SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মৈদাম

ভ্ৰাম্যামান পৃথিৱীত পৰিভ্ৰমণ লেখকৰ ভাগ্যত বিধিৰ লিখন। ফুৰোঁতে ফুৰোঁতে এদিন শিৱসাগৰ জিলাৰ অভয়পুৰ মৌজাত এডোখৰ মুকলি পথাৰৰ মাজত এটা টিলা দেখা পালো। টিলাটোৰ ওপৰত গৰখীয়া ল’ৰা গোটাচেৰেক এজাক গৰু চৰাব লাগিছে। টিলাটো কিহৰ মোৰ জানিবৰ মন গ’ল। লাহে লাহে গৈ মইও টিলাটোৰ ওপৰত উঠি গৰখীয়া ল’ৰাহঁতক সুধিলো, “এইটো কি?” এটা ল’ৰাই উত্তৰ দিলে “উই হাফলু।” মই কলো ”ইমানটো ডাঙৰ উই-হাফলু কৰবাত হ’ব পাৰেনে?” আন এটাই মাত লগালে, “হ’ব নোৱাৰে যদি নহয়; হ’ব পাৰে যদি হয়।” তাৰ কথাষাৰ যে সুৰীয়া হৈ ওলোৱা নাই, তাক কোৱাৰ গঢ়তে মই বুজিলো। আৰু বুজিলো যে সিহঁত বৰ চেঙা; পোনপটিয়ে সিহঁতে মোৰ সৈতে আলাপ কৰিবলৈ অনিচ্ছুক। ইয়াকে ভাবি থাকোঁতেই দেখিলো, সিহঁতৰে ভিতৰৰ এটাই চেঙা দমৰা এটাৰ পিছে পিছে লৰি গৈ তাক আগছিব নোৱাৰি, অলপ ঘূৰি গৈ হে তাক আগছিলে। সেই আৰ্হি ততালিকে লৈ মইও সিহঁতক আগছিবৰ প্ৰণালী সলালো। মোৰ চোলাৰ মোনাত “চিগাৰেট” অৰ্থাত্ তুলাপাতেৰে মেৰোৱা চেলেউ আছিল। তাৰে গোটাচেৰেক উলিয়াই ললো। চিগাৰেটৰ মোহিনী শক্তি আৰু অখণ্ড প্ৰভাৱৰ কথা মোৰ জনা আছিল; গতিকে, সি যে অসমৰ এচুকৰ অভয়পুৰ মৌজাৰ আবৰ গৰখীয়া ল’ৰাক বৰাব পাৰিব সেই কথাত মোৰ সন্দেহ নাছিল। এটা চেলেউত জুই লগাই লৈ মই দোহোপামান মাৰি সিহঁতৰ ভিতৰৰ বৰমূৰীয়াটোক চেলেউ এটা যাছিলো। বৰলাৰ টোপৰ বৰশীত লাগিল আৰু তাক মোৰ আয়ত্তৰ ভিতৰুৱা কৰোঁতে-নৌকৰোঁতেই বাকী কেউটাই মোৰ ওচৰত চেলেউ-মগনিয়াৰ হৈ হাত পাতিলে। মই তেতিয়াই চেলেউ-কল্পতৰু হৈ পৰি “সবাতে সমান ভাব” প্ৰকাশ কৰি মাগন্তাসকলক চেলেউ-ফল দান কৰিলো।
