SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
এৰাবাৰী

মানুহে কয় বোলে ভাল আমৰ পুলিও বকৰাণিত পৰি অজাতৰীয়া হয়। লোকৰ কথা ক’ব নোৱাৰো কিন্তু মোৰ গাত হ’লে এই আষাৰ কথা ভালকৈ ফলিয়াইছিল। মই ভাল মানুহৰ ঘৰৰ ল’ৰা। ৰজাৰ দিনৰপৰা আমাৰ ঘৰ মানুহ শিৰফুটা। মোৰ উপৰিপুৰুষসকলে ৰজাৰ দিনত আৰু কোম্পানীৰ দিনতো ভাল ভাল বিষয় খাই গৈছে। কিন্তু মোৰ ভাগ্যৰ সীমা কাছাৰীঘৰৰ বৰ-গছৰ তলতে অন্ত পৰিল। মই এজন “পিটিচন-ৰাইচৰ” মহৰী। কিন্তু এতিায় মই ছালছিগা হলোঁৱেই বা, মোৰ মকমকনি মটমটনি হ’লে এতিয়াও যোৱা নাই আৰু যাবৰ আগন্তুকো নাই। পুৰণি বংশ গৌৰৱ-ৰোগটো মোৰ পৈতৃক ব্যাধি; দুখ দুৰৱস্থাৰ দৰবৰ পালিয়েও তাৰ জইন মাৰিব পৰা নাই। তাহানি দেউতাৰ দিনত আমাৰ হাতী মাউত এটা আছিল। তাৰ নাম জুৰমন। তাৰ এই নামটো কেনে দিছিল যে সি সততে উতলি থাকে বুলিলেই হয়। সেইদেখি তাৰ নামটো তপতমন হোৱাহেঁতনে তাৰ স্বভাৱৰ সৈতে খাপ খালেহেঁতেন। সেইটো যি হওক সি খৰ নামৰ ব্যাধিত চিৰৰুগীয়া আছিল। উলামূলা খৰ নহয়, তাৰ গা গোটেইটো খৰেৰে চামনি মৰা। তাৰ বাপেককো আমি দেখিছিলো, বাপেকে কৈছিল বোলে তাৰ বাপেকৰো (অৰ্থাত্ জুৰমনৰ ককাকৰো) খৰ আছিল হেনো। সেইদেখি সেইটো তাৰ বাপতীসাহোন ৰোগ আৰু সেইদেখি জুৰমনে সেই ৰোগ খেদাবলৈ বৃথা চেষ্টা নকৰি তাৰে সৈতে মিত-মাত কৰি লৈ কোনোমতে জীৱন-যাত্ৰা নিৰ্বাহ কৰি আছিল। তাৰ যেতিয়া খৰত খজুৱতি উঠে তেতিয়া তাৰ দুৰ্গতি দেখিলে চকুৰ পানী ওলায়। যিদিনা বাপেক-পুতেকৰ একেলগে খজুৱতি উঠে সেইদিনাৰ দৃশ্য যে কি চমত্কাৰ তাক দেখোতাইহে বুজিব পাৰে। এদিন মোৰ মনত আছে, বাপেক-পুতেক দুয়োৰো সমসাময়িক খজুৱতি উঠিলত খজুৱাবৰ যত ৰকম উপায় আছিল এটাইবোৰ বাপ-পো দুয়ো অৱলম্বন কৰি হুৰি শেহত দুয়ো পিঠিয়াপিঠিকৈ বহি পিঠিত পিঠি ঘহাবলৈ দৰিলে। সেইদেখি হে কওঁ মোৰ বংশ গৌৰৱৰ মেটমটনিটোও দুৰাৰোগ্য পৈতৃক ব্যাধি, তাৰ খজুৱতি উঠিয়েই থাকে; আৰু উঠেলে মোৰ কাষত থকা সকল সাৱধান হোৱা উচিত।
সৰুতে ভালকৈ লিখা-পঢ়া নিশিকিলো যেতিয়া পিটিচন ৰাইটৰ নহৈ নো মই আৰু কি হ’ম? সেইদেখি শত্ৰুৰ মুখত ছাই দি বৰ কাছাৰীৰ দুৱাৰ-মুখৰ বৰ গছৰ তলত মই বৰ পিটিচন ৰাইটৰ বহিলো।
