SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
পণ্ডিত মহাশয়

প্ৰথম আধ্যা
খাজনা-গাৰাজৰ বৰকাঁহত টং টং কৰে ৰাতি ৯ কোব পৰিল, পণ্ডিত মহাশয়ে আলহী কেজনক বাহিৰতে শুবলৈ কৈ এন্ধাৰে-মুধাৰে খপিয়াই-খপিয়াই আহি ৰান্ধনী-ঘৰৰ দুৱাৰ মেলি চাকি বিচাৰিবলৈ লাগিল। কলীয়া বোন্দা মহাশয়ে এন্ধাৰ ৰান্ধনী-ঘৰত গধূলিৰে পৰা এতেখেনি বেলিলৈকে নিগনি, শলিয়া, ভজা-মাছ আৰু গাখীৰৰ ওপৰত অকণ্টকা ৰাজত্ব কৰি, এতিয়া ছত্ৰভঙ্গ হ’বৰ কাল পালেহি জানি আখাৰ ওচৰত ক্ষণকালৰ নিমিত্তে আসন গ্ৰহণ কৰি ৰাজ্যভাৰ এৰি বাণপ্ৰস্থী হোৱাৰ কথা ভাবি চিন্তাত নিমগ্ন হ’ল। “অত্যাচাৰী মাৰ্জাৰী ৰজাৰ হাতৰ পৰা পৰম দয়ালু পণ্ডিত গবৰ্ণমেণ্টৰ শাসনৰ তলত পৰিলো, আহা! আমাৰ কেনে সৌভাগ্য!” এি কথা বাবি নিগনি শলিয়া প্ৰভৃতি প্ৰজাসকলে মূৰত হাত ফুৰাবলৈ ধৰিলে। পণ্ডিত মহাশয়ে স্পশেৰ্ন্দ্ৰিয়ৰ সাহায্য লৈ এন্ধাৰেৰে সৈতে তুমুল সংগ্ৰাম কৰি অনেক কষ্টেৰে এপেট সৰিয়হৰ তেলেৰে মাটিৰ চাকিটো উদ্ধাৰ কৰি পলাই আহি বাহিৰৰ পৰা লগাই নি ৰান্ধনী-ঘৰত পুনঃ প্ৰবেশ কৰিলে।
নিদিষ্ট ঠাইত হাতৰ চাকিটো থৈ, ৰন্ধা-বঢা সন্ধ্যা-অৰ্চা আদি নিৰ্দিষ্ট কামৰ আগেয়ে, মাজ মজিয়াত “এহন বলিস্ না দেখি বেটা ইঠা না সিঠা?” এই বুলি পণ্ডিতে এটা গোৰ মাৰিলে। অলপ পৰ থাকি আকৌ সেই ফাকি কৈ এগোৰ, আৰু অলপ পৰ থাকি আকৌ কৈ আকৌ এগোৰ। এই ফেৰা মাল-শ্ৰম কৰি নিশ্চিন্ত মনে তেওঁ হাতেৰে ভাত ৰান্ধিবলৈ আৰু মুখেৰে দুৰ্গাসহস্ৰনাম পাঠ কৰিবলৈ ধৰিলে।
বাহিৰৰ ঘৰত শুই থকা তিনি আলহীৰ ভিতৰৰ এজনৰ কাণত ঠাঁচ কৰে হঠাত্ এবাৰ সেই কথাফাঁকি পৰিল। আৰু তাৰ লগে লগে তেওঁৰ অন্তৰৰ বহুদিনীয়া এন্ধাৰ খোটালি এটাত কিবা এটা মোৰ নথকা ঘটনাৰ, বিজুলীৰ পোহৰৰ দৰে, চকামকা এটা পোহৰো পৰিল।
দ্বিতীয় আধ্যা
