SATIRICAL ESSAYS
Problem in Viewing ?
Download and install a unicode font (Click here to download), if your system does not support Assamese text.
বাৰজন বিখ্যাত লোকৰ চমু জীৱন-চৰিত্ৰ

(১) ছক্ৰেটিচ: আমাৰ দেশৰে বিখ্যাত পকা-জলকীয়া মুনছুপ জন্ম হোৱাৰ বহু শতিকাৰ পূৰ্ব্বে গ্ৰীচ দেশত মাকৰ গৰ্ভত ছক্ৰেটিচ উপজিছিল। তেওঁ সৰুৰে পৰা দেখিবলৈ গোবান্ধ আছিল দেখি সংসাৰৰ সদেওবৰীয়া হাটত চেহেৰা বেহা কৰিব নোৱাৰি ঘৰতে বহি থাকি লেখা-পঢ়াত মন দিছিল। ইত্যদি কাৰণত ছক্ৰেটিচ মহাজ্ঞানী পণ্ডি হৈ উঠিছিল। মাথোন তেওঁৰ দোষৰ ভিতৰত অদ্ভূত মূৰ্খতা আছিল আৰু তাৰ বাবেই তেওঁক এথেন্‌চৰ গৱৰ্ণমেণ্টে ধৰি ফাটেকত দিছিল। তেওঁৰ বন্ধু-বান্ধৱসকলে, আনকি বিচাৰক হাকিমসকলেও তেওঁক আবলটাবল নকৰি কি কব লাগে সেই কথা শিকাই দিছিল; কিন্তু ছক্ৰেটিচৰ সেই কথা মুকহ্স্থ নহ; আৰু তেওঁ প্ৰথমতে কোৱা একেষাৰ কথাহে শেহলৈকে খামোচ মাৰি ধৰি আছিল। শেহত তেওঁৰ বন্ধুবিলাক হুৰি, তেওঁ বৰফাটেকৰ পৰা ওলাই পলাই গুচি যাবলৈ তাৰ দুৱাৰ পৰ্য্যন্ত মুকলি কৰি দিবৰ দিহা কৰিছিল কিন্তু তেওঁ পলাই যাব নাজানিলে আৰু সেই বাবে মৰাও পৰিল। প্ৰকৃতপক্ষে ছক্ৰেটিচ আত্মহত্যা কৰিবলৈ বাধ্য হল। কিছুমান গোৱাঁৰ প্ৰাণীয়ে পৃথিৱীৰ সকলোবিলাক এফালে আৰু নিজৰ গাটো এফাল কৰি মাৰে। ছক্ৰেটিচো সেই শাৰীৰে আছিল।

(২) খহুৱা: ৺খহুৱা তাৰ বাপেকৰ পুতেক আছিল। তাৰ বাপেক মৰিশালিত ছাই হৈ ভালেমান দিনলৈকে আছিল। শেহত পচোৱা বতাহে তেওঁক সেই অৱস্থাত পাই চাৰিওফালে উৰাই দিলত তেওঁ স্বৰ্গাৰোহণ কৰিলে। খহুৱাইও বাপেকৰ আৰ্হি লৈ মৰিল।

(৩) বেঞ্ছামিন ফ্ৰেঙ্কলিন: ফ্ৰেঙ্কলিন মাৰ্কিন কাপোৰৰ থানৰ দৰে আমেৰিকাৰ প্ৰস্তুত হৈছিল। তেওঁ ছাপাখানৰ কম্পজিটৰ কামৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ কটকীৰ কামলৈকে কোনো কাম কৰিবলৈ বাকী নেৰিলে। শেহত তেওঁ বিখ্যাত হৈ নাম ফাটি মৰিলত আমেৰিকাৰ ৰাইজে ধৰি তেওঁক পুতি থলে। তেওঁৰ বাবে তেওঁৰ দেশত সকলো মানুহে বেজাৰ পাইছিল।

(৪) নিধিৰাম: জীৱনৰ আগছোৱা নিধিৰামে কাঠ কাটি ভাত মোকোলাই কটালে। কিন্তু পিছছোৱাও তেওঁ সেইদৰে ই নিৰ্ব্বিঘিনিয়ে কটাইছিল। আমি সাহেৰে কব পাৰোঁ যে তেওঁ বৰ ভাল বাঢ়ৈ আছিল আৰু হাতোৱাহ বটালী ভালকৈ বাব দিব পাৰিছিল আৰু তেওঁ অন্তত সেইটো গতিৰেই সকলোকে কন্দুৱাই ৰং চাই অথচ নিজে নাকান্দি ভৱলীলা সাং কৰি গুচি গ’ল।

