SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
টকৰুৰ দৌৰাত্ম্য

বৰুৱাদেও!
আপুনি নিজৰ দেশ গাঁও-ভূঁই এৰি দেশ-দেশান্তৰে ঘূৰিপকি ফুৰি শেহত বঙালৰ দেশ কলিকতাত খোপনি পুতিছেগৈ বুলি শুনিছো। হওঁতে আপুনি এক প্ৰকাৰে ভালকে কৰিছে বুলিব লাগে, কাৰণ আমাৰ গাঁও-ভূঁইৰ অৱস্থা কাউৰী-শগুণে নোখোৱা হল। দেখিলে শোক লগা হল। আমাৰ ভালৰ ঘৰৰ পো-নাতিবোৰ দুখীয়া ছাল-ছিগা হল। সিহঁতৰ স্বভাৱ কুন্ধছ হল, হাব-জীবৰ লক্ষণ নাইকিয়া হল। মুঠতে সিহঁত এই অলপ কালৰ ভিতৰতে কিবা অজাতৰীয়া টোকোনা হল। জ্বৰ-নৰিয়া আদি ৰোগেও গাঁও-ভূঁই উজাৰ কৰিলে। চবকা খহনীয়া আদি বেমাৰে গৰু মাৰু উপান্ত কৰিলে। খেতি-পথাৰ ছন পৰিল। ৰাইজৰ ভিতৰত মিলা-প্ৰঈতি গুচিল। ৰাজহুৱা কাম-কাজো লোপ পালে। চমুকৈ কলে আপুনি থাকোঁতে ৰমক-জমক জয়জয়-ময়ময় হালধিঅটীয়া গাঁও এতিয়া লাংলাংঠাংঠাং হল। ময়ো এই ছন পৰা ঠাই এৰি, পাৰোঁ যদি ৰুজিবৃত্তিৰ কিবা এটা উপায় কৰিবলৈ আপোনাৰ ওচৰলৈকে যাবলৈ মনতে থিৰাং কৰিছোঁ। আমি সৰুৰে পৰা একেলগে ডাঙৰ হোৱা মানুহ। অদৃষ্টক্ৰমে যদিও আমি অনেক দিন আঁতৰাআঁতৰি হৈ পৰিছোঁহক, তথাপি দুখত পৰিলে আপুনি মোক বুধিভাগ দি সহায় কৰি তুলি ধৰিব বুলি মইক ভালকৈ জানো। সম্প্ৰতি মই  কলিকতাৰ সম্পৰ্কে গোটাচেৰেক প্ৰশ্ন আপোনাক কৰোঁ। পত্ৰ পোৱা মাত্ৰকে তাৰ সবিশেষ উত্তৰ দি মোৰ মনৰ ভঞ্জন কৰিব যেন এই আশা কৰিলোঁ। তালৈ যোৱাৰ আগেয়ে তাৰ বিষয়ে অলপ ৱাকিপ হোৱাটো ভাল যেন ভাবিছোঁ। আপোনাক এইবিলাক কথা সোধা বাবে আপুনি আমনি নাপাব, কাৰণ আপুনি মোৰ লৰাকালৰ বন্ধু। আমি একেলগে নৈত নাদুৰিছিলোঁ। একেলগে গছত উঠি চুৰকৈ পকা জামু খাইছিলো। সৰহ নালাগে একেলগে দন্দ আৰু কিলাকিলি কৰিছিলো। গতিকে সেই শিশুলীলা সুঁৱৰি মোৰ দোষ মৰিষণ কৰিব।
(১) কলিকতা গঙ্গাৰ পৰা কিমান আঁতৰত? আৰু কালিঘাটৰ পৰা কেইখনমান তামোল খোৱাৰ বাট?
(২) তাত বহুত মানুহ আছে বুলি শুনিছো। কিমান হব? আমাৰ যোৰহাট চহৰত যিমান অছে তাতকৈ সৰহ নে তাকৰ?
(৩) সি কিমান ডাঙৰ? দীঘলে-পুতলে কিমান হ’ব? আমাৰ গাঁওখনত তেনেকুৱা আৰু কেইখন গাঁও জোৱা দিলে কলিকতাৰ সমান হব?
(৪) তাৰ মানুহে পটলুং পিন্ধে নে চুৰিয়া পিন্ধে? কি খায়? কোনে ৰান্ধে? তিৰুতা মানুহে কি কৰে? বোৱা-কটা কৰে নে? লৰাক পিয়াহ নুখুৱায় বুলি শুনিছো। সঁচা নে?