কুসঙ্গত পৰা বাবে মোৰ গাত কু-অভ্যাস এটাই ধৰিলে-অৱশ্যে সেইটো খৰ খজুৱা নহয়; কাৰণ মোৰ গাত খৰেই নাছিল। সেইটো হৈছে কানি খোৱা। ভাল মানুহৰ ল’ৰাৰ ভিতৰত আগৰ কালত এই অভ্যাসটো যে নাছিল এনে নহয়, কিন্তু আজিকালি কানি খোৱাটো অপ্ৰচলিত (অৱচলিত obsolete) বুলিলেই হয়। আজিকালি নিৰ্জু কানিক জীৱন-যুঁজত হৰুৱাই তাৰ ঠাই উগ্ৰ ভাং আৰু বলী ফটিকাই লৈছে। যি কাৰণতেই হওক, মই কানি সেৱন কৰি কানিতে থাকি “কনজৰ্ভেটিভ” (অনুদাৰ) কানীয়াৰ দলৰ যে শ্ৰীবৃদ্ধি কৰিলো তাত ভুল নাই। মই ওৰে দিনটো কাছাৰীঘৰৰ মুখৰ গছৰ তলত বহি টকাটো সিকিটো যি ঘটো তাক দায়-ভাগৰ ব্যৱস্থা মতে সমানে দুভাগ কৰি এভাগ কানিৰ অৰ্থে আৰু এভাগ সপুত্ৰবান্ধৱে নিজৰ ভৰণ-পোষণৰ অৰ্থে ব্যয় কৰোঁ।
লাহে লাহে মোৰ কানিৰ পৰিমাণ যিমান বাঢ়ি আহিল গছতলীয়া উপাৰ্জনো সিমান কমি আহিল। একৰ পিঠিত দুই অহাৰ দৰে তাৰ পিঠিত মোৰ ল’ৰা-তিৰোতাৰ হা-হা-কা-কা বোৰ আহিল, অৱশ্যে লগে লগে ঘৈণীৰ তিৰস্কাৰ আৰু কদৰ্থনাৰ পুৰস্কাৰ লৈ। গাত বেজেৰা মাতৰ চোক বেছি হ’লত, তাত সৰহকৈ কানিৰ চেচনি দিলো। মুঠতে মই মনৰ দুখ পাহৰিবৰ নিমিত্তে সৰহকৈ কানি খাবলৈ ধৰিলো, এই খোলোচা কথা।
এদিন দুপৰীয়া খাই-বৈ উঠি কাণত কলমটো গুজি আৰু হাতত মৈলামটো ওলমাই লৈ কাছাৰীৰ মুখৰ বৰগছৰ তললৈ যাবলৈ যাত্ৰা কৰি ওলাইছো,  এনেতে হাঠাত্ এচাটি বৰটুপীয়া বৰষুণ আহি গা তিয়াই দিয়াৰ দৰে ঘৈণীজনীৰ মুখৰ পৰা কুবাক্য এচাটি আহি মোৰ মনটো তিয়াই পেলালে। “নেযাওঁ কাছাৰিলেই” “নাথাকো এইখন ঘৰ” বুলি খং কৰি ওলাই গুচি আহিলো। কিন্তু ক’লৈ যাওঁ, কি কৰোঁ, মনত একো ঠিক নাই, যাব লাগে ট-ট কৰে বাটে বাটে গৈ আছো।
ভালেখিনি বাট গৈ আলিৰ কাষতে এখন এৰাবাৰী দেখিলো। কোনে বাৰীখন এৰি তাৰ গাত “এৰা-বাৰী” এই বদনামৰ চেকা সানিলে কোনে জানে? দুপৰীয়াৰ ৰ’দ। বাৰীখনৰ ভিতৰত ওখ ঘৰৰ ভেটি এটাৰ কাষতে এজোপা থেৰেজু গছ দেখিলো। ভেটিটোত থেৰেজু গছজোপাৰ ছাঁ পৰিছে আৰু সেইখিনিতে ঘাঁহ-বনো বৰ নাইকিয়া; সেইদেখি তাতে জুৰ লৈ গাটো শতাই ল’বৰ মনেৰে সোমাই গৈ লাহেকৈ বহি পৰিলো।