চেলেউ পাই প্ৰসন্ন হৈ ডাঙৰ গৰখীয়া ল’ৰাটোৱে আকৌ মই নোসোধালৈয়ে মাত লগালে-“দেউতা, এইটো কিহৰ টিলা সঁচাকৈয়ে আমি ক’ব নোৱাৰো; আমাৰ গাঁৱৰ আন কোনোৱেও ক’ব নোৱৰে। কিন্তু তাহানি এদিন মোৰ বুড়া ককাই মোক কোৱা মোৰ মনত আছে যে এইটো হেনো কোনোবা বুদ্ধি স্বৰ্গনাৰায়ণ ৰজাৰ দিনৰ মৈদাম। ককা ঢুকাবৰ আজি ছবছৰ হ’ল। তেওঁ জীয়াই থকাহেঁতেনে ইয়াৰ বিষয়ে আৰু কিবা ক’ব পাৰিলেহেঁতেন কিজানি।” ল’ৰাটোৰ কথা শুনি মোৰ মনত ক্ষন্তেকতে নানা ভাব খেলালে। কিন্তু এটাইবোৰ কিবা খেলিমেলি লাগি থকা ভাব, সতকাই সেইবোৰ জুকিয়াই ল’ব পৰা নহয়। সি যি হওক এইটো ভালকৈ বুজিলো যে সেই মৈদামটোৰ বিষয়ে সিহঁতৰ পৰা নাইবা সেই ঠাইৰ আন কোনো লোকৰ পৰা কোনো কথা জানিবৰ উপায় নাই। গতিকে অলপমান পৰ মৈদামটোৰ ওপৰতে বহি থাকি লাহে লাহে তাৰপৰা নামি গুচি আহিলো।
মই অভয়পুৰত যি গৃহস্থৰ ঘৰত “গধূলি অতিথি সাক্ষাত্ দামোদৰ” ৰূপে থিতি কৰিছিলো সেই ঘৰৰ ঘৈণীৰ সেইদিনা নেঃ নেঃ ঠেঃ ঠেঃ বিধৰ গা বেয়া হোৱা গতিকে আলহী শুধিবৰ ভাৰ চাউল-সিজোৱাৰ ওপৰত নপৰি লোওৱা পিঠাগুৰিৰ ওপৰত পৰিল। পিঠাগুৰিয়ে সেই সেই বাব পাই গধূলি মোৰ খাবৰ সময়ত এটা বাটিৰ ভিতৰত বহি গপতে ওপন্দি এবাটি হৈ লগত লৈ এটা আঠীয়া কল এখামোচ গুড় আৰু আধাপোৱামান এঁৱা গাখীৰ লৈ মোৰ আগত ঘপহ কৰে ওলালহি। পিঠাগুৰিৰ সৈতে ভালেমান দিনৰ পৰা মোৰ অসম্ভৱ চলি আহিছিল; সৰহ নকও, সেই অসদ্ভাৱ ইমান দূৰ পকি উঠিছিল যে পিঠাগুৰিৰে সৈতে মোৰ মাত-বোল দূৰৰ কথা দেখা সাক্ষাতো একপ্ৰকাৰ বন্ধ হৈছিল গৈ। আজি অযাচিতভাবে অম্লান বদনে সি আহি মোৰ আগত প্ৰকাশ হোৱা দেখি পোনতে যদিও মই তাৰ সেই “বিয়াদপিত” বিৰক্ত হৈ উঠিছিলো, কিন্তু পিছত ভোকৰ পৰামৰ্শ মতে সপৰিবাৰে তাকে মোৰ পেটত ঠাই দিবলৈ বাধ্য হলো। ভোকৰ পৰামৰ্শ নুবুলি ভোকৰ খচখচনি বোলাই উচিত, কিয়নো প্ৰথমে যদিও ভোকে নিজৰ গুমৰ ৰাখি পিঠাগুৰিৰ ওপৰত খং নকৰিবলৈ মোক গহীনভাৱে উপদেশ দিছিল, কিন্তু মই সেই উপদেশ ভালকৈ কাণপাতি নুশুনা যেন দেখি, পিছত সি প্ৰথমে পিন্ধি কথা কোৱা মুখাটো খহাই থৈ বৰং ভয়বিহ্বলতা প্ৰকাশ কৰি খচখচনি লগাই দিলে, আৰু অন্তত মোৰ ওপৰত খৰকৈ ডাবি আৰু টান হুকুম জাৰি কৰিবলৈ ধৰিলে। সঁচা কথা ক’বলৈ গ’লে, ভালেমান দিন বিচ্ছেদৰ মূৰত মিলৰ বাবেই নে কি ক’ব নোৱাৰো, মোৰ জিভাই সেই পিঠাগুৰিৰ সঙ্গ জনিত প্ৰীতি অনুভৱ নকৰি নাথাকিছিল।
