SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বৰবৰুৱাৰ বৰ বক্তৃতা

কৰপৰা যে কি লেঠা আহি বৰবৰুৱা বৰগাত ঘপহ-কৰে লাগে কব নোৱাৰোঁ। ধোদোঙা কু-গ্ৰহে পালে মানুহৰ এনেকুৱা হয়। কিবা বোলে নে দুৰ্গা পূজাৰ বন্ধত দেখাক দেখি মোৰো গা উঠিল, ময়ো ফুৰিবলৈ ওলালোঁ, যাক তোমালোকে হাৱা-খোৱা বা হাৱা পানী বদলোৱা বা ফুৰাচকা বোলাঁ। মনতে ভাল ঠাই বিচাৰি বিচাৰি কটক পালো, অৰ্থাত্‌ জানিবা বাছোঁতে বাছোঁতে গেলা বৰালিত মোৰ হাত পৰিলগৈ। ভাবিলোঁ, কটকলৈকে যাওঁ, তাৰ পৰা পাক মাৰি পুৰিৰ পৰা আহিমগৈ। পিন্ধি-উৰি ফোট-লগুণ লৈ লেল্পোল নিছিগা ৰেলগাড়ীত উঠি কটক পালোঁগৈ। কেনেকৈ তাৰ মানুহে গম পালে, কোন কোৱা চিলাৰ মুখে বাতৰি ওলাল কব নোৱাৰোঁ। মই কটক পোৱাৰ পিছ দিনাই তাত ঢৌটো যেন হৈ খবৰ ওলাল যে কৃপাবৰ বৰবৰুৱা নামে ভইব প্ৰকাণ্ড ধানপুৰীয়া লিখক, পাঠক আৰু বক্তা এজন কটক পাইছেহি। পুৱা বহাৰ দুৱাৰমুখতে “লয়লাসে কাঢ়ে ভৰি” কৈ থি-থিয়ি কৰি আছোঁ এনেতে কটকৰ স্কুল-কলেজৰ ছাতৰৰ সভাৰ পৰা চাৰে তিনিজন ছাতৰে নিমন্ত্ৰণ চিঠি এখন লৈ মোৰ আগত থিয় হলহি। মই হেনো ছাত্ৰ-সভাত স্ত্ৰীশিক্ষা সম্বন্ধে বক্তৃতা এটা দিব লাগে। কি বিপদ। মই একেষাৰে কলো, “না। কিন্তু তিনিটা এডোখৰ উৰিয়া লৰাই (অৰ্থাত্‌ তিনিটা ডাঢ়ি গজা, এটাৰ নগজা) মোক কেৰজেৰকৈ ধৰিছে যে বক্তৃতা দিবই লাগিব নিদিলে কটকী ছাত্ৰসভাৰ সভাসকলে মৰ্ম্মান্তিক বেজাৰ পাব আৰু মই তেওঁলোকক আশাত নিৰাশ কৰিলে মো ছাতৰ পাতকে ছুব। মই নিৰুপায় হৈ ছাত্ৰবধ বা ছাতৰৰ আশাবধ পাতকৰ হাত এবাৰলৈ অগত্যা আত্মবধ ব্ৰহ্মবধ কৰিবলৈকে মান্তি হলো অৰ্থাত্‌ বক্তৃতা দিবলৈ গাত ললোঁ।

কৃষ্ণই কংসবধ কৰিবলৈ ওলোৱাদি বক্তৃতাই বৰবৰুৱা বধ কৰিবলৈ ওলালে। বাইকৰূপী গোকুলৰ নৰ-নাৰীসকলে দেখক। উঠোতে-বহোঁতে-শোওঁতে, কংসই কৃষণক দেখাদি কৃপাবৰে বক্তৃতা দেখিবলৈ ধৰিলে। বক্তৃতাৰ দিনা মৰোঁ-জীওঁ-সোঁ-আধিকৈ বক্তৃতা দিবলৈ ওলালোঁ। যাওঁতে বাট ডোখৰত ভাবনাত তোৰ তিনি পোৱাতকৈ কিঞ্চিত সৰহ তেজ শুকালে, ডেৰ সেৰতকৈ অলপ কম মঙহ টুটিল আৰু কম বেছি  আধেৰ গাৰ ৰস ঘাম হৈ ওলাই  হানি হল। বক্তৃতাত কি কম বুলি মই যিমান ভাবো, সিমান সমুখৰ বাট