SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কাশীবাসী

সি আজি ভালেমান বছৰৰ আগৰ কথা। জাৰ কালি পুৱা। পূৱ আকাশত ৰ’দ বিৰিঙাইছে, চৰাই-চিৰিকতিবোৰে কলকলাই চেকচেকাই চাৰিউফালে উৰি বিয়াদান দিছে। গঙ্গাৰ সোঁত ধীৰ গম্ভীৰভাৱে এনেকৈ বলিছে যে সোঁত বলিছে বুলি দূৰৰপৰা উমানকে ধৰিব নোৱাৰি। নৈৰ পানীৰ ওপৰত অলপ ধোঁৱাৰ নিচিনা ভাপ উঠিছে, দেখিলে মনত খেলায় যেন তাত প্ৰাতঃস্নান কৰিবলৈ গৈ জাৰত দুখ পোৱা লোকসকলৰ প্ৰতি অনুকম্পা প্ৰদৰ্শন কৰি প্ৰকৃতি দেৱীয়ে গঙ্গাৰ তলত উমা-জাল দি পানীবোৰ কুহুমীয়াকৈ তপতাই দিছে। স্নান কৰিবলৈ যোৱাসকলৰ কোনোৱে পানী নামি মন্ত্ৰ মাতি জোবোৰা মাৰিছে; কোনোৱে জোবোৰা মাৰি বামলৈ উঠিছে; কোনোৱে জোবোৰাৰ অন্তত পানীতে থিয় হৈ, ওলাই-অহা ন বেলিৰ ফালে মুখ কৰি সন্ধ্যা-আহ্নিক কৰিছে; কোনোৱে বামলৈ উঠি শিলৰ খটখটিত বহি ষোষা-অৰ্ঘা ফুল-তুলসী বেল-পাত লৈ শিৱপূজা কৰিছে; কোনোৱে তিতা কাপোৰ সলাই ৰঙা বগা কলপতীয়া বৰণৰ পাটৰ কাপোৰ খহাই খটখটিৰ ওপৰত থৈ পানীত নামিবৰ উদ্যোগ কৰিছে। কাষতে পাৰত দুজন চাৰিজন সন্যাসী ফকিৰে বহি জুই জ্বালি ভাং ধপাত হুপিছে। পুহ মহীয়া কাশীৰ দশাশ্বমেধ ঘাটত এই দৃশ্য। মোৰ এজন অসমীয়া বন্ধুৰে সৈতে ময়ো গঙ্গাস্নান কৰিবৰ মনেৰে এদিন পুৱাই তালৈ গৈছিলো কিন্তু গাৰপৰা নোমাৰ চোলা কাপোৰ শোলোকাই মোৰ উদং গাটোৰ কোমল ছালখন জাৰৰ চোকা দাঁতৰ আগলৈ সতকাই আগবঢ়াই দিবলৈ সঙ্কোচ কৰি, দেখাক দেখি একাঙ্গুল দুৱাঙ্গুলকৈ সাহ গোটাবৰ মনেৰে আলম-বিলম কৰি বন্ধুৰে সৈতে সাত-পাঁচ উৰণীয়া কথা পাতিব লাগিছোঁ। এনেতে দেখিলো এৰীয়া কাপোৰৰ শাৰী পিন্ধা আশী বছৰমান বয়সীয়া থপথপীয়া বুঢ়ী এজনীয়ে আমাৰ কাষ চাপি আহি আমাৰ মুখলৈ চাই সুধিছে-“বাবা তোমৰা কি অসমীয়া মানুহ?” মই উত্তৰ দিলো, “হা, আমৰা আসাম দেশেৰ লোক”।

বুঢ়ী।–“ক’ত বাড়ী?”

মই।–“ৰংপুৰ শিৱসাগৰে বাড়ী। আপনি কে? কেন জিজ্ঞাস কৰছেন বলুন দেখি? আপনাৰ বাড়ী কোথায়?”

বুঢ়ী।– “বাবা, আমাৰ বাড়ীও ৰংপুৰে। আমিও অসমীয়া মানুহ। হা বিশ্বনাথ! হায় মোৰ গোঁসাই! আজি কত কালৰ মূৰে আমাৰ দেশৰ মানুহ দেখিতে পাইলু!” এই বুলি বুঢ়ীয়ে ভালেমান কথা কৈ হা-হুতাশ কৰি আমাৰ ওচৰতে বহিল। দেখিলো বুঢ়ীৰ চকু পানীৰে চলচলীয়া হৈছে। আমি দুয়ো ভালকৈ কথা কৈ বুঢ়ীক তেওঁৰ আতি-গুৰি সুধিলত বুঢ়ীয়ে অসমীয়া আৰু বঙলাৰে সান-মিহলি ভাষাৰে নিজৰ যি কাহিনী বৰ্ণনা কৰিলে তাৰ সাৰ ভাগ চমুকৈ তলত দিলো।–

