইংৰাজসকলে অনেকে ভাৰতবৰ্ষীয় কলী সুন্দৰীসকলক ঘুৰী পিন্ধাই লৈ তেওঁলোকৰ সৈতে ঘৰ কৰি থাকি নানা বৰণীয়া চাহাববিলাক চৰ্জ্জন কৰিলে। আমাৰ স্বদেশী উৰুকি ভূৰুকি আদি নানা বৰণীয়া যত যি আছিল এটাইবিলাকে গাৰ শাৰী আৰু মেখেলা দলিয়াই পেলাই লৰি আহি কাটা-চামুচ হাতত লৈ ঘুৰী পিন্ধি মেমচাহাব হল, আৰু এই নতুন জাতিৰ স্ৰজন কাৰ্য্যত মন-প্ৰাণ দি প্ৰজাপতি ব্ৰহ্মাৰ সহায়তা কৰিলে। বান্ধৈহঁতে ভাবিছিল যে সিহঁতৰ সৰ্ব্বতিকাল তেনেকুৱা সুখতে যাব। কিন্তু সিহঁতৰ ’আইৰ ঘৰলৈ যাম, দুই হাতে খাম, বিধতাই বোলে মই পাছে পাছে যাম’ হল। যেতিয়া সেই প্ৰবাসীসকলে চাকৰিৰ অন্তত, কলী মেমচাহাব আৰু নানা বৰণীয়া ’বাবাবোৰক’ এৰি আপোন দেশ বিলাতলৈ যাবলৈ বুলি ওলাই গঙ্গাৰ ঘাটত বান্ধি থোৱা জাহাজত উঠিলগৈ, তেতিয়া কৃষ্ণাবিবীহঁতে কোচত আৰু কাষত ’বাবালোক’ আৰু ’মিছিবাবালোকক’ লৈ চকুৰ পানী টুকি টুকি জাহাজৰ ওচৰত থিয় হৈ সুধিলে—’চাহাব! তহঁতে আমাৰ দশা কি কৰি থৈ গলিহঁত?” তেতিয়া বিলাতমুৱা বৰচাহাব ছোটচাহাবসকল নিৰুপায় হৈ ইজনে সিজনৰ মুখলৈ চোৱা-চুই কৈ বিবীহঁতক প্ৰবোধ দি কলে—’মোৰ জান ডাৰ্লিং। তোমালোক ডৰ মত কৰ। হামলোক থোৰা ৰোজ বাদ ফেৰ আৱেঙ্গে, ফিৰোঙ্গে। ফিৰোঙ্গেৰ পৰা ফিৰেঙ্গে, ফিৰেঙ্গেৰ পৰা ফিৰেঙ্গী, তাৰপৰা ফিৰিঙ্গী হ’ল। তেতিয়াৰ পৰা বিধাতাৰ বিপৰীত বিধানত তেওঁলোকৰ এই কলা সতি-সন্তানবোৰৰ নাম ফিৰিঙ্গী হল।”

বাবুজনৰ ফিৰিঙ্গী শব্দটোৰ ব্যাখ্যাটো শুনি মই প্ৰথমতে তবধ মানিলো। কিন্তু ক্ষন্তেকৰ পিছতে হো-হো কৰে হাঁহিবলৈ ধৰিলোঁ। কি চতুৰ ব্যাখ্যা। বন্দেমাতৰঙক গালি-শপনি পৰা আগৰ ফিৰিঙ্গীজনক একো কৰিবলৈ নেপাই বা নোৱাৰি মোকে তেওঁৰ শাৰীৰ কোনোবা ভাবি ভালকৈ মুখৰ কথাৰেই এপোটোকা দি থলে। কিন্তু বেচেৰা বাবুহঁতে নেজানে যে তেওঁলোকৰ চকুত ধুলি মাৰি ভুৱাও-ভুৱা আওভুৱা দি সেইজন বিপ্ৰবৰ বৰবৰুৱাহে বহি আছে। কোনো ফিৰিঙ্গী পুঙ্গৰ নহয় আৰু তেওঁলোকৰ গালি বা ঠাট্টা তেওঁৰ গাত সমূলি নেলাগি তেলৰ ওপৰত পানী পিছলি যোৱাদি পিছলি গৈছে।

