SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
কন্যা

কাৰ্য্যগতিকে কিছুদিনৰ নিমিত্তে মোৰ প্ৰবাস ঘটিল। প্ৰবাস নুবুলি বনবাস বোলাই যুগুত। বাসস্থানৰ চাৰিউফালৰ প্ৰকাণ্ড গছ পৰ্বত আৰু এঙাৰ বৰণীয়া কোলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘৰ। ঘৰ বোলাত তোমাৰ আমাৰ ঘৰৰ নিচিনা ঘৰ বুলি নেভাবিবা। জুপুৰি বা পজা। সিও অসমৰ দুখীয়া মানুহৰ বা মগনীয়াৰ জুপুৰিৰ নিচিনা বুলি ভাবিলে ভুল হ'ব। গছৰ ঠেঙুলি গোটাচেৰেক দি, চাৰিহাত মান দীঘল দুখন চালৰ নিচিনা কৰি, তাৰ ওপৰত এসোপা ঘাঁহ চটিয়াই দিয়া; বেৰ নিদিবা; দুই পানী পাছকে মাটিত লগাই দি বেৰৰ কাম কৰোৱা; মুধেদি বাটৰ ব্যৱস্থা কৰা। দেখিবা, গিৰীয়েক, ঘৈণীয়েক, পুতেক, বোৱাৰীয়েক, লৰা-ছোৱালীৰে সৈতে এটা পৰিয়াল বাস কৰিব পৰা এটা কোল-জুপুৰি তুলি সাজি পেলালা।

আমাৰ ঘৰৰ কাষেদি এখন সৰু পৰ্বতীয়া নৈ ৰু ৰুৱাই শিলৰ মাজেদি বৈ গৈছে। নৈখনৰ নাম কন্যা। সোৱাদ নামটি। হয় কোনো কবিয়ে এই নামটি ৰাখিছিল, নহয়, নৈয়েই আপোনা গুণেৰে সৰ্বসাধাৰণ অকবিৰ হৃদয়ত কবিতা-লহৰি তুলি দি বলেৰে এই প্ৰাপ্য নামটি ল'লে। কন্যাৰ গৰ্ভত ডাঙৰ সৰু নানাবিধ শিল আছে। এই শিলবিলাকত পানী পৰি দিনে ৰাতিয়ে অবিশ্ৰাম ৰু ৰুৱনি উঠি থাকে। প্ৰায় আদ মাইল বাটৰ পৰা, কান্দোনৰ নিচিনা সেই বিষাদসূচক ৰু ৰুৱনি কাণত পৰে। শুনিলে মন বনবৰাগী হৈ কৰবালৈ গুচি যাব খোজে। দুই পাৰৰ প্ৰকাণ্ড কোনোবা-কলিশ-যুগীয়া দুশাৰি গছে নৈখন সাবট মাৰি ধৰি, সেই কান্দোন শুনি সমবেদনাজ্ঞাপক টোপালেৰে সেই শোকত সহানুভূতি প্ৰকাশ কৰিব লাগিছে যেন লাগে। বিশ্বনিয়ন্তাৰ ৰাজ্যত এই মৰ্মভেদী শোক আৰু হৃদয়স্পৰ্শী সহানুভূতিৰ তাত্পৰ্য্য কি আমি কি বুজিম? কিন্তু এনে নিভাজ সহানুভূতি য'ত পোৱা যায় তাত কান্দিও সুখ আছে। পুৱা-গধূলিৰ আহৰি কালটো মই কন্যাৰ পাৰত কটাওঁ। বৰ ভাল লাগে। ঘাইকৈ তাত মোৰ দুটা সকাম। প্ৰথম --ৰঙা, বগা, ক'লা, হালধীয়া ইত্যাদি নানা বৰণীয়া শিলগুটি গোটোৱা। দ্বিতীয়--পাৰৰ গছ এজোপাৰ শিপাতে অকলশৰীয়া হৈ বহি কন্যাৰ সেই কান্দোন শুনা। ইমান দিনৰ পিছত আজিও সেই দুটা কাম আৰু সেই কন্যাৰ পাৰলৈ মনত পৰিলে বুকুখন হম্ হমাই উঠে।

