SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
জয়ন্তী

প্ৰথম আধ্যা
জয়ন্তী ডাঙৰ মানুহৰ জীয়াৰী, ডাঙৰ মানুহৰ ঘৈণী; সৰুতে বাপেকৰ ঘৰত সুখত উঠা, আৰু ডাঙৰত গিৰিয়েকৰ ঘৰত সৌভাগ্যৰ কোলাত লালিতা। দৈন্য-দৈত্যৰ তাড়নাত শাৰীৰিক কিম্বা মানসিক কষ্ট বাপেকৰ ঘৰত কি শহুৰৰ ঘৰত তেওঁ অনুভৱ কৰা নাছিল। কিন্তু সেই বুলি আন আন ডাঙৰ মানুহৰ জীয়াৰী বোৱাৰীৰ নিচিনাকৈ আলাসৰ লাড়ুটিৰ দৰে নিষ্কৰ্মা হৈ সাজ-পাৰ, মেল-দোৱান আৰু আহাৰ-নিদ্ৰাদিতে মাথোন কাল কটাই ৰংপুৰৰ এই সম্ভ্ৰান্ত ধনী বামুনৰ জীয়াৰী ডাঙৰ দীঘল হোৱা নাছিল। বাপেকৰ ঘৰতে গুণৱতী মাকৰ যতন আৰু কিকনিত ভৱিষ্যত্ ঘৰুৱা জীৱনৰ প্ৰায় সকলো আৱশ্যকীয় কামত জয়ন্তী সুশিক্ষিতা হৈ উঠিছিল। আসামৰ ভাল মানুহৰ ঘৰৰ জীয়ৰীয়ে যিবিলাক বিদ্যাত পাৰ্গতালি লাভ কৰা উচিত, জয়ন্তী আইদেউৰ সেইবিলাক একো বাকী নাছিল। “টিক বলধা ওলাই মাটি, মাক ভালে জীয়েক জাতি”, জ্ঞানী ডাকৰ এই বচনটিয়ে জয়ন্তীত সাৰ্থকতা লাভ কৰিছিল। তেওঁ গুণৱতী, শিপিনী মাকৰ আৰ্হিত গঢ় লৈ আপোনা গুণেৰে ৰংপুৰ নগৰ পোহৰ কৰিছিল। কোনোবাই যদি সোধে, ৰংপুৰৰ ভিতৰত ভাল কাপোৰ বয় কোনে? উত্তৰ দিব লাগিব, জয়ন্তী আইদেৱে। ভাল পাৰি দিয়া কাপোৰ  কাৰ তাঁতৰ পৰা ওলায়? ক’ব লাগিব জয়ন্তীৰ। বিয়াই সবাহে সুললিত মাতেৰে সকলোতকৈ সুৱলাকৈ কোনে নাম দিব পাৰে? জয়ন্তীয়ে। দশম, কীৰ্তন, ঘোষা, ৰত্নাৱলী প্ৰভৃতি পুথিবিলাকৰ কথা, ৰংপুৰৰ ভিতৰত কোন ছোৱালীৰ জিভাৰ আগত? শুনিবা জয়ন্তীৰ। গা ধুই মূৰ আচুৰি, কপালত সেন্দুৰৰ ফোট, কাণত কেৰু, ডিঙিত মণি, হাতত খাৰু আৰু বগা পাটৰ ৰিহা-মেখেলা পিন্ধি হাত জোৰকৈ বাল সূৰ্য্যৰ সেই বৰণীয়া কান্তি ধ্যান কৰিবৰ সময়ত বশিষ্ঠজায়া অৰুন্ধতীৰ নিচিনা সুন্দৰী দেখুৱায় কাক? স্বীকাৰ কৰিব লাগিব,  ৰমানাথ বৰুৱাৰ পত্নী শ্ৰীমতী জয়ন্তী দেৱী পুৰণি আসামৰ ৰাজধানী ৰংপুৰ নগৰৰ মাজত সাবিত্ৰীৰ নিচিনা সতী, কমলাৰ নিচিনা সুন্দৰী, শচীৰ দৰে সৌভাগ্যৱতী বুলি ৰাষ্ট্ৰ আছিল।
দ্বিতীয় আধ্যা
