SHORT STORIES
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
মাধৈমালতী

কাৰনো মনত খেলাব,  যে আমাৰ পকাড়ীয়া ঋষিৰ নিচিনা গহীন গম্ভীৰ মুনচুপ নীলাম্বৰ শৰ্মা ডাঙৰীয়া চেঙেলীয়া বয়সত, পচোৱা বতাহৰ আগে আগে উৰি ফুৰা ওভতগোৰে নচা আছিল? তেওঁৰ আজিকালি প্ৰশান্ত নিবাত নিষ্কম্প তৰুন নিচিনা মূৰ্তি দেখিলে কোন মাইকৰ পোৱে কৱ পাৰে, যে তেওঁ কেঁচা বয়সত দুষ্টালিৰ ঢৌৰ ওপৰত খৰ মাৰি ফুৰা অঘাইটং আছিল? তেওঁৰ নিজৰ কাহিনী নিজে অনুগ্ৰহকৈ বৰ্ণনা নকৰাহেঁতেন কাৰো “আপুটিয়েকৰ” সাধ্য নাই যে, তেওঁৰ আজিকালিৰ গাৰ চেচা ছালৰ তলত লুকাই থকা, সেই আগৰ কালৰ চেঙা তপত উদণ্ড ডেকা-ল’ৰাটোক ধৰা পেলায়।
জাৰকালি এদিন জুহালৰ ওচৰত বহি তেওঁৰে সৈতে জুই ফুৱাই থাকোঁতে, জুইৰ তাপ পাই তেওঁৰ সাঁফৰটোৰ লা লাগি গ’লত তেওঁৰ শিশুলীলাৰ দুটা এটা ঘটনা মোৰ ওচৰত উদং হৈ পৰিল। তলত লিখা লীলাটি সেইদিনাৰ সেই কাৰ্য্যৰ ফল আৰু তেওঁৰ নিজৰ ভাষাতে তাক দিলোঁ—
“সি আজি বহুদিনৰ কথা। তেতিয়া এই পৃথিৱী ষোল সোতৰ বছৰ বয়সীয়া ডেকেৰী, গছ-গছনি ডেকা, চৰাই চিৰিকতি কথকী, গৰু-ম’হ ঢপলীয়াই ফুৰা, মতা ৰঙিয়াল, তিৰুতা ৰাংঢালী, ল’ৰা জাঁপত বৰৰ এঠাৰ ঢোপ, ছোৱালী বিয়া-সবাহৰ নামত জাউৰিয়ে জাউৰিয়ে বাৰিষাৰ বৰষুণ; গৃহস্থৰ ঘৰ আমোদ উত্সৱেৰে চপচপীয়া, বন্ধু-বান্ধৱৰ মন ফৰকাল ভাৱেৰে নিকপটীয়া।”
মুচুপ ডাঙৰীয়াৰ বৰ্ণনা গঢ়াটো দেখি মই আচৰিত হোৱা যেন পাই তেওঁ মাত লগালে।
“তুমি আচৰিত হ’বৰ কাৰণ একো নাই; কিয়নো মোৰ মনত তেতিয়া যেনে লাগিছিল তেনেকৈ বৰ্ণাইছোঁ। মোৰ নতুন মনৰ উলাহত গোটেইখন পৃথিৱীয়েই সেই কালত নতুন যেন লাগিছিল।
আমাৰ ঘৰৰ ওচৰতে মাধৱ তৰণিৰ ঘৰ আছিল। তেওঁৰ গুৰিগছ ধোন্দোলা, গঁঠীয়া, টেমুনা আৰু ফটা। তেওঁৰ বাপেক বিক্ৰমপুৰৰ বঙাল আৰু মাক অসমীয়া। অৱশ্যে দুই দেশৰ দুই জাত সংগ্ৰহ কৰি মিলাই অঁতালত সি একেটা হৈ কোন জাতত পৰিছিল গৈ সেইটো মোৰ বুজ নাছিল। কিন্তু লোকে বাপেকৰ জাতকুল অৰ্থাত্ তেলীয়া আৰু মাকৰ জাত পানীকেওঁট বুলি কৈছিল। কিন্তু লোকৰ কথা সঁচাই হওক বা মিছাই হওক সেই তেল-পানী মিহলি হৈ কি হৈছিল তাৰ উৱাদিহ মই সমূলি নাৰাখিছিলোঁ। অসমত তেওঁলোকৰ বসতিৰ বয়স কম-বেছি দেৰকুৰি বছৰ হৈছিল। বাপেক মৰি যোৱাৰ পিছত