এনেতে ট্ৰেম আহি গোলদিঘাৰ ওচৰ পালেহি। চাৰিওফালে মানুহেৰে ভৰি পৰিছে দেখি, কি হৈছে চাবলৈ ট্ৰেমৰ পৰা নামি পৰিলো। বাবুহঁতৰ স্বদেশী সভা আৰু বক্তৃতা হৈছে; আৰু থাকি থাকি বন্দেমাতৰং বুলি এটাইখনে টেটুফটা চিয়ঁৰ মাৰিছে। হৰি হৰি। এৱেঁই বন্দেমাতৰং নে? যাৰ প্ৰতাপত দেশত সকলোৱে থৰযুগুতি এৰিব লাগিছে, এৱেঁই নে তেওঁ? এওঁৰ বেবনিতে তেওঁলোকে ইমানকৈ মনত অশান্তি অনুভৱ কৰিছে নে? এইজন বন্দ্ৰ্মাতৰং কংসকে বুন্দামান কৰিবলৈ মথুৰাত বসুদেৱৰ ঘৰত কৃষ্ণই জন্ম ধৰিছিল নে? ৱেঁই ডিঙি মেলি কাণখোৱা পদৰ নিচিনা পদ বা বৰগীতৰ গীতৰ নিচিনা গীট এফাঁকি ৰাগত দিলে কাৰবাৰ কাণৰ কণামাকৰি সৰে নে? ওহু। বিশ্বাস নহয়। মুঠেই পতিয়াব নোৱাৰি।

অলপমান পৰ এইদৰে গুণি-গান্থি থাকি মোৰ যে হাঁহিটো উঠিল; কি কম? কিন্তু অথল বুজি, ওঠ দুখন টিপা মাৰি ধৰি মোৰ লয়না লগুৱাই পাৰ চৰাইৰ ডিঙিটো টিপা মাৰি ধৰি তাক মৰাদি উঠি অহা হাঁহিটো মাৰি সেই ঠাইৰ পৰা আঁতৰ হৈ আহি পুখুৰীৰ এচুকৰ এখন বেঞ্চত বহি পৰিলোঁ। সেই বেঞ্চত থকা সময় ফেৰাত মোৰ মনত সেই কেইটা ডাঙৰ ভাৱৰ ’পয়দা’ হৈছিল।