(৫) মহাৰাণী তাত থাকে নে কত থাকে? তেখেত দেখিবলৈ বা কেনে? তেখেতৰ গাৰ বৰণ শুকলা নে গৌৰবৰ্ণ? তেখেত বোলে পুৱা ছোৱালী, দুপৰীয়া দেকেৰী আৰু গধূলি বুঢ়ী হয়? লঙ্কা তাৰ পৰা কিমান দূৰ? বিভীষণক কোনোবাই দেখা পাচিএহ নে?
(৬) আল্‌মপুৰাৰ নাতি মান-ৰজাক তাত বন্ধী কৰি থোৱাটো সঁচা নে?
(৭) কলিকতাৰ হাৱা-পানী কেনেকুৱা? আমাক তাত শুজিবনে? থুপৰীক শুজিবনে? অৱশ্যে মইে গলে থুপৰীক লগত লৈ যাব লাগিব। তাই মোক এৰি অকলৈ ইয়াত কেতিয়াও নাথাকে।
(৮) আমাৰ নৈৰ পৰা পানী একলহ আনি দিবলৈ আৰু আমাৰ লাচনি-পাচনি বন কৰিবলৈ কলিতা মানুহৰ লৰা এটা তাত পোৱা হব নে? কলিতা নাপালে কেওটেৰেই চলাব পাৰিম; কিয়নো গঙ্গাৰ পাৰত ক্ষুদ্ৰ পাপে ক্ৰিয়া কৰিব নোৱাৰে।
(৯) মইা শুনিছো বোলে তাৰ বৰচাহাবৰ সৈতে আপোনাৰ চিনাকি আছে আৰু আপোনাক তেওঁ বৰ ভাল পায়। বৰচাহাবক কৈ, চৰকাৰৰ ঘৰত একুৰি মান ৰূপ দৰমহাৰ কাম এটা আপুনি দিয়াব নোৱাৰিব নে? বধ লাগে, দিয়াবইা লাগিব। থুপৰীয়েও এইষাৰ কথা আপোনালৈ টানি লিখিবলৈ মোক কৈছে। মোৰ তিনি কুৰি ৰূপৰ ধাৰ এটা লাগিল। আপুনি লখিমীৰ বৰপুত্ৰ হৈছে; আপুনি দয়া কৰোঁ বুলিলে আনায়াসে কৰিব পাৰে। চৰাইৰ কাণে পহু কাণে আমি আপোনাৰ সম্পদৰ কথা শুনিছো। আপুনি আমাৰ এই ধাৰটো মাৰি দিবলৈ শ্ৰীমতী থুপৰীয়ে মোক আপোনালৈ লেখিবলৈ কৈছে। বোলে তেখেতলৈ লিখিলে নিশ্চয় তেখেতে আমাৰ ধাৰটো মাৰি দি আমাক জৰ্জ্জৰীয়া কৰি দিব। আপুনি থুপৰীক দেখা নাই। তাইক মইত লগত লৈ যাম, গলে দেখিবলৈ পাব। তাই বৰ ভাল। আমাৰ গোসাঁই ঈশ্বৰৰ আশীৰ্ব্বাদতহে মইত সজ তিৰুতাজনী পাইছোঁ। অধিক কি লেখিম? এই চিঠিৰ উত্তৰ পাবলৈ বাট চাই থাকিলোঁ।
                                                                                  আপোনাৰ আগৰ কালৰ দুখীয়া বন্ধু
                                                                                         শ্ৰীটকৰু শৰ্ম্মা সভাপণ্ডিতস্য।

চিঠিখন পঢ়ি মোৰ ভৰিৰ পৰা মূৰলৈকে তপত হৈ গল। ফটা কাকতৰ পাচিটো দুৱাৰচুকত আছিল। একে চোচাই গৈ তাৰ ওচৰ পাই চিঠিখন তাত পেলাই দি, চেচা হৈ, মুখত চেলেউ এটা গুজি লৈ শাকনি-বাৰীত সোমাই শাক নিৰাবলৈ লাগিলোঁ।
    ইয়াৰ এপখৰ পিছত টকৰু শৰ্ম্মাৰ পৰা আৰু এখন চিঠি পালোঁ:-
বৰুৱাদেও!
