SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ভুল

জালকে বুলিলে জকাই।
আন্ধাৰেমুধাৰে চিনিব নোৱাৰি,
পৈয়েকক বুলিলে ককাই।।
ভাগ্যে এই পটিয়েদিয়েই ভুলটো গল। ওলোটা পটিয়ে সি যোৱাহেঁতেন কথাৰে আধ্যা। গোবৰ-পানী খাই, গুৰুঘৰত ডঁৰ ভৰি, তাৰ পিছত গঙ্গা-স্নান কৰি, আকৌ ৰাম বুলিয়া তাৰ পিছত দেশান্তৰী হৈও ইহজনমত বেচেৰীৰ গতি নেলাগিলহেঁতেন। ভুলৰ ঠেলাই বা খেলাই এনে। ভুলক কম ভকত যেন নেদেখিবা। কাৰ পুতেক সি কব নোৱাৰোঁ। কুকুৰৰ, বান্দৰ, মেকুৰীৰ, শিয়ালৰ, নাইবা শ্ৰেঈৰামোৰাম মহন্তৰ নাইবা যাৰেই হওক, এইটো ঠিৰাং যে সি বদজাত! পাজী!! হাৰামজাদা!!! তাক ওৰেদিনটো ওৰে ৰাতিটো সাতামপুৰুষ উধাৰি কুকুৰে-কাঁইট নোখোৱাকৈ গালি পাৰিও বৰবৰুৱাৰ হেঁপাহ নপলায়। সি তেওঁক নকৰিবৰ-চকৰি কৰিছে। কটা-চোৰ, দেখা-শুনাকৈ জোনাকে-পোহৰে আগ দুৱাৰেদি আহি যদি সি সমুখা-সমুখি হয় এই বুঢ়া গাৰেই ভালকৈ তাক এবাৰ বুজি লওঁ আৰু ওপৰত কৈ অহা জাল আৰু ককায়েকৰ ভিতৰত খেলিমেলি লগাই দি ৰং চোৱা সেই নিনাও বেচেৰীক লাজ আৰু অপমানত পেলোৱাৰ পোটক তোলোঁ। কিন্তু সি চোৰ তাৰ সেইফেৰা সাহ ক’ত? সি ছেগ চাই, চেলু বিচৰিহে আহি গৃহস্থৰ ঘৰত সোমাই শিয়ালৰ দৰে চৰু ছোৱা বোন্দাৰ দৰে পোৰা-মাছ খায়, কানীয়া চোৰৰ দৰে ঘৰৰ ফতাচুৰিয়া আৰু বাৰৰ ফটা মেখেলা সামৰি সুতৰি লয়। তাক কি কৰিবা, কি মেলিবা, বুঢ়া বৰবৰুৱাই বিমোৰত পৰি খঙতেই দাঁত কৰচি মৰিব লাগিছে। বৰবৰুৱাৰ আন সুখ-দুখ যেই নহওক, সেই সেই—(আৰুনো কিমান গালি পাৰি মুখ গোবান্ধ কৰিম দেউতাহে!) তাৰ উদ্ভণ্ডালিতে তেওঁ দেশ এৰি কেতিয়াবা পলাই গুচি যাব লগীয়াতহে পৰিব।

ভুলৰ উত্পাৰতৰ কথানো কত কম? কৈ থাকিলেওতো ওৰ নপৰে। সিদিনা গধূলি বৰবৰুৱাই খাই-বই উঠি তেওঁৰ ৰূপ-খটোৱা লাখুটিডাল হাতত লৈ ফুৰিবলৈ গৈছিল। তেওঁ এপাক মাৰি ফুৰি-চাকি বহালৈ উভতি আহি শোৱনি ঘৰৰ খোঁটালিত সোমাই সেই তাৰ অৰ্থাত্‌ ভুলৰ প্ৰতাপত পৰি, লাখুটিডাল তেওঁৰ শোৱাপাটীত দীঘলকৈ শুৱাই থৈ দুৱাৰ-চুকত লাখুটি থোৱা ঠাইত থিয় হৈ আছে। কিমান বেলি যে তেওঁ পাহৰি সেইদৰে লাখুটি হৈ দুৱাৰচুকত থিয় দি আছিল কব নোৱাৰোঁ। তেওঁৰ লগুৱাটো আহি তেওঁক সেইভাবে থকা দেখি আচৰিত মানি, “দেউতাইনো আকৌ দুৱাৰচুকত থিয় হৈ থৰ লগি কি কৰিছে?” বুলি মাত লগালতহে তেওঁৰ কাণ দুখন মোহাৰি দি গাৰ পৰা ভুল-ভূত পলাইছে।

