SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
অসমীয়া ডেকাৰ প্ৰতি উপদেশ

সুৰ-খট। কাশ্মিৰী খেম্‌টা


হেৰ অসমীয়া ডেকা!
হেৰ অসমীয়া ডেকা!
বুঢ়াৰ কথাত কাণ নিদি
খালত পৰি কেকা।।
হেৰ অসমীয়া ডেকা!
পুৱাৰ পৰা ভাং খাই
ফুৰ হেৰ টিঘিলঘিলাই,
কানি-কাপোৰ ঈশ্বৰে দিব,
আৰু দিব টকা।।
হেৰ অসমীয়া ডেকা!
লেখা-পঢ়া পাছ কৰা,
ডাঙৰ হবৰ চেষ্টা কৰা
মিছা জানি নকৰিবি,
নকৰিবি একা।।
হেৰ অসমীয়া ডেকা!
ডাঙৰ মৰি ভষ্ম হব,
সৰুৰ গতিও সেয়ে হব,
ধনী-মানী, সৰু-বৰ
একে জুইতে সেকা
হেৰ অসমীয়া ডেকা।।
কপালত থাকে ডাহৰ হবি,
নাথাকিলে কি কৰিবি?
ধুম্‌ধুপাল নিৰৰ্থক
গাত মাথোন চেকা
হেৰ অসমীয়া ডেকা।।
যাৰ পঢ়িবৰ মন যায়,
যাৰ মৰিবৰ মন যায়,
মৰক পঢ়ি দুৰ্ভগীয়া;
তহঁতে মক্‌মকা
হেৰ অসমীয়া ডেকা।।
পাৰিলে মদ কিনি খাবি,
নোৱাৰিলে কি কৰিবি?
ভাংটো কিন্তু সস্তা বোপাই
জাতৰ ঢাকোন ঢকা,
হেৰ অসমীয়া ডেকা।।
ভাং খাই মহাদেৱ
দেৱৰো ওপৰে দেৱ;
তোৰো উদ্‌গতিৰ বাট
পোন হব বেকা
হেৰ অসমীয়া ডেকা।।
জহন্নামে যাত্ৰা কৰি,
বৰ মজা যা লৰি, গলেহে সোৱাদ পাবি,
নকৰিবি শঙ্কা
হেৰ অসমীয়া ডেকা।।