SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
নকওঁ

মাহেকৰ আগৰেপৰা আমাৰ গাত উলাহ, ফাকুৱা আহিছে। তাতে ঘৰতে পূজা; উলাহৰ ওপৰত উলাহ পৰি আমাৰ ৰং ৰংপুৰৰ ৰংঘৰটোৰ সমান হৈছে। পূজালৈ বয়-বস্তু নৈবেদ্য-উপকৰণ গোটাবলৈ আমি ল’ৰাবোৰে উঠি-পৰি লাগিছোহঁক।
আজি অধিবাস। মেষদাহ হ’ব। কি আনন্দ। ভৰি, তই মাটিত পৰ নে নপৰ ক’ব পৰা নে? ৰং, তই থাকিবলৈ মোৰ বুকুত ঠায়ে নোজোৰাত পৰিল, কি কৰিম, নিজগুণে ক্ষমা কৰিবি। আলিবাটেদি যোৱা সৌ কেটা মানুহলৈ চোৱা; গোটেইটো গাৰ ভৰ ভৰিত দি, আৰু ভৰিৰ গোটেইখন পতা মাটিত পেলাই কেনেকৈ লেহেমকৈ খোজ কাঢ়িছে। সোৰোপাহঁত! অলপো যদি তহঁতৰ গাত উছাহ আছে! এনে লেহেম খোজ ফটুৱাই-ফটা ভৰিৰে দেখোন নিতৌ কাঢ়িব লাগিছে, তেও আমনি লগা নাই নে? আজি ফাকুৱাৰ দিনাও মাটিত ফটা চৰণ কেইটা নেপেলোৱাকৈ খোজ কাঢ়িলে কিবা জগৰ লাগে নে? ৰঙে আমাৰ মনৰ ভাবৰ গঢ় এনেবিলাক কৰিছিল। উত্সৱৰ দিনা ডেও দি দি খোজ কঢ়াটোহে আমাৰ মনৰ স্বাভাৱিক যেন লাগিছিল।
আমি ল’ৰাবোৰে গাইপতি একোটা কামত মহা উত্সাহেৰে লাগি গৈছোঁ। মোৰ বেছি হেপাহ, পূজাত ফুল সৰহকৈ গোট খাব কেনেকৈ। সেই দেখি ফুল তোলা বাবটো মই ল’লো। পুৱাৰপৰা ফুলৰ কুকি হাতত লৈ, আঘোণমহীয়া পথাৰৰ পকা ধান দোৱাদি, আমাৰ ফুলনি বাৰীৰ আৰু লোকৰ ফুলনি বাৰীৰ ফুল অন্ত পৰিলোঁ। ফুলে গোঁসাইঘৰ উপচি পৰিল, তেও মোৰ হেপাহ পলোৱা নাই। পলাশৰ ওপৰত চকু আছে। লুকাই দুমুখীয়া দা এখন লৈ পলাশফুল পাৰিবৰ মনেৰে বিলৰ সিপাৰলৈ গ’লো। লুকাই যাবলগীয়াত পৰিছিলোঁ এই বাবে যে আমাৰ অভিভাৱকৰ হুকুম নাই, যে আমি গছত উঠো। আৰু হুকুম অমান্য কৰা বাতৰি যদি কেনেবাকৈ অভিভাৱকৰ কাণত উঠে তেন্তে আমাৰ পিঠিতো চেকনি উঠিবলৈ সৰহ পলম নহ’ব। তাতে বিলৰ পাৰত বাঘ-থকা হাবিৰ মাজত পলাশ গছ। এনে স্থলত চাৰি-ফিট-এঘাৰ-ইঞ্চি-দীঘল ল’ৰা এটাৰ সাধ্য কি যে ভৰ-দুপৰীয়া এনে এটা কাম দেখা-শুনাকৈ মৰসাহ দি কৰিবলৈ যায়? কিন্তু অভিভাৱকৰ যিমান