(৫) গ্লেডষ্টোন: কিছুমান মানুহ আছে, তেওঁলোকে সদায় ডাঙৰ হবৰ মতলবেৰে ওপজে আৰু কোনো প্ৰতিবন্ধক নামানে। গ্লেডষ্টোনো সেই শাৰীৰ মানুহ আছিল। তেওঁ জীয়াই থকা কালডোখৰত যে দকচি ডাঙৰ মানুহ হৈছিলেই, মৰিও তেওঁ সেই লোভ সামৰিব পৰা নাই। তেওঁ বৰ কথকী আছিল। মহাৰাণীৰ পাৰ্লামেণ্ট সভাত তেওঁ কথা কৈ সমজুৱাবিলাকক ইমানকৈ পুতি পেলাইছিল যে তাৰ হেচাত ঘাইকৈ তেওঁৰ বিৰুদ্ধ পক্ষৰ দলৰ লোক চেপেটা লাগিছিল আৰু তেওঁলোকৰ মুখৰ মাত হৰিছিল। বিলাতৰ আৰু আন আন দেশৰ সৰহভাগ মানুহে তেওঁ পাক লগাই কোৱা কথাবোৰৰ আচল মানে বুজিব নোৱাৰিছিল। লোকে বুজিব নোৱাৰা তেওঁ কোৱা কথাবোৰৰ নাম ‘ডিপ্লমেটিক স্পীচ’ দিয়া হৈছিল। গ্লেডষ্টোনে খোৱা বস্তুবোৰ বৰকৈ চোবাই সোৱাদ লৈ খাইছিল বুলি প্ৰবাদ আছে। মহাৰাণীয় যদিও তেওঁক কেইবাবাৰো মহামন্ত্ৰী পাতিছিল তথাপি তেওঁৰে সৈতে মহাৰাণীৰ ভালকৈ মাত-বোল নাছিল হেনো। বুঢ়ালোকে কথাতে কয় যে ‘হয় পো গুঁফীয়া, হয় পো মুখীয়া, হয় পো লণি, হয় পো ধনী’ হব লাগে। যি মানুহৰ এই চাইটা গুণৰ অন্ততঃ এটাও থাকে সি একঠা চাউল খায়। গ্লেডষ্টোনৰ গোঁফ নাছিল যদিও মুখ আছিল। সেইগুণে তেওঁ একঠা চাউল খাইহে গল।

(৬) বিহুৱা খৰিভাৰী: এওঁৰ জন্ম পুৱা আৰু গধূলিৰ মাজডোখৰ কালতে হৈছিল। তেওঁ বুঢ়া হবলৈ নাপালে কাৰণ তেওঁ প্ৰসবৰ কালতে মাকে সৈতে একেলগে ঢুকাল।

(৭) নেপলিয়ন বোনাপাৰ্ট: এওঁ বৰ ডাঙৰ বীৰ আছিল। বলি, বালি, হনুমন্ত আৰু কৰ্ণ তেওঁৰ আগেয়েই মৰি বা আন প্ৰকাৰে আঁতৰ হৈ গল। নোযোৱাহেঁতেন নেপেলিয়নে তেওঁলোকৰ সৈতে যে একোখুন্দা লাগি চালেহেঁতেন এইটো অনুমান কৰিব পাৰি। অভাৱত ৱেলিংটন আৰু ব্লচুৰে সৈতে তেওঁ লাগি ফাঁকিত পৰিল। তেওঁ ছেণ্ট হেলেনা নামে দ্বীপত ইংৰাজ সেনাপতি লো চাহাবৰ তত্ত্বাৱধানত মৰিল আৰু নমৰালৈকে তেওঁৰ শৰীৰত প্ৰাণ আছিল বুলি জনা য়ায়।

