SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কেকো ককা

অনাই-বনাই আহি বাণ ৰজাৰ মলুক পাই, তাতে দিনদেক থাকিবৰ মনস্থ কৰি এঠাইত ঠাই ল'লো। তিন দিনৰ ভিতৰতে তেজপুৰৰ তিনি চুকত থকা কানি-ভাঙৰ খোলাৰে সৈতে মোৰ বান্ধ সম্বন্ধ লাগিল।মই দেখিছোঁ, ত্ৰিভুবনৰ ভিতৰত মই যলৈকে যাওঁ, মোৰ কাম তিনিটাৰ বাহিৰে চাইটা নহয়। লেখৰ এই তিনিটা কামৰ প্ৰথমটো খোৱা, দ্বিতীয়টো ৰাগি লগোৱা আৰু তৃতীয়টো শোৱা। এই তিনি কামৰ বা গুণৰ খাতিৰত আমুকাই কেতিয়াও বন্ধুৰ অভাৱত নপৰো কিয়নো, আমুকাইৰ নিচিনা নিষ্কৰ্মা বা ত্ৰিকৰ্মা মানুহ ঈশ্বৰে এই পৃথিৱীত নিচেই তাকৰকৈ চৰ্জ্জি থৈছে বুলি নেভাবিবা। চোৰে চোৰৰ ঠেং দেখে। কানীয়া ভঙুৱাইও কানীয়া ভঙুৱাৰ ঠেং থাকিলে নেদেখিবৰ একো কাৰণ নাই। গৰ্ব কৰিব নেপায়; তথাপি কওঁ, যে দহ ভকতৰ ভৰিৰ ধূলি এই শ্ৰীমান মিলাৰাম মেধিও এজন লেখৰ ঠেংথকা কানীয়া। গতিকে, তেজপুৰৰ উজ্জ্বল ৰত্ন ভোলাই, ভোবোলা আৰু ভেকোলা বৰকানীয়াহঁতে আমুকাইৰ ঠেং চকুৰ পচাৰতে দেখি পেলোৱাটো আশ্চৰ্য্য কি? আৰু দেখিলে কি তেওঁলোক আমুকাইৰ লগ লাগিল কি।

তোমালোকে মানা বা নামানা, এই পৃথিৱীত সকলোৱেই ৰজা; আৰু সকলোৰে একে ডুখৰি নিজ নিজ ৰাজ্য আছে। মহাৰাণী মোৰ ওপৰত, মই মোৰ ঘৈণীৰ ওপৰত, মোৰ ঘৈণী তেওঁৰ বেটীজনীৰ ওপৰত, বেটীজনী তাই বাঢ়নীটাৰৰ ওপৰত আৰু বাঢ়নীটাৰ চোতালৰ ধূলি-মাকতিৰ ওপৰত যে ৰজা এই কথা আগম নিগমত বিচাৰিলেও পাবা। আজি যি মহাপুৰুষৰ গুণশীলৰ অলপ আভাষ দিবলৈ কাপ ধৰিছোঁ, তেওঁৰ নাম কেকো ককা। তেওঁ কানি-ভাঙৰ খোলাৰ ওপৰত ৰাজৰাজেশ্বৰ দুটি-পুৰন্দৰ, কানীয়াৰ মনত তেওঁৰ কথা বেদ-বাণী, তেওঁৰ মত মনুৰ মত, তেওঁৰ হুকুম মহাৰাণীৰ আসন। ককাই পৰৰ খৰচত পালে, তিনি তোলা কানিৰ টিকিৰা, এশ আঠ চিলিম ভাং আৰু তিনি টেকেলি চাহ একেৰাতিৰ ভিতৰতে পাৰ কৰি দিব পাৰে বুলি তেওঁৰ খ্যাতি আছে, আৰু নিজৰ খৰচত হ'লে তাৰে তিনি ভাগৰ এভাগ পাৰে বুলি শুনিলো। আৰু এটা আচৰিত ক্ষমতা তেওঁৰ গাত থকা শুনা গ'ল। ওপৰত কোৱা কানি-ভাং আৰু চাহৰ ঠগি আগবঢ়াই দি প্ৰাৰ্থনা কৰিলে, ককাই জাৰি-জোকাৰি তেওঁৰ টেকেলীয়া পেটৰ পৰা হেনো তিনি বুৰি অতি বিতোপন সাধু উলিয়াই দিব পাৰে।