মোৰ আগৰখন চিঠিৰ উতৰ নাপাই মনটো উগুল-থুগুল লাগি আছে। বোলোঁ কি কথা, চিঠিখন আপুনি পালে নে নাই একো উৱাদিহ নাপালোঁ। থুপৰীয়ে ডাকোৱাল আহিছে নে নাই, দিনৌ পদূলি-মুখলৈ চাই থাকে। আৰু তাই চৰতীয়া এটা ডাকোৱালৰ হাতত দি তাক খাটি থৈছে, যাতে চিঠিখনৰ উত্তৰ সোনকালে আনি দিয়ে। ইতিমধ্যতে তাই টোপোলাটাপলি বান্ধিকুন্ধি কলিকতালৈ যাবলৈ বুলি ওলাই আছে। আৰু সাদিনৰ ভিতৰত উত্তৰ নাপালে, ভগৱন্তবস্তুৱে কৰিলে আমি আপোনাৰ ওচৰ ওলাম গৈয়েই। জ্ঞাত-কাৰণ লেখিলোঁ। ইতি-
                                                                                                            আপোনাৰ
                                                                                         শ্ৰীটকৰু শৰ্ম্মা সভাপণ্ডিতস্য।

দেখিলোঁ সৰ্ব্বনাশ। থুপৰীয়ে সৈতে টকৰু থোপোৰা আহি মোৰ গাৰ ওপৰত জপং কৰি পৰিলেহিয়েই দেখিছোঁ। ফটা কাকতৰ পাচিত পেলোৱা সেই চিঠিখন লৰালৰিকৈ বিচাৰি আনি এই উত্তৰটো লেখি ডাকত দিলোঁ:

বান্ধ!
আপোনাৰ চিঠি পাই সকলো বুজিলোঁ। আপুনি সস্ত্ৰীক ইয়ালৈ আহিব খুজিছে শুনি সুখী হলোঁ; কিন্তু অহাৰ আগেয়ে আপুনি মোৰ এই উত্তৰ পঢ়ি বিবেচনা কৰি কাম কৰিব এই আশা কৰিলোঁ। আপুনি কৰা প্ৰশ্ন কেইটাৰ উত্তৰ তলত দিলোঁ।
(১) কলিকতা “দেবী সুৰেশ্বৰী ভগৱতী গঙ্গে”ৰ পৰা ভালেমান আঁতৰত। অৱশ্যে যিখন নৈয়ে আজিকালি জালকৈ গঙ্গা বুলি কলিকতাৰ কাষেদি চলিব লাগিছে, সেইখন হুগলীহে। কলিকতা ঠগৰ মুলুক। ইয়াত নিশাৰ ভিতৰতে পুখুৰী চুৰি যায়। গছে জুৱাচুৰি কৰি গুটি লুকায় আৰু এখন নৈয়ে আন এখন নৈৰ নাম লৈ চলে।
(২) কালীঘাট কলিকতাৰ ইমান কাষতে কলঘুমটিয়াই আছে যে সি কেতিয়াবা টোপনিৰ জালত কলিকতাৰ ওপৰতে পৰিব বুলি ভয় হয়। তাৰ আদিগঙ্গা নামেৰে এটা খাল আছে। সেই খালটো আমাৰ কাকজানতকৈও ঠেক আৰু দীঘলে আপোনাৰ মিছেছ্‌ থুপৰীৰ চুলিকোছাতকৈও কিজানি চুটি হব। কলিকতাৰ ভিতৰত যিজনা কালী আছে তেওঁক “ফিৰিঙ্গী কালী” বোলে। সেইদেখি “নেটিভ কালী” কোনজনা বিচাৰি উলিওৱা টান। মইি আজিলৈকে একোকে থিৰ কৰিব পৰা নাই গুণে মোৰ কপালত কালীদৰ্শন ঘটা নাই। কালিঘাটত এবিধ মানুহৰ নিচিনা প্ৰাণী আছে, তেওঁলোকৰ নামৰ পাণ্ডা। তেওঁলোকে যাত্ৰীৰ ছাল-মঙহ টানিটুনি একাকাৰ কৰে। সেইদেখি সেই ভয়তে আজিলৈকে ম‌ই সেইমুৱা হোৱা নাই।