“আমাৰ ঘৰ ৰংপুৰ আছিল। মই ভৰালী বৰুৱাৰ ঘৰৰ জীয়াৰী, দুলীয়া বৰুৱাৰ ঘৰলৈ পৰিছিলো। মোৰ বোপাই ডাঙৰ মানুহ, আৰু স্বামীও ডাঙৰ মানুহ আছিল। মোৰ ধন-বিত ঐশ্বৰ্য-বিভূতি সু-সম্পদৰ অন্ত নাছিল। কাল-মানে মোৰ ইহজীৱন নষ্ট কৰিলে। অকল মোৰ নহয় বোপাহঁত, হেজাৰ হেজাৰ দুৰ্ভগীয়া অসমীয়া মানুহক সিহঁতে খালে। মানৰ সেই কালৰ সেই ভয়ানক উপদ্ৰৱৰ কথা সুঁৱৰিলে এতিয়াও ভয়ত অণ্ঠে-কণ্ঠে শুকায়। পলৰীয়া চন্দ্ৰকান্ত ৰজাক বৰ সেনাপতি মিঙিমাহা বান্দুলালৈ হুকুম দি পঠিয়ালে, যে বান্দুলা অসমৰ পৰা উভতি যাব লাগে। ৰজাৰ হুকুম পাই বান্দুলাই সৰহ ভাগ মান-সেনা লগত লৈ উভতি নিজৰ দেশলৈ যাবলৈ ওলাল। কিন্তু বোপাহঁত, যাওঁতে পাষণ্ডহঁতে দেশৰপৰা ধন বস্তু যি পালে চুচি নিলেই, সেইবোৰৰ উপৰিও হাজাৰে হাজাৰে অসমীয়া মানুহ ধৰি লগত লৈ গুচি গ’ল। সেই মানুহবোৰ কেনেকৈ নিছিল তোমালোকক ক’ব লাগেনে? শুনিবা নে? শুনা কওঁ। সিহঁতে বুঢ়া মেঠা আৰু ল’ৰা-ছোৱালীবোৰ নিনি জিয়াতু দি মাৰি থৈ গৈছিল, ডেকাবোৰক সিহঁতৰ ভাৰী আৰু ডেকেৰীবোৰক তিৰুতা কৰি লৈ গৈছিল। গৰু ছাগলী সাঙুৰি নিয়াদি সেই মানুহবোৰ সাঙুৰি নিছিল মোৰ বোপাইহঁত! সিহঁতৰ মাৰ-ধৰ অত্যাচাৰ সহিব নোৱাৰি কত মানুহে যে বাটতে আপোন-ঘাতী হৈ আৰু এনেই মৰিল তাৰ লেখ-জোক নাই। আমি বৰ কাছৰ হাতোৰা ফুটাই বেত-সুতেৰে বান্ধদি দহোটা কুৰিটাকৈ একো একো জাক মানুহৰ হাতৰ তলুৱা ফুটাই সিহঁতে বান্ধি লৈ গৈছিল। ময়ো মানৰ হাতৰ বন্দী হৈ যোৱা মানুহ। তেতিয়া উঠি অহা ছোৱালী, মোৰ বয়স ১৫ বছৰমান মাথোন। হঠাত্ মানে আমাক ঘৰ বেৰা দি ধৰিলে। মোৰ স্বামী কেনি পলাল মই নেদেখিলোঁ। মোক সিহঁতে বন্দী কৰি ল’লে। আমাৰ বই-বস্তু যি আছিল সোপাকে সিহঁতে লুটি-পাটি ল’লে। উস! সেই অত্যাচাৰৰ কথা সুঁৱৰিলে বুকু ফাটি যায়। বোপাইহঁত, সেই অসুৰহঁতৰ গৌৰাত্ম্যৰ কথা আৰু তোমালোকক বহলকৈ কৈ কি কৰিম, মুঠতে কওঁ যে পাপীষ্ঠহঁতৰ হাতত মোৰ সকলো গ’ল।”

দেখিলো, বেজাৰত বুঢ়ীৰ মুখৰপৰা কথা ভালকৈ নোলোৱা হৈ ঠোকাঠুকি হৈ ওলাইছে। মই লাহেকৈ মাত লগালো,-“আপোনাৰ কষ্ট হৈছে। থাওক সেইবোৰ কথা আৰু কব নেলাগে।” মোৰ কথা শুনি বুঢ়ীয়ে থিতাতে নিজকে চম্ভালি লৈ আকৌ আৰম্ভ কৰিলে-“কষ্টতো হৈছেই; কিন্তু বুকুৰ ঘাবোৰৰ ওপৰত যদিও এতিয়া কাঠ বান্ধি আছে, তথাপি তাত আঙ্গুলি দিলে আগৰ নিচিনাকৈয়ে টান পাওঁ; অৱশ্যে এতিয়া তাৰপৰা আৰু তেজ নোলায়।”