আন্ধাৰ দেখোঁ আৰু সিমান মোৰ মূৰ টলবল কৰি ঘূৰে। ভৈয়াই মই এনেকুৱা বিপদত পৰিম বুলি জনাহেঁতেন হতছিৰী হোৱা জহনীত যোৱা গৰিহা খোৱা কুঠীয়া কটকলৈ কেতিয়াও নাহিলোঁহেতেন। কিন্তু বলি দিবলৈ শালত সুমোৱা ছাগলীয়ে কি কৰিব আৰু বক্তৃতা বাধ্দেনুত পৰা বৰবৰুৱাই বা কি কৰিব? থিতাতে মোৰ মনত পৰিল যে মই কটকলৈ যাত্ৰা কৰি আহিবৰ দিনা বৃহস্পতিবাৰ আছিল। বঙালীয়ে বৃহস্পতিবাৰক বাঘৰ সমান ভয় কৰে যেন বৃহস্পতিবাৰ্ৰে তেওঁলোকক খাবলৈ সদায় হাওঁহাওঁকৈ মুখ মেলি থাকে। বৃহস্পতিবাৰ তেওঁলোকৰ পক্ষে অমঙলীয়া বাৰ আৰু তাৰ ভিতৰৰ বাৰবেলাডোখৰ জানিবা তেওঁলোকৰ মানত, কৰবালৈ যাত্ৰা কৰি ওলাবৰ সময়ত ঘৰৰ দুৱাৰমুখত হঠাত্‌ কৰবাৰ পৰা আহি থি দিয়া চুলি-মেলা, নাক-কটা তিৰুতাজনীহে। বৃহস্পতিবাৰৰ দিনা তেওঁলোকে কোনো বেহা বেপাৰ আৰম্ভন নকৰে, কলৈকো যাত্ৰা কৰি নেযায়, হাতনি-পেৰাৰ পৰা ৰূপবান কাকো উলিয়ায় নিদিয়ে, ইত্যাদি ইত্যাদি। সৰহ নেলাগে, পাৰিলে আমাৰ বঙালী ভাইহঁতে ইংৰাজে চলোৱা ৰেল আৰু জাহাজবোৰকো বৃহস্পতিবাৰৰ দিনা বন্ধ কৰি থব খোজে। গুৰুবাৰ বৃহস্পতিবাৰৰ ওপৰত ভায়াসকলৰ এই বিধ আক্ৰোশ দেখি, বৰবৰুৱাই সদায় দুখীয়া বৃহস্পতিবাৰ ডোখৰক পুতৌ কৰি ঘাইকৈ সেই বাৰে তেওঁ সকলো কাৰ্য্যৰ আৰম্ভণ কৰে আৰু ঘৰৰ পৰা বাহিৰলৈ যাত্ৰা কৰি ওলায়। অত দিন তেওঁ এক ৰকম নিৰ্ব্বিঘিনিয়ে চলিছিল। কিন্তু এই বাৰ তেওঁ দলঙাত শলমাছ পৰাদি ঘপহ কৰে পৰিল। এইবাৰ তেওঁ বুজিব পাৰিলে যে বঙালী ভাইহঁতৰ মত নিৰ্ভুল আৰু তেওঁৰ মত ভুল। বিশ্বাসঘাতক বৃহস্পতিবাৰৰ আপোন পৰ কোনো নাই। সকলোৰে হাক দলিয়াই পেলাই তেওঁ বৃহস্পতিবাৰৰ দিনা কটকলৈ যাত্ৰা কৰি আহিছিল। তাৰ ফল – বক্তৃতাৰূপী বকাসুৰে দীঘল ঠোটেৰে গিলিব খুজিছে।

এইবোৰ যি হওক, মৰোঁ-জীওঁ-সোঁ-আধি কৰি ছাতৰৰ সভাত বক্তৃতা কৰিবলৈ ওলালোঁগৈ। মই সভাঘৰৰ দুৱাৰমুখত ভৰি দিলতে উৰুলিপুঙা ল’ৰাবিলাকে পট্‌ পট্‌ কৰে হাত চাপৰি বজাই দিলে। সিহঁতে অৱশ্যে মোক সন্মান কৰিবৰ মনেৰেহে তেনে কৰিছিল, কিন্তু মই হলে প্ৰত্যেকটো চাপৰি মোৰ গাত একোটা “ছানা গুলী” লগা যেন পালোঁ। মোৰ শুকান মুখ আৰু শুকাল। চকুৱে ধুৱঁলিকুৱঁলি দেখিলে। গতি বিষম বুজি লৰালৰিকৈ চকী এখনত বহি পৰি বলেৰে মিচিকিয়া নামৰ হাঁহি এটা মাৰি সকলো দুখ-যন্ত্ৰণা ঢাকিলোঁ।