বোপাইটিহঁতৰ মাকৰ মুখৰ চোকা কথাৰ চেকচেকনি তেতিয়াও মোৰ মনৰ পৰা যে একেবাৰেই গৈছিল এনে নহয়; সেইদেখি চোলাৰ মোনাৰপৰা কানিৰ টেমাটো উলিয়াই তাৰপৰা কানিৰ বৰি এটা লৈ টিপামাৰি গিলি থলো। কানিৰ বৰিটো অলপ বুজন আছিল দেই! ফলত, ৰাগিটোও আন দিনতকৈ বুজন হ’ল; আৰু সেইবাবে মোৰ সোনকালে চকু জাপ খাই গ’ল; আৰু দোপাত কানীয়াই যি জাতৰ টোপনি টোপনিয়ায় সেই জতুৱা টোপনিকে টোপনিয়াবলৈ ধৰিলো। এই টোপনিয়ে মোৰ বাহিৰৰ চকু দুটা মুদাই ধৰি ভিতৰৰ চকু দুটা মেলি দিলে; বাহিৰৰ কাণ দুখনত সোপা দি ভিতৰৰ কাণ দুখনৰ বিন্ধা খৰিকাই দিলে; ফলত মই অমাতৰ মাত শুনিলো, অবুজৰ অৰ্থ বুজিলো, ছালৰ চকুৰে নেদেখা বস্তু দেখিলো, গছ-গছনিৰ কথাৰ ভাগ ল’ব পৰা হলো আৰু সিহঁতৰ সুখ-দুখেৰে সৈতে নিজৰ সুখ-দুখৰ জৰী পকাই দীঘলীয়াকৈ বাটি লৈ যাব পৰা হলো।
থেৰেজু জোপাৰ সমুখতে ভেটিটোৰ ইপাৰে এজোপা আম গছ আছিল। আম জোপৰা ডালতে এটা হুদুৱে বাহ লৈছিল। থেৰেজুৱে আমালৈ চাই মাত লগালে-“বোলো শুনিছা নে ভাইটি কিমান নো বোদবোদকৰে বহি থাকা দেও হে; কথা-বাৰ্তাকে একেষাৰ কোৱা। বতাহ কাষলৈ নাহিলে দেখোন তোমাৰ আমন-জিমনেই নাভাগে; বোলো তোমাৰ কান্ধত উঠি টিঘিলঘিলোৱা সেইজন ক’লৈ গ’ল? আজি দেখা নাইচোন?”
আম।–“কাৰ কথা সুধিছা? অ বুজিছো, আমাৰ হুদুগুদু ডাঙৰীয়াৰ? ইয়াত দুপৰৰ ৰ’দ টানকৈ পৰিছে দেখি তেওঁ উৰি গৈ সেই ডাঠ ছাঁৰে বাঁহৰ ঢাৰিত লুকাই আছে গৈ। কিন্তু সঁচাকৈ কৈছো ককাই, মই লোক চিনিব নোৱাৰো; আগেয়ে তাক এনে বুলি জনাহেঁতেন মই মোৰ ইয়াত বাঁহ ল’বলৈ নিদিলোহেঁতেন।”
থেৰেজু-“তুমিতো চিনিব নোৱাৰাই। মই কিন্তু তাক হাড়ে হাড়ে চিনি পাওঁ। সেইদেখি মোৰ ওচৰত সি সুখ নাপায়। একালত এইঘৰ মানুহৰ পৰা সি কত উপকাৰ পাইছিল, এই ঘৰৰ যহতে যে সেই অগুণকাৰীয়ে কত খালে তাৰ সীমা সংখ্যা নাই; তথাপি মানুহঘৰ যেই মৰিহাজি উছন হ’ল, তাৰ আহলাদ চাই কোনে? তাৰ উপৰি, সি সুবিধা পালেই যাৰে-তাৰে আগত মানুহঘৰৰ বদনাম কয়। অতি ছোট লোক ! বৰ নিমখ হাৰাম।।”
আম।–“ভাল কথাটো ওলাইছে;-ককাই তুমি ইয়াত অনেক কালৰ পৰা আছা; মোৰতো বয়সৰ কথা তুমি জানাই। মোক এটা কথা ক’ব পাৰা নে? মই দিনৌ সোধো বুলি আছোঁ, শুনিবলৈ চল পোৱা নাই।”
“বোলো এইঘৰ মানুহ নো এনেকৈ উছন হ’ল কিয়, তুমি ক’ব পাৰা নে? তুমি ইয়াৰ প্ৰাচীন বাসিন্দা, তুমি নিশ্চয় জনা।”