পৰশুই ৰাতিপুৱাই বৰবৰুৱা অমুকা ডাঙৰীয়াৰ ঘৰলৈ গৈছিল। ডাঙৰীয়াৰ নামটো ৰাইজৰ আগত প্ৰকাশ কৰাটো অশোভন কথা হব, সেইদেখি তাক, হনুমন্তই বেলিটো কাষলতিত সুমাই লুকাই থোৱাদি বৰবৰুৱাৰ পেটাত সুমাই থোৱা গল। ডাঙৰীয়া চৰাঘৰতে থম-থম কৰে বহি আছে দেই। এনেতেই ডাক-হৰকৰাই এখন চিঠি আনি ডাঙৰীয়াৰ হস্তপদ্মত দিলে। ডাঙৰীয়াই চিঠি পঢ়িবলৈ বিত-চকুযোৰ আনিবলৈ ভিতৰলৈ উঠি গৈ, চকুযোৰ বিচাৰি চলথ কৰি কতো নাপাই খঙতে জুই-আঙনি হৈ, মোৰ বিত-চকুযোৰ তই চুৰ কৰিছ বুলি লগুৱা লৰাটোক অনাহকতে কিলাকুটি বাদ্যং কৰিলে। আৰু সি চুৰ কৰা বিত-চকুযোৰ উলিয়াই নিদিয়ে মানে তাক জাউৰিয়ে-জাউৰিয়ে তেখেতে তেনেকৈ দি থাকিব, সেই কথা মোক বহলাই বুজাওঁতেই মই ডাঙৰীয়াক নিজৰ চকুত হাত দিবলৈ কলোঁ। মোৰ কথা শুনি আচৰিত হৈ, চকুত হাত দি হেৰোৱা বা চুৰ-কৰা বিত-চকুযোৰে নিজৰ নাকৰ ওপৰতেই “ঘোণ্ডাত চৰি মহাৰঙ্গ মতে” টিঘিলঘিলাব লাগিছে দেখি লাজতে তেখেতৰ বদন চুণ-সনা হালধি যেন হল। ইমান জনা ভব্য ডাঙৰীয়াক থিতাতে অপ্ৰস্তুত কৰিলোঁ দেখি, এখোজ-দোখোজকৈ তাৰ পৰা আঁতৰি পৰি পদূলি ওলাই নিজৰ ঘৰৰ ফালে ঢাপলি মেলিলোঁ। কিন্তু মিছাতে দুখীয়া লগুৱাটোৰ পিঠিত গেমেহা কিল কেইটা যে পৰিল, তাৰ উপায় কি হব, এই কথা ভাবি মনত বেজাই লাগিল মাথোন।

আৰু এটা শুনা ঘটনা লোকক কলে সতকাই নপতিয়াব কিন্তু সঁচা। কিয়নো যাৰ পৰা শুনা গৈছিল, তেওঁ আপোন চকুৰেই তাক দেখাৰ নিচিনা আৰু সেই লোকজনক বৰবৰুৱাই অবিশ্বাস কৰিবৰো কোনো কাৰণ নাই।

ডিহুৰুগৰ চহৰৰ আমুকী আমোলানীয়ে, এদিন দুপৰীয়া তেওঁৰ গিৰিয়েক কাছাৰীলৈ গলত ভাত খাই উঠি তামোল-ছালি খোৱাৰ পিছত হঠাত্‌ তেওঁৰ কেঁচুৱা ল’ৰাটো কলৈ গল বুলি বিচাৰি নেপাই চিয়ঁৰ-বাখৰ লগাই দিলে। তেওঁৰ কান্দোন শুনি ওচৰ-চুবুৰীয়া মানুহ লৰি আহি কি হৈছে বুলি সুধিলত, তেওঁৰ লৰাটো হেৰাল বুলি শুনি আটাইখনে গিৰ্জ্জনি মাৰি হাঁহিবলৈ ধৰিলে। ওচৰচুবুৰীয়া মানুহ হৈ বিপদত পেংলাই কৰা দেখি সেই আমোলানীয়ে সিহঁতক গালি পাৰি দিব খোজোঁতেই কুজা টেকেলাৰ ঘৈণীয়েকে মাত লগালে, “হঞেৰা ৰুকুণী কটাৰী চুৰুণী, কটাৰী নিদিয় কিয়; মনৰ মূৰখাতী গৰীহাখাতী! বোলো তোৰ কোলাতে দেখোন সেইটো লৰা। হুৱাদুৱা লগাই ফুৰিছ কিয় হয়?” নিজৰ কোলাৰ ফালে চকু দি আমোলানীয়ে দেখিলে কুজা টেকেলানী বাইৰ কথা সঁচা। লৰা নিজৰ কোলাতে টোপনিত লালকাল।