(৩) কলিকতাত কিমান মানুহ আছে তাৰ লেখ মইৈ আহিবৰ দিনাৰে পৰা আজিলৈকে দিনৌ কৰিব লাগিছোঁ; কিন্তু এতিয়াও অন্ত কৰিব পৰা নাই। আৰু কিমান দিন লাগে কব নোৱাৰোঁ। লেখি ওৰ পেলায়ে আপোনাক জনাম। কিন্তু মানুহৰ উপৰিও ইয়াত ইমান ভূত আৰু দানহ আছে যে তাৰ লেখ কৰিবলৈ আমাৰ গাঁৱৰ সিধু কাকতী, ৰংপুৰৰ বিধু কাকতী আৰু যোৰহাটৰ ধীৰু কাকতীয়ে গাইপতি তিনি-ত্ৰিকা-ন দিস্তা কাগজ লৈ তিনি-ত্ৰিকা-ন মাহ বহিলেও কৰি ওৰ পেলাব নোৱাৰিব। এই ভূতবোৰে আচহুৱা ন মানুহক মায় আৰু সিহঁত যাৰ গাত লম্ভে তাৰ ফালে একৰকম আশা-ভৰষা এই দিব‌ই লগীয়া হয়। আমাৰ যোৰহাটৰ মানুহৰ লেখ কিমান ম‌ই নাজানো; গতিকে সেইটো পাহৰিলোঁ বুলিয়েই ধৰিলোঁ, কিন্তু কলিকতাৰ মানুহৰ লেখ চেঞ্চছ্‌ পিয়লত দহলাখ বুলি কৈছে, সেইটো কিন্তু নিশ্চয় ভুল। মইব কৰা লেখৰ ওৰ পৰিলেই সেই ভুল ধৰা পৰিব আৰু তেতিয়াই ম‌ই খিতাপ পাবৰ সম্ভৱ।
(৪) আপোনাৰ চিঠি পোৱাৰ দিনাৰে পৰা ম‌ই কলিকতাৰ দীঘ-পুতল এহাত-দুহাতকৈ জুখিব লাগিছোঁ আৰু তাতে লাগি থকা বাবেই ম‌ই আজৰি উলিয়াব নোৱাৰি আপোনাৰ চিঠিৰ উত্তৰ দিয়াত পলম কৰিলোঁ। জোখা শেষ হলেই ম‌ই অমাৰ গাঁৱলৈ গৈ তাকো জুখি পেলাম। তাৰ পিছত জমা-খৰচ কৰি অঙ্কৰ ফল যিটো ওলায় আপোনাক জনাম।
আপোনাৰ (৫, ৬, ৭, ৮, ৯) প্ৰশ্নৰ উত্তৰত কওঁ যে ইয়াৰ বঙালী মানুহে পট্‌লুঙো নিপিন্ধে, চুৰিয়াও নিপিন্ধে। কথাটো শুনি আপুনি ভয় নাখাব; তাৰ ব্যাখ্যা ম‌ই কৰি দিওঁ। তেওঁলোকৰ অলপমানে ঠেঙা আৰু সৰহখিনিয়ে “ধুতি” পিন্ধে। চহাবে পিন্ধাদি তেওঁলোকৰ অনেকে পটলুং পিন্ধিবলৈ গৈ পটলুং কুলৰ কলঙ্ক ঠেঙা পিন্ধে। সেই ঠেঙাৰ তলফালে সিয়নি মুকলি হৈ বৰৈ ওলাই থাকে আৰু সি ইমান ছুটী যে পিন্ধোতাৰ সৰুগাঠি ওলাই থাকে আৰু ওপৰৰ ফালে জলৌপলৌ হৈ থাকে। কঁকালৰ পৰা আৰম্ভ কৰা কোৰোজিনৰ বা সেই শাৰিৰ আন কোনো কাপোৰৰ, দুঠেঙীয়া গিলিপ এটাকে ঠেঙা বোলা হৈছে। ধুতিখন আমাৰ চুৰিয়াৰ নিচিনাই কিন্তু চুৰিয়া নহয়। মৰঠি মাছ যেনেকৈ ৰৌ নহয়, কান্দুলি যেনেকৈ চিতল নহয়, বোন্দা যেনকৈ বাঘ নহয়, কাউৰী-পোৱালি যেনেকৈ কুলিৰ পোৱালি নহয়, ফানটি যেনেকৈ জোতা নহয়, বঙালীৰ ধুতিও তেনেকৈ চুৰিয়া নহয়। সন্ত-সাধুৰ নামত যেনেকৈ জুৱাচোৰ চলে, বঙলা দেশত চুৰিয়াৰ নামত তেনেকৈ মকৰাজাল চলিব লাগিছে। যি যিমান ডাঙৰ ধনী, সি সিমান পাতৰ ধুতিৰ ফালে ঢাল খোৱা। সেই ধুতিৰ আগত লাজ, পোহৰৰ আগত আন্ধাৰ পলোৱাদি পলায়। বঙালী ভাল মানুহৰ একবস্ত্ৰা ত্ৰুতাৰ শাৰীৰ গাত‌ও এইবিলাক কথাই খাটে। আশ্চাৰ্য্যৰ বিষয় যে আমাৰ ভাল ঘৰৰ অসমীয়ানীসকলে হেনো আজিকালি সুৱলা ৰিহামেখেলা সলিয়াই পেলাই, বঙালীসকলৰ শাৰীৰ প্ৰেম-পাশত বান্ধ খাই পৰিছে। খহটা ডাঠ ৰিহা-মেখেলাই হেনো তেওঁলোকৰ গাত বিছা ডকাদি ডাকে আৰু মিহি পাতল শাৰী তেওঁলোকৰ গাত লাগিলেই হেনো গাটো সুত লাগি যায়।
বঙালীয়ে কি খায়?- “ভাত, ডাল, চচ্চৰি, মাছেৰ ঝোল, অম্বল” অৰ্থাৎ বঙলা ফকৰাৰে যাক “থোড় বড়ি খাড়া, খাড়া বড়ি থোড়” বোলে। যাৰ মানে “সেই সেই নাৰায়ণ, আকৌ সেই নাৰায়ণ, ঘূৰি ঘূৰি নাৰায়ণ”। পুৱাৰ সাজতো এওঁলোকৰ সৈতে মুলাকাৎ, গধূলিৰ সাজতো এওঁলোকৰ সৈতে মুলাকাৎ। বেয়া সমাজিকৰ দৰে এওঁলোকৰ হাতৰ পৰা এৰাবৰ উপায় নাই। ভাত মানে আমাৰ সেই সনতান পুৰাতন ভাত। ডাল মানে অলপ তেৰেজ কটা হৰণ-পূৰণেৰে ঠিক কৰা মাহৰ আঞ্জা। চৰ্চ্চৰি মানে শাকৰ ঘাইকৈ ৰঙালাও গছৰ শিপাৰ পৰা আগলৈকে আপাদমস্তক সানমিহলিকৈ থুপ্‌থুপীয়াকৈ ৰন্ধা খৰলি। মাছৰ ঝোল মানে, আলু আৰু পটলৰ সৈতে একান্নবৰ্ত্তী হৈ বাস কৰা দুখুটুৰা বা এখুটুৰা মাছেৰে সৈতে মছলাৰে কলা কৰা একৰকম জুলীয়া পদাৰ্থ যাৰ তুলনা আমাৰ বাৰীৰ বাঁহৰ ঢাপৰ পাছফালে থকা গেলা গছপাতেৰে বৰণোৱা আদশুকান পুখুৰীৰ পানীটোপাত পাব। এই জোল পুৱা-গধূলি সূৰ্য্য-চন্দ্ৰ উদয় হোৱাদি দুই বেলা উদয় হয়। অধিকন্তু, ভগবন্তৰ নিয়মত চন্দ্ৰ‌ই ১৫ দিন এৰোজ আদৰোজ পোৱাৰোজকৈ গিৰণি পায় কিন্তু বঙালী ৰান্ধনীৰ নিয়মত ওপৰোক্ত জোলৰ সেইফেৰা ‘কন্‌চেছন’, মানে এৰি দিয়া দান‌ও নাই। মাথোন মাহেকে-পষেকে কোনোবা কাচিৎ গধূলি ভোবোলা ছাগলীয়ে দধীচি মুনিৰ নিচিনাকৈ মৎস্যকুলৰ হিতাৰ্থে নিজৰ প্ৰাণদান কৰিলে অলপ ব্যতিক্ৰম ঘটে। অম্বল মানে জিভা ছিগি যোৱা এতোলা বা আদতোলা ওজনৰ টেঙা। অৱশ্যে অম্বল আমাৰ টেঙা আঞ্জাৰ নিচিনা নহয়। খোৱাৰ অন্তকাল উপস্থিত হলে খাওঁতাজনে এই আপুৰুগীয়া টেঙাফেৰা দুটামান ভাত সানি খাই সামৰণি মাৰে। এই টেঙা মুখত দি বঙালীয়ে টক্‌ টক্‌ কৰে টকা বজোৱাদি মুখৰ ভিতৰত জিভা বজায় দেখি ইয়াক চলিত ভাষাত টক্‌ বোলে।