আমাৰ উৰিয়া ল’ৰাহঁত কাঠিয়ক দেই। মই পহিলাতে সিহঁতে হাৰমনিয়াম যন্ত্ৰৰ পৰা পোঁ-মাত উলিয়াই দিলে; পৌৰ পিছত সুৰ এটা উলিয়ালে। আৰু তাৰ পিছত ডিঙিৰপৰা ৰাগ ৰাগিণীৰে সৈতে এটা বাংলা গান ভূমিষ্ঠ কৰিলে। গানটোৰ প্ৰথম ফাঁকি-“গাওঁ, ভাৰতৰে জয়।” স্বৰূপতে কবলৈ গলে ইয়াৰ পিছৰ কেইফাঁকি কি গালে মই কব নোৱাৰোঁ। কাৰণ মই তালৈ কাণ নকৰি, সেই সুযোগতে অলপমান চম্ভালি থিয় হৈ ললোঁ। গান টোৰ ওৰ পৰিলতে মোৰো অন্তিম কাল পালেহি যেন লাগিল; কিন্তু কি কৰোঁ? “বিপদি ধৈৰ্য্যং” ভাবি কোনোমতে বুকখন ডাথ কৰি বক্তৃতা দিবলৈ উঠিব খোজোতেই এটা ডাড়ি-গোফ ঠুটিয়া ল’ৰাই টপ্‌‍কৰে উঠি কলে যে, ”বন্ধুগণ। আজি আন্তেমানৰ বৰ শুভদিন। আজি আমাৰ মধ্যত আসাম দেশৰো উজ্জ্বল ৰত্ন মহাত্মা কৃপাবৰ বৰুৱা আবিৰ্ভাৱ হল। আজি আন্তেমানে ভাগ্যক্ষেত্ৰ মুখপঙ্কজৰ জ্ঞানগৰ্ভ সুমধুৰ বাণী শুনি পৰম কৃতাৰ্থ মানিম। তাহাঙ্কু আজি এই মহাসভাত বক্তৃতা দিবৰ অনুৰোধ কৰিলো। এই কথা কেই আষাৰ কৈ লৰাটো ধুপুচ কৰে বহি পৰিলত আৰু এটাই উঠি ইংৰাজীত কলে, “ আই ছেকেণ্ড দি প্ৰপোজেল।” বায়ু কোণত ডাৱৰ উঠি ততালিকে বৰটুপীয়া বৰষুণ এজাক পৰাদি এই লৰাটো উঠাৰ পিছত হাত চাপৰি এজাউৰি পৰিল। মোৰ গা তুলিবৰ হল জানি উঠি ইংৰাজীতে কবলৈ ধৰিলোঁ। তাৰ অসমীয়া ভাঙনি আমি আমাৰ শত্ৰুমিত্ৰ উদাসীন অসমীয়া পাথকসকলে বুজিব পৰাকৈ তলত দিয়া গল:-

চকীয়া মানুহ মহাশয়! ভাল মানুহৰ ঘৰৰ তিৰুতা আৰু মতাসকল। শ্ৰীবিষ্ণু, তিৰুতা মানুহ ইয়াত নাই দেখিছোঁ। মোৰ ভুল হৈছে, “আছলে পিছলে হাতীৰো পাও পিছলে’ ইয়াকে জানি চকীৰ মানুহ গৰাকীয়ে মোৰ দায় মৰিষিব। আজিকালি সভা বুলিলেই তাত পুংলিঙ্গ স্ত্ৰীলিঙ্গ দুই বিধৰ মানুহ থাকে। নতুবা সেই সভা বজা হয় আৰু সি একো সুফল প্ৰসৱ কৰিব নোৱাৰে। আপোনাসকলক কোৱা উচিত যে মোৰ তেনেকুৱা সভাতহে বক্তৃতা কৰিবৰ সহজ আছে আৰু সভা তেনেকুৱা নহলে বক্তৃতা বক্তৃতা চোবাই তাত চোকও পোৱা নেযায়। সঁচা কথা কবলৈ গলে, আপোনালোকৰ কৰ্ত্তব্যৰ ক্ৰুটী হৈছে। আপোনাসকলে সভাখন বজা কৰিব নেলাগিছিল। মোৰ মনত সেই বাবে