ভে, ভে, ভো (ভোলাই, ভেকোলা আৰু ভোৰোলাৰ সংক্ষিপ্ত নাম)। বান্ধসকলৰ মুখে ককাৰ গুণশীল শুনি, মোৰ ককাৰ মুখপদ্ম দৰ্শন, আৰু তাৰ পৰা বিগলিত অমৃতোপম সাধুকথা শ্ৰৱণ কৰিবৰ লোভ জন্মিল। ৰজাৰ ওচৰলৈ "ৰিক্তহস্তে নগন্তব্যং" জানি গাঁথিৰ কেঁচা পয়চা ভাঙি কানি ভাং কিনি লৈ তিনি বান্ধ ভে-ভে-ভোৰে সৈতে ককাৰ ওচৰ পালোগৈ।

কেকোঃ "তই কোন?"
"মোৰ নাম মিলাৰাম। ঘৰ উজনিত।"
"সকাম?"
"ককাৰে সৈতে আলাপ পৰিচয়। শাস্ত্ৰত কৈছে,
"সংসাৰ বিষবিৰ্খস্য দ্বে ফলে অম্লিতোপমে,
কাইবামৃত ৰসাস্বাদং আলাপঃ সজ্জ্বনৈ সহ।"

অৰ্থাত্ ককা, সংসাৰ বৰবিহৰ গছৰ গুটিদুটা; ভাং-কানি-ফটিকাৰ ৰসৰ সোৱাদ লোৱা, আৰু ককাৰ নিচিনা সজ লোকৰ সৈতে আলাপ পৰিচয় কৰা; কাৰণ,"কাইবামৃত" অৰ্থাত্ কোন কেতিয়া মৰে তাৰ নিশ্চয় নাই, আৰু এই দুই কাম নকৰি গ'লে মানপী জনম হেলাতে গ'ল।"
ককাঃ "মই সন্তোষ হ'লো, তোৰ শাস্ত্ৰ জ্ঞান আছে। এটা কথা, ফটিকাটো আমাৰ গুৰু-ঘৰৰ পৰা নিষেধ দেখি আমাৰ নচলে। সি দুটা অনুগ্ৰহত এক প্ৰকাৰ চলি গৈছে।"
"ককাই ঠিক কৈছে" বুলি মূৰ দোঁৱাই মই লৈ যোৱা কানি-ভাং আগবঢ়াই দিলো।
ককাঃ "মিলাৰাম, তই দিনৌ কিমান কানি খাৱ?"
"ককা, আতোলামান হ'ব।"
ককাঃ (মিচিকিয়া হাঁহি)"আজিৰ পৰা তই গাঁথিৰ কেঁচা পইচা ভাঙি কানি খাব নেলাগে।নিতৌ এবাৰ আহি মোৰ গাটো চেলেকি গ'লেই তোৰ কাম চলিব।"
ইয়াৰ পিছত ভে-ভে-ভো বান্ধৱসকলে সৈতে ককাৰ প্ৰসাদ লৈ কৰযোৰে প্ৰাৰ্থনা কৰিলো, "ককা, এটি সাধু শুনিবৰ ইচ্ছা ৰ'ল।"
ককাঃ "বোপা, শাস্ত্ৰ চাৰিখন; আগম, জঙ্গম, পুৰাণ, পতঙ্গম। কোনখনৰ পৰা কম?"
"ককা, জঙ্গমৰ পৰা এটি কওক, আগম পুৰাণৰ কথা শিশুমতি আমি বুজিব নোৱাৰিম।"
ককাই আৰম্ভ কৰিলে--

