SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অশ্বাৰোহণ পৰ্ব্ব

এই পৰ্ব্বৰ কথা বৈশস্পায়নে জন্মেজয়ক কোৱা নাছিল; গতিকে বৰবৰুৱাৰ গাত সেই ভাৰ পৰিল।
সেইদেখি এই কথা তেওঁ ৰাইজক কৈছে আৰু সেইদেখি এই কথা ৰাইজে কাণ পাতি শুনিবলগীয়া হৈছে।  ইয়াক শুনি ৰাইজৰ পুণ্য হওক নহওক, কৈ বৰবৰুৱাৰ যে মনটো পাতল বহ ই ধুৰুপ।

মই ডাকজাহাজৰ পৰা দিছাংমুখত লামি শিৱসাগৰত উঠিবলৈ চেলু পোৱা কোনো যান নাপাই, দিছাংমুখত এজনৰ এটা ঘোঁৰা ভেৰোণীয়াকৈ ললোঁ। জানিবা গৰুৰ নেজত ধৰি বহল বৰনৈখন পাৰ হবলৈ যোৱাদি ঘোঁৰাৰ পিঠিত পৰি দিছাংমুখৰ পৰা শিৱসাগৰলৈকে এই বহল বৰ বাটডোখৰ পাৰি দিবলৈ ওলালোঁ। ফটা জিন এখন পিঠিত আৰু তাপলি মৰা লেকাম এডল মুখত লগাই পথাৰত চৰি থকা ঘোঁৰা এটা ধৰি আনি মানুহ এজনে মোৰ আগত উপস্থিত কৰিলেহি। ঘোঁৰাত উঠা বিদ্যাত যে মই এৱা আছিলোঁ, সেইটো কথা লুকাই ৰাখিবৰ উপায় নাছিল। কিন্তু ৯।১০ মাইলৰ গধূৰ বোজা মোৰ আলসুৱা হৈ ডাঙৰ-দীঘল হোৱা ভৰি দুটাৰ ওপৰত দিবলৈ সত নগল বাবে, আন যানৰ অভাৱত অগত্যা হয়-যানকে পছন্দ কৰিলোঁ। অজ্ঞাত কুলশীল জন্তু এটাৰে লেনদেন কৰাৰ আগেয়ে তাৰ বিষয়ে কিছু জনা উচিত ভাবি, ঘোঁৰাৰ গৰাকীক ঘোঁৰাটোৰ স্বাভাৱ-চৰিত্ৰৰ বিষয়ে প্ৰশ্ন কৰা গল। উত্তৰত গৰাকীজনে মোক দঢ়াই কলে তেনে ঘোঁৰা সেই অঞ্চলতে নাই।

মই। “এই অঞ্চলত এনে ঘোঁৰা নাথাকিব পাৰে, কিন্তু মই জানিব খোজোঁ ইয়াৰ ’চাল-চলন’ কেনে?”
গৰাকী। “মিঠা”
মই। “মিঠা-তিতাৰ কথা মই সোধা নাই। মই সুধিছোঁ যে ই লাহে লাহে চলে নে চেকুৰি চলে?”
গৰাকী। “আপোনাক কোনটো লাগে?”
মই। “মই তোমাক ভাঙি কওঁ। ঘোঁৰাত উঠা বিদ্যাত মই ভালকৈ পৈণত নহওঁ। সেইদেখি লাহে লহে চলা খোজৰ ঘোঁৰা হলেই মোৰ পক্ষে সুবিধা।”
গৰাকী। “সি ঠিক তেনেকুৱাই। চেকুৰ কাক বোলে সি নাজানে।”
মই। “লাঠিৱা বা কামোৰা বা আন কোনো দোষ ইয়াৰ আছে নে?”
