SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
টোপনি ভাঙনি

(গীত)
ৰাগ-কৌ
উঠহে উঠ বোপা অসমীহে, নিশি পৰভাত হল।
লাহৰি সোণাই বুলি মোৰ পুতাই অসমে মাতিছে বল।
মোৰ প্ৰাণধন, দুখুনী জীৱন,
গা তোল এৰি পাটী।
কুৰুংকাৰাং কৰ, নতুবা মাৰৰ
নুপুৱাৰ দুখৰ ৰাতি।।
গাত কাপোৰ নাই, পেটত ভাতো নাই,
আত গই মৰে মাৰ।
নঘটি পয়চা, কৰিছে তামোচা
লগাইহে ফুৰিছ ধাৰ।।
পঢ়া-শুনা ছাই, জ্ঞান চৰ্চ্চা নাই,
ধৰমত টোকোনা হলি।
খিয়লাখিয়লি কৰি জাহ গলি
মনত সাত পাচি মলি।।
ভাইৰো বিৰোধ, বন্ধুৰো বিৰোধ,
বিৰোধতে মজি মৰ।
চকুপোৰা গঢ় গাত আছে বৰ,
পৰৰ অনিষ্ট কৰ।।
বহল এই পৃথিৱী তোলৈকো আটিব,
ঠেলাঠেলিৰ কাম নাই।
তোৰ হওক ভাল, আনৰো হক ভাল,
ভাইক বুলি মাত ভাই।।
কৃপাবৰে বোলে, অসম মাতিৰি
কিনো বুজনিখন দিছা।
লৰাবোৰ গুচিল, পৰ্কিতি লৰিল,
বুজনি-চেচনি মিছা।।