“যাওক সেইবোৰ কথা। আমি দহ হেজাৰমান মানুহক মানহঁতে চিংফৌহঁতৰে সৈতে গোটখাই পাটকাইৰ কাষ পোৱাইছিলগৈ। আমাৰ ভিতৰত ভালেমান চিংফৌহঁতে সিহঁতৰ গোলাম কৰি নিজৰ দেশতে ৰাখিলে। ভালেমানক মানে নিজৰ দেশলৈ লৈ গুচি গ’ল। এনেতে কোম্পানীৰ ফৌজে ইফালৰ মান আৰু চিংফৌহঁতক খেদি গ’ল। মান চিংফৌৰে সৈতে ন-দিহিং নৈৰ কাষতে কোম্পানীৰ ফৌজৰ ৰণ লাগিল। সেই ৰণত মান আৰু চিংফৌহঁত কোম্পানীৰ হাতত হাৰিল, আৰু মানক কোম্পানীৰ ফৌজে একেবাৰেই অসমৰ সীমাৰপৰা উলিয়াই খেদিলে। মান গ’লতে চিংফৌবোৰ শান্ত হ”ল। কোম্পানীৰ সেনাপতি নিউভাইয়ে (Captain Neufville) প্ৰায় ছয় সাত হাজাৰমান অসমীয়া মানুহক মানৰ হাতৰপৰা এৰুৱাই আমাৰ ঘৰৰ ফালে পঠিয়াই দিলে। সেই মানুহবোৰৰ ভিতৰত ময়ো এজনী।”

“কিন্তু বোপাইহঁত, মোক চাহাবে সৰুৱাই অনাতকৈ মই তাতে মৰি যোৱাহেঁতেন বা মানে লৈ যোৱাহেঁতেন হেজাৰ গুণে ভাল আছিল। কিয় কওঁ শুনা। মই হতভাগিনী উভতি আহি যেতিয়া আমাৰ ৰংপুৰৰ ঘৰ ওলালোহি, মোৰ স্বামী আৰু শহুৰ শাহুৱে মোক সামৰি লওক চাৰি মোক ভ্ৰষ্টা বুলি পদূলিৰ মূৰলৈকে থুকিব নিদিলে। মই দুই হাতে নিজৰ কপালখন খুন্দি ক’ত কাকূতি মিনতি কৰি মোক আমাৰ টোলৰ ভিতৰতে, লাগে যদি আঁতৰতে ঠাই এচমকা দি ৰাখিবলৈ তেওঁলোকক কলো, কিন্তু তেওঁলোকৰ শিলেৰে বন্ধোৱা হিয়াত মোৰ কান্দোন-কাটোন নোসোমায়। মোৰ কান্দোন দেখি স্বামীৰ চকুৰ পানী যে মই ওলোৱা নেদেখিছিলো এনে নহয়, কিন্তু তেওঁ মহাদৈত্য জাতৰ ভয়ত ঘৰেঘৰোৱাহ আৰু আন ওচৰ-চুবুৰীয়াৰ বিপক্ষে থিয় হৈ মনুষ্যত্ব প্ৰকাশ কৰিব নোৱাৰিলে। মই নিৰুপায় হৈ মোৰে নিচিনা দুৰ্কপলীয়া এজনীৰে সৈতে লগলাগি লাহে লাহে খোজকাঢ়ি খুজি-মাগি খাই আহিলো, ছমাহমানৰ মূৰত কাশী পাই অনাথৰ নাথ বিশ্বনাথৰ চৰণত শৰণ ল’লো। তেতিয়াৰে পৰা মই এই কাশীতে বাস কৰি আছো, মোৰ দুখৰ দীঘলীয়া জীৱনৰ ওৰ এতিয়াও পৰা নাই। কিন্তু পৰিব অলপতে। আজি তোমালোকৰ মুখৰ অসমীয়া মাত শুনি মই যে কি অমিয়া-মধু পিবলৈ পালো; কত পুৰণি দুখ বেজাৰৰ কথা মনত পৰিল তাক কি কম। হে বাবা বিশ্বেশ্বৰ! হে বাবা ভোলানাথ! তোমাৰ অপাৰ মহিমা! তুমি এই দুখুনীক তোমাৰ চৰণত ঠাই দিছা, পৰকালতো যেন দুখুনীক নেৰা, তোমাৰ অভয় চৰণত দুখুনীৰ এই প্ৰাৰ্থনা।”

বুঢ়ীৰ জীৱনৰ শোকপূৰ্ণ ইতিহাসো মোৰ মনত এনে এটা বেজাৰৰ ছাঁ পেলালে যে সেই পুৱা আৰু মোৰ গঙ্গা-স্নানৰ ক্ষীণোৱা অভিলাষ ক্ষীণাই অদৃশ্য হ’ল। আমাৰ ওচৰৰ পৰা বুঢ়ী গুচি যোৱাৰ পিছত মই স্নান নকৰো বুলি মোৰ লগৰীয়াজনক কলত, তেৱোঁ যেন ৰক্ষা পৰি, মোৰ মততে মত দিলে; আৰু দুয়ো নিজৰ বহালৈ উভতি আহিলো।