বৰ বেজাই। আপোনাসকলে আগলৈ এনেকুৱা সভা পতিলে মোৰ বেজাইটোৰ কথা ভালকৈ টং কৰি চাব। ঘাইকৈ চকীৰ মানুহজনকেই এই কথ দকৈ গমি চাবলৈ কৈছোঁ। মোৰ বুকুখন কুমলীয়া তামোলটো যেন হোৱাহেঁতেন মই তাক দুফালকৈ কাটি তেওঁক দেখুৱালোঁহেতেন কেনেকৈ ভিতৰখন হম্‌হম্‌ কৰে পুৰিব লাগিছে। ভাৰতবৰ্ষৰ মানুহে তিৰুতাক সন্মান কৰিব নেজানে বুলি ইউৰোপৰ মানুহে কয়। ময়ো কওঁ যে এই কথা সঁচা। ফটা-কাঠতো সোণ থাকে বুলি কয়। আমাৰ দেশৰ লেতেৰী, আঘোণী, আলতী আদি তিৰুতাতো মহিমা নাই এনে নেভাবিবা। ৰূপেশ্বৰী, কালিন্দী আৰু চন্দ্ৰাৱলী তোমালোকে যেনে সন্মানৰ চকুৰে চোৱা, ওপৰত কোৱা ’লেতেব্যাঘোণ্যালত্যাদি’ মহিলাকো সেই চকুৰেই চাবাহঁক। মই হলে সেইদৰে চাওঁ। তিৰুতাক সন্মান কৰিব নেজানি ভাৰতবাসী বিপদত পৰিছে আৰু ভাৰতবৰ্ষকো পেলাইছে। মই হলে নাই পৰা। কাৰণ, মই তিৰুতাক সন্মান কৰি সাৱধানে চলিব লাগিছোঁ। মুঠতে আকৌ কওঁ যে, কুমাৰী, অকুমাৰী, বিয়া দিয়া, বিয়া নিদিয়া, বাঁৰী বা আয়তী তিৰুতাৰ অন্ততঃ এটা-এডোখৰ আজি এই সভাত থকা উচিত আছিল, কাৰণ আজিৰ বক্তৃতাৰ বিষয়টোৱেই হ’ল স্ত্ৰীশিক্ষা। তিৰুতাই নিজৰ বিষয়ে নিজে নুশুনি অকল মতাই শুনাটো অনুচিত কথা। বক্তৃতা হল তিৰীশিক্ষা আৰু শুনোতা হল মতা। ৰাম নথকা ৰামায়ণ, গোপিনী নথকা বৃন্দাবন। ৰুক্মিণী অনুপস্থিত অথচ ৰুক্মিণী হৰণ ভাওনা। বাখৰ নপতোৱা সোণৰ খাৰু যেনে, মাছে নগৰকা পাচলি যেনে, জীয়ৰী ছোৱালী নাইকীয়া মাকৰ ঘৰ যেনে, লেডি অৰ্থাত্‌ ভালৰ ঘৰৰ তিৰুতা মানুহ নথকা সভা-সমিতিবোৰও তেনে। আজিকালিৰ সুসভ্য দিনত তিৰুতা মানুহ লাগে পুতাইহঁত! তিৰুতা মানুহ লাগে, নহলে সভা ভ্ৰষ্ট পণ্ড।

এইবিলাক যি হওক, আজি যে আপোনালোকে মোক এই সভাত বক্তৃতা দিবলৈ মাতি আনি মোৰ মান ধৰিছে, সেই বাবে মই আপোনাসকলৰ নথৈ শলাগ লৈছোঁ। (মনে মনে-লুইতেহে জানে বঠাৰ কোব কিমান দকৈ বহিছে।  