SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
এখন মুকলি চিঠি

পৰম কল্যাণীয়া শ্ৰমতী উষা আইটীৰ শ্ৰীহস্তপদ্মেষু।

আইটী!
আজি হঠাৎ এটা উৰাবাতৰি শুনিলো, সঁচানে মিছা কব নোৱাৰোঁ। সঁচা যদি ভয়ানক কথা আৰু মিছা যদি লেঠাই মৰিল! বোলোঁ তুমি হেনো মৰিব খুজিছা? সঁচা যাদি, কিহৰ বাবে তোমাৰ এনেটো মতি হল, ঘূৰিডাকত জানিব দিবা। তুমি আত্মহত্যা কৰিব খুজিছা নেকি? আত্মহত্যা কৰিব নেপায়, জগৰৰ কথা। তুমি অৱশ্যে জানা। আত্মহত্যা কৰাটো মহাপাপ বুলি সকলোৰে শাস্ত্ৰই কৈছে আৰু সকলোৰে গোসাঁই, গুৰু, মৌলবী, পাদুৰীয়ে শিষ্যৰ আগত সেই ’গুৰু-বাইককে’ মাতে। আত্মহত্যা কৰা মানুহে হেনো মৰি গছৰ ডাল নাইবা পোতাপুখুৰীতহে ঠাই পায়। তুমিও মৰি তেনেকুৱা আশ্ৰয় পাবলৈকে লোভ কৰিছা বুলি পতিয়াব নোৱাৰোঁ। এতেকে এনেটো গৰ্হিত কাম তুমি কৰিব খুজিছা যদি, নকৰিবা।

তোমাৰ ভাত-কাপোৰৰ নিমিত্তে অসমীয়াই পইচা নিদি তোমাক দুখ দিয়াটো মোৰ কাণত পৰিছে আৰু সেই বেজাইতে যে তুমি একেবাৰেই মৰি যাব খুজিছা, এইটো কথা ভাল নহয়। বৰং কোনোবা নমৰিলে নহয় যদি  হাতৰ আঙুলিৰ মাজেদি পানী নসৰকা অসমীয়াখন মৰক। তুমি মৰিবা কিয়? তুমি মুখ ফুটাই সেই আষাৰ কথা সিহঁতক কব নোৱাৰা যদি বৰবৰুৱায়ে তোমাৰ সলনি সিহঁতক মৰি জাহ যাবলৈ কবলৈ আগবাঢ়িছে। অৱশ্যে তেওঁৰ বাইক ৰাখি মৰা বা নমৰাৰ প্ৰত্যবায় সিহঁতৰ গাত। সেইদেখি কৈছোঁ, তুমি নমৰিবা, দহোকুৰি নমৰিবা, মোৰে শপত নমৰিবা, মহাপাপ নকৰিবা, কোনো কালে কস্মিনকালে কদাপিও এনে জগৰৰ কাম কৰি চন্দ্ৰ-দিবাকৰ থাকে মানে তুমি অখ্যাতি নাৰাখিবা। সেই ’শাকত নাখায় লোণ পিটিকাত যায় তিনি গুণবোৰে তোমাক পইচা নিদিয়ে নাই, তুমি মাগি-খুজি খায়ো জীয়াই থাকিবা, নমৰিবা। মৰিম মৰিমকৈ তুমি যমক লাই নিদিবা। জীয়াই থকাৰ সমান গুণ নাই, বৰবৰুৱাই এইটো কথা বঢ়িয়াকৈ বুজিছে নাইবা তেওঁ এবাৰ মৰিও আকৌ উভতি নাহিলহেঁতেন, নিজীলেহেঁতেন। কোনোমতে ছালে-বাৰে লাগি থাকিও জীয়াই থাকিবলৈ চেষ্টা কৰিবা। জীয়াই থাকিলে বোপা ককাৰ নাম, মৰিলে ভৰা নাও বুৰিল জানিবা, সকলো মাটি সকলো ভ্ৰষ্ট। তুমি বুঢ়ী হৈ অকৰ্ম্মন্য হলে, অৱশ্যে পৰমেশ্বৰ-বস্তুৱে তোমাক মাৰি নিবই নিব! তেতিয়া তুমি কামুৰি মাটি ধৰি থাকিলেও সাহিব নোৱাৰা। কিন্তু সেইবুলি যে তুমি এই কেচা বয়সতে আপোনহাতে আপোনাক মাৰি আপোনাৰ মহামাৰী আপুনি চিন্তিবা এনে কথা কেতিয়াও হব নোৱাৰে আৰু মই হবলৈ নিদিওঁ। মোৰ হাক নুশুনিলে অবাধ্য হলে মই কবলৈ বাধ্য হম যে মই তোমাৰ সৰহ গোলমাল উত্পাত উপদ্ৰৱ সহ্য নকৰোঁ। চৰ্কাৰৰ ঘৰ পৰা তত্ক্ষঅণাত্‌ তোমাৰ ’মুচুলুকা’ লোৱাম, নিশ্চয় জানিবা।