প্ৰথম ঘুমটিৰ অন্তত সাৰ পালো। মোৰ টেঙাপনী উঠা আৰু বুকুত অলপ খোচা-বিন্ধা কৰা যেন পালো। বুজিলো, যদিও বন্ধুভাৱে পিঠাগুৰি মোৰ অন্তঃপুৰত প্ৰৱেশ কৰিছিল, তথাপি সি, “পূৰ্ব শত্ৰু মনে জানি” মোৰ বুকুত “শৰ হানি” শত্ৰুতাচৰণ কৰিবলৈ পাহৰা নাই। “স্বভাৱো যাদৃশ্যে যস্য ন জহাতি কদাচন” এই পুৰণি শ্লোক মাতি মনৰ ক্ষোভ মিটাই, পাটীতে আকৌ লুটি-বাগৰ দি টলকা মাৰি ল’লো। সেইভাৱে পৰি থাকোঁতেই মোৰ টোপনি আহিল। কিমান পৰৰ মূৰত ক’ব নোৱাৰা তলত লেখা সামাজিকটো দেখিলো—
মই গৈ ৰাতিপুৱা দেখা সেই মৈদামটো পালো। তাৰ ওপৰত আগৰ দৰেই বহি থকাৰ পিছত দেখিলো, মৈদামটো শামুক এটা মেল খোৱাদি মেল খালে। তাৰ ভিতৰত কি ভয়ঙ্কৰ দৃশ্য।
দুটা হাতীৰ জকা। পাঁচোটা ঘোঁৰাৰ জকা। এমখা মানুহৰ জকা (ল’ৰা আৰু ডাঙৰৰ)। দুটা মানুহৰ জকাই হাতেৰে দুটা আৰিয়া ধৰি আছে; আৰু জ্বলি থকা সেই আৰিয়া দুটাই মৈদামটোৰ ভিতৰখন পোহৰাই থৈছে। দেখিলো তাৰ ভিতৰখন ছালপীৰা, বৰপীৰা, মেৰঢৰা, বঁটা, শৰাই, পিকদানি, লোটা, বাটী, কাঁহী, কলহ, খাবৰ বস্তু, পিন্ধিবৰ কাপোৰ-কানি ইত্যাদিৰে ভৰপূৰ। সেইবোৰ মই চাই থাকোঁতে হঠাত্ দেখিলো, জকাবোৰ, হুচৰি গোৱা মানুহৰ দৰে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে, অথচ সিহঁতৰ মুখত মাত নাই। সেই অদ্ভূত নাচ দেখি ভয়ত মোৰ মুখখন শুকাই গ’ল, বুকুখন ঢপঢপাবলৈ ধৰিলে, গাৰ নোমবোৰ শিয়ঁৰি উঠিল আৰু হাত-ভৰিবিলাক অৱশ হ’ল। ভাৱনাৰ বৰধেমালিৰ ওৰ পৰাদি অলপমান বেলিৰ পিছত সেই উত্কট নাচৰ ওৰ পৰিল; আৰু দেখিলো, জকাবোৰ ইমান খেলিমেলি লগাই নচাৰ আগেয়ে য’ত যি যেনেভাৱে আছিল, আকৌ তাতে সি ঠিক তেনেভাৱেই ৰ’ল। ক্ষন্তেকৰ পিছতে সেই দৃশ্য পৰিবৰ্তিত হ’ল, দেখিলো জকাবোৰে মানুহ, হাতী, ঘোঁৰাৰ স্বাভাৱিক অৱস্থা পালে; এইবোৰ তেজ-মঙহ আৰু অঙ্গ-প্ৰত্যঙ্গাদিৰে সজীৱ হ’ল। ভোজবাজীৰ নিচিনা ক্ষন্তেকতে