"আজি জঙ্গমৰ পৰা বিয়াগোম পক্ষীৰ সাধুকম। কাণ নলৰাই মন দি শুনিবি মোৰ বোপাইহঁত। ত্ৰেতাযুগত লোণসাগৰৰ পাৰৰ এজোপা শিমলু গছত এক দুৰ্জ্জেয় বিয়াগোম পক্ষী আছিল।" সাগৰ সাতখন। লোণসাগৰ, ঘিউসাগৰ,তেলসাগৰ, খাৰণীসাগৰ, ফটিকাসাগৰ, কানিসাগৰ আৰু পানীসাগৰ। দ্বীপো সাতোটা। জম্বদ্বীপ, শাকদ্বীপ, নৱদ্বীপ, উপদ্বীপ, মালদ্বীপ, লঙ্কাদ্বীপ আৰু প্ৰদীপ। এই সাত সাগৰ আৰু সাত দ্বীপত চাৰি মুঠি জীৱৰ বাস। উৰণ, বুৰণ, গজন, গমন। দ্বাপৰ যুগৰ শেষত উৰুণ জীৱৰ ভিতৰত সেই বিয়াগোম পক্ষীয়ে দুটা কণী পাৰিলে। উমনি দি থাকোঁতে এটা কণী ঘোলা হৈ ফুটি ঘিউসাগৰ হ'ল; আৰু সিটো কণী নুফুটি ঠেৰেহা মাৰি হিমালয় পৰ্বত হ'ল। ঘিউসাগৰৰ দখলীস্বত্ব পাবৰ অৰ্থে দেৱতা আৰু অসুৰৰ মাজত দুৰ্ঘোৰ ৰণ লাগিল। ৰণত অসুৰবিলাক হাৰি পলাই আহে এই তেজপুৰ নগৰ পাতি বাস কৰিলে। তেজপুৰৰ কাছাৰী ঘৰৰ ওচৰত যি শিলৰ খুটা-চতি পৰি আছে, সেই খুটা-চতি অসুৰৰ ৰজাৰ ঘৰৰ খুটা-চতি। তেনে খুটা-চতি আজিকালিৰ কোনো শিলা-কুটীয়ে কাটিব নোৱাৰে। শিলাকুটী গাঁৱৰ গায়ন-বৰাৰ পুতেক মধুৰাম শিলা-কুটীয়েই বৰশিলাকুটী, ইপিনে পটা-গুটি এটাকে সি ভালকৈ কৰিব নোৱাৰে। গায়নবৰাই ইপিনে পুতেকৰ গপত ওফন্দি ফুৰে। কিন্তু সিদিনা এটা পটাগুটি কাটোতেই বৰশিলাকুটীৰ দাঁত নিকট খাই গ'ল। ভোবোলৰ মনত থাকিব পায়, সেই পটাগুটিটোৰেই হলিৰামে সিদিনা ঘৈণীয়েকক গধূলি ভাত নাৰান্ধি শুই থকা জগৰত চোৰ খুন্দাদি খুন্দিলে। মই ইমানকৈ হলিক হকা-বধা কৰিছিলো, বোলো, তোৰ ঘৈণীয়েৰক, জিনো টেকেলাৰ ঘৰত সোমোৱা সেই খহুৱা গৰু চোৰটো পাইছ নে কি, যে ইমানকৈ কিলা? খহুৱাৰ কিন্তু নজৰ ভাল, এগোহালি গৰুৰ ভিতৰত বাছকবনীয়া সেই দাঁতে উঠা বগা বলদটোহে হাত দিছিল। সেই বলদটো কিন্তু নিয়াহেঁতেন জিনাৰ হাত ছিগিলহেঁতেন; আৰু এই বছৰলৈ খেতিৰ ভিকাচন ভাগিলহেঁতেন। জিনাৰ ঘৈণীয়েকে যৌতুকত অনা সেইটো গৰু। জিনাৰ ঘৈণীয়েকে গিৰীয়েকৰ ঘৰলৈ আহি বৰবাপেকক ক'লে, "বোপাই, বকুলীক অনেক ধন-বস্তু দি তুমি উলিয়াই দিলা, মোক একো নেলাগে মাত্ৰ এই বগা বলদ গৰুটো দিয়া।" বকুলীক তাইৰ ভায়েক মতিলৈ বিয়া দিছে। লোকে যিয়ে কওক মতি কিন্তু ল'ৰা ভাল, গুণী। সিদিনা যে বালিবধ ভাৱনাত সি অঙ্গদৰ ভাওটো দিলে। ধইন! ধইন! এনে ভাও আগেয়ে কোনেও কেতিয়াও ক'তো দিব পৰা নাই, অমৰাতলীয়া গোঁসোইৰ ঘৰত এই বুঢ়া শাৰীলেৰেই আগেয়ে ভালেমান ভাওনা দেখিছোঁ কিন্তু কৃষ্ণক চিন্তি সেই বালিবধ ভাওনাৰ নিচিনা ভাওনা নহ'ব নুপজিব। আই গোঁসানীয়ে মতিৰ ভাও দেখি ইমান সন্তোষ পাইছিল, যে পিছদিনা ত'ত মতিক মাতি আনি এযোৰ খমখমীয়া মুগাৰ চুৰীয়া বঁটা দিলে। অৱশ্যে মতিৰ কপাল বেয়া, কাপোৰ যোৰ নি সি জাপত ভৰাই থৈছিল, তাতে তাক টুকুৰা-টুকুৰকৈ নিগনিয়ে কুটিলে। ঘৰত জানো তাৰ কিবা মেকুৰী নাছিল? আছিল। এজনী নহয়, দুজনী নহয়, তিনিজনী। কিন্তু ভতুৱা মেকুৰী থকা বা নথকা একে। সিহঁতে এপেটকৈ ভাত খায়, চুৰকৈ পোৰা মাছ, পগোৱা গাখীৰ খায়, আৰু ফোঁচ কৰি ৰ'দকাচলিত শুই থাকে; নিগনি ধৰিবলৈ সিহঁতৰ আহৰি ক'ত? পখিলী বোলা সেই কলীয়া মেকুৰীজনীৰ কিন্তু জাতটো ভাল আছিল। থাকিলে কি হ'ব? সঙ্গদোষত পৰি স্বভাৱ নষ্ট হৈ তায়ো ডগা গৰু হ'ল। দৈ-কলঙ্গাই গুৱাহাটীৰ পৰা সেই মেকুৰীজনী আনিছিল। কিন্তু আনিলে কি হ'ল, তাইৰ সতি-সন্ততিবিলাক কিবা বিজতৰীয়া হৈ দিনে ৰাতিয়ে কেৱল শুই--শুই"

এইখিনিতে কেকো ককাৰ সাধুৱে "লঙ্গৰ পেলোৱা" দেখি মূৰ দাঙি চাই দেখোঁ, ককাৰ চকু জাপ খোৱা, আৰু মূৰে বৰশী টোপাব লাগিছে। এবাৰ মাতিলো, ককা তাৰ পিছত? ককাৰ নাকে উত্তৰ দিলে, "ঘোট! ঘোট!" আৰু এবাৰ ককা বুলি মাতোতেই ভে-ভে-ভো বান্ধহঁতে হাতৰ ঠাৰ দি হাক দিলে। ইয়াৰ পিছত তিনিউ লাহেকৈ উঠি নিজ নিজ ঘৰলৈ প্ৰস্থান কৰিলো। বাটত আহোঁতে বান্ধহঁতে ক'লে যে ককাৰ নাকে "ঘোঁট্" কৰাৰ পিছত আৰু তেওঁক মাতিলে দায়। আৰু ক'লে তেওঁলোকেও কেকো ককাৰ বিয়াগোম পক্ষীৰ সাধু অনেকবাৰ শুনিচে, কিন্তু আৰম্ভন হে, মাজ আৰু শেহটো কি, আজিলৈকে তেওঁলোকে শুনিবলৈ পোৱা নাই।

ঘৰলৈ আহি এধাডুখৰীয়া সাধু শুনি পেট কামোৰাৰ ভয়ত, লৰালৰিকৈ পাটীত পৰি চকু মুদিলো। আজিলৈকে বেজাৰ থাকিল, বিয়াগোম পক্ষীৰ সাধুৰ মাজ আৰু শেহ ডোখৰ জইন মাৰি শুনিবলৈ নেপালো।