কোনে ৰান্ধে? ধনীৰ ঘৰত ‘বামুণ ঠাকুৰে’ ৰান্ধে। দুখীয়াৰ ঘৰত বোৱাৰী-জীয়ৰীয়ে ৰান্ধে। ‘বামুণ-ঠাকুৰ’ মানে লগূন পিন্ধা ৰান্ধনিক বুজায়। ভিতৰি যি জাতৰে হওক, দেখুৱাই লগুণ এডালৰ চাৰ্টিফিকেট লৈ আহি গৃহস্থৰ ঘৰত উপস্থিত হলেই সি ৰান্ধনিৰ চাকৰিত ‘বাহাল’ হয় আৰু নৈষ্ঠিক হিন্দু বঙালীয়ে সেই বামুণ ঠাকুৰে ৰন্ধা ‘কলায়েৰ ডাল’ অৰ্থাৎ মাটিমাহৰ আঞ্জা মনত খুকুৰি নৰখাকৈ সোলোপ্‌ সোলোপ্‌ কৰে মাৰি দিয়ে। তিৰুতাই কি কৰে?- গোন্ধতেল মূৰত ঘঁহি চুলি আচোৰে। সেওঁতা ফালে। তামোল খাই ওঠত ৰাং পেলায়। নাকে-কাণে হাতে-ভৰিয়ে অলঙ্কাৰৰ ভাৰ বয়। গছৰ পৰা ওলমা কপৌ ফুল কুঁৱলিত দেখা পোৱাই ককালৰ পৰা ওলমা সোণৰ চন্দ্ৰহাৰ দেখা পোৱা শাৰী পিন্ধে; সন্দেশ খায় আৰু তাচ খেলে। বোৱা-কটা তেওঁলোকৰ হৈ তাঁতীয়ে কৰে। তেওঁলোকৰ হৈ তেওঁলোকৰ ল’ৰাক পিয়াহ গাধ আৰু গৰুৱে খুৱায় আৰু পিয়াহৰ নিচিনাকৈ সজা চিচা এটাৰ ভিতৰেদি গাধৰ আৰু গৰুৰ গাখীৰ তেওঁলোকৰ ল’ৰা-ছোৱালীৰ মুখলৈ চালান দিয়া হয়।
(১০) মহাৰাণী ইয়াতে থকাটো উচিত কিন্তু নাথাকে। বছৰচেৰেকৰ পৰা তেওঁ বিলাততো থাকিবলৈ এৰিলে। এতিয়া হেনো তেওঁ আমাৰ পুৰন্দৰসিংহ মহাদেৱে সৈতে একেগঞা হৈ একেখন স্বৰ্গতে আছে। মহাৰাণীৰ বৰকোঁৱৰ ৰজা হৈ বিলাততে থাকি প্ৰতিনিধিৰে আমাৰ ভাৰতবৰ্ষখন শাসন কৰিব লাগিছে। সেইদেখি আপুনি ইয়ালৈ আহিলে মহৰাণীৰে সৈতে আপোনাৰ দেখা-শুনা হবৰ আশা নাই। মহাৰাণী দেখিবলৈ শুৱনী আছিল বুলি শুনিছো। তেওঁৰ গাৰ বৰণো শুকুলা হোৱাটোৱেই সম্ভব, কাৰণ তেওঁৰ দেশৰ মানুহৰ বৰণ শুকুলা। অৱশ্যে মোৰ এইটো অনুমানৰ ওপৰত কোৱা কথা। ভুল হলেও হব পাৰে; কিয়নো, ম‌ই নিজ চকুৰে তেওঁক দেখা নাই। তেওঁ পুৱাতে ছোৱালী, দুপৰীয়া দেকেৰী আৰু গধূলি বুঢ়ী হোৱা কথাৰ বিষয়ে মোৰ ‘ৱাকিপ’ নাই। শুনা কথা নকওঁ কাৰণ শুনা কথা “ইৰ্‌ৰেলেভেণ্ট” অৰ্থাৎ অসঙ্গত বুলি মহাৰাণীৰ আদালতত অগ্ৰাহ্য কৰিবলৈ মহাৰাণীয়ে হুকুম দি গৈছে।
লঙ্কা ইয়াৰ পৰা ১৫০১৪ ঢোলৰ কোবৰ বাট। বিভীষণ আজিকালি লঙ্কাতে লুকাই আছে। ইহঁতে তেওঁক বিচাৰি উলিয়াব পৰা নাই। আচল কথা ইহঁতে ঘাই লঙ্কা কিজানি পোৱাগৈয়ে নাই তাহানি ৰামে বন্ধোৱা সেতুৰে সৈতে ছিগা কিবা এডোখৰকে লঙ্কা বুলি ধৰি মন তাপলি আছে। লঙ্কা-আমতা নাপাই সেতু-ছিগা ফটা কথা এডোখৰকে যে ইহঁতে কামুৰিব লাগিছে, এই কথা ম‌ই ইহঁতক বিহুৱে-সংক্ৰান্তিয়ে কলে ইহঁতে আকৌ মোৰ ফালে চাই চকু ৰঙায়।
(১১) মানৰ ৰজাক ইহঁতে বন্দী কৰি থোৱাটো সঁচা আৰু মানদেশৰ ওচৰৰ আগৰ ভাই ৰজাৰ দেশৰ মানুহ ইয়ালৈ আহিলেও তেওঁক ইহঁতে বন্দী কৰি থব বুলি হুমিয়াই আছে। গতিকে সেই দেশৰ মানুহে বুজিবাজিহে এই ফালে অহা উচিত।