একঃ বন্দেমাতৰংটো ওলাব নোৱাৰা কৰিবলৈ ইহঁতৰ মুখত সঁচাই-মিছাই হকতে অনাহকতে সোপাটো যিমান আটি দিব খোজা হৈছে, ইহঁতৰ ডিঙিৰ পৰা সি সোপাটো বা ঠিলাটো ঠেলি সিমান বলেৰে ওলাব খুজিছে। অৰ্থাত্‌ জানিবা ইহঁতৰ ঢোলটোৰ বৰটিবোৰ টানি ঢোলৰ মুখৰ ছালখন যিমান ফিন্দাই দিয়া হৈছে, বাদ্যটোৰ মাত সিমান চৰি উঠিছে। বৰটিবিলাক ঢিলাই দিলেই সেই ঢোলৰ মাত ঢেপঢেপীয়া হৈ যাব মোৰ বিশ্বাস। মই কওঁ, ইহঁতৰ চিয়ঁৰলৈ আওকাণ কৰি বহি থাকিলে বন্দেমাতৰং নামো ওলকচুৰ গুটিটো তাহানি বেঁকা চন্দ্ৰই যতে পুতি থৈছিল সেই কটুৰ মাটিতে থিহিৰা লাগি পোত খাই থাকিল।
দুইঃ বঙালীবিলাক গান-বাজনাত পাকৈত আৰু তেওঁবিলাকৰ সুৰ, ৰাগ-গাৰিণী বোধ আছে বুলি সদায় বৰবৰুৱাই শুনি আহিছে। কিন্তু কি আচৰিত কথা, উপস্থিত ক্ষেত্ৰত সেই পুৰণি বিশ্বাসটোৱে ওভতগোৰে নাচিবলৈ বৰবৰুৱাৰ ওচৰত অনুমতি প্ৰাৰ্থনা কৰিছে। পোনবাটেদি কথাটো কবলৈ গলে, দেখোন “বন্দেমাতৰং” গাওঁতে এটাই ডেডাউৰিয়াইছে, এটাই বেবাইছে, এটাই কিৰীলিয়াইছে, এটাই গুজৰিছে, এটাই সেহাইছে, এটাই ফোঁপাইছে, আৰু এটাই পঞ্চমত, এটাই সপ্তমত, এটাই খাদত, এটাই নিখাদত টানিব লাগিছে। এইটো বাৰু অদ্ভুত কথা নহয় নে? বন্দেমাতৰংটো তাহানি আমাৰ মোমাইৰ পদূলিত বন্ধা পখৰা ঘোঁৰাটো নে কি যে বাহতুৱা লৰাই “ইৰিকিতি মিৰিকিতি বাঁহৰ-শলা” গাই হৈ মাৰি তাক মুকলি কৰি এৰি দিবা আৰু সি ইফালে সিফালে দুপ্‌দুপাই ডেও দি বলিয়া-বতিয়া হৈ চেকুৰি ফুৰিব? আমাৰ দেখোন গীত-মাত ৰাগ-ৰাগিণীৰ ধাৰ নোখোৱা অসমীয়া গাঁৱলীয়া মানুহেও হৰিধ্বানিটো শুনিবলৈ সুৱলাকৈ এটাই একেটা সুৰতে দীঘলীয়াকৈ সুৰ মিলাই দিয়ে একা? বন্দেমাতৰংটো আজি কালি এওঁলোকৰ ইমান তিনি প্ৰসঙ্গীয়া ব্যৱহাৰলৈ আহিছে যে, তাৰ ৰথৰ ঘিলাবোৰত কেৰকেৰণিয়ে লোকৰ কাণৰ কণামাকৰি আৰু মূৰৰ খং উলিৱা একো আচৰিত নহয়। মুঠতে বৰবৰুৱাই কয় যে তেওঁলোকে তাক জাত জাত লগাই সুৰীয়াকৈ গাওক নাইবা তেওঁ বাধ্য হৈ যাতে বঙালী গুৰিপৰুৱাই লাৰু বন্ধা দেখে তাতে তেওঁৰ পেটটোৰে সৈতে ঘটোত্ককচ পৰাদি ধুপুচ্‌ কৰে পৰিব।

এইবোৰ কথা বিমৰিষ কৰি থাকোঁতেই এটা বস্তু বেচোঁতাই “বন্দেমাতৰং পাণ চাই” বুলি মোৰ আগেদি ৰিঙিয়াই গ’ল। বস্তুটো কি চাওঁৱেই বুলি তাক মাতিলোঁ। দেখোন, কলাপাতৰ সৰু সৰু টোপোলাত বঙালী “খিলিপাণ” বান্ধো বেচিবলৈ লৈ ফুৰাইছে। বঙালী বীজমন্ত্ৰ বন্দেমাতৰং শেহত সেই পাণ-অৱতাৰ হোৱা দেখি আচৰি হৈ আৰু কিজানি সি আন কিবা অৱতাৰ হৈছে গৈ বুলি ভাবি তামোল বেচোঁতাৰ চটি জোতালৈ চকু দিলোঁ। সুখৰ বিষয় সেই অৱতাৰৰ কাল এতিয়াও অহা নাই।