গৰাকী। “তোবা! তোবা! কোনো জন্মত ইয়াৰ তেনে বদ্‌ অভ্যাস নাই। আপুনি ইয়াৰ পিঠিত উঠিলেই প্ৰমাণ পাব যে ই কেনে ঠাণ্ডা মিজাজৰ ঘোঁৰা। মোৰ ঘৰৰ চোতালত চৰি ফুৰা সৌ গৰু-পোৱালিটো দেখিছে নহয়? ই তেনে জাতি। দুষ্ট ঘোঁৰা মই আপোনাক কেতিয়াও নিদিওঁ জানিব।

এইবুলি ঘোঁৰাৰ গৰাকীয়ে ঘোঁৰাটোৰ গলধনৰ ওপৰত চপৰিয়াই তাক কলে, ’মোহন! বাছা!! মোৰ পোনা! ডাঙৰীয়াক ভালকৈ লৈ গৈ ৰংপুৰত উলিয়াই দেগৈ। ডাঙৰীয়াই আজি গধূলি তোক এচৰিয়া তিওৱা বুটমাহ খাবলৈ দিব আৰু মোক ’বক্‌চি’ দিব।

গোঁৰাৰে সৈতে তেওঁৰ সম্ভাষণনৰ ওৰ পৰিলত গৰাকীজনে মোৰ ফালে চাই কলে, ’যাওক ডাঙৰীয়া! একো চিন্তা নকৰিব। মোহনে এতিয়াই আপোনাক ঘৰ পোৱাই দিবগৈ।’ ঘোঁৰাৰ গৰাকীৰ আশ্বাস বাণী শুনি মোৰ মনৰ শঙ্কা দূৰ হল আৰু ঘোঁৰাটোৱেও যেন তাৰ গৰাকীৰ সাদৰ, সম্ভাষণ আৰু আদৰৰ চাপৰ কেইটাৰ মৰ্ম্ম বুজি সন্তোষ প্ৰকাশ কৰি নিজৰ নাক বজাই মোক তাৰ পিঠিত তুৰন্তে আসন গ্ৰহণ কৰিবলৈ ইঙ্গিত কৰিলে। মই ঈশ্বৰক চিন্তি লেকামডাল হাতত লৈ ৰেকাপিত ভৰি সুমাই একেজাঁপেই মোহনৰ পিঠিত উঠিলোঁ। মোহন অনতিবিলম্বে টুক্‌ টুক্‌ কৰে যাবলৈ ধৰিলে দেখি মোৰ মনত পৰম হৰিষ মিলিল।

অলপমান দূৰ গৈ মোহনে যেতিয়া তাৰ গৰাকীৰ ঘৰ নেদেখা হল, হঠাত্‌ দেখোন সি আলিৰ পৰা কাষৰীয়া কাটি নামি আলিৰ কাষৰৰ মানুহ এঘৰৰ নঙলাৰ মুখত ৰলগৈ। মই চমকি উঠিলোঁ। সেই অপৰূপ অৱ্স্থাত কোনোবাই মোক দেখাৰ আগেয়েই মই লৰালৰিকৈ লেকামডালেৰে মোহনৰ মুখখন টানি ধৰি তাক ঘূৰাই আনি আলিত তুলিলো। মোৰ ভৰিৰ গোৰোৱা দুটাৰে তাৰ পেটৰ দুকাষে খুন্দিয়াই তাক পকাই দি বেগাবেগিকৈ আগবাঢ়ি যাবলৈ উপযোগী কৰি দিলোঁ। সি ভদ্ৰভাৱে মোৰ ইচ্ছামতে বিনা ওজৰ আপত্তিত যাবলৈ ধৰিলে। নিশ্চয় মোৰ লেকাম ধৰাৰ ভুলতহে সুশীল মোহন কক্ষভ্ৰষ্ট হৈছিল, ইয়াকে ভাবি মই লেকামডাল সাৱধানে সামৰি ধৰিলোঁ। কিন্তু অ হৰি! সি অলপমান দূৰ গৈ আকৌ দেখোন হঠাত্‌ আলিৰ পৰা নামি এঘৰৰ নঙলাৰ মুখত ৰলগৈ!