সিদিনা আৰু এজনী আমোলানীয়ে তেওঁৰ হাতনি-পেৰা আৰু আন আন বৰ-পেৰা, সৰু-পেৰাৰ সঁচাৰকাঠী জোকা বিচাৰি নেপাই হুৰি শেহত গোপিনী-সবাহলৈ আগ কৰি দেখে যে তেওঁৰ হেৰোৱা সঁচাৰ-কাঠিজোকাই তেওঁৰ ডিঙিতে ৰূপৰ শিকলিডালত ওলোমাবাদলি দি আছে।

 অমুকা বৰা বৰমহৰীয়ে গুৱাহাটীলৈ গোলাঘাটৰ পৰা গৰুৰ গাড়ীত উঠি পাঁচ মাইল বাট আহি ’কমাৰবন্ধা আলি ৰেলৰ ষ্টেছন পাই হঠাত্‌ মনত পৰিল যে তেওঁৰ ঘৰৰ হাতনি-পেৰাত তেওঁৰ টকাৰ সৰু-বেগটো বা মোনাটো বা থুনুপাকটো পাহৰি এৰি আহিল। তেওঁৰ মহা বিপদ! আন কি, ৰেলৰ টিকট কিনোবলৈকো তেওঁৰ হাতত ৰূপ এটকাও নাই। নিৰুপায় হৈ তেওঁ আকৌ তাৰ পৰা সেই গৰুৰ গাড়ীতে উঠি উভতি আহি গোলাঘাট পাই, নিজৰ ঘৰৰ দুৱাৰমুখ সোমাওঁতেই পিন্ধি থকা বুকু-চোলাৰ মোনাত দৈবাত্‌ হাত পৰিলত দেখিলে যে তেওঁৰ থুনুপাকটোৱে নিজৰ গৰাকীৰ লৈলৈ-থৈথৈলৈ আওকাণ কৰি, টেটুলৈকে এপেটকৈ টকা গিলি অজগৰ পৰাদি নিৰাপদে বুকুতে শুই আছে।

শইকীয়ানীয়ে আঞ্জাত লোণ দিবলৈ পাহৰি আৰু হাজৰিকানীয়ে পাহৰি আঞ্জাত দুবাৰ লোণ দি খঙাল শইকীয়া আৰু জমদগ্নি হাজৰিকাৰ কেঁচা ভুকুকেইটা খোৱাটো অসমত একো ন কথা নহয়।

বৰবৰুৱাই পাহৰি তেওঁৰ লাখুটি আৰু ছাতি লোকৰ ঘৰত এৰি থৈ অহা আৰু লোকেও পাহৰি সেই দুই বস্তু বৰবৰুৱাৰ ঘৰত এৰি থৈ গৈ বৰবৰুৱাৰ আয় ব্যয় আৰু স্থিতিৰ হিচাপৰ ঘৰ সমান কৰি থোৱাটো প্ৰায়ে ঘটি থাকে।

ৰেলযাত্ৰী বৰবৰুৱা বৰচাহাবে কেইদিন তেওঁৰ ’হেট’টো পাহৰি ৰেলগাড়ীতে এৰি থৈ অকল ’নাইট-কেপটোৰেই ওলাই গুচি আহিছে তাৰ লেখজোখ নাই।

অলপতে এদিন তেখেতে কিবা এটা গোচৰৰ কথা শুনিবলৈ হাইকোৰ্টলৈ গৈ তেখেতৰ উকিল বুলি, প্ৰায় তেনে ডঢ়ীয়া মুখেৰে আন এজনক তেওঁৰ গোচৰৰ কথা সুধি নথৈ লাজ পাইছিল।