তিনিঃ বন্দেমাতৰং মানে হেনো আইক অৰ্থাত্‌ জন্মভূমিক বন্দনা অৰ্থাত্‌ সেৱা কৰে। এইটো বঙালীয়ে বীজমন্ত্ৰ কৰিছে; কিন্তু তেওঁলোকে তাৰ সন্মান ৰাখিবলৈ সততে যত্ন নকৰে কিয়? থলে-অথলে কালে-অকালে তেওঁলোকৰ বীজমন্ত্ৰটো বলকি বা মাতি তাৰ ব্যৱহাৰ বা অপব্যৱহাৰ কৰি থকাৰ মানে কি?

চাৰিঃ বৰবৰুৱাই কয়, অসমীয়াৰো বন্দেমাতৰঙৰ নিচিনা কিবা এটা মাত উলিয়াই লোৱা উচিত। বন্দেমাতৰং সংস্কৃত। আমাৰ দেশৰ গাঁৱলীয়া হোজা মানুহে তাৰ মানে বা মৰ্ম্ম ভূ নেপায় আৰু সিহঁতে তাক সিহঁতৰ মনৰ তপত ভাপ দি সিজাব পৰাটোৰো আগন্তুক নাই। যি দেশত যি মন্ত্ৰ বা মাত খাটে, সেই দেশৰ মন্ত্ৰ বা মাত তেনে হোৱা উচিত। কাৱৈমাৰী সত্ৰৰ গোসাঁয়ে তেওঁৰ শিষ্যক শৰণ দিওঁতে “গড-দি-ফাদাৰ ছন এণ্ড হলি গষ্ট” বুলিলে বা পাদুৰী লং চাহাবে খ্ৰীষ্টধৰ্ম্ম দিওঁতে “আতা পৰম গুৰু” বুলিলে, গুৰু-শিষ্যৰ মাজত বেবেৰিবাংখন লাগি দুয়ো সম্ভৱতঃ আজোৰা-পিজোৰা কৰি স্বৰ্গলৈ নগৈ খাৱৈত পৰিব।

কোনোৱে বন্দে মাতৰঙক যুদ্ধৰ চিয়ঁৰ, কোনোৱে আনন্দৰ চিয়ঁৰ, কোনোৱে বা জাতীয় একতাৰ চিয়ঁৰ বোলে। বোলক তাত বৰবৰুৱাৰ “আপত্ত্য্নাপত্তি” একো নাই, বৰং আৰু কাৰবাৰ মন যায় যদি তাক বাৰিষাৰ ম’ৰাৰ চিয়ঁৰ, খৰালিৰ উকহৰ চিয়ঁৰ, ৰাতি বাধৰ গোজৰ , দিনত “পানী-মুৱাৰ খবৰ’ও নিৰ্ব্বিবাদে বুলিব পাৰে।
পাঁচঃ দুজন-চাৰিজন জনাবুজা লোকে তাৰ মানে বুজিলেই যে সি অসমৰ নতুন বন্দৱস্তী মাটিৰ বস্তী বা ফৰিঙতিৰ ডাগত পৰি গ’লে এনে নহয়, তাকগোটেই অসমীয়া জাতিৰ ঘৰুৱা ৰাৱ কৰিবলৈ হলে সি সকলোৱে বুজিব পৰা হ’ব লাগে। সিদিনা বন্দাই গাঁওবুষাই আমুকা উকিল ডাঙৰীয়াৰ ঘৰত এখন সভা হৈ থাকোঁতেই তাৰ কিবা গোচৰ এটাৰ কথা সুধিবলৈ আহি ওলাল। ডাঙৰীয়াৰ ঘৰৰ সভাত হৈধ্বনি দিয়াৰ সলনি বন্দেমাতৰং চিয়ঁৰা শুনি বপুৰা গাঁওবুঢ়াই তাৰ মানে একোটো বুজিব নোৱাৰি, সভা ভগাৰ পিছত ডাঙৰীয়াৰ ওচৰত আঁঠু লৈ লাহেকৈ সুধিলে—“দেউতা! বন্দীৰ দায় মৰষিব। সবাহত কৌটিকালৰ পৰা চলি অহা হৈধ্বনি নিদি তাৰ বদলি বোন্ধা মাতৰং বোলা শুনি বুঢ়া বন্দীয়ে বৰ দুখ পালোঁ।” কত হৰিধ্বনি আৰু কত বোন্দাৰ মাত।