এই বাৰ কিন্তু আমি সেই ঘৰৰ ল’ৰা-ছোৱালীৰ দৃষ্টি এৰাব নোৱাৰিলো। গতিকে সিহঁতে গিৰ্জ্জনি মৰা হাঁহিৰে আমাক অভ্যৰ্থনা কৰিলে আৰু কোৱাকুই কৰিবলৈ ধৰিলে যে এইটো সেই ফালেঙিৰ সুলক্ষণীয়া ঘোঁৰা। আমাৰ খৰচত হাস্যৰস পান কৰোঁতা সিহঁতৰ কথা শুনি বুজিলোঁ যে মোহনৰ আৰু মোহনৰ গৰাকী সেই অঞ্চলত প্ৰসিদ্ধ। অন্ততঃ মোহনৰ বাবে তাৰ গৰাকীও যে প্ৰসিদ্ধ তাত সন্দেহ নাই। মই ধৈৰ্য্য ধৰি আকৌ মোহনক আগৰ দৰে চম্ভালি লৈ আলিত উঠিলোঁ। এইবাৰ কিন্তু মোৰ ভুল নহয়, মোহনৰহে ভুল। ইয়াকে সিদ্ধান্ত কৰি মোহনৰ ওপৰত ক্ৰোধ প্ৰকাশ কৰি তাৰ প্ৰতি আষাৰচেৰেক কুবাক্য প্ৰয়োগ কৰিলোঁ। মোহনে বিনীতভাবে সেই কুবাক্যবোৰ মূৰ দোৱাই গ্ৰহণ কৰি যেন নিজৰ কচুৰ স্বীকাৰ কৰি যাবলৈ ধৰিলে। মই মোহনৰ গতি দেখি ভাবিলোঁ, যাওক, ’গতস্য শোচনা নাস্তি’ আৰু সেই তেনে কাম নকৰে। কিন্তু এছোৱা বাট নিৰ্ব্বিধ্নে গৈ আকৌ মোহনে পূৰ্ব্বৱতে বাট এৰি অবাটে চলিল আৰু গৈ এঘৰৰ পদূলিৰ মুখত আলহি ৰলগৈ। সেই সময়তে সেইঘৰৰ জীয়ৰী  ছোৱালী এজনীয়ে আগচোতালত ধান মেলি দিছিল। ঘোঁৰা চোৱাৰ এজনে হঠাত্‌ আহি তাইৰ কাষত ৰোৱা দেখি তাই পৌৰাণিক সুভদ্ৰা কি উষাহৰণৰ কিবা দুৰ্ভাৱনা ভাবি হবলা, “আই ঔ!” বুলি চিয়ঁৰ মাৰি উঠি একেলৰেই “অন্তেষপুৰ” পালেগৈ আৰু মই লাজতে ৰঙা পৰি পকা কুজীথেকেৰাটো যেন হৈ যিমান সোনকালে পাৰোঁ মোহন পাপিষ্ঠক ওভোতাই লৈ ৰাজ আলিত উঠিলোঁ। অৱশ্যে মোৰ পাছফালে ছোৱালীৰ চিয়ঁৰে গোটোৱা মনুষ্য সমাজৰ প্ৰতি মই দৃক্পাাত নকৰি যে গপ্‌অগপ্‌ কৰে আগবাঢ়ি গৈছিলোঁ সেইটো কোৱা অনাৱশ্যক। সুখৰ বিষয়, হৰণৰ বিভীষিকাত পৰা ছোৱালীৰ পক্ষ সমৰ্থন কৰিবৰ নিমিত্তে কোনো বীৰে মোৰ পাছে পাছে বলভদ্ৰৰ দৰে না‘গল হাতত লৈ খেদা দি অহা নাছিল, অথবা তেওঁলোকে তেওঁলোকৰ ক্ৰোধৰ প্ৰতিনিধি স্বৰূপে শিলগুটি আৰু পকা চপৰাৰ দলি পঠিৱা নাছিল। যি হওক এইবাৰ কিন্তু মই বাধ্য হৈ মোৰ মুখ বেয়া কৰিলোঁ অৰ্থাত্‌ মোহনক তাৰ চৈধ্যপুৰুষ উকটি গালি পাৰি চিলোঁ। মোহনে মোৰ গালি শুনিও জিতেন্দ্ৰিয়সকলৰ দৰে সুখ-দুখ সকলোতে সমান ভাব ৰাখি উত্তেজিত নহৈ নিজৰ কৰ্ত্তব্য প্ৰতিপালন কৰি গন্তব্য পথত গতি কৰিবলৈ ধৰিলে। মোৰ মনত খোলালে যেন মোহনে এইবাৰ স্বকৃত কুকাৰ্য্যত লজ্জ্বিত হৈ তাৰ মূৰটো আগতকৈ আৰু অলপ দোঁৱালে। যেন সি মনে মনে অনুতাপ কৰি অঙ্গীকাৰ কৰিলে যে যি হল হল, আগলৈ এনে কাম নকৰোঁ। কিন্তু দুখৰ বিষয় মোৰ এইবোৰ ভাব মিছা মৰীচিকা প্ৰমাণিত হল, কাৰণ ইয়াৰ পিছত বাটৰ কাষত যত ঘৰ মানুহ আছিল, এটাই কেইঘৰৰ নঙলাৰ মুখত মোহনে অনাধিকাৰ প্ৰৱেশৰ অভিপ্ৰায় প্ৰকাশ কৰি নোৰোৱাকৈ নগৈছিল। মই লেখি গৈছিলোঁ, মোহন পাষণ্ডই এইদৰে একাদিক্ৰমে সোতৰ বাৰ, সোতৰ ঘৰ মানুহৰ পদূলিৰ মুখত নঙলাৰে সৈতে আলাপ-পৰিচয় কৰিবৰ নিমিত্তে ব্যাকুলতা প্ৰদৰ্শন কৰি ৰৈ গৈছিল। মই সদায় শুনি আহিছিলো যে ঘোঁৰা ওখ শৰীৰ, ওখ মনৰ জন্তু তাৰ গাত অনেক সুগুণ আছে। ভাবিলো, মোহনো যেতিয়া সেই শাৰীৰ প্ৰাণী বুলি এই অঞ্চলত প্ৰচলিত হৈছে, তাত গাতো জাতীয় ওখ গুণবোৰ নাথাকিবৰ কোনো কাৰণ নাই। সেই গুণবোৰৰ ভিতৰত এটা প্ৰধান গুণ কিজানি আলাপ-প্ৰিয়তাই? ঘোটকৰাজ মোহনৰ গাত নিশ্চয় সেই গুণটো সৰহকৈ আছে। সেই বাবেৰে সি বিদেশলৈ যাত্ৰা কৰি যাওঁতে বাটত তাৰ চিনাকি লোকৰ সৈতে এষাৰ মাতবোল লগাই যাবলৈ ভাল পায়। বৰ বেজাইৰ কথা যে মোৰ এই সিদ্ধান্তটোৱে এটা ডাঙৰ জোকাৰ খালে, যেতিয়া মই ওপৰত কোৱাৰ দৰে ভাবি যাওঁতেই মোহনে মোৰ বিনা অনুমতিত আৰ অমতে হঠাত্‌ আলিৰ পৰা নামি গৈ কাষৰৰ পথাৰ এখনৰ দলনিৰ মাজত সোঁশৰীৰে থিয় হলগৈ। মোহনৰ আচৰণটো যে ক্ৰমাত্‌ গৰ্হিত হবলৈ ধৰিলে আৰু সি যে মোৰ সৈতে খোলাখুলিকৈ অসদ্ব্যৱহাৰ কৰিব খুজিছে, এইটো এইবাৰ মোৰ স্পষ্টকৈ বোধগম্য হল। বিপদত অস্থিৰ নহৈ ধৈৰ্য্য অৱলম্বন কৰাটোহে যুক্তিসঙ্গত মই এই ভাবি মোৰ গঢ়-গতিৰ পৰিবৰ্ত্তন কৰি, মোহনৰ গলধনত হাতেৰে চপৰিয়াই আৰু মুখেৰে চুপচুপাই তাৰ ওপৰত মিঠা মাত বৰষিবলৈ ধৰিলোঁ; কাৰণ মোৰ এনে নিঃসহায় অৱস্থাত মই তাক গালি-শপনি পাৰি উতলাই দিলে সি যদি তাৰ পটত তুলিবলৈ সেই দলনিৰ মাজতে শুই পৰে তেনেহলে মোৰ ফালে আটিব। সুখৰ বিষয় মোৰ পৰিবৰ্ত্তিত আৰু পৰিবৰ্দ্ধিত নীতিয়ে গুণ দিলে আৰু সি মোহনৰ মনতুষ্টি সাধন কৰি তাক তাৰ পিঠিৰ বোজাৰে