মাধৱেও অসমীয়া কলিতানী ছোৱালী এজনী বিয়া কৰাই আৰু আউনিআটী সত্ৰত শৰণ লৈ নাম-কথা শুনি চাৰি পোৱা অসমীয়াৰ শাৰীত উঠিছিল। বিয়াই-সবাহে মাধৱ তৰণিৰ ঘৈণীয়েকে আমোলানীহঁতৰ সৈতে শাৰীপাতি বহিছিল আৰু সমানে মলা চৰু বিচাৰিছিল আৰু সেই “দাবীত” আপত্তি কৰিলে তৰণিয়ণীয়েও সমানে মুখ জোকাৰি সেই আমোলানীহঁতক দুই চাৰি কথা শুনাই তৰণি হেৰুৱাই দিবলৈকো নাপাহৰিছিল। গিৰিয়েকহঁত তৰণিয়নীৰ গিৰিয়েক তৰণিৰ ধৰুৱা নহয় নে? ধন ধাৰে লাগিলে বুলিলেই, ধাৰত পেন-পেন আমোলা ডাঙৰীয়াসকল টকাত দুপইচাৰ পৰা এক অনালৈকে বাঢ়িত তৰণিয়নীৰ আমাৰ ডাঙৰীয়া মাধৱ তৰণিৰ পৰা ধন ধাৰে আনিবলগীয়াত নপৰেনে? সেই দেখিয়েই মাধৱ তৰণিৰ ঘৈণীয়েক লখিমী তৰণিয়নীয়ে দুপৰীয়া তামোলৰ বঁটা আগত লৈ চল পালেই টেকেলানী গায়ননী আৰু দীঘলানী বাইহঁতৰ আগত নকৈ নেৰে যে, গপমাৰতী আমোলানীহঁতৰ চুলিৰ আগ কেইকোছা আমুকীৰ হাতত। এইখিনিতে আৰু ক’বলৈ বাকী আছে যে মাধৱৰ ঘৈণীয়েকে বৰজাপি ধৰা মানুহ লগত নোহোৱাকৈ একোজো নাকাঢ়িছিল, তেহেলৈ তেওঁৰ ঘৰৰ সমুখৰ আলিটোৰ সিপাৰে থকা কাৰো ঘৰলৈ তেওঁ যাবলগীয়াই হওক, বা দূৰৈলৈ যাবলগীয়াই হওক।
“তৰণিয়ে ঈশ্বৰৰ ইচ্ছাত তিনিজনী ছোৱালী আৰু এটা ল’ৰাৰ বাপেক হৈ ঘৈণীয়েকৰ হাতত, অলপ বা ডাঙৰ দোষতে আজি মাৰটীয়েৰে বুলি, সেই ল’ৰা-ছোৱালীমখাৰ পিঠিত ঢকিয়াবলৈ অধিকাৰ প্ৰদান কৰিলে। কালক্ৰমত তৰণিৰ ল’ৰা-ছোৱালী ডাঙৰ-দীঘল হ’ল, আৰু ছোৱালী তিনিউজনী বিয়া দি উলিয়াই দিবৰ কাল পালেহি। তেওঁৰ তিনিউজনী চোৱালী গঢ়িত আৰু শুৱনী আছিল। সিহঁতক আজিকালি কোনো অসমীয়া ডেকা কবিয়ে লগ পোৱাহেঁতেন, সিহঁতৰ ৰূপ তেওঁৰ কবিতাৰ কিতাপত এছোৱা এইদৰে নিশ্চয় বৰ্ণনা কৰি নকৰি নেৰিলেহেঁতেন”------
গাটো সোণ বৰণীয়া  ওঠ কোৱা ভাতুৰীয়া,
দালিম-গুটীয়া সৰু দাঁত।
লোহোৱালোহাৰ হাত   খৰচি নথকা মাত,
খামুচীয়া ককালৰ জাত।।
খৰম জুৰীয়া ভৰি,  ক’লা চুলি থাকে পৰি,
মেলি দিয়ে আঁঠুৰ তলত।
অমৰাগুটীয়া চকু,   চেলাউৰি বেকা-মাকো,
কেকোজেকো নিতম্ব-ভৰত।।