আজি প্ৰায় এক শতিকা হ’বলগীয়া হ’ল, অসম দেশ মানৰ দ্বাৰাই তিনিবাৰ আক্ৰান্ত হয়। তৃতীয়বাৰৰ আক্ৰমণ অতি ভীষণ। এইবাৰ অসম দেশে ব্ৰহ্মৰজাৰ সৈন্যৰ দ্বাৰা অধিকৃত হৈ স্বাধীনতা-ফুলৰ মালা ডিঙিৰ পৰা দলিয়াই পেলাই পৰাধীনতা-লোৰ শিকলি ভৰিত পিন্ধে। মানৰ গোৰোহনিয়ে স্বাধীন অসমৰ ওখ মূৰ দোঁৱায়। আহোম ৰজাৰ গৌৰৱ-ৰবি চিৰকাললৈ অস্ত যায়। ছশ বছৰ অকণ্টক ৰাজ্য ভোগৰ পিছত সৌমাৰ-বিজেতা আহোম ৰজা চুকাফাৰ বংশধৰসকল বাটৰ মগনিয়াৰ হ’ল। ১৭৪২ শকৰ ২ চ’তৰ পৰা ১৭৪৭ শকৰ ২১ মাঘলৈকে নৃশংস ব্ৰহ্মবাসীহঁতৰ অত্যাচাৰ নিষ্ঠুৰতা হত্যা আৰু লুটপাত আদিৰে অসম লালকাল আৰু জুৰুলা হয়। শেহত, বৃটিছ-সূৰ্য্যৰ উদয়ত, দুৰ্ভগীয়া অসমৰ পৰা তিনি বছৰ দহ মাহ উনৈশ দিন ব্যাপী এই ঘোৰ এন্ধাৰ ৰাতিৰ ওৰ পৰে। এই সময় অসমৰ অৱস্থা বৰ্ণনা কৰিবলৈ কাপ অক্ষম। শিক্ষা, কৃষি, বাণিজ্য, শিল্প, সুখ, শান্তি পাপাত্মবিলাকৰ দৌৰাত্ম্যত দেশৰ পৰা একেবাৰেই অন্তৰ্হিত হৈছিল। ইহঁতৰ অত্যাচৰত প্ৰায় তিনিভাগৰ এভাগ প্ৰজা অসমৰ পৰা নাইকিয়া হৈছিল। স্বামীৰ পৰা তিৰোতাক, বাপেকৰ পৰা পুতেকক, কোলাৰ কেচুৱাৰ পৰা মাকক, এই দুৰাচাৰহঁতে চিৰজন্মলৈ আঁতৰ কৰিছিল। শই শই গাঁও দেৱালয় আদি অগ্নিত আহুতি দিয়া হৈছিল; হেজাৰ হেজাৰ সতী সাধ্বীয়ে দুৰাত্মহঁতৰ ভীষণ কবলত সতীত্ব ৰত্ন বিসৰ্জন দিবলগীয়াত পৰিছিল। প্ৰকৃতিৰ কাম্য-কানন অসম মহাতপা বশিষ্ঠ গালৱ গোকৰ্ণকে আদি কৰি যোগী তপস্বী ঋষি মুণিসকল, পবিত্ৰ আশ্ৰম নীলাচল, অশ্বক্লান্ত, মণিকৰ্ণেশ্বৰ, উমানন্দ, শুক্ৰেশ্বৰ, হয়গ্ৰীৱমাধৱ, বিশ্বনাথ প্ৰভৃতি হিন্দু দেৱতাসকলৰ পীঠস্থান তীৰ্থস্থান অসম শ্মশানত পৰিণত হৈছিল। ঠিক এই সময়ৰ এদিনৰ এটি ঘটনা লৈ আজি আমি আমাৰ আখ্যান আৰম্ভ কৰিলো।
তৃতীয় আধ্যা
দেশৰ এনে অৱস্থা। ধ-প্ৰাণৰ এনেকুৱা অস্থিৰতা। ৰজা চন্দ্ৰকান্ত সিংহ মানৰ ভয়ত কাপুৰুষৰ দৰে ৰাজ সিংহাসন আৰু ৰাজধানী এৰি পলৰীয়া। গতিকে মানৰ সেনাপতি মিঙ্গি মাহা তিলুৱাই ৰাজ ছ৬-দণ্ড বুটলি পোৱাদি পাই তুলি ল’লে। উদণ্ড মানৰ অত্যাচাৰ, লুটনি, হত্যা, কুন্ধচ ব্যৱহাৰ আৰু নৃশংসতাত দুৰ্ভগীয়া অসমৰ টলবলনি লাগি পৰি।