একো একো দিনা মোৰ উল্লিখিত দুই কাৰ্য্যত এজন বন্ধুৱে যোগ দিয়ে। বন্ধবৰ কিছু সাংসাৰিক আৰু ৰঙীয়াল বিধৰ মানুহ। অৰ্থাত্ এই পৃথিৱীত খাই-লৈ মানুহমুৱা হৈ থাকিবলৈ হ'লে যেনে হোৱা আৱশ্যাক, তেনে; কবিতাৰ ফেন খাই গোটেই জীৱনটো উস্ উস্ আস-আস্ কৰি ফুৰা বিধৰ লোক নহয়। কাৰোবাক কবিত্ব কৰিবৰ দেখিলে দুটা এটা ধেমেলীয়া কথা প্ৰয়োগ কৰি হাস্যৰসৰ অৱতাৰণা নকৰি তেওঁ নেথাকে। কোনো এজোপা গছৰ সৌন্দৰ্য্য দেখুৱাই কোনো কথা তেওঁৰ আগত ক'লে, তেওঁ উত্তৰত সেই জোপা গছ দীঘলে কেই হাত, বেৰে কেই হাত, আৰু কাটিলে তাত কেইটা খুটা কেইটা চতি হ'ব আৰু তাৰ মূল্য কিমান হ'ব, এনেবিলাক হিচাপ কৰি কাব্যৰসৰ দহাকাজ সোপাকে কৰি থয়। কলা শিলগুটি এটা বুটলি আনি "এইটি কেনে সু্ন্দৰ চোৱাঁ" বুলি তেওঁক দেখুৱালে, সেইটো ভাঙি গলালে শতকৰা কিমান তাত লো বা আন ধাতু ওলাব তাৰ তেওঁ লেখ কৰি কথাৰ ওৰ পেলাই দিয়ে। এদিন এটি বঢ়িয়া চিকচিকীয়া ক'লা শিলগুটি আনি তেওঁক দেখুৱাই সুধিলোঁ, "কেনেকৈ এনে দেখিবলৈ চিকুণ ক'লা শিলগুটি হয়?" তেওঁ উত্তৰ দিলে, "এই যে কেতুৰি ক'লা মানুহবোৰ দেখিচা, ইহঁত মৰিলে ইহঁতৰ হাড় আৰু মঙহবোৰ ভাগিছিগি এই শিলগুটিবিলাক হয়।" মই শিলগুটি বিচাৰি বুটলি ফুৰোঁ, তেৱোঁ মোৰ লগে লগে বিচাৰি ফুৰে, কিন্তু কয়, তেওঁৰ উদ্দেশ্য বেলেগ, তেওঁ শিলগুটি বিচৰা নাই, কৰবাত হীৰা বা আন বহুমূলীয়া শিলপায় বুলিহে বিচাৰিছে।

যি ডাল গছৰ শিপাত বহি মই দ্বিতীয়টি কাম কৰোঁ, তাৰ দহ বেও মান আঁতৰতে এটা ঘুলিত এটা কুৰি বছৰমান বয়সীয়া ডেকা কোল ল'ৰাই আহি নিতৌ আবেলিপৰৰ পৰা গধূলিলৈকে বৰশী বায়। সি নিতৌ বৰশী বায়, কিন্তু মই এদিনো তাক এটাও মাছ ধৰা নেদেখিলো। নৈত যে মাছ নাই এনে নহয় বা বৰশীত খোটা সিহঁতৰ অভ্যাস নাই এনেও নহয়। লোকৰ ল'ৰাই বৰশী বাই সেই নৈৰে মাছ জোকাজোকে লৈ গৈ তিনিতেলনি মাৰি খায়। আচল কথা, আমাৰ ল'ৰাই বৰশী থয় পানীত, আৰু চকু থয় নৈৰ সিপাৰত। মাছে নিজৰ অৱসৰ মতে আহি বৰশীত খুটিয়ায়, পুঙা টনাটনি ব্যায়াম বা পৰিশ্ৰম কৰে, শেহত আকণ্ঠ পৰিপূৰ্ণ কৰি টোপ খাই ভোক গুচাই ঘৰাঘৰি গুচি যায়। বৰশী বাওঁতাৰ ভুৱেই নাই। বৰশীৰ গৰাকীয়ে কেৱল নৈৰ সিপাৰত চকু থৈ কোনোবা সপোন পুৰীত ঘূৰি ফুৰে।

সমুখতে সিপাৰে পানী নিয়া ঘাট। এজনী গাভৰু কৃষ্ণবৰ্ণ কোল ছোৱালী নিতৌ অকলৈ সেই সময়তে কাষত কলহ লৈ পানী নিবলৈ আহে। এই ক'লা চুম্বক ডোখৰেই আমাৰ ক'লা লো কোল ডেকাৰ চকু দুটা সিপাৰলৈ টানি নি ধৰি ৰাখে। কোল সুন্দৰী পানী নিবলৈ আহে আবেলিতে, কিন্তু সন্ধ্যা লাগি ভাগি যায়, তথাপি তাইৰ কলহ ধোৱাই নহয়। তাইৰ মাটিকলহটোৰে সৈতে নো মলিৰ কিয় ইমানটো ডাঠ প্ৰণয় ক'ব নোৱাৰোঁ। তাই ঘঁহি-পিহি দুই-পখালি দেখোন কোনো মতেই কলহৰ পৰা মলিৰ কামোৰ এৰুৱাব নোৱাৰে।