কি কটকটীয়া হাক থাকক সৰু কালত মই গছত উঠা, সাঁতোৰা আদি মুনিহ-বিদ্যা লুকাই চুৰকৈ চৰ্চা কৰি তাত অধ্যাপকৰো অধ্যাপক হৈ উঠিছিলো। ফাকুৱাৰ উলাহ আৰু বসন্তকালৰ ডাল-ভৰা পলাশ ফুলৰ মনমোহা কান্তিয়ে জগাই দিয়া মোৰ মনৰ হেপাহক, অভিভাৱক আৰু হাবিৰ ভয়ে গছকি তল পেলাব নোৱাৰিলে। অকলেই সুৰ সুৰকৈ হাবিৰ মাজৰ পলাশৰ তল পালোগৈ।
ভৰ-দুপৰ। ৰ’দটো পকি পৰিছে। বেলিয়ে মূৰকে ভৰিকে ছাঁৰে লগলগাই দিছে। চৰাই-চিৰিকতি নিমাত। চাৰিও ফাল নিজম। শব্দৰ ভিতৰত, পলাশৰ শুকান পাতত মোৰ ভৰি পৰি যি খৰখৰণি উঠিছে সেইয়েইহে। ইমান নিজম যে শুকান পাতৰ শঙ্কা হৈছে, পাছে সেই খৰখৰণি শুনি চাৰিউফালৰ গছ-গছনিবোৰে উচপ খাই উঠে। গছ-গছনিৰ কথাকে নেলাগে, প্ৰথম খোজ উঠা খৰখৰনিটোৱেই দ্বিতীয় খোজৰ খৰখৰণি শুনি উচপ খাই উঠা যেন লাগিবলৈ ধৰিলে। মোৰ বুকুৰ ভিতৰত ঢপঢপনি স্পষ্টকৈ মোৰ কাণত পৰিল। ৰূপহ ৰঙা ফুলেৰে পলাশ জোপা ৰঙালি হৈ আছে। লোভত মুখত পানী ওলোৱাদি যদি চকুতো পানী ওলাবৰ নিয়ম থাকিলহেঁতেন তেন্তে সেই ফুল দেখি সৰ সৰ কৰে মোৰ চকুৰো পানী ওলাইছে বুলি ক’লোহেঁতেন।
এনেতে বিলৰ সিপাৰে এটা মহ-গুৱালে গালেঃ
“কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ?
কেলৈ পেলালি কলি?
গুৰুতো নেলাগে ভকততো নেলাগে,
থাক তলে ভৰি সৰি।”
ৰিণিকি ৰিণিকি এই বনগীত ফাঁকি মোৰ কাণত পৰিল। ভাবিলো, মদাৰৰতো এই দশা, পলাশক কিন্তু আজি মই গুৰু-ভকতক নলগাই নেৰোঁ। কঁকালত দাখন গুজি লৈ পলাশ গছত উঠি গ’লো। গছজোপা সৰু নহয়; দুই মুনিহে আকোঁৱালি নোপোৱা। মই কিন্তু এটা লেখৰ গছোৱাই বুলি আগেয়েই উনুকিয়াই থৈছোঁ। অঙ্গদ সুগ্ৰীৱ উঠাদি টপ টপ কৰে উঠ গৈ এটা খাঁকি পাবলৈ মোৰ বেছি প্ৰয়াস নেলাগিল। ল’ৰা-মন, গছৰ খাঁকিত উঠি মোৰ ৰাজপাটত উঠা যেন লাগিল। নেলাগিবই বা কিয়, কেঁচা কলঠহুৰা এডালকে, জৰিৰ লেকাম লগাই, ঘোৰা কৰি উঠি চেকুৰি ফুৰি, ঘোৰাত উঠাৰ সুখ অনুভৱ কৰা কালটোক বিদায় দিবৰতো বহুদিন হোৱা নাছিল।