পৰিবৰ্তনশীল সেই দৃশ্যবোৰ মই অবাক হৈ চাই আছো, এনেতে এজন বয়সিয়াল মানুহে মোক হাতবাউলি দি মৈদামৰ ভিতৰলৈ মাতিলে। মোৰতো লৰিব-চৰিবৰ শক্তি নাছিল; আৰু থাকিলেও, পৰা পক্ষত যে মৈদামৰ ভিতৰত নোসোমাও সেইটোও নিশ্চয় কৰিছিলো। মই নামি মৈদামৰ ভিতৰলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰি মূৰ জোকৰা দেখি সেই মানুহজনেই মৈদামৰ ভিতৰৰ পৰা ওপৰলৈ উঠি আহি মোৰ ওচৰতে বহিল। ভয়ত মই ঠক ঠক কৰে কঁপিবলৈ ধৰিলো। মোৰ শোচনীয় অৱস্থা দেখি দয়াপৰবশ হৈ মৈদামবাসীয়ে মাত লগালে, “বোপাদেউতা! তুমি ইমান ভয় কৰিছা কিয়? ভয়ৰ কোনো কাৰণ নাই। তুমি ভয় কৰি মৈদামৰ ভিতৰলৈ নগলা বুলি বুজি ময়ে তোমাৰ ওচৰলৈ আহিলো। আঃ! বাহিৰত কি নিৰ্মল বতাহ! উশাহ লৈ জীলো যেন লাগিছে। কি বিমল আকাশ! কি সুন্দৰ পৃথিৱী! কত কালৰ মূৰত মই আজি তোমালোকক পালো! হে পৰমেশ্বৰ, তোমাৰ ধন্য সৃষ্টি, ধন্য জগত্ ৰচনা। একালত মইও এইবোৰ ভোগ সুখৰ অধিকাৰী আছিলো। হায়! সূৰ্য্যৰ উত্তপ, চন্দ্ৰৰ পোহৰ, বায়ুৰ নিৰ্মল হিল্লোল একালত মইও অবাধে ভোগ কৰিবলৈ পাইছিলো। এতিয়া মই সেই অধিকাৰৰ পৰা চিৰবঞ্চিত!!! যাওক সেইবোৰ কথা। বোপাদেউ, আমি কোন তুমি জানিবলৈ নিশ্চয় উত্সুক হৈছা, নতুবা এই নিজান ৰাতি তুমি ইয়ালৈ নাহিলাহেঁতেন। আমি কোন, সেই কতা তোমাক কওঁ বুলিহে মই তোমাক মৈদামৰ ভিতৰলৈ মাতিছিলো; তুমি ভয় কৰি নাযাবৰ দেখি ময়েই উঠি তোমাৰ ওচৰলৈ আহিলো।”
সি আজি অনেক কালৰ আগৰ কথা- বুঢ়া ৰজা প্ৰতাপ সিংহৰ দিনৰ। প্ৰতাপসিংহক বুদ্ধি স্বৰ্গনাৰায়ণো বুলিছিল। তেওঁৰ তিনিজন কোঁৱৰ আছিল। বৰজন কোঁৱৰৰ নাম চুৰামফা, মাজুজনৰ নাম চুটিয়ানফা আৰু সৰুজনাৰ নাম চাই আছিল। বুঢ়া ৰজা স্বৰ্গনাৰায়ণৰ বৰ নৰিয়া হ’লত, তেওঁৰ সৰুজন কোঁৱৰ চাইয়ে কিছুমান ৰণুৱা মানুহ গোটাই লৈ বাপেক মৰাৰ পিছত সিংহাসন অধিকাৰ কৰিবৰ নিমিত্তে সাজু হ’ল। বৰকোঁৱৰ চুৰামফাই মাজু ভায়েক চুটিয়ানফাক ক’লে যে তেওঁ নিজ নিঃসন্তান; গতিকে, তেওঁৰ পিছত