ৰমানাথ বৰুৱাই কি কৰিব ক’লৈ যাব একোকে ভাবি থিৰ কৰিব পৰা নাই। তেওঁৰ বন্ধু-বান্ধব লগুৱা লিকচৌৰ ভালেখিনিয়ে প্ৰাণৰ ভয়ত দেশ এৰি পলাল, অথবা অসমৰ অগাধ অৰণ্যত হিংসুক বনৰীয়া জন্তুৰ প্ৰতিবেশিত্ব স্বীকাৰ কৰিলে। ৰমানাথে দেখিলে, যে প্ৰাণ, মান, ধন, জন লৈ আৰু জন্মভূমিত বাস কৰা অসম্ভৱ হৈ উঠিল। তেওঁ এই অৱস্থাত সোনকালে বঙ্গ দেশৰ ফাললৈ সস্ত্ৰীক পলোৱাৰ বাহিৰে আন একো উপায় দেখিবলৈ নেপাই এক সপ্তাহৰ ভিতৰতে জন্মভূমিৰ ওচৰত কৰযোৰ কৰি বিদায় মাগি ভটীয়াই যাবলৈ কৃতসঙ্কল্প হ’ল।
ইয়াৰ ভিতৰতে এদিন ঠিক দুপৰ বেলিকা ৰমানাথ বৰুৱাই আহাৰদি কৰি চালপিৰাৰ ওপৰত শুই বিশ্ৰাম কৰিছে, চুকত অলপ তন্দ্ৰা আহিছে মাথোন; আৰু জয়ন্তী দেৱীয়ে গৃহকাৰ্য্য সমাপন কৰি ওচৰতে বহি বিচনী এখন লৈ স্বামীক বিচিব লাগিছে। এনে সময়তে তেওঁলোকে বাহিৰৰ দুৱাৰত ধুপ ধুপকৈ কোব পৰা শুনিবলৈ পালে। কি হৈছে, কিহৰ শব্দ বুলি সুধি নাম কাঢ়ি মাতি মাতিও কোনো লগুৱা লিগিৰীৰ উত্তৰ নেপাই জয়ন্তীয়ে নিজে উঠি গৈ দেখিলে য়ে তিনিটা অস্ত্ৰধাৰী মানে টোকোনেৰে কুবিয়াই ঘৰৰ দুৱাৰখন ভাঙি দোডোখৰ কৰিছে। এই কাণ্ড দেখিয়েই জয়ন্তীৰ মুখ কেহেঁবাজ-বটা যেন বিবৰ্ণ হ’ল, ভয়ত তেওঁ থৰ থৰ কৰে কঁপিবলৈ ধৰিলে। ঘৰৰ লগুৱা লিগিৰীহঁত ইয়াৰ আগেয়ে ঘৰ এৰি মুহূৰ্তকতে ক’লৈ পলাই গ’ল ঠিক নাই। চকুৰ পচাৰতে মানহঁতে ঘৰৰ ভিতৰ সোমাই জয়ন্তী আৰু ৰমানাথক জৰিৰে কটকটীয়াকৈ বান্ধি ঘৰ লুটিবলৈ ধৰিলে।
দেশৰ এনে হুলস্থূল অৱস্থা দেখি ইয়াৰ দিন চেৰেকৰ আগেয়েই ৰমানাথ বৰুৱাই তেওঁৰ ৰূপ-বান অলঙ্কাৰ-পাতি আৰু মূল্যবান বয়-বস্তু বিলাক গুৱাহাটীলৈ তেওঁৰ ভায়েকৰ ঘৰলৈ পঠিয়াই দিছিল। গতিকে মান ডকাইতহঁতে বিশেষ মূল্যবান একো লুটিবলৈ নেপালে। আশাত নিৰাশ হৈ মানহঁতৰ খং জুই জ্বলাদি জ্বলি উঠিল, দাঁতে কাড়মড় কৰিবলৈ ধৰিলে, চকুৰ পৰা জুইৰ আঙনি ওলাল। প্ৰথমটো মানে