বাৰু, তোমালোকৰ নিচিনা কণ কণ ছোৱালীবিলাকৰ ভিতৰত আজিকালি কানি খাই নাইবা টেটুত খোৰোচা গাঠি লগাই আত্মহত্যা কৰাটো সস্তুৰ কৰ পৰা সোমাইছে মোক কব পাৰানে? অৱশ্যে বঙ্গদেশত হে এই দস্তুৰটো বা ৰোগটোৰ প্ৰচলন সৰহ দেখা যায়। বঙালী ভাই-ভনীহঁতৰ অনেক অদ্ভূত কামৰ ভিতৰত ইও এটা অদ্ভূত কাম। কিন্তু অসমীয়া ’ছোৱালী’ তুমি। তোমাৰনো আকৌ অদ্ভূত বঙলা নাচোন দেখি গা উঠিল কিয়? কিবা বোলোনে এদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা। তোমাৰ এনেকুৱাই হৈছে দেখিছোঁ। বোৱাৰীয়েকে গা ধোৱাত পলম হোৱা বাবে বঙালী শাহুৱেকে বোৱাৰীয়েকক কদৰ্থনা কৰিলে, বোৱাৰীয়েকে ৰোহ পাতি নিজৰ সোণসেৰীয়া শৰীৰটো ঘৰৰ চালৰ চটিত আঁৰি থৈ ভৱলীলাৰ ভাওনাখন ভাঙি থলে। শাহুৱেকে বোৱাৰীয়েকক এবাৰ বাপেকৰ ঘৰলৈ যাবলৈ নিদিলে। গুণৱতী বোৱাৰীয়েকে খঙত এন্দাৰ দেখি তেতিয়াই এমহা এটাৰ কানি কিনাই অনাই খাই শাহুৱেকক এপোটোকা দিলো বুলি ভাবি এই সুন্দৰ সংসাৰৰ পৰা চিৰকালঐ বিদায় ললে। দুৰ্গা পূজাৰ সময়ত ঘৈণীয়েকে আশা কৰি থাকিও গিৰিয়েকৰ পৰা সোণৰ চন্দ্ৰহাৰ এধাৰ নেপালে আৰু কি চন্দ্ৰহাৰত নিৰাশ হোৱা চন্দ্ৰমুখী থিৰে থাকিব পাৰে? তেওঁ তেতিয়াই তেওঁ চন্দ্ৰমুখত ছাই সানি আত্মহত্যাৰূপী ৰাহুৰ হাতত নিজক সমৰ্পণ কৰি দিলে। ননন্দেকে বৌৱেকক কিবা কথাত পেংলাই কৰিলে। বৌৱেকে ততালিকে বাৰী পাছফালৰ পাটানাদত ধুপুৰ-কৰে পৰি ’শৰীৰ পেলাই’ ননন্দেকক এশিকনি দিলে। গিৰিয়েকে ডেকেৰী ঘৈণীয়েকক এদিন শনিবাৰে থিয়েটাৰলৈ লৈ নগল। ৰাতি গিৰিয়েকে থিয়েটাৰৰ পৰা উভতি আহি ঘৈণীয়েকৰ মৰা শৱটোহে শোৱাপাটী শুই থকা পালে। এনেবিলাক, এনেবিলাক।