ফুলেৰে ভৰি থকা ডাল এটা কাটি লতলৈ পেলাই দিওঁ বুলি, দাখন ডাঙি লৈছোঁ, এনেতে যেন কোনোবাই কিবা গুণগুণাই কোৱা কথা মোৰ কাণত পৰিল। কোনে নো কি ক’লে ঐ? ইফালেও চাওঁ সিফালেও চাওঁ, ক’তো এনে নেদেখোঁ। গছ জোপায়ে, তাৰ ডালত কোব নেমাৰিবলৈ মোক কাকুতি কৰি কিবা কৈছেনে কি? ক’বও পাৰে, কাৰণ মই যে আজি ৰাজসিংহাসনত উঠি ৰজা হৈছোঁ। গছেও সেইটো বুজি পাইছে যেন পাওঁ। ৰজাৰ আগত গোচৰ কৰিবলৈ অনেকৰ অনেক কথা থাকে। “ওৱেল গছ তোৰ কি ক’ব লগা আছে, সোনকালে ক, ৰজাৰ আজি ফোৰছেদ বহুত্ কম আছে। তোৰ যদি ঘৈণীয়েৰে তোক এৰি গুচি গৈছে, তেন্তে মই এতিয়াই তাইক তোৰ ডিগিৰি দিম। কিন্তু যদি ক’ব খুজিছ, তোৰ ডাল নেকাটিবলৈ, তেন্তে তোৰ গোচৰ ডিচমিচ বা ঘিচমিছ।“ এই বুলি আকৌ দাৰ নালটোৰ খামোচটো কটকটীয়াকৈ ধৰি ডালটো বলি দিব খোজোতেই আকৌ গুণগুণ কৰে কোনোবাই কিবা কোৱা যেন লাগিল। কোবটো “মতলবি” কৰি আকৌ চাৰিউফালে চকু ফুৰালো। এিবাৰ চকুত পৰিল, পলাশ গছৰ গুৰিৰ পৰা এবেওঁমান দূৰত পৰি থকা লাওখোলাৰে সৈতে মানুহৰ জকা এটা। এইবাৰ সাহেৰে বন্ধোৱা মোৰ বুকুখন অলপ লৰিল দেই। এই জকাটোৱেই মোক কিবা কৈছেনে কি? জকাটোৱে নো কি ক’ব পাৰে? সি মৰা মানুহৰ জকা। কিবা ভূতেই তাত লম্ভিছে বা?  কি ভূত লম্ভিব। ভূত থকাটো তো মই বিশ্বাস নকৰোঁ। গৱৰ্ণমেণ্ট হাইস্কুলৰ প্ৰথম শ্ৰেণীত পঢ়ি যদি আকৌ ভূত মানিব লাগিল, তেন্তে মোৰ জীৱনত ধিক্কাৰ, স্কুলৰো বদনাম, প্ৰথম শ্ৰেণীৰো হাঁহিয়াত, আৰু আমাৰ হেড মাষ্টৰৰো অপযশ। নহয় নহয় ভূত নহয়, ভূত নাই। এতিয়া ঠিক বুজিলো, বতাহে সৌ শিমলু গছ জোপাৰ ঢোণ্ডত, ভাটৌৰ অনুপস্থিতিত, অনধিকাৰ প্ৰৱেশ কৰি, ভাটৌৱনীৰ কাণত মনোবেদনা জনাইছে। বাৰু, এই মানুহৰ জকাটো নো ক’ৰপৰা আহি ইয়াত ওলালিলি? অ আৰু বেলি যে আমাৰ সেই লগুৱাটো মৰিছিল, তাক এইখনতে কৰবাট পুতিছিল। শিযালে বোধকৰোঁ তাৰে জকাটো খানি উলিয়াই টানিটুনি আনি এইখিনিত পেলালেহি।