কালি পুৱা বৰবৰুৱা চাহাবে জিয়াচলিৰ কাঠী জ্বলাই নিজৰ মুখত ধপাতৰ পাইপ আছে বুলি ভুল কৰি গোফতে জুই লগাই দিছিল। ভাগ্যে সেই সময়ত কাষত আন কোনো নছিল নতুবা তেওঁ মুখ-বোবা বনুমন্তৰ নাম পালেহেঁতেন। এমাহমানৰ আগেয়ে সেইদৰে জুই লগাবলৈ গৈ, পাহৰি চেলেউ নথকা মুখতে সিকৰ্ম্ম কৰি ওঠৰ পানীজোলা ফুটাই দিছিল।

কলিকতাৰ ভালমানুহ এঘৰৰ দুজনী যঁজা ছোৱালী দুজন বাবুৰে সৈতে বিয়া দিয়া হৈছিল। বঙালী জোঁৱায়ে শহুৰৰ ঘৰত মাজে মাজে গৈ থকাতো ৰীতি বঙ্গদেশত প্ৰচলিত। সেই দুই ছোৱালীৰ বৌৱেক আৰু পেহীয়েকহঁতে হোঁৱাই বাবুহঁতক মাতি আনি ভুলৰ “মদত” লৈ প্ৰায়েই ৰহস্য কৰে। একো একো দিন সৰুটো
জোঁৱায়েকক বৰজনী ছোৱালীৰ ঘৰত সুমাই দি আৰু বৰটো জোঁৱায়েক সৰুজনী ছোৱালীৰ ঘৰলৈ পঠিয়াই দি তেওঁলোকে বেৰ জুমি থাকি ভ্ৰমৰঙ্গৰ ভাৱনা চাই কিৰীলিয়াই হাঁহি চাপৰি বজাই দি ৰং কৰে। এদিন ৰহস্যৰ মাত্ৰা বেছি হোৱাত সৰুটো জোঁৱায়েকে খং কৰি ৰাতিয়েই শশুৰবাড়ীৰ পৰা ওলাই গুচি গৈ ভালেমান দি আৰু সেই মধুপুৰীমুৱা হোৱা নাছিল। শেহত অনেক বুজাই-বৰাইহে তেওঁলোকে সেই অৰসিক সৰু-জোঁৱাইৰ খঙৰ বিষ মুখৰ পৰা নমাই তেওঁৰে সৈতে সন্ধি কৰিব পাৰিছিল।

দৰ্শনশাস্ত্ৰত পণ্ডিত এজন কলিকতাৰ বঙালী ডাঙৰ মানুহে এদিন তেওঁৰ এজন ডাঙৰ বন্ধুক তেওঁৰ ঘৰত খাবলৈ মাতিছিল। গধূলি সাত বজাৰ সময়ত নিমন্ত্ৰিত, বন্ধুজন আহি তেওঁৰ ঘৰ পালত, দাৰ্শনিক বাবুৱে তেওঁক আদৰ-সাদৰকৈ ঘপাত-তামোল খুৱাই দৰ্শনশাস্ত্ৰৰ আলাপ পাতিবলৈ ধৰিলে। কিন্তু ৰাতি দহ বাজিল, তথাপি তেওঁক খুৱাবৰ কোনো উম্‌ঘামেই নাই। শেহত দহ বাজি কুৰি মিনিট যোৱাত দাৰ্শনিক বাবুজনে মেলৰ ওৰ পেলাই তেওঁৰ বন্ধুক “ৰাতি ভালেখিনি হল, আজিলৈ যাওক” বুলি বিদায় দিলে। বন্ধুজন অবাক হৈ লাজতে আৰু খঙতে একো নেমাতি তাৰ পৰা সুৰ সুৰকৈ উঠি আহি ঘৰ পাই লঘোনে-ভোকে শুই থাকি কোনোমতে ৰাতিটো কটাই, পিছ দিনা তেওঁৰ সৈতে কিয় তেনে ব্যৱহাৰ কৰা হল, এই কথাৰ মানে সুধি দাৰ্শনিক বন্ধু বাবুলৈ চিঠি লিখি পঠিয়ালত, দাৰ্শনিক আকাশৰ পৰা হঠা‍ত্‌ ধুপুচ্‌ কৰে মাটিত পৰা যেন হৈ, গাড়ীত উঠি তেতিয়াই লৰি আহি, ভুলত এই ভয়ানক অন্যায় কাম ঘটিল বুলি গলবস্ত্ৰ হৈ বন্ধুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। সেই নিমন্ত্ৰণৰ ৰাতি তেওঁলোকৰ মাজত আৰু এটা ঘটনা তাৰ ওপৰতে ঘটিছিল, যাক বাদ দিলে এই সঁচা উপাখ্যানটো অসম্পূৰ্ণ হৈ ৰব। গতিকে তাকো ইয়াৰ লগতে কৈ থোৱা গল। ৰাতি দাৰ্শনিক বাবু আৰু তেওঁৰ বন্ধুজনে একেলগে ওচৰাই-উচৰিকৈ বহি সাংখ্য দৰ্শনৰ কথা আলচ কৰি কৰি থাকোঁতেই দাৰ্শনিকজনে এবাৰ সোঁত্কঁৰি পাহৰি নিজৰ কাপোৰ বুলি বন্ধুজনৰ চেলেং কাপোৰতে নিজৰ নাক মচিছিল আৰু মুখ লাজকুৰীয়া বন্ধুজনে সেই কাৰ্য্য দেখিও লাজতে নেদেখা ভাও জুৰি আছিল।