এইদেখি কৈছোঁ, তুমি অসমীয়া মানুহ। অসমীয়া হৈয়ে থাকা। বিদেশৰ নকলনবিছ হবৰ তোমাৰ সকাম নাই। অসমীয়া অজাতৰীয়াই তোমাৰ প্ৰাপ্যফেৰা নিদিয়ে নাই, সেইবাবে তুমি বিহ খাই মৰি যাব নোলাগে আইটীহে। অসমীয়া চিৰকাল পৰৰ ওপৰত খোৱা, ভটীয়া পানীত যোৱা। এনে গতিৰে অসমীয়া, যিমান দিন চলিব সিমান দিন সিহঁতৰ অৱস্থা কাউৰী কুকুৰে নোখোৱা হৈয়েই থাকিব তাত তুমি সন্দেহ নকৰিবা। সিহঁতে পইচা দি বিদেশী কাকত পঢ়ে, কিন্তু অসমীয়া কাকতৰ বেলিকা সিহঁতৰ খুলখালিয়েকহঁতৰ মৰ কেইটা খোৱা যেন শোক পায়। সিহঁতৰ অনেকে হেনো অসমীয়া কাকত দেখিলে নাক কোচায় আৰু পেংলায় কৰে। অসমীয়া কাকতৰ একুৰি এটা দায় তেতিয়া সিহঁতৰ চকুত পৰে আৰু সিহঁতে কয় তাৰ লেখা ভাল নহয়, ওলোৱা সময়ৰ ঠিক নাই, এনেবিলাক এনেবিলাক। কিন্তু অসমীয়াই এবাৰো ভাবি নাচায় যে এইবোৰ দোষৰ বাবে কোন জগৰীয়া। সিহঁত নহয় নে? বোলোঁ বৰ পণ্ডিতহঁত! লিখা যাতে ভাল হয় তাৰ চেষ্টা নকৰ কিয়? ভীমটোকাহঁত! তহঁতে ভাল প্ৰবন্ধ নেলেখ কিয়? অসমীয়া কাকতৰ সম্পাদতে তহঁতক তেওঁৰ কাকতত নেলেখিবলৈ মূৰে শপতাইছে নেকি? কাকতৰ সামান্য বেচফেৰাকে নিদিয়, ইফালে কাকতৰ ছপা ভাল হব লাগে, লিখা ভাল হব লাগে, ককতে কিংখাপৰ মেখেলা আৰু গাজৰ ৰিহা পিন্ধি ওলাব লাগে। সম্পাদকৰ ঘৰত সোণ-ৰূপৰ গছ এজোপা আছে নেকি যে তেওঁ সেই গছজোপা জোকাৰি ধন বুটলি আনি তাকে ভাহি ৰমক-জমক কৰি কাকত চলাব? তেওঁ সম্পাদকৰ বাবটো ললে বুলি কিবা মহাপাপ কৰিলে নেকি? আমাৰ ’বিয়াৰিং পোষ্টৰ’ গ্ৰাহক পোহঁতৰ মুখখনি হে আছে, আন একো বিচাৰি পাবলৈ নাই জানিবা। বাপুহে, কাকত ভাল কৰিবৰ হলে কাকতক পইচা দি আৰু আন অনেক প্ৰকাৰে সহা কৰিব লাগে। দূৰৰ পৰ মিছাকৈ ইতিকিং কৰি চাপৰি বজালে নহয়। কাকতৰ বেচ ১২ মাহত দুটকা ৰূপ, মাহে এঘাৰ পইচাকৈয়ো নপৰে, তাৰ ঠেলাকে অসমীয়া ’পেট্ৰিয়টে’ সহিব নোৱাৰে। ইফালে এটা সুকীয়া জাতি হবলৈ ওলায়। মাৰিব নোৱাৰা বৰ কাৱৈ! তেওঁ বঙালীক নকল কৰি শান্তিপুৰীয়া শেল দিয়া চুৰিয়া চেলেং কিনি আহি পিন্ধিব পাৰে, বাহী হলে ভোবোলা ছাগলীৰ দৰে গোন্ধোৱা গোলাপী নাৰিকলৰ তেলকে আদি কৰি এশ-এটা বাবুগিৰিৰ বস্তুত ধন ভাঙিব পাৰে, কিন্তু অসমীয়া কাকতৰ বেলিকা টকাটো শিকিটো ভাঙিবৰ হলে তেখেতৰ ভাবনাত তালু টপা হয়! আমাৰ বান্ধহঁতে কুটা এগছকে নিছিঙি মুখেৰেই দেশ উদ্ধাৰ কৰে আৰু ’পেট্ৰিয়ট’ হয়। শুন অসমীয়া! তহঁতক কওঁ।--মানুহৰ শাৰীলৈ আহিব খুজিছ যদি স্বাৰ্থত্যাগ কৰিবলৈ শিক, নতুবা ৰসাতললৈ যা। স্বাৰ্থত্যাগ মানে নেজান যদি শ্ৰীযুত বৰবৰুৱালৈ সুধি পঠিয়াবি। তেওঁ অনুগ্ৰহ কৰি তাৰমানে তহঁতক কৈ দিব।