দ্বিতীয়টোলৈ চাই ক’লে, “ইহঁত বৰ টেঙৰ মানুহ; ৰূপবান অলঙ্কাৰ পাতি সোপাকে আগৰ পৰাই কৰবাত লুকাই থৈছে।” দ্বিতীয়টোৱে প্ৰথমটোৰ কথাৰ কোনো সমিধান নিদি ৰমানাথ বৰুৱাৰ পিঠত চমটাৰে সাৰৌপকৈ তিনিকোব মাৰি গুজৰি সুধিলে, “ধন-বস্তুবিলাক ক’ত লুকাই থৈছ এতিয়াই দেখুৱাই দে, নাইবা তহঁতক এই ঘৰৰ ভিতৰতে জুই দি পুৰি মাৰিম।” চমটাৰ কোবত ৰমানাথ বৰুৱাৰ পিঠিৰ পৰা ঝৰঝৰকৈ তেজ পৰিবলৈ ধৰিলে। স্বামীৰ এনে অৱস্থা দেখি কান্দি কান্দি জয়ন্তীয়ে যোৰহাতকৈ কাতৰ কণ্ঠেৰে ডকাইতহঁতক ক’লে, “তোমালোক এই দুখুনীৰ প্ৰতি দয়া কৰা, মোৰ দেউতাহঁত, মোৰ স্বামীক আৰু নেমাৰিবা। মই ঈশ্বৰক সাক্ষী কৰি কৈছো, আমাৰ হাতত এতিয়া একো নাই। সত্যে সত্যে তিনি সইত খাই কৈছো, ৰূপ-বান অলঙ্কাৰ পাতি বয়বস্তু যি আছিল, আমি ইয়াৰ পৰা গুটি যাম বুলি দিন চেৰেক আগেয়েই আমাৰ গুৱাহাটীৰ মিতিৰ-কুটুমৰ ঘৰলৈ পঠিয়াই দিলো। এতিয়া তোমালোকে আমাৰ দুয়োকো ছোৱা-ছোৱাকৈ কাটিলেও একো পাবৰ উপায় নাই। সেইদেখি মোৰ দেউতাহঁত” আমাক মিছাতে মাৰি-কাটি আৰু যন্ত্ৰণা নিদি ঘৰত যি আছে তাকে লৈ তোমালোক যোৱাহঁক! তোমালোকৰ ভৰিত ধৰি কাবৌ কৈ মাতিছো মোৰ স্বামীক আৰু নেমাৰিবাহঁক। মোৰ ডিঙিত এইধাৰ মণি হাতত আৰু এইযোৰ খাৰু আছে, ইয়াকে মই সোলোকাই দিছো, তোমালোকে তেওঁক এৰি দিয়া।“ এই বুলি ডিঙিৰ মণিধাৰ আৰু হাতৰ খাৰুজোৰ সোলোকাই জয়ন্তীয়ে মানহঁক দি কাকুতি কৰিবলৈ ধৰিলে। জয়ন্তীৰ কথা শুনি মান তিনিটাই একে বেলিয়েই খল খল কৰে হাঁহি কলে, “তহঁতে আমাক কেচুৱা ল’ৰা বুলি ভাবিছ নেকি যে এইবিলাক মিছা কথা আমি বিশ্বাস কৰিম? ক’ত কি লুকাই থৈছ বেগতে ক, নাইবা পোনতে এই চমটাৰে কোবাই তহঁতৰ পিঠিৰ ছাল ছিঙিম, তাৰ পিছত জুই জ্বলাই দুইকো এই ঘৰৰ ভিতৰতে পুৰি ছাই কৰি গুচি যাম।”