মঘ্য-ভাৰতৰ এখন চহৰত ৰায় বাহাদুৰ খিতাপ পোৱা এজন বঙালী ডাঙৰ মানুহ আছিল। তেওঁ দয়ালু, দানী আৰু পৰোপকাৰী বুলি প্ৰখ্যাত আছিল। ভুলে গবা মাৰি ধৰি এদিন তেওঁক নগুৰ্ণাগতি কৰিলে। পূজাৰ বন্ধত কলিকতাৰ পৰা তেওঁৰ এজন বন্ধু সপৰিবাৰে সেই চহৰলৈ ফুৰিবলৈ যাবলৈ মন কৰি, তেওঁলোকক অমুক দিনা ৰেলৰ ষ্টেছনৰ পৰা লৈ যাবলৈ ৰায় বাহাদুৰলৈ বিজুলী ডাকত বাতৰি পঠিয়ালে। বাতৰি পাই ৰায় বাহাদুৰে বন্ধুলৈ ওলোটা বিজুলীডাকত কৈ পঠিয়ালে যে তেওঁলোকে আহি তেওঁৰ ঘৰতে যেন অনুগ্ৰহকৈ  উঠে। সেইদৰে বন্দৱস্ত ঠিক হলত নিৰ্দ্দিষ্ট দিনৰ এঘাৰ বজাত সপৰিবাৰে কলিকতাৰ বন্ধু আহি সেই চহৰৰ ষ্টেছন পাই তেওঁৰ পৰম মিত্ৰ ৰায় বাহাদুৰে ষ্টেছনতে তেওঁলোকলৈ বাটচাই আছে দেখি পৰম আনন্দিত হল। অনেক দিনৰ মূৰত দুই বন্ধুৰ দেখা হল। ৰঙত দুয়ো দুইকো আকোঁৱালি মাৰি ধৰি বৰ সুখ পালে। ৰায় বাহাদুৰে লৰালৰিকৈ বন্ধুজনক ল’ৰা তিৰুতাই সৈতে ৰেলগাড়ীৰ পৰা নমাই দি ষ্টেছনৰ ’ৱেটিংৰুম’ অৰ্থাত্‌ ৰেলযাত্ৰী জিৰোৱাঅ খোঁটালিত বহুৱাই, তেওঁলোকক লৈ যাবলৈ গাড়ী আনিবলৈ ষ্টেছনৰ বাহিৰলৈ আহিল। এনেতে ভুল-জালোৱা কৰবাৰ পৰা ওলাই আহি তেওঁৰ ওপৰত খেৱালি জাল মাৰিলে আৰু ৰায় বাহাদুৰ পিঠীয়া মাছ জালত পৰাদি পৰিল। তেওঁ উকিলৰ ব্যৱসায় কৰা মানুহ। গাড়ী বিচাৰিবলৈ যাওঁতেই দৈবাত্‍ তেওঁৰ মক্কেল গোচৰীয়া মানুহ এটাৰে সৈতে তেওঁৰ দেখা হল। গোচৰীয়াটোৰ সেই দিনাই কাছাৰীত এটা গোচৰ আছিল, সেই দেখি তাৰ উকিল ৰায় বাহাদুৰক বিচাৰি ষ্টেছন পাইছিলহি। ৰায় বাহাদুৰে তাক লগ পাই তাৰে সৈতে মকদৰ্মাৰ কথা পাতি, তেওঁৰ আলহিলৈ আৰু আলহিলৈ গাড়ী বিচাৰিবলৈ অহা কাম সমূলি পাহৰি গৈ কাছাৰি পাই হাকিমৰ আদালতত হাজিৰ হৈ সেই মদৰ্দ্দমাত চৱা-জৱাব কৰিবলৈ ধৰিলে। ইফালে তেওঁৰ আলহি বন্ধু বপুৰিয়ে লৰা-তিৰুতাৰে সৈতে ষ্টেছনতে বহি থাকি তেওঁলৈ বাট চাই চাই ভোক পিয়াহত গা বহি থাকি আমনি লাগি নিৰুপায় হৈ, আবেলি তিনিমান বজাত ভেৰোণীয়া গাড়ী এখনত লৰা-তিৰুতা তুলি লৈল, আক-তাক বাট সুধি গৈ ৰায় বাহাদুৰৰ ঘৰ ওলাল। ৰায় বাহাদুৰণীয়ে ইফালে অৱশ্যে আলহিয়ে খাব-দাবলৈ সকলো দিহা-পোহা কৰি ৰাখিছিল আৰু তেতিয়ালৈকে তেওঁলোক নহা দেখি ভাবিছিল যে সেই দিনা আৰু তেওঁলোক অহাৰ আগন্তুক নাই।তিনিপৰীয়া বেলি আলহি আপুনি গৈ তেওঁলোকৰ ঘৰ ওলালত, তেওঁ গিৰিয়েকৰ কাণ্ড শুনি অবাক হল আৰু আলহিৰ তেনে দুৰ্গতি হোৱা দ্কেহি লাজতে মূৰ দাঙিব নোৱাৰা হল। সি যিহওক, তেওঁ আলহিক যথা-সাধ্য সেৱা শুশ্ৰষা কৰি খুৱাই-বুৱাই ৰাখিলে। গধূলি কাছাৰীৰ পৰা ৰায় বাহাদুৰ আহি ঘৰত তেওঁৰ কলিকতীয়া বন্ধুক দেখি চাত্কশৰে সকলো কথা তেওঁৰ মনত পৰি আকাশী চৰগ ভাগি পৰা যেন লাগিল। লৰালৰিকৈ তেওঁ গৈ বন্ধুৰ ভৰিত দীঘল হৈ পৰি ক্ষমা মাগি বুল-লীলাৰ দীঘল ভাৱনাৰ সামৰণি মাৰিলে।

