SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পাৰ্লেমেণ্ট

বৰবৰুৱাৰ দেশৰ মানুহ পৰুৱাবিলাকৰ ভিতৰৰ বৰবৰুৱাকে মুখ্য কৰি কোনোৱে জানে আৰু কলিমনকে আদি কৰে কোনোৱে নেজানে যে বিলাতত পাৰ্লেমেণ্ট বুলি এখন মহাসভা বা ডাঙৰ মেল আছে। সেই বৰমেলখনেই বেলি মাৰ নোযোৱা ইমানখন ডাঙৰ বৃটিছ সমাজৰ শাসনকৰ্ত্তা। সভাখনৰ দুটা ভাল বা ফাল। এটাৰ নাম ’হাউছ অব কমন্‌ছ’ সৰ্ব্বসাধাৰণৰ চ’ৰা। আনটোৰ নাম ’হাউছ অব লৰ্ডছ’ অৰ্থাত্‌ বৰুৱা, ফুকন, গোসাঁই, মহন্ত, দেওধাই, বাইলুং আৰু মহন আদি বৰমূৰীয়া ডাঙৰীয়াসকলৰ চ’ৰা। হাউছ অব লৰ্ডছ মানত আৰু নামত জানিবা ৰজাৰ বৰকুঁৱৰী অৰ্থাত্‌ পাটমাদৈ, হাউছ অব্‌ কমন্‌ছ কামত আৰু মানত ৰজাৰ সৰুকুঁৱৰী অৰ্থাত্‌ সৰুমাদৈ। বৰকুঁৱৰী বৰচৰা, বৰমেল সুকীয়া, আৰু সৰুকুঁৱৰীৰ সৰুচৰা, সৰুমেল সুকীয়া। কোনো কাৰো ফালে আহি তামোল-ছালি খাই মেল দোৱানৰ ভাগ লব নোৱাৰে। বৰকুঁৱৰীক ইচ্ছা হলে বুঢ়ী বুলি ধৰি লব পাৰা। ধৰি লব পাৰা যে, তেওঁ কাণিপাণ, ধোঁৱাখোৱা, পগোৱা গাখীৰ, পায়স আৰু গুৰ জুতি ধৰি খাই আৰু চেলেকি খুন্দা তামোল জিভাৰে ইগালৰ পৰা সিগালকৈ কলমুটীয়াই বহি থাকে, কোনোবা কাচিত্‌হে ওলাই আহি বৰচৰাত বহি হামিয়াই হেকেটিয়াই মৰকেলেপ মেল পাতে। বুঢ়ী এলাগী বৰকুঁৱৰীয়ে ৰাজকাৰ্য্যত একৰকম হাত দিব নোৱাৰে বুলিলেই হয়। ৰজাৰ ধনৰ লোৰ পেৰা আৰু হাতনিপেৰাৰ সঁচাৰকাঠি কেটাও তেওঁ ছুব নোৱাৰে। ডেকেৰী সৰু লাগী কুঁৱৰীৰ হাততহে সেই সঁচাৰ কাঠি আৰু তেওঁহে ধন-বিত খৰচ কৰি ঘৰ-সংসাৰ চলায় আৰু ৰাজকাৰ্য্য্ৰ বৰ মিঠৈটো ফেনেকি মুচৰি সানি-পিটিকি ৰান্ধে সজে গঢ়ে আৰ ভাঙে। বৰকুঁৱৰী সৰুকুঁৱৰীৰ ওপৰত নামত চৰ্দাৰ আৰু খবৰ্দাৰ কামত বিশেষ একো নহয়। তেওঁ ইংৰাজ গৱৰ্ণমেণ্টে পতা এবিধ ৰাজ্য নথকা ৰজা মহাৰাজৰ, নিচিনা পেটাল পেটৰ আৰু গুণাকটা পাগুৰি আৰু টুপীৰ গৰাকী মাথোন। কেতিয়াবা সঁচাকৈয়ে তেওঁ যদি সৰুঘৈণীৰ কামত মুখ বজাব খোজে তেন্তে ডাকু সৰঘৈণীয়ে মুখ ভেঙেচিয়াই চকু পোন্দাই তেওঁক চোচোৰাই নি পদূলি মূৰত থৈ আহিমগৈ বুলি ভয় দেখুৱায়।

কমছ্নি সভাৰ সমজুৱাবিলাকক প্ৰজাই পাতি পাতি পঠিয়ায়। লৰ্ডছ সভাবিলাক এক ৰকম নপতা-ফুকন আৰু স্বয়ম্ভূ বুলিলেই হয়। ভগা হক ছিগা হক ভূঞাৰ পোৱালিবিলাক আৰু ফটা হওক ছিটা হওক পাটৰ টঙালি বৰুৱা-ফুকনৰ লৰাবিলাক ন-কৈ পতা ফুকন বৰবৰুৱাবিলাকেৰে গোট খাই লৰ্ড সভাত বহে। কমন্‌ছ সভাত দুটা ঘাই দল আছে। এটাৰ নাম লিবাবলে আনটোৰ নাম কনজৰ্ভেটিভ। লিবাৰেল মানে হেনো উদাৰ উন্নতিশীল, কনজৰ্ভেটিভ মানে হেনো তাৰে ওলোটাটো। লিবাৰেলবিলাকে পুৰণি দস্তুৰ ৰীতিনীতি আইন ব্যস্থাবিলাক কাৰ্য্যত তামাদি হৰহ ফালে ঢাল লোৱাৰ আগেয়েই সেইবোৰৰ ওপৰত কামোৰটো এৰি দি ন বিধি ব্যৱস্থা কৰি আগবাঢ়ি যাবলৈ ওলায়, কিন্তু হেনো কনজৰ্ভেটিভ দলে সেই কামোৰটো বা মৰকামোৰটো সতকাই এৰি দিব নোখোজে আৰু আগফালে খোজ লবলৈকো তেওঁলোক নাৰাজ।