সৈতে দলনিৰ পৰা তুলি আনি আলি পোৱাই দিলে। বুজিলোঁ, দলন-দমন নীতিতকৈ পৰিতুষ্টিসাধন নীতি শ্ৰেষ্ঠ। ইয়াৰ পিছত মই একো নেমাতি মোহনৰ পিঠিতে Status quo হৈ অৰ্থাত্‌ যেনে আছিলোঁ তেনে হৈ ৰলো আৰু তাৰ খোজও পুৰণি গধূৰ প্ৰথামতেই চলিবলৈ ধৰিলে। এই বাৰ ভালেখিনি বাট মোহনে মোৰে সৈতে খতবান্ধ নকৰাকৈ গল আৰু মোৰ আৰ্চিৰ নিচিনা মনৰ পৰা ডাৱৰ উৰি গৈ তাত নিৰ্ম্মল নীল আকাশৰ ছা পৰিল। ভাবিলোঁ, সকলোৰে এটা অন্ত আছে। মোহনৰ বদমাচিৰো অন্ত নাথাকিবৰ কোনো কাৰণ নাই। সি নিশ্চয় নিজৰ গৰ্হিত অসদ্ব্যৱহাৰৰ পৰিমাণ এতিয়া সম্পূৰ্ণৰূপে বোধগম্য কৰিব পাৰি অনুতাপ কৰিছে। অনুতাপ চৰিত্ৰ সংশোধনৰ প্ৰথম ঢাপ, ইত্যাদি ইত্যাদি। মই এইবিলাক ভাবি গৈছোঁ আৰু মোহনেও মোৰে নিচিনা কিবা গভীৰ চিন্তা কৰি যাব লাগিছে। মোহনৰ চিন্তা আৰু মোৰ চিন্তাৰ জোখ একে জাতৰে হোৱা দেখি , পুৰণি কথা এষাৰ মোৰ মনত পৰিল; যথা-“সকলো চিন্তাশীল লোকৰ চিন্তাৰ গঢ়-গতিৰ ভিতৰত মিল আছে।” অন্তত মোহনৰ চিন্তাৰ পৰিমাণ ইমান বাঢ়িলগৈ যে সি তাত মগন হৈ খোজ কাঢ়িবলৈকে পাহৰি বাটৰ দাঁতিত থিয় হৈ ৰল। মোৰ মনত পৰিল, তাহানি লৰাকালত স্কুলত পঢ়োঁতে ইউক্লিডাৰ জ্যামিতিৰ প্ৰথম ভাগৰ চতুৰ্থ আৰু পঞ্চম প্ৰতিজ্ঞা পালেই ভাবনাৰ প্ৰকোপত সদায় মই নিদ্ৰালু হৈ পৰিছিলো। এতিয়াও কিজানি মোহন, ভূত কালত সঙ্ঘতিত কলঙ্কই তাৰ চৰিত্ৰ মলিয়ন কৰাৰ বিষয়ে, দুৰ্ভাবনাত পৰি মোৰ দৰেই নিদ্ৰালু হৈ পৰিছে। মহাদেৱে অতিচাৰকৈ সমুদ্ৰ মথি বৰবিহ উলিৱাদি মোহনেও কিজানি অতিকৈ ভাৱনা-সমুদ্ৰ মথি টোপনি উলিয়ালে। এই আশঙ্কা কৰি মই লাহেকৈ তাৰ পিঠিৰ পৰা নামি আগফাললৈ আহি চকুৰ ফালে জুমি চাই দেখিলোঁ যে মই
কৰা অনুমানটো একেবেলিয়েই ভুল। মোহনৰ চকু, প্ৰথম শ্ৰেণীৰ টেলিগ্ৰাফ অফিচৰ দুৱাৰৰ নিচিনাকৈ মুকলি হৈ আছে। এইবাৰ মই খৰচি মাৰি বুজিব পাৰিলোঁ যে মোহন পাজীৰ পাজী, দগাবাজৰো দগাবাজ। এইখিনিতে কোৱা উচিত যে সেই মুহূৰ্ত্তলৈকে মই শুদাহাতে মোহনৰ সৈতে লেনদেন কৰিছিলো। কথাষাৰ খুলি কবলৈ অনুমতি পালে কওঁ যে মই তাৰ পিঠিত উঠাৰে