মইহে জানিছো মোৰ আজি কি সৰ্ব্বনাশ ঘটিছে। তোমালোকে কি জানিবা? তোমালোকে চাপৰি বজাবা, ৰং পাবা, আৰু শলাগ লৈ তোমালোকৰ গোটেইটো কৰ্ত্তব্য কৰিলা বুলি ভাবি ঘৰলৈ গৈ একাঁহী ভাত খাই ফস্তি মাৰি শুই থাকিবা)। ভাৰতবৰ্ষৰ উঠি অহা শকত, ক্ষীণোৱা, মুজুৰা, মেমেৰা, চিকুণ, টেটেৰা হাড় ওলোৱা পেটুৱা ডেকাসকলক দেখি আজি যে মোৰ প্ৰাণৰ ভিতৰত কি আনন্দ হৈছে, তাক মই প্ৰকাশ কৰিব নোৱাৰোঁ। (মনে মনে—আনন্দ হলেহে প্ৰকাশ কৰিব পাৰিম। আনন্দতো দূৰৰ কথা মোৰ চকুৱে জুই-আঙনি ওলাইছে, বুকুৱে ধান বানিব লাগিছে, জিভা শুকাই কড়াই খোলা যেন হবলগীয়া হৈছে তাৰ কি?) আজিৰ ল’ৰা কালিলৈ ডেকা বোপাটি, পৰ্শুলৈ কানী জন্মভূমিৰ লাখুটি, আজিৰ সোণকণি চঠাদিনালৈ আমাৰ খোৰা দেশৰ কাঠ ফেৰেঙনি; আজিৰ গজালি পঞ্চম দিনালৈ বৰগছ; আজিৰ পোনা ষষ্ঠ দিনালৈ ৰৌ বাহু; আজি যাৰ পিয়াহ খোৱা দাঁত সৰিছে কাইলৈ সি দাঁতে উঠিব; আজিৰ দমৰা কাইলৈ ভতৰা হব; আজি ডাঢ়ি ঠুটিৱাসকল কাইলৈ ডঢ়ীয়া মৌলানা, আৰু আজি উজুটিতে পৰিমৰাসকল কাইলৈ শত্ৰুক লঠিয়াব পৰা লোধোমা হব, আজি ক খ পঢ়োঁতা কাইলৈ বৰবৰুৱাৰ নিচিনা বক্তা হব। বোপাহঁত! তোমালোক ভাৰত আইৰ সুপুত্ৰ। তোমালোকে হাল-কোৰ ধৰি, পল-জুলুকি বাই ভাৰত আইক খুৱাই-পিন্ধাই পোহপাল দি ৰাখিব লাগে। তেওঁৰ ৰিহা-মেখেলা ফাটি গলে তোমালোকেহে কাইলৈ বোৱাইকটাই কিনিকুটি আনি দিব লাগিব, আমি নেথাকোঁ মৰি যাম। তেওঁৰ শোৱা পজাৰ চাল পছি উৱঁলি গৈ উৰুখিলে নাইবা মুধচ বতাহত উৰি গলে তোমালোকেহে তাক খোহা মাৰি চাই দিব লাগিব। আমি তেতিয়ালৈ জীয়াই নেথাকোঁ। তেওঁ শোৱা চাঙৰ কামি চচালি গাধৈ ভাগি গলে তোমালোকৰ ফালেহে তেওঁ চাব, কাৰণ আমি তেতিয়া মৰি-হজি ঢুকাম। তেওঁ চকুৱে নেদেখা হৈ নিজে এমুঠি ভাত ৰান্ধি খাব নোৱাৰা হলে তোমালোকেহে তেওঁক পৰলীয়া চাউলৰ ভাত এগাল ৰান্ধি-বাঢ়ি দি খুৱাব লাগিব, কাৰণ আমি সিমান দিনে পোক-পৰুৱাৰ আহাৰ হমগৈ। তেওঁৰ কানিৰ টেমাৰ কানি ঢুকালে মোৰ পুতাইহঁত! তোমালোকেহে বৰঙণি তুলি সেই টেমা পূৰাই দিব লাগিব, সিমান দিনলৈ বৰবৰুৱাৰ শাৰীৰ বুঢ়াবিলাকক ভগৱন্ত-বস্তুৱে কোঢ়োনাৰে চপাব। বোপাহঁত! তোমালোকৰ মুখ আন্দৰ হাঁহিত পূৰ্ণিমাৰ জোন যেন দেখিবলৈ হৈছে, যদিও তোমালোকৰ ভালেমানে এই ল’ৰা বয়সতে তামোল ধপাত চেলেউ চিগাৰেট আদি খাই অন্যায়কৈ নিজৰ মুকুটা যেন দাঁতবোৰ ক’লা কৰিছাহঁক। ভাইহঁত! মোৰ মুখতো এদিন তোমালোকৰ বয়সত এনেকুৱা হাঁহিৰ ৰাঙৰ (অৱশ্যে তামোল ধপাত, আৰু চেলেউৰ নহয়) জেউতি ফুলি উঠিছিল। হায়! সেই