দুখনী জয়ন্তীৰ কাকূতি মিনতিলৈ আওকাণ কৰি মানহঁতে ৰমানাথ বৰুৱাক কোবাই কিলাই যেনে যন্ত্ৰণা দিব ধৰিলে তাক বৰ্ণনা কৰিবলৈ এই কাপ অক্ষম। শেহত মানহঁতে যেতিয়া দেখিলে যে ইমান মৰিয়াই কিলাই জীয়াতু দিও ধন-বস্তু একোকে তেওঁলোকৰ পৰা পোৱা নগ’ল, তেতিয়া প্ৰথম মানটোৱে লগৰীয়া দুটাৰ মুখলৈ চাই ক’লে,”আহ, ইহঁত দুটাকেই লৈ যাওহঁক, মটাটো বেছ শকত আৱত আছে, আমাৰ বয়-বস্তুবিলাক ইয়াৰ পিঠিত তুলি দি লৈ যাওঁহক, তাৰ পিছত লাটুৱাক কাটি পেলাম। আৰু এই তিৰোতা মানুহজনী দেখিবলৈ শুৱনী আছে, আমাৰ মলুকলৈ এইক লৈ গৈ আমাৰ ৰজাক ভেটি দিমহঁক; এনে ৰূপহী তিৰোতা ৰজাই পালে আমাৰ ওপৰত খুব সন্তুষ্ট হ’ব।“ দ্বিতীয়টোৱে প্ৰথমটোৰ কথাত অমত প্ৰকাশ কৰি ক’লে, “দেখ ককাই, তোৰ আজিকালি এটা ৰোগ হৈছে; যিহকে হওক এটা ভাল বস্তু পালেই আগেয়েই তই কৈ পেলা যে এইটো আমাৰ দেশলৈ গৈ ৰজাক দিম। কিয়, ৰজাক দিম কিয়? মই কওঁ এই ৰূপহী তিৰোতাজনী মোৰ, মই কাকো নিদিওঁ। তহঁতে ৰূপ-বান, বয়-বস্তু যি মন যায় লহঁক, কিন্তু মোৰ ভাগত এই।” কথাষাৰ শুনা মাত্ৰকেই তৃতীয়টোৱে গৰ্জ্জি উঠিল ক’লে, “কাৰ? তোৰ? কেতিয়াও হ’ব নোৱাৰে। বাৰু! মই দেখিম, কোনে মোৰ হাতৰ পৰা এইক নিয়ে? এই মোৰ।” দুইৰো ভিতৰত এইদৰে পৌৰাণিক সুন্দ-উপসুন্দীয়া দন্দ লাগিব দেখি প্ৰথমটোৱে “এই কথাৰ মীমাংসা পিছত কৰা যাব” বুলি দুইকো বুজাই সান্ত্বনা কৰিলে। ইয়াৰ পিছত সস্ত্ৰীক ৰমানাথ বৰুৱাক, লুটি-পুটি পোৱা বস্তুৰে সৈতে বান্ধি মানহঁতে লৈ যাবলৈ ধৰিলে। জয়ন্তীয়েও বিপদহাৰী মধুসূদনক কাতৰ কণ্ঠে মাতি স্বামীৰে সৈতে চকুৰ লো টুকি যাবলৈ ধৰিলে।
                              চতুৰ্থ আধ্যা
বাটত যাওঁতে আত্মসংযমত অভ্যস্তা জয়ন্তীয়ে মনে মনে হঠাত্ এটা উপায় স্থিৰ কৰি খং আৰু বেজাৰৰ ভাও পৰিত্যাগ কৰি মানহঁতৰ ফালে চাই মৃদু মধুৰ মাতেৰে ক’লে, “দেখ, ভায়া! তহঁতে যেতিয়া আমাক ধৰি লৈ গৈছ, আৰু ধন-বস্তু ৰাখিবৰ মিছা চেষ্টা কৰি কি ফল? আমিয়েই যেতিয়া গাঁও-ভূঁই দেশ এৰি যাবলগীয়াত পৰিলো আৰু আমাৰ ৰূপ-বান ধন-সম্পত্তি কোনে খাব? মোৰ কপালত গোঁসায়ে যি লিখিছে সেয়েই হ’ব, কিন্তু যদি তহঁতে মোৰ স্বামীক নাকাটি এৰি দিবলৈ মান্তি হৱ তেন্তে আমাক ওভতাই আমাৰ ঘৰলৈ লৈ ব’ল; ক’ত আমাৰ পেৰাই