এইবিলাক কথাৰ এটা সন্তোষজনক মানসিক সমালোচনা কৰি পলাশৰ ডালটোত দুমুখীয়া দাৰে আকৌ বাহু দাঙি কোব মাৰিব খোজোতেই, মোৰ পেটত এটা আমৰলি পৰুৱাই কৰবাৰ পৰা আহি কেটেৰ কৰে কামোৰ মাৰি দিলে। উস উসকৈ পৰুৱাটো এৰুৱাই এচাৰ মাৰি পেলাই দিলো। ইমান বেগেৰে এচাৰ মাৰি তাক পেলাইছিলো, যে সি পুৰৱা নহৈ যদি এটা মখনা হাতীও হ’লহেঁতেন যে তাৰ হাড়-মূৰ কেইডোখৰ, বাৰ্হনি বা সোতাৰে সাৰি একেঠাই কৰিবলৈকো আমাৰ আমুকী বেটী “বেটী বায়ে” বিচাৰি নাপালেহেঁতেন। কামোৰা ঠাইডোখৰ ততালিকে ৰঙা পৰি উখহি বিষাবলৈ ধৰিলে। এি সমসাময়িক কালতে চিলনি এটাই চি-হিঁ-হিঁ কৰি, মোৰ দুখত হাঁহিয়েই নে ক’ব নোৱাৰোঁ, শিমলু জোপাৰ ফালে উৰি গ’ল। এইবাৰ কিন্তু সঁচাকৈয়ে মোৰ গাটো গম গম কৰিব লাগিল, আৰু গাৰ নোমবোৰো কেঁটেলাপহুৰ কাঁইটৰ নিচিনাকৈ থিয় হ’ল। একিল পাই এবুধি চাপিল। ভাবিলোঁ ভৰ-দুপৰীয়া অকলে এই হাবিৰ মাজত গছত উঠি ফুল পাৰিবলৈ আহি মই ভাল কৰা নাই। ফুল পৰা এৰি এতিয়া লাহেকৈ নামি ঘৰ পাবগৈ পাৰিলে বৰ্তো। মানুহে কিবা “পৰুৱাই পোৱা” বুলি ভূতে পোৱাৰ কথাকে ক., মোক হ’লে আজি সঁচাসঁচিকৈয়ে ভূত-পৰুৱাই পাওক নেপাওক আমৰলি পৰুৱাই পালে। বিষত তত এৰুৱাব লাগিছে।
এনেতে আকৌ আগৰ নিচিনাকৈ গুণগুণনি মোৰ কাণত পৰিল। ই কথাই কথা নহয়, সুত কৰে নামি পৰোঁ বুলি নামিবলৈ কাৰবাৰ কৰিলো। এখোপ নামিছোঁ, দুৰ্ভাগ্যবশতঃ এনেতে মনত খেলালে মোৰ আজি ইমান পৰিশ্ৰমটো এনেই গ’ল। অন্ততঃ গোটাচেৰেকমানো ফুল লৈ যাব পৰাহেঁতেন ভাল আছিল। ঈশ্বৰৰ পূজাৰ অৰ্থে ফুল নিবলৈ আহিছোঁ, আনতো একো অন্যায় কাম কৰিবলৈ মই অহা নাই, এইবোৰ মিছা ভয়-ভ্ৰান্তি কৰি শুদাতে সময় নষ্ট কৰিছোঁ। কিয়? যি খোপ নামিছিলো সেই খোপ দুনাই উঠি গৈ আগৰ আসন বা সিংহাসন গ্ৰহণ কৰিলো। তলত লিখা ঘোষা ফাঁকি নাঁকী সুৰেৰে গাই, ভয় সৰকিব নোৱাৰাকৈ মনটো ল’লো।---
“হৰিৰ নামৰ ধ্বনি লাগি পলাই পাপ দশোদিশে ভাগি
হেৰ পাইলে বুলি ভয়ত ভিৰি লৱৰে।
