SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
লোভ

গছত উঠি চৰাই বাহৰ পৰা চৰাই-পোৱালি পৰা, আম কঁঠালৰ গছতে উঠি আম কঁঠাল পৰা আদি কাৰ্যৰ লগতে বৰশী বাই মাছ ধৰাটোও একালত মোৰ উত্সাহৰ কাম আছিল। আমাৰ পুখুৰীটোৱে মোৰ মনত জীৱহিংসা প্ৰবৃত্তিৰ উদ্ৰেক কাৰ্যত যে নথৈ সহায়তা কৰিছিল এই কথা কোৱা বাহুল্য মাতোন। কাৰণ মাগুৰ, কাৱৈ, শল, কান্ধুলি, শিঙৰা, পুঠি আদি মাছক সি নিজৰ গৰ্ভত সাদৰেৰে এনেকৈ ঠাই দিছিল যে, সেইবোৰ দেখিলে মোৰ নিচিনা তামসিক প্ৰকৃতিৰ মানুহৰতো কথাই নাই, সাত্ত্বিকৰ প্ৰকৃতিৰ মানুহৰ স্বভাৱো প্ৰলোভনৰ দোলেৰে টান নাখাই নাথাকিছিল।
এদিনা মই আমাৰ পুখুৰীত বৰশী বাই থাকোঁতে এবাহ পোনাৰে এটা শল মাছ দেখিলো। ৰঙচুৱা পোনাবাহ একে ঠাইতে থুপখাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে, ঠিক যেন একঠা ৰঙা সৰিয়হ কিবা এক প্ৰকাৰে দীঘলীয়া হৈ পানীত সেইদৰে উঠা নমা কৰি সাঁতুৰিব লাগিছে। হঠাত্ সিহঁতক দেখিলে কোনোৰ মনত খেলাব যেন এটা ফুলা পদুম ফুলৰ ভিতৰৰ চকাৰ চাৰিউফালৰ পাপৰিবোৰে চলিবৰ ক্ষমতা লভি সেইদৰে চলা-ফুৰা কৰিব লাগিছে। ক্ষন্তেকমান এক দৃষ্টিৰে চাই থাকি দেখিলো যে পোনাবাহৰ তলতে সন্তানবত্সল মাক শল মাছটোৱে সতৰ্কভাৱে থাকি সিহঁতক চলাই লৈ ফুৰিছে আৰু পোনাবোৰে মাতৃস্নেহৰসত আপ্লুত হৈ আনন্দত নাচি নাচি ওপৰৰ পৰা তললৈ গৈ মাকৰ ওচৰ পাইছে আৰু চঞ্চল স্বভাৱৰ গুণে ততালিকে তলৰপৰা নাচি নাচি ওপৰলৈ উঠিছে। সেই স্বৰ্গীয় দৃশ্য দেৱতাৰহে উপভোগ্য, লুভীয়া মানুহৰ নহয়।
নিমিষতে মোৰ হিংসাকুৰীয়া লুভীয়া স্বভাৱ উত্তেজিত হৈ উঠিল; আৰু পিছ নুগুণি নিকৰুণভাৱে, বৰলৰ টোপেৰে গধুৰ বৰশীটো পোনাবাহৰ মাজত পেলাই দিলো। নিমিষতে পোনাবাহৰ মাকে মোৰ দৰেই পিছ দুগুণি লোভত, সম্ভৱতঃ খঙত, টোপেসৈতে সেই বৰশীতো গিলি পেলালে। মই চিপ মাৰি দিলো, আৰু তাৰ পিছতে সেই শল মাছটো অজলা আৰু আত্মৰক্ষাৰ নিমিত্তে অসমৰ্থ পোনাবাহক অনাথ কৰি মোৰ বৰশীত লাগি বামত পৰিল। মাছটোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি চটফটাবলৈ ধৰিলে, আৰু মোৰ মনেও সেইদিনৰ পৰিশ্ৰম আৰু চেষ্টা সফল হোৱা দেখি উত্তেজিত হৈ উলাহত নাচিবলৈ ধৰিলে। দীঘলীয়া কাম চমু কৰি থবৰ নিমিত্তে মই মাছটো ধৰি মাটিত ঠেকেচা মাৰি দিলো। তাৰ পিছত –তাৰ পিছত-ক্ষন্তেকীয়া নিষ্ঠুৰ উত্তেজনাৰ পিছত পানীত থকা অনাথ শিশু পোনাবিলাকলৈ মোৰ চকু গ’ল। ভাল নালাগিল। পানীৰপৰা মোৰ চকু তুলি আনি মাছটোত দিলো। দেখিলো, মাছটোৱে মুখেৰে কাপ কাপ কৰিব লাগিছে। ধিমিক-ধিমিক মাত্ৰ তাৰ ধাতু লৰিব লাগিছে। এই দুই দৃশ্যই মোৰ অন্তৰৰ নিভৃত খোটালিৰ নিভৃত চুক এটাত কিবা এটা সচেতন বস্তুত অলপ খোচা বিন্ধা কৰা যেন পালো। কিন্তু মই তালৈ বৰকৈ মন নিদি উলাহক সাৰথি কৰি লৈ মাছটো ঘৰলৈ লৈ আহিলো। সংসাৰৰ অলেখ কামৰ চিন্তাৰ চকোৱাই অলপ পৰৰ পিছতে সেই মাছধৰা বিষয়টো সেই দিনালৈ ঢাকি পেলালে। কিন্তু গধূলি আয়ে যেতিয়া পুৱাৰ সেই শল মাছত মূলা দি আঞ্জা ৰান্ধি মোক খাবলৈ দিছিল, মোৰ অন্তৰৰ সেই ঠাইত বেজিৰ ফুটনি বুজনকৈয়ে অনুভৱ কৰিছিলো, গতিকে ৰুচিৰে সৈতে সেই আঞ্জা মই খাব নোৱৰিলো।
ৰাতি শুবলৈ বুলি শোৱাপাটীত পৰিলত অনাহূত অসংলগ্ন নানা ভাৱে খেলিমেলি লগাই মোৰ মনটো অসুখীয়া কৰি পেলালে। তেনে অৱস্থাত মোৰ কেতিয়া টোপনী আহিল কব নোৱাঁৰো। টোপনীত এইটো সামাজিক দেখিলোঃ- মোৰ, শোৱাপাটীৰ চাৰিউফালে অসংখ্য কেঁচুৱা ল’ৰাই মোক বেঢ়ি কান্দিব লাগিছে। ইমানবোৰ কেঁচুৱা ল’ৰা ক’ৰপৰা কিয় আহি মোক বেঢ়ি ধৰি কান্দিছে মই বুজিব নোৱাৰি মাত লগালো “বোপাইহঁত! মোৰ চিকুণিহঁত! তহঁত কৰপৰা আহিছ? তহঁতৰ কি হৈছে? কিয় কান্দিছ মোক কচোন?” মোৰ প্ৰশ্ন শুনি সিহঁতে সিহঁতৰ কণ কণ মুখবোৰেৰে মাত লগাই উত্তৰ দিলে;- “আমাক তই এতিয়া চিনিকে নোপোৱা হলি! আমি কিয় কান্দিছো নজনাই হলি! নিষ্ঠুৰ! তই আমাৰ আইক কিয় বধ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তই আমাক মাউৰা কৰিলি কিয়? পপীয়া! লুভনীয়া! তই আমাকো মাৰি পেলা! আমাকো তই আজি মাৰিব লাগিব, নহলে আমি তোক নেৰোঁ। তোৰ হাতত মৰিবলৈ বুলি ঠিক কৰিহে আমি আজি তোৰ গুৰিলৈ আহিছোহঁক। আমাক এতিয়াই মাৰ, মাৰ মাৰ, নামাৰিলে তোক আমি নেৰোঁ।”
হঠাত্ চাটকৰে মোৰ টোপনী ভাগিল। মই খপকৰে উঠি শোৱাপাটীতে বহিলো। দুখ শোক আৰু অনুতাপত মোৰ হৃদয় দগধ হ’ল। সেই অৱস্থাতে মই ভালেখিনি পৰ থাকি, পূবেৰুণ দি আহিলত পাটীৰপৰা নামি গৈ, ঘৰৰ পানীপোটাত আৰি থোৱা দাড়িৰে সৈতে বৰশীটো ডোখৰ-ডোখৰকৈ ভাঙি দলিয়াই পেলালো; আৰু তেতিয়াই শপত খালো যে “মোৰ জীৱদ্দশাত মই আৰু বৰশীত হাত নিদিওঁ।”