SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
ভাৰতবৰ্ষীয় জাতীয় সঙ্গীত

শোৱাঁ ঐ শোৱাঁ ঐ, ভাৰত সন্তান।
হোৱাঁ দুই মন, হোৱা তিনি প্ৰাণ।।
গোঁৱা নিজৰ আৰু ঘৈণীৰ জয়।
হওক ই ভাৰত পবিত্ৰময়।।
আপদ বালাই সকলো গুচক।
পুবৰ পশ্চিমে সবেও দেখক।
ত্ৰিছ কোটি ডিঙি মেলি মিলিজুলি।
চিয়ঁৰা তোমালোকে বাহু তুলি।।
জোৰ্‌ চে চিলাও চিলাও চিলাও।
জৰুৰ্‌ বৱাব্‌ মিলেগা সম্‌‍জও।।
পেয়াৰ কৰ্‌কে তোমকু গোদ্‌ লেগা।
ক্যোইভি তক্‌লিপ তোম্‌ নাহি পাগা।।
শ্লীপ অন্‌ ইণ্ড ছো লেথজি।
ওৱেক্‌ অপ্‌ ইও থ্ৰ এনৰ্জি।।
তোৰা না ঘুমালে কে ঘুমাবে বল?
গৃহিণীৰ মুছাইবে আখিজল?
ভালৰ সন্তান টোপনিৰ দুখ।
দেখো শোক লাগে বিধাতাবিমুখ।।
শোনেকু যানেচে দূৰ্‌ দূৰ্‌ কৰ্‌তা।
দেখ্‌কে দিল্‌মে বৰা চোট্‌ লাগ্‌তা।
ওৱান্‌চ্‌ এ ব্ৰাইট্‌ এণ্ড ব্ৰিলিয়েণ্ট ৰেচ্‌।
মদাৰ অব্‍ চিভিলাইজেছ্নৰ নলেজ।
এতিয়া টোপনিৰ দুখত পৰে।
দিন্দুপৰত হামিয়াই মৰে।।
আন্তেমানে আভি কৌন্‌থি যাইমু?
কৌন্‌থি গেলে টিকামান সুখ পাইমু?
নিজৰ উন্নতি, লোকৰ পতন,
আজিকালি দিনে উন্নতি লক্ষণ।
শ্লীপ্‌ অন ইণ্ড ছো লেখৰ্জি।
ওৱেক্‌ অপ ইণ্ড থ্ৰ এনৰ্জি।।
ঘুমালে তোমৰা দুৰন্ত সন্তান।
জননীৰ দুঃখ হৰে অৱসান।
শোৱক।
নুঠিব।
শ্লীপ।
চিলিপ।
চিলিপ।
ঘুমান।
বচ।