ভুলে মানুহক দিগদাৰি বা ৰহস্য কৰিয়েই এৰাহেঁতেন কোনো কথা নাছিল। কিন্তু অনেক সময়ত সি মানুহৰ সৰ্ব্বনাশ কৰে। দ্বাপৰ যুগৰ বিখ্যাত এক্‌জিকিউটিভ ইঞ্জিনিয়াৰ গৱৰ্ণ্মেণ্ট আৰ্কিটেক্ট বিল্ডৰ এণ্ড কন্‌ট্ৰেক্টৰ’ মিষ্টৰ ময়দানৱে সজা ৰজা যুধিস্থিৰৰ সভাত দুৰ্য্যোধনৰ কুন্ধচ ভুলেই  কুৰুক্ষেত্ৰৰ যুদ্ধৰ গুৰি। কীচকে ভুলকৈ দ্ৰৌপদী বুলি মুখৰ সেপ ধুকি হাতত-সাৰে ভৰিত-সাৰে আহি ভীমৰ ওচৰ চাপি, থিয়কিল আৰু গোৰ খাই প্ৰাণ-বায়ুটি উৰাই গৰুৱালি কৰি মৰি বাপেক-মাকৰ নাম নুমালে।

ভুলৰ এনেবিলাক উদ্ভণ্ডালিৰ সীমা-সংখ্যা নাই। সেইদেখিহে কৈছোঁ বোলোঁ এই ’পাজীক’ কৰা যায় কি?