চুটিয়ানফাই যে ৰাজ্য পাব এইটো ধূৰুপ। এইবুলি তেওঁ চুটিয়ানফাক বুজাই প্ৰবোধ দি নিজৰ ফলীয়া কৰি লৈ দুয়ো মিলি যড়যন্ত্ৰকাৰীসকলৰ সৈতে চাইক নগৰৰ পৰা বাজ কৰি খেদাই দিলে। প্ৰতাপসিংহ ঢুকালত ডাঙৰীয়াসকলে চুৰমফাক ৰজা পাতি সেৱা কৰিলে। তাৰ পিছত চাইয়ে যদিও আকৌ যড়যন্ত্ৰ কৰিছিল, কিন্তু অকৃতকাৰ্য হৈ ধৰা পৰি চুৰামফাৰ হাতত প্ৰাণ হেৰুৱালে। চুৰামফা অতি জঘন্য স্বভাৱৰ লোক আছিল। ৰজা হৈয়েই তেওঁ বাপেকৰ কুঁৱৰী মাহীয়েক এজনীক নিজৰ কুঁৱৰী কৰি ল’লে। তাৰ পিছত চুটিয়া জাতৰ তিৰোতা এজনীক, তাইৰ গিৰিয়েকক বিহ খুৱাই মাৰি, নিজৰ কুঁৱৰী কৰিলে। চুটিয়া কুঁৱৰী ৰজাৰ বৰ লাগী হৈ পৰিল। তেওঁ আগৰ গিৰিয়েকৰ ভতিজা ল’ৰা এটা তোলনীয়া পো কৰি ল’লে আৰু ৰজাৰ পিছত ৰাজপাটত বহুৱাবলৈ থিৰ কৰিলে। চুৰামফাই ৰজা হ”বৰ আগেয়ে মাজে ভায়েক চুটিয়ানফাৰ আগত কৰা অঙ্গীকাৰ এইদৰে ভঙ্গ কৰিলে। ইয়াৰ কিছু দিনৰ পিছত ঈশ্বৰৰ ইচ্ছাত সেই তোলনীয়া ল’ৰাটো মৰি থাকিল। তোলনীয়াক বিহ খুৱাই মাৰিলে বুলি চুটিয়ানফাৰ পুতেক এজনৰ গাত বদনাম পৰিলত, সেই কোঁৱৰক প্ৰাণদণ্ডৰ নিমিত্তে চাওদাঙৰ হাতত দিবলৈ ৰজাই চুটিয়ানফাক আদেশ কৰিলে। পুতেকৰ জগৰত (যদিও সেই জগৰত কোনো প্ৰমাণ নাছিল) চুটিয়ানফাৰ ধন-সম্পত্তি কাঢ়ি লৈ ৰাজ ভঁড়াললৈ পঠিওৱা হ’ল। ইয়াৰ লগে লগে চুটিয়ানীৰ ইচ্ছামতে আৰু এটা ৰাজ-আজ্ঞা প্ৰচাৰিত হ’ল যে প্ৰত্যেকজন ডাঙৰীয়াৰ একোটিকৈ ল’ৰা সেই তোলনীয়া ল’ৰাৰ শৱেৰে সৈতে মৈদামনত দিব লাগে, যাতে সেই ল’ৰাবোৰৰ সৈতে তোলনীয়া কোঁৱৰে মৈদামত উমলি থাকিব পাৰে। যেনে আদেশ তেনে কাম হ’ল। চাই পঠিয়াচোন সেই আঠোটি ল’ৰা। পূবফালৰ তিনটি-বৰগোঁহাই, বুঢ়াগোঁহাই আৰু বৰপাত্ৰগোঁহাইৰ ল’ৰা। পশ্চিম ফালৰ তিনটিৰ এটি বৰবৰুৱাৰ, এটি বৰফুকনৰ আৰু এটি নাওবৈচা ফুকনৰ। দুকাষৰে দুটিৰ এটি ডিহিঙীয়া ফুকনৰ, আনটি ভিতৰুৱা ফুকনৰ ল’ৰা। খোৱা বস্তুৰ কাষত বহি থকা সেইটো চাংমাই তোলনীয়াক ভাত-পানী ৰান্ধি খুৱাবলৈ দিয়া হৈছিল। হাতত