ইত্যাদি কাৰণৰ নিমিত্তে আমাৰ অসমীয়া মানুহক বন্দেমাতৰঙে নুশুজে। তেন্তে তাৰ ঠাইত আমাৰ আন কিবা এটা উলিয়াই লব লগা হল; নহলে গা নৰয়। হৈধ্বনিটো আমাৰ যেনে আছে তেনে থাওক। তাক জোকোৱাটো ঠিক নহয়। বৰসবাহ থিথি ভাৱনা আদি উত্সবৱত তাৰ বৰ প্ৰতাপ আৰু সি লাগতিয়াল। তাৰ কাম সি কৰক। কিন্তু আজিকালিৰ আন্দোলন-আস্ফালন আদিত, লগাবলৈ আমাক বৰমাত এষাৰ লাগে। ইংৰাজৰ ’হিপ হিপ হুৰে’ৰ আৰ্হিৰে আমাৰ কিবা এফাঁকি বৰকৈ লগা হৈছে। সেই মাতফাঁকি বৰবৰুৱাই নুলিয়ালে নোলায় দেখিছোঁ। আনৰ পৰা সি নহয়। বৰবৰুৱাৰ আজ্ঞাৰ পানীগামোছাখন মূৰত মাৰি সেই মাত যেনিয়াই যায় তেনিয়েই সি জয় কৰি যাব। সেই দেখি তলত লিখা জাতীয় মাতফাঁকি তলত লিখা জাতীয় জানঈৰে বৰবৰুৱাই আজি ৰাইজৰ মাজত প্ৰচাৰ কৰিলেঃ-

জাননী

যিহেতু অসমত আমাৰ ৰাইজৰ গা নুঠা, দহক একেলগে নলগোৱা, তিতা খেৰত ধম্‌ধম‌কৰে জি নজ্বলোৱা, নৰনাৰীক অলিয়া বলিয়া নকৰা এটা ৰাজহুৱা মাত বৰকৈ লৰালৰিকৈ নলগা হৈছে।অভাৱ বুজি বৰবৰুৱাই দয়াপৰবশ হৈ নিজৰ বৰপেটৰ পৰা স্বয়ং এটা মাত উলিয়াই ৰাইজৰ মাজলৈ আহি পঠিয়াই দিলে। তাৰ নামঃ- ফ্ৰাইট-ফ্ৰোট্‌ ফ্ৰৌ‌‍ট্‌। ফ্ৰাইট্‌-ফ্ৰোট্‌-ফ্ৰৌট্‌ আজিৰ পৰা অসমীয়াৰ জাতীয় চিয়ঁৰ হল। সি অসমীয়াৰ চণ্ডীপাঠৰ পৰা জোতা সিয়ালৈকে সকলো সময়তে সকলো কাম কৰি দিব পাৰিব। সৰহ নকওঁ, অসমীয়াৰ গৰু হেৰালেও সি সেই গৰু বিচাৰি আনি গোহালিত বান্ধি দি যাব সম্ভৱ। বৰবৰুৱাৰ হুকুম যে আজিৰ পৰাই সকলো অসমীয়াই এই জাতীয় চিয়ঁৰ মাৰি আৰু মানি চলিব লাগিব; নতুবা তেওঁ বৰ অসন্তুষ্ট কব। ইতি—