পেৰাই সোণ-ৰূপ অলঙ্কাৰ পাতি পুতি লুকাই থৈছোহঁক, তহঁতক দেখুৱাই দিওঁগৈ।” জয়ন্তীৰ অলৌকিক ৰূপলাৱণ্যই ইতিপূৰ্বেই ডকাইতহঁতক আংশিকৰূপে জয় কৰি ৰাখিছিল; এতিয়া তেওঁৰ এই সুমধুৰ বচনে আৰু বিপুল অৰ্থপ্ৰাপ্তিৰ লোভে সিহঁতক সম্পূৰ্ণৰূপে ৰাখিছিল; এতিয়া তেওঁৰ এই সুমুধৰ বচনে আৰু বিপুল অৰ্থপ্ৰাপ্তিৰ লোভে সিহঁতক সম্পূৰ্ণৰূপে পৰাজয় কৰিলে। সিহঁতে উলাহেৰে আকৌ উভতি আহি ৰমানাথৰ ঘৰৰ ওচৰ চাপিল। জয়ন্তীয়ে ঘৰৰ আগচোতালৰ কাষতে থকা এজোপা কাঞ্চন ফুলৰ গছ দেখুৱাই ক’লে, “এইখিনিতে চাৰি হাত মাটিৰ তলত আমি আমাৰ ৰূপ-বানৰ পেৰাবিলাক পুতি থৈছোঁ।” এই কথা কাণত পৰা মাত্ৰকে মানহঁতে কাঞ্চন গছত ৰমানাথক ভালকৈ বান্ধি ৰং মনেৰে কোৰ লৈ সেই দেখুৱাই দিয়া ঠাই ডোখৰ খান্দিবলৈ লাগিল। এইখিনিতে কোৱা যাওক যে ডাকাইতহঁতে জয়ন্তীক অৱলা তিৰোতা মানুহ, ক’লৈ পলাব বুলি সৰহ পৰ বান্ধি ৰাখিবৰ আৱশ্যক যেন নেভাবি মুকলিকৈ থৈছিল। সিহঁতে আৰু ভাবিছিল, যদি তেওঁ পলাব খোজেও ততালিকে এজনী তিৰোতা মানুহক ধৰি পেলাবলৈ সৰহ কথা নেলাগে।
প্ৰায় আদঘণ্টামান বেলি তিনিওটা মানে ওপৰা-ওপৰিকৈ চাৰি হাত মান দকৈ গাঁত খান্দিলে; কিন্তু ৰূপ-বানৰ কিম্বা আন বয়-বস্তুৰ একো চিন পোৱা নগ’ল। প্ৰথম ডকাইতে জয়ন্তীৰ মুখলৈ চাই ক’লে “চা চোন, ঐ মানুহজনী। তই আমাৰে সৈতে ঠাট্টা কৰিছ নেকি? এইয়া এডিঙীয়াকৈ গাঁত খান্দিলো, তোৰ ধনৰ পেৰা ক’তা?” জয়ন্তীয়ে গহীনকৈ উত্তৰ কৰিলে, “আৰু অলপমান খান নিশ্চয় ওলাব। আৰু নোলায় যদি আমিতো ডিঙি পাতিয়েই আছোঁ, তাৰ নিমিত্তে চিন্তা কি?” গাঁতৰ ভিতৰৰ মানটোৱে আশ্বস্ত হৈ আকৌ উত্সাহেৰে সৈতে খান্ধিবলৈ লাগিল। গাঁতৰ পাৰত থকা দুটাই নিজ নিজ তৰোৱাল কাষত থৈ কথা পাতি থাকোঁতেই চেগ চাই জয়ন্তীয়ে বিজুলীৰ বেগেৰে সিহঁত দুইকো ঠেলা মাৰি সেই এডিঙীয়া দ গাঁতত পেলাই দি সেই তৰোৱালেৰেই মূৰ্হুত্বৰ ভিতৰতে তিনিওৰো মূৰ তিনিটা কাটি পেলাই, ৰমানাথৰ হাতৰ বান্ধ সোলোকাই দি বলিয়াই দৰে নাচিবলৈ ধৰিলে। নিমিষৰ ভিতৰতে এনে আচৰিত পট