আউদেও উষা, তোমাকো কওঁ, অসমীয়া অসাঠন অভাজনখনৰ ওপৰত অলপতে খং কৰি ডিঙিত কলহ বান্ধি তোমাৰ মৰিবলৈ ওলোৱাটো ভাল কথা নহয়। ইমান আদৰুৱা বহ লাগিলে এই ভূভাৰতলৈ তোমাৰ অহাই উচিত নাছিল। তুমি অপল খুতি আচো-পিচোৰ কৰি খাবলৈ শিকিব লাগিব। মুঠতে নিদিওঁ বোলাটোৰ হাতৰ পৰাও তুমি পইচা সৰকাৰ পৰা হব লাগিব নতুবা সেই জয়ধ্বজ ৰজাৰ দিবৰ অভ্যাসটোতে খামোচ মাৰি ধৰি ঠেহ পাতি থাকিলে চলাটো টান।

“মৰেল” অৰ্থাত্‌ নীতিঃ-বৰ্ত্তমান অৱস্থাৰ মতে নিজক গঢ়ি এই সংসাৰত যি চলিব নোৱাৰে, সি পৰাপক্ষত নুপজিব। নোৱাৰা পক্ষত উপজিলেও উপজিয়েই মৰিব; কিন্তু কেতিয়াও লোকৰ ওপৰত দায় দি নমৰিব; কাৰণ তেনে মৰণত অখ্যাতি হে আছে আৰু সেইদৰে মৰাতকৈ খুদ কণটো খুজি-কাগি আনি খাই জীয়াই থকাই ভাল, কিয়নো জীয়াই থাকিলে বোপাইৰ নাম।

এই প্ৰবন্ধটোৰ খৰাহিটোত ওপৰত কোৱা নীতি শিকনিৰ বাওটো বান্ধি শেহ কৰিছোঁ। এনেতে মোৰ হৰিভকতে তাক পঢ়ি চাই কলে—“বৰবৰুৱা ডাঙৰীয়া হৰিভকত! আপোনাৰ অলপ ভুল হৈছে। উষাইতো আত্মহত্যা কৰিব খোজা নাই, গ্ৰাহকবিলাকে বৰঙণি ফেৰা নিদিহে উষাক বধ কৰিবলৈ কাৰবাৰ কৰিছে।”

কথাষাৰ শুনি মই মোৰ ভুল সৈ নাকাঢ়ি ততালিকে উত্তৰ কৰিলোঁ—“নহয় জানিবা তুমি কোৱাটোৱেই। তথাপি কিবা বোলে নে উঠাই দিনৌ মৰোঁ মৰোঁকৈ আমাক ভয় দেখুৱাই থাকেহে? মইতো কওঁ কোনোবা মৰিব খুজিছে যদি মোৰ আগতে মৰক মই তাৰ দহা-কাজাৰ দিহা-পোহা কৰি সদ্‌গতি কৰোঁ। আৰু নমৰে যদি জীয়াই থাকক, কেপ্‌কেপাই নেঘাকিব। এই ভূ-ভৰাতত কত জীয়াই আছে কত মৰিছে, তালৈকে ইমানকৈ গপাই থাকিব লাগিছে কেলৈ?

এই বুলি ভাবুকি দি হৰিভকতৰ মুখখন মাৰি প্ৰবন্ধটো উষাৰ সম্পাদকলৈ পঠিয়াই দিলোঁ। এই ভাবুকি দিয়াৰ মানে হৈছে যে যদি সঁচাকৈ হে উষাই আত্মহত্যা কৰিব খোজা নাই, তেন্তে মোৰ ইমান বকলা কথা খেও নেখালে। সকলোৱে জানে বৰবৰুৱাৰ কথা অব্যৰ্থ আৰু এবাৰ ওলালে সি নোসোমায়। তেওঁৰ কথা “হাতীকা দাঁত মৰদ্‌ কা বাত”। কাকতৰ টোপোলাৰ পৰা কোনো প্ৰবন্ধ এবাৰ ওলালে আকৌ সেই টোপোলাত যে সি নোসোমায় তেনেলৈ সেই প্ৰবন্ধ বা সেই পাট শৰ লক্ষ্যত লাগক বা নেলাগক এই কথা ভুবনবিদিত।