প্ৰজাৰ বাছনিত উঠি যি দলৰ লেখ বাঢ়ে, সেই দলৰ বৰমতা কেইজনক অৰ্থাত্‌ মুখিয়াল মানুহ কেইজনক পাত্ৰ মন্ত্ৰি পতা হয় আৰু তেওঁলোকেই ৰাজ্য শাসন কৰে। লেখত কম হোৱা দলৰ বৰমতা কেইজনে নিজৰ ফলীয়া মানুহৰ সৈতে মন্ত্ৰী দলৰ সমুখাসমুখি হৈ ফেৰ পাতি বহি গুজৰিগুমৰি ফোচ্‌ফোচাই বলকি কাল কাটয়। তেওঁলোকৰ ঘাই কাম-কুমটি খোচৰা আৰু কোৱাৰি চেলেকি জিভা শনোৱা অৰ্থাত্‌ মন্ত্ৰীসকলে কৰা ভাল বেয়া সকলো কামৰ দায়-দোষ খোচৰা আৰু নানা খাপৰ ভাষাত তেওঁলোকক সমানোচনা কৰি কদৰ্থনা কৰা। শকত শকত বিষয় আৰু গধুৰ গধুৰ দৰমহা খাই পেট আৰু থুতৰি ওলমা মন্ত্ৰীসকলেও উত্তৰত, সেই জতুৱা বিষয় আৰু দৰমহাৰ বঞ্চিত হৈ আঁত শুকান কেংকেঙীয়াবিলাকৰ মুখিয়াল কেইজনক আগৰ কালত তেওঁলোকে কৰা কামৰ বাবে একো টাঙোন দিবলৈ নেৰে। কেতিয়াবা সেই সমালোচনা বা উত্তৰাউত্তৰিৰ চোক ইমান বাঢ়ি উঠে যে তাৰ দেৰ্দেৰণি আমাৰ পাণবজাৰৰ সেই তেওঁলোকে কৰা উত্তৰাউত্তৰিৰ চোকৰ দেৰ্দেৰণিৰ সৈতে সমান হয়গৈ। কোনোবা কাচিত্‌ তেওঁলোকৰ ভিতৰত হতাহতি লগাও শুনা গৈছে।

মহামন্ত্ৰীয়ে গুৰি-বঠাখন ধৰি ৰাজহুৱা বৰনাওখন পোনাই দিয়ে আৰু পালিমন্ত্ৰীসকলে লগৰীয়া সমজুৱাসকলৰ সাহায্যত দাৰ চৰি মাৰু গুণ টানি তাক উজাই লৈ যায়। এইদৰে যাওঁতে যাওঁতে যদি কেতিয়াবা নাওখন চম্ভালিব নোৱাৰা হৈ চটত ঘপহ কৰে লাগি উবুৰি খাব খোজে, নাইবা ডকাত পৰি বুৰিব খোজে, তেন্তে ৰজাই সেই আগোৱাল গুৰিয়ালবোৰক ’বৰখাস্ত’ কৰি নকৈ সমজুৱা বাচি পঠিয়াবলৈ প্ৰজাক হুকুম দিয়ে; আৰু ন-কৈ বাছনিত উঠা সমজুৱা দুদলৰ ভিতৰৰ যি দল লেখত সৰহ হয় সেই দলৰ মুখিয়াল কেইজনক আকৌ সেই নৱৰ আগোৱাল গুৰিয়াল কেইজনক আকৌ সেই নাৱৰ আগোৱাল গুৰিয়াল ’মকৰল’ কৰে।

ওপৰত কৈ আহিছোঁ যে লিবাৰেল মানে হেনো উদাৰ অৰ্থাত্‌ বেগাই আগুৱাব খোজোঁতা, আৰু কনজৰ্ভেটিভ মানে লৰাঢপৰা কৰি আগবাঢ়িব নোখোজোঁতা। কিন্তু কনজৰ্ভেটিভবোৰে যে সমূলি আগবাঢ়িব নোখোজে এনে নহয়; মাত্ৰ তেওঁলোকে থমক ধৰি চলে আৰু হালত নোযোৱা বৃষভবোৰৰ দৰে তেওঁলোকক গটিয়াই ঠেলি নিব লাগে। তেওঁলোকে হুৰ হুৰকৈ ৰথৰ ঘোঁৰা ডকাই যাবলৈ আৰু পুৰণি কথাৰ খামোচটো সতকাই এৰি দিবলৈ মান্তি নহয়। ইত্যাদি নানা কথাত দুই দলৰ ভিতৰত হেনো অনেক প্ৰভেদ। ভাৰতবৰ্ষৰ শিক্ষিত লোকসকলৰ পোন্ধৰ অনা তিনি পইচাই সদায় লিবাৰেল দলৰ ফালে ঢাল লয় আৰু লিবাৰেল দল ৰাজ্যৰ আগোৱাল-গুৰিয়াল হলে তেওঁলোকৰ নথৈ আনন্দ মিলে।