জোৰ লৈ থকা সেই দুটা আৰিয়া ধৰা, বন কৰিবলৈ দিবলৈ সেই দুটা লিকচৌ, তোলনীয়া উঠি ফুৰিবলৈ সেই দুটা হাতী, সেইকেইটা ঘোঁৰা, সেইখন কেকোৰা দোলা। সেইবোৰ বাটি, কাঁহী, শৰাই, মেৰঢৰা, বৰপীৰা, ছালপীৰা আদি নানান বস্তু দেখিছাই; সেই এটাইবোৰ তোলনীয়া কোঁৱৰৰ ব্যৱহাৰৰ নিমিত্তে দিয়া হৈছিল। মই কোন, মোকো কিয় ইয়াত দিয়া হৈছিল, সেইটোও তোমাক ভাঙি কৈ থওঁ। মই তোলনীয়া কোঁৱৰক লেখা-পঢ়া শিকোৱা অধ্যাপক আছিলো। ল’ৰাটিয়ে মোক বৰ ভাল পাইছিল, সেইদেখি ল’ৰাটিক লেখা-পঢ়া শিকাবলৈ চুটিয়ানীৰ বুধি শুনি ৰজাই মোক মৈদামত দিলে। আহোম ৰজাৰ ন্যায় বিচাৰ, বিবেচনা, ধৰম, ৰীতি আৰু নীতিৰ এই চিনাকী, বোপাদেউ, তোমাক দিলো। এওঁলোকৰ কাৰ্য দেখিলে, এই পৃথিৱীত ঈশ্বৰৰ কিবা হাত আছে যেন মনে নধৰে। এওঁলোকে নিজক স্বৰ্গদেউ অৰ্থাত্ দেৱতা বোলে। এনেবোৰ ব্যৱস্থা যদি স্বৰ্গৰপৰাহে এওঁলোকে নমাই লগত লৈ আহিছিল তেনেহলে তেনেখন স্বৰ্গলৈ যোৱাতকৈ এই ভয়ঙ্কৰ মৈদামৰ দুৰ্ঘোৰ যন্ত্ৰণা সহিও যেন চিৰকাল আমি থাকোঁ। বোপাদেও, এই স্বৰ্গদেওসকলৰ সঁচ এতিয়াও অসমত আছেনে?” মই মূৰ জোকাৰি নাই বুলি উত্তৰ দিলো। মোৰ উত্তৰটো শুনি তেওঁ আকাশৰ ফালে চাই ক’লে “তেনেহলে হে ঈশ্বৰ তুমি আছা। আৰু এই পৃথিৱীত ধৰ্মও আছে।”
এনেতে বহুত দূৰৰ পৰা কুকুৰাৰ ডাক শুনলো। কুকুৰাৰ ডাক শুনি তেওঁ জিকাৰ মাৰি উঠি মোক ক’লে-“বোপাদেউ, অদৃষ্টৰ লিখ কোনে খণ্ডাব? মই আৰু বাহিৰত থাকিব নোৱাৰো।” এইবুলি বৰ শোকৰ চকুৱে মোৰ ফালে তেওঁ চাই লাহেকৈ নামি ভিতৰ পালতে, মানুহ, হাতী, ঘোঁৰাবোৰ আকৌ আগৰ নিচিনা জকাবোৰ হ’ল; আৰু সেই জকাবোৰৰ চকুবোৰ জ্বলি তাৰপৰা জুইৰ ফিৰিঙতিৰ নিচিনা ওলাবলৈ ধৰিলে। ক্ষন্তেকতে সেই জকাবোৰে আগৰদৰে পৈশাচিক তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে। তাৰ ক্ষন্তেকৰ পিছতে মৈদামটোৰ মুখখন জাপ গৈ আগৰ নিচিনা হ’ল। মই সাৰ পাই দেখিলো, মই মোৰ শোৱাপাটীতে পৰি আছো আৰু বুকুৰ খোচা-বিন্ধা অলপো কমা নাই।