(১২) কলিকতাৰ ‘হাৱা’ফেৰা ধূলি আৰু ধোঁৱাৰে সানমিহলি আৰু পানীটোপা বোকাৰে। দুইটা চেকি ব্যৱহাৰ কৰিব পাৰিলে মঙল, নোৱাৰিলে অমঙল। আপোনালোকৰ ইয়াত শুজিবৰ খুব অসম্ভৱ। শ্ৰীমতী থুপৰী দেব্যাক শুজিবনে নুশুজে, দিনদেক তেওঁক ইয়াত নথলে কোৱাটো টান। আপোনাক এৰি যদি মান্যৱতী থুপৰী থাকিব নোৱাৰে তেন্তে তেওঁক টোপোলা বান্ধি লগতে লৈ অহাটোৱেই যুগুত, কাৰণ তেওঁক কাঠসংস্কাৰ কৰিবলৈ নিমতলা নামেৰে এডোখৰ ঠাই ইয়াত আছে।
(১৩) আপোনাৰ লাচনি-পাচনি কৰিবলৈ আৰু নৈৰ পৰা পানী কঢ়িয়াই দিবলৈ এডোখৰ লগুৱা ল’ৰা লগত আনিলে, লাট চাহাবে কোনো আপত্তি নকৰোঁ বুলি মোক কৈছে। অৱশ্যে সেই কাৰ্য্য সম্পৰ্কে পাপ-পুণ্যৰ ভাৰ আপোনাৰ গাত আৰু পানীৰ ভাৰ আপোনাৰ লগুৱাৰ ল’ৰাৰ গাত থাকিব, লাট চাহাবৰ আৰু মোৰ গাত নহয়।
(১৪) আপোনাৰ চাকৰিৰ বিষয়ে আজি বৰচাহাবৰ সৈতে বহি ম‌ই দুঘণ্টামান আলোচনা কৰিছিলো। তেওঁ আপোনাৰ যুগ্য দুটা চাকৰি আপোনালৈ বিচাৰি উলিয়াইছে; আপুনি যিটোকে মন যায় সেইটোকে লব পাৰিব। যথা- (১) বৰচাহাবৰ গালৰ পকা কেকোৰা ডাঢ়িবোৰৰ একোডাল নিতৌ আজুৰি তুলি তাক পোন কৰা। দৰমহা ২০ টকা। (২) ওৰেদিনটো হুগলী নৈৰ পাৰত বহি হুগলীত কিমান ঢৌ আহে, সেইটোৰ লেখ কৰা। দৰমহা ১৫ টকা। এই দুটাৰ ভিতৰত যিটোকে আপোনাৰ লবৰ মন যায়।
(১৫) শ্ৰীমতী থুপৰী দেব্যাক জনাব যে আপোনাসকলৰ ধাৰটো মোৰ দ্বাৰাই মৰিবৰ আগন্তুক নাই। কাৰণ সেই ধাৰে হনুমন্ত, বিভীষণ, অশ্বত্থমা আৰু উদ্ধৱে সৈতে অমৰ বৰ পাই অমৰ হৈ আছে। সেই ধাৰে যদি আপোনালোকক সৰহকৈ উৎপীড়ন কৰিছে, তেন্তে আপোনালোকে আপোনালোকৰ গুৰু-ঘৰ বেংবেৰীয়া গোসাঁই ঈশ্বৰৰ ওচৰত আঁঠু লৈ জনাওক। তেখেতে ভক্তৰ ওপৰত দয়া প্ৰকাশ কৰি অৱতাৰ হৈ সেই অসুৰক নিশ্চয় নিধন কৰি দিব। নতুবা তাৰ বিনাশৰ অৰ্থে আপোনালোকে মোৰ ওচৰলৈ আহিলে সি আপোনালোকক অকলৈ পাই হুগলীৰ পলবোকাত ওভতগোৰে পুতি থৈ খিয়াম সাৰিবৰ সম্ভৱ।     -ইতি
                                                                                                            শ্ৰীকৃপাবৰ