(৮) এন্‌দ্ৰূ চাহাব: এওঁ পেদ্ৰূ চাহাবৰ পুতেক হবৰ যোগ্য আছিল; কাৰণ দুইৰো গাৰ বৰণ আৰু মাতবোল শপত-পাতি একেবিধৰ আছিল। দুখৰ বিষয় মহাত্মা পেদ্ৰূৱে এন্‌দ্ৰূৰ যোগ্যতা উপেক্ষা কৰি তেওঁক পুতেকৰ পদ নিদি অবিচাৰ কৰিলে। সেই পাপত এন্‌দ্ৰূ পেদ্ৰূ দুয়ো আয়্সৰ অন্তত মৰি ‘ভছম’ উঠিল। তেওঁলোকৰ মাটিৰ ভিতৰত পুতি থোৱা হৈছিল। তেওঁলোক দুয়ো এই পৃথিৱীত নামৰ বাহিৰে আন কোনো উত্তৰাধিকাৰী থৈ যাব নোৱাৰিলে।

(৯) মিৰ্জুমলা: এওঁৰ মাক-বাপেক মুছলমান আছিল গুণে অগত্যা তেওঁ মুছলমান হৈ উপজিছিল। তেওঁ বঙ্গদেশত নবাবী আৰু অসম দেশত যুঁজ কৰিবলৈ গৈ এটাও ভালকৈ কৰি উঠিব নোৱাৰিলে; গতিকে তেওঁ দুই নাৱত দুই ভৰি দিয়া বাবে অসমৰ পৰা উভতি যাওঁতে বাটতে পানীৰ ওপৰত মৰিল।

(১০) ৰাতিয়া: ৬৩ বছৰ বয়সৰ আগলৈকে ৰাতিয়া কলিতাই তেওঁৰ চোকা বুদ্ধি আৰু প্ৰগাঢ় পাণ্ডিত্যৰ কোনো চিনাকি দিয়া নাছিল। ইয়াৰ পিছতো তেওঁ লাজ কৰিয়েই নেকি, নিদিলে। তেওঁৰ নামৰ পৰা অনুমান হয় তেওঁ অসমীয়া মানুহ আছিল।

(১১) বদনচন্দ্ৰ বৰফুকন: এওঁ নিশ্চয় মান নাছিল। মানে সৈতে তেওঁৰ বন্ধুত্ব আছিল মাথোন। সেই আপাহতে তেওঁ মানক নিমন্ত্ৰণ কৰি অসমলৈ আনিছিল, আন একোৰে বাবে নহয়। অৱশ্যে মানে ভদ্ৰতা ৰক্ষা কৰি তেওঁৰ নিমন্ত্ৰন ৰক্ষা কৰি ভালকৈ জলপান-পাতি খাই আৰু খুৱাই গুচি গ’ল আৰু নগল। প্ৰবাদ আছে, মানে বৰফুকন বান্ধক ব্ৰহ্মদেশত ‘নপ্পি’(এক ৰকম গেলা পাক দিয়া মাছেৰে কৰা সুখাদ্য) খুৱাই ‘খুচী’ কৰিছিল।

(১২) গণি: মান্যবৰ গণি মেধি কোন শকত উপজিছিল তাৰ কোনো চিন নাই।  কোনোৱে কয় ১৭১২ শকত আৰু কোনোৱে কয় ১৮০৮ শকত। তেওঁৰ সোঁৱৰণীখন হেৰোৱাই এই গোলমালৰ ঘাই কাৰণ হব পায়। কিন্তু কোনোৱে কয়, তেওঁৰ সোৱৰণীয়েই নাছিল; কাৰণ তেওঁ কেতিয়া কাৰ ঘৰত উপজিছিল সেইটোৰে ঠিক নাই। গণি মেধিৰ বয়স যেতিয়া ৩৯ বছৰত সোমাল, তেওঁ বিষম পালে; কাৰণ তেওঁ কৈছিল যে, হয় মানুহ ৩৮ তে থকা ভাল, নহয় ৪০ পোৱাগৈ ভাল ৩৯ ত থকাৰ কোনো মানে নাই। মানুহে ৩৯ ত ওলমিলে, ত্ৰিশঙ্কু ৰজাৰ দৰে স্বৰ্গও নাপায়, পৃথিৱীও নাপায়।  অৰ্থাৎ তেনে মানুহ বুঢ়াৰ শাৰীলৈকো যাব নোৱাৰে, ডেকাৰ শাৰীটো থাকিব নোৱাৰে।