সি যি হওক, এই মাছ-ধৰোঁতা আৰু পানী কঢ়িয়াওঁতা দুজনৰ ভিতৰত এষাৰ কথাও কেতিয়াও সাল-বদল হোৱা নেদেখিলো। দেখাৰ ভিতৰত মাত্ৰ এই ফেৰাহে--ইপালে সিজনীয়ে বালি গঁহি ঘনে ঘনে কলহ ধুই কেঁৰা-কেৰিকৈ ইয়াৰ ফালে চাই কাল কটায়।

এনেৰূপে কিছু দিন গ'ল। এই লীলা দিনৌ হয়। কন্যাৰ পাৰলৈ যোৱা মোৰ সকামৰ তালিকাত এই লীলা দৰ্শন কাৰ্য্ঠিও তৃতীয় স্থান ভুক্ত হ'ল।
এদিন আমি তিনিও নিজ নিজ নিত্য কাৰ্যত নিমগ্ন আছোঁ, এনেতে দেখোন হঠাত্ কোল ডেকাই ভয়ানক উচপ খাই, বৰশীৰ ডাঁড়ি হাতৰ পৰা পেলাই জপং কৰে সেই ঘূলিত পৰিল। মই তাৰ একো অৰ্থ বুজিব নোৱাৰি এক মূ্হুৰ্তমান চাই আছোঁ, দেখিলোঁ, সি ঢোকাঢোকে পানী খাই বুৰ মাৰিব লগা হৈছে! লৰ মাৰি গৈ কাপোৰ-কানিয়ে একে জাপেই পানীত পৰিলো। কিন্তু মই লৰি গৈ পানীত পৰোঁমানে সি তলেই গ'ল। দুই মিনিটমানৰ মূৰত তাক বিচাৰি পাই জোটোৰ-পোটোৰকৈ অতি কষ্টে বামলৈ তুলিলো। উভটি চাই দেখোঁ, চাৰি পাঁচটা মানুহ মোক সেই কাৰ্যত গোট খালে; আৰু লৰি ঢাপৰি কান্দি-কাতি তাৰ মাক বাপেক ওলালহি। এখন হুৱা-দুৱা কোঢ়াল লাগি পৰিল।

কিয় কি শোকৰ কথা! সকলোৱে নানা প্ৰকাৰ চেষ্টা কৰিও তাৰ ধাতু আনিব নোৱাৰিলে। তাৰ শৰীৰ সজাৰ পৰা প্ৰাণ পখী উৰি পলাল!
কিন্তু সি হঠাত্ এনে উচপ খাই পানীত পৰিল, এই কতাৰ গুৰি বিচাৰি গৈ দেখা গ'ল যে, সি পাৰৰ যিখিনিতে দিনৌ বহি বৰশীবায়, সেইখিনিতে এটা ভয়ানক অজগৰ সাপ মাটিত পোত খাই আচে। সোপটোৰ গাৰ ওপৰত মাটি পৰি বন গজিছে। সি নিতৌ সেই সাপৰ ওপৰত বহি বৰশী বাইছিল, তেও সাপ বুলি নেজানে। সেইদনা সাপে অলপ লৰচৰ কৰিছিল; সি কি এইটো বুলি বৰ ভয় খাই পানীত পৰিল।

গাঁৱৰ ভালেমান মানুহ আহি মাটি খান্দি খুটিপুতি কুঠাৰেৰে কাটি সাপটো মাৰিলে। জুখি দেখা গ'ল সি দীঘলে বাৰ হাত, বেৰে আঢ়ৈ হাত। সেই দিনাৰ পৰা কন্যাৰ পাৰৰ লীলা শেষ হ'ল। ভয়তেই হওক কি বেজাৰতেই হওক আৰু সেইফালে মই মুখ নকৰা হ'লো।

এই ঘটনাৰ তিনি দিনৰ পাছত পুৱাই পানী আনিবলৈ যোৱা মোৰ লগুৱা ল'ৰাটো উধাতু খাই লৰি আহি মোক মাতিলে, "দেউতা! দেউতা!" মই তা্মোলৰ চিকুণ গুৱা, টোপনিৰ চিকুণ পুৱা", বুলি কোৱা আগৰকলীয়া সেই বুঢ়া লোকজনক পেটে পেটে নথৈ শলাগি সুখেৰে দকচি শুই আছো। "দেউতা! দেউতা!" কৈ পুৱাই মোক টোপনি ভঙা বাবে কঠালগুটীয়া লগুৱা ল'ৰাটোক মই ভেকাহি মাৰি দিলো'"কি হেকেউতা হেকেউতা কৰিবলৈ লাগিলিহি তই ৰাতি পুৱাই দিনটোলৈ, গুচ ইয়াৰ পৰা, মুখ ভাঙিম ধৰি।" সি ক'লে, "দেউতা, আহকচোন চাওকহি সেই ঘুলিতে কিবা এটা ওপঙি আছে।" মই লৰালৰিকৈ উঠি চাবলৈ গৈ, মানুহৰ শ যেন দেখি তোলাই অনালো। দেখোন, নৈৰ সিপাৰে নিতৌ পানী নিবলৈ অহা সেই কোল ছোৱালীজনী!!!