পৰা তেতিয়ালৈকে উঠনাকৈহে তাৰ অভদ্ৰ ব্যৱহাৰবোৰ খাই আছিলোঁ। সেইবোৰৰ নগদ বেচ দিয়া নাছিলোঁ। এইবা সেইবোৰৰ বেচ সুতে সৈতে দি মই ঋণমুক্ত হবলৈ নিশ্চয় কৰিলোঁ। আলিৰ কাষৰৰে বাঁহ এজোপাৰ পৰা জোখাৰে এডাল এচাৰি মই কাটি আনি হাতত লৈ তাৰ পিঠিত উঠিলোঁ। এইবাৰ মোহনে বুজিলে যে তাৰ ভণ্ডামি আৰু নচলা হল আৰু সি মোৰ চকুত বালি মাৰি চলিব নোৱাৰে। কাৰণ মই তাৰে সৈতে এটা ৰফাৰফি কৰিবলৈ দেখাশুনাকৈ সাজু হৈছোঁ। এই কথা বুজি সি আগতকৈ ভালেমান গুণে টক্‌টকীয়া হৈ তেতিয়ালৈকে লুকাই থোৱা বৰ খোজবোৰ উলিয়াই দিবলৈ ধৰিলে। এহাত-এমুঠন দীঘল বাঁহৰ চেকনি এডাল দৰ্শনৰ গুণতে মোহনৰ পূণ্য জনমি অৱস্থাৰ আশাতীত উন্নতি হোৱা দেখি সন্তোষ লভিলোঁ আৰু ভাবিলো সেই ডালৰ স্পৰ্শনত কিজানি মোহন পৰমহংস বা ৰাজহংস হৈ উঠিবই। কিন্তু “স্বভাৱো যাদৃশী য্স্য বা ন যহাতি কদাচনং। অঙ্গাৰ শত ধৌতেন মলিনত্বং ন মুচাতে।” সি এমাইলমান বাট ভালকৈ গৈয়েই আকৌ আগৰ ঠেহ ধৰা স্বভাবটো উলিয়ালে। দুষ্টক দমন কৰিবলৈ যেতিয়া দৃঢ়প্ৰতিজ্ঞ হোৱা গৈছে, তেতিয়া দৃঢ়হন্তে তাক দমন কৰাই উচিত। বেছি আৰম্বৰ নকৰি মোহনৰ টিকাত সাৰৌপ-সাৰৌপ কৰে তিনি চাৰি কোব বহুৱাই দিয়া গল। কিন্তু তাৰ পৃথক ফল ফালিল। মোৰ হিচাপত ভুল ওলাল। মোহনে চকনিৰ কোবেপতি তাৰ পাছ থেং তুলি এনেকৈ জঁপিয়াবলৈ ধৰিলে যে ১৮৯৭ চনৰ ভূঁইকঁপত গুৱাহাটীৰ গিৰ্জাঘৰটো পৰাদি মই তাৰ পিঠিৰ পৰা মাটিত পৰি মাটিৰে সৈতে সমান হলোঁ। তাৰ জাঁপৰ কোবত পুৰণি পচা জিনৰ শিপা উভালিল আৰু সেই জিনো মোৰ পিঠিতে মোৰ দৰেই ধৰাশায়ী হল। লোকৰ অনেক দুৰ্গুণ থাকিলেও তাৰ লগত থকা সদঽঽগুণৰ কথা নোকোৱাটো অন্যায়। মোহনৰ বিষয়েও কোৱাটো উচিত যে মই যদিও তাৰ পিঠিৰ পৰা পপীয়া-তৰা খহাদি খহি পৰিলোঁ আৰু ঠেকেচা খাই মোৰ কঁকালৰ জোৰা যত্‌কিঞ্চিত লৰিল, কিন্তু সি এনে প্ৰভুভক্ত যে মোক এৰি সেইখিনিৰ পৰা এখোজো নলৰিল। সি যি হওক, মোৰ দুখ পতিয়া বাটৰুৱা মানুহ এটাৰ সাহায্যত জিনখনৰ পেটীডাল তাৰ জৰিৰে জোৰাফন্দা দি লৈ জিনখন আকৌ মোহনৰ পিঠিত বান্ধি দি তাৰ ওপৰত