এই চিঠি পঠিৱাৰ ১৫ দিন পিছত এদিন দেখোন টকৰু শৰ্ম্মা ‘সথুপৰীক’ মোৰ কলিকতাৰ বহাত উপস্থিত। এখন তৃতীয় শ্ৰেণীৰ গাড়ীৰ চালত লোটা-কাঁহী-কলহৰ থৈলা এটা আৰু শোৱা-পাটীৰ নুৰা এটা ‘লাদি দি’ আৰু ভিতৰত নিজৰ শৰীৰ দুটা ভৰা দি তেওঁলোক ওলাইছেহি। মোক দেখিয়েই টকৰুৱে মাত লগালে, “বৰুৱাদেও! আমি ওলাইছোঁহি”। তেওঁলোকক দেখি মোৰ সৰ্ব্বাঙ্গ খঙত জ্বলি গল। কিন্তু অতিথি তেওঁলোক। সেই দেখি বিশেষ একো নকৈ খংটো চম্ভালি, “বাবু ভাড়া দেও” কৈ চিয়ঁৰা গাড়োৱানক এটকা ৰূপ পেলাই দি তেওঁলোক দুয়োকো বস্তুৰ টোপোলা দুটাৰে সৈতে সামৰি আনি ঘৰৰ ভিতৰত সুমালোঁ। অলপ-অচৰপ কৰাৰ পিছত তেওঁলোকে খাবৰ দিহা কৰি দিলোঁ। খোৱাবোৱাৰ পিছত তেওঁলোকক কলোঁ যে পুলিচে তেওঁলোকক ধৰিবলৈ বিচাৰি ফুৰিছে। সেইদেখি তেওঁলোক সেই দিনাই গধূলিৰ ৰেলগাড়ীতে অসমলৈ যোৱাটো উচিত নতুবা পুলিচৰ হাতত তেওঁলোকৰ ফালে পতং।
টকৰু- “আমিনো পুলিচৰ কি জগৰ লগালোঁ যে আমাক ধৰি নিব খুজিছে?”
ম‌ই- “কি জগৰ লগালে কব নোৱাৰোঁ। কিন্তু আজি পুলিচৰ দাৰোগা মোৰ ওচৰলৈ দুবাৰ আহি আপোনালোকৰ কথা সুধিছিল। আজি গধূলিকৈ আকৌ আহিম বুলি কৈ গৈছে। বোধকৰোঁ কিবা ডকাইতিৰ বস্তু আপোনালোকৰ টোপোলাত বিচাৰিb হব পায়”।
থুপৰী- “আমাৰ টোপোলাত লোটা-বাটি ডোদোখৰমান আছে। ডকাইতৰ বস্তু কৰ পৰা তাত ওলাব?”
ম‌ই- “তাত কি ওলায় সেইটো ম‌ই কেনেকৈ কম? সেইটো আপোনালোকে জানে”।
থুপৰী- “তেনে কৰোঁতাক মাকটিয়েকে বুঢ়ী বাঢ়নিৰে খুচি দিম হবলা ভু পোৱা নাই”?
টকৰু- “ত‌ই টপ্‌টপাই নাথাকিবি, মনে মনে থাক। ই আমাৰ দেশ নহয়। বৰুৱাদেও! তেন্তেনো কি হব? আমাক পঠিয়ায়ে দিয়ক। আমি গুচি যাওঁগৈ। তাৰ উপৰিও দেখিছোঁ এইখন কিবা খেহেতা দেশ, বাটে-পথে চুৱাহে-চুৱা। মোৰ দেখি এনে বিক্‌চিনা লাগিছে কি কম?”
থুপৰী- “তিনিকুৰিমান ৰূপ আমাক কৃপা বোপাই, তেহে আমি যাব পাৰোঁ। আমি ঘৰৰ বস্তু-বেহানি বেচি কিনি উদং কৰি থৈ আহিছোঁ, খামগৈ কি?”
ম‌ই ভাবিলোঁ, যেনেতেনে মতে এই আপদ দূৰ কৰিব লাগিল। এই ভাবি মাত লগালোঁ, “ম‌ই যেনেকৈ পাৰোঁ আপোনালোক উভতি যাবলৈ ৰেলৰ খৰচটো দিম। তাৰ উপৰি একুৰি ৰূপ দিম। আৰু দিবৰ মোৰ শকতি নাই। কিন্তু আপোনাসকলে যাবৰ দিহা কৰিবৰ হলেই। কাৰণ দাৰোগা আহিবৰ সময় ওচৰ চাপি আহিছে”।
মোৰ কথা শুনি টকৰুৱে ভয় খাই লৰালৰিকৈ যাবলৈ ওলাল। ম‌ই গাড়ী এখন আনি কোৱামতে তেওঁলোকক ৰূপবান দি গাড়ীত তুলি লৈ শিয়ালদহ ষ্টেছন পালোঁগৈ। ষ্টেছনত তেওঁলোকক টিকিট কিনি ৰেলগাড়ীত তুলি দি পাপ বিদায় কৰি উভতি মোৰ বহালৈ আহিলোঁ।