পৰিবৰ্তন ৰমানাথাৰ সামাজিক যেন লাগি। ক’ত সেই ভীমকায় দুৰ্বৃত্ত দস্যুৰ হাতত প্ৰতি নিমিষতে তেওঁৰ জীৱনৰ আশাত জলাঞ্জলি দিব লগীয়াত পৰিছিল, আৰু ক’ত খন্তেকতে সিহঁতৰ মৰা শ কেইটা স্বীকৃত দুষ্কাৰ্য্যৰ পৰাচিত স্বৰূপে নিজে-খন্দা গাঁতৰ ভিতৰত মূৰ নাইকিয়া হৈ পৰিল। ক’ত সেই ভয়ত সোত-মোত খোৱা জয়ন্তীয়ে চকুৰ লোৰে ৰিহাৰ আঁচত তিয়াইছিল আৰু ক’ত নিমিষতে এই ৰণোম্মত্তা চামুণ্ডাৰূপিনী তিৰোতাই তৰোৱাল হাতত লৈ উন্মাদ নৃত্য কৰিব লাগিছে। ক’ত কাঞ্চন গছত ৰমানাথ বধ্য বন্দ্ী ৰূপে বান্ধ খাই আছিল, আৰু ক’ত পলকৰ ভিতৰতে তেওঁ বান্ধৰ পৰা মুকলি হৈ স্বাধীনতা লভিছে। নিমিষতে দৃশ্যৰ কি অদ্ভুত সলনি। সঁচাকৈয়ে এই নৃত্যকাৰিণী উন্মাদিনী ৰমণীয়েই সেই শান্ত লজ্জাশীলা আৰু ভীতা জয়ন্তীনে ? এইবিলাক স্বপ্ন নে মায়া নে দিঠক? ৰমানাথে একো ঠিক কৰিব নোৱাৰি ধুঁৱলি-কুঁৱলী দেখি চকু মুদি বহি পৰিল। অলপ বেলি আকৌ চকু মেলি তেওঁ দেখিলে যে ই সপোন নহয়। সঁচাকৈয়ে দুৰাত্মাহঁতৰ কৱন্ধ দেহ দ গাঁতৰ তলিত পৰি আছে, আৰু সঁচাসঁচিকৈয়ে তেওঁৰ হাতত বান্ধ নাই, তেওঁ স্বাধীন আৰু মুক্ত। আৰু সঁচাকৈয়ে তেওঁৰ প্ৰিয়তমা জয়ন্তী চুলি মেলা চামুণ্ডাৰ নিচিনাকৈ তেজেৰে ৰাঙলী হৈ হাতত দা লৈ নাচিব লাগিছে। হায়! জয়ন্তী সঁচাকৈয়ে উন্মাদ হ’লনে কি? ৰমানাথে স্পষ্টকৈ দেখিলে যে তেওঁৰ প্ৰাণপ্ৰিয়া জয়ন্তী বাহ্যজ্ঞানশূন্যা উন্মত্তা!
ইয়াৰ পিছত মানুহ-দুনুহৰ সাহায্যত জয়ন্তীক লৈ সেই ৰাতিয়েই ৰমানাথ বৰুৱাই ৰংপুৰ এৰি গুৱাহাটীলৈ যাত্ৰা কৰিলে। গুৱাহাটী পাই নিজৰ ভায়েক আৰু বন্ধুসকলৰ সাহাৰ্য্যত তেওঁ অনেক প্ৰকাৰ চিকিত্সা কৰালে, কিন্তু জয়ন্তী আৰু আৰোগ্য নহ’ল।
বিষম উন্মাদ ৰুগীয়া জয়ন্তীৰ মুখত তেওঁৰ শেহ পৰ্য্ন্ত, “মোৰ স্বামীৰ হাতৰ বান্ধ মোকোলালো”—এইষাৰ কথাৰ বাহিৰে আৰু একো কথা শুনা নগৈছিল। শেহত সকলো দুখ আৰু সকলো শোক হঁৰোতা মৃত্যুৱে আপোনৰ কোমল কোলাত আশ্ৰয় দান কৰি, এই সতীক এই সংসাৰৰ দুখ যন্ত্ৰণাৰ হাতৰ পৰা উদ্ধাৰ কৰিলে।