এক ব্ৰহ্মাণ্ডত নেপাই ঠাই আৰ ব্ৰহ্মাণ্ডক পলাই যায়
নামে খেদি নেন্ত ব্ৰহ্মাণ্ডোপৰি বাগৰে।।”
ঘোষা ফাঁকিৰো অন্ত পৰিল, পলাশৰ ডালত পূৰ্ণহতীয়া কোবো পৰিল, কিন্তু মনৰ বেগত দুমুখীয়া দা-খন ইমানকৈ দাঙি কোব মাৰিলো যে তাৰ এমুখৰ কোব পলাশৰ ডালত আৰু আন মুখৰ কোব মোৰ মূৰত বহিল। মূৰৰ পৰা তেজ ববলৈ ধৰিলে। অধৰমী দাখন তললৈ পেলাই দি সোঁ হাতে মূৰৰ ঘাত আৰু বাঁও হাতে গছৰ গাত ধৰিলো। এনেতে কুৰি বেওঁ মান আঁতৰত থকা ঔ গছ এজোপাৰ তলৰ পৰা এই কথাষাৰ আহি মোৰ কাণৰ বিন্ধাত কাঁড় পৰাদি পৰিল, “বোপাদেও, গছত ভালকৈ সাৱটি ধৰক; নেৰিব মই গৈছোঁ?” কটা ঘালৈ পাহৰি মই খাই ঔ বুলি চিঞৰ মাৰি দিলো। মই জ-হে ভয় নকৰিবি এই বুলি গোনামহে হাবি ভাঙি অহাদি হাবি ভাঙি লৰি জ-মোৰ আগত ওলালহি। চাকিৰ আগত এন্ধাৰ যেনেকৈ পলায় তাৰ আগত মোৰ ভয় তেনেকৈ পলাল। মোৰ বুকুখন চাৰি আঙলমান ডাঠ হৈ পৰি মুখত এই প্ৰশ্ন ওলাল, “তই ইয়াত কৰপৰা ওলালিহি জ-? আ-কলৈ গ’ল? তহঁতক পুলিচে বিচাৰি ফুৰিছে।” সি মোৰ কথাৰ উত্তৰ দিবলৈ গৈ সময় নষ্ট নকৰি, মোক সাহায্য কৰি লাহে লাহে গছৰ পৰা নমাই লৰালৰিকৈ তাৰ গাৰ গামোছাখনেৰে মোৰ মূৰটো বান্ধি দি, ঔ গছজোপাৰ তললৈ লৈ গ’ল। ঔ গছৰ তলতে আ-ক দেখিলোঁ। “ইস বোপা, কিমান কাটিলে চাওঁ?” আপুনিনো এই ভৰ দুপৰীয়া হাবিৰ ভিতৰত গছত উঠি ফুল পাৰিবলৈ আহিব পায় নে? এই বুলি আ-ই বাঁহৰ চুঙা এটা আনি লৰালৰিকৈ মোৰ মূৰৰ ঘাত পানী ঢালি দিবলৈ ধৰিলে। সিহঁত দুইৰো যত্নত পাঁচ মিনিট মানৰ মূৰত মোৰ তেজ ৰ’ল। কিন্তু সুখৰ বিষয়, বেছি কটা নাছিল। কিবা এটা বন-পাত দৰব বিচাৰি আনি আ-ই চোবাই মোৰ মূৰত ঘত দি ক’লে, “বোপা, এই দৰবটো তিনি দিনলৈ ঘা ডোখৰৰ পৰা নুগুচাব, আপোনাৰ ঘ নপকে আৰু শুকাই যাব।”
