SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
জগন্নাথ বৰুৱা

জগন্নাথ নামে যিটো অসমৰ তৰা।
মান্যবৰ হেমধৰ বৰুৱাৰ লৰা।।
বি.এ. ’পাছ’ কৰি ’বি-এ জগনাথ’ হল।
চৰকাৰী বিষয় ঠেলি চাহনিলৈ গল।।
অবাক অসমীয়াবোৰ ইকি কথা হল।
পঢ়ি-শুনি জগনাথ জহনামে গল।।
কিন্তু যেবে জগনৰ চোলাৰ মোনাত।
ঠুং ঠুং ৰূপবানৰ মিঠা দিলে মাত।।
সন্মানিলে গৱৰ্মেণ্টে খাতিৰিলে লোকে।
অসমে গলাই মত ধৈলে যেন জোকে।।
”সাধু সাধু জগন্নাথ বৰ কেৰামত।
তোমাৰ মোলৰ লোক নাই অসমত।।
ডাঙৰীয়া হেমধৰ ধন্য পূণ্যৱন্ত।
এনুৱা পুতাই পালে গুণে নাই অন্ত।।
ভাগ্যৰ চকৰি ঘূৰি চলিল জগন।
প্ৰজাকাৰ্য্য ৰাজকাৰ্য্য নাই যত ধন।।
ৰায়বাহাদুৰ গৱৰ্মেণ্টে থিতাপিলে।
চীফ  কমিছনে বঙলালৈ মাতি নিলে।
’ৱেল জগনাথ’ বুলি খামুচিয়াই মুঠি।
’গুড বই’ ভাল-ল’ৰা দিলে চন্দন চিঠি।।
এডোৱাৰ্ডে শিঙৰী ঘৰ উঠা উত্সেৱত।
গোট খালে আলহী যতেক বিলাতত।।
সিসবৰ মাজে জগন অসমৰ পৰা।
শুৱাই আছিল বহি ৰাজবৰচ’ৰা।।
হেন জগন্নাথ বিনে অসম বিকল।
কহে কৃপাবৰে কান্দি কিবা হব ফল।।
বৰং ন-নকৈ জগন্নাথ জন্মাবৰ মনে।
অসমীয়া মাও-বাপে যতনা সঘনে।।
বুঢ়া বৰুৱাই কৰে এই আশীৰ্ব্বাদ।
বেহ শিবুবৰা সৈতে একেটা বহাত।।
মিলিজুলি থাকি অসমীয়া মাত মাতি।
কটোৱা ৰঙেৰে কাল দুয়ো দিনে ৰাতি।।
আগ-ভাগ বৰমলা বৰচৰু খাই।
স্বৰ্গত সদায় থাকা জগন সোণাই।