দিন আকৌ ঘূৰি আহিব নে? পাম নে? নাহে! নেপাওঁ! গল! জনমলৈ গল। তোমালোক কাৰ ”বাচ্ছা”, কাৰ সোণাই, কাৰ পুতাই, কাৰ সৰুকণ, কাৰ চকুৰ মণি, কাৰ সৰ্ব্বহ মোক কোৱাচোন? সেইসকলৰ মনত প্ৰাণত তোমালোকে কোনে আনন্দ দিছা, কোনে বেজাৰ দিছা, কোনে সুখ দিছা, কোনে দুখ দিছা! হায়, ত্প্মালোক কি ধৈন! তোমালোকে লেখাপঢ়া শিকি কেৰাণী, উকিল, হাকিম, চিৰস্তাদাৰ, মনছুপ, কানান্‌গু হবা। আহা তোমালোকে যেতিয়া বিচনীৰ তলত বহি অফিচ কাছাৰি শুৱাই থাকিবা তেতিয়া তোমালোকৰ বাপেৰে-মাৰা আপুটি পিতাইহঁতে কি সুখ পাব। তোমালোককনো মই আৰু কি পৰামৰ্শ দিম? মুঠতে ইয়াকে কওঁ যে, পেট্ৰিয়ট নহবা। নহৈ থাকিলে তোমালোকৰ পেট কামোৰণিয়ে ধৰে যদি হিন্দুপেট্ৰিয়ট নহবা। আন জাতৰ পেট্ৰিয়ট হব পাৰা। আজিকালি দিন-কাল বেয়া পৰিছে, পাৰিলে একো নোহোৱাকৈ থাকিব পাৰিলেই ভাল। সেই বাবে লোকে তোমালোকক ভীমটোকা, বাঢ়ৈটোকা যি বোলে বোলক তাত নেলাগিবা, তালৈ কাণ নিদিবা। মোৰ কথা শুনা যদি তোমালোক মাছো নহবা পহুও নহবা। তেতিয়া তোমালোকক কোনেও জালতও পেলাব নোৱাৰে জকাইৰেও ধৰিব নোৱাৰে। বাদুলিৰ সুবিধা বিস্তৰ। আকৌ কওঁ, একো এটা নোহোৱাকৈ কোনোমতে থাকিব নোৱাৰা যদি আৰু সেই বাবে ৰাতি তোমালোকৰ টোপনি নাহে যদি বৰংচোৰাংচোৱা আৰু টুটকীয়া হবা, তাতে লাভ আছে। এই কুৰি শতিকাৰ আদিত তোমালোকক চোৰ আৰু ডকাইত হবলৈ অৱশ্যে মই পৰামৰ্শ দিব নোৱাৰোঁ। সেইটো ত্প্মালোকে নিজ ইচ্ছাৰ গতি অনুসাৰে কৰিবা। কাৰো গাত হাত নুতুলিবা। লোকে তোমাৰ গাত তুলিলেও তাক গ্ৰাহ্য নকৰিবা। ভৃগুৱে শ্ৰীকৃষ্ণৰ বুকুতে গোৰ এটা মাৰি দিলে। কৃষ্ণই গোৰ খাই কি কৰিলে তোমালোকে জানাই দেখোন। আমাৰ সনাতন ধৰ্ম্মৰ শিক্ষাই এনেকুৱা। আমাৰ ভাগৱত শাস্ত্ৰত লিখিছে, “কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মা ৰাম। জানি সবাহাঙ্ক কৰিবা প্ৰণাম।” আজি আৰু সৰহ বেলি মই ত্প্মালোকক এই সভাত আবদ্ধ কৰি নথওঁ। আজিৰ বক্তৃতাৰ বিষয় স্ত্ৰীশিক্ষা। মই মাথোন ইয়াকে কওঁ যে, স্ত্ৰীশিক্ষা ভাল।”

মই  খপৰ কৰ বহি পৰিলোঁ। আৰু লৰাহঁতে বন্দে মাতৰম বুলি চিয়ঁৰি হাত চাপৰি বজাই দিলে। মই লোকে নুশুনাকৈ লহেকৈ মাতিলোঁ-ফ্ৰোট ফ্ৰোৰেইট ফ্ৰাইট।