দুৰ্গাপূজা ওচৰা ওচৰি; সকলোৰে মনত উত্সাহ আনন্দ আৰু প্ৰফুল্লতা। স্কুল বন্ধ হ’ব, ছুটী পাম, ঘৰলৈ যাম, এইবিলাক ভাবি চতুৰ্ভূজপুৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ লৰাবিলাক ৰঙ্গত নাচি ফুৰিছে। চাওঁতে চাওঁতেই আজি কালিলৈ পূজাৰ বন্ধ আহিল। মফস্বলৰ ছাত্ৰবিলাক, কোনোটা বন্ধ হ’বৰ দিনাই, কোনোটো তাৰ পিছ দিনাই, উলাহত ডেও দি মাক-বাপেক ককায়েক-ভনীয়েকৰ কাষ পালেগৈ।
শিতলপুৰৰ বায়ু বিলকুচন্দ্ৰ খৰিদ্দাৰ অনুষ্টুপীয়া ৰকমৰ জমিদাৰ। বছেৰেকত ছহেজাৰ টকা মুঠেই আয়, ইফালে ব্যয়ৰো বাহুল্য আছে, গতিকে তেওঁৰ চলন-ফুৰণ বৰ ধুমধাম তমস্কাৰ বিধৰ নহয়। তেওঁৰ একেটি ল’ৰা, বয়স ১৮ বছৰ, চৰ্তুভুজপুৰত পঢ়িবলৈ থৈছিল। পূজাৰ বন্ধত ল’ৰাটি যি দিনা ঘৰ পাবহি কথা আছিল, সেই দিনা নেপালে দেখি জমিদাৰ বাবুৱে পাছ দিনা ল’ৰাটি লৈ আহিবলৈ চৰ্তুভুজপুৰলৈ নাও মানুহ পঠিয়াই দিলে। এদিনৰ পিছত নাও মানুহ উভতি আহি বাতৰি দিলে বোলে ল’ৰা তাত নাই, বন্ধৰ দিনাই ইয়ালৈ গুছি আহিছে! আহিছে বাতৰি শুনি জমিদাৰ বাবু আৰু তেওঁৰ স্ত্ৰী চিন্তিত হৈ পৰিল! পিছত জমিদাৰ বাবু নিজে চৰ্তুভুজপুৰলৈ ল’ৰা বিচাৰি গ’ল; কিন্তু ল’ৰাক আৰু তেওঁ তাত বিচাৰি নেপালে। পুলিচৰ অনুসন্ধান, নিজৰ অনুসন্ধান, বন্ধু-বান্ধৱৰ অনুসন্ধান আদি যত প্ৰকাৰ অনুসন্ধান বা উপায় আছিল সোপাকে প্ৰয়োগ কৰিও ল’ৰা ক’লৈ গ’ল কি হ’ল, তাৰ একো শুং-সূত্ৰ উৱাদিহ পোৱা নগ’ল। অৱশেষত নিৰাশ হৈ জমিদাৰ বাবু শূন্য-হৃদয় লৈ ঘৰলৈ উভতি আহি শূন্য-হৃদয়া স্ত্ৰীৰে সৈতে কান্দি কান্দি শোকেৰে দিন নিয়াবলৈ ধৰিলে।
তৃতীয় আধ্যা
শান্তিৰক্ষক পুলিচৰ বৰ বদনামৰ কথা হ’ল যে তেওঁবিলাকে এই ঘটনাৰ একো উৱাদিহ উলিয়াব নোৱাৰিলে। নানা ঠাইৰ পৰা পকাবুধীয়া চতুৰ চাই চাই পুলিচৰ নানা বিষয়াক এই ঘটনাৰ মোৰ ধৰিবলৈ আনি লগাই দিয়া হ’ল, কিন্তু মোৰ নেপাই সকলো বিমোৰ হৈ পেপুৱা লাগিল, ঘটনা গুৰিতে যেনে আছিল তেনেই অফুট থাকিল।
বুদ্ধিনাথ চক্ৰৱৰ্তী নামে এজন ডোক পুলিচ ইঞ্চপেক্টৰে পুলিচৰ গৌৰৱ ৰক্ষা কৰিবৰ নিমিত্তে অৱশেষত সঙ্কল্প কৰি আগবাঢ়ি ওলাল। তেওঁ চতুৰ্ভুজপুৰলৈ আহিয়েই ল’ৰাটিৰ স্বভাৱ-চৰিত্ৰ চলন-ফুৰণ বন্ধু-বান্ধৱ ইত্যাদি বিষয়ৰ পং বিচাৰি বিচাৰি পাতি পাতি কৈ অনুসন্ধান কৰি সকলো কথা গোটাই ল’লে। হঠাত্ এদিন তেওঁৰ মনত কিবা এটা ভাব খেলাই তেওঁ সামান্য মানুহৰ বেশ ধৰি চতুৰ্ভুজপুৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ পণ্ডিত আমাৰ “পণ্ডিত মহাশয়ৰ” ঘৰত গধূলি আলহী ৰলগৈ। দৈবক্ৰমে সেই দিনাই সেই সময়তে পণ্ডিত মহাশয়ৰ জন্মভূমি শ্ৰীহট্ট প্ৰদেশৰ পৰা দুজন আলহী আহি তাতে উপস্থিত; সেই দুজনৰ লগতে লগ লাগি দাৰোগা বাবুও মিলি গ’ল। আলহী দুজনে ভাবিলে, এওঁ পণ্ডিতৰ মানুহ, পণ্ডিতে ভাবিলে এৱোঁ এজন সেই দুজনৰ লগৰে আলহী। এই ভ্ৰমৰ আশ্ৰয়তে আশ্ৰয় লৈ তেওঁ কোনো পক্ষৰ প্ৰশন বা সন্দেহ নজগোৱাকৈ তাতে ৰাতিটো কটালে। এতিয়া এই দাৰোগা আলহীয়েইহে পণ্ডিত মহাশয়ে ৰান্ধনী-ঘৰত সোমাই কোৱা সেই “এহন বলিস না কেন বেটা ইঠা না সিঠা” কথা শুনি চমকি উঠিছে।
চতুৰ্থ আধ্যাঃ
পাছদিনা আগৰ দৰে ৰাতি ৯ই আকৌ খাজনাগাৰাজৰ ঘৰিত ঘটং ঘটং কৰি “পণ্ডিত মহাশয়! গা ডাঙক, চাউল সিজাবৰ হ’ল” এই বুলি ন বাৰ ৰিঙিয়াই ক’লে। পণ্ডিত উঠি ৰান্ধনী ঘৰত পূৰ্বৱতে চাকি খপিয়াবলৈ লাগি গ’ল। কিন্তু ভাতচৰুৰ কাষত সৌ দুটা ট-ট কৰে কি জ্বলিছে? ভয়াইঔ ? চকু নে কি ? হয় চকু! কিহৰ চকু? জানো! মোৰ ফালে দেখোন চাব লাগিছে! এইবিলাক প্ৰশ্ন আৰু উত্তৰ আপোনাৰ মনত আপুনি কৰি তেওঁ চাক্যনুসন্ধান কাৰ্য্য স্থগিত ৰাখি থৰলাগি ৰৈ আছে; এনেতে আমাৰ সেই চিনাকি কলীয়া বোন্দা মহাশয়ে মই মেকুৰীহে, মই মেকুৰীহে এই কথা “মেও” “মেও” ভাষাকে কৈ তেওঁৰ দুঃচিন্তা দূৰ কৰি দিলে। এইখিনিতে কোৱা আৱশ্যক যে মেকুৰী মহাশয়ে ৰাতি ৯ বজাৰ সময়ত পণ্ডিতৰ হাতত লঘু-লাঞ্ছনা ভুগি বিৰক্ত হৈ নিতৌ সেই সময়তে বাণপ্ৰস্থী হ’বৰ সঙ্কল্প কৰি অলপ পাছতে আকৌ সেই ছোৱা সঙ্কল্পেৰে সৈতে পাহৰণিৰ গৰ্ভত নিক্ষেপ কৰে। এতিয়া সেই দেখিহে তেওঁ আগৰাতিৰ প্ৰতিজ্ঞাত পানী এচলু দি পণ্ডিতৰ ভাত-চুৰৰ প্ৰেম-পাশ ছেদন কৰিব নোৱাৰি লাজ-কাজ কাতিকৈ থৈ নিধক কাণ-কটাৰ দৰে ৰান্ধনী ঘৰত সোমাইছিলহি।
চাকি-চুকি লগাই পণ্ডিতে মজিয়াৰ নিত্যকৰ্ম ফেৰা সমাপন কৰিবৰ উদ্যোগ কৰোঁতেই ঘৰৰ মুধৰ গোহালিঘৰত গৰুবোৰ হঠাত্ দুপদুপাই উঠিল আৰু লগে লাগে পণ্ডিতৰ বুকুখনৰ পৰা ঢপ ঢপ শব্দ উঠিল। সাহত ভিৰ দি বাহিৰলৈ ওলাই আহি জুমি-জুমি পণ্ডিতে চায় ক’তো একো নাই। কেৱল এন্ধা—এন্ধাৰ—এন্ধাৰৰ ওপৰত এন্ধাৰ। গৰুৰ ভৰিৰ দুপদুপনিৰ ঠাইত মুখৰ ঘাঁহ পাগুলনিৰ কৰ্কৰণিহে শুনা গ’ল। ক্ষন্তেকৰ পাছতে পণ্ডিতে নিশ্চিন্ত হৈ ভিতৰ সোমাই আহি শ্ৰীবিষ্ণু স্মৰণ কৰি, “এহন বলিস না কেন বেটা ইঠা না সিঠা” মন্ত্ৰ মাতি মজিয়াত পূৰ্বৱতে পদাঘাত প্ৰয়োগ কৰিবলৈ লাগিল।
গৰুৱে দুপদুপাইছিল কিয়?- দাৰোগা বাবুৱে পণ্ডিতৰ কাৰ্যকলাপ গতি-গোত্ৰ আৰু তেওঁ কি কৰে কি মেলে, এইবিলাক জুমি চাবৰ অভিপ্ৰায়ে আহি গোহালিত সিহঁতৰ মাজত সোমোৱাহি বাবে। এতিয়া বা সিহঁতে দুপদুপাবলৈ এৰিলে কিয়? গৰুৰ গৰু বুদ্ধি; সিহঁতে ভাবিলে ফটা-ঠেঙা গাত লৈ এই ৯ বজা ৰাতি ই যেতিয়া আহি আমাৰ মাজত সোমাইছেহি, ইও এক গৰুৱেইহে; এতেকে গোলমাল নকৰি ইয়াকো আমাৰ মাজতে এচমকা ঠাই দি কুটুম্বিতা কৰা যাওক।
পঞ্চম আধ্যাঃ
শনিবাৰ। দুপৰীয়া। পণ্ডিত মহাশয়ে ভাতৰ পাতত বহি ভাতৰ গৰাহ মাৰিব খুজিছে। বাহিৰৰ পৰা এটা হুটা মাত আহি তেওঁৰ কাণ পালেহি; সনা ভাদতৰ গৰাহ মুখলৈ নিনি তেওঁ থমক খাই ৰ’ল। দ্বিতীয়বাৰ হুটামাতটো দ্বিত্ত্ব হৈ বৰ হুটা আকাৰ ধাৰণ কৰি মাতিলে “পণ্ডিত মহাশয়, ওলাই আহক।” পণ্ডিতে চুৱা হাত এধা ধোৱা কৰি লগুণডালত খামোচ মাৰি ধৰি গায়ত্ৰী জপিবলৈ ধৰিলে। আকৌ এবাৰ হাতুৰীৰ মাৰ পৰাদি তেওঁৰ কাণত পৰিল “তত্ক্ষণাত্ ওলাই আঁহা!” থৰকবৰকৈ বেৰে-ছালে খুন্দাখুন্দুলি খাই আহি পণ্ডিতে দেখে বুদ্ধিনাথ চক্ৰৱৰ্তী দাৰোগা আৰু দুটা কনিষ্টবল। এটা কনিষ্টবলৰ হাতত এডাল জিঁজিৰি, এটাৰ হাতত এখন কোৰ।
দাৰোগাঃ “এইবোৰ কি কথা?”
পণ্ডিতঃ “হজুৰ—হজুৰ—ওঁ আপুনিতো সো-সোপাকে জানেই আৰু মইনো কি ক-কম?”
দাৰোগাঃ তুমিও ক’ব লাগিব নক’লে নহ’ব।
পণ্ডিতঃ ক’ব লাগে হজুৰ ক-কওঁ। সেই তাতে আছে।
দাৰোগাঃ ত আছে।
পণ্ডিতঃ মজিয়াৰ তলতে।
দাৰোগাঃ সকলো কথা ভাঙ্গি ক’ব লাগিব, এই দৰে ক’লে নহ’ব।
পণ্ডিতঃ ভাঙি ক’বলৈ হজুৰ নাই, গোলামেই।
দাৰোগাঃ কি গোলামেই? কি গোলামেই? কিয় সকলো কথাৰ সম্ভেদ নকয়? মোহন সিং! ইসকা পাকৰাও—
পণ্ডিতঃ কওঁ হজুৰ, কওঁ হজুৰ, কওঁ হজুৰ। জমিদাৰ বাবুৰ ল’ৰাটোৱে মই স্কুলত সিহঁতৰ শ্ৰেণীলৈ পঢ়াবলৈ গ’লে সদাই মোক “পণ্ডিত মহাশয় বলুন ইঠা না সিঠা?” এইবুলি জোকায় ঠাট্টা কৰে। সেই কথাই মাৰ অন্তৰত শেল সোমোৱাদি সোমাই মোক সদায় বৰ যাতনা দি আছিল; কি কৰিম, প্ৰতিশোধ ল’বৰ একো উপায় নেপাই স্কুলত মনে মনে আছিলো। কিন্তু প্ৰতিশোধ-বহ্নি সদায় মোৰ মনত দুপ দুপ কৰে জ্বলি আহিছিল। মই চেলুপাই বহুত দিনলৈ আতৰ হৈ যাবি, আহ বোপাই জলপান অলপ খাই যা, এই বুলি তাক ৰান্ধনী-ঘৰলৈ মাতি আনি হেচা মাৰি ধৰি মুখত কাপোৰেৰে সোপা দি ডিঙিটো মুচৰি ভাঙি মজিয়াত গাত খানি পুতি থ’লো। আৰু হজুৰ মোৰ ক’বলৈ একো নাই।
এই কথা শুনি পণ্ডিতক হাতকেড়েয়া দি দাৰোগাৰ “লাচ”টো খনাই উলিয়াই কেছাৰিলৈ লৈ গ’ল। সকলো মানুহে দেখি অবাক! স্তব্ধ!
সামৰণিঃ
বিহুৱাঃ আজি পুৱাই বৰ ফাটকৰ ওচৰত ইমানবিলাক মানুহ গোট খাইছে কিয়হে কাতিয়া ককাই?
কাতিয়াঃ পাষণ্ড সতাই নাৰকী মানুহবধী সেই ছিলঠীয়া পণ্ডিতক টেটুত খোৰোচা লগাই তাতে আৰি থৈছে নহয়, তাকে চাবলৈ।