উঠি পৰিলোঁ। আৰু মোহনে তাৰ পুৰণি দস্তুৰ অতি সন্তৰ্পণে ৰক্ষা কৰি যাবলৈ ধৰিলে। এই খিনিতে কবৰ সকাম পৰিছে যে মই মোৰ নতুন চোকা নীতি সলাই আগৰ পুৰণি নীতি আকৌ অৱলম্বন কৰিলোঁ। মাৰ-ধৰ ব্যৱস্থা পৰিত্যাগ কৰি চেচনি-বুজনি ব্যৱস্থা ধৰিলোঁ। চেকনি হাতৰ পৰা পেলাই আগৰ দৰে নিৰস্ত্ৰ হলোঁ আৰু মোহনৰ ওপৰত ধৰ্ম্মৰ আৰু মোৰ গুৰু ভাৰ সমৰ্পণ কৰি গন্তব্য পথত গতি কৰিবলৈ ধৰিলোঁ। কিন্তু অধৰমী মোহনে মোৰ ভাবৰ উপৰি ধৰ্ম্মৰ ভাৰ ববলৈ অস্বীকাৰ কৰি অলপমান গৈয়ে এজোপা গছৰ তলত থমকি ৰল। মই নিৰুপায় হৈ পৰিলোঁ। মোহন কি কাৰণৰ বশবৰ্ত্তী হৈ এই বাৰ থমকিল, তাৰ কাৰণ নিৰ্ণয় কৰিবলৈ বুলি তাৰ পিঠিৰ পৰা নামি মুখৰ ফাললৈ গৈ দেখিলোঁ যে সি চকু মুদি টোপনিয়াব লাগিছে। দুপৰীয়াৰ ৰ’দে মোক পুৰি-দেই আনিছে, নেতিয়া ঘৰ পাওঁ কেতিয়া ঘৰ পাওঁ দেখিছোঁ, এনেস্থলত বদ্মাহছে টোপনিয়াবলৈ আহিছে। খঙত মোৰ সৰ্ব্বাঙ্গ কঁপি গল। মই হতাশ হলোঁ। তাৰ দুৰ্ব্ব্যৱেঅহাৰত মোৰ ইচ্ছা হ’ল কান্দোঁ আৰু আলিৰ কাষত থকা অৰ্জ্জুন-গছৰ ডালৰ হনুমন্তকো মোৰ দুখত কন্দুৱাওঁ।, কিন্তু লাহে সেই বাটত ভেটা দিলে। যি হয় হওক ভাবি ওচৰতে গছৰ লেকেটা ডাল এটা ভা‘গি আনি আকৌ মোহনৰ পিঠিত উঠি সাৰৌপ-সাৰৌপকৰে তাক আধা ডজন কোব লগালো। কি ভাগ্য যে এইবাৰ সি নজঁপিয়াই তৰা-নৰা ছিঙি চেকুৰ মেলিলে। এই চেকুৰত মই দুমাইলমান বাট ঘটিলো, আৰু মোৰ বৰ ডাইল দৰবে আশাতীত গুণ ধৰ দেখি মনত সন্তোষ লভিলোঁ। কিন্তু এই বাৰ উপকাৰৰ লগে লগে মোৰ এটা ডাঙৰ অপকাৰ ঘটিল, যাৰ কথা মই বীড়া অনুভৱ নকৰাকৈ কবলৈ অপাৰগ। তথাপি সত্যৰ অনুৰোধত কওঁ যে টাপলি মৰা পুৰনি জিনত মোৰ নতুন তপিনা দুইৰো অনিষ্ট সাধিত হল। পোনাই কলে, জিনো ফাটিল আৰু তপিনাতো পানীজোলা ফুটিল। ঘৰ পাবলৈ তিনি মাইলমান বাট আছিল। গতি বিষম দেখি সাত পাঁচ গুণি মোহনৰ পিঠিৰ পৰা নামি লেকামডালত ধৰি তাক টানি লৈ পদব্ৰজে যাবলৈ ধৰিলোঁ। যাওঁতে বাটত এখন হাতেৰে নিজৰ কৰ্ণ বিমৰ্দ্দন  আৰু মুখেৰে শপত ভক্ষণ কৰি গৈছিলোঁ যে জীৱৰ্দ্দশাত আৰু দিছাংমুখীয়া ঘোঁৰাত নুঠো।