জ-ক সুধিলো, “পিছে জা-, কচোন তই আ-ক পলুৱাই আনি আজি সাত দিন ক’ত আছ? তোৰ হাকিম-বৰুৱাই তোক বিচাৰি গোটেইখনতে চলাথ লগাইছে। তেওঁৰ ঘৰত পানী এটোপা আনি দিবলৈকো মানুহ এটা নাই; আমাৰ লগুৱাই হে গৈ পানী এভাৰ দি আহে। সিফালে মৌজাদাৰে তেওঁৰ এইক দি আহে। সিফালে মৌজাদাৰে তেওঁৰ এইক তই পলুৱাই অনা বাবে, তহঁত দুইকো গ্ৰেপ্তাৰ কৰাবৰ মনেৰে, দুইৰো নামে তেওঁৰ কিবা-কিবি বস্তু চুৰ কৰি আনিছহঁক বুলি, পুলিচত সংবাদ দিছে; পুলিচে পিত-পিত কৈ তহঁতক বিচাৰি ফুৰিছে।
জঃ”বোপা, তেওঁ কৰক পুলিচত মকৰ্দমা। মই তেওঁৰ লিগিৰীজনী আনিছোঁ হয়, কিন্তু তেওঁৰ কুটা এগছতো হাত দিয়া নাই। তাইও দিয়া নাই। আমি চোৰ নহওঁ।“
আঃ “অত দিন তেওঁৰ ঘৰত কাম কৰিলো, এটা খুদ চাউল চুৰি কৰিছোঁ বুলি কোনেও ক’ব নোৱাৰে। এতিয়া যদি তেওঁৰ বস্তু চুৰ কৰি আনিছোঁ বুলি, তেওঁ বামুণ ধৰ্মীষ্ট আৰু ডাঙৰ মানুহ হৈ কৈছে, কওক গোঁসায়ে দেখিব।”
মইঃ বাৰু জ তহঁতে এই হাবিতে আছনে?
জঃ ইয়াতে আছোঁ।
মইঃ ৰাতি হ’লে ইয়াত কেনেকৈ থাক?
জঃ এই ঔ জোপাৰ ওপৰত উঠি থাকোহঁক।
মইঃ আ কেনেকৈ গছত উঠে?
জঃ তাইক মই তুলি দিও।
মইঃ ৰাতি টোপনিয়াই দেখোঁ সৰি পৰিবৰ সম্ভৱ?
জঃ পানী গামোচাৰে আমাৰ কঁকাল গছৰ ডালত বান্ধি থওঁ।
এই বিলাক শুনি মোৰ ল’ৰা-মন কেনে লাগিছিল ক’ব নোৱাৰোঁ। “মই যাওঁ এতিয়া” বুলি বিদায় লৈ আহিবলৈ ধৰোঁতে, আ-ই মোৰ ভৰিত দীঘল কৈ পৰি ক’লে, “বোপা দেউতা, মোৰ এটি কথা ৰাখিব লাগিব।” মই ৰাখিম বুলি উত্তৰ দিলত, তাই ক’লে, আম যে ইয়াতে পলাই আছোঁ এই কতা আপুনি কাকো নক’ব। মই নকওঁ বুলি ঘৰ-মুৱা হ’লো। অলপমান দূৰ আহিছোঁ, এনেতে বোপা বোপা কৈ জ-লৰি আহি মোক লগ ধৰিলে। মই কি হ’ল বুলি সুধিলত সি ক’লে, আমাৰ তাই বৰকৈ কৈ পঠিয়াইছে যেন আপুনি আপোনাৰ মূৰৰ সেই দৰৱটো তিনিদিনলৈকে নেৰুৱায়। মই নেৰুৱাওঁ বুলি কৈ গুচি আহিলো। প্ৰতিজ্ঞা পালন কৰি তিনিদিনলৈকে মই সেই দৰৱটো ঘাৰ পৰা এৰুৱা নাছিলো। তিনি দিনৰ মূৰত দৰৱটো এৰুৱাই দেখিলো, ঘা শুকাই গ’ল। সিটো প্ৰতিজ্ঞাও, প্ৰায় দহ বছৰ হ’ল আজিলৈকে মই পালন কৰি আছোঁ। এই পৰ্যন্ত এটা কোৱাচিলাকো, সিহঁত সেই বিলৰ পাৰত হাবিত পলাই আছিল, সেই কথা মই কোৱা নাই, আৰু নকওঁ।