“তৰণিৰ মনত বৰ আশা, তেওঁ যেন অসমীয়া ভাল মানুহৰ ঘৰৰ আমোলা তিনিটা ল’ৰা গজ-গজীয়াকৈ তেওঁৰ তিনিটা জোঁৱাই কৰি ল’বলৈ পায়। এই ওখ আশা পূৰণ কৰিবৰ সপক্ষে তৰণিৰ গাঁঠিত ধন, ভঁৰালত ধান, বাৰীত তামোল-পাণ, গছত আম-কঁঠাল, গোঁহালিত গ’ৰু আৰু খলিত খীৰতি ম’হ আছিল। আৰু এইবোৰৰ উপৰুৱাকৈ কপালৰ বল আৰু বুদ্ধিৰ সম্বল থাকিলেই কাৰ্য্যসিদ্দিৰ বাটত বিঘিনি নাথাকে। তেওঁ আউনীআটিত শৰণ ল’বৰে পৰা তেওঁৰ আচাৰ ব্যৱহাৰ অসমীয়া নৈষ্ঠিক হিন্দুতকৈও একাঠি চৰিছিল; তেনেস্থলত এনে সুবতাহ বৈ থাকোঁতেই, তেওঁ যদি পাল তৰি তেওঁৰ মনৰ আশা তৰী ভালকৈ এছোৱা উজাই লৈ যাব নোৱাৰে তেন্তে দায় কণা গোঁসাইৰ গাতহে, তেওঁৰ গাত নহয়।”
“তৰণিয়ে জীয়েক-কুনকী হাতীৰে ভাল মানুহৰ ল’ৰা-মখনা ধৰিবলৈ ক’ত ফান্দ পাতিছিল, কিন্তু পৰা নাছিল। তেওঁৰে নিচিনা এধাকেচেলুৱা জাতৰ কাৰবাক তেওঁ জোঁৱাই কৰিবলৈ বিচাৰিলে পোৱাত বৰ আটক নাছিল, কিন্তু তেনেবোৰত আকৌ তেওঁৰ মন নাখাইচিল। তেওঁ গুৰুঘৰত মাত-কথা শুনি অসমীয়াৰো অসমীয়া, ভকতীয়াৰো ভকতীয়া হৈছিল। সৰহ নকওঁ, তেওঁ কোনো নিভাজ অসমীয়াৰে আচাৰ ব্যৱহাৰত অলপ অচৰপ লৰকফৰক দেখিলেই ঠাট্ট নকৰি নেৰিছিল—আগৰ মধুৰুৰীয়াই খৰি ধুই খাইছিল, এতিয়াৰ মধুপুৰীয়াই ভৰি ধইও নাখায়, এই ফকৰা চল পালেই তেওঁ মাতিছিল।”
“মাধৱে এজন ডাঙৰ উকিলৰ তৰণি হৈ কাছাৰিত দৰ্খাস্ত লেখি, গুচৰীয়া পদকীয়াৰ গোচৰৰ তদ্বিৰ কৰি উদাৰভাৱে দুপইচা উপাৰ্জন কৰিছিল; কিন্তু খৰচৰ বেলিকা তেওঁ সেই উদাৰ ভাৱক চকোৱাৰ আৰত থৈ, আলহী শুধিবলৈ অনুদাৰ ভাৱক বাহিৰলৈ উলিয়াই দিছিল। আৰ্জিবৰ সময়ত তেওঁৰ হাতৰ মুঠি মেল খাইছিল, তলুৱা খোৰোং হৈ পৰিছিল, কিন্তু খৰচ কৰিবৰ সময়ত তেওঁৰ আঙুলিৰ মাজৰ সুৰুঙাবোৰ মৰি পানী নসৰকা হৈছিল। এনেস্থলত তেওঁ যে ৰূপবান সাঁচি চহকী মানুহৰ শাৰীলৈ নাযাব তাৰ আটক কি? তেওঁৰ ধানৰ ভঁৰাল গুটিধান গছীধানেৰে ভৰা, গোঁহালি খীৰতী গাইৰে, আৰু ৰান্ধনীঘৰৰ মুধৰ পৰা জোৰাদি বঢ়াই উলিৱা ছালি খীৰতী ছাগলীৰে ভৰা আছিল। কিন্তু হ’লে কি হ’ব, তেওঁ ইমান কটকিনা কিৰ্পিণ আছিল যে কাকো এডাল কূটা, এটোপা গাখীৰ, এচিকটা বস্তু দিব নোৱাৰিচিল। বাৰীৰ কল পকি যায়, বাদুলীয়ে খায়, কাউৰীয়ে খায়, আৰু বাকী থকাবোৰ তেওঁ বজাৰত বেচিবলৈ পঠিয়াই দিয়ে; আম কঁঠাল আদিৰ বেলিকাও তেওঁ সেই নজিৰ মতেই চলে। কিন্তু তেওঁ নিজ হাতে তুলি তাৰ এটা এডোখৰ কাকো দিব নোৱাৰিছিল। পৰক দি থৈ খাবলৈ তেওঁৰ সোঁৱৰণীত বিধাতাই একেবাৰেই লেখিবলৈ পাহৰিছিল। এদিন এটা কেহেটা ঘটনাৰ কথা তোমাক কওঁ শুনা।”
