SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পুৱাৰ বৰগীত

ৰাগ-শ্যাম

এৰ অসমীয়া কাই ৰতিপুৱা নিন্দ।
তোৰ উখহ মুখ চাওঁ উঠ হেৰ ঢোদ।।
ৰজনী বিদূৰ দিশ ধূৱলি বৰণ।
ৰদ দেখি নিকানীয়া পুলকিত মন।।
আফু গছৰ ফুল ফুলিছে; ভোমোৰা উৰিছে।
থুপৰীয়ে ঘৰ সাৰি কুন্‌ কুন্‌ গীত গাইছে।।
মণ্ডলৰ টেকেলা মাতে তোৰ ধৰি নাম।
”খাজনা পৰিছে বাকী, ধৰি লই যাম।।”
পুহাই গল খৰিলৈ, লখাই গল হাটে।
কেতেকী, এন্ধাৰী গল কলহ লই ঘাটে।।
কহে কৃপাবৰে ভাই কিনো তপসাইলি
কানিৰ টিকিৰা পুৰি ৰজা সুখ পাইলি।।