থেৰেজুৰ গাতে কপৌ ফুল এজোপা আছিল। আমাৰ কথা শুনি সিও মাত লগালে- “ময়ো এই কথাটো সদাই সোধো সোধো বুলি ভাবি আছো। আজি ভালেই হ’ল আমাৰ আম ককায়েই শুধিলে। মোমাই, কোৱাচোন কোঁৱা শুনো। সঁচা কথা ক’বলৈ গ’লে, এই ঘৰৰ পুৰণি ভেটিবোৰ দেখিলে মোৰ এনে বেয়া লাগে তাক কি কম! একো একো দিনা সঁচাকৈয়ে মনত কিবা দুখ লাগি মোৰ কান্দোন ওলায়। কিন্তু কিয় যে কান্দোন ওলায় ভালকৈ একোটো বুজিব নোৱাৰো।” এই কথাৰ ওৰ পৰিলত দেখা গ’ল, কপৌফুজলজোপাৰ সৰু সৰু চকুবোৰ লোৰে ঢুলঢুলীয়া হৈছে। থেৰেজুৱে ক’লে-“শুনিব খুজিছা যদি শুনা; কিন্তু ক’বলৈ মোৰ বেজাৰ লাগে। সি আজি ভালেমান দিনৰ কথা। তেতিয়া মই ল’ৰা, পাঁচ কি ছবছৰীয়া। আম বোপাৰ জন্মই হোৱা নাই। এই ঘৰৰ গৰাকীজন বুঢ়া থেকেৰাটো যেন আছিল। তেওঁৰ মুখখন পুণ্যৰ তেজত ফাটি-যাওঁ ফাটি-যাওঁ যেন দেখিবলৈ আছিল। তেওঁক সকলোৱে  দেউতা বুলি মাতিছিল, মইও মাতিছিলো। অৱশ্যে এই ন’কলেও হ’ব যে মোৰ মাত তেওঁ নুশুনিছিল, নুবুজিছিল। আমাৰ জাতৰ প্ৰাণীৰ মাত মানুহ জাতৰ প্ৰাণীয়ে নুশুনে-নুবুজে। আৰু গোলমালৰ গুৰিও সেইখিনিতেহে। শুনাহেঁতেন, বুজাহেঁতেন এই পৃথিৱীত কত পাপ আৰু অধৰ্মৰ কাৰ্য কমি গ’লহেঁতেন, যাওক সেইবোৰ কথা।– দেউতাৰ পুণ্যৰ বলত ঘৰখনত ধন ধান্যেৰে ওপচ খাই আছিল। বাৰীত শাক-পাঁচলি, আম-কঁঠাল, লেটেকু-পনিয়লেৰে উভয়নদী। দেউতাৰ লখিমী হাতেৰে তেওঁ য’তে যিহকে ৰুইছিল, যতে যিহকে গুজিছিল সিয়েই ঠন ধৰি বাঢ়ি লহপহীয়া হৈছিল।” মোকো দেউতায়েই তেওঁৰ ধৰম হাতেৰেই তেওঁৰ বৰঘৰৰ পিৰালিৰ কাষতে ৰুইছিল আৰু নথৈ যত্ন কৰি বঢ়াইছিল। দেউতাৰ তিনিজন পো। ঘৰৰ ঘৈণীজনা আগেয়েই ঢুকাইছিল; মই দেখিবলৈ পোৱা নাছিলো। বৰ আৰু মাজুজন পুতেকলৈ আগেয়েই ছোৱালী বিয়া কৰোৱা হৈছিল; অৱশ্যে তেতিয়া মোৰ জন্মই হোৱা নাছিল। সৰু ককাইদেউলৈ হে বিয়া কৰোৱাৰ কথা মই কব পাৰোঁ। এই খিনিতে কওঁ যে দেউতাই তিনিজন পুতেককে মইও বৰ ককাইদেউ, মাজু ককাইদেউ, সৰু-ককাইদেউ বুলিছিলো। কাৰ ঘৰৰ পৰা, এতিয়া মই পাহৰিছিলো, ৰূপহী ছোৱালী এজনী দেউতাই সৰু-ককাইদেউলৈ বিয়া কৰাই আনিলে। সেই বিয়াখন মোৰ আজিলৈকে মনত আছে। ঢোলে-ডগৰে, খোলে-তালে, দোলাই-হাতীয়ে যে কি এখন তমস্যাৰ বিয়া হৈছিল কি কম! সাদিনীয়াকৈ পানী তুলি বিয়াখন পাতিছিল। বোৱাৰীয়েকক ঘৰলৈ অনাৰ তিনিমাহৰ পিছত মাউৰত পৰি সৰু-ককাইদেউৰ মৃত্যু হ’ল। অকস্মাত্ ঘটা এই মহা বিপদ ঘৰখনত বজ্ৰ পৰাদি পৰিল। আহা দেউতাৰ কি শোক! কি বেজাৰ! কান্দোন-চিঞৰে ঘৰখনত কোড়াল; কিন্তু দেউতাৰ চকু শুকান। একোটা হুমুনিয়াহ আৰু একাষাৰ আদ আষাৰ ঈশ্বৰৰ নামৰ বাহিৰে তেওঁৰ মুখত আন কথা নাই। তেওঁৰ ধীৰ, অলৰ-অচৰ মূৰ্তি যেন। আগতকৈ আৰু ধীৰ অলৰ-অচল হ’ল। কিন্তু তেওঁৰ ফালে ভালকৈ নিৰীক্ষণ কৰি মই ফটফটীয়াকৈ দেখিবলৈ পালো যে মুখখনত তেওঁৰ যিমানেই প্ৰশান্ত ভাব, বুকুৰ ভিতৰত সাতকুৰা অগণি। এদিন কিন্তু তেওঁ মোৰ ওচৰত ধৰা পৰিল দেই। সেইদিনা পুৱা মোৰ ঠিক মনত আছে, সৰু বিহুৰ দিনা সৰু বোৱাৰীয়েকৰ হিয়া ভাগিযোৱা কান্দোন শুনি তেওঁ ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মোৰ তলতে থিয় হ’লহি। ওচৰত আন কোনো নাছিল। দেখিলো দেউতাই উচুপি কান্দিছে; কিন্তু কোনোবাই দেখে বুলি ততালিকে তেওঁ চকুৰ পানী মচি থিৰ হৈ শাকনি বাৰীত শাক চাবলৈ সোমোৱাদি সোমাল। মানুহে আমাক কাঠ কঠুৱা বোলে; কিন্তু আমাৰ কাঠ শৰীৰৰ ভিতৰত যে কি কোমল প্ৰাণ আছে মানুহে নাজানে। দেউতাৰ এই শোক দেখি সেই নিৰ্দোষী আজলী ছোৱালী সৰুবৌৰ মৰ্মভেদী কান্দোন শুনি, সত্যে কৈছো, তেতিয়াই মোৰ আপোন ঘাতী হৈ মৰি যাবৰ মন গৈছিল; কিন্তু নোৱাৰিলো। বিধতাই আমাক সেই ক্ষমতা নিদিলে। এই শোকৰ পিছত দেউতা আৰু সৰহ দিন জীয়াই নাথাকিল। বুকুৰ ভিতৰত জ্বলি থকা অগণিয়ে তেওঁক ছমাহৰ ভিতৰতে দহি শেষ কৰিলে। সৰু বৌ এই ঘৰতে থাকিল; কাৰণ, তেওঁৰ বাপেক মাক নাছিল; মাথোন বেলেগতীয়া ককায়েক এটা আছিল যি কোনো জন্মত ভনীয়েকৰ ভুকে নলয়।
“প্ৰথম প্ৰবল শোকৰ ধল শুকাই গ’লত শোকৰ যন্ত্ৰণা সৰুবৌৰ হৃদয়ত তুঁহজুই জ্বলাদি জ্বলিবলৈ ধৰিলে। তেওঁৰ পোহৰ মুখৰ জেউতি মলিয়ন হ’ল, হাঁহিমুখ বিষাদে আৱৰি ধৰিলে, চকুত বেজাৰৰ কলা ৰেখা পৰিল।”
“কিন্তু ভাইটি, এই পৃথিৱীত একো চিৰস্থায়ী নহয়। শোকতো সেই কথা খাটে দেখিছো। এবছৰমানৰ মূৰত সৰুবৌৰ শোকৰও ভালেমান সলনি ঘটিল। জাৰকালিৰ শেহত আমাৰ ন কুঁহিপাত মেলাৰ দৰে তেওঁৰ মনতো  দুটা-চাইটা আনন্দৰ কুঁহিপাত দেখা দিয়া দেখিলো। যেন তেওঁৰ মুখত থকা বেজাৰৰ আঁকবোৰ ৰঙৰ আঙ্গুলিয়ে বৰ পৰুষাৰ্থ কৰি মচি দিবলৈ চেষ্টা কৰি আছে। ইশ্বৰৰ এই আশ্চৰ্য সৃষ্টিত দেখিছো সকলোৰে লৰচৰ হয়। মই কিন্তু এইবাবে সৰুবৌৰ গাত দোষ নিদিওঁ দেই; কাৰণ, গছৰ কুঁহিপাত আৰু ৰূপহ ফুল অকল গছৰ চেষ্টাতে নেমেলে নুফুলে বুলি মোৰ বিশ্বাস, বসন্তৰো তাত সৰহখিনি হাত আছে। বসন্তৰ সুশীতল ফুলেহে ফুৱাই গছৰ কুঁহিপাত আৰু ৰূপহ ফুল ফুলাই দিয়ে বুলি মই ভাবো। এই ধৰ্মিষ্ঠী সতী শান্তিৰ মনত সাংসাৰিক সুখৰ অবৈধ স্পৃহা ওচৰচুবুৰীয়া দামোদৰ বৰপূজাৰীৰ ডেকা পুতেক ভোগদত্তইহে যে জগালে এইটো ভালকৈয়ে দেখিবলৈ পোৱা গ’ল। ভোগদত্তক আমাৰ দেউতাই নিজৰ পুতেকৰ নিচিনাকৈ মৰম-চেনেহ কৰিছিল। সি দিনে-ৰাতিয়ে আমাৰ ঘৰলৈ আহি থকা ঘৰুৱা মানুহতকৈও সাতছাৰ আছিল। কিন্তু শেহত যে সি আমাৰ ঘৰ মানুহৰ ধাৰ এনেকৈ শুজিব, কোনে জানিছিল? যাও সেইবোৰ কলঙ্কৰ কথা বখানি আজি আৰু মোৰ মুখ ছুৱা কৰিবৰ মন নাই। সেইবোৰ কথা এতিয়া মনত পৰিলেও প্ৰাণ ফাটি যায়, আমঠু কলা পৰে। মুঠতে কওঁ যে পুহ মহীয়া পুৱা দুবৰিপাতৰ আগৰ আগত থকা নিৰ্মল মুকুতা মণিটি যে সৰুবৌৰ পাপীষ্ঠ বিশ্বাসঘাটক ভোগদত্তই এদিন পাপৰ পাটনাদত পেলাই দি তেওঁৰ সৰ্বনাশ কৰিলে।”
মানুহৰ সংসাৰ কি কঠোৰ। মানুহৰ অন্তৰ কি নিষ্ঠুৰ। মানুহৰ বিচাৰ কি দুৰ্ঘোৰ। তাত দয়া নাই, চেনেহ নাই, বিবেচনা নাই, ধৰম নাই! ইহঁত হেনো আকৌ পশুতকৈও শ্ৰেষ্ঠ, আমাতকৈও ওখ শৰীৰ! ইহঁতে ঈশ্বৰৰ ওপৰত ন্যায়-বিচাৰ বিচাৰে, নিজৰ সকলো দোষৰ ক্ষমা মাগে, কিন্তু ইটোৱে-সিটোক বিচাৰৰ নামত অবিচাৰ-অত্যাচাৰ কৰে, ক্ষমা কৰিব নোৱাৰে। দুৰ্বল সৰুবৌৰ পাপৰ ফল প্ৰকাশ হ’লত তেওঁক ঘৰৰ পৰা উলিয়াই খেদি দিয়া হ’ল। লাজ অপমান দুখৰ টোপোলা বান্ধি তেওঁ এইখন ঘৰৰপৰা কেলেহুৱা কুকুৰৰ দৰে পলাই গ’ল। কিন্তু ক’লৈ যাব? তেওঁৰ কোন আছে? মানুহৰ সমাজ তেওঁৰ নহয়। এই পৃথিৱীৰ সুখ-সম্পদ তেওঁৰ নহয়। সকলোৱে হাজাৰখন হাতেৰে তেওঁক দূৰলৈ খেদাই দিছে, হাজাৰখন মুখেৰে ছেই ছেই কৰিছে। মাতিছে মাথোন এন্ধাৰে হাত বাউল দি। যাওঁতে যাওঁতে বেছেৰীয়ে সৌ যে ৰিণিকি ৰিণিকি দেখা গৈছে সেই পুখুৰীটো দেখিলে-এন্ধাৰে মতাদি পুখুৰীটোৱেও তেওঁক হাত বাউলি দি মাতিছে। পুখুৰীটোৱে দুখুনীৰ কলঙ্ক ঢাকি দুখুনীক আশ্ৰয় দিব খুজিছে। নিঃসহায়ক এনে সহায় দান, বন্ধুহীনক এনে আন্তৰিক আহ্বান কোনে অস্বীকাৰ কৰিব পাৰে? নিমিষতে সৰুবৌৱে জাঁপ মাৰি পুকুৰীৰ বুকুত আশ্ৰয় ল’লে আৰু সেই পাৰ্থিব কলঙ্কিত জীৱনৰ ওৰ পেলালে, আৰু তেওঁৰ সৰ্বনাশৰ মূল ভোগদত্তই”-
ওচৰতে থকা অশোকজুপিয়ে এই আখ্যানটো গুৰিৰেপৰা একান্তমনে শুনি আছিল। যদিও অশোকে তেওঁলোকৰ কথা-বাৰ্তাত তেতিয়ালৈকে যোগ দিয়া নাছিল তথাপি এইবাৰ উত্তেজিত হৈ মাত লগালে-“পাষণ্ড নিশ্চয় ডিঙিত চিপজৰী লগাই মৰিল।” এনেতে থেৰেজুৰ তলৰ শুকান পাতত টপ টপ কৰে কিবা পৰা যেন শুনি চাই দেখিলো থেৰেজু গছৰ গাত ওলমি থকা কপৌ ফুলজোপাৰ পৰা  টোপা টোপাকৈ পানী পৰিছে। বুজিলো ব্যাপাৰটো কি। থেৰেজুৱে মাত লগালে-“তেনে হোৱাহেঁতেন তো ঠিকেই হ’লহেঁতেন কিন্তু দুখৰ বিষয় নহ’ল। শুনিবা নে তাৰ কি হ’ল? সি নিৰ্দোষী প্ৰামাণিত হ’ল। তাৰ গাৰ নোম এডালতো কোনেও হাত দিব নোৱাৰিলে। যাওক সেইবোৰ অনেক কথা। ইয়াৰ পিছত ভোগদত্তই ভাল কুলীয়া ভাল মানুহৰ ঘৰৰ ছোৱালী এজনী বিয়া কৰাই সমাজত এজন লেখৰ মানুহ হৈ খাই-বৈ ফুৰিবলৈ ধৰিলে। সঁচাকৈয়ে কৈছোঁ, সেই দিন ধৰি মানুহ জাতিটো মোৰ চকুৰ কুটা দাঁতৰ শাল হ’ল। মানুহৰ মাতে মোৰ কাণত কোটকোৰা কাঁইটে বিন্ধাদি বিন্ধে। হে ঈশ্বৰ! মোক যেন মোৰ জীৱনৰ বাকীকেইটা দিন মানুহৰপৰা আঁতৰাই ৰাখা!” এনেতে অশোকজুপিয়ে চকু টিপিয়াই থেৰেজুক মোৰ ফাললৈ দেখুৱাই দিলত থেৰেজুৱে আত্মসংযম কৰি আকৌ আৰম্ভ কৰিলে-“ইয়াৰ এবছৰৰ ভিতৰতে মাউৰে মানুহঘৰ মাৰি উছন কৰিলে। বাকী ৰ’ল-ঘৰৰ সেই ভেটিটো, হুদুটো আৰু মোকে আদি কৰি এই এৰা বাৰীৰ গছ-গছনিবোৰ।” আমজোপাই সিফালৰ পৰা মাত লগালে-“ঈশ্বৰ আছে।” অশোকে মূৰ দুপিয়াই ক’লে-“নিশ্চয়।”
এনেতে কোনোবাই মতা শুনিলো-“দেউতা, আপুনি কেছাৰীলৈ নগৈ আইৰ ওপৰত খং কৰি এৰাবাৰীৰ গছৰ তলত মনে মনে শুই আছেহি। আপুনি খংকৈ গুচি অহা দেখি আয়ে মোক আপোনাক মাতি-বুলি লৈ যাবলৈ পঠিয়াই দিলে। আহক, আহক, ঘৰলৈ আহক আৰু খং কৰিব নালাগে।”
চকু মেলি চাওঁ দেখোন মোৰ বৰটো ল’ৰা।