“মোৰ তিনি বছৰীয়া সৰু ভাইটো অনেক দিন জ্বৰত ভুগি শুকাই খেৰশনীডাল যেন হৈছিল। মুঠিয়ে মুঠিয়ে ধন ভাঙি লাডুৱে লাড়ুৱে দৰৱ খুৱাই দেউতা হায়ৰাণ হৈছে, তথাপি, তাৰ নৰীয়া ভাল নহয়। এদিন বেজবৰুৱাই এটা দৰৱ দি ক’লে, এই বিধ দৰবেই মোৰ শেষ ব্যৱস্থা। এই দৰবত যদি ভাল নহয়, তেন্তে মই আৰু একো কৰিব নোৱাৰিম। ছাগলীৰ গাখীৰৰ অনুপানেৰে তেওঁ ৰোগীক সেই দৰব খুৱাবলৈ ক’লে। দুৰ্ভাগ্যৰ গুণে আমাৰ ঘৰত ছাগলী পোহা দস্তুৰ নাছিল, আৰু তৰণিৰ ঘৰৰ বাহিৰে ওচৰ চুবুৰীয়া আন কাৰো ঘৰত ছাগলীৰ গাখীৰ নাছিল, তৰণিৰ গতি গোত্ৰ আমাৰ ভালকৈ জনা আছিল দেখি সেই ফাললৈ নুঠুকি আন ঠাইত ছাগলীৰ গাখীৰ বিচাৰিবলৈ ধৰিলোঁ। কিন্তু খনতে বিচাৰি চলাথ কৰিলোঁ, তথাপি কৃতকাৰ্য হ’ব নোৱাৰিলোঁ। আমি নিৰুপায় হৈ শেহত অগত্যা তৰণিৰ ওচৰত ছাগলীৰ গাখীৰৰ অৰ্থে আবেদন কৰিলোঁ। কিন্তু কিৰ্পিণ যক্ষই এটোপা গাখীৰকে দিবলৈ মান্তি নহ’ল। দেউতা আৰু আই বিবুদ্ধি, কোনোমতে ছাগলীৰ গাখীৰৰ দিহা হৈ নুঠে। কিন্তু খটাসুৰ মোৰ এটা বুদ্ধি ওলাল। আইক মই মনে মনে ক’লোঁ, আই তুমি চিন্তা নকৰিবা, মই ছাগলীৰ গাখীৰ আনিম কিন্তু দেউতাই যেন এই বিষয়ে একো গম নাপায়। আয়ে মোৰ কথা শুনি যদিও পেটে সন্তোষ পালে তথাপি মোক সাৱধান নকৰি নাথাকিল, যে মই যেন আকৌ ছাগলীৰ গাখীৰৰ নিমিত্তে কাৰো সৈতে একো গোলমাল নলগাওঁ। মই আইক নিৰ্ভয় দি ক’লোঁ, কাৰো সৈতে একো নালাগে, তুমি চিন্তা নকৰিবা।”
“সন্ধ্যা লাগি ভাগি ৰাতি আঠমান বাজিছে। তৰণিৰ বৰজনী জীয়েক মাধৈমালতীয়ে আখলত সোমাই চৰুৰ তলত জাল লগাইছে। তৰণিয়ে বাহিৰৰ চোতালত বহি গুণগুণাই হাজাৰীঘোষাৰ পদ একো ফাঁকি বিসুৰীয়াকৈ গাইছে। ঘাণীয়েকে বৰঘৰৰ শোৱাপাটীত ল’ৰা শুওৱাৰ চেলুতে নিজেও এঘূমতি মাৰি লৈছে। এনেতে মই হাতত কঁঠাল-কুণহীয়া বাটি এটা লৈ, ভৰিৰ গোৰোৱাক মাটিৰ পৰা আঁতৰত ৰাখি আঙুলিৰ আগত ভৰ দি, হাতত সাৰে ভৰিত সাৰে গৈ, চুৰকৈ ছাগলীৰ গাখীৰ খীৰাই আনিবলৈ বুলি মাধৱ তৰণিৰ ছাগলীৰ ঘৰত সোমালোঁ। তৰণিৰ ছাগলীৰ ঘৰটো ৰান্ধনি ঘৰৰ মুধৰ পৰা চালি এখন বঢ়াই কৰা। ৰান্ধনি-ঘৰৰ মুধৰ বেৰখনেই তাৰ এফালৰ বেৰ। মই খীৰতী ছাগলী এজনীৰ ওচৰত লাহেকৈ বহি, গাখীৰ খীৰোৱাৰ পাতনি স্বৰূপে তাই বাঁটত খুন্দা ধৰিলোঁ। এইখিনিতে কোৱা আৱশ্যক যে মোৰ কাৰ্য্যটোক একেবাৰেই চুৰিৰ পৰা এখোপ ওপৰলৈ তুলিবৰ মনেৰে মই পইচা চাৰিটা লৈ গৈছিলোঁ, আৰু তাক গাখীৰৰ বেচ স্বৰূপে সেই ছাগলীজনীৰ ওচৰত থৈ দিলোঁ। অৱশ্যে চাৰিচটা ইটা দি চাপৰ শোৱা-ছালপীৰাখনৰ চাৰি খুৰা ওখ কৰাদি এই চাৰিটা পইচাৰে মই মোৰ কাৰ্য্যটোক ওখ কৰিবলৈ গৈ কিমানদূৰ কৃতকাৰ্য্য হৈছিলোঁ, আপুনি বুজিছে। মই তাৰ বিষয়ে একো নকওঁ।”
“ইকৰাৰ বেৰখন যদিও গোবৰ-মাটিৰে লেপা, তথাপি সি বছৰ চেৰেক পুৰণি বাবে ঠায়ে ঠায়ে তাৰ লেপ খহি সুৰুঙা ওলোৱা হৈ গৈছিল। সেইদেখি জলঙাইদি, ছাগলীৰ চালিৰ পৰা আখলৰ ভিতৰলৈ মোৰ দৃষ্টি সহজে সৰকি গৈছিল। ইয়াৰ উপৰিও তাত জুইৰ পোহৰ আৰু মই থকা চালিৰ ভিতৰত এন্ধাৰ, গতিকে সেই বিষয়ত ৰান্ধনি-ঘৰীয়াতকৈ ছাগলীঘৰীয়াৰ সুবিধা বিস্তৰ।”
“ছাগলীজনীৰ ওহাৰখন হাতৰ মুঠিৰে খুন্দিয়াই লৈ মই বাটিটো বাওঁহাতে তুলি লৈছো, আৰু সোঁহাতেৰে বাঁট এটাত ধৰি এচোচা কি দোচোচা মাৰিছোঁহে, এনেতে আখলৰ খোটালিৰ উত্তৰ ফালৰ বেৰত তিনিটা টোকৰ পৰা শুনিলো। টোকৰ শুনি মই দুগ্ধদোহন কাৰ্য্য স্থগিত ৰাখি, তাৰ মানেটো উলিয়াবৰ নিমিত্তে চকু কাণ থিয় কৰি, আৰু সৰ্বাঙ্গ শৰীৰটোক মনৰ ভাপেৰে ভালকৈ উষুৱা এখন ডাঙৰ কাণ কৰি পেলালোঁ। মই এইদৰে চোপা দি আছো, ছোৱালীজনীয়ে টোকৰ কেইটা শুনি চৰিয়াত চুৱা হাত ধুই, লাহেকৈ উঠি আখলৰ পৰা ওলাই পাছ ফালৰ চোতাল পালেগৈ। দৈৱ দুৰ্বিপাকত, ঠিক এনে সময়তে বৰআইটী অ! বৰআইটী অ! বুলি তৰণি ৰান্ধনি ঘৰৰ ফালে আহক। কিন্তু বৰআইটীৰ উত্তৰ নাপাই তেওঁ আখলৰ ভিতৰলৈ সোমাই গ’ল। গৈ দেখিলে, ভাত-চৰুৰ তলত জুই জ্বলি আছে, অথচ বৰআইটী তাত নাই। মোৰ দুৰ্দশাৰ ফেৰত তাৰ পিছত তেওঁ আখলৰ খোটালিৰ পৰা ওলাই আহি ছোগালীঘৰৰ কাষ পালেহি। তেওঁ সেই ফাললৈ আহিলতে, মোৰ ওপৰত অনধিকাৰ প্ৰৱেশ আৰু চুৰিৰ অভিযোগ দিবৰ মনেই নেকি, সেই ঘৰৰ বাসিন্দা আন এজনী ছাগলী হঠাত্ দুপদুপাই উঠিল। কিয় ছাগলীজনীয়ে দুপদুপাইছে বুলি তৰণি ছাগলী ঘৰত সোমাল। আৰু ‘ক’-ৰ পিছত ‘খ’-অহাদি মই ধৰা পৰিলোঁ! মোক দেখিয়েই তৰণিয়ে ‘চোৰঔ!’ বুলি ৰিং মাৰি দিলে, আৰু চোচা মাৰি আহি খপকৰে মোৰ হাতত ধৰিলে। তাৰ পিছত মোক টানি বাহিৰলৈ আনি ঘৈণীয়েকক লৰি চাকিটো লৈ আহিবলৈ মাতিলে। চাকি হাতত লৈ ঘৈণীয়েক লৰি আহিল। লৰালৰিৰ বেগত তেওঁৰ গাৰ ৰিহাখনৰ আদখিনিয়ে মাটি সাৰি আনিলে, আৰু মেঘমুক্ত শশধৰৰ নিচিনা মই চাকিৰ পোহৰত প্ৰকাশিত হৈ পৰিলোঁ। তৰণিয়ে মোক দেখি চিনি পায়েই হাঃ!হাঃ!হাঃ! কৈ যে বিকট হাঁহিটো হাঁহিলে, তাক মই কি কম! জয়ৰ উলাহেৰে তেওঁ মাত লগালে—বোলোঁ এইবোৰ কেনে কথা? ভাল মানুহৰ ঘৰৰ ল’ৰা হৈ চোৰৰ পৰ্কিতি কিয়? দেখা-শুনাকৈ খুজি-বাঢ়ি বিয়া-বাৰু কৰাই নিলেই দেখোন হয়, চোৰাংকৈ চলিবৰ সকাম কি? মই এতিয়াই ধৰি থানালৈ পঠিয়াই দিলে কাৰ্য্য সাং! তোমাৰ দেউতা ডাঙৰীয়াৰে সৈতে আমাৰ ঘৰ মানুহৰ বন্ধুতা যাউতীযুগীয়া। সেইদেখি অৱশ্যে মই তেনেকুৱা লোক-হাঁহিয়াতৰ কাম নকৰোঁ নিশ্চয়। কিন্তু পোনপটিয়ে চলিব লাগিব; বেকা বাটে চলিব নিদিওঁ। তৰণিৰ এই কথাষাৰ শুনি তেওঁ কি ভাবি কি কৈছে, সেইটো মোৰ মনত বিজুলী মৰা দি মাৰিলে; আৰু মই ঘটনাটোৱে কেনি পাক লৈছে বুজি পেলাই বৰ লাজ পালোঁ। মই যে তেওঁৰ ছাগলীৰ গাখীৰ চুৰ কৰিবলৈ আহিছিলোঁ, সেইটো তেওঁ নুবুজি নাভাবি, তেওঁৰ জীয়েকৰ সৈতে গুপ্ত প্ৰণয়ৰ বেহা কৰিবলৈ আহিছিলোঁ, সেইটোহে বুজিলে আৰু ভাবিলে। মই তেওঁৰ কথাৰ গঢ়ত এইটোও ভালকৈ বুজিলোঁ যে তেওঁ মুখেৰে মোৰ ওপৰত খং দেখুৱালেও পেটে এই ভাবি সন্তোষ লভিছে যে ভাল মানুহৰ ঘৰৰ ল’ৰা এটা অতদিনৰ মূৰত তেওঁ বৰশীত লগাবলৈ পালে, আৰু সম্ভৱতঃ মোক জোঁৱাই কৰিবলৈ পাব। এই কথা মনত খেলালতে, লাজে-অপমানে মোক খুন্দি আনিলে। কিন্তু মই কি উত্তৰ দিম, দোধোৰ-মোধোৰত পৰি ভাবি থাকোঁতেই দেখিলোঁ, বাপেকৰ পিঠিৰ ফালে তেওঁৰ জীয়ক মাধৈমালতী আহি থিয় দিছে আৰু মোৰ মুখৰ ফালে তাই অতি সকৰুণভাৱে চাই বাপেকে দেখিবলৈ নোপোৱাকৈ এনেকৈ ঠাৰ দিছে যে মই য়েন বাপেকৰ কথাৰ কোনো প্ৰতিবাদ নকৰোঁ। মই ততালিকে ছোৱালীজনীৰ মনোভাৱ বুজি হাতত পোৱা তাইৰ ইচ্ছাৰ বাটকে ধৰিলোঁ। বিশেষ, মই কৰিবলৈ অহা কৰ্য্যটিও যে কিবা ওপৰ খাপৰ আছিল এনে নহয়; বৰং তাতকৈ তৰণিয়ে ভবাটো ভাগৰেই মোৰ মনত অলপ গৌৰৱৰ যেন লাগিল। সেইদেখি মোৰ গাত পৰা জগৰকে সাৱটি ধৰি গাত পাতি লৈ মাত লগালোঁ, মোৰ দোষ ক্ষমা কৰক। এই কথা আন কাকো নকৈ আপুনি মনে মনে থাকক, পোন বাটেও কাৰ্য্য অসম্ভৱ নহয়। মোৰ কথা শুনি তৰণিয়ে মোৰ হাতটো এৰি দি ক’লে বাৰু যোৱা এই বাৰলৈ এৰি দিলোঁ, আৰু এনে কাম নকৰিবা। কিন্তু তৰণিয়ে কথাষাৰ কোৱাৰ গঢ়ত বুজিলোঁ যে মই এই জগৰ দিনৌ কৰিলে তেওঁ আৰু সন্তোষ পাব।”
“এই কথাৰ পিছত মই তৰণিৰ ঘৰৰ পৰা ওলাই দুৱাৰমুখ পাৰ হৈছোঁ মাথোন, এনেতে তেওঁ আকৌ মাত লগালে, বোপা শুনি যোৱাঁ! বৰ আইটী অ! সেই পগোৱা এৱাঁ গাখীৰ যে আছিল, তাৰে এবাটি বোপাক দে, খাই যাওক। মই আজিলৈ থাওক কাইলৈ আহি খাম বুলি কৈ লৰালৰিকৈ গুচি গ’লো।”
“পিছদিনা তৰণিৰ জীয়েক মাধৈমালতীয়ে তলত দিয়া চিঠিখন লেখি সৰু ভায়েকটোৰ হাতত গোপনে মোলৈ পঠিয়াই দিলে--”
‘ককাইদেউ,
আপুনি মোৰ শত সহস্ৰ সেৱা জানিব। আপুনি কালি মোক যিটো বিপদৰ পৰা ৰাখিলে, জীয়াই থাকো মানে মই আপোনাৰ ধাৰ শুজিব নোৱাৰোঁ। আজি মই আপোনাৰ আগত মোৰ মন খুলি সকলো কথা কম। আশাকৰোঁ আপুনি মোৰ দুখত সহানুভূতি কৰিব। মই আখলৰ পৰা ওলাই যাৰ মুখ চাবলৈ আৰু যাৰ মৌ সনা মাত শুনিবলৈ গৈছিলো, তেওঁ মোৰ প্ৰাণতকৈও অধিক। মই তেওঁৰ চৰণৰ দাসী। তেওঁত মই মোৰ মন প্ৰাণ যথা সৰ্বহ সমৰ্পন কৰিছোঁ। ঈশ্বৰে কৰিলে অচিৰতে মই তেওঁক পাম। কিন্তু দেউতাই তেওঁৰ নামকে শুনিব নোৱাৰে। কিয় জানে? তেওঁ দুখীয়া তেওঁ আমাৰে নিজিনা এধাকেচেলুৱা; তেওঁ ডাকঘৰত ডেৰকুৰি ৰূপ দৰমহাত কেৰাণীৰ কাম কৰে। মোৰ দেউতাকৰ জোঁৱাই কৰিবলৈ মুনচুপ সদৰামিনৰ ঘৰৰ ল’ৰা লাগে, নহ’লে তেওঁৰ মন নুঠে। কিন্তু তেওঁৰ আশা যে আকাশ কুসুম সেইটো তেওঁৰ বুজিবৰ শকতি নাই। তেওঁ সমাজত নিজৰ ঠাই ক’ত বুজিব নোৱাৰে। তেওঁৰ ভয়ত মই লুকাই চুৰকৈ এইদৰে চলিবলগীয়াত পৰিছোঁ। কিন্তু এই বাটৰ ওচৰ বেগতে পৰিব; মোৰ বস্তু মই সোনকালেই পাম। অৱশ্যে মোৰ কাৰ্য্যত দেউতাই শোক পাব; আৰু মোক অকৃতজ্ঞ বুলিব। কিন্তু মই নিৰুপায়। সি যি হওক, ঈশ্বৰৰ ইচ্ছাত যিটো হয়, তাক কোনেও খণ্ডাব নোৱাৰে। আপুনি নিজৰ গাত দায় লৈ কালি যেনেকৈ মোক সৰুৱালে, সেইটো আপোনাৰ বহল মনৰ আৰু পৰোপকাৰী অন্তঃকৰণৰ চিন। ঈশ্বৰে আপোনাৰ ভাল কৰক, তেওঁৰ অভয় চৰণত মোৰ এই প্ৰাৰ্থনা। আপুনি মোৰ এইবোৰ কথা নিজৰ পেটত ৰাখিব, কাকো নক’ব। মই আপোনাক বিশ্বাস কৰিব পাৰোঁ জানি বিশ্বাস কৰিলো। সৰুৰে পৰা দেখা শুনা হৈ আমি ডাঙৰ দীঘল হৈছোঁহঁক। আপোনাৰ ওখ মনৰ বিষয়ে আগৰে পৰা ভালকৈ জানো।
কালি আপুনি কিয় আমাৰ ঘৰলৈ আহিছিল, সেইটো মোৰ বুজিবলৈ বাকী নাই। দেউতাৰ মন বৰ ঠেক। তেওঁৰ সৰু মনৰ কাৰ্য্যত আমি সদায় লাজ পাওঁহঁক। কিন্তু কি কৰোঁ! অৱশ্যে এটা কথা পাহৰিব নেলাগে যে এপুৰুষতে কোনো মানুহৰ মন একেবাৰেই ডাঙৰ হ’ব নোৱাৰে; আৰু হ’লেও সি এশটাৰ ভিতৰত এটাৰহে। সেইবোৰ কথা আজি কৈ লাভ কি! মই ছাগলীৰ গাখীৰ দিনৌ দুইবেলা দেউতাই গম নোপোৱাকৈ আমাৰ ন-গয়াঁনী বাইৰ হাতত আপোনালৈ পঠিয়াই দিম। আপুনি গাখীৰৰ বেচ বুলি থৈ যোৱা পইচা চাইটা আৰু গাখীৰ লৈ যাবলৈ অনা বাটিটোও, মই পত্ৰবাহক মোৰ সৰু ভাইটোৰ হাতত পঠিয়ালোঁ। ইতি
আপোনাৰ ভনীয়েক
শ্ৰীমতী মাধৈমালতী।
“এই চিঠিকন পাই মই কি কৰিম কি নকৰিম, একোকে ঠিক কৰিব নোৱাৰিলোঁ। কিন্তু মাধৈমালতীয়ে মোৰ ওপৰত বিশ্বাস স্থাপন কৰি যিবোৰ কথা তাই লেখিছে, সেইবোৰ বিশ্বাস ভণ্ডুৰ কৰি কাকো নকওঁ, এইটো নিশ্চয় কৰিলোঁ।”
“ইয়াৰ পিছত মাধৱ তৰণিয়ে মোক তেওঁৰ ঘৰত জলপান খাবলৈ মতাই পঠিয়াইছিল, কিন্তু মই এদিনো যোৱা নাছিলোঁ। আজি মূৰ কামোৰণি, কালি পেটৰ অসুখ, এনেবোৰ আঁসোৱাহ উলিয়াই মই সেই নিমন্ত্ৰণবোৰৰ পৰা গা সাৰি আছিলোঁ।”
“ওপৰত কোৱা সেই ৰাতিৰ ঘটনা ঘটিবৰ পৰা পঞ্চম দিনাৰ ৰাতিপুৱাই মাধৱ তৰণি ফোপাই জোপাই হাতত চিঠি এখন লৈ মোৰ দেউতাৰ ওচৰ ওলাই ক’লেহি, ডাঙৰীয়া! মোৰ সৰ্বনাশ ঘটিল! মোৰ বৰজনী ছোৱালীক গল ৰাতি ডাকঘৰৰ বাবু এটাই পলুৱাই লৈ গ’ল! মই কি কৰোঁ, ক’লৈ যাওঁ, বুদ্ধি এটা দিয়ক ডাঙৰীয়া!”
“দেউতাই তৰণিক বিশ্বাস দি ক’লে, তুমি ব্যস্ত নহ’বা, ছোৱালী ওলাব। যি হৈছে হৈছে, এতিয়া তাইক বিচাৰি-খোচাৰি আনিব লাগিব। ঘৰত বয়সীয়া ডাঙৰ ছোৱালী বিয়া নিদিয়াকৈ ৰাখি থলেই এনেবোৰ বিপদ হয়। ডাকঘৰৰ বাবুয়ে নিলে বুলি তুমি কেনেকৈ জানিলা? তৰণিয়ে উত্তৰ দিলে—‘এইখন চিঠি চাওক।’ দেউতাই চিঠিখন হাতত লৈ পঢ়িলে---”
‘দেউতা,
‘’তুমি যি ভাবি যি কৰিবলৈ গৈছা সি সিদ্ধি নহয়। ভাল মানুহৰ নিৰ্দোষী ল’ৰাক তুমি সাঙুৰিব নোৱাৰা। মই সদায় যাক মনতে পতি বৰণ কৰি আহিছোঁ, তেওঁৰ লগলৈ মই এতিয়া যাবলৈ ওলালোঁ। দুখীয়া সনাতন হে, যাক তুমি দেখিবকে নোৱাৰা, মোৰ স্বামী। এই কথাৰ অন্যথা কোনেও কৰিব নোৱাৰে। তুমি যদি কেতিয়াবা মোৰ দোষ মৰ্ষণ কৰিব পাৰা, তেতিয়া মোৰ সৈতে দেখা হ’ব, নতুবা এয়ে মোৰ শেষ বিদায় বুলি ল’বা।
তোমাৰ